Home Blog Page 67

Drinking bed tea: ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি? জানি লওক আপুনি কেনেকৈ নিজৰ স্বাস্থ্যৰ শত্ৰু হৈ পৰিছে

ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি?
ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি?

ৰাতিপুৱা চাহ খোৱাটো মানুহৰ অভ্যাসত (Drinking bed tea) পৰিণত হৈছে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰাতিপুৱা চাহ খোৱাটো সঠিক বুলি গণ্য কৰা উচিত নে? যদি আপুনিও এই কাম কৰে, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন।

ভাৰতত প্ৰায় লোকেই ৰাতিপুৱা চাহ একাপ খাই আৰম্ভ কৰে দিনটো। টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে চাহৰ চুমুক দিয়াটো কেৱল অভ্যাসত পৰিণত হোৱাই নহয়, গোটেই দিনটোৰ বাবে বহু লোকৰ শক্তি আহৰণৰ এক উপায়ো হৈ পৰিছে। কিন্তু, এই অভ্যাসে লাহে লাহে আপোনাৰ শৰীৰো ক্ষতি কৰিছে।

ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ অসুবিধা-

আয়ুৰ্বেদৰ মতে ৰাতিপুৱা শৰীৰৰ বাট আৰু পিত্ত দোষ সক্ৰিয় হৈ পৰা সময়। এই সময়ত পেটটো খালী হৈ থাকে আৰু তাত পাচন স্বাভাৱিকতে প্ৰবল হৈ থাকে। এনে পৰিস্থিতিত যদি কেফেইন আৰু টেনিনেৰে ভৰা চাহ পোনপটীয়াকৈ খোৱা হয়, তেন্তে ই পাচনতন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলত কেৱল এচিডিটি আৰু গেছৰ সমস্যাই নহয়, দীৰ্ঘদিন এনেদৰে হ’লে পেটৰ ভিতৰত ক্ষতি হ’ব পাৰে।

এচিডৰ মাত্ৰা বৃদ্ধি পাব-
একে সময়তে নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি খালী পেটত চাহ খালে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত গেষ্ট্ৰিক বিষ, জ্বলা-পোৰা আৰু বদহজমৰ সৃষ্টি হয়। চাহত থকা কেফেইনেও শৰীৰত মানসিক চাপ সৃষ্টিকাৰী হৰম’ন অৰ্থাৎ কৰ্টিছল বৃদ্ধি কৰে। এই হৰম’নটো বাৰে বাৰে আৰু অধিক পৰিমাণে সক্ৰিয় হ’লে মানসিক ভাৰসাম্যহীনতা, খিংখিঙীয়া আৰু অনিদ্ৰা আদি সমস্যাবোৰো হয়।

Sankar Gohain : দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা

দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা
দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ (Sankar Gohain) সপ্তম কেন্দ্ৰীয় দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশন কাকপথাৰৰ ডিৰাক ৰাজহুৱা খেলপথাৰত ১২, ১৩ আৰু ১৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত ডিৰাক, কাকপথাৰ আঞ্চলিক সমিতি আৰু ডিৰাকবাসীৰ সহযোগত সদৌ অনুষ্ঠিত সপ্তম দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশনৰ মুকলি সভাত মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা দুই মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা হয়। ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ মন্ত্রী বিমল বড়ালৈ আৰু বিশিষ্ট বুৰঞ্জীবিদ প্রয়াত ‘সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা’ দৈনন্দিন বার্তা কাকতৰ সম্পাদক শংকৰ গোহাঁইলৈ আগবঢ়োৱা হয়।

বঁটা প্ৰদানৰ পূৰ্বে মটক জনগোষ্ঠীৰ নাচনীসকলে পৰিৱেশন কৰা গছতলৰ বিহুৰ উদ্বোধন কৰে দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইয়ে। ইয়াৰ পাছতে মটক জনগোষ্ঠীৰ পৰম্পৰাগত হুঁচৰি মুকলিকৈ পৰিৱেশন কৰে। অমৃত ৰাজখোৱাৰ কথা, সুৰ আৰু সংগীত পৰিচালনাৰে “স্বাগতম স্বাগতম সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ” শীৰ্ষক গীতেৰে মুকলি সভাৰ শুভাৰম্ভ কৰা হয়। মুকলি সভাত মটক জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্ত, বীৰ লাচিত সেনা কেন্দ্ৰীয় সভাপতি ৰণ্টু পানীফুকন, টাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, টিএমপিকে কেন্দ্ৰীয় সভাপতি-সম্পাদক, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, মটক স্বায়ত্ত শাসিত পৰিষদৰ ডেভিড চেতিয়া, ধৰ্মপ্ৰসাদ কোঁৱৰ, দেৱৰ্ষি চেতিয়াসহ বহুকেইটা দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ বিশ্বখনিকৰ পূজিবলৈ চলোৱা হৈছে প্ৰস্তুতি

Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ
Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ

কাইলৈ বিশ্ব (Bishwakarma) খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ ৰাজ্যতে বিশ্বখনিকৰ পূজিবলৈ চলোৱা হৈছে প্ৰস্তুতি। প্ৰতিখন এতিয়া বজাৰত ভৰি পৰিছে পূজাৰ বিবিধ সা-সামগ্ৰী। সমান্তৰালকৈ তেজপুৰতো দিনে ৰাতিয়ে মূৰ্তি সজাত ব্যস্ত মৃত শিল্পীসকল।

তেজপুৰৰ চহৰৰ মাজমজিয়াৰ হাৰিপট্টীৰত বিগত বৰ্ষৰ দৰে এইবাৰো আটকধুনীয়াকৈ সজাই পৰাই তুলিছে দূৰ্গা প্ৰতিমাৰ লগতে বিশ্বকৰ্মা।

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব বিশ্বখনিকৰৰ বিশ্বকৰ্মা পূজা । চাৰিওদিশে কেৱল উখল-মাখল পৰিৱেশ।

গতিকে এই বিশ্বকৰ্মাৰ মূৰ্তি সমূহ সোনকালে নিৰ্মান কৰি বজাৰলৈ এৰি দিছে শিল্পীসকলে।

Nupur Bora: টকাৰ পাহাৰ গঢ়িছিল ACS নুপূৰ বৰাই, পাণবজাৰ মহিলা আৰক্ষী থানাত নিশা জেৰা চলোৱা হয় নূপুৰ বৰাক

টকাৰ পাহাৰ গঢ়িছিল ACS নুপূৰ বৰাই
টকাৰ পাহাৰ গঢ়িছিল ACS নুপূৰ বৰাই

CM ভিজিলেন্সৰ (Nupur Bora) কাৰ্যালয়লৈ লৈ যোৱা হৈছে ACS বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাক।

পাণবজাৰ মহিলা আৰক্ষী থানাত নিশা জেৰা চলোৱা হয় নূপুৰ বৰাক।

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব ACS বিষয়া নূপুৰ বৰা।

বৰপেটা আৰু গোটানগৰত চলিছিল অভিযান।

দুয়োটা স্থানৰ পৰা বৰ্তমানলৈ মুঠ ৯২ লাখ ৫০হাজাৰ ৪০০ টকা উদ্ধাৰ কৰে।

বৰপেটাৰ অভিযান বৰ্তমানো চলি আছে।

বৰপেটাৰ পৰা ১০লাখ ৬৩হাজাৰ জব্দ।

মুঠ ৪টা স্থানত অভিযান চলিছিল।

ইয়াৰে ভিতৰত গুৱাহাটীৰ দুটা স্থানত অভিযান চলিছিল।

গোটানগৰৰ আন এটা ফ্লেটটো অভিযান চলোৱা হৈছিল।

বৰপেটাৰ ভাড়াঘৰটো এৰি দিয়া নাছিল নূপুৰে।

সোণ, হীৰাৰ আ-অলংকাৰকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

তদন্তৰ বাবে নূপুৰ বৰাক লৈ যোৱা হৈছে CMVৰ মুখ্য কাৰ্যালয়লৈ।

২৫/২০২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

Nobin Buragohain : ১২ বছৰৰ কষ্টৰ অন্তত নবীন বুঢ়াগোঁহাইয়ে পঢ়ুৱৈ সমাজলৈ এৰি দিলে “আহোম বুৰঞ্জী-কোষ” নামৰ গ্ৰন্থখনি

১২ বছৰৰ কষ্টৰ অন্তত নবীন বুঢ়াগোঁহাইয়ে পঢ়ুৱৈ সমাজলৈ এৰি দিলে "আহোম বুৰঞ্জী-কোষ" নামৰ গ্ৰন্থখনি
১২ বছৰৰ কষ্টৰ অন্তত নবীন বুঢ়াগোঁহাইয়ে পঢ়ুৱৈ সমাজলৈ এৰি দিলে "আহোম বুৰঞ্জী-কোষ" নামৰ গ্ৰন্থখনি

সামাজিক মাধ্যমত তথা পঢ়ুৱৈ সমাজত চৰ্চিত এখন গ্ৰন্থ। (Nobin Buragohain) “আহোম বুৰঞ্জী-কোষ” নামৰ গ্ৰন্থখনি ১২ বছৰৰ কষ্টৰ অন্তত লেখক নবীন বুঢ়াগোঁহাইয়ে পঢ়ুবৈ সমাজলৈ এৰি দিছে।

আজি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গনত গ্ৰন্থখনি “জা ছিং ফা” অনুষ্ঠানেৰে পূৰ্বপুৰুষলৈ উছৰ্গা গ্ৰন্থখনিৰ ৰচনা কালত ৰৈ যোৱা ভুল ক্ৰটিসমূহ যে দুখ নধৰে তাৰ বাবে এই ব্যতিক্ৰমী মাংগলিক পৰ্ব সম্পন্ন কৰে।

আহোম সেনা আৰু অসাম বুক ট্ৰাষ্টৰ উদ্যোগত “জা ছিং ফা” অনুষ্ঠান ঐতিহাসিক তলতল ঘৰত মুলুং সকলৰ উপস্থিতিৰ লগতে শিৱসাগৰৰ বহু ব্যক্তিৰ অংশগ্ৰহণ।

গ্ৰন্থখনিত পঢ়ুৱৈ আহোম বুৰঞ্জী তথা সেই সময়ৰ ইতিহাস বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয় সন্নিবিষ্ট কৰাৰ লগতে ৩ হাজাৰ বিষয়, ৩৫২ খন গৱেষনামূংলক ৰেখাচিত্ৰ,২৫০ খন ফটো, স্থাপত্যকেন্দ্ৰিক ৫০ খন নস্কা আৰু ৫ খন মানচিত্ৰয়ে আহোম বূৰঞ্জী কোষখন লেখকে সজাই পৰাই পাথক সমাজলৈ এৰি দিছে। নিশ্চয়কৈ এই গ্ৰন্থখন ভৱিষ্যতে অসমীয়া জাতিৰ এক জীয়া দলিল হৈ ৰ’ব।

Children Obesity:মেদবহুলতা কেৱল ভাৰততে নহয় বিশ্বতে বৃদ্ধি পাইছে, শিশুৰ মেদবহুলতাৰ সমস্যা কি কাৰণত বৃদ্ধি হয়?

মেদবহুলতা কেৱল ভাৰততে নহয় বিশ্বতে বৃদ্ধি পাইছে
মেদবহুলতা কেৱল ভাৰততে নহয় বিশ্বতে বৃদ্ধি পাইছে

সমগ্ৰ বিশ্বতে শিশু (Children Obesity) আৰু কিশোৰ-কিশোৰীৰ মেদবহুলতাৰ সমস্যা বৃদ্ধি পাইছে। এতিয়া ৰাষ্ট্ৰসংঘইও এই সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইউনিচেফে এক নতুন প্ৰতিবেদনত এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।

জাংক ফুডৰ ব্যৱহাৰে শিশু আৰু কিশোৰ-কিশোৰীক মেদবহুলতাৰ দিশে ঠেলি দিছে। যাৰ ফলত পাঁচ বছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশু/কিশোৰ-কিশোৰী মেদবহুলতাৰ বলি হৈ পৰিছে। ইউনিচেফে এক নতুন প্ৰতিবেদনত এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। এই ভয়ংকৰ প্ৰতিবেদনত ইউনিচেফে অনুমান কৰিছে যে ২০২৫ চনত এই বয়সৰ প্ৰায় ১০ টা শিশুৰ ভিতৰত এজনে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব, যাৰ কাৰণ হৈছে আল্ট্ৰা প্ৰচেছড জাংক ফুডৰ সহজ উপলব্ধতা।

মেদবহুলতাই শিশুৰ বৃদ্ধিত প্ৰভাৱ পেলাইছে-

“যি সময়ত শিশুৰ বৃদ্ধি আৰু মানসিক স্বাস্থ্যত পুষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেই সময়ত আল্ট্ৰা প্ৰচেছড জাংক ফুডে ফল-মূল, শাক-পাচলি আৰু প্ৰটিনৰ ঠাই লৈছে।”

মেদবহুলতাৰ প্ৰধান কাৰণ-

ইউনিচেফে স্পষ্টভাৱে উল্লেখ কৰিছে যে ইয়াৰ মূল কাৰণ কেৱল ভুল খাদ্যই নহয়, লাভৰ বাবে গ্ৰহণ কৰা অনৈতিক ব্যৱসায়িক পদ্ধতিও। ইউনিচেফে কয় যে দোষ শিশু বা তেওঁলোকৰ পৰিয়ালৰ নহয়, বৰঞ্চ “শিশু ডাঙৰ হোৱা পৰিৱেশ সুৰক্ষিত কৰাত সমাজে ব্যৰ্থ হোৱা”।

উন্নত দেশত অতিৰিক্ত ওজনৰ শিশুৰ হাৰ-
ঐতিহাসিকভাৱে অধিক উন্নত দেশত অতিৰিক্ত ওজনৰ শিশুৰ হাৰ যথেষ্ট বেছি। কিছুমান দেশৰ বাবে এই পৰিস্থিতি দুগুণ। এইবোৰ দেশত পুষ্টিহীনতা আৰু মেদবহুলতা দুয়োটা ৰোগত ভুগি আছে।

Earthquake: প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

Earthquake: প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য
Earthquake: প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য।(Earthquake)

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৯।

৪ বাজি ৪১ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত।

ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ নিলগত বুলি অনুমান কৰা হৈছে।





Narendra Modi: ভূপেন দাৰ সংগীতে ভাৰতক একত্ৰিত আৰু প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী

Narendra Modi: ভূপেন দাৰ সংগীতে ভাৰতক একত্ৰিত আৰু প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে
Narendra Modi: ভূপেন দাৰ সংগীতে ভাৰতক একত্ৰিত আৰু প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ (Narendra Modi) গুৱাহাটীত ভাৰত ৰত্ন ডঃভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। ইয়াতসমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এটা উল্লেখযোগ্য দিন আৰু এই মুহূৰ্তটো সঁচাকৈয়ে অমূল্য। তেখেতে কয় যেইয়াত প্ৰত্যক্ষ কৰা পৰিবেশন, উৎসাহতথা পৰ্য্যবেক্ষণ কৰা সমন্বয়ৰ মনোভাৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিছে। তেখেতে ভূপেন দাৰ গীতৰ ছন্দত আলোকপাত কৰে যি ছন্দ সমগ্ৰ অনুষ্ঠানটিতে অনুৰণিতহৈছে। ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ মনত প্ৰতিধ্বনিত হোৱাহাজৰিকাৰ গীতৰ কেইটামান শব্দ উল্লেখ কৰে। তেখেতে কয় যে ভূপেনদাৰ সংগীতৰ ঢৌবোৰ সকলোতে, অন্তহীনভাৱে বৈ যোৱাটো অন্তৰেৰে কামনা কৰিছে।

ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পীকে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ পৰিবেশন কাৰ্য্যই ব্যতিক্ৰমী প্ৰস্তুতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখেৰে তেখেতে কয় যে অসমৰ মনোভাৱ এনেকুৱা যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ গঢ়ি তোলে। তেখেতে সকলো শিল্পীকে অভিনন্দন জনায় আৰু প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মাত্ৰ কেইদিনমান পূৰ্বে অৰ্থাৎ ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম বাৰ্ষিকী পালন কৰা হৈছিল। তেখেতে কয় যে সেইদিনা ভূপেন দালৈ সন্মান জনাই এটি সমৰ্পিত প্ৰবন্ধত নিজৰ আৱেগ প্ৰকাশ কৰিছিল। তেখেতে কয় যে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত এইদৰে অংশগ্ৰহণ কৰিবলৈ পোৱাটো তেখেতৰ বাবে সৌভাগ্যৰ কথা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভূপেন দাক সকলোৱে মৰমেৰে “সুধা কণ্ঠ” বুলি অভিহিত কৰে। তেখেতে কয় যে ভাৰতৰ আৱেগক কণ্ঠেৰেমূৰ্ত কৰি তোলা, সংগীতক সংবেদনশীলতাৰে সংযোগ কৰা, স্বকীয় গীতৰ জৰিয়তে ভাৰতৰ সপোনক সংৰক্ষণ কৰা আৰু মাতৃ গংগাৰ জৰিয়তে ভাৰত মাতাৰ মমতা বর্ণনা কৰা সেইগৰাকীসুধা কণ্ঠৰে এয়া জন্ম শতবাৰ্ষিকী।ভূপেনদাৰ অমৰ সৃষ্টিৰাজিয়ে ভাৰতক সংযোগ আৰু ভাৰতীয় প্ৰজন্মসমূহক আলোড়িত কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে যদিও ভূপেন দা এতিয়া কায়িকভাৱে আমাৰ মাজত নাই, তথাপিও তেওঁৰ গীত আৰু কণ্ঠ ভাৰতৰ উন্নয়ন যাত্ৰাৰ সাক্ষী হৈ ৰৈছে আৰু ইয়াক শক্তিশালী কৰি তুলিছে। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে গৌৰৱেৰেভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে। ভূপেন হাজৰিকা ডাঙৰীয়াৰ গীত, বাৰ্তা, জীৱন গাথাক প্ৰতিঘৰ গৃহস্থীলৈকে লৈ যোৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ জীৱনীখনিউন্মোচন কৰা হৈছে বুলি তেখেতে জনায়। এই উপলক্ষে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে মোদীয়ে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমবাসীৰ লগতে প্ৰতিজন ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।“ভূপেন হাজৰিকাই সংগীতৰ সেৱাত ওৰেটো জীৱন উৎসৰ্গা কৰিছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে সংগীত আধ্যাত্মিক অনুশীলনৰ এক প্ৰকাৰ হৈ পৰা মাত্ৰেকেগীতে আত্মাক স্পৰ্শ কৰেআৰু সংগীত সংকল্প হৈ পৰা মাত্ৰেকেগীত এটি সমাজখনক পথ-প্ৰদৰ্শনৰ মাধ্যমত পৰিণত হয়। তেখেতে কয় যে এনে বৈশিষ্ট্যৰাজিয়েই ভূপেন দাৰ সংগীতক ইমান বিশেষ কৰি তুলিছে। ভূপেন দাৰ গীতত জীয়াই থকাৰ আদৰ্শ আৰু তেওঁৰ অভিজ্ঞতাৰাজি প্ৰতিফলিত হোৱাৰকথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ সংগীতত ভাৰত মাতাৰ প্ৰতি থকা গভীৰ প্ৰেম “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”-ৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ পৰাই উদ্ভৱ হৈছে। তেখেতে কয় যে ভূপেন দাৰ জন্ম উত্তৰ-পূবত হৈছিলআৰু ব্ৰহ্মপুত্ৰৰ বিশাল ঢৌৱে তেওঁক সংগীতৰআদিপাঠ শিকাইছিল। ভূপেনদাই পৰৱৰ্তীসময়ত স্নাতক শিক্ষা লাভৰ বাবে কাশীলৈ যোৱাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ হোৱা ভূপেনদাৰ সাংগীতিক যাত্ৰা গংগাৰ প্ৰবাহিত ছন্দৰ জৰিয়তে আয়ত্তলৈ ৰূপান্তৰিত হৈছিল। তেখেতে উল্লেখ কৰে যে কাশীৰ গতিশীলতাই তেওঁৰ জীৱনত এক অবিৰত প্ৰবাহৰ সঞ্চাৰ কৰিছিল। ভূপেন দাক ভাৰত ভ্ৰমণকাৰীতথা আনকি পিএইচডি-ৰ বাবে যুক্তৰাষ্ট্ৰলৈ যোৱা এগৰাকীপৰিব্ৰাজক বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জীৱনৰ প্ৰতিটো পৰ্য্যায়তে ভূপেন দা প্ৰকৃত পুত্ৰ হিচাপে অসমৰ মাটিৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছিল।তেখেতে লগতে কয় যে এই কাৰণেই ভূপেন দা ভাৰতলৈ উভতি আহি চলচ্চিত্ৰৰ জৰিয়তে সাধাৰণ জনতাৰ কণ্ঠ হৈ পৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভূপেনদাই সাধাৰণ জীৱনৰ যন্ত্ৰণাক কণ্ঠৰেপ্ৰকাশ কৰিছিলআৰু সেই কণ্ঠয়েই এতিয়াও ৰাষ্ট্ৰখনক আলোড়িত কৰি ৰাখিছে। ভূপেন দাৰ এটি গীতৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ অৰ্থ হৈছে- যদি মানুহেইপৰস্পৰে-পৰস্পৰৰহৰ্ষ-বিষাদ, দুখ-কষ্টৰ কথা নাভাবে—তেন্তে এই পৃথিৱীত আনৰ কথা চিন্তা কৰিবই বাকোনে? এই কথা কিমান গভীৰভাৱে প্ৰেৰণাদায়ক, সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে চিন্তা কৰিবলৈ আহ্বান জনায়। মোদীয়ে উল্লেখ কৰে যে এই ধাৰণায়েই আজি ভাৰতক দৰিদ্ৰ লোক, উপান্ত শ্ৰেণী, দলিতআৰু জনজাতীয় সমাজসমূহৰ জীৱন-যাত্ৰাৰঅগ্ৰগতি সাধনৰ প্ৰচেষ্টাক পথ-প্ৰদৰ্শন কৰি আহিছে।ভূপেন দাক ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ এগৰাকী মহান ধ্বজাবাহক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে কয় যে দশক-দশক পূৰ্বে যেতিয়া উত্তৰ-পূৰ্বাঞ্চল অৱহেলাৰ সন্মুখীন হৈছিল আৰু হিংসা তথা বিচ্ছিন্নতাবাদে অঞ্চলটোক আৱৰি ধৰিছিল, তেতিয়াই ভূপেন দাই ভাৰতৰ ঐক্যৰগীত গাইছিল। তেখেতে উল্লেখ কৰে যে ভূপেন দাই এখনি সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা গীতত প্ৰতিফলিত হৈছিল। অসমৰ বাবে ভূপেন দাৰ গীতৰ কেইটামান শাৰীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমিএই গীতটি গুণগুণোৱা মাত্ৰেকে আমাৰ মন অসমৰ বৈচিত্ৰ্য, শক্তি আৰু সম্ভাৱনাক লৈ গৌৰৱেৰে ভৰি পৰে।অৰুণাচল প্ৰদেশৰ প্ৰতিও ভূপেন দাৰ সমানেইস্নেহআছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ কথা উল্লেখ থকা ভূপেন দাৰ গীতৰ কেইটামানশাৰীৰ কথা ব্যক্ত কৰে।

তেখেতে কয় যে হৃদয়ত দেশপ্ৰেমৰ মনোভাৱ সম্পন্নএটি কণ্ঠ কেতিয়াও নিৰ্বাপিত নহয়। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে উত্তৰ-পূর্বাঞ্চলৰ বাবে ভূপেন দাৰ সপোনক বাস্তৱায়িত কৰিবলৈ দিনে-নিশাই কাম কৰি আছে। মোদীয়ে উল্লেখ কৰে যে ভূপেন দালৈ ভাৰতৰত্ন সন্মান আগবঢ়াই চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষা আৰু গৌৰৱক সন্মান জনাইছে তথা অঞ্চলটোক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অঞ্চল হিচাপে গঢ়ি তুলিছে। তেখেতে অৱগত কৰে যে অসম আৰু অৰুণাচল প্ৰদেশ সংযোগীদেশৰ ভিতৰতে সুদীৰ্ঘ দলংখনিক ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে। উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়ি তোলাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত আগবাঢ়িছে বুলি কয়। তেখেতে কয় যে এই কৃতিত্বসমূহ হৈছে ভূপেন দালৈ ৰাষ্ট্ৰৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।“ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে সদায় উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়েঅঞ্চলটোৰ চহকী ইতিহাস, ইয়াৰ উৎসৱ আৰু উদযাপন, ইয়াৰ কলা আৰু সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐশ্বৰিক আভাত আলোকপাত কৰে।

তেখেতে এই সকলোবোৰৰ সমান্তৰালকৈ ভাৰত মাতাৰ সন্মান আৰু সুৰক্ষাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে স্বীকাৰ কৰা ত্যাগৰ গাথাকপ্ৰশংসনীয় বুলি কয়। মোদীয়ে কয় যে এই অৱদানসমূহৰ অবিহনে আমি আমাৰ মহান ভাৰতখনিৰ কল্পনা কৰিব নোৱাৰোঁ। তেখেতে উত্তৰ-পূবক দেশৰ বাবে নতুন কিৰণ আৰু নতুন প্ৰত্যুষৰঅঞ্চল বুলি অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে ৰাষ্ট্ৰখনৰ প্ৰথম সূৰ্য্যোদয় এই অঞ্চলতে হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন দাৰ গীতৰ কেইটামান শাৰী উল্লেখ কৰে, যিয়ে তেওঁৰ গীতত এই কথাকেই প্ৰতিফলিত কৰিছিল। তেখেতে দৃঢ়তাৰে কয় যে আমি অসমৰ ইতিহাসক উদযাপন কৰিলেহে ভাৰতৰ ইতিহাস সম্পূৰ্ণ হ’ব—তেতিয়াহে ভাৰতৰ আনন্দ সম্পূৰ্ণ হ’ব আৰু আমি এই উত্তৰাধিকাৰক সামৰি লৈ গৌৰৱেৰে আগবাঢ়িব লাগিব।আমি যোগাযোগ ব্যৱস্থাৰ কথা ক’লে জনসাধাৰণৰসততে ৰেল, পথ বা বিমান সংযোগৰ কথা মনলৈ আহে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় ঐক্যৰ বাবে সংযোগৰ আন এটা ৰূপ সমানেই অপৰিহাৰ্য্য— সেয়া হৈছে সাংস্কৃতিক সংযোগ। বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধনৰ সমান্তৰালকৈ দেশখনতসাংস্কৃতিক সংযোগত উল্লেখযোগ্য গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেখেতেইয়াক এক নিৰন্তৰ অভিযান বুলি অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে আজিৰ অনুষ্ঠানে এই অভিযানৰ আভাস দাঙিধৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছিল। তেখেতে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক বীৰ সংগ্ৰামীয়ে সৰ্বস্ব ত্যাগ স্বীকাৰ কৰিছিল। তেখেতে আৰু কয় যে আজাদী কা অমৃত মহোৎসৱৰ সময়ছোৱাত চৰকাৰে উত্তৰ-পূবৰ এইসকল স্বাধীনতা সংগ্ৰামীৰ উত্তৰাধিকাৰ আৰু ইতিহাসক পুনৰুজ্জীৱিত কৰি তুলিছিল। শ্ৰী মোদীয়ে কয় যে আজি সমগ্ৰ ৰাষ্ট্ৰ অসমৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ সৈতে পৰিচিত হৈ পৰিছে। শেহতীয়াকৈ দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰা হৈছিল বুলি উল্লেখেৰে মোদীয়ে দৃঢ়তাৰে কয় যে সেই অনুষ্ঠানতো অসমৰ শক্তি আৰু সামৰ্থ্য বিশিষ্টভাৱে প্ৰদৰ্শিত হৈছিল।যিকোনো পৰিস্থিতি নিৰ্বিশেষে অসমে ৰাষ্ট্ৰৰ গৌৰৱক সদায় মূৰ্ত কৰি আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ গীততো এই মনোভাৱৰেই প্ৰতিফলনঘটিছিল। তেখেতে কয় কয় যে ১৯৬২-ৰ যুদ্ধৰ সময়ত অসম প্ৰত্যক্ষভাৱে সংঘাতৰ সাক্ষী হৈ পৰিছিল আৰু সেই সময়তে ভূপেনদাই তেওঁৰ সংগীতৰ জৰিয়তে ৰাষ্ট্ৰৰ সংকল্পক দৃঢ় কৰিছিল। মোদীয়ে সেই সময়ত ভূপেন দাই লিখা এটি গীতৰ কলিআওৰাই, যিটো গীতে ভাৰতৰ জনসাধাৰণৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল।ভাৰতৰ জনসাধাৰণৰ মনোভাৱ আৰু সংকল্প দৃঢ় আৰু অদম্য হৈ আছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্দূৰৰ সময়তো এই মনোভাৱ স্পষ্টকৈ দেখা গৈছিল।

তেখেতে কয় যে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ উদ্দেশ্যৰ প্ৰতি নিৰ্ণায়ক সঁহাৰি জনাইছিলআৰু ৰাষ্ট্ৰখনৰসামৰ্থ্যৰ কথা সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হৈছিল। ৰাষ্ট্ৰৰপ্ৰতিটো শত্ৰুৰে যে নিস্তাৰ নাই, সেই কথা ভাৰতে প্ৰদৰ্শন কৰিছে বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “নৱ্য ভাৰতে কেতিয়াও ইয়াৰ নিৰাপত্তা বা মৰ্য্যাদাক লৈ আপোচ নকৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সংস্কৃতিৰ প্ৰতিটো মাত্ৰা উল্লেখযোগ্য আৰু অসাধাৰণ বুলি কয়। তেখেতে উল্লেখ কৰে যে অসমৰ সংস্কৃতি, মৰ্য্যাদা, গৌৰৱো অসীম সম্ভাৱনাৰ উৎস। তেখেতে অসমৰ পৰম্পৰাগত সাজ-পোছাক, খাদ্যাভাস, পৰ্যটনআৰু ইয়াত উৎপাদিত সামগ্ৰীক চহকী ঐতিহ্য আৰু সুযোগৰ ক্ষেত্ৰ হিচাপে উল্লেখ কৰে। এই উপাদানসমূহক কেৱল ভাৰতৰ ভিতৰতে নহয়, বৰঞ্চসমগ্ৰ বিশ্বতে স্বীকৃতি প্ৰদানৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে গৌৰৱেৰে উল্লেখ কৰে যে তেখেতে ব্যক্তিগতভাৱে অসমৰ গামোচাৰ ব্ৰেণ্ডিঙৰ প্ৰচাৰ কৰি আহিছে। তেখেতে লগতে কয় যে অসমৰ প্ৰতিটো সামগ্ৰীকে বিশ্বৰ প্ৰতিটো প্ৰান্তলৈকৈ লৈ যাব লাগিব।“ভূপেন দাই ওৰেটো জীৱন ৰাষ্ট্ৰৰ লক্ষ্যৰ প্ৰতি উৎসৰ্গাকৰিছিল” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যেভূপেন দাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উপলক্ষে আমি দেশৰ আত্ম-নিৰ্ভৰতা অক্ষুণ্ণ ৰখাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। তেখেতে অসমৰ ভ্ৰাতৃ-ভগ্নীসকলক “ভকেল ফৰ লোকেল” অভিযানৰ একো-একোগৰাকী অগ্ৰদূত হ’বলৈ আহ্বান জনায়। থলুৱা সামগ্ৰীৰাজিৰ প্ৰতি গৌৰৱ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে কেৱল স্থানীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিবলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে যে আমি এই অভিযানসমূহক যিমানেই ত্বৰান্বিত কৰিম, সিমান সোনকালেই এখনি উন্নত ভাৰতৰ সপোন পৰিপূৰণ হ’ব।ভূপেন দাই মাত্ৰ ১৩ বছৰ বয়সতেই গীত ৰচনা কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই গীতটোতে ভূপেন দাই নিজকে ফিৰিঙতি হিচাপে গণ্য কৰি এখনি নতুন ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰিছিল।

তেখেতে প্ৰতিগৰাকী নিপীড়িত আৰু বঞ্চিত ব্যক্তিয়ে নিজৰ প্ৰাপ্য পুনৰ লাভ কৰাএখনিৰাষ্ট্ৰৰ কল্পনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভূপেনদাই তেতিয়া দেখা এখনি নতুন ভাৰতৰ সপোনটো এতিয়া ৰাষ্ট্ৰখনৰ সামূহিক সংকল্প হৈ পৰিছে। তেখেতে সকলোকে এই অংগীকাৰেৰে নিজকে সংপৃক্ত কৰিবলৈ আহ্বান জনায়। এয়া হৈছে ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ লক্ষ্যক প্ৰতিটো প্ৰচেষ্টা আৰু প্ৰতিটো সংকল্পৰ কেন্দ্ৰবিন্দু কৰি ৰখাৰ সময় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই অভিযানতো ভূপেন দাৰ গীত আৰু তেওঁৰ জীৱনে প্ৰেৰণাযোগাইছে। এই সংকল্পসমূহে ভূপেন হাজৰিকা ডাঙৰীয়াৰ সপোন পূৰণ কৰিব বুলি উল্লেখেৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পুনৰবাৰ সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।এই কাৰ্য্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলেঅংশগ্ৰহণ কৰে।

কোঠাত নহয়, বাথৰুমত আৰাম পায় GEN Zএ! কিয় যুৱক-যুৱতীৰ মাজত বাথৰুম কেম্পিঙৰ উন্মাদনা বৃদ্ধি পাইছে?

কোঠাত নহয়, বাথৰুমত আৰাম পায় GEN Zএ! কিয় যুৱক-যুৱতীৰ মাজত বাথৰুম কেম্পিঙৰ উন্মাদনা বৃদ্ধি পাইছে?
কোঠাত নহয়, বাথৰুমত আৰাম পায় GEN Zএ! কিয় যুৱক-যুৱতীৰ মাজত বাথৰুম কেম্পিঙৰ উন্মাদনা বৃদ্ধি পাইছে?

জেন জেড প্ৰজন্মই নিজৰ (GEN Z) অদ্ভুত ট্ৰেণ্ডৰ বাবে প্ৰতিদিনে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আজি আমি আপোনালোকক জনাম যে Gen Z ৰ মাজত অতি ভাইৰেল হৈ পৰা ‘bathroom camping’ ট্ৰেণ্ডটো কি আৰু কিয় মানুহে ইয়াক ভাল পাইছে।

প্ৰতিদিনে ছ’চিয়েল মিডিয়াত জেন জেডৰ মাজত কিছুমান ট্ৰেণ্ড অতি ভাইৰেল হৈয়েই থাকে। প্ৰতিটো ভাইৰেল ট্ৰেণ্ড অনুসৰণ কৰি ভাল পাই বহু লোকে। ছ’চিয়েল মিডিয়াৰ এই যুগত সকলোৱে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোনটো স্ক্ৰ’ল কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবেই মানুহে নতুন নতুন ট্ৰেণ্ডৰ বিষয়ে জানিব পাৰে। আজিকালি ছ’চিয়েল মিডিয়াত এটা ট্ৰেণ্ড অতি ভাইৰেল হৈ পৰিছে, যাৰ নাম বাথৰুম কেম্পিং। আজি আমি আপোনালোকক ক’ম বাথৰুম কেম্পিং কি আৰু জেন জেডে কিয় ইমান ভাল পোৱা হৈছে।

বাথৰুমৰ কেম্পিং ট্ৰেণ্ড কি?

এই ধাৰা অনুসৰণ কৰি বহু লোকে ছ’চিয়েল মিডিয়াত নিজৰ ভিডিঅ’ আৰু ফটো আপলোড কৰি আছে। ৰিলবোৰত মানুহে নিজৰ বাথৰুমত সময় কটোৱা দেখা যায়। বহুতে বাথৰুমত ফোন ব্যৱহাৰ কৰা দেখা গৈছে, আনহাতে বহুতে নিজৰ প্ৰিয় ধাৰাবাহিকখন চাই। বহুতে বাথৰুমৰ কেম্পিং ট্ৰেণ্ডক জিৰণি লোৱাৰ উপায় বুলি বিবেচনা কৰিছে। একে সময়তে বহু লোকে ইয়াক সময়ৰ অপচয় আৰু এক প্ৰকাৰৰ অদ্ভুত কাম বুলি অভিহিত কৰিছে। বহু যুৱকে বাথৰুমত ছ’চিয়েল মিডিয়া স্ক্ৰ’ল কৰে, যাক তেওঁলোকে বাথৰুম কেম্পিং বুলি কয়। বহুতে ইয়াক মানসিক চাপ দূৰ কৰাৰ উপায় বুলিও গণ্য কৰে।TaboolaSponsored লিংকৰ দ্বাৰা

ইয়াৰ উপকাৰ কি কি?

বাথৰুমৰ কেম্পিঙৰ জৰিয়তে মানুহে নিজৰ সৈতে সময় উপভোগ কৰিবলৈ সক্ষম হয় আৰু কেতিয়াবা অকলে বহুতো সৃষ্টিশীল কথাও ভাবিব পাৰে। বহুতে বিশ্বাস কৰে যে বাথৰুমত কেম্পিং কৰাটোও উদ্বেগ আৰু মানসিক চাপৰ পৰা উপশম পোৱাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

ইয়াৰ অসুবিধাবোৰ কি কি?

বাথৰুমত কেম্পিং কৰিলে মানুহৰ স্ক্ৰীণৰ সময় বৃদ্ধি পাব পাৰে, যাৰ ফলত চকুৰ দৃষ্টিশক্তিত প্ৰভাৱ পৰিব পাৰে। বাথৰুমৰ কেম্পিঙৰ বাবে বহুতে পৰিয়ালৰ সৈতে অতি কম সময় কটায় আৰু মানুহৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। বাথৰুমত বহু ধৰণৰ বীজাণুও থাকে। বাথৰুমত অধিক সময় কটোৱাৰ বাবে এই বীজাণুবোৰে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰো ক্ষতি কৰিব পাৰে আৰু মানুহ অসুস্থ হৈ পৰিব পাৰে।

১৬ মে’ত তালি-টোপোলা নাবান্ধিলে বাংলাদেশীয়ে!এইবাৰ কি হ’ব প্ৰধানমন্ত্ৰী মোদীৰ হট ডায়ল’গ?

PM Modi in Assam

১২বছৰ আগৰ কথা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা হট ডায়ল’গ- “১৬ মে’ত বাংলাদেশীয়ে তালি-টোপোলা লৈ উভতিব লাগিব অসমৰ পৰা !”
কিন্তু, চাওঁতে চাওঁতে বহুকেইটা ১৬ মে’ পাৰ হৈ গ’ল । তালি-টোপোলা বান্ধি বাংলাদেশীহে অসমৰ পৰা নগ’ল ।
ইয়াৰ পৰিৱৰ্তে কাৰ জৰিয়তে বিদেশীৰ বোজা অসমক জাপি দিয়াৰহে পথ প্ৰশস্ত কৰিলে চৰকাৰে ।
আজি ১৩ ছেপ্তেম্বৰ ! আকৌ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ সভা । কিন্তু, এইবাৰ ভাষণত কি হট ডায়ল’গ দিব, অসমলৈ কি পেকেজ লৈ আহিব প্ৰধানমন্ত্ৰী মোদীয়ে ! বঢ়াব নেকি বাংলাদেশীয়ে তালি-টোপোলা বন্ধাৰ ম্যাদ ! নে ১৬ মে’ৰ দৰেই আকৌ এটা নতুন তাৰিখ ঘোষণাৰে মন ভোলাব জনতাৰ ! তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা ।
সেয়া,যি কি নহওঁক… প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনে অসমক কি উপহাৰ দিয়ে,সেয়াহে হ’ব লক্ষণীয়।