ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড। জ্বলি ছাৰখাৰ নথিপত্ৰ, কম্পিউটাৰ।

দুষ্টচক্ৰই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। পুৱতিনিশা সংঘটিত হয় এই ঘটনা।

ঘটনাস্থলীত ঢেকীয়াজুলি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ আৰম্ভ কৰিছে তদন্ত ৷
ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড। জ্বলি ছাৰখাৰ নথিপত্ৰ, কম্পিউটাৰ।

দুষ্টচক্ৰই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। পুৱতিনিশা সংঘটিত হয় এই ঘটনা।

ঘটনাস্থলীত ঢেকীয়াজুলি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ আৰম্ভ কৰিছে তদন্ত ৷
দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু প্ৰগতিৰ কাৰণে নিৰৱিচ্ছিন্ন ভাৱে বৰঙণি আগবঢ়োৱা বেচৰকাৰী শৈক্ষিক সংগঠন বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, অসম প্ৰান্তৰ বাৰ্ষিক সাধাৰণ সভাখন শনিবাৰে ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰী তথা কণ্ঠশিল্পী জিলমিল ৰূপালী জোনাকৰ সৰস্বতী বন্দনাৰে শুভাৰম্ভ হোৱা সভাখনত আগন্তুক দুবছৰৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সেই অনুসৰি পুৰ্বৰ সভাপতি ডঃ দেৱহৰি তালুকদাৰক সভাপতি , বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাণিজ্য বিষয়ৰ অধ্যাপক ডঃ জ্যোতিৰাজ পাঠকক সাধাৰণ সম্পাদক, ডঃ হোমেশ্বৰ কলিতা, ডঃ চন্দ্ৰমা গোস্বামী, ডঃ মনিষা ভট্টাচাৰ্য, ডঃ ৰুনুমণি দাস লহকৰ আৰু ডঃ সুৰেশ দত্তক উপ সভাপতি, দীপাংকৰ বৰাক কোষাধক্ষ, কংকন গোস্বামীক কাৰ্যালয় সম্পাদক, ডঃ দুলাল হাজৰিকা আৰু ডঃ হেমপ্ৰভা শইকীয়াক যুটীয়া সম্পাদক , আৰু ১৪গৰাকী সদস্যৰ অন্তৰ্ভুক্তিৰে ২৩ জনীয়া কাৰ্যকৰী সমিতি এখন গঠন কৰা হয়।

সভাৰ উদ্বোধনীমূলক সত্ৰত মুখ্য অতিথি ৰূপে ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য ডঃ কিৰণ হাজৰিকাই। সভাৰ দ্বিতীয় সত্ৰত বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, মেঘালয় প্ৰান্তৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, শ্বিলংৰ অধ্যাপক ডঃ সঞ্জীৱ নিগমবাম আৰু বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ সাংগঠনিক সম্পাদক নিৰৱ ঘিলানীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰে। অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনৰ দুয়োটা সত্ৰৰ আত ধৰে ডঃ দুলাল হাজৰিকাই। সভাত প্ৰথমটো দুবছৰীয়া কাৰ্যকালৰ বিস্তৃত খতিয়ান সম্বলিত এখনি পুস্তিকাও উন্মোচন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যই।
যোগীঘোপাৰ সাঁকোমুৰাত শোকাৱহ ঘটনা। পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু।

মাছ মাৰিবলৈ গৈ মৃত্যু নিৰঞ্জন ৰায় নামৰ লোকজনৰ।

ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহটো।
বৰ্তমান শিশু আৰু কিশোৰ-কিশোৰীৰ ৰক্তচাপ আৰু বেয়া কলেষ্টেৰল বৃদ্ধিৰ সমস্যাটো চিন্তাৰ বিষয় হৈ পৰিছে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে ভূমধ্যসাগৰীয় খাদ্যই এই সমস্যাসমূহ সমাধান কৰিব পাৰে।

ভূমধ্যসাগৰীয় খাদ্য সমূহ হৈছে ফলমূল, শাক-পাচলি, গোটা শস্য, মাছ, হাঁহ-কুকুৰা, জলপানৰ তেল আৰু সীমিত পৰিমাণৰ দুগ্ধজাত সামগ্ৰী আদি। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে এই খাদ্যাভ্যাস অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু এতিয়া এটা নতুন অধ্যয়নত দেখা গৈছে যে ই শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবেও অতি উপকাৰী।
ভূমধ্যসাগৰীয় খাদ্যত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন, খনিজ পদাৰ্থ আৰু স্বাস্থ্যকৰ চৰ্বি থাকে, যিবোৰ শৰীৰৰ বাবে অপৰিহাৰ্য পুষ্টিকৰ উপাদান। এই খাদ্যই কেৱল ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয়, ই ওজন নিয়ন্ত্ৰণতো সহায় কৰিব পাৰে, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
আজি অৰ্থাৎ ২১ জুলাই আজিৰ দিনটোতে পালন কৰা হয় গুৰু পূৰ্ণিমা উৎসৱ । এই তিথিক আহাৰ পূৰ্ণিমা, ব্যাস পূৰ্ণিমা আৰু বেদ ব্যাস জয়ন্তী বুলিও কোৱা হয় । আজিৰ দিনটোত গুৰুজনাৰ পূজা কৰাৰ এক নিয়ম আছে । ইয়াৰ লগতে গুৰু পূৰ্ণিমাৰ দিনা শিষ্যসকলে গুৰুক পূজা কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে । আজিৰ দিনটোত গুৰুজনাক কাপোৰ-কানি আৰু দক্ষিণা দিয়াৰ পৰম্পৰা আছে ।

জ্যোতিষৰ মতে তুলা ৰাশিৰ লোকসকলে গুৰু পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণু আৰু গুৰুৰ আশীৰ্বাদ লাভ কৰিব পাৰে। তুলা ৰাশিৰ লোকে এই দিনটোত ৰঙা কাপোৰ, মৌ, গুড় আৰু ৰঙা ফল দান কৰিব লাগে। ইয়াৰ উপৰিও গুৰু পূৰ্ণিমাৰ দিনা পায়স বনাই দুখীয়া আৰু আৰ্তজনক খুৱাব পৰাটোও উপকাৰী।

পূজাৰ পদ্ধতি জানি লওক
এই দিনটোত পবিত্ৰ নদীত গা ধুবলৈ যোৱাৰ এক নিয়ম আছে । কিন্তু যদি নদীত গা ধুবলৈ অক্ষম হয়, তেন্তে গংগাৰ পানী অলপ দি ঘৰতে গা ধুব । ইয়াৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে । ইয়াৰ পিছত এটা থাপনাত গুৰুৰ ছবি স্থাপন কৰক । ফটোত মালা অৰ্পণ কৰক । গুৰু ব্যাসৰ লগতে শুক্ৰদেৱ আৰু শংকৰাচাৰ্য আদি গুৰুক আমন্ত্ৰণ কৰি “গুৰুপৰমপাৰসিদ্ধযৰ্থম ব্যাসপুজন কৰিশ্যে” মন্ত্ৰ জপ কৰক আৰু তাৰ পিছত গুৰুৰ ঘৰত গৈ তেওঁক পূজা কৰি উপহাৰ দি তেওঁৰ পৰা আশীৰ্বাদ লওক । আনহাতে, যিসকলৰ সংসাৰত গুৰু নাই, তেওঁলোকে গুৰুৰ চৰণ পূজা কৰিব লাগে ।
জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়ত দুচকীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত এজাক কোমল বয়সৰ অনুসন্ধিৎসু শিক্ষাৰ্থীৰ মাজত শুকুৰবাৰে হঠাতে উপস্থিত হয় অসমৰ খ্যাতিমান অভিনেতা প্ৰাঞ্জল শইকীয়া। উল্লেখ্য যে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আচনিত স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে সঠিক আৰু সুৰক্ষিতভাবে দুচকীয়া বাহন চালনাত নিজকে উপযুক্তকৈ গঢ় দিব পাৰে সেই উদ্দেশ্যে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে যোৱা পহিলা জুলাইৰ পৰা বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰে৷ মহানগৰ জিলাখনৰ পৰা স্কুটী লাভকৰা ২,৯০৭গৰাকী শিক্ষাৰ্থীৰ কোনোৱে যাতে বাদ নপৰে তাৰ বাবে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে কাৰ্যালয় বন্ধ থকা দিনতো বাহন চালনাৰ প্ৰশিক্ষণ অব্যাহত ৰাখি অভিভাৱক সকলৰ লগতো কাৰ্যালয়ৰ পৰা যোগাযোগ অব্যাহত ৰখা হৈছে।

এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে মহানগৰ জিলাখনৰ চাৰিওদিশে এক যোগাত্মক বাৰ্তা বহন কৰাৰ সময়তে নতুন প্ৰজন্মৰ প্ৰতি সদায় আকৰ্ষিত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনতা গৰাকী প্ৰশিক্ষাৰ্থীসকলৰ মাজত উপস্থিত হোৱাত স্বাভাৱিকতেই এক উৎসাহজনক পৰিৱেশ বিৰাজ কৰে। ইয়াৰ লগে লগে অভিনেতা গৰাকীক পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ যানবাহন পৰিদৰ্শক দেৱাংশু দত্ত, জ্যেষ্ঠ আৰু নিম্নবৰ্গ সহায়ক জোনালী পাটোৱাৰী, জ্যোতিষ কৈৱৰ্ত্ত, মীৰা পাটোৱাৰী দাস, চন্দ্ৰীকা টেৰণ, সিদ্ধেশ্বৰ ৰংহাং আৰু অমৃতা গগৈয়ে ফুলাম গামোছাৰে আদৰণি জনায়।পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসক ছাত্ৰ-ছাত্ৰীৰ বাহন চালনাৰ ব্যতিক্ৰম প্ৰশিক্ষণ কাৰ্যসূচীৰ সুপৰিকল্পনা আৰু নেতৃত্ব লোৱা বাবে অভিনেতা গৰাকীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

বাহন চালনাৰ এই প্ৰশিক্ষণে অনাগত দিনত অসমৰ নতুন প্ৰজন্মক ধৈৰ্য, একাগ্ৰতা আৰু নৈতিক দায়িত্ববোধ সহকাৰে বাহন চলাবলৈ অনুপ্ৰাণিত কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ হোণ্ডা ছেফটি ড্ৰাইভিং ট্ৰেইনিং এডুকেছন চেন্টাৰৰ সহযোগত অনুষ্ঠিত প্ৰশিক্ষণত অংশগ্ৰহণ কৰি অভিনেতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে। শিক্ষা বিভাগৰ পৰা স্কুটী লাভ কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্যসূচী সমগ্ৰ অসমলৈ সম্প্ৰসাৰণ কৰি অনাগত দিনত এক সুপৰিকল্পিত পদ্ধতিৰে পথ সুৰক্ষা সজাগতা গঢ়ি তুলিবলৈ বিশিষ্ট অভিনতা গৰাকীয়ে ৰাজ্যৰ মাননীয় পৰিবহণ মন্ত্ৰীকে ধৰি অনান্য উচ্চপদস্থ বিষয়াসকলৰ প্ৰতি সবিনয়ে আহ্বান জনায়।
ভাৰতীয় ফুটবল দলৰ নতুন মুখ্য প্ৰশিক্ষক নিযুক্তি। মান’লো মাৰ্কেজক মুখ্য প্ৰশিক্ষক নিযুক্তি। AIIF-য়ে সদৰী কৰে মুখ্য প্ৰশিক্ষক নিযুক্তিৰ কথা। ইগৰ ষ্টিমাকৰ ঠাইত নতুন প্ৰশিক্ষক নিযুক্তি।

ভাৰতীয় দলৰ লগতে ২০২৪-২৫ ছিজনত এফ চি গোৱাৰ দায়িত্বও পালন কৰিব মাৰ্কেজে।জানিব পৰা মতে, ৩ বছৰৰ চুক্তিত স্পেনিছ কোচ

মানোলোক স্বাক্ষৰ কৰাব বিচাৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে।তেওঁৰ প্ৰশিক্ষণত গোৱাই আইএছএলত তিনি নম্বৰত শেষ কৰিছিল।
ক্ৰমশঃ খঙাল ৰূপ লৈছে প্ৰকৃতিৰ ৰূপৱতী, লাস্যময়ী কন্যা মিংমাং ৰূপহী জলপ্ৰপাত৷ মানুহৰ অত্যাচাৰ-উৎপীড়নত ক্ৰমশঃ অভিশপ্ত হৈ পৰা মিংমাং ৰূপহী জলপ্ৰপাতে পুনৰ দুগৰকী যুৱকৰ প্ৰাণ কাঢ়ি নিছে৷ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত গোগামুখ মিংমাং ৰূপহী জলপ্ৰপাতত শুক্ৰবাৰে নিৰুদিৰ্ষ্ট হোৱা দুই যুৱকৰ নমৃতদেহ উদ্ধাৰ কৰা হৈছে৷ শনিবাৰে পুৱা ১০ বজাত অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ যুৱক লংলেট চাউলাৰ মৃতদেহ জলপ্ৰপাতটোৰ এক কিলোমিটাৰ দূৰত্বৰ নামনিত শিল আৰু জাবৰৰ দমৰ মাজৰ পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ বিপৰীতে ধেমাজি জিলাৰ গোগামুখ তাজিক গাঁৱৰ যুৱক গোলাপ পেগুক মৃতদেহ দুপৰীয়া ১২ বজাত জলপ্ৰপাতটোৰ প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ নামনিত শিলৰ ফাঁকৰ মাজত সোমাই থকা অৱস্থাত স্থানীয় ৰাইজে দেখা পাই আৰক্ষীক খবৰ দিয়ে৷

গেৰুকামুখ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহায়ত মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ উল্লেখনীয় যে, ধেমাজি জিলাৰ গোগামুখ তাজিক গাঁৱৰ যুৱক গোলাপ পেগু আৰু অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ যুৱক লংলেট চাউলাই শুক্ৰবাৰে দুপৰীয়া গোগামুখৰ মিংমাং ৰূপহী জলপ্ৰপাতত তিনি-চাৰিগৰাকী সতীৰ্থৰ সৈতে গা ধুবলৈ গৈছিল আৰু জলপ্ৰপাতটোৰ ওখ থিয় গৰাৰ পৰা জলপ্ৰপাতটোৰ তললৈ জাঁপ মাৰি গা ধুইছিল৷ এনে সময়তে গোলাপ পেগু আৰু লংলেট চাউলা জলপ্ৰপাতটোৰ ভেকুলী আকৃতি সদৃশ সুৰংগত সোমাই পৰে আৰু দুয়োগৰাকী তাতেই মৃত্যু বৰণ কৰে৷ স্থানীয় ৰাইজ, আৰক্ষী আৰু এছ ডি আৰ এফৰ দলে যুৱক দুজনক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল৷ প্ৰাপ্ত তথ্য মতে জলপ্ৰপাতটোৰ ভেকুলী সদৃশ সুৰংগটো ২০-২৫ ফুট দ আৰু ২৮-২৯ ফুট বহল৷ উক্ত সুৰংগটোত পকনীয়াৰ দৰে অবিৰাম গতিত পানী ঘুৰি ঘুৰি বৈ থাকে৷ সুৰংগটোত সোমাই পৰিলে তাৰ পৰা যিকোনো ব্যক্তি বা লোক ওলাই অহা প্ৰায় অসম্ভৱ৷ শনিবাৰে মৃত্যুক সাৱতি লোৱা যুৱক দুজনো উক্ত সুৰংগতে আৱদ্ধ হৈ পৰিছিল৷ স্থানীয় ৰাইজে যুৱক দুজনৰ মৃত্যু প্ৰায় নিশ্চিত বুলি সাংবাদিকক জানিবলৈ দিছিল আৰু ধাৰাসাৰ বৰষুণ দিলেহে সুৰংগটোৰ পৰা মৃত যুৱক দুজন পানীৰ প্ৰবল সোঁতত ওলাই আহিব বুলিও জানিবলৈ দিছিল৷ শুক্ৰবাৰে পুৱতি নিশাৰ পৰা পুৱা ৮ বজালৈ মিংমাং অঞ্চলত ধাৰাসাৰৰ বৰষুণ দিছিল আৰু জলপ্ৰপাতটোত পানী বহু উচ্চতালৈ উঠি গৈছিল৷ পানীৰ প্ৰবল সোঁতে যুৱক দুজনক সুৰংগটোৰ বাহিৰলৈ উটুৱাই লৈ অনা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ অন্তৰ্গত কাংকু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত যুৱক দুজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নামনি চিয়াং জিলাৰ সদৰ লিকাবালিলৈ লৈ গৈছে ৷ স্থানীয় ৰাইজে অভিযোগ জলপ্ৰপাতটোলৈ অহা প্ৰায়বোৰ যুৱক-যুৱতী উশৃংখল, শিষ্টাচাৰহীন, সুৰাসক্ত৷
মদ-ভাং, ড্ৰাগছৰ নিচাত মাতাল উশৃংখল চিঞৰ-বাখৰ কৰি আহিছে৷ তদুপৰি বহু উশৃংখল, নিচাসক্ত যুৱক-যুৱতীয়ে জলপ্ৰপাতটোৰ নামি অহা ৰূপহী জান নদীত প্ৰস্ৰাৱ-পাইখান কৰি নদীখন ধাৰাবাহিভাৱে প্ৰদূষিত কৰি আহিছে৷ যধেমধে সুৰা সেৱন আৰু পিক্নিক খোৱাৰ বাবে এতিযা ৰূপহী জান নদী মদৰ খালী বটল, ভঙা চিচা ভৰি পৰিছে৷ পিক্নিক খোৱাৰ পাছত প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই দিয়াৰ ফলত নদীখন আৱৰ্জনাৰে ভৰি পৰা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ অথচ এই ৰূপহী জান নদীৰ পানীৰে মিংমাং ৰূপহীবাসী জীৱন নিৰ্বাস কৰি আহিছে৷ সুৰাসক্ত যুৱক-যুৱতীৰ অমাৰ্জিত আচৰণ আৰু কথা-বাৰ্তাও মিংমাং ৰূপহী অঞ্চলৰ পৰিৱেশ বিঘ্নিত কৰিছে৷ কাৰণতে স্থানীয় ৰাইজে জলপ্ৰপাতলৈ মানুহৰ অহা-যোৱা বন্ধ কৰি ৰাখিছিল৷ কিন্তু একাংশ যুৱক-যুৱতীয়ে জলপ্ৰপাতটোলৈ গোপনে অহা-যোৱা কৰি থকাত স্থানীয় ৰাইজ উদ্বিগ্ন হৈ পৰিছে জলপ্ৰপাতটো ছীল কৰিবলৈ ধেমাজি জিলা প্ৰশাসনক দাবী জনাইছে৷
লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমামূৰীয়া ক্ৰীড়া সংগঠক ন-গাঁও যুৱক সংঘৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবছৰো স্বাধীনতা দিৱস প্ৰাইজমাণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাখন ২৮ জুলাইৰ পৰা অনুুষ্ঠিত হ’ব৷ ধেমাজি জিলাৰ গোগামুখস্থিত নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগা উক্ত ফুটবল প্ৰতিযোগিতাখন নপ আউট পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু প্ৰতিযোগিতাখনৰ মুঠ প্ৰাইজমাণি এক লাখ এঘাৰ হাজাৰ টকা৷

প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ গোগামুখৰ সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী কল্যাণ গগৈক সভাপতি, সমাজকৰ্মী ৰাজেন শইকীয়াক কাৰ্যকৰী সভাপতি, ক্ৰীড়া সংগঠক সদানন্দ দাসক সম্পাদক, লেনিন শইকীয়া, দিগন্ত হাজৰিকাক যুটীয়া সম্পাদক, কৃষ্ণ বৰুৱা আৰু নিৰঞ্জন ৰয়ক সহ সম্পাদক হিচাপে লৈ প্ৰতিযোগিতাখনৰ অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ ইচ্ছ্যুক ফুটবল দলসমূহক ৬০০০১৯১০০৪, ৮০১১৯৯৯২১৪, ৯৪০১৫৭২২৮০০ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ প্ৰতিযোগিতাৰ উদ্যোক্তাসকলে আহ্বান জনাইছে৷
ঢেঁকীয়াপতীয়াৰ পাছত এইবাৰ ধিঙত বন গাহৰিৰ আতংক।

বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক। পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ লোকজনক।

আহত ব্যক্তিজন ধিঙৰ বিৰিঙাবাৰীৰ আতাবুৰ ৰহমান।