ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সৃষ্টি হয় এক অভূতপূৰ্ব ঐতিহাসিক দৃশ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দহ হাজাৰ শিল্পীয়ে একেলগে বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগুৰুম্বা পৰিৱেশন কৰি এক নতুন ইতিহাসৰ সূচনা কৰে। একে সময়তে ইমান বৃহৎ পৰিসৰত বাগুৰুম্বা নৃত্য পৰিৱেশন অসম তথা ভাৰতবৰ্ষৰ লোকসংস্কৃতিৰ ক্ষেত্ৰত এক গৌৰৱময় অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব বুলি সংস্কৃতি সচেতন মহলে অভিমত ব্যক্ত কৰিছে।
খাম, ছেৰজা, চিফুং, জথা আৰু জাপশ্ৰিঙৰ সুমধুৰ তালে তালে শিল্পীসকলে অপূৰ্ব শৈল্পিক ভঙ্গিমাৰে বাগুৰুম্বা নৃত্য উপস্থাপন কৰে। প্ৰকৃতিৰ সৈতে গভীৰ সংযোগ থকা এই নৃত্যৰ প্ৰতিটো ছন্দত ফুটি উঠে বড়ো জনগোষ্ঠীৰ জীৱনদৰ্শন, বসন্তকালীন উৎসৱৰ আনন্দ আৰু সামূহিক ঐক্যৰ এক সজীৱ প্ৰতিচ্ছবি। বৰ্ণিল পৰম্পৰাগত পোছাক, সুশৃঙ্খল পদচালনা আৰু তাল-লয়ৰ নিখুঁত সমন্বয়ে সমগ্ৰ ক্ৰীড়া প্ৰকল্পখনক এক মনোমুগ্ধকৰ সাংস্কৃতিক মঞ্চত ৰূপান্তৰিত কৰে। উল্লেখযোগ্য যে, বড়ো জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ বাগুৰুম্বাক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে অসমে বিহু আৰু ঝুমুৰ নৃত্যৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু অসমীয়াৰ লোকসংস্কৃতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰিছিল। সেই সাফল্যৰ ধাৰাবাহিকতাত এইবাৰ বাগুৰুম্বা নৃত্যকো বৃহৎ পৰিসৰত উপস্থাপন কৰি ৰাজ্যখনৰ সমৃদ্ধ জনজাতীয় সংস্কৃতিক বিশ্ব মানচিত্ৰত অধিক উজ্জ্বলভাৱে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলোৱা হৈছে।
বাগুৰুম্বা দাওহক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ আৰু আগ্ৰহ পৰিলক্ষিত হোৱাৰ প্ৰেক্ষিততেই যোৱা কালি ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হয় চূড়ান্ত আখৰা। এই চূড়ান্ত আখৰাৰ সময়ত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে শিল্পীসকলক উৎসাহিত কৰাৰ লগতে এই সাংস্কৃতিক আয়োজনক অসমীয়াৰ গৌৰৱ, ঐতিহ্য আৰু জনজাতীয় ঐক্যৰ এক স্মৰণীয় নিদৰ্শন বুলি আখ্যা দিয়ে।
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই বিশাল সাংস্কৃতিক কাৰ্যসূচী কেৱল এটা নৃত্য পৰিৱেশনতেই সীমাবদ্ধ নাছিল, বৰঞ্চ ই আছিল অসমে নিজৰ জনজাতীয় ঐতিহ্য, সংস্কৃতি আৰু সাংস্কৃতিক সৌভাগ্য দেশ-বিদেশৰ আগত প্ৰদৰ্শন কৰাৰ এক শক্তিশালী মঞ্চ। ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাৰ জৰিয়তে বড়ো সংস্কৃতিৰ প্ৰতি দেশ-বিদেশত নতুনকৈ আগ্ৰহ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।