Home Blog Page 647

ডিব্ৰুগড়ত স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী…

ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনা
স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী
AMCHত মৃত্যু নির্যাতিতা বোৱাৰী নিকুমণি সেনাপতিৰ


চিকিৎসালয়ত ভৰ্তিৰ পূৰ্বে কেমেৰাত বন্দী বোৱাৰীগৰাকীৰ আর্তনাদ
শুকুৰবাৰে AMCHত ভর্তি কৰোৱা হৈছিল বোৱাৰীগৰাকীক
আজি পুৱাই কৰুণ মৃত্যুক সাবটি লয় বোৱাৰীগৰাকীয়ে


৫ মাহ পূর্বে বিয়া হৈছিল ৰহমৰীয়া চেংধৰাৰ নিকুমণি সেনাপতিৰ
মিলননগৰ খনিয়া গাঁৱৰ জনছ গোহাঁই সৈতে হৈছিল বিয়া
বিয়াৰ পাছৰে পৰা বোৱাৰীগৰাকীক নির্যাতন স্বামীৰ লগতে শাহুৱেকৰ
স্বামীৰ জ্যেষ্ঠ ভাতৃ জোন গোহাঁইৰ বিৰুদ্ধেও নির্যাতন কৰাৰ অভিযোগ

বিশিষ্ট গণিতজ্ঞ, কৃতি শিক্ষক অৰুণ কুমাৰ কংসবনিকৰ দেহৱসান, ৰাজ্যিক বঁটা প্ৰাপ্ত শিক্ষকগৰাকীৰ মৃত্যুত চাপৰত শোকৰ ছাঁ…

বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, কৃতি শিক্ষক তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবনিক (৮১) আৰু নাই। শুক্ৰবাৰে সন্ধিয়া ৭ মান বজাত গুৱাহাটীৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। কৃতি শিক্ষকগৰাকীৰ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ চাপৰ অঞ্চলত। আজি শিক্ষকগৰাকীৰ নশ্বৰ দেহ আহি চাপৰৰ কলনীস্হিত নিজ বাসভৱনত আহি পোৱাৰ লগে লগে সহস্ৰাধিক গুণমুগ্ধ আহি শিক্ষকগৰাকী লৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ১৯৪৩ চনৰ ১৯ জুনত জন্মগ্ৰহণ কৰিছিল অৰুণ কুমাৰ কংসবনিক।

পিতৃ আছিল প্ৰয়াত ইন্দ্ৰ ভূষণ কংসবনিক আৰু মাতৃ আছিল জশদা কংসবনিক। ১৯৫৯ চনত মেট্ৰিক পাছ কৰাৰ পিছত ১৯৬৩ চনত B.S.C আৰু ১৯৬৫ চনত M.Sc পাছ কৰে। ১৯৬৩ চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত গণিতৰ শিক্ষক হিচাপে চাকৰীত যোগদান কৰিছিল। বিশিষ্ট গণিতজ্ঞ হিচাপে পৰিচিত শিক্ষকগৰাকী ১৯৯৭ চনত কৃতি শিক্ষকৰূপে ৰাজ্যিক বটা লাভ কৰিছিল। ২০০১ চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিছিল। কৃতি শিক্ষক গৰাকীৰ মৃত্যুত চাপৰ আছু, আক্ৰাছু, আমছু, চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব, দেশী জনগোষ্ঠীয় মঞ্চ অসম, আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুপৰীয়া বাৰ বজালৈ চাপৰ বজাৰ বন্ধ ৰাখি শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ইহ সংসাৰ পুত্ৰ সন্তান এৰি থৈ যায়।

অসম সাহিত্য সভাৰ লণ্ডন শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন…

অসম সাহিত্য সভাৰ যুক্তৰাজ্য লণ্ডন শাখাৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটো অলপতে লণ্ডন চহৰৰ কিংছ লেঙলী হলত অনুষ্ঠিত হয়। বহু সংখ্যক প্ৰবাসী অসমীয়াৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতটিৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ অমৰজ্যোতি চৌধুৰী, পণ্ডিত সুকুমাৰ বৰঠাকুৰ, কন্ঠশিল্পী ডঃ সংগীতা কাকতি উপস্থিত থাকে। সভাত যুক্তৰাজ্য অসম সাহিত্য সভাৰ কৰ্ণধাৰ সভাপতি ভুৱন বৰুৱা, জীৱন কুমাৰী বৰুৱা দেৱী আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্য হাজৰিকা দেৱৰ শুভেচ্ছা বাণী পাঠ কৰা হয়। সভাত নৱগঠিত কাৰ্য্যকৰী কমিটিৰ সদস্যবৃন্দই শপত গ্ৰহণ কৰে আৰু গীতা বৰুৱাই সভাপতি পদৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।

সভাত মুখ্য অতিথি হিচাপে ভাগ লোৱা ড০ অমৰজ্যোতি চৌধুৰীক এখন ফুলাম গামোছাৰে আদৰণি জনোৱা হয়। বিগত (২০১৭-২০২৪) অসম সাহিত্য সভা যুক্তৰাজ্য শাখাৰ সভাপতি তাৰ আগতে ১৫ বছৰ সম্পাদিকা হিচাবে থকা মঞ্জিৰা চৌধুৰীয়ে তেঁওৰ বিদায় ভাষণত যুক্তৰাজ্য অসম সাহিত্য সভাৰ জন্ম বৃত্তান্ত সুঁৱৰি কেনেকৈ সোঁতৰ বিপৰীতে সাতুৰি এই সভাই এই পৰ্যায় পোৱা সঁচাকৈয়ে গৌৰৱৰ কথা বুলি ব্যক্ত কৰে। দেশে বিদেশে থকা সকলো অসমীয়াকে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আহ্বান জনায়। আনহাতে ড০ অমৰজ্যোতি চৌধুৰীয়ে ভাষণত সাত সাগৰ তেৰ নদীৰ সিপাৰত অসমীয়া ভাষা সংকৃষ্টিৰ কল্যানৰ বাবে বিগত ২৫ বছৰে অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই লানি নিচিঙাকৈ কৰি আহিছে আৰু আগলৈকে কৰি থাকিব বুলি বিশ্বাস আছে বুলি ব্যক্ত কৰে। তেওঁ অসমীয়া ইতিবাচক বক্তৃতা ৰখাৰ লগতে ডঃ ভূপেন হাজৰিকাৰদেৱৰ মৃত্যৃত লিখা কবিতাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানটো থলুৱা শিল্পীৰ দ্বাৰা পৰিৱেশিত সমৱেত সংগীতেৰে মুকলি কৰা হয়।

বিশিষ্ট গায়িকা ড০ সংগীতা কাকতিৰ সুকন্যা আনৌস্কাৰ ৰজাঘৰীয়া চালি নৃত্য আৰু ড০ সংগীতা কাকতিৰ কোকিল কণ্ঠৰ ন-পুৰণি গীতৰ সমাৰোহে উপস্থিত সকলো শ্ৰোতাৰ মন আকৃষ্ট কৰে । যুক্তৰাজ্য অসম সাহিত্য সভাই অসমীয়া কৃষ্টি সংকৃষ্টিক নৱ প্ৰজন্মৰ মাজত জীপাল কৰি ৰখাৰ অভিপ্ৰায়ৰে কণ কণ মাইনা ক্ৰমে – ঊৰ্বি শৰ্মা, দিত্যগাথা ৰাজখোৱা , অৰিহনৰ গীত-কৱিতাই সকলোকে আপ্লুত কৰে। নিলাক্ষী দলে, ময়ুৰাক্ষী , বহনাৰ নৃত্য আৰু মীৰা দত্ত , নিৰলা বৰুৱা আৰু অংগুৰ শইকীয়াৰ স্বৰচিত কৱিতাৰ লগতে অঞ্জীৱ ৰাজখোৱাই স্বৰচিত গীতে সকলোকে আৰ্কষিত কৰে। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটোৰ আঁত ধৰে সাংস্কৃতিক সম্পাদিকা গীতোৎপলা বৰদলৈয়ে। আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিত্ৰশিল্পী ৰূপম বৰঠাকুৰৰ উদ্যোগত এখন চিত্ৰাংকণ কৰ্মশালা অনুষ্ঠিত হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা জাহ্নৱী গগৈয়ে।

জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামী স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে…

যোৱা ১১ জুলাইৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জটিল হৃদৰোগত আক্ৰান্ত হৈ আই চি ইউত চিকিৎসাধীন জ্যেষ্ঠ সাংবাদিক, ৰাষ্ট্ৰীয় হিন্দী দৈনিক কাকত ‘ৰাষ্ট্ৰীয় খবৰ’ৰ উত্তৰ-পূবাৰ্ঞ্চলৰ প্ৰধান সংবাদদাতা তথা অগ্ৰদূত কাকতৰ স্তম্ভ লেখক ভূপেন গোস্বামীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী শৰ্মাই ফোন যোগে সাংবাদিক জনৰ স্বাস্থ্যৰ বুজ লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ বিশেষজ্ঞ সকলে দিয়া বিধি অনুসৰি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো সহায় কৰাৰ আশ্বাসো দিছে। উল্লেখ্য যে হঠাৎ যোৱা ১১ জুলাইৰ নিশা উসাহ নিসাহত বৰকৈ কষ্ট পোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউৰ ত ভৰ্তি কৰোৱা হৈছিল।

আৰু ২০ জুলাই তাৰিখে এমাহ জিৰণিৰ বাবে যাবলৈ দিয়া হয়। ইয়াৰ পাছত পুনৰ অহা ২২ আগস্টত চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ তথা মূৰব্বী অধ্যাপক ডাঃ প্ৰণৱ জ্যোতি ভট্টাচাৰ্যৰ পৰামৰ্শ মতে ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়া হৈছে। বিভাগৰ অধ্যাপিকা তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ বৰ্ণালী দত্তৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে। বিশিষ্ট হৃদৰোগ বিশেষজ্ঞা চিকিৎসক অধ্যাপিকা ডাঃ দত্তই জনোৱা মতে গোস্বামীৰ দীঘলীয়া চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এতিয়াও সংকটমুক্ত বুলি কব নোৱাৰি। সাংবাদিক জনৰ হৃদযন্ত্ৰৰ পাম্পিং অতি দূৰ্বল হৈ পৰিছে যাৰ ফলত উসাহ নিসাহত বৰকৈ কষ্ট অনুভৱ কৰি আছে। হৃদযন্ত্ৰৰ পাম্পিং সবল নোহোৱা পৰ্যন্ত এআইচিডি বা পেছমেকাৰ সংস্থাপনৰ জটিল অস্ত্ৰোপচাৰ একেবাৰে সম্ভৱ নহয়।

সেয়ে চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক সকলে ধাৰাবাহিক চিকিৎসা আৰু জিৰণিৰ লগতে মানসিক চাপ পাব পৰা যি কোনো চিন্তা-চৰ্চাৰ পৰা আতঁৰি থকাৰ পৰামৰ্শ আগবঢ়াইছে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো সাংবাদিক গোস্বামীৰ স্বাস্থ্যৰ বুজ লৈ আশু আৰোগ্য কামনা কৰে। তদুপৰি বৃহত্তৰ পাঞ্জাবাৰী বতাহঘূলি বৰ নামঘৰৰ ভকত বৈষ্ণৱ সহিতে পৰিচালনা সমিতি, পাঞ্জাবাৰী নৱজ্যোতি ক্লাব, পাঞ্জাবাৰী উদ্যান সমিতিকে ধৰি, নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ কেন্দ্ৰীয় সমিতিয়েও গোস্বামীৰ আশু আৰোগ্য কামনা কৰিছে। ইতিমধ্যে সাংবাদিক জনৰ পৰিয়ালৰ তৰফৰ পৰা চৰকাৰৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছ।

বাংলাদেশত বন্ধ হ’ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম ! ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ…

বন্ধ হ’ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম। বাংলাদেশত বন্ধ হ’ল মেটাৰ সকলো ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম। বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ।

চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণৰ বিৰুদ্ধে মাৰাত্মক প্ৰতিবাদৰ কিছুদিন পিছতে বাংলাদেশে ২৪ জুলাইত দূৰসংযোগ সেৱা আংশিকভাৱে পুনৰুদ্ধাৰ কৰিছিল যদিও ইণ্টাৰনেট সংযোগ লেহেমীয়া আছিল আৰু ছ’চিয়েল মিডিয়া বন্ধ হৈ আছিল।

২০১৮ চনত বাতিল কৰা চৰকাৰী চাকৰিৰ ৫৬% কোটা পুনৰ প্ৰৱৰ্তন কৰা উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক বাতিল কৰি উচ্চতম ন্যায়ালয়ে বিভিন্ন শ্ৰেণীৰ সংৰক্ষণ ৭% লৈ হ্ৰাস কৰাৰ পিছত দেওবাৰৰ পৰাই দেশখন বেছিভাগেই শান্ত হৈ আহিছে।

মঙলবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ক মানি ল’ব বুলি প্ৰকাশ কৰে।

কোটাৰ বিৰুদ্ধে বিক্ষোভ – য’ত ১৯৭১ চনৰ পাকিস্তানৰ পৰা স্বাধীনতা যুদ্ধৰ পৰা স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৩০% সংৰক্ষণৰ ব্যৱস্থাও আছিল – ক্ষীণ হোৱাৰ লগে লগে চৰকাৰে যোৱা সপ্তাহত জাৰি কৰা সান্ধ্য আইন শিথিল কৰিবলৈ আৰম্ভ কৰে।

দেৰগাঁৱৰ পুলি কৰৈয়নিত পানীত পৰি সলিল সমাধি ১৩ বছৰীয়া ছাত্ৰৰ…

দেৰগাঁৱৰ পুলি কৰৈয়নিত মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যু ১৩ বছৰীয়া ছাত্ৰ। ছাত্ৰ জন পুলি কৰৈয়নিৰ বিকাশ ভৰালী বুলি জানিব পৰা গৈছে। সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল বিকাশ ভৰালী। চবুৰীয়াৰ ঘৰৰ পৰা ৫০ টকা চুৰি আৰু শৌচ কৰাৰ অভিযোগৰ বাবেই চৰম সিদ্ধান্ত ছাত্ৰ জনৰ।


অভিযোগৰ বাবেই কলিৰে পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰ জন। অভিযোগ মিছা আছিল বুলি দাবী পৰিয়ালৰ লোকৰ। আজি বিয়লি ভাগত বাৰীৰ পাছতে থকা এটা দ-জানত উদ্ধাৰ মৃতদেহ। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সম্পৰ্কত আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ঘটনাৰ প্রকৃত ৰহস্য।

দুটাকৈ পদক জিনি দেশবাসীক গৌৰৱান্বিত কৰি ফাইনেলত চতুৰ্থ স্থানত তাৰকা শ্বুটাৰ মনু ভাকৰ…

দুটাকৈ পদক জিনি দেশবাসীক গৌৰৱান্বিত কৰি ফাইনেলত চতুৰ্থ স্থানত তাৰকা শ্বুটাৰ মনু ভাকৰ।

মহিলাৰ শ্বুটিঙৰ ২৫ মি এয়াৰ পিষ্টলৰ ফাইনেলত ৪ৰ্থ স্থানত ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ।

ইয়াৰ পূৰ্বে অলিম্পিকত ৩ খন ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী শ্বুটাৰ হিচাপে পৰিগণিত হৈছিল মনু ভাকৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপত দোপে আগবাঢ়িছেঃ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি। আজি পুৱাই শক্তিপীঠ কামাখ্যাত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনি। পত্নীসহ কামাখ্যা মাৰ আশিস ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

হাৰিয়ানাৰ জনতাৰ সৰ্বাংগীন উন্নয়নৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে অসমৰ মুখ্যমন্তীগৰাকীৰ সন্দৰ্ভত তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপত দোপে আগবাঢ়িছে।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীক পত্নীৰ লগতে সংগ দিয়ে হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই।

ৰাতিপুৱা মেকআপ নকৰাকৈ নিজকে ধুনীয়া দেখাবলৈ কি কৰিব…

ৰাতিপুৱা আপোনাৰ শুকান মুখখনে আপোনাৰ আত্মবিশ্বাস নোহোৱা কৰিব পাৰে। কিছুমান ছালৰ যত্ন আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে আপুনি সহজেই ৰাতিপুৱাৰ মুখৰ গ্লো লাভ কৰিব। ৪০ বছৰ বয়সতো আপুনি ২৮ বছৰীয়া যেন হৈ থাকিবলৈ কৰক এই সমূহ কাম…

শোৱাৰ পূৰ্বে ছালৰ পৰা মলি, তেল আৰু মেকআপ আঁতৰাবলৈ মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনাৰ ছালখনে উশাহ লোৱাত সহায় কৰে।

শোৱাৰ আগতে হাইড্ৰেটিং মইশ্ব’ৰাইজাৰ লগাবলৈ নাপাহৰিব। ই গোটেই ৰাতি ছালখনৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে, যাৰ ফলত ছালৰ শুকানতা আৰু নিৰ্জীৱতা দূৰ হয়।

শুই থকাৰ সময়ত ছালত হাইড্ৰেট কৰিবলৈ পুষ্টিকৰ মাস্ক বা শ্লিপিং পেক ৰাতিটোৰ বাবে ছালত লগাওক। ৰাতিপুৱা সাৰ পালে আপোনাৰ ছালখন কোমল আৰু জিলিকি থকা দেখিব।

গোটেই দিনটো প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে ছালখন ভিতৰৰ পৰা হাইড্ৰেটেড হৈ থাকে। হাইড্ৰেটেড ছালখন অধিক কোমল আৰু জিলিকি থকা যেন লাগে।

তেজৰ সঞ্চালন বৃদ্ধি কৰিবলৈ ছালৰ ৰুটিনত মুখৰ মালিচ অন্তৰ্ভুক্ত কৰক। ইয়াৰ লগে লগে ছালৰ ৰং উজ্জ্বল আৰু ডাঠ দেখা যাব।

প্ৰতিদিনে পুৱা ছানস্ক্ৰীণ প্ৰয়োগ কৰি ছালখন ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰিব লাগে আৰু অকাল বয়স বৃদ্ধি আৰু ক’লা দাগ পৰা নাযায়।

প্ৰতি নিশা ৭-৯ ঘণ্টা ভালদৰে শুব লাগে, যাৰ ফলত ৰাতিপুৱা ছালখন সতেজ আৰু জিলিকি থকা দেখা যায়।

ফল-মূল, শাক-পাচলি আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ খাদ্য খাওক যাতে আপোনাৰ ছালখন ভিতৰৰ পৰা বাহিৰলৈ পুষ্টিকৰ হয়।

ৰাতিপুৱা শীতল পানীৰে মুখখন ধুই ছালখন জগাই তুলিব আৰু প্ৰদাহ কমায়। ইয়াৰ পিছত আপুনি হাইড্ৰেটিং টোনাৰ ব্যৱহাৰ কৰিব।

ভুৱা জাতিৰ প্ৰমানপত্ৰক লৈ বিশ্বনাথত প্ৰতিক্ৰিয়া! চাহ জনজাতি জাতীয় সন্মিলনী(অসম) অধ্যক্ষলৈ বিসংগতি সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান…

ৰাজ্যত চাহ জনগোষ্ঠীৰ সকলৰ নামত ভুৱা জাতিৰ প্ৰমানপত্ৰক লৈ চাঞ্চল্যকৰ খবৰ মাৰ নৌ যাওঁতেই বিশ্বনাথতো চলিছে এতিয়া বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা৷ ইতিমধ্যে চাহ জনগোষ্ঠী লোক সকলৰ নামত কেইবাটাও ভুৱা জাতিৰ প্ৰমানপত্ৰ উদ্ধাৰ কৰি চিনাক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে চাহ জনগোষ্ঠী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ চাহ জনগোষ্ঠী লোক সকলৰ নামত চৰকাৰী সংৰক্ষণ তথা সুবিধা পাবৰ বাবে এচামে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা ভুৱা জাতিৰ প্ৰমানপত্ৰ উলিয়াই অবৈধ দুইনম্বৰী বজাৰ গঢ়ি তুলিবলৈ সক্ষম হয় বুলি বিভিন্ন লোকে মতপোষণ কৰে ৷ উল্লেখ্য যে এই ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ সুবিধাবাদী নেতা জড়িত থকাৰ অভিযোগ উথথাপিত হৈছে ৷

বিষয়টোৱে চৰম পৰ্যায় পোৱা অৱশেষত বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী (অসম)য়ে আয়োজন কৰা ৰাজহুৱা সভাৰ আহ্বান মৰ্মে কেইবাটাও সিদ্ধান্ত গ্ৰহন কৰে৷ ইতিমধ্যে ভুৱা জাতিৰ প্ৰমানপত্ৰ উদ্ধাৰ কৰা তথা বিভিন্ন বিসংগতি সন্দৰ্ভত চাহ জনজাতি জাতীয় সন্মিলনী(অসম)ৰ কেন্দ্ৰীয় অধ্যক্ষ পৃথিৱী মাঝিক সাক্ষাৎ গ্ৰহনেৰে প্ৰায় আধাঘণ্টা জোৰা আলোচনাৰ অন্তত এক স্মাৰকপত্ৰ প্ৰদান কৰা হয় বুলি বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী (অসম)ৰ বিষয়ববীয়া সকলে জানিব দিয়ে ৷ সুত্ৰটোত সদৰি কৰা কেন্দ্ৰীয় নেতৃত্বই সমাজখনৰ উত্তৰণৰ স্বাৰ্থত গঠনমুলক পদক্ষেপ গ্ৰহন কৰিব বুলি আশা প্ৰকাশ কৰে বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী(অসম)ৰ বিষয়ববীয়া সকলে৷