Home Blog Page 634

দিল্লীত ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ…

দিল্লীত ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ।

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন, তৃতীয় গোটক জীয়াই ৰাখিবলৈ সাহায্য প্ৰদান আৰু নামৰূপ সাৰ কাৰখানাত সংঘটিত ৮০৪ টা ৰাসায়নিক সাৰৰ ডিলাৰ আৱণ্টনৰ কেলেংকাৰিৰ উচ্চ পৰ্যায়ৰ তদন্ত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে৷

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ ঘটনা। মহিলা চিকিত্সকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।

JMCHৰ এজন চিকিত্সকৰ বিৰুদ্ধে উত্থাপন এই অভিযোগ। তিনিদিন পূৰ্বে JMCHত সংঘটিত এই ঘটনা।

ঘটনা সন্দৰ্ভত JMCHৰ অধ্যক্ষক লিখিত অভিযোগ দাখিল ভুক্তভোগীৰ। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ JMCHৰ অধ্যক্ষৰ।

অসম ক্ৰিকেট সন্থাই নিজৰ স্ক’ৰিং এপ প্ৰস্তুত কৰিলে…

খেলুৱৈ, কৰ্মকৰ্তা আৰু অনুৰাগীসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু কাৰ্যক্ষম অভিজ্ঞতা প্ৰদান কৰি খেলুৱৈৰ প্ৰদৰ্শনৰ তথ্য অনুসৰণ আৰু মেচৰ স্ক’ৰিং সৰল আৰু বৃদ্ধিৰ বাবে অসম ক্ৰিকেট সন্থাই নিজৰ স্ক’ৰিং এপ আপডেট কৰিছে। এপটো মসৃণভাৱে গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ এ চি এই আজি অৰ্থাত্ ৮ আগষ্টত এ চি এ ষ্টেডিয়াম কমপ্লেক্সত এক ইন্টাৰেক্টিভ স্ক’ৰাৰ কৰ্মশালা অনুষ্ঠিত কৰে, য’ত প্ৰায় ৬০ জন উৎসাহী স্ক’ৰাৰক বিশেষজ্ঞৰ নিৰ্দেশনা আৰু হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এ চি এ স্ক’ৰিং এপক সঠিক আৰু বাস্তৱ সময়ৰ তথ্য অনুসৰণ প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে, যাৰ ফলত খেলুৱৈ, প্ৰশিক্ষক আৰু কৰ্মকৰ্তাসকলে জ্ঞাত সিদ্ধান্ত ল’ব পাৰে আৰু খেলুৱৈৰ প্ৰদৰ্শনৰ মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব পাৰে। এই এপটো সকলো এ চি এ মেচৰ বাবে ব্যৱহাৰ কৰা হ’ব, যাৰ ফলত স্ক’ৰিং আৰু ডাটা মেনেজমেণ্টৰ ক্ষেত্ৰত সামঞ্জস্য আৰু দক্ষতা নিশ্চিত কৰা হ’ব।

মেঘালয়ৰ ৰাজ্যপালক সাক্ষাৎ ইউ এছ টি এমৰ প্ৰতিনিধি দলৰ…

ইউ এছ টি এমৰ এটা প্ৰতিনিধি দলে মেঘালয়ৰ নৱনিযুক্ত ৰাজ্যপাল চি.এইচ. বিজয়াশংকৰক বুধবাৰে শ্বিলঙৰ ৰাজ ভৱনত সাক্ষাৎ কৰে। ইউ এছ টি এমৰ দলটোত আছিল আচাৰ্য মাহবুবুল হক; উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা; ড° আৰ.কে. শৰ্মা, উপদেষ্টা; আৰু ড° মেহজাবিন ৰহমান। বৈঠকৰ সময়ত প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ অগ্ৰগতিৰ বিষয়ে এক আপডেট প্ৰদান কৰে, আগন্তুক প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে আৰু বিশ্ববিদ্যালয়খনৰ ভিজিতৰ হিচাপে তেওঁৰ ভূমিকাক লক্ষ্য কৰি ৰাজ্যপালক সমাৱৰ্তন-২০২৪ৰ সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনায়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ সমগ্ৰ কাৰ্যকালতে বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু দায়বদ্ধতা থাকিব বুলি প্ৰকাশ কৰে।


আচাৰ্য এম হকে ইউ এছ টি এমৰ আউটৰিচ কাৰ্য্যকলাপৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনে কেম্পাছৰ পৰা ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সমাজ কল্যাণ মূলক কাৰ্যসূচী পৰিচালনা কৰে, স্থানীয় শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰে। বৰ্তমান ইউ এছ টি এমৰ প্ৰায় ২০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হয়। ইউ এছ টি এমক উৎকৃষ্টতাৰ সাধনা অব্যাহত ৰাখিবলৈ ৰাজ্যপালৰ উৎসাহেৰে বৈঠকৰ সামৰণি পৰে।

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু দক্ষিণৰ অভিনেতা নাগা চৈতন্য, পৰিয়ালৰ সৈতে এংগেজমেণ্ট ফটো…

দক্ষিণৰ অভিনেতা নাগা চৈতন্য আৰু সোভিতা ধুলিপালাৰ এংগেজমেণ্টৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।এই ফটোসমূহ শ্বেয়াৰ কৰাৰ সময়তে সোভিতা ধূলিপালাৰ আৰু নাগা চৈতন্যৰ সৈতে নাগাৰ্জুনৰ ফটোও ভাইৰেল হৈছে। আজি প্ৰেমিকা শোভিতা ধূলিপালাৰ সৈতে বাগ্দান হয় নাগাৰ।

অভিনেতা নাগাৰ্জুনে নিজৰ পুত্ৰ আৰু বোৱাৰীৰ ফটো শ্বেয়াৰ কৰে। লগতে ঘোষণা কৰিলে যে দুয়োৰে এংগেজমেণ্ট হৈছে। পোষ্টটোত বিশেষ তাৰিখৰ কথাও উল্লেখ কৰে। লগতে লিখিছিল পুত্ৰ আৰু বোৱাৰীক আশীৰ্বাদ দি এটা মৰমলগা পোষ্ট।


নাগাৰ্জুনে লিখিছে, ‘শোভিতা ধূলিপালাৰ সৈতে পুত্ৰ নগা চৈতন্যৰ বাগ্দান ঘোষণা কৰি সুখী হৈ আজি পুৱা ৯:৪২ বজাত দুয়োজনে বিবাহপাশত আবদ্ধ হয়। শোভিতাক আমাৰ পৰিয়াললৈ আদৰণি জনাই আমি অতি সুখী। দম্পতীহালক অভিনন্দন! গোটেই জীৱন মৰম আৰু সুখ কামনা কৰক। ৮.৮.৮..’ এইদৰে সামাজিক মাধ্যমত প’ষ্ট শ্বেয়াৰ কৰে নাগাৰ্জুনে।

বাংলাদেশৰ অস্থিৰতাৰ মাজতে ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক হুমায়ুন কবিৰ…

বাংলাদেশৰ অস্থিৰতাৰ মাজতে ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন।

বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ বাংলাদেশৰ ছিলেট জিলাৰ বাসিন্দা হুমায়ুন কবিৰ। ৪ আগষ্টত মেঘালয়ৰ ডাউকী সীমান্তৰে ভাৰতত অবৈধ প্ৰৱেশ হুমায়ুনৰ।

ইপিনে চোৰাং গৰু সৰবৰাহৰে জড়িত আন ৩ অসমৰ নগৰিককো গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ নগাঁৱৰ খাটোৱালৰ আবুল হুছেইন, মুকবুল হুছেইন, মতিবুৰ ৰহমান।

ৰাজাপানীচন্দাত শিল্পী পৱিত্ৰ পি কেৰ দৃশ্য-শ্ৰব্য আধুনিক বড়ো গীত ‘সীমাং’ মুকলি…

ৰাজ্যৰ উঠি অহা নৱ প্ৰজন্মৰ কণ্ঠশিল্পী আৰু অসমীয়া আৰু বড়ো ভাষাত সংগীত পৰিৱেশন কৰি সাংস্কৃতিকপ্ৰেমী ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা, গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা অঞ্চলৰ কাষৰীয়া ৰাজাপানীচন্দা নিবাসী পৱিত্ৰ পি কেই বড়ো ভাষাত কণ্ঠদান কৰা ‘সীমাং’ নামৰ আধুনিক দৃশ্য-শ্ৰব্য গীতটো কালি সন্ধিয়া ৰাণী চাহ বাগিচাৰ সন্মুখত থকা ৰাজাপানীচন্দাস্থিত কলপাত লোকেল ধাবাৰ সভাগৃহত ইউ টিউব যোগে মুকলি কৰা হয়। উল্লেখ্য যে পৱিত্ৰ পি কেৰ বেনাৰত নিৰ্মিত প্ৰায় পাঁচ মিনিট দৈৰ্ঘ্যৰ গীতটোৰ দৃশ্যগ্ৰহণ সমুহ গুৱাহাটীৰ কাষৰীয়া অঞ্চলৰ উপৰিও ডিমা হাছাও জিলাৰ উমৰাংছত কৰা হৈছে। তেনেদৰে গীতটোৰ সুৰ আৰু সংগীত পৰিচালনা কৰিছে বিষ্ণু শৰ্মাই।

ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে ৰতন কোঁৱৰে। সুৰ কৃষাণ জ্যোতি বসুমতাৰীৰ। অভিনয় কৰিছে সুৰজ মহন্ত আৰু জ্যোৎনা বড়োয়ে। গীতটো প্ৰস্তুত কৰা হৈছে স্পেক্ট্ৰাম ষ্টুডিঅ’ত। আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত পৱিত্ৰ পি কেই গীতটো সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি সংগীতপ্ৰেমী ৰাইজে আদৰি লব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত সংগীত পৰিচালক বিষ্ণু শৰ্মা, যুৱ শিল্পী চিন্ময় ডিয়ান , সমাজকৰ্মী শ্যাম ৰাভা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতা, সাংস্কৃতিক কৰ্মী ক্ৰমে-জচিন নাথ , কুলেন বড়ো, ভূপেন বড়ো, তনুশ্ৰী কছাৰী, চাইখুলুং দৈমাৰী, বিচৰণ ৱাৰী, ৰাজ ৰাভা, বিনীতা কলিতা, কলপাত লোকেল ধাবাৰ স্বত্বাধিকাৰী বিবেক ৰাভাত উপৰিও সাংস্কৃতিক জগতৰ লগত জড়িত কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে গীতটো ইউ টিউব চেনেলত ‘PABITRA P K MELODY ‘ বুলি চাৰ্চ কৰিলে উপলব্ধ হ’ব।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ হিন্দু মন্দিৰ আৰু গীৰ্জাসমূহত পহৰাৰ দায়িত্ব ছাত্ৰ আন্দোলনৰ নেতাসকলৰ…

সুস্থিৰ হোৱা নাই বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ হিন্দু মন্দিৰ আৰু গীৰ্জাসমূহত পহৰাৰ ব্যৱস্থা। পহৰাৰ দায়িত্ব লৈছে ছাত্ৰ আন্দোলনৰ নেতাসকলে।: হিংসা, সন্ত্ৰাস তথা বঙহৰ যুঁজ অৱ্যাহত আছে বাংলাদেশত।

ক্ৰমান্বয়ে উত্তপ্ত হৈ আহিছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সামগ্ৰীক পৰিৱেশ।ৰক্তাক্ত গণ প্ৰতিবাদৰ পিছত বাংলাদেশৰ পৰা পলায়ন কৰা পদচ্যুত শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈছে।

পলায়ন কৰাৰ সময়তে ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে বাংলাদেশৰ বিগত নিৰ্বাচনত জয়ী হোৱা আৱামী লীগ চৰকাৰখন ভংগ কৰি অন্তৱৰ্তীকালীন চৰকাৰ গঠনত ছীলমোহৰ মাৰে। এই চৰকাৰৰ মুৰব্বী হিচাপে ড. মহম্মদ ইউনুছক বিএনপি আৰু জামাত-ই-ইছলামীয়েও সমৰ্থন জনাইছে।

প্ৰসংগ: ভিনেশ ফোগাটক অলিম্পকত অযোগ্য ঘোষণা ! ক্ষোভিত ৰাজ্য়সভাৰ অধ্যক্ষ জগদ্বীপ ধনখড়…

প্ৰসংগ: ভিনেশ ফোগাটক অলিম্পকত অযোগ্য ঘোষণা। উত্তাল ৰাজ্যসভা। বিৰোধীৰ সদন ত্যাগ। ক্ষোভিত ৰাজ্য়সভাৰ অধ্যক্ষ জগদ্বীপ ধনখড়।

হাৰিয়ানাত ভিনেশ ফোগাটক জনাব পদক বিজয়ী পৰ্যায়ৰ সম্বৰ্ধনা । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনিৰ ঘোষণা।

ভিনেশ ফোগাটৰ অৱসৰ ঘোষণাৰ পাছতে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

৮৮৮ঃ পাহৰি নাযাব! আজি ৰাতি ৮:০৮ বজাত এই কাম কৰক আপোনালোকে…

আজি ৮ আগষ্ট অৰ্থাৎ ০৮.০৮.২০২৪। ৮.৮.২০২৪ মানে তিনিটা ৮ অংকৰ বিৰল সংমিশ্ৰণ। ৮টা অংক দুটা হ’ল আৰম্ভণিৰ তাৰিখ আৰু মাহৰ অংক। লগতে তৃতীয় ৮টা অংক ২০২৪ চনৰ অংকৰ যোগফল। ২০২৪ যোগ হ’লে আমি ২+০+২+৪=৮ পাম। ৮,৮,৮ৰ এই আচৰিত সংমিশ্ৰণত কোনটো সময় বিশেষ, জানক-

৮৮৮ য়ে জীৱনত ডাঙৰ প্ৰভাৱ পেলাবঃ তাৰিখটোত ৩ বাৰ দেখা দিয়া ৮ নম্বৰৰ বিৰল সংমিশ্ৰণে সকলোকে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে প্ৰভাৱিত কৰিব। ৮ নং সংখ্যাৰ এই সংমিশ্ৰণক ‘লায়ন্স গেট পৰ্টেল’ বুলি জনা যায়। পৃথিৱীৰ পৰা দেখা আটাইতকৈ উজ্জ্বল তৰা ছিৰিয়াছ, অৰিয়ান বেল্ট নক্ষত্ৰমণ্ডল সিংহ ৰাশিত থকা সূৰ্য্য যেতিয়া লাইনত আহে তেতিয়া এইটো এটা জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা। আজিৰ দিনটোত ৮৮৮ নম্বৰৰ লাইনতো আছে। সংখ্যা বিজ্ঞানৰ মতে এইটো এটা বিৰল তাৰিখ, এই তাৰিখত কৰা কাম বিশেষভাৱে ফলপ্ৰসূ হয়। কাৰণ ৮ সংখ্যাটো অসীম। আনহাতে ৮ নম্বৰ হৈছে শনিৰ সংখ্যা।

এইবাৰ এক অদ্ভুত সংমিশ্ৰণৰ সৈতে এই তাৰিখটো ৪টা ৰাশিৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হ’ব। এই যোগে তুলা, কুম্ভ, কন্যা আৰু মকৰ ৰাশিৰ লোকৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। যদি এই ৪ ৰাশিৰ লোকে আজি ৰাতি ৮:০৮ মিনিট ৮ ছেকেণ্ডত বিশেষ সংকল্পৰে কাম আৰম্ভ কৰে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা কোনো ডাঙৰ কাম আৰম্ভ কৰে, তেন্তে তেওঁলোকে ডাঙৰ সফলতা লাভ কৰিব পাৰে।