Home Blog Page 644

১ আগষ্টৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ নীতি-নিৰ্দেশনা (এচ অ পি) কাৰ্যকৰী হ’বঃ মন্ত্ৰী হাজৰিকা

দিশপুৰ, ২২ জুলাইঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে |

ৰাজ্যিক ড্ৰাগবিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২ টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত থকা আজিৰ বৈঠকত ইতিমধ্যে প্ৰস্তুত কৰা নীতি-নিৰ্দেশনাৰ খচৰাৰ চুড়ান্ত ৰূপ দিয়া হয় | নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ অনুৰোধ মৰ্মে নীতি-নিৰ্দেশনাৰ কিছু দফাত শিথিলতা অনা হৈছে যদিও নিচামুক্তি কেন্দ্ৰৰ আৱাসীসকলৰ স্বাস্থ্য, কেন্দ্ৰৰ চাফ-চিকুণতা, আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা কঠোৰ ভাৱে মানি চলিব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে | সকলোকে উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে আজিৰ পৰা দুটা বছৰৰ আগতে তেওঁ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ কেতবোৰ নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিছিল |

বিশেষকৈ বহুকেইটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰকীৰ কঠোৰ স্থিতিত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিৱেশ উন্নত হৈছিল | পৰৱৰ্তী সময়ত নিচামুক্তি কেন্দ্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা প্ৰস্তুতৰ বাবে বিভাগীয় বিষয়া আৰু কেন্দ্ৰৰ স্বত্বাধীকাৰীসকলৰ প্ৰতিনিধিক দায়িত্ব প্ৰদান কৰা হৈছিল | বহুখিনি অধ্যয়ন আৰু কেইবাটাও বিভাগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নীতি-নিৰ্দেশনাৰ খচৰা প্ৰস্তুত কৰা হৈছিল আৰু এই খচৰাৰ সংশোধিত ৰূপ আজি বৈঠকত গ্ৰহণ কৰা হয় |

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ড্ৰাগচৰ কবলত পৰা ব্যক্তিসকলো সমাজৰে অভিন্ন অংশ আৰু এওলোকৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হৈ তেওঁলোকক পুনৰ মূল সুঁতিলৈ উভতাই অনাত সহায় কৰিব লাগিব | নিচামুক্তি কেন্দ্ৰ এটা কাৰাগাৰ নহয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে আৱাসীসকলক সুস্থ কৰি তুলিবলৈ স্বাস্থ্যসন্মত পৰিৱেশ, চিকিৎসাৰ ব্যৱস্থা আৰু ন্যুনতম প্ৰয়োজনখিনি কেন্দ্ৰ এটাই দিবই লাগিব |

আজি গ্ৰহণ কৰা নীতি-নিৰ্দেশনাসমূহ অহা ১ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সকলো নিচামুক্তি কেন্দ্ৰই এই নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণ মানি চলিব লাগিব | কেন্দ্ৰসমূহত স্বাস্থ্য, পৰিৱেশ, খাদ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনোমতে আপোচ কৰা ন’হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |

আনহাতে এটা কেন্দ্ৰত এগৰাকী ড্ৰাগচ আসক্ত ব্যক্তিক ভৰ্ত্তি কৰোৱা হ’ব নে নহয় আৰু সুস্থ হোৱাৰ পাছত কেতিয়া ব্যক্তিগৰাকীক যাবলৈ দিয়া হ’ব সেয়া সম্পূৰ্ণৰূপে চিকিৎসকৰ প্ৰতিবেদন অনুসৰি কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে | এতিয়াৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহৰ সবিশেষ সংশ্লিষ্ট আৰক্ষী থানাত জনাই থোৱা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে সকলো কেন্দ্ৰ পঞ্জীয়ন হোৱাৰ লগে লগে চৰকাৰৰ ওচৰত কেন্দ্ৰসমূহৰ বিষয়ে সবিশেষ তথ্য মজুত থাকিব | প্ৰয়োজনীয় আন্তঃগাথনি আৰু চিকিৎসকৰ ব্যৱস্থা নথকা কেন্দ্ৰসমূহে একমাত্ৰ ব্যৱসায়ৰ স্বাৰ্থত নিচামুক্তি কেন্দ্ৰ খোলাৰ পৰা দূৰৈত থকাই উচিত বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই আৰু কয় যে নিচামুক্তি কেন্দ্ৰৰ পৰা ড্ৰাগচ আসক্ত ব্যক্তি এজনক সম্পূৰ্ণ সুস্থ হৈ উলাই যোৱাত আমি সকলোৱে সহায় কৰিব লাগে |

২৬ জুলাইত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী ! যোগদান কৰিব শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মহনে…

২৬ জুলাইত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী। ৰাইজৰ দলত যোগ দিব সদ্য দলত্যাগী ২ বিজেপি নেতাই।

শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈয়ে কৰিব যোগদান।

যোগদান কৰিব শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মহনে।

ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা ! ঠেলামৰাৰ পৰা তীৰ মালিকক আটক কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষীয়ে…

ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা । শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা তীৰ মালিকক আটক কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী ৷ উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত সনাতনী বীৰ হিন্দু সেনাৰ লগতে বজৰং দলৰ একাংশ সদস্যৰ সহযোগত ঢেকীয়াজুলি আৰক্ষীয়ে যোৱাকালি বিয়লি অনুমানিক ৪ বজাত ঠেলামৰাৰ পৰা তীৰ বেপাৰী ইব্ৰাহীম শেখ নামৰ লোকজনক আটক কৰে ৷

ঢেকীয়াজুলি আৰক্ষীথানাৰ উপ পৰিদৰ্শক দীনেশ ডেকা আৰু জাকিৰ হুছেইনৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই ঠেলামৰাৰ পৰা ইব্ৰাহীম শেখ নামৰ তীৰ মালিকক আটক কৰিবলৈ সক্ষম হয়৷আজি ঢেকীয়াজুলি আৰক্ষীয়ে ১৩০/২০২৪ নম্বৰত এটি গোছৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ U/S-14 of assam Game & Betting act ৰ অধীনত গ্ৰেপ্তাৰ কৰি তীৰ খেলৰ মালিক ইব্ৰাহীম শেখক ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰে৷

ইপিনে ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত আনটোকৈ তীৰ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ তীৰৰ মালিকক গ্ৰেপ্তাৰ কৰাত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে ঢেকীয়িজুলি আৰক্ষীক আজি ধন্যবাদ জনাইছে হিন্দুত্ববাদী নেতা মণিকণ দাস,মিঠুন সেন,চনাই দাসৰ লগতে বৰজৰং দলৰ কেন্দ্ৰীয় নেতা অভিষেক ঠাকুৰে৷

ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ প্ৰতিবেদন

চাউলৰ বস্তা মূৰত লৈ বঙাইগাঁৱত বিশেষ ৰূপত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস…

চাউলৰ বস্তা মূৰত লৈ বঙাইগাঁৱত বিশেষ ৰূপত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বঙাইগাঁৱত সংগৃহীত ধানৰ চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ। উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে আমাৰ স্থানীয় কৃষকৰ পৰা সংগ্ৰহ কৰা ধানৰ পৰাই চাউল উৎপাদন কৰি সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানত সেই চাউল যোগান ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত চাউলখিনি বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পৰা এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়৷

২৪ জুলাইৰ পৰা আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰী মনসা পূজা উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি…

বিগত ২০২৩ চনত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কেওটপাৰাস্থিত শ্ৰী শ্ৰী মনসা মন্দিৰত অনুষ্ঠিত শ্ৰী শ্ৰী মনসা পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সুকলমে উদযাপন কৰাৰ পাছত অহা ২৪ জুলাইৰ পৰা পাঁচদিনীয়াকৈ ৫১ সংখ্যক শ্ৰী শ্ৰী মনসা পূজা উদযাপনৰ আয়োজন কৰা হৈছে। ২৪ জুলাইত সন্ধিয়া ৭.৩০ বজাত প্ৰতিমা স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। ২৫ জুলাইৰ পৰা ২৭ জুলাইলৈ দৈনিক দেউধা নাচ, আৰতি, ওজাপালি, পুৰুষ আৰু মহিলাৰ নাগাৰা নাম, আদি অনুষ্ঠিত হব। ২৮ জুলাই শেষৰ দিনা সন্ধিয়া ৭ বজাত কেওটপাৰা ৰাজহুৱা পুখুৰীত প্ৰতিমা বিসৰ্জন দিয়াৰ পাছত নিশা ৯ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইফালে উদযাপন সমিতিৰ কাৰ্যকৰী সদস্য শিৱ দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে শ্ৰী শ্ৰী মনসা পূজাৰ বাবে স্থাপন কৰিবলগীয়া বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি সমূহ পূজা থলীত সাজু কৰি তোলা হৈছে। আনহাতে পূজা পৰিচালনাৰ বাবে নিৰেণ কুমাৰ দাসক সভাপতি,লঙ্কেশ্বৰ মেধি আৰু গোলক দাসক উপ সভাপতি, ৰত্নেশ্বৰ দাসক সাধাৰণ সম্পাদক, অজিত দাস, পৰেশ দাস আৰু শংকৰ ভড়ালীক সহকাৰী সম্পাদক, পংকজ দাসক কোষাধ্যক্ষ হিচাপে লৈ কেওটপাৰা শ্ৰী শ্ৰী মা মনসা দেৱী পূজা সমিতিখন গঠন কৰা হৈছে।

পশ্চিম যোৰহাটত তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক…

পশ্চিম যোৰহাটত শোকাৱহ পথ দুৰ্ঘটনা৷

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক৷

উপ-পথত ৰৈ থকা অৱস্থাতে কিশোৰীগৰাকীক খুন্দা ডাম্পাৰৰ৷

ধুবুৰীৰ ফকিৰগঞ্জ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কালৰূপঃ ১৫ দিনৰ ভিতৰত গৰাখহনীয়াত জাহ গ’ল ৩০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী…

ধুবুৰী জিলাৰ নৱ গঠিত বিৰশিং জৰুৱা সমষ্টিৰ ফকিৰগঞ্জ নস্কৰা গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ মাজতে হাহাকাৰ কৰিবলগা হৈছে খহনীয়াগ্ৰস্থ লোক সকলে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় ৩০টা পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই নিমিষতে প্ৰায় ৩০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী উঠুৱাই নিবলৈ ধৰে। স্থানীয় ৰাইজে পৰিয়াল কেইটাৰ ঘৰবাৰী স্থানান্তৰ কৰে যদিও কেবাটাও পৰিয়ালৰ ঘৰ-বাৰী পানীত বুৰ যায়।

যাৰবাবে বাবে ঘৰবাৰী স্থানান্তৰ কৰিবলৈ নিশাৰ ভাগতে ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। মনকৰিবলগীয়া যে দীৰ্ঘদিনৰ পৰা চলি অহা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা নদীত বাঁহৰ পাৰ্কুপাইন পেলাই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাই আছে যদিও বাঁহৰ পাৰ্কুপাইনক উপলুঙা কৰি ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে মাজে সময়ে গৰাখহনীয়া অব্যাহত ৰাখিছে।ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াত ভেটি-মাটি সকলো হেৰুৱাই ঠাই বিচাৰি ভূক্তভোগীয়ে আশ্ৰয় লব লগা হৈছে ৰাস্তাৰ কাষত।কিন্তু গৰাখহনীয়া কৱলিত ফকিৰগঞ্জ বৰাইবাৰীত ভয়ংকৰ গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত।স্থানীয় ৰাইজে জলসম্পদ বিভাগক কাতৰ অনুৰোধ জনালে অতি সোনকালে তাৎকালিন বাবে বাঁহ বৰিং কৰি গাঁৱখন যাতে খহনীয়াৰ পৰা ৰোধ হয় স্থানীয় ৰাইজে দাবি জনাইছে চৰকাৰক।

পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা…

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’। পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা।

এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা। পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।

২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক- ২০২৪।

আম গছত লাগিল ঔ-টেঙাঃ হাজোৰ শনিয়াদী বিহদিয়াত এক আজৱ ঘটনা! ঔ-টেঙা চাবলৈ ৰাইজৰ ভিৰ…

প্ৰকৃতিৰ যেন এক অনবদ্য চমৎকাৰ।ঘটনাটো হাজোৰ শনিয়াদী বিহদিয়াত।এডাল আম গছত এটা ঔ-টেঙা। এয়া এক অলৌকিকতা নে প্ৰাকৃতিক পৰিঘটনা? তাকে চাবলৈ ভিৰ অগণন লোকৰ।

শনিয়াদীৰ বিহদিয়াত হাকিম আলীৰ ঘৰৰ চৌহদত থকা আম গছত লাগিছে ঔ-টেঙা।যাৰ বাবে এই আজৱ কাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল।

শৰীৰৰ কি ভিটামিনৰ অভাৱত চুলি পাতল হৈ পৰে? চুলি সৰা আঁৰত আছে বহু কাৰণ…

চুলি সৰা আঁৰত আছে বহু কাৰণ। এটা বিশেষ ভিটামিনৰ অভাৱত চুলি সৰে। সেই ভিটামিনবিধ হৈছে ভিটামিন ডি, ভিটামিন ডিৰ অভাৱত ডাঠ চুলি পাতল হ’ব পাৰে। এই ভিটামিনক ‘ছানশ্বাইন ভিটামিন’ বুলি কোৱা হয়।

ভিটামিন ডিয়ে মূৰৰ ছালৰ বৃদ্ধিত সহায় কৰে। এই ভিটামিনে নতুন চুলিৰ জন্ম দিয়ে। চুলিৰ বৃদ্ধিত ভিটামিন ডি অতি ফলপ্ৰসূ। শৰীৰত ভিটামিন ডিৰ অভাৱৰ বাবে চুলি সৰে।এই সমস্যাৰ পৰা সকাহ পাবলৈ শৰীৰত ভিটামিন ডিৰ অভাৱ কমাবলৈ কোনবোৰ খাদ্য খাব জানেনে-

দুগ্ধজাত খাদ্যত ভাল পৰিমাণৰ ভিটামিন ডি থাকে। গতিকে হাড় মজবুত কৰি শৰীৰক পুষ্টিকৰ কৰিবলৈ গাখীৰ, পনিৰ, দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি।

ছালমন আৰু টুনা মাছত ভিটামিন ডিৰ ভাল উৎস। এই মাছ দৈনন্দিন খাদ্যত ৰাখিলে কেলচিয়াম আৰু ওমেগা-৩ ফেটি এচিডৰ অভাৱো হ্ৰাস পায়। হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ এই মাছ খাদ্যত ৰাখিব লাগে।

ৰাতিপুৱা গাখীৰ আৰু ওটচ খাব পাৰে। ইয়াত আলমণ্ড, খেজুৰ আৰু আখৰোট দিব পাৰিলে ভাল হ’ব। শুকান ফলত ভিটামিন ডিৰ উৎস থাকে।