দুপৰীয়া চাহ খায় নেকি? দুপৰীয়া চাহ খোৱাৰ অপকাৰিতাৰ বিষয়ে জানেনে…

চাহ খাই বহুতেই ভাল পায়, কিন্তু যদি আপুনি চাহ অত্যধিক খাই তেন্তে চাহে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। পানীৰ পিছত এই পানীয় ভাৰতত সৰ্বাধিক লোকে খাই। যদিও যিকোনো সময়তে চাহ খাব পাৰে, তথাপিও দুপৰীয়া চাহ খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে-

দুপৰীয়া চাহ খালে আমাৰ টোপনিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। চাহত থকা কেফেইন এক প্ৰাকৃতিক উদ্দীপক যিয়ে মগজুক সজাগ কৰি ৰাখে। দুপৰীয়া চাহ খালে জিৰণি লোৱাত অসুবিধা হ’ব পাৰে আৰু টোপনিৰ মানদণ্ড হ্ৰাস পাব পাৰে। ইয়াৰ ফলত আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

চাহত টেনিন থাকে, যাৰ ফলত পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। দুপৰীয়া চাহ খালে পাচনতন্ত্ৰৰ সমস্যা যেনে এচিডিটি, গেছ আৰু পেটৰ বিষ হ’ব পাৰে। বিশেষকৈ খালী পেটত চাহ খালে এই সমস্যা আৰু বাঢ়িব পাৰে।

দুপৰীয়াৰ আহাৰ খোৱাৰ লগে লগে চাহ খালে খাদ্যত থকা আইৰণ সঠিকভাৱে শোষিত নহয়।

অত্যধিক কেফেইন সেৱনেও আমাৰ মেজাজত প্ৰভাৱ পেলাব পাৰে। দুপৰীয়া চাহ খালে মেজাজ সলনি, খিংখিঙীয়া আৰু অনিদ্ৰা হ’ব পাৰে।

Related Articles