Home Blog Page 638

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু নগাঁৱৰ ৭৬ বছৰীয়া মহিলা…

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু। নগাঁৱৰ বঢ়মপুৰৰ বেজৰগাঁৱত মৃত্যু ৭৬ বছৰীয়া মহিলাৰ।

JEত আক্ৰান্ত হৈছিল মাধৱী বেজবৰুৱা নামৰ মহিলাগৰাকী। এসপ্তাহ ধৰি GNRCত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী।

চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ পাছতে মৃত্যু হয় মহিলাগৰাকীৰ।

সৰ্বসন্মতি ক্ৰমে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য হিচাপে পুনৰবাৰ নিৰ্বাচিত নীতা আম্বানি…

সৰ্বসন্মতি ক্ৰমে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য হিচাপে পুনৰবাৰ নিৰ্বাচিত নীতা আম্বানি। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নীতা আম্বানীয়ে সৰ্বসন্মতিক্ৰমে পুনৰ আই অ’ চিলৈ নিৰ্বাচিত হৈ বিশ্বজুৰি ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। ভাৰত আৰু বিশ্বজুৰি অলিম্পিক আন্দোলন বৃদ্ধিৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।

কাইলৈ পৰা আৰম্ভ হ’বলগীয়া ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ মুকলি অনুষ্ঠানৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে বুধবাৰে ঘোষণা কৰে যে নীতা আম্বানী, ১৪২ সংখ্যক অধিবেশনত ভাৰতৰ পৰা আই অ’ চি হিচাপে সৰ্বসন্মতিক্ৰমে পুনৰ নিৰ্বাচিত হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নীতাই ১০০ শতাংশ ভোট লাভ কৰি সৰ্বসন্মতিক্ৰমে জয়লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত নীতাই কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে মোৰ ওপৰত থকা বিশ্বাস আৰু আস্থাৰ বাবে ৰাষ্ট্ৰপতি বাখ আৰু আই অ’ চিৰ মোৰ সকলো সহকৰ্মীক ধন্যবাদ জনাইছো। এই পুনৰ নিৰ্বাচন কেৱল ব্যক্তিগত মাইলৰ খুঁটি নহয় বৰঞ্চ বিশ্ব ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ স্বীকৃতিও।

ৰাছিয়াৰ আটাইতকৈ সুন্দৰী বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ মটৰচাইকেল দুৰ্ঘটনাত মৃত্য়ু…

ৰাছিয়াৰ আটাইতকৈ ধুনীয়া বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ মৃত্যু। তুৰ্কীত এক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হয় বাইকাৰগৰাকীৰ।

ৰাইডিঙৰ সময়তে এখন ট্ৰাকত খুন্দা মাৰে অ’জ’লিনাৰ বাইকে।

দুৰ্ঘটনাগ্ৰস্ত মহিলা বাইকাৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তাতয়ানা অ’জ’লিনাক।

কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক…

কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক।

আশা মল্লিক, দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা। শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড।

হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক।

শাওণ মাহত কিয় খাব নাপাই মাছ-মাংস! জানি লওক প্ৰকৃত কাৰণ…

শাওণ মাহত বহুলোকে মাছ-মাংস নাখাই। বাৰিষাৰ সময়ত সুস্থ হৈ থাকিবলৈ সুষম খাদ্যৰ খোৱাটো অতি গুৰুত্বপূৰ্ণ। আনহাতে হিন্দু ধৰ্মত শাওণ মাহত মাছ-মাংস বহুতেই নাখাই। যদিও বেছিভাগ মানুহেই এয়া ধৰ্মীয় কাৰণ বুলি বিবেচনা কৰে কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও নন-ভেজ নোখোৱাটো উপকাৰী। কাৰণ শাওণ হৈছে বৰষুণৰ মাহ, য’ত ধূলিৰ বাবে সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। খাদ্য সামগ্ৰীৰ ওপৰতো এই বেক্টেৰিয়া থাকে। এনে পৰিস্থিতিত যদি আপুনি মাছ-মাংস খাই তেন্তে কিছু সমস্যাই আপোনাক অসুবিধা দিব পাৰে-


বাৰিষাৰ সময়ত বেক্টেৰিয়া আৰু বীজাণু দ্ৰুতগতিত বৃদ্ধি পায়। যদি মাংস সঠিকভাৱে সিজোৱা নহয় তেন্তে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ বাবে খাদ্য বিষক্ৰিয়া, টাইফয়েড আদি ৰোগৰ আশংকা থাকে।

বাৰিষাত শৰীৰক লঘু আৰু সহজে হজম হোৱা খাদ্যৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত বাৰিষাৰ সময়ত মাছ-মাংস খাদ্য খোৱাৰ ফলত হজম শক্তিৰ সমস্যা হ’ব পাৰে।

বাৰিষাৰ সময়ত ছাল সংবেদনশীল হৈ পৰে। এনে পৰিস্থিতিত নন-ভেজ খাদ্যই ব্ৰণ আৰু একজিমাৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে।

গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী আৰম্ভ, অসমৰ ল’ৰা-ছোৱালীৰ নিৰাশাজনক আৰম্ভণি…

বুধবাৰৰ পৰা পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতা৷ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত আয়োজক অসমে নিৰাশাজনক আৰম্ভণি কৰিছে৷ অসমৰ ল’ৰাৰ দলে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন গ্ৰুপ মেচত ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ বিপৰীতে অসমৰ ছোৱালী দলটোক ঝাৰখণ্ডে ১৭-০ গলত পৰাস্ত কৰে৷ ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ অন্য গ্ৰুপ মেচত ওডিছাৰ ছোৱালী দলে ১৫-০ গ’লৰ ব্যৱধানত বংগক পৰাস্ত কৰে৷ আনহাতে, ল’ৰাৰ দুখন গ্ৰুপ মেচৰ এখনত মনিপুৰে ৯-১ গ’লৰ ব্যৱধানত বিহাৰক আৰু ওডিছাই ১৭-১ গ’লৰ ব্যৱধানত বংগক পৰাস্ত কৰে৷

উল্লেখ্য যে হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছে৷ আবেলি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই৷ অনুষ্ঠানত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসসহ অন্য ছয় ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে৷ উল্লেখ্য যে আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷

ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ…

ছেপ্তেম্বৰ মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ টেকনিকেল শাখাত সভাপতিত্ব কৰিবৰ বাবে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু বিজ্ঞানী ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ জনাইছে৷ উত্তৰ প্ৰদেশৰ মথুৰাত অৱস্থিত দীনদয়াল উপাধ্যায় পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব লগা এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰত ‘Green and Sustainable Meat Sector: Global Game Changer’ শীৰ্ষক আলোচনা চক্ৰৰ সভাপতিত্ব কৰিব ড° হাজৰিকাই৷ ২০২২ চনত ড° হাজৰিকাক বিশেষ অৱদানৰ বাবে  এই সংস্থাই  জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰিছে৷

উল্লেখযোগ্য যে পশু চিকিৎসা বিজ্ঞানৰ অধ্যাপনা আৰু গৱেষণাৰ উপৰিও ড° হাজৰিকাই নিজকে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত কৰি আহিছে ৷ ইয়াৰ ভিতৰত চচল শতদল শাখা সাহিত্য সভা, বৃহত্তৰ চচল জেষ্ঠ নাগৰিক সন্মিলন, ওপৰ চছল বিহু সন্মিলন, সামাজিক সংগঠন সুৰক্ষা আৰু লোকতীৰ্থ দাতব্য ন্যাসৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আহিছে৷

 

অসম ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপত উজলিল দেৰগাঁৱৰ খেলুৱৈ…

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ভোটপাৰা ষ্টেডিয়ামত ১৯ আৰু ২০ জুলাইত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ বাৰ্ষিক অসম ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপত দেৰগাঁও আশিহাৰা কাৰাটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।ইয়াৰে ভিতৰত আকাশ জ্যোতি বনিয়া সোণ, ৰোশনী চেত্ৰী সোণ, বলেন্দ্ৰ ডাও সোণ, আৰুচি গোহাঁই সোণ, নিহাল ঠাকুৰ সোণ, অংকিতা ৰায় সোণ, পূৰ্বা নন্দিনি দত্ত সোণ, বিনীতা দেৱী সোণ, জান পাছুং সোণ, ৰিমজিম বৰুৱা সোণ, কৌশিকী সভাপণ্ডিত সোণ, কৃষ্ণ মনি পেগু সোণ, ইছা চেত্ৰী সোণ, দেৱজিত বৰা সোণ, নাজৰানা জন্নত হুছেইন সোণ, মনীষ ৰয় সোণ, অভিমন্যু লোহাৰ সোণ, ওম চাহু সোণ, চাহিল আলী ৰূপ, অনিন্দিতা দাস ৰূপ, নিশিতা গগৈ ৰূপ, ডেভিদ সোণোৱাল ৰূপ, ইশিতা নাগবংশী ৰূপ, জামিৰ আলী ৰূপ, পিহু শইকীয়া ৰূপ, তন্ময় নাথ ব্ৰঞ্জ, কৃতি দাস ব্ৰঞ্জ, এনিশা বৰা ব্ৰঞ্জ, য়াকিন ৰহমান ব্ৰঞ্জ, দীপিকা মিৰ্ধা ব্ৰঞ্জ ইয়াৰে আকাশ জ্যোতি বণিয়াই চিনিয়ৰ পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ আৰু চিনিয়ৰ মহিলা শাখাত ৰশ্নি চেত্ৰীয়ে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

দলটোৰ তত্বাৱধানত আছিল চেনচাই কৃষ্ণ বাহাদুৰ দর্জী আৰু চেনচাই আমিন খান।দেৰগাঁও আশিহাৰা কাৰাটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ এই সাফল্যত দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সচেতন ব্যক্তিয়ে সন্তোষ প্রকাশ কৰিছে।

সংসদৰ মজিয়াত সাংসদ বীৰেন বৈশ্যঃ বানপানী সমস্যাৰ স্থায়ী সমাধানকে ধৰি চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বান ৰোধৰ আহ্বান…

বুধবাৰে ৰাজ্য সভাত অসম গণ পৰিষদ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপন কৰা কেন্দ্ৰীয় বাজেটক এখন উন্নয়নমুখি আৰু বাস্তৱধৰ্মী বাজেট বুলি উল্লেখ কৰি বাজেটখনৰ জৰিয়তে দেশ আইমাতৃ আৰু বাই-ভনী সকলক মৰ্যদা সহকাৰে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিলে বুলি মতপোষণ কৰে। বাজেটখনে কৃষি, শিক্ষা আদিৰ লগতে দেশৰ অৰ্থনৈতিক কাঠামো শক্তিশালীকৰণৰ এক স্পষ্ট ইংগিত দাঙি ধৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনমুখি কৰা বাট মুকলি কৰিলে বুলি মতপোষণ কৰে।

সাংসদ বৈশ্যই অসমৰ শেহতীয়া জটিল বান পৰিস্থিতিৰ কথা উল্লেখ কৰি বানৰ ফলত ৰাজ্যখনে ব্যাপক ক্ষতিগ্ৰস্ত হোৱা বুলি দাঙি ধৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চীনকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বৈশ্যই লগতে অসমৰ ঐতিহ্যশালী চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বানৰ কথা আঙুলিয়াই দি গুৰুত্বপূৰ্ণ এই উদ্যোগটোক আগবঢ়াই নিয়াত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰে। বৈশ্যই ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখিন হোৱা সমস্যাৰ কথাও সংসদত দাঙি ধৰি ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাজ্যখনৰ অৰ্থনীতিৰ অন্যতম মেৰুদণ্ড বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক সকলো ধৰণৰ সহযোগিতাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰতাঅসম গণ পৰিষদ দলৰ


গুৱাহাটী ২৪ জুলাইঃ আজি গুৱাহাটীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্য আৰু জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সকলৰ এখনি বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এই সভাত কেইবা ঘন্টাজুৰি উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনকে ধৰি দলীয় সংগঠন আৰু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ বিষদ ভাৱে আলোচনা হয়।

বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন সক্ৰিয় আৰু অধিক গতিশীল কৰাৰ উদ্দেশ্যে সমষ্টি সমিতি আৰু পঞ্চায়ত সমিতিৰ প্ৰত্যক্ষ ব্যৱস্থাপনাত প্ৰয়োজন সাপেক্ষে বুথ/শাখা সমিতি তৎকালিন ভাৱে পুনৰ গঠন কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই বিশেষ ভাৱে উপ-নিৰ্বাচন অনুষ্ঠিত হবলগীয়া পাচোঁটা বিধান সভা সমষ্টিতো প্ৰয়োজন সাপেক্ষে বুথ/শাখা সমিতি অহা ৩১ আগষ্ট ২০২৪ তাৰিখৰ ভিতৰত পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই উপ-নিৰ্বাচন অনুষ্ঠিত হবলগীয়া পাচোঁটা বিধান সভা সমষ্টিত অহা ৩১ আগষ্ট ২০২৪ৰ ভিতৰত সমষ্টি ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই সকলো ধৰণৰ সাংগঠনিক আৰু নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ বাবে প্ৰতিটো সমষ্টিত দলীয় তত্বাৱধায়ক নিয়োগ কৰিবলৈ দলৰ সভাপতিক কতৃত্ব প্ৰদান কৰে। সভাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই প্ৰতিটো পঞ্চায়তৰে সকলো কেইটা ৱাৰ্ডতে প্ৰাৰ্থী নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আগতীয়াকৈ পেনেল প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। এই পেনেলত পুৰুষৰ লগতে মহিলাৰ নাম অন্তৰ্ভূক্ত কৰিব লাগিব বুলি সভাই ঐক্যমত পোষণ কৰে। সভাই দলীয় সাংগঠনিক কাম-কাজসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে প্ৰতি সপ্তাহত দলৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সদস্য, জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু ভাতৃ-ভগ্নী সংগঠনৰ লগত আলোচনাত মিলিত হবলৈ সিদ্ধান্ত লয় ।

সভাই অহা ১৯, ২০ আৰু ২১ আগষ্ট তাৰিখে তিনিদিনীয়াকৈ গুৱাহাটীত এখনি ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই প্ৰতিটো বিধান সভা সমষ্টিতে জনসংযোগী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্য্যসূচীৰ বিতং কৰ্মসূচী নিৰ্দিষ্ট ভাৱে উল্লেখ থাকিব আৰু দলীয় তত্বাৱধায়কসকলে এই কাৰ্য্যসূচী ৰূপায়ণৰ বাবে উপস্থিত থাকি ৰূপায়ণৰ ব্যৱস্থা কৰিব। সভাই উজনি-নামনি, বৰাক উপত্যকা আৰু পাহাৰ অঞ্চলত জনসংযোগ যাত্ৰা কাৰ্য্যসূচী অহা চেপ্তেম্বৰ মাহত আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই অসমৰ বান আৰু খহনীয়া সমস্যাৰ ওপৰত বিষদ ভাৱে আলোচনা কৰে আৰু এই সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ বাবে সময় নিৰ্ধাৰিত ভাৱে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই লগতে ৰাজ্যখনৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা বানপীড়িত ৰাইজৰ সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ বাবে এক বিশেষ পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাপতিৰ আসনৰ পৰা অতুল বৰাই কয় যে, দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই ৰাজনৈতিক কাৰ্য্যসূচীৰ লগতে সামাজিক কাৰ্য্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত থাকি কাম কৰিব লাগিব।

যিকোনো নিৰ্বাচনৰ বাবে সাজু হ’ব পৰাকৈ সকলো দলীয় সদস্যকে নিজৰ নিজৰ অঞ্চলত জনসংযোগ বৃদ্ধিৰ লগতে দলীয় কাৰ্য্যসূচীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিজন সদস্যকে স্থানীয় বিশিষ্ট ব্যক্তি তথা নিৰব দলীয় সদস্যসকলক সাক্ষাৎ কৰি মতবিনিময় কৰাত গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণৰ চিন্তাক দলৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে তৎপৰ হ’বলৈ আহ্বান জনায়। সভাত উপ-সভাপতি পৃথ্বিৰাজ ৰাভা, কুমাৰ দীপক দাস, জ্যোতিষ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, ডা০ তাৰাপ্ৰসাদ দাস, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, পোনাকন বৰুৱা, সত্যব্ৰত কলিতা, আক্ৰাম হুছেইন, সুনীল ৰাজকোঁৱৰ, ড০ তপন দাস, মণি মাধৱ মহন্ত, ধৰ্মেশ্বৰ ৰায়, তোলন কোৱঁৰ, জ্যোতিমণি মৰাণ, জয়ন্ত খাউণ্ড প্ৰমুখ্যে দলীয় কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যসকল, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকলৰ লগতে দলৰ জিলা সমিতিসমূহৰ সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত থাকে।