Home Blog Page 66

Narendra Modi Birthday: প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰ

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰ

আজি পুৱাৰে পৰা বিলাসীপাৰা (Narendra Modi Birthday) আদৰ্শ চিকিৎসালয়খনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ এটি অনুষ্ঠিত হয়।

শিবিৰটোত প্ৰায় অৰ্ধশতাধিক যুৱকে নিজৰ তেজদান কৰি এনিমিয়া ৰোগত ভূগি থকা ৰোগীৰ হকে বহু দল সংগঠনৰ যুৱকে স্বেচ্ছামূলক ৰক্তদান কৰি সেৱা আগবঢ়ায়।

বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আয়োজন কৰা ৰক্তদান শিবিৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বিলাসীপাৰা সমজিলা আয়ুক্ত ড৹ প্ৰীতিলেখা ডেকাই। এই ৰক্তদান শিবিৰটোত ধুবুৰী মেডিকেল কলেজৰ চিকিৎসক Dr.khairuz zaman, বিলাসীপাৰা মডেল হাস্পতালখনৰ চিকিৎসক মোকাদ্দেছ আলী আহমেদ, নাৰ্চ আৰু চিকিৎসাকৰ্মী সকল হাতে-কামে সহযোগীতা কৰে।

Celebs PM Modi Birthday Wish: ৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে চেলিব্ৰিটিসকলে

৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে চেলিব্ৰিটিসকলে
৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে চেলিব্ৰিটিসকলে

১৭ ছেপ্টেম্বৰ বুধবাৰ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Celebs PM Modi Birthday Wish) ৭৫ সংখ্যক জন্মদিন। ছ’চিয়েল মিডিয়াত ৰজনীকান্ত, কংগনা ৰানাউট, কমল হাছান, চুনু ছুদ, অনিল কাপুৰ, জেকী শ্ৰফৰ দৰে চেলিব্ৰিটিয়ে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীক।সকলোৱে তেওঁৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, দেশৰ উন্নতিৰ বাবে শুভেচ্ছা প্ৰেৰণ কৰিছে।

ছুপাৰষ্টাৰ ৰজনীকান্তই প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ দীৰ্ঘায়ু, সুস্বাস্থ্য, আৰু দেশক নেতৃত্ব দিয়াৰ শক্তিৰ কামনা কৰে। প্ৰবীণ অভিনেতা তথা নেতা কমল হাছানেও শুভেচ্ছা জ্ঞাপন কৰি লিখিছে, “প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ সেৱাত সদায় শক্তিশালী আৰু সুস্থ হৈ থাকক।” দক্ষিণ ভাৰতীয় উদ্যোগৰ দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে মোডীক সন্মান আৰু মৰমেৰে সম্ভাষণ জনায়।

অভিনেত্ৰীৰ পৰা সাংসদ হোৱা বিজেপি নেত্ৰী কংগনা ৰানাৱটে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি অভিনন্দন জনাই তেওঁক “ভাৰত মাতৃৰ প্ৰকৃত পুত্ৰ আৰু দেশৰ আটাইতকৈ জনপ্ৰিয় নেতা” বুলি অভিহিত কৰে। তেখেতে লিখিছে যে মোদীয়ে “সবকা সাথ, সবকা বিকাশ” মন্ত্ৰ গ্ৰহণ কৰি দেশক এক নতুন দিশ দিছে।

অনিল কাপুৰে টুইট কৰি প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে। অজয় দেৱগনে লিখিছে যে তেওঁৰ নেতৃত্বই প্ৰতিজন ভাৰতীয়ৰ মনত গৌৰৱ আৰু আশাৰ সঞ্চাৰ কৰিছে। সুনীল শ্বেট্টীয়ে কয় যে মোডীৰ কঠোৰ পৰিশ্ৰম আৰু সেৱাৰ মনোভাৱে লাখ লাখ লোকক অনুপ্ৰাণিত কৰে। পৰেশ ৰাৱালে তেওঁৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে। ৰিতেশ দেশমুখেও মোডীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য কামনা কৰে।

তেলেগু ছুপাৰষ্টাৰ ৰাম চৰণে লিখিছে যে মোডীক স্বাস্থ্য আৰু সফলতাৰ আশীৰ্বাদ দিয়া উচিত যাতে তেওঁ দেশৰ সেৱা কৰি যাব পাৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা প্ৰথম সাক্ষাৎকাৰৰ কথা মনত পেলাই নাগাৰ্জুন আকিনেনীয়ে তেওঁক প্ৰেৰণাদায়ক নেতা বুলি অভিহিত কৰে। বিজয় দেৱেৰাকোণ্ডাই মোডীক শুভেচ্ছা আৰু শ্ৰদ্ধা জনায়।

অভিনেতা সোনু ছুদে লিখিছে যে ভৱিষ্যত সলনি কৰাসকলক ইতিহাসে সদায় মনত ৰাখে। তেওঁ প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনাই কয় যে তেওঁৰ শক্তি, সাহস, আৰু স্পষ্ট চিন্তাধাৰাই ভাৰতক এক নতুন যুগলৈ লৈ গৈছে। সোনুৱে প্ৰাৰ্থনা কৰিলে যে তেওঁৰ যাত্ৰা তেওঁৰ দৃষ্টিশক্তিৰ দৰেই নিৰ্ভীক আৰু শক্তিশালী হৈ থাকক। তেওঁৰ বাৰ্তাত মোডীৰ নেতৃত্ব আৰু দূৰদৰ্শী চিন্তাধাৰাৰ প্ৰতি তেওঁৰ সন্মান স্পষ্টভাৱে প্ৰতিফলিত হৈছিল।

PM Modi: মেদবহুলতাৰ পৰা মানসিক স্বাস্থ্যলৈকে প্ৰধানমন্ত্ৰীৰ অগ্ৰাধিকাৰ সদায় ‘স্বাস্থ্য’, তেওঁৰ ৫ খন স্বাস্থ্য আঁচনিৰ বিষয়ে জানক…

মেদবহুলতাৰ পৰা মানসিক স্বাস্থ্যলৈকে প্ৰধানমন্ত্ৰীৰ অগ্ৰাধিকাৰ সদায় ‘স্বাস্থ্য’
মেদবহুলতাৰ পৰা মানসিক স্বাস্থ্যলৈকে প্ৰধানমন্ত্ৰীৰ অগ্ৰাধিকাৰ সদায় ‘স্বাস্থ্য’

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ (PM Modi) ৭৫ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকাল। বিগত ১১ বছৰত তেওঁ বহু ক্ষেত্ৰত কাম কৰি আহিছে যদিও স্বাস্থ্য ক্ষেত্ৰত তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেওঁ ভাৰতৰ স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰি মানুহক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে যোগক বিশ্বব্যাপী স্বীকৃতিলৈ আনে আৰু মানুহক ফিট লাইফষ্টাইল গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। ‘ফিট ইণ্ডিয়া মুভমেণ্ট’, ‘আয়ুষ্মান ভাৰত’, ‘পোষণ মাহ’ আদি পদক্ষেপৰ জৰিয়তে দেশত সুস্থ জীৱন-যাপনৰ প্ৰসাৰৰ বাবেও তেওঁ কাম কৰিছিল।

আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৭৫ সংখ্যক জন্মদিন পালন কৰিছে। এই উপলক্ষে তেওঁ “সুস্থ মহিলা, সৱল পৰিয়াল অভিযান” আৰু অষ্টম পুষ্টি মাহ আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে মহিলা, শিশু, আৰু কিশোৰ-কিশোৰীসকলক উন্নত স্বাস্থ্য আৰু পুষ্টিৰ সুবিধা প্ৰদান কৰা।

মেদবহুলতা আৰু জীৱনশৈলী-
প্ৰধানমন্ত্ৰী মোদীয়ে সদায় মেদবহুলতা আৰু সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ ভাৰতত ক্ৰমবৰ্ধমান মেদবহুল সমস্যাৰ ওপৰত আলোচনা কৰিছিল। বিশেষকৈ খাব পৰা তেল পৰিহাৰ কৰিবলৈ তেওঁ লোকসকলক জীৱনশৈলীৰ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে প্ৰতিজন ব্যক্তিয়ে যদি প্ৰতিমাহে ১০%তকৈ কম তেল খোৱা কৰে তেন্তে মেদবহুলতা আৰু অন্যান্য ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

মহিলা আৰু শিশুৰ স্বাস্থ্য-
৭৫ সংখ্যক জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব “সুস্থ মহিলা, সৱল পৰিয়াল অভিযান” আৰু অষ্টম পুষ্টি মাহ। এই আঁচনিসমূহৰ লক্ষ্য হৈছে মহিলা, কিশোৰী, শিশুৰ স্বাস্থ্য আৰু পুষ্টি শক্তিশালী কৰা। এই আঁচনিসমূহে মহিলাসকলৰ বাবে স্ক্ৰীনিং সেৱা, ৰক্তহীনতা প্ৰতিৰোধৰ ব্যৱস্থা, আৰু মাতৃ আৰু শিশু স্বাস্থ্য সেৱা প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

টিবি ফ্ৰী-
চৰকাৰে ২০২৫ চনৰ ভিতৰত ভাৰতত টিবি নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।এই উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে টিবি মুক্ত ভাৰত অভিযান চলাই আছে, যিয়ে সম্প্ৰদায় আৰু স্বেচ্ছাসেৱকৰ সহায়ত ৰোগীক চিকিৎসা আৰু যত্ন প্ৰদান কৰে।

মানসিক স্বাস্থ্য-
“মন কি বাত” অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে সদায় মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ মানসিক স্বাস্থ্যক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে। তেওঁৰ মতে সুস্থ ব্যক্তি কেৱল শাৰীৰিক ব্যক্তি নহয়, সুস্থ মন আৰু সামাজিক জীৱনৰ ব্যক্তিও। তেওঁ যুৱক-যুৱতীসকলক যোগাসন, দৈনিক ব্যায়াম, মানসিক চাপ হ্ৰাসৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।

পুষ্টি আৰু খাদ্য-
শিশু আৰু যুৱক-যুৱতীসকলক স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ বিশেষভাৱে জাংক ফুড, তেলীয়া খাদ্য, আৰু ৰিফাইনড আটাৰ সামগ্ৰী পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। পি এম মোদীয়ে বাজৰা আৰু বতৰৰ ফল-মূল খোৱা, খাদ্য সঠিকভাৱে চোবাই খোৱা, ৰ’দত সময় কটোৱা, ভাল টোপনি যোৱা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা…

Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা
Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা৷ (Bishwakarma Puja)

ৰাজ্যৰ বিভিন্ন ঠাইত উলহ-মালহেৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা ৷

দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত পালন কৰা হৈছে পাচেতি মহোৎসৱ৷

পুৱাৰে পৰা খটৰা সত্ৰত যান বাহন সমূহ সুচীকৰণত ব্যস্ত আতৈসকল ৷

এই সুচীকৰণে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পায় বুলি লোকবিশ্বাস ৷

চাৰিদিনীয়াকৈ পালন কৰা পাচেতি মহোৎসৱত প্ৰায় দুই লাখ ভক্তৰ সমাগম হ’ব ৷

লোকে লোকাৰণ্য হৈ পৰিব পাচেতি মহোৎসৱস্থলি ৷

Khunseng Kotoky: ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত (Khunseng Kotoky)পুনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অবিভক্ত শিৱসাগৰ জিলাৰ এজন কিশোৰে। এইবাৰ সত্ৰীয়া নৃত্যত প্ৰথম স্থান দখল কৰি সমগ্ৰ অসমৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ বকতালৈ।

৬ পৰা ৯ ছেপ্টেম্বৰত উৰিষ্যাৰ পুৰিত অনুস্থিত হোৱা ভাৰতীয় থিয়েটাৰ অলিম্পিয়াডৰ ৩৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় নাট, নৃত্য আৰু সংগীত মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অবিভক্ত শিৱসাগৰ জিলাৰ বকতাৰ এজন কিশোৰে।

পাটসাঁকো বৰভূঞা গাঁৱৰ খুনচেং কটকী নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ১৩ বছৰীয়া এইজন কিশোৰ। মাতৃ ৰস্মি বকল কটকী আৰু পিতৃ সুৰেশ কটকীৰ দ্বিতীয় পুত্ৰ খুনচেং। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহোৎসৱত উৎকল সংস্কৃতিক সংঘ, কটকৰ উদ্যোগত পুৰিৰ অন্নপুৰ্ণা থিয়েটাৰ হলত ৬ৰ পৰা ৯ ছেপ্তেম্বৰলৈ আয়োজিত ৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অবিভক্ত শিৱসাগৰ জিলাৰ পাটসাঁকো বৰভুঞা গাওঁৰ কিশোৰ খুনচেং কটকীয়ে সত্ৰীয়া নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ আগন্তুক নেপালত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে খুনচেং কটকীয়ে।

PM Narendra Modi Birthday: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনঃ ৭৫ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী

PM Narendra Modi Birthday
PM Narendra Modi Birthday

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন।(PM Narendra Modi Birthday)

৭৫ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।

৭৫ বছৰীয়া জন্মদিন উপলক্ষে ড’নাল্ড ট্ৰাম্পৰ ফোন মোদীলৈ।

এই কথা সামাজিক মাধ্যমযোগে সদৰি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভাৰত-আমেৰিকাৰ সম্পৰ্কক নতুন মাত্ৰা দিয়াৰ আশ্বাস মোদীৰ।

ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ ক্ষেত্ৰত ট্ৰাম্পৰ পদক্ষেপক সমৰ্থন প্ৰধানমন্ত্ৰী মোদীৰ।

‘হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ‘ ‘একমাত্ৰ মোক ফোন কৰিব নোৱাৰে’ ‘মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো’ -গৌৰৱ গগৈ ।Garuva Gogi

'হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ' 'একমাত্ৰ মোক ফোন কৰিব নোৱাৰে' 'মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো' -গৌৰৱ গগৈ ।Garuva Gogi
'হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ' 'একমাত্ৰ মোক ফোন কৰিব নোৱাৰে' 'মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো' -গৌৰৱ গগৈ ।Garuva Gogi

Garuva Gogi । ওদালগুৰি জিলাৰ ধনশ্রী পৰিষদীয় সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত APCC ৰ সভাপতি গৌৰৱ গগৈ| পৰিষদীয় সমষ্টিটোৰ ইকৰাবাৰীত কংগ্ৰেছৰ বিশাল সভা | সমষ্টিটোৰ মনোনীত প্রার্থী ৰিলন মুছাহাৰীৰ হৈ প্রচাৰ চলায় গৌৰৱ গগৈয়ে | BTR নির্বাচনক লৈ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰে APCC সভাপতি গৰাকীয়ে |

এইখন ইস্তাহাৰৰ সকলো কাম আগত ৰাখিয়েই এইবাৰ বহুবছৰৰ মূৰত হলেও শক্তিশালী ৰূপত কংগ্রেছ দলে BTR দখল কৰিবলৈ অগ্ৰহৰ হৈছে | AICC সম্পাদক পৃথ্বীৰাজ সাথে, ইস্তাহাৰ সমিতিৰ সভাপতি সাংসদ প্রদ্যুৎ বৰদলৈৰ উপস্থিতিত ইস্তাহাৰ মুকলি গৌৰৱ গগৈৰ |

আনহাতে, ভাষণ প্রসংগত গৌৰৱ গগৈৰ মুখত পুনৰা মুখ্যমন্ত্রীৰ মোবাইল ফোনৰ প্রসংগ | সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, BPF-UPPL মানে একেই | হিমন্ত বিশ্বই এটা ফোনেৰে হাগ্ৰামাক ফোন কৰে, এটা ফোনেৰে কৰে প্রমোদ বড়োক | পৃথিৱীৰ সকলোকে ফোন কৰিব পৰিলেও একমাত্র মোক ফোন কৰিব নোৱাৰে | মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো | মন্তব্য গৌৰৱ গগৈৰ

চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief

চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief
চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief

Thief । দিন দুপৰতে বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ আহি আজি ৰহা থানাৰ অন্তৰ্গত বাৰপূজীয়াত ৰাইজৰ হাতত আটক হ’ল দুই যুৱক।

চোৰ দুটা নগাঁও বেবেজীয়াৰ অংকুৰ দাস আৰু ৰূপজ্যোতি বনিয়া৷ জানিব পৰা মতে চোৰ দুটাই পথৰ কাষত চৰি থকা ছাগলী বিলাসী বাহনখনত উঠাবলৈ লওঁতেই দূৰৰ পৰা প্ৰত্যক্ষ কৰি থকা স্থানীয় লোকে চোৰ দুটাক ধৰি আঠু কঢ়াই শোধালে উত্তম মধ্যম। ঘটনাটো সংঘটিত হৈছে ৰহাৰ বাৰপূজীয়া অমৰাৱতীত।

চোৰে ব্যৱহাৰ কৰা বিলাসী বাহনখনৰ নম্বৰ হৈছে এএচ ০২ এ কে ২৩০০ (AS 02 AK 2300) বাহনখনত এডভোকেটৰ ষ্টিকাৰ লগোৱা আছে৷ পিছত স্থানীয় লোকে ৰহা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োটাকে থানালৈ লৈ যায়।

কি কামৰ বাবে কিমান ৰেট ACS নূপুৰ বৰাৰ ?

currupted ACS Nupur Bora

Nupur Bora । চৰকাৰে দৰমহা দি পুহি ৰখা ডকাইত আছিল নূপুৰ বৰা। কেৱল ধন চিনি পোৱা এই গৰাকী ৰাজহ চক্ৰ বিষয়াক মুখ্যমন্ত্ৰীৰ বিশেষ দুৰ্নীতি নিবাৰক কোষে ১৫ ছেপ্তেম্বৰ ২০২৫ৰ নিশা ৮-০০ বজাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে । সংবাদ মাধ্যমত ইতিমধ্যে নূপুৰ সন্দৰ্ভত বিভিন্ন খবৰ আৰু তথ্য প্ৰকাশ পাই আহিছে।
শেহতীয়া খবৰ অনুসৰি, প্ৰতিটো কামৰ বাবে নূপুৰ বৰাৰ আছিল নিৰ্ধাৰিত ৰেট ।
চিঠা নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,উত্তৰাধিকাৰীৰ নামজাৰি-৭ ৰ পৰা ১০ হাজাৰ টকা প্রতিবিঘাত,মাটি বেচা-কিনাৰ অনুমতি- প্রতিবিঘাত ১৫ ৰ পৰা ৪০ হাজাৰ টকা,অট’মিউটেচনৰ বাবদ-৭ ৰ পৰা ১৫ হাজাৰ,
ৱাৰিচ সূত্রে নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,
বাটোৱাৰৰ বাবদ -১৫ ৰ পৰা ২০ হাজাৰ টকা,
ম্যাদীকৰনৰ-২০ ৰ পৰা ২৫ হাজাৰ প্ৰতি বিঘাত,
নাম কর্তন বা নাম বাহাল ৰখা-১.৫ লাখৰ পৰা ২ লাখ টকা,
নাম শুধৰণি- ২০ ৰ পৰা ৩০ হাজাৰ টকা ।
যদি নূপুৰ বৰাৰ দৰে এগৰাকী প্ৰশাসনিক বিষয়াই কৰ্তব্য পালনৰ বাবদ এইদৰেই দৰ-দাম নিৰ্ধাৰণ কৰে, তেন্তে এনেকৈয়ে অসম দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হ’বনে ? সেয়া এটা বৃহৎ প্ৰশ্নবোধক ।

ACS Nupur Bora: নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰঃ টকা, সোণ, হীৰাৰ গহনাৰে ভৰি আছিল ঘৰ!

নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰ
নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল ACS নুপূৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকা।

দুৰ্নীতিৰ সাম্ৰাজ্ঞী নুপূৰ বৰাৰ আছিল সম্পত্তিৰ পাহাৰ। (ACS Nupur Bora)

কোটি টকাই নহয়, সোণ,হীৰাৰ গহনাৰে ভৰি আছিল ঘৰ।

নূপুৰ বৰাৰ ১৪ ডাল সোণৰ চেইন উদ্ধাৰ।


২ ডাল হীৰাৰ নেকলেছ, হীৰাৰ আঙঠি ১৫টা উদ্ধাৰ।


হীৰাৰ ব্ৰেছলেট ৩ ডাল উদ্ধাৰ।