Home Blog Page 647

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মূৰ গধুৰ অনুভৱ হয় নেকি? মূৰ গধুৰ অনুভৱৰ সকাহ কিদৰে পাব…

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আপুনি নাৰ্ভাছ অনুভৱ কৰে নেকি। বিচনাৰ পৰা উঠাৰ আগতেই অস্থিৰ চিন্তা বা উদ্বিগ্নতা আহিবলৈ আৰম্ভ কৰে নেকি। যদি হয় তেন্তে কি কৰিব জানি লওক…

প্ৰায়ে “ষ্ট্ৰেছ হৰম’ন” বুলি জনাজাত কৰ্টিছলৰ মাত্ৰা সাৰ পোৱাৰ এঘণ্টাৰ পিছত ৰাতিপুৱা সৰ্বাধিক হয়। বিশেষকৈ নিয়মিতভাৱে উদ্বেগ অনুভৱ কৰা লোকৰ ক্ষেত্ৰত কৰ্টিছল এৱেকেনিং ৰেচপন্স (CAR) এক পৰিঘটনা।

ৰাতিপুৱাৰ উদ্বেগজনক বিকাৰ (GAD)ৰ লক্ষণ হ’ব পাৰে। উদ্বেগজনক বিকাৰগ্ৰস্ত লোকসকলে কমেও ছমাহলৈকে অত্যন্ত চিন্তা আৰু ভয়ৰ সন্মুখীন হয়। আন লক্ষণসমূহ হ’ব পাৰে স্থায়ী ভাগৰ, মনোনিৱেশ কৰাত অসুবিধা, আৰু অস্থিৰতা।

টোপনিৰ সমস্যা যেনে অনিদ্ৰা, টোপনিৰ অসুবিধা আৰু টোপনিৰ মানদণ্ড বেয়া হোৱা আদিয়ে ৰাতিপুৱা অধিক উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ৰাতি ভালদৰে টোপনি নাহিলে ৰাতিপুৱাৰ উদ্বেগৰ মাত্ৰা বৃদ্ধি পাই।

আমি যি খাওঁ তাৰ প্ৰভাৱ আমাৰ অনুভৱৰ ওপৰত পৰে। কিছুমান গৱেষণাই উদ্বেগক অতিৰিক্ত চেনি সেৱনৰ সৈতে সম্পৰ্কিত কৰিছে। কেফেইনৰ অত্যধিক সেৱনৰ বাবেও উদ্বেগৰ মাত্ৰা বৃদ্ধি পায়।

অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত “জ্যোতি” গ্ৰন্থ উন্মোচনী সভা সম্পন্ন…

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনিস্থিত মুক্তি যুঁজাৰু ড° সম্ভুৰাম মেধি কমপ্লেক্স চন্দ্ৰমা সভাগৃহত অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত “জ্যোতি” গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন কৰা হয়।সভাৰ সভাপতিত্ব কৰে অসম নাট্য সন্মিলন হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰে।সভাৰ আঁত ধৰে “জ্যোতি” সম্পাদনা সমিতিৰ মুখ্য সম্পাদক কিচিন দাসে।সভাৰ আৰম্ভণিতেই ভক্তিমুলক গীত পৰিৱেশন কৰে কণ্ঠশিল্পী সোনাৰাম দাসে ।সভাত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ অভিনেতা প্ৰয়াত জ্যোতিষ ভৰালীৰ স্মৃতিত বিভিন্ন ব্যক্তিৰ লিখনি সমৃদ্ধ “জ্যোতি” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়।

গ্ৰন্থখনি উন্মোচন কৰে অসমৰ সাংস্কৃতিক আলোচনী দাপোনৰ মূখ্য সম্পাদক তথা এমট্ৰনৰ উপ প্ৰৱন্ধক দিনমনি ভাণ্ডাৰ কায়স্থই।গ্ৰন্থ উন্মোচনী বক্তৃতা প্ৰদানত কায়স্থই উল্লেখ কৰে “শিল্পীসকল সংস্কৃতিৰ দাপোন। তেওঁলোকৰ কৰ্মক সমাজে স্বীকৃতি তথা সন্মান জনোৱাটো সমাজৰ এটি দায়িত্ব। এই পাৰস্পৰিক সম্পৰ্ক যিমানেই গভীৰ হব,সিমানেই সমৃদ্ধ হ’ব সামূহিক জীৱন।” সভাত অসম চৰকাৰৰ প্ৰাক্তন তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকৰ, আলোক সম্ৰাট কল্যান দে, সংগীত নাটক একাডেমিৰ যুৱ বঁটা প্ৰাপক নাট পৰিচালক হিমাংশু শৰ্মা,জ্যোতি সম্পাদনা সমিতিৰ সভাপতি শঙ্কৰ দাস, সম্পাদক দিব্যজ্যোতি ভৰালী, সহযোগী সম্পাদক বিবেকানন্দ দাসকে প্ৰমূখ্যে প্ৰায় সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ…

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ।

পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ মৃতদেহ।

এতিয়াও সন্ধান নাই বিষ্ণু দাস নামৰ আনজন কিশোৰৰ।

সংগীত-নাটক অকাডেমী নতুন দিল্লীৰ উদ্যোগত কৰ্মশালা সম্পন্ন…

সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্বনেল ওৱেলফেয়াৰ ছ’চাইটি, নিউজৰ উদ্যোগত আৰু সংগীত-নাটক অকাডেমী, নতুন দিল্লীৰ সহযোগত দেশপ্ৰেমমূলক গীত আৰু এই গীত সমূহৰ ওপৰত আধাৰিত সৃজনশীল নৃত্যৰ দহদিনৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ মুঠতে দহদিন ধৰি চলা এই কৰ্মশালা আজি ইং ২১ জুলাই ২০২৪ তাৰিখে সামৰণি পৰে৷এই কৰ্মশালা নামনি কামাখ্যাস্থিত নীলাচল জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হয়৷

প্ৰশিক্ষক হিচাপে উপস্থিত থাকি নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে সত্ৰীয়া নৃত্যৰ বিশাৰদ তথা প্ৰশিক্ষক জীমণি কচাৰী, জয়শ্ৰী দাসে৷ সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰে অসীমজ্যোতি বৰুৱা,ৰাজেন্দ্ৰ শৰ্মাই৷ প্ৰশিক্ষণ পৰিচালনাৰ দায়িত্ব থকে আকাশবাণী গুৱাহাটীৰ কণ্ঠ সংগীত শিল্পী জ্যোতিকা কলিতা৷

প্ৰশিক্ষণত অসমীয়া দেশপ্ৰেমমূলক গীত অসম “আজি বন্দো কি চন্দৰে” ,

“জাগ্ৰত ভগৱান”,

“প্ৰভু সকলো তোমাৰ দান”,

“তেজ দিলা প্ৰাণ দিলা”, “আই সোণৰ অসম হে”,

“এই মাটিৰে মৰমতে”

আনহাতে হিন্দী দেশপ্ৰেমমূলক গীত

“এ মেৰী ৱতনকে ল’গ’ ”,

“হিন্দ দেচকে নিৱাচি”

“চাৰে জাহাচে আচ্‌ছা”

আদি কেইবাটাও গীতৰ

প্ৰশিক্ষণ আগবঢ়োৱাৰ লগতে এই গীত সমূহৰ ওপৰত আধাৰিত সৃজনশীল নৃত্যৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়৷

সৰ্ব মুঠ ৬৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে৷

কাইলৈ শাওণৰ প্ৰথমটো সোমবাৰ! সোমবাৰে ব্ৰত ৰখা নিয়ম জানি লওক, ন’হলে পূজা আধৰুৱা হ’ব…

সোমবাৰৰ ব্ৰত হৈছে শাওণ মাহৰ প্ৰথমটো দিন। শাওণৰ সোমবাৰৰ দিনা ৰীতি-নীতি অনুযায়ী পূজা, ব্ৰত পালন, কাহিনী পঢ়া আৰু নিয়ম মানি চলিলেহে ব্ৰত আৰু পূজাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব পাৰি।ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ শাওণৰ সোমবাৰে উপবাসে থকাটো অতি উত্তম বুলি গণ্য কৰা হয়। শাওণৰ সোমবাৰৰ ব্ৰতৰ সম্পূর্ণ সুফল পাবলৈ হ’লে ব্ৰতৰ নিয়ম জানি লওক…

শাওণৰ সোমবাৰৰ ব্ৰতৰ সময়ত খাদ্য খোৱা নহয়, এই ব্ৰতত কেৱল ফল খোৱা হয়। শাওণৰ সোমবাৰৰ ব্ৰত পালন কৰিবলৈ পুৱা সোনকালে সাৰ পাই শিৱলিংগত জলাভিষেক কৰক। তাৰ পিছত বেলপাত্ৰ, গাখীৰ, গংগা পানী, মৌ, ঘিউ, অক্ষত ইত্যাদি আগবঢ়াব। ভগৱান শিৱৰ মন্ত্ৰ ‘অম নমশ শিৱয়’ জপ কৰক। বগা চন্দনৰ লগত তিলক লগাব। ৰীতি-নীতি অনুসৰি সমগ্ৰ শিৱ পৰিয়ালক পূজা কৰক। ঘিউৰ লেম্প এটা জ্বলাওক। তাৰ পিছত গোটেই দিনটো খাদ্য অবিহনে উপবাসে থাকিব। সন্ধিয়া শাওণৰ সোমবাৰৰ ব্ৰতৰ কাহিনী শুনি আৰতি কৰি তাৰ পিছত ফল-মূল খাব। পিছদিনা ৰাতিপুৱা স্নান কৰি শিৱক পূজা কৰক, তাৰ পিছত উপবাস ভংগ কৰক। এই ব্ৰতৰ সময়ত নিমখ সেৱন কৰিব নালাগে।

লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ…

লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।

অভিযানত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰীক। জব্দ ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ।

ধৃত সৰবৰাহকাৰীটো টেঙাগুৰিৰ ছাকিল আনোৱাৰ।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ উদ্যাগত ২ লাখ ৪৯ হাজাৰ টকা বান সাহায্যৰ বাবে অসম চৰকাৰৰ হাতত অৰ্পণ…

আজিৰ ৰাতিপুৱা ১১-৩০ বজাত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ উদ্যাগত সংগৃহীত ২ লাখ ৪৯হাজাৰ টকা আৰু খাদ্য সামগ্ৰী বান সাহায্যৰ বাদব অসম চৰকাৰৰ হাতত অৰ্পণ কৰা হয়। উল্লেখ্য যে অসম আৰক্ষী প্ৰতিষ্ঠানত অনুষ্ঠিত উক্ত আয়োজনত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ সভাপতি ড’ অনামিকা সিং, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জি পি সিং, আই.পি.এছ., শ্ৰীহৰমিত সিং আই, পি,এছ, সম্বনিতে আৰক্ষীৰ বিষয়াসকল, অসম
আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ বিষয়ববীয়া আৰু সদস্যাসকল উপস্থিত থাকে।

অসম চৰকাৰৰ হৈ উক্ত সাহায্য গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাক ধন্যবাদ জনোৱাৰ
উপৰিও সামাজিক গঠনমূলক কামত এই সংস্থাটোৱে আগন্তুক দিনটো কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে।

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু…

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা।

পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু।

ঘটনাত আহত হৈছে ২ জন লোক। যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ SDRFৰ।

বিবাহ নৰকত আৰু বিবাহ বিচ্ছেদ স্বৰ্গতঃ নাটাছা-হাৰ্ডিক পৃথক হ’ল! এগৰাকী পৰিচালকৰ এনে পোষ্ট তোলপাৰ লগাইছে সামাজিক মাধ্যম…

মাত্ৰ কেইদিনমানৰ আগতে নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি বহু অনুৰাগীৰ মন সেমেকাই তুলিছিল। ইফালে এজন ডাঙৰ চলচ্চিত্ৰ পৰিচালকে এটা পোষ্ট দিলে যিটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত।

ছবি নিৰ্মাতা ৰাম গোপাল বৰ্মাই নাটাছা ষ্টানকভিচ আৰু হাৰ্দিক পাণ্ড্যাৰ বিচ্ছেদৰ ঘোষণাৰ পিছতেই বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কে এক অতি আচহুৱা পোষ্ট দিছে, যিটোৱে ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই কথা ৰাম গোপাল বৰ্মাই নিজৰ এক্স (টুইটাৰ) হেণ্ডেলত পোষ্ট কৰিছিল।‘ৰংগীলা’ চলচ্চিত্ৰ পৰিচালকে লিখিছে, ‘বিবাহৰ সিদ্ধান্ত নৰকত আৰু বিবাহ বিচ্ছেদ স্বৰ্গত সিদ্ধান্ত লোৱা হয়’। ইয়াৰ পিছত তেওঁ ক’লে, ‘মই ভাবো আজিকালি বিয়াবোৰ আচলতে পিতৃ-মাতৃৰ বিয়া হোৱাৰ দিনবোৰৰ দৰে দীঘলীয়া হয় নেকি?’ ৰাম গোপাল ভাৰ্মাই ক’লে, ‘বৃদ্ধ বয়সত ইজনে সিজনৰ যত্ন ল’বলৈ বিবাহতকৈ দৰমহা পোৱা নাৰ্ছ এগৰাকী উত্তম বিকল্প। নাৰ্চে দৰমহা পোৱা কাম হিচাপে কৰিব আনহাতে পত্নীয়ে বুঢ়াক চিৰদিনৰ বাবে দোষী অনুভৱ কৰাব। তেওঁ আৰু কয়, ‘প্ৰেম অন্ধ আৰু বিবাহে চকু মুকলি কৰে’। পৰিচালকে লগতে কয় যে, ‘এজন মানুহক বাৰে বাৰে ভালপোৱাৰ অসাধাৰণ ক্ষমতা থাকিলেহে বিবাহ সফল হ’ব পাৰে’।

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা, পাহাৰৰ পৰা পথৰ ওপৰত খহি পৰিল শিল…

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা।

পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু।

ঘটনাত আহত হৈছে ২ জন লোক।

যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ SDRFৰ।