শৰীৰৰ কি ভিটামিনৰ অভাৱত চুলি পাতল হৈ পৰে? চুলি সৰা আঁৰত আছে বহু কাৰণ…

চুলি সৰা আঁৰত আছে বহু কাৰণ। এটা বিশেষ ভিটামিনৰ অভাৱত চুলি সৰে। সেই ভিটামিনবিধ হৈছে ভিটামিন ডি, ভিটামিন ডিৰ অভাৱত ডাঠ চুলি পাতল হ’ব পাৰে। এই ভিটামিনক ‘ছানশ্বাইন ভিটামিন’ বুলি কোৱা হয়।

ভিটামিন ডিয়ে মূৰৰ ছালৰ বৃদ্ধিত সহায় কৰে। এই ভিটামিনে নতুন চুলিৰ জন্ম দিয়ে। চুলিৰ বৃদ্ধিত ভিটামিন ডি অতি ফলপ্ৰসূ। শৰীৰত ভিটামিন ডিৰ অভাৱৰ বাবে চুলি সৰে।এই সমস্যাৰ পৰা সকাহ পাবলৈ শৰীৰত ভিটামিন ডিৰ অভাৱ কমাবলৈ কোনবোৰ খাদ্য খাব জানেনে-

দুগ্ধজাত খাদ্যত ভাল পৰিমাণৰ ভিটামিন ডি থাকে। গতিকে হাড় মজবুত কৰি শৰীৰক পুষ্টিকৰ কৰিবলৈ গাখীৰ, পনিৰ, দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি।

ছালমন আৰু টুনা মাছত ভিটামিন ডিৰ ভাল উৎস। এই মাছ দৈনন্দিন খাদ্যত ৰাখিলে কেলচিয়াম আৰু ওমেগা-৩ ফেটি এচিডৰ অভাৱো হ্ৰাস পায়। হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ এই মাছ খাদ্যত ৰাখিব লাগে।

ৰাতিপুৱা গাখীৰ আৰু ওটচ খাব পাৰে। ইয়াত আলমণ্ড, খেজুৰ আৰু আখৰোট দিব পাৰিলে ভাল হ’ব। শুকান ফলত ভিটামিন ডিৰ উৎস থাকে।

Related Articles