ধুবুৰীৰ পৰা বৰপেটা জিলাৰ ধমাৰকুৰ অঞ্চললৈকে অপভ্ৰংশিত বাংলা ভাষাৰ প্ৰচলন (বাংলাদেশী ভাষাৰ উচ্চাৰণৰ মিল দেখা যায়) হৈছে। মাজত কোকৰাঝাৰ জিলাৰ অধিকাংশ অঞ্চল বড়ো ভাষা, কিছু অংশ নামনিৰ উচ্চাৰণ সমৃদ্ধ অসমীয়া ভাষা চলে আৰু কিছু অংশ হিন্দী আৰু বাংলা ভাষী লোক বসবাস কৰে। বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ পৰা দক্ষিণ পাৰে ক্ষেত্ৰীলৈ আৰু উত্তৰ পাৰে মঙ্গলদৈ, তামুলপুৰ আদি অঞ্চলত অধিকাংশ বড়ো আৰু অসমীয়া ভাষা ব্যৱহাৰকাৰী লোক পোৱা যায়। উত্তৰ পাৰে ঢেকীয়াজুলী অঞ্চলৰ অধিকাংশ অঞ্চল বাংলাভাষীৰ কবলত। তেজপুৰতো অসমীয়া ভাষীৰ সংখ্যা কমি আহিছে। হিন্দী আৰু বাংলাভাষীৰ সংখ্যা বাঢ়িব ধৰিছে।
সততে আমি উজনিৰ জিলাসমূহ লক্ষীমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আদি জিলা কেইখনৰ জনগাথনি চালে অসমীয়া যেনেই লাগে কিন্তু বজাৰ সমাৰসমূহত লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ আচাৰ ব্যৱহাৰ লক্ষ্যণীয়ভাৱে কম। আদিবাসী ভাষী, বাঙালী, হিন্দী আদি ভাষী লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাতো অসমীয়া ভাষী লোকৰ সংখ্যা কমি আহিছে। তাৰ পৰিবৰ্তে আদিবাসী, বাংলা, হিন্দী ভাষীলোকৰ সংখ্যা বৃদ্ধি পাইছে। কাৰ্বিআংলং, ডিমা হাচাও আদি জিলাত হিন্দী ভাষী আৰু জনজাতীয় ভাষী লোকৰ সংখ্যা বেছি। বৰাক উপত্যকাৰ জিলাকেইখনে কেৱল অসমীয়া ভাষাকেই প্ৰত্যাহ্বান জনোৱা নাই অসমখনকো প্ৰত্যাহ্বান জনাইছে। বৰাকৰ দুই এক ব্যক্তিয়ে “আপনি আচাম থেকে এছেচ্চি নাকি” বুলি সোধা প্ৰশ্নৰো সন্মুখীন হৈছোঁ। অৰ্থাৎ তেওলোকে বৰাকক এখন ৰাজ্য হিচাপে ভাবিবলৈ লৈছেই। অসমীয়া ভাষাৰ তাত চিনচাব নাই।
এই সমস্যা সমাধানৰ উদ্দেশ্যে শেহতীয়াকৈ উন্নীত হোৱা শিৱসাগৰ বিশ্ববিদ্যালয় (পূৰ্বৰ শিৱসাগৰ মহাবিদ্যালয়- স্বায়ত্তশাসিত)ৰ সৈতে প্ৰতিষ্ঠানটো একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আজি এই একত্ৰীকৰণ পদ্ধতিৰ বিষয়ে আমি আলোচনা কৰা হয়। বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ’ব আৰু অধ্যাপকসকলক শিৱসাগৰ মহাবিদ্যালয়লৈ বদলি কৰা হ’ব।