Home Blog Page 642

নাজিৰাৰ মেকিপুৰ মেমমাটি ১ নং লাইনত উদ্ধাৰ অচিনাক্ত মৃতদেহ…

নাজিৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।
মেকিপুৰ মেমমাটি ১ নং লাইনত উদ্ধাৰ হৈছে মৃতদেহটো ।


মৃতদেহটো মহিলাৰ বুলি চিনাক্ত কৰা হৈছে।
মৃতদেহটো মেকীপুৰ এটা পুলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে।


ঘটনাস্থলিত নাজিৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।
বৰ্তমান পৰ্যন্ত মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। নাজিৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

দুপৰীয়া চাহ খায় নেকি? দুপৰীয়া চাহ খোৱাৰ অপকাৰিতাৰ বিষয়ে জানেনে…

চাহ খাই বহুতেই ভাল পায়, কিন্তু যদি আপুনি চাহ অত্যধিক খাই তেন্তে চাহে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। পানীৰ পিছত এই পানীয় ভাৰতত সৰ্বাধিক লোকে খাই। যদিও যিকোনো সময়তে চাহ খাব পাৰে, তথাপিও দুপৰীয়া চাহ খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে-

দুপৰীয়া চাহ খালে আমাৰ টোপনিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। চাহত থকা কেফেইন এক প্ৰাকৃতিক উদ্দীপক যিয়ে মগজুক সজাগ কৰি ৰাখে। দুপৰীয়া চাহ খালে জিৰণি লোৱাত অসুবিধা হ’ব পাৰে আৰু টোপনিৰ মানদণ্ড হ্ৰাস পাব পাৰে। ইয়াৰ ফলত আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

চাহত টেনিন থাকে, যাৰ ফলত পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। দুপৰীয়া চাহ খালে পাচনতন্ত্ৰৰ সমস্যা যেনে এচিডিটি, গেছ আৰু পেটৰ বিষ হ’ব পাৰে। বিশেষকৈ খালী পেটত চাহ খালে এই সমস্যা আৰু বাঢ়িব পাৰে।

দুপৰীয়াৰ আহাৰ খোৱাৰ লগে লগে চাহ খালে খাদ্যত থকা আইৰণ সঠিকভাৱে শোষিত নহয়।

অত্যধিক কেফেইন সেৱনেও আমাৰ মেজাজত প্ৰভাৱ পেলাব পাৰে। দুপৰীয়া চাহ খালে মেজাজ সলনি, খিংখিঙীয়া আৰু অনিদ্ৰা হ’ব পাৰে।

এই বাজেট নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে : গৃহমন্ত্ৰী অমিত শ্বাহ…

এই বাজেট সকলোৰে বিকাশৰ বাবে। নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে।’

মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেট দাখিলৰ পাছতে সামাজিক মাধ্যমযোগে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অভিনন্দন জনালে গৃহমন্ত্ৰী অমিত শ্বাহে।

কেন্দ্ৰীয় বাজেট ২০২৪ঃ দাম কমিল বহু বস্তুৰ! কি কি বস্তুৰ দাম কমিল জানি লওক…

আজি কেন্দ্ৰীয় বাজেট ২০২৪ৰ ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোণ, ৰূপ, প্লেটিনাম, মোবাইল ফোন আৰু কেন্সাৰ ঔষধ সস্তা হোৱাৰ সম্ভাৱনা কথা উল্লেখ কৰে। মোবাইল ফোন আৰু মোবাইল চাৰ্জাৰ দাম হ্ৰাস হ’ব। শুল্ক শুল্কৰ পৰা ৰেহাই আৰু তিনিটা কেন্সাৰ চিকিৎসা ঔষধ। সোণ আৰু ৰূপৰ ওপৰত শুল্ক শুল্ক ৬% লৈ হ্ৰাস কৰা হ’ব। প্লেটিনামৰ ওপৰত শুল্ক শুল্ক ৬.৫% লৈ হ্ৰাস কৰা হ’ব। সোণ, ৰূপ আৰু প্লেটিনামৰ মৌলিক শুল্ক হ্ৰাস কৰাটো ৰত্ন আৰু গহনা উদ্যোগৰ দীৰ্ঘদিনীয়া চাহিদা হৈ আহিছে। নিৰ্মলা সীতাৰমনৰ এই ঘোষণাৰ পিছতে সোণ আৰু গহনা খুচুৰা বিক্ৰেতাসকলৰ শ্বেয়াৰ বৃদ্ধি পালে।


ইয়াৰ উপৰিও টাইটান কোম্পানীৰ শ্বেয়াৰ ৩.৬৬% বৃদ্ধি পাই ৩,৩৭১.৬৫ টকা, ত্ৰিভোৱন্দাস ভীমজী জাভেৰীৰ শ্বেয়াৰ ২.৭৯% বৃদ্ধি পাই ১৪০.২০ টকা, আৰু কল্যাণ জুৱেলাৰ্ছ ইণ্ডিয়াৰ শ্বেয়াৰ ১.৫৪% বৃদ্ধি পাই ৫৩৭.০৫ টকাকৈ হয়। সৌৰ শক্তি সম্পৰ্কীয় অংশৰ ওপৰত শুল্ক বৃদ্ধি নকৰাৰ প্ৰস্তাৱ চৰকাৰে। দেশত সৌৰকোষ আৰু পেনেল নিৰ্মাণত ব্যৱহাৰৰ বাবে ৰেহাই পোৱা মূলধনী সামগ্ৰীৰ তালিকা সম্প্ৰসাৰিত হ’ব। চামৰা আৰু জোতা নিৰ্মাণৰ শুল্ক কৰ্তনৰ প্ৰস্তাৱ চৰকাৰে। বিত্তমন্ত্ৰীয়ে পাৰমাণৱিক শক্তি, নবীকৰণযোগ্য শক্তি, মহাকাশ, প্ৰতিৰক্ষা, দূৰসংযোগ, আৰু উচ্চ প্ৰযুক্তিৰ ইলেক্ট্ৰনিকছৰ দৰে খণ্ডৰ বাবে গুৰুত্বপূৰ্ণ ২৫টা খনিজ পদাৰ্থ, যেনে লিথিয়াম, তাম, কোবাল্ট আৰু আপুৰুগীয়া পৃথিৱীৰ মৌলক শুল্ক শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দি হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ইয়াৰে দুটাৰ ওপৰত মৌলিক শুল্ক শুল্ক।


ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অগ্নিকাণ্ড ! এজন কনিষ্ঠ নাৱিক সন্ধানহীন…

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুম্বাই ডক য়াৰ্ডত ৰণতৰীখনৰ ৰক্ষণাবেক্ষণৰ কাম চলি আছিল। যাৰ ফলত যুদ্ধজাহাজখনৰ এটা অংশ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ইফালে এজন কনিষ্ঠ নাৱিক সন্ধানহীন হৈ পৰিছে।

জানিব পৰা মতে জাহাজখনৰ বাৰ্থৰ বাহিৰেও কেইবাঠাইতো অগ্নিকাণ্ড সংঘটিত হয় আৰু সম্প্ৰতি এপিনে হালি ৰৈছে জাহাজখন।জানিব পৰা মতে, মুম্বাইৰ নেভাল ডকয়াৰ্ডৰ উদ্যোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছত ২২ জুলাইৰ পুৱা জাহাজখনৰ বিভিন্ন দিশ পৰীক্ষা কৰা হয়।

আনহাতে, ঘটনা সন্দৰ্ভত তদন্তৰো নিৰ্দেশ দিয়া হৈছে। নৌসেনাই কয় যে এজন কনিষ্ঠ নাৱিকৰ বাহিৰে সকলো কৰ্মীৰ হিচাপ লোৱা হৈছে, যাৰ অনুসন্ধান চলি আছে। ভাৰতীয় নৌসেনাক এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

মোবাইলৰ লগতে ছাৰ্জাৰ, বেটেৰীৰ দাম হ্ৰাস পাব : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ…

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ বাজেট দাখিল কৰিছিল। সংসদ ভৱনত উপস্থিত হৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলৰ সৈতে ফটো প’জ দিলে নিৰ্মলা সীতাৰমণে। চমুকৈ কৈ জানক বাজেটত কি কি বস্তুৰ দাম কমিলে

দাম কমিব কৰ্কট ৰোগৰ ঔষধৰ মূল্যৰ লগতে এক্সৰেৰ বাবে প্ৰয়োজনীয় উপকৰণৰ

দাম কমিব সোণ আৰু ৰূপৰ

মোবাইলৰ লগতে ছাৰ্জাৰ, বেটেৰীৰ দাম হ্ৰাস পাব

জোতা, চেণ্ডেল আৰু কাপোৰৰ দামো হ্ৰাস পাব

বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে দৈ খুৱালে নিৰ্মলা সীতাৰমণক, শুভ কামত দৈ খুৱাই দিয়াৰ পৰম্পৰা বিষয়ে জানেনে

মোডী ৩.০ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিবলৈ ওলোৱা পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক দৈ খুৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। শুভ কামৰ আগত দৈ আৰু চেনি খুৱাই দিয়াৰ এই পৰম্পৰা কিয় জানেনে? ইয়াৰ আঁৰত বহুতো জ্যোতিষ আৰু বৈজ্ঞানিক কাৰণ আছে।


জ্যোতিষৰ মতে বগা বস্তুবোৰ চন্দ্ৰৰ লগত সম্পৰ্কিত। চন্দ্ৰ মনৰ কাৰক। যিহেতু দৈ আৰু চেনি দুয়োটা বগা আৰু জ্যোতিষৰ মতে কোনো শুভ কাম কৰাৰ আগতে দৈ আৰু চেনি খালে ব্যক্তিজনৰ মন কেন্দ্ৰীভূত হৈ থাকে। একে সময়তে তেওঁ সেই কামটো সাৱধানে কৰে, যাৰ ফলত তেওঁ সফলতা লাভ কৰে।

অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ মহানুভৱতা ! ব্যক্তিগত পুঁজিৰে মেৰামতি কৰিলে দেৰগাঁৱৰ জৰাজীৰ্ণ পথ…

অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ মহানুভৱতা। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ সাগৰপাম গাঁৱৰ জৰাজীৰ্ণ পথত পেলালে শিল। অঞ্চলটোৰ ৰাইজৰ দুর্দশা বুজি ব্যক্তিগত পুঁজিৰে মেৰামতি কৰি দিলে পথ।

বহুদিনৰ পৰাই দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ সাগৰপাম গাঁৱৰ ৰাইজে পথ নির্মাণ কৰি দিবলৈ অনুৰোধ জনাইছিল স্থানীয় বিধায়কক।


পথটো বাৰীষা নেৰা-নেপেৰা বৰষুনৰ বাবে যাতায়তৰ উনুপযোগী হৈ পৰে।
সমাজ কৰ্মী জনৰ একক প্ৰচেষ্টাত লোৱা এনে মহৎ কৰ্মৰাজীৰ বাবে অঞ্চলটোৰ ৰাইজে একেমুখে শলাগ লৈছে।

দিব্য জ্যোতি কাকতি,ৰঙামাটি

৪.১ কোটি যুৱকৰ বাবে ৰোজগাৰ ঘোষণা দেশৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাৰ ঋণৰ ঘোষণা : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ…

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ বাজেট দাখিল কৰিছিল। সংসদ ভৱনত উপস্থিত হৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলৰ সৈতে ফটো প’জ দিলে নিৰ্মলা সীতাৰমণে।

দেশৰ অৰ্থব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি হৈ আছে

দাম বৃদ্ধি বর্তমান নিয়ন্ত্রণতে আছে

৪.১ কোটি যুৱকৰ বাবে ৰোজগাৰ ঘোষণা দেশৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাৰ ঋণৰ ঘোষণা

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ…

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত মুঠ ৯টা অগ্রাধিকাৰত গুৰুত্ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰঃ

কৃষিৰ উৎপাদন ক্ষমতা বৃদ্ধি, সামগ্রিক বিকাশ, নিয়োগ আৰু দক্ষতা বিকাশ, মেনুফেকচাৰিং আৰু সেৱা খণ্ড, নগৰ উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন, নতুন প্ৰজন্মৰ সংস্কাৰ,মানৱ সম্পদ উন্নয়ন আৰু সামজিক ন্যায়। এই ৯টা অগ্রাধিকাৰত গুৰুত্ব সীতাৰমণৰ।