Home Blog Page 641

বাজেটত কৃষকক বিশেষ গুৰুত্ব

কৃষকসকলৰ বাবে ১০হাজাৰটা জৈৱ গৱেষণা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ
কৃষিৰ বাবে ১.৫২লাখ কোটি টকা ধাৰ্য এইবাৰৰ বাজেটত।


৫ কোটি কৃষকক স্থায়ী ভূমি পট্টা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।
আগন্তুক ৫বছৰলৈ কৃষকসকলক ফ্ৰী খাদ্য সামগ্ৰী প্ৰদান কৰিব কেন্দ্ৰই।
লগতে আগন্তুক ৫বছৰত দেশত উন্নত আৰু বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ ক্ষেত্ৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।


কৃষি আৰু উতপাদন, ৰোজগাৰ আৰু দক্ষতা বিকাশ, মানৱ সংসাধন বিকাশ আৰু সামাজিক ন্যায়, বিনিয়োগ আৰু সেৱা, চহৰাঞ্চলৰ বিকাশ, দেশৰ গ্ৰামাঞ্চলৰ আন্তঃগাথঁনি নিৰ্মাণ,নৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি, সকলোধৰণৰ উদ্যোগৰ বিকাশ আৰু ডিজিটেল খণ্ডৰ বিকাশ সাধন ইত্যাদি


৯টা দিশত গুৰুত্ব প্ৰদান বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।

কেন্দ্ৰীয় বাজেট ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আশাব্যঞ্জক : এৰিডা

গুৱাহাটী,২৩ জুলাই : দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে আজি সপ্তমবাৰৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ এই বাজেটখন নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। বিত্তমন্ত্রীয়ে আজি সদনত দাখিল কৰা বাজেটখনক আদৰণি জনাইছে
আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই।

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কেন্দ্ৰীয় বাজেটক গতিশীল আখ্যা দিয়ে। বাজেটত বিকাশকেন্দ্ৰ হিচাপে গৃহ আৰু নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰ ২.০ ৰ অধীনত সামৰি ল’বলগীয়া ১ কোটি নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে মুখ্য আৱণ্টন আৰু এম এছ এম ই সমৰ্থনে ভাৰতৰ বিকাশ আৰু সকলো অভিযানৰ বাবে গৃহ নিৰ্মাণত সহায় কৰিব। পেৰি নগৰ অঞ্চলৰ অধিক সুশৃংখল বিকাশ, বিদ্যমান চহৰসমূহৰ ব্ৰাউনফিল্ড পুনৰ বিকাশ, পানী যোগানৰ বাবে আৱণ্টন, নৰ্দমা শোধন আৰু ১০০ খন চহৰৰ বাবে গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ লগতে ঘোষণা কৰা পৰিবহন মুখী উন্নয়ন পৰিকল্পনাসমূহ শৰ্মাই আদৰণি জনায়। শৰ্মাই লগতে কয় যে ভাড়াঘৰৰ উৎসাহ আৰু প্ৰস্তাৱিত ষ্টাম্প শুল্ক হ্ৰাস কৰাৰ লগতে দীৰ্ঘম্যাদী মূলধন লাভ কৰ ২০ শতাংশৰ পৰা ১২.৫ শতাংশলৈ হ্ৰাস কৰাটো ৰিয়েল ইষ্টেট বিকাশৰ বাবে ইতিবাচক পদক্ষেপ।

কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিদেশী বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে উৎসাহ জনোৱাৰ উদ্দেশ্যে পৰিকল্পনা গ্ৰহণ। মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেটত উত্তৰ-পূবৰ বাবে ২৬ হাজাৰ কোটি টকা ঘোষণা কৰাৰ লগতে পূৰ্বোত্তৰত ভাৰতীয় ডাক বেংকৰ ১০০ৰো অধিক শাখা খোলাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ।

১) প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদীৰ এক্ট ইষ্ট নীতি শক্তিশালী কৰাৰ দিশত অসমৰ এক গঠনমূলক ভূমিকা।

২) বিদেশী বিনিয়োগকাৰীসকলক অসম বিকাশৰ অংশীদাৰ হ’বলৈ উৎসাহিত কৰা।

৩) ৰাজ্যক দক্ষিণ পূব এছিয়াৰ বাবে এক উপযুক্ত গে’টৱে’ হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা।

তদুপৰি ব্যৱহাৰিক বৈদেশিক নীতিৰ জৰিয়তে আমি এখন ৰাষ্ট্ৰ নির্মাণ কৰা বৃহৎ পদক্ষেপৰ বিষয়ে শিকাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজিৰ এক সমৃদ্ধিশালী অভিজ্ঞতাৰ উল্লেখনীয় দিশ বুলি উল্লেখ কৰে ।

দেৰগাঁও সাহিত্য সভা ভৱনত নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্য গ্ৰন্থ “বৰ্ষাৰ শেষ গান” উন্মোচন…

দেৰগাঁও সাহিত্য সভা ভৱনত নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্য গ্ৰন্থ “বৰ্ষাৰ শেষ গান” উন্মোচন। দেৰগাঁও সাহিত্য সভা ভৱনত কবি নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্য সংকলন “বৰ্ষাৰ শেষৰ গান’’ উন্মোচন।

কাব্য সংকলন খন উন্মোচন কৰে বিশিষ্ট লেখক পৰাগ পৱন শৰ্মা বৰাই। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

ছয়গাঁৱৰ খাৰাভাঙ্গাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত! নিহত দুজন…

ছয়গাঁৱৰ খাৰাভাঙ্গাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন।নিহত ব্যক্তি দুজন ছয়গাঁও চৌধুৰীখাটতৰ নয়ন নাথ আৰু ক্ষীৰেন দাস।

মাজনিশা AS-01LC -3241 সামগ্ৰি কঢ়িওৱা ট্ৰেইলৰ আৰু AS-01FR-5155 ছুইফট বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই ভংকৰ দুৰ্ঘটনাৰ পিছতে অঞ্চলটোৰ শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিলৰ সময়তে ভাৰতৰ শ্বেয়াৰ বজাৰত ইয়াৰ ব্যাপক প্ৰভাৱ…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী নেতৃত্বাধীন তৃতীয়খন চৰকাৰৰ প্ৰথমখন সম্পূৰ্ণ বাজেট প্ৰস্তাৱ (২০২৪-২৫) দাখিল কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমনে। অধ্যক্ষৰ চকীত ওম বিৰলা।

নিৰ্মলা সীতাৰমণে লগতে কয় যে চৰকাৰে দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু খাদ্য দানকাৰীক লক্ষ্য কৰি ল’ব। তেওঁ কয় যে বাজেট ভাষণৰ আৰম্ভণিতে চৰকাৰে এই প্ৰস্তাৱত ৯টা বিষয়ক অগ্ৰাধিকাৰ দিছে। সেইবোৰ হ’ল, কৃষি উৎপাদন আৰু কৃষিক্ষেত্ৰত স্থিতিস্থাপকতা, নিয়োগ আৰু দক্ষতা বিকাশ বৃদ্ধি, মানৱ মূলধন বৃদ্ধি আৰু সামাজিক ন্যায়, উদ্যোগ আৰু সেৱাৰ বৃদ্ধি, চাকৰি সৃষ্টি, নগৰ উন্নয়ন, শক্তি, আন্তঃগাঁথনি, গৱেষণা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংস্কাৰ।

উল্লেখ্য যে, বাজেট ভাষণ চলি থকাৰ সময়তে শ্বেয়াৰ বজাৰত হোৰাহোৰে পতন আৰম্ভ হয় আৰু বাজেট ভাষণ অন্ত পৰালৈকে চেঞ্চেক্সত এক হাজাৰ পইণ্ট পৰ্যন্ত হ্ৰাস পায়। সেইদৰেই নিফটি বজাৰ আৰম্ভ হোৱাৰ পৰা বাজেট ভাষণ অন্ত পৰালৈকে ২০০ ৰো অধিক পইণ্ট হ্ৰাস পায়।

শ্বেয়াৰ বজাৰত এনে পতনৰ মূলতে হৈছে বাজেট সম্পৰ্কে থকা ধাৰণা অসত্য প্ৰমাণ। এইবাৰ বাজেটত চৰকাৰে উদ্যোগ ক্ষেত্ৰৰ প্ৰতি অধিক উদাৰতা আৰু জি এছ টি হ্ৰাস কৰিব বুলি আশা কৰা হৈছিল। কিন্তু বাজেটত দেখা গ’ল কেৱল সোণ, ৰূপকে ধৰি মাত্ৰ কেইপদমান সামগ্ৰী আৰু নিৰ্ধাৰিত ঔষধৰ মূল্য হ্ৰাসতে সীমাবদ্ধ থাকে।

বাজেটত এন ডি এৰ অংশীদাৰ ২ ৰাজ্যৰ বাবে বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। বিহাৰৰ উন্নয়নৰ বাবে ২৬ হাজাৰ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ বাবেও ৫০ হাজাৰ কোটিৰ বিশেষ আৰ্থিক পেকেজৰ ঘোষণা কৰা হৈছে।

স্বাস্থ্য বিভাগৰ স্বাস্থ্য ভাল হ’লেহে অসমৰ ৰোগীৰ স্বাস্থ্য ভালে থাকিব…

অসমত এতিয়া বানপানীৰ সময় এই সময়ত ৰাজ্যখনত বিভিন্ন বেমাৰ-আজাৰে দেখা দিয়ে। কিন্তু যেনেদৰে আমাৰ স্বাস্থ্য বিভাগটোৰ জয়গান আমি শুনিবলৈ পাওঁ, প্ৰকৃতাৰ্থত কিন্তু সেই উন্নয়নৰ ছবিখন আমি দেখিবলৈ নাপাওঁ। আমি যদি ওপৰে ওপৰে চাওঁ তেনেহ’লে দেখিবলৈ পাম যে অসমৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে। অসমত এতিয়া সাধাৰণ চিকিৎসালয়ৰতো কথাই নাই এইখন অসমতে এতিয়া এইমছ হ’ল, মেডিকেল কলেজ হাস্পতালো এখন-দুখন নহয় ১২খন মেডিকেল কলেজ হাস্পতাল স্থাপন হ’ল। তদুপৰি ৰাজ্যিক অসামৰিক চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক চিকিৎসালয়, স্বাস্থ্য উপ-কেন্দ্ৰ আদিৰতো লেখ-জোখেই নাই। গতিকে স্বাভাৱিকতেই ধাৰণা কৰি ল’ব পাৰি যে এতিয়া আৰু অসমত চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই। অসমত আৰু মানুহ ইমান সহজতে নমৰে।

আনহাতে, চৰকাৰৰ ফালৰ পৰাও সদায়ে চিকিৎসাৰ ক্ষেত্ৰত ন ন ব্যৱস্থাৰ কথা কৈয়েই আছে। গতিকে সাধাৰণ মানুহৰ দৃষ্টিত এতিয়া অসমত যে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত আৰু কোনো সমস্যাৰ সৃষ্টি নহয় সেই কথাত পতিয়ন নিয়াবলৈ অহৰহ প্ৰচেষ্টা চলি আছে। কাৰণ এতিয়া সকলো নিৰ্ভৰ কৰে কেৱল নিৰ্বাচনী অংকৰ ওপৰত। গতিকে ইমানবোৰ ঢাক-ঢোল কোবোৱাৰ অৰ্থই হৈছে কেৱল নিৰ্বাচন। এয়া ভাবিবলৈ বা চিন্তা কৰিবলৈ বাধ্য এতিয়া আমি। কাৰণ চিকিৎসা বিভাগটোৰ অৱস্থা যদি ভালদৰে চাবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাম কেৱল- ‘বাহিৰে ৰং-চং ভিতৰি কোৱাভাতুৰী। অসমত হয় পৃৰ্বতকৈ অন্যান্য চিকিৎসালয়তো বাদেই যথেষ্টসংখ্যক চিকিৎসা মহাবিদ্যালয় হাস্পতাল হ’ল। এই চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি কেইবা হাজাৰো চিকিৎসক ওলাব।  অসমৰ ৰোগীয়ে এতিয়া আৰু দূৰলৈ চিকিৎসা কৰিবলৈ গৈ সৰ্বস্বান্ত হ’ব নালাগে। এইবোৰ কথা শুনিবলৈ যিমানেই ভাল বা আশাৰ বতৰা বাস্তৱত কিন্তু তেনে কোনো আশাৰ বতৰা আমালৈ কঢ়িয়াই অনা আমি দেখিবলৈ পোৱা নাই। এটা সৰু উদাহৰণ- এজন কোনো ৰোগত আক্ৰান্ত ৰোগী অথবা গুৰুতৰ ভাৱে দুৰ্ঘটনাগ্ৰস্ত হ’লে সেই ৰোগীজনক বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীজনক প্ৰথমে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ৰোগীৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি আন এখন মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৰোগীজনক। ইয়াতো তেওঁক চাই মেলি আকৌ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ পঠিয়াই দিয়ে। ফলত ৰোগীৰ অৱস্থা ক্ৰমান্বয়ে জটিল হৈ পৰে। এনেদৰে এজন ৰোগীক দৌৰাই লৈ ফুৰিব লগা হয় কেৱল উন্নত চিকিৎসাৰ অভাৱত অথবা চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা উন্নত  যন্ত্ৰপাতিৰ অভাৱত।

যদি এখন চিকিৎসালয়ত ৰোগী এজনে পৰ্যাপ্ত সুবিধাৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ এখনৰ পিছত আন এখন হাস্পতাললৈ দৌৰি থাকিবই লগা হয় তেনেহ’লে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ সাৰ্থকতাইবা ক’ত। কোনোবাখন চিকিৎসালয়ত যদি পৰ্যাপ্ত চিকিৎসক নাই আন কোনোবাখনত আকৌ নাই প্ৰয়োজনীয় ঔষধ, নাই অক্সিজেন, নাই উন্নত চিকিৎসাৰ সঁজুলি। ফলত ৰোগীয়ে সুফল পোৱাৰ পৰা সাধাৰণতে বঞ্চিত হ’ব লগা হৈছে। আজিও সাধাৰণ বেমাৰ এটাতে অসমৰ বাহিৰলৈ ৰোগী নিব লগা হয়। তেনে ইমানবোৰ মেডিকেল কলেজ থকাৰ অৰ্থইবা ক’ত। গতিকে চিকিৎসা মহাবিদ্যালয় স্থাপনত বেছি গুৰুত্ব দিয়াতকৈ থকাকেইখনতে চিকিৎসা সেৱাৰ পৰ্যাপ্ত সা-সুবিধা তথা উন্নত সা-সৰঞ্জাম উপলব্ধ কৰাৰ ব্যৱস্থা কৰিলে অসমৰ দুখীয়া জনসাধাৰণৰ বেছি উপকাৰ কৰা হ’ব। অসমৰ বাহিৰলৈও ৰোগী যাব লগা নহ’ব। ইয়াৰ ফলত ৰোগীয়ে ওচৰতে নিজৰ চহৰখনতে গৈ কম খৰচতে চিকিৎসা গ্ৰহণ কৰিব পাৰিব। এইবোৰ কথা মই কাৰোবাক সমালোচনাৰ বাবে কোৱা নাই। কেৱল আমাৰ অসমৰ দৰে এখন দুখীয়া ৰাজ্যৰ সাধাৰণ জনতাৰ উপকাৰ হোৱাৰ বাবেহে কোৱা হৈছে।

          বৰ্তমান অসমৰ চাৰিওফালে বানপানীৰ সংহাৰ। এই বানপানী যে এইবাৰহে হঠাৎ আহিছে সেয়াও নহয়। অসমত বছৰি বানপানীৰ সংহাৰ চলিয়েই আছে। বানৰ সময়ত প্ৰতি বছৰে বানাক্ৰান্তই কেইটামান খাদ্যৰ টোপোলা আৰু আশ্বাসৰ বাহিৰে একো নাপায়। এইবাৰো অসমত হোৱা ভয়াৱহ বানত জুৰুলা জনসাধাৰণক সেই একেই খাদ্যৰ টোপোলা, আশ্বাস বাণী। চিকিৎসাৰ ক্ষেত্ৰতো সাধাৰণ চিকিৎসা সেৱা। এইবাৰৰ বানত কেইবাটাও সলিল সমাধিৰ ঘটনা ঘটি যোৱাৰ পিছত অকল চিকিৎসাজনিত কাৰণতে আমাৰ ৰাজ্যখনত গঢ় হিচাপত প্ৰতিদিনে দহটিকৈ শিশুৰ মৃত্যু হৈছে। আনহাতে, যোৱা এপ্ৰিল মাহৰ পৰা জুলাইৰ ১৭ তাৰিখলৈকে ৰাজ্যখনত চিকিৎসাজনিত কাৰণতে মৃত্যু হৈছে প্ৰায় ১,১২২টি শিশুৰ মৃত্যু হৈছে। যিটো সময়ত ৰাজ্যখনৰ প্ৰায়কেইখন জিলাতে চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰা হৈছে সেই সময়তে ইমান বৃহৎসংখ্যক শিশুৰ মৃত্যুৰ খবৰে আমাৰ চিকিৎসা খণ্ডটোৰ প্ৰকৃত ছবিখন উন্মোচিত কৰিছে। আৰু এই শিশুসকলৰ মৃত্যু হৈছে কেৱল নিউমোনীয়া, ওজন হ্ৰাস আৰু সংক্ৰমণৰ বাবেই। এই তথ্য আমাৰ নহয়। এই তথ্য প্ৰকাশ পাইছে খোদ এন এইচ এমৰ পৰিসংখ্যাতে। অৱশ্যে এই তথ্য প্ৰকাশ কৰাৰ  কিছু সময়ৰ পিছতে বিকল কৰি পেলোৱা হয় উক্ত ৱেবছাইটটো। মুঠতে প্ৰায় চাৰিটা মাহতে এই বৃহৎসংখ্যক শিশুৰ মৃত্যু হৈছে। ইয়ো গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে বৰ্তমান সময়ত। আন এক তথ্য মতে যোৱা এপ্ৰিল মাহৰ পৰা জুলাইৰ ভিতৰত নগাঁৱত ৬১টা, গোৱালপাৰাত ৩৩টা, গোলাঘাটত ২২টা, কাৰ্বি আংলঙত ১৮টা শিশুৰ মৃত্যু হৈছে। এয়া নিশ্চয় উদ্বেগজনক ঘটনা।

           আনহাতে, অসমত বানপানী লাহে লাহে শুকাবলৈ লৈছে যদিও অন্য এক আতংকই ছানি ধৰিছে এতিয়া ৰাজ্যখনত। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এতিয়া জাপানীজ এনকেফেলাইছ (জেই)ৰ প্ৰাদুৰ্ভাৱ দ্ৰুত হাৰত বিয়পি পৰিছে। দিনে দিনে এই জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। এই পৰ্যন্ত ৩০ জনৰো অধিক লোকৰ প্ৰাণ হানি হৈছে  এই ৰোগত। কিন্তু যেনেধৰণে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হ’ব লাগিছিল তেনে ধৰণে এতিয়াও ব্যৱস্থা লোৱা হোৱা নাই। ফলত ৰোগৰ প্ৰাদুৰ্ভাৱ কমা নাই আৰু মৃত্যু সংখ্যা বৃদ্ধি হোৱাৰহে উপক্ৰম হৈছে। ৰাজ্যখনৰ যোৰহাট জিলাতে এই ৰোগীৰ সংখ্যা অধিক।যোৰহাটত  এতিয়ালৈ প্ৰায় ৮০জন লোক আক্ৰান্ত হৈছে, মৃত্যু হৈছে ৮জনৰ। সেইদৰে ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ৫০জনৰো অধিক লোকৰ আৰু ইতিমধ্যে মৃত্যু হৈছে দুজনৰ। গোলাঘাটতো এতিয়ালৈ দুজনৰ মৃত্যু হৈছে এনকেফেলাইটিছ ৰোগত। ইয়াৰ উপৰি অসমৰ  প্ৰায়কেইখন জিলাতে এনকেফেৰাইটিছত ইক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ তথ্য অনুসৰি শোণিতপুৰত এজন, ধেমাজিত তিনিজন, শিৱসাগৰত ৪জন, বৰপেটাত এজন, কামৰূপত ৫জন, দৰঙত এজন, গোৱালপাৰাত দুজন, কাৰ্বি আংলঙত এজন, মাজুলীত এজন, মৰিগাঁৱত এজন, তিনিচুকীয়া আৰু ওদালগুৰি জিলাখনত এজনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে। এইক্ষেত্ৰত চৰকাৰে ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও ইয়ে ৰোগীক মাজত সকাহ দিব পৰা নাই। যিহেতু এই এনকেফেলাইটিছ ৰোগ বিধ এবিধ মহে কামোৰাৰ ফলত হয়, গতিকে ইয়াক নিৰ্মূৰ বাবে স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে যদিও সেয়া এদিন বা দুদিন দিলেই পৰ্যাপ্ত নহয় বা মহ নিৰ্মূলো নহয়। গতিকে এই ধোঁৱা দিয়াৰ ব্যৱস্থা স্থায়ী ৰূপত কৰাৰ ব্যৱস্থা কৰিলে নিশ্চয় সুফল সুুফল পোৱা যাব। আনহাতে, এনকেফেলাইটিছ আৰু মাজে মাজে হৈ থকা ডেংগু ৰোগ নিৰ্মূল কৰিবলৈ হ’লে ৰোগ প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰাৰ লগতে দ্ৰুততাৰে আৰু অধিকসংখ্যক চিকিৎসকৰ দল যিসমূহ ঠাইত এনকেফেলাইটিছ ৰোগ হৈছে তালৈ প্ৰেৰণ কৰি স্থায়ীৰূপত ৰোগ নিৰ্মূলৰ ব্যৱস্থা কৰক চৰকাৰে। নহ’লে অসমত এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ লগতে ইয়াৰ মৃত্যুৰ সংখ্যাও ক্ৰমে বাঢ়ি গৈ থাকিব। মুঠতে সময় অতিবাহিত নহওঁতেই চৰকাৰে গুৰুত্বসহকাৰে কাম কৰক।

         এটা কথা স্বীকাৰ কৰিবই লাগিব যে দেশত যিমান ৰোগী আছে সকলোকে চিকিৎসা কৰিবলৈ পৰ্যাপ্ত চিকিৎসকৰ অভাৱ, নাই সিমান পৰিমাণৰ চিকিৎসালয়। বৰ্তমানো চিকিৎসাৰ অভাৱত নিতৌ বহব ৰোগীৰ মৃত্যু হৈয়ে আছে। মুঠতে ডাক্তৰ নাই, নাৰ্ছ নাই, হাস্পতালত ঔষধ নাই, আধুনিক যন্ত্ৰপাতি নাই, চিকিৎসক থাকিলেও সময়ত পোৱা নাযায় আদি এশ-এবুৰি সমস্যাৰ মাজেৰে জোৰা-তাপলি মাৰি চলি আছে চিকিৎসা বিভাগটো। সেয়ে চৰকাৰক কওঁ যিখিনি আছে সেইখিনিকে অধিক উন্নত কৰি অসমৰ চিকিৎসা ব্যৱস্থাৰ উন্নতি সধাৰ ব্যৱস্থা কৰক। তেতিয়াহে স্বাস্থ্য বিভাগটোৰো স্বাস্থ্য ভালে থাকিব আৰু আমিও সু-চিকিৎসা পাবলৈ সক্ষম হ’ম।

লেখকঃ ভূপেন মহন্ত

হলিউডৰ ছবিত অভিনয় কৰি ঘৰলৈ উভতিল প্ৰিংয়কা, মাতৃয়ে ৰান্ধি খুৱালে এবিধ বিশেষ খাদ্য…

প্ৰিয়ংকা চোপ্ৰা হলিউদৰ ছবি ‘দ্য ব্লাফ’ৰ শ্বুটিং সামৰি ঘৰলৈ উভতিছে। ঘৰলৈ অহাৰ লগে লগে প্ৰথমে মাকে ৰন্ধা খাদ্য খালে। ছবিখনৰ শ্বুটিং হৈাছিল অষ্ট্ৰেলিয়াত। মাতৃয়ে ৰন্ধা খাদ্য খাই ফটো শ্বেয়াৰ কৰিলে।

ছবিখন ইনষ্টাগ্ৰামৰ ষ্ট’ৰী ছেকচনত শ্বেয়াৰ কৰাৰ সময়তে প্ৰিয়ংকাই অনুৰাগীসকলক দেখুৱাইছে যে তেওঁৰ মাতৃ মধু চোপ্ৰাই তেওঁৰ বাবে কি ৰান্ধিছে। ছবিখনত প্লেটত দেখা গৈছে পালক পনীৰ আৰু পৰঠা।

নাজিৰাৰ মেকিপুৰ মেমমাটি ১ নং লাইনত উদ্ধাৰ অচিনাক্ত মৃতদেহ…

নাজিৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।
মেকিপুৰ মেমমাটি ১ নং লাইনত উদ্ধাৰ হৈছে মৃতদেহটো ।


মৃতদেহটো মহিলাৰ বুলি চিনাক্ত কৰা হৈছে।
মৃতদেহটো মেকীপুৰ এটা পুলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে।


ঘটনাস্থলিত নাজিৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।
বৰ্তমান পৰ্যন্ত মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। নাজিৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

দুপৰীয়া চাহ খায় নেকি? দুপৰীয়া চাহ খোৱাৰ অপকাৰিতাৰ বিষয়ে জানেনে…

চাহ খাই বহুতেই ভাল পায়, কিন্তু যদি আপুনি চাহ অত্যধিক খাই তেন্তে চাহে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। পানীৰ পিছত এই পানীয় ভাৰতত সৰ্বাধিক লোকে খাই। যদিও যিকোনো সময়তে চাহ খাব পাৰে, তথাপিও দুপৰীয়া চাহ খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে-

দুপৰীয়া চাহ খালে আমাৰ টোপনিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। চাহত থকা কেফেইন এক প্ৰাকৃতিক উদ্দীপক যিয়ে মগজুক সজাগ কৰি ৰাখে। দুপৰীয়া চাহ খালে জিৰণি লোৱাত অসুবিধা হ’ব পাৰে আৰু টোপনিৰ মানদণ্ড হ্ৰাস পাব পাৰে। ইয়াৰ ফলত আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

চাহত টেনিন থাকে, যাৰ ফলত পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। দুপৰীয়া চাহ খালে পাচনতন্ত্ৰৰ সমস্যা যেনে এচিডিটি, গেছ আৰু পেটৰ বিষ হ’ব পাৰে। বিশেষকৈ খালী পেটত চাহ খালে এই সমস্যা আৰু বাঢ়িব পাৰে।

দুপৰীয়াৰ আহাৰ খোৱাৰ লগে লগে চাহ খালে খাদ্যত থকা আইৰণ সঠিকভাৱে শোষিত নহয়।

অত্যধিক কেফেইন সেৱনেও আমাৰ মেজাজত প্ৰভাৱ পেলাব পাৰে। দুপৰীয়া চাহ খালে মেজাজ সলনি, খিংখিঙীয়া আৰু অনিদ্ৰা হ’ব পাৰে।