আজি বিশ্ব বাঁহ দিৱস। বাঁহে সমৃদ্ধ কৰিছে অসমৰ (World Bamboo Day 2025) জনজীৱন। বাঁহ আমাৰ সমাজ আৰু সংস্কৃতিত এক অপৰিহার্য সামগ্রী। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাই শিখৰ চোৱাৰ সময়তো বাঁহ আৰু জনজীৱনৰ এৰাব নোৱাৰা সম্পর্ক ।বাঁহৰ অবিহনে অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ বাসগৃহবোৰ নির্মাণ অসম্ভৱ।
বাঁহৰ পৰা প্ৰস্তুত কৰিব লগা পাঁচ হাজাৰ কোটিটকীয়া নুমলীগড়ৰ ইথানল উদ্যোগে বৃহৎ সম্ভাৱনীয়তা কঢ়িয়াই আনিছে অসমৰ বাঁহ আৰু বাঁহৰ খেতিলৈ
গ্রাম্যাঞ্চলৰ বিভিন্ন জাতিৰ এখন ঘৰৰ চাৰিসীমাৰ বান্ধনী স্বৰূপ চকোৱা, জেওৰা, পদূলিৰ জপনা, নঙলাৰপৰা আৰম্ভ কৰি ঘৰৰ খূঁটা, মূধৰ মাৰলি, চ’তি, বগলী বাঁহ, কামী, ৰুৱা, টমাল, গাধৈ, খবুৱা, বেৰ, দুৱাৰ, ঘূৰঘূৰি, জাপ (ওলোমাই লগোৱা খিৰিকী), ঢাপলিকা ইত্যাদি গৃহ নির্মাণৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রীৰ বাবে নির্ভৰ কৰা হয় বাঁহৰ ওপৰত। ঘৰ সজা কাম সম্পূর্ণ হ’লেই বাঁহৰ প্রয়োজন কিন্তু অন্ত নপৰে। ঘৰুৱা কামত তথা দৈনন্দিন জীৱনৰ লাগতিয়াল বহু সা-সঁজুলি বাঁহেৰে সজা হয় ।