Home Blog Page 648

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী…


টীয়কৰ মুদৈজানত পথ দুর্ঘটনা
বাইক আৰু মাৰুতি বাহনৰ মাজত সংঘর্ষ


দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী
স্থানীয় লোকৰ তৎপৰতাত আহত লোকজনক JMCHত ভর্তি


দুর্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS23-AD-4010
বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই আহত যুৱকজনৰ পৰিচয়
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুর্ঘটনা


কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৪০জনলৈ বৃদ্ধি…

ৱায়ানাডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ।

কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৪০জনলৈ বৃদ্ধি৷

বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২০০ জন ৷

প্ৰেমৰ নগৰ পেৰিছত পেৰিছ অলিম্পিকত সহ-খেলুৱৈক আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ…

প্ৰেমৰ নগৰ পেৰিছত পেৰিছ অলিম্পিকত সহ-খেলুৱৈক আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ।

পেৰিছ ২০২৪ৰ মিক্সড ডাবলছ বেডমিণ্টনৰ পদক অনুষ্ঠানৰ শেষত চীনৰ স্বৰ্ণ পদক বিজয়ী ঝেংচিৱেইয়ে তেওঁৰ সহ-পদক বিজয়ী হুয়াং য়া কিয়ঙক আগবঢ়ালে বিবাহৰ প্ৰস্তাৱ।

হুয়াং ইয়া কিয়াঙে লগে লগে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱক গ্ৰহণ কৰে। তাৰ পিছত লিউ ইউচেনে কিয়ঙক হীৰা আঙঠি পিন্ধাই দিলে আৰু ফুলৰ থোপা এটা দিলে। এই সুন্দৰ মুহূৰ্তটো দেখি লা চেপেল এৰিনাত উপস্থিত থকা সকলো দৰ্শকে আনন্দত জপিয়াই উঠিল।

আজি দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন ! প্ৰকল্পৰ ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ভূমিপূজন কাৰ্যসূচী। প্ৰকল্পৰ ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

২৭ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব প্ৰকল্প। ৫১৭ বিঘা ২৭ কঠা মাটিত নিৰ্মাণ হ’ব এই প্ৰকল্প। প্ৰকল্পত নিয়োগ কৰা হ’ব ২৭ হাজাৰ কৰ্মচাৰী।

প্ৰায় ১৮ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য। প্ৰকল্পটোত প্রতিদিনে উৎপাদন হ’ব ৪৮ মিলিয়ন চিপ্‌ছ।

অলিম্পিকত পদক বিজয়ীক প্ৰতিজন ভাৰতীয়ক MG Windsor গাড়ী উপহাৰ দিব উদ্যোগপতি সজ্জন জিন্দালে…

অলিম্পিকত মেডেল লাভ কৰিলেই উপহাৰ পাব এখন গাড়ী।

অলিম্পিকত পদক বিজয়ীক প্ৰতিজন ভাৰতীয়ক MG Windsor গাড়ী উপহাৰ দিব উদ্যোগপতি সজ্জন জিন্দালে।

মাধ্যমযোগে এই ঘোষণা উদ্যোগপতি গৰাকীৰ।

অলিম্পিকত তৃতীয়টো পদকৰ দৌৰত মনু ভাকৰ, আজি ২৫ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত যুঁজিব মনু ভাকেৰে…

পেৰিছ ২০২৪ত তৃতীয়বাৰৰ বাবে ফাইনেলত অংশগ্ৰহণ কৰিবলৈ সাজু মনু ভাকৰ। আজি ২৫ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত যুঁজিব মনু ভাকেৰে। আজি বিয়লি ১ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেল।

আনহাতে মনু ভাকৰলৈ ৪০টা ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ প্ৰস্তাৱ। পেৰিছ অলিম্পিকৰ পৃৰ্বে ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ বাবে ২০ৰ পৰা ২৫ লাখ টকা মাচুল লৈছিল মনু ভাকৰে। সম্প্ৰতি ২০ লাখৰ পৰা কোটিলৈ বৃদ্ধি পালে মনু ভাকৰৰ মাচুল। ইতিমধ্যে দুটা ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাইছে মনুৰ এজেন্সীয়ে।

Bigg Boss OTT 3 Grand Finaleৰ খিতাপ জয় অভিনেত্ৰী ছানা মকবুলৰ…

Bigg Boss OTT 3 Grand Finaleৰ খিতাপ জয় অভিনেত্ৰী ছানা মকবুলৰ। ট্ৰফীসহ ২৫ লাখ টকা লাভ কৰে অভিনেত্ৰী ছানা মকবুলে। অনিল কাপুৰৰ আয়োজন কৰা ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি ৩ত সানা মকবুলে নাইজীক পৰাস্ত কৰে।

ফিনালেত প্ৰতিযোগীসকলৰ সন্ধিয়াৰ আকৰ্ষণ আছিল অভিনেতা শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমা। অনিল কাপুৰৰ সৈতে মঞ্চত যোগদান কৰি তেওঁলোকে আগন্তুক ছবি ষ্ট্ৰী ২ৰ প্ৰচাৰ কৰে।

ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ…

অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন।

ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ।

অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰে কমলা হেৰিছে।

হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত গছপুলি বিৰতণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী…

বৰপেটা জিলাৰ হাউলীৰ নিকটৱৰ্তী ইটাৰভিঠাস্থিত কাৰ্যালয়ৰে পৰিচালিত ৰাজ্যখনৰ অন্যতম বেচৰকাৰী সংস্থা হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত আৰু আস্থা আশ্ৰমৰ সহযোগত শুক্ৰবাৰে ৰাইজৰ মাজত গছপুলি বিতৰণ আৰু ফাউণ্ডেশ্বনৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী সফলতাৰে সমাপ্ত হয়। হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বন আৰু আস্থা আশ্ৰমৰ সঞ্চালক আনোৱাৰুল ইছলাম আকন্দে উক্ত গছপুলি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। গছপুলি বিতৰণ কাৰ্যসূচীত সচেতন নাগৰিক তথা শিক্ষক মাহমুদুৰ ৰহমান খান¸ সমাজকৰ্মী জাবেদুৰ ৰহমান খান¸ বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি সেখ ৰহমত উল্লাহ¸ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদকে আদি কৰি ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে¸ হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত প্ৰায়ে সমাজকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে উদ্যোক্তাসকলে। ঈদ আৰু পূঁজা পাৰ্বণত বস্ত্ৰ বিতৰণ আৰু খাদ্য সামগ্ৰী বিতৰণ¸ আস্থা আয়ুৰ্বেদিক ফাৰ্ম এণ্ড ওৱেলফেয়াৰ ছেন্টাৰৰ উদ্যোগত হেল্থ চেকআপ কেম্প কৰা¸ চিলাই মেচিন আৰু দমকল বিতৰণ কৰা¸ ট্ৰেইলৰিং প্ৰশিক্ষণ দিয়াকে আদি কৰি বিভিন্ন সমাজ উন্নয়ণমূলক কাম কৰি আহিছে। লগতে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আৰু নিচা মুক্তিৰ সজাগতা সভাৰ আয়োজন কৰি আহিছে। শুক্ৰবাৰে গছপুলি বিতৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে সচেতন ৰাইজে সহায়-সহযোগ কৰাৰ বাবে সঞ্চালক আনোৱাৰুল ইছলাম আকন্দে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছ দুৰ্ঘটনাগ্ৰস্তঃ এই কথা জনালে শিক্ষামন্ত্ৰীয়ে…

আৰোহণ আঁচনিৰ অধীনত চাৰিদিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন বাছ ডিব্ৰুগড়ত দুৰ্ঘটনাগ্ৰস্ত হয়।

সম্প্ৰতি সকলো নিৰাপদ আৰু এ এম চি এইচত চিকিৎসা গ্ৰহণ কৰি আছে। সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।