Home Blog Page 636

আকৌ হ’ব মুষলধাৰ বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী…

ৰাজ্যত পুনৰ হ’ব মুষলধাৰ বৰষুণ। ১১ আগষ্ট পৰ্যন্ত ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে আগজাননী। ২৬খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে Yellow Alert।

চুবুৰীয়া ৰাজ্য মেঘালয়তো বৰষুণৰ আগজাননী, আকৌ গুৱাহাটী মহানগৰবাসী কৃত্ৰিমবানৰ কৱলত পৰাৰ সম্ভাৱনা আছে।

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা,গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, গোলাঘাট, লখিমপুৰ,ধেমাজি, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল্ল’ এলাৰ্ট।

ডায়েবেটিছ ৰোগীয়ে চাহত কৃত্ৰিম মিঠা যোগ কৰে নেকি? নকৰিব, এই সমস্যাবোৰে অসুবিধাৰ সৃষ্টি কৰিব…

যেতিয়া এজন ব্যক্তিৰ ডায়েবেটিছ হয় তেতিয়া তেওঁৰ চেনিয়ে ‘বিষ’ যেন লাগে, কাৰণ চেনীয়ে হঠাতে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে যিয়ে ব্যক্তিগৰাকীৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে চাহ বা আন বস্তুত মিঠা পাবলৈ কৃত্ৰিম মিঠাই ব্যৱহাৰ কৰিব পাৰে। কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে স্বাস্থ্যকৰ বুলি দাবী কৰা এই মিঠাইবোৰ আচলতে ইমান স্বাস্থ্যকৰ নহয়। জানি লওক কৃত্ৰিম মিঠাইৰ অসুবিধা-

১/ হৃদৰোগৰ আশংকা

ডায়েবেটিছ ৰোগীৰো হৃদৰোগৰ আশংকা থাকে, গতিকে যদি তেওঁলোকে কৃত্ৰিম মিঠাই খাবলৈ আৰম্ভ কৰে তেন্তে বিপদৰ সম্ভাৱনা বেছি। এই মিঠা বস্তুটোৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত হাৰ্ট এটেকৰ আশংকা সৃষ্টি হ’ব।

২/ ওজন বৃদ্ধি হব পাৰে

কৃত্ৰিম মিঠাই আমাৰ শৰীৰৰ কেলৰি গ্ৰহণ নিয়ন্ত্ৰণৰ স্বাভাৱিক ক্ষমতাত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলত অতিমাত্ৰা খাদ্য গ্ৰহণ হয় আৰু শেষত ওজন বৃদ্ধি হয়।

৩/ মিঠা লোভ বাঢ়িব

আপুনি কৃত্ৰিম মিঠাইক মিঠাৰ বিকল্প হিচাপে বিবেচনা কৰিব পাৰে, কিন্তু যদি আপুনি ইয়াক অত্যধিকভাৱে সেৱন কৰে তেন্তে আপোনাৰ মিঠাই খোৱাৰ ইচ্ছা বহু পৰিমাণে বৃদ্ধি পাব আৰু শেষত আপুনি অত্যধিক কেলৰি খাব পাৰে, যিয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

৪) হজম শক্তিৰ ওপৰত প্ৰভাৱ

অতিৰিক্তভাৱে কৃত্ৰিম মিঠা দ্ৰব্য সেৱন কৰিলে পেট ফুলা, গেছ আৰু ডায়েৰিয়া আদি পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

পেৰিছ অলিম্পিকত পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ মীৰাবাঈ চানু…

পেৰিছ অলিম্পিকত পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ মীৰাবাঈ চানু।

১ কিলোগ্ৰামৰ বাবে পদক লাভৰ পৰা বঞ্চিত ভাৰতীয় ভাৰোত্তোলকগৰাকী।

৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ চানুৰ।

আজি অলিম্পিকত পদকৰ যুঁজত নমাৰ কথা আছিল মীৰাবাঈ চানু।

স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ তিৰংগা’ শীৰ্ষক কাৰ্যসূচী সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ বৈঠক…

জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ বাবে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে পালন কৰিবলগীয়া লগীয়া ‘ঘৰে ঘৰে’ ত্ৰিৰংগ বা হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচীৰ সন্দৰ্ভত বুধবাৰে জনতা ভৱনৰ কাৰ্য্যালয় কক্ষত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়। বিগত বৰ্ষৰ দৰে এইবাৰো দেশৰ স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী প্ৰতিখন জিলাতে ৰূপায়িত হ’ব। এই কাৰ্যসূচীত সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ইয়াৰ অধীনত ১৩আগষ্টৰ পূর্বৰে পৰা কেতবোৰ অন্য কাৰ্যসূচীও সমগ্ৰ ৰাজ্যখনতে ৰূপায়ণ কৰা হ’ব।


উল্লেখ্য যে বিগত বৰ্ষতো ‘আজাদি কা অমৃত মহোৎসৱ’ৰে সংগতি ৰাখি সমগ্ৰ দেশতে ‘ঘৰে ঘৰে ত্ৰিৰংগ’ শীৰ্ষক কাৰ্যসূচী হাতত লোৱা হৈছিল।২০২২ বৰ্ষত দেশৰ ২৩কৌটি পৰিয়ালে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভা খনত প্ৰতিখন জিলাতে তিৰংগা শীর্ষক দেশ প্ৰেম মূলক গীতৰ অনুষ্ঠানআয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হয়।ইয়াৰ লগতে তিৰংগা কেনভাছ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।উন্নয়ণ খণ্ড পৰ্যায়ত আয়োজিত হ’ব লগীয়া এই কাৰ্যসূচীত ৰাজহূৱা স্হানত ৰখা ৰাষ্ট্ৰীয় পতাকাৰ জোখৰ কেনভাছত জন সাধাৰণে নিজ নিজ ভাষাত ‘হৰ ঘৰ তিৰংগা’ আৰু ‘জয় হিন্দ’ বুলি লিখিব পাৰিব।প্ৰতিখন ৰাজ্যৰে এনে কেনভাছবোৰ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত অনুষ্ঠিতব্য স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব।


ইয়াৰ লগতে ত্ৰিৰংগ শপত, ত্ৰিৰংগ যাত্ৰা তথা স্বাধীনতা সংগ্ৰামী আৰু তেওঁ লোকৰ পৰিয়ালৰ বিভিন্ন স্হানীয় কাৰ্যসূচীত অংশগ্ৰহণ আৰু উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলা সমূহক নিৰ্দেশ দিয়াৰ সিদ্ধান্ত সভাত লোৱা হয়।
সভাত সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সচিব মণিদিপা বৰকটকী, সঞ্চালিকা মীনাক্ষী দাস নাথ, ষ্টেট আৰ্ট কলেজৰ অধ্যক্ষ নৱজিৎ ডেকাকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্হিত আছিল।

আজি জেভলিন ফ্ৰ’ৰ ফাইনেল খেলিব নীৰজ চোপ্ৰাই…

পেৰিছ অলিম্পিকত আজি প্ৰথমটো স্বৰ্ণ জয়ৰ আশা ভাৰতৰ।

নীৰজ চোপ্ৰা অৱতীৰ্ণ হ’ব জেভলিন থ্ৰ’ৰ ফাইনেলত।

নিশা ১১.৫৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।

‘মা, কুস্তি জিকি গ’ল, মই হাৰি গ’লোঁঃ ভিনেশ ফোগাট…

পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণাৰ পাছতে মল্লযোঁজৰ পৰা বিদায় ল’লে ভিনেশ ফোগাটে। সামাজিক মাধ্যমত আৱেগিক পোষ্ট ভাৰতীয় মল্লযোদ্ধাগৰাকীৰ।

‘মা, কুস্তি জিকি গ’ল, মই হাৰি গ’লোঁ। ক্ষমা কৰিব, আপোনাৰ সপোন, মোৰ সাহস সকলো ভাগি গৈছে। ইয়াতকৈ বেছি শক্তি আৰু এতিয়া মোৰ নাই। বিদায় মল্লযুঁজ ২০০১-২০২৪। আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম’। এইদৰে সামাজিক মাধ্যমত আৱেগিক প’ষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰিলে ভিনেশ ফোগাটে।

২৮ টা পানী যোগান প্ৰকল্প দ্বাৰ উদঘাটন মন্ত্ৰী ডা: ৰণোজ পেগুৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ৭  আগষ্ট:  অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ আন্তৰ্গত ধেমাজি জিলাৰ গোগামুখত আজি ২৮  টা জল জীৱন মিছন আঁচনিৰ প্ৰকল্প দ্বাৰ উদ্‌ঘাটন  কৰি শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে । ধেমাজি জিলাৰ গোগামুখৰ ২ নং দিৰপাইত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ডাঃ পেগুৱে একলগে  আটাইকেইখন  পানী যোগান যোগান প্ৰকল্পৰ আঁচনিসমূহৰ  কৰি দ্বাৰ উদ্‌ঘাটন কৰে। 

ইয়াৰ সমান্তৰালভাৱে সোৱণশিৰি নদীক সংযোগ কৰি নিৰ্মাণ কৰা  ২১ কোটি টকাা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা  সোণালী সোৱণশিৰি পানী যোগান প্ৰকল্পও আজি মুকলি কৰে।  মুঠ ২৮ টা প্ৰকল্পত প্ৰায় ৩৮ কোটি টকা ব্যয় কৰা হৈছে আৰু ইয়াৰ পৰা শ শ লোকৰ বাবে  পানী সহজলভ্য হৈ পৰিব ৷  প্ৰকল্প সমূহ উদ্‌ঘাটন‌ কৰি  শিক্ষামন্ত্ৰী তথা ভৈয়াম জনজাতি উন্নয়ন‌ দপ্তৰৰ মন্ত্ৰী ডা: ৰণোজ পেগুৱে কয়- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম সপোনৰ প্ৰকল্প হৈছে ‘জল জীৱন মিছন’ আঁচনি । পাইপ যোগে প্ৰত্যেক ঘৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰিব বিশুদ্ধ আৰু জনসাধাৰণে বিশুদ্ধ খোৱাপানী লাভ কৰিব ৷  বৰ্তমান‌ সমগ্ৰ ৰাজ্যখনৰ লগতে ধেমাজি জিলাটো  সম্পূৰ্ণ হৈ উঠিছে  পানী যোগান‌ প্ৰকল্প সমূহ । এই প্ৰকল্পৰ যোগেদি প্ৰতিটো পৰিয়ালে  বিশুদ্ধ খোৱাপানী লাভ কৰিব । কিন্তু ইয়াক তদাৰকৰ দায়িত্ব প্ৰত্যেকজন মানুহ তথা পৰিয়ালৰ বুলি তেওঁ মন্তব্য দিয়ে  । আজি শুভাৰম্ভ কৰা ২৮ টা প্ৰকল্পৰ পৰা  প্ৰায় ৪৯০০ টা পৰিয়ালে পাব পাইপৰ জৰিয়তে পানী ৷ পানী লাভ কৰিবৰ বাবে একোখনকৈ কমিটি গঠন কৰি দিয়া হৈছে ৷

এই কমিটিবোৰে চৰকাৰে নিৰ্বাচন কৰি দিয়া জলমিত্ৰৰ লগত আলোচনা কৰি পানী যোগান প্ৰকল্পসমূহ পৰিচালনা কৰিব লাগিব বুলিও শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় ৷  একেদৰে দিৰপাস্থিত সোণালী সোৱণশিৰি প্ৰকল্প মুকলি কৰি ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা গমুগ পেগুৱে কয়- বৰ্তমান গোগামুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আটাইতকৈ পানী যোগান প্ৰকল্প  সুক্ষ্মভাৱে পৰিচালিত হ’বলৈ আৰম্ভ হৈছে ৷ সোণালী সোৱণশিৰি পানীযোগান প্ৰকল্পৰ জনসাধাৰণ আটাইতকৈ বেছি লাভান্বিত হৈছে ৷  সোৱণশিৰি নৈৰ লগত সংযোগ কৰি সোণালী সোৱণশিৰিি পানী য়োগান প্ৰকল্প নিৰ্মাণ কৰা হৈছে আৰু সোৱণশিৰি নদীৰ বোৱতী পানীক বিশুদ্ধ কৰণ কৰি বিজ্ঞান সন্মতভাৱে  জনসাধাৰণক পানী যোগান ধৰা হৈছে আৰু সোৱণশিৰি নদীৰ পানীক বিশুদ্ধকৰণ কৰি জনসাধাৰণক যোগান দিব পৰাটো অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক বৃহৎ সফলতা বুলিও গমুগ পেগুৱে দোহাৰে । 

এই প্ৰকল্পটোৰ পৰ বৰ্তমান তিনিটা খণ্ড ক্ৰমে, কৈলাশপুৰত  দুই লাখ লিটাৰ, বেতবাৰীত ডেৰ লাখ লিটাৰ আৰু গড়পৰালৈ ডেৰ লাখ লিটাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ আৰম্ভ কৰা বুলি সদৰি কৰে কাৰ্যবাহী অভিযন্তা পেগুৱে কয় যে, প্ৰকল্পসমূহৰ সমস্যা থাকিলে পোনপটীয়াকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । আজি মুকলি কৰা অন্যান্য ২৬ টা প্ৰকল্প  হৈছে‌ ক্ৰমে, মিংমাং লুটুকীজীন, নলবাৰী ৰাভা চুবুৰী, নলাতল, মাহতলী, দেওডুবি কৈৱৰ্ত, লাগাছু কাংকান নগৰ, ওখমাটি বিজয়পুৰ, চেঙেলীসুঁতি, পাৰ্বতীপুৰ, চেলাজান কছাৰী, চগুম, ২ নং কদমগুৰি, কৌপাতনী, কচুতলি সোণাপুৰ, ওপৰ খূড়াচোক, গৰৈমাৰী অসমীয়া, লক্ষীপথাৰ, নিউ বালিজান,চুতীয়াকাৰী, গৰুবন্ধা, লক্ষীপথাৰ, ২ নং শালমাৰী, বেতনিহুলা ৰতুৱা, বৰভূঞা, দীপা পাৰঘাট, ২ নং শালমাৰী এম ভি, লতাক গাঁও, ৰংপুৰীয়া  আদি ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ সহকাৰী অভিযন্তা পাৰ্থপ্ৰতীম দেউৰী, কনিষ্ঠ অভিয়ন্তা অংশুমান বৰুৱা,  টেক্‌নিকেল বিভাগৰ তপস চৌধুৰী, প্ৰিয়ংকা দলে, পলীতা দেউৰী আৰু আহমেদ ফাৰুক হুছেইনৰ লগতে বিজেপি নেতা-কৰ্মীসকলে ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

পদাধিকাৰ, আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক উষ্ম সম্বৰ্দ্ধনা

নগাঁও, ৭ আগষ্ট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক আজি সংঘ আৰু বিশ্ববিদ্যালয় পৰিয়ালে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লিডাৰ ২০২৪ সন্মান লাভ কৰি গৌৰৱান্বিত কৰাৰ উপলক্ষতেই ভবেন্দ্ৰনাথ ডেকাক আজি এইদৰে বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, দ্য একাডেমিক ইনচাইট মেগাজিনে শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ভৱেন্দ্ৰনাথ ডেকালৈ এই সন্মান আগবঢ়াইছে ৷ ভাৰতবৰ্ষৰ ২৫ খন বিশ্ববিদ্যালয়ৰ আচাৰ্যলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ আজি বিশ্ববিদ্যালয়ৰ সভাকক্ষত ১২ বজাৰ পৰা আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ সমন্বয়ক কুশল ঠাকুৰীয়াই ৷ ইয়াৰ পিছতে ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই ।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, নৱ নিযুক্ত পঞ্জীয়ক ড° শৰৎ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোনোৱাল, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, দৈনিক অসম কাকতৰ মুখ্য সম্পাদক ড° হিতেশ ডেকা, ট্ৰাষ্ট সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদকদ্বয়, শিশু আই মাতৃ কল্যাণ সমিতিৰ বিষয় ববীয়াৰ লগতে নগাঁও, মৰিগাঁও, চৰাইদেউ, হাজো, গোলাঘাট, নাজিৰা, ধেমাজী জিলাৰ লগতে বিভিন্নখন আঞ্চলিক, প্ৰাথমিক শাখাৰ সংগীবৃন্দ তথা বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্নজন বিদ্বান ব্যক্তি উপস্থিত থাকে ৷

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ! মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট…

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন
ৰাজ্যসভাত খালী হৈ আছে ১২খনকৈ আসন
অসমত খালী হৈ আছে ৰাজ্যসভাৰ দুখনকৈ আসন

মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট
২২ আগষ্টত হ’ব মনোনয়ন-পত্ৰ পৰীক্ষা
মনোনয়ন-পত্র প্রত্যাহাৰৰ তাৰিখ ২৬ আগষ্ট
৩ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্রহণ


উক্ত দিনটোৰে বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা
সৰ্বানন্দ সোণোৱাল, কামাখ্যা তাছাৰ পদত্যাগৰ বাবে খালী হৈছিল ২খন আসন
দেশৰ মুঠ ৯খন ৰাজ্যৰ ১২খন আসনত হ’ব নির্বাচন

এদিনীয়া ক্ৰিকেটত ৰিয়ানৰ উইকেট ! ৰিয়ানৰ বলত ৯৬ ৰানত পেভিলিয়নমুখী আভিষ্কা ফাৰ্ণাণ্ডো…

অভিষেক মেচত ৰিয়ান পৰাগৰ সফলতা। এদিনীয়া ক্ৰিকেটত ৰিয়ানৰ প্ৰথমটো উইকেট।

ৰিয়ানৰ বলত ৯৬ ৰানত পেভিলিয়নমুখী আভিষ্কা ফাৰ্ণাণ্ডো।

প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত ৰিয়ান পৰাগ । শ্ৰীলংকাৰ বিৰুদ্ধে জীৱনৰ প্ৰথমখন ODI খেলিছে ৰিয়ান পৰাগে ।