কাজিৰঙাৰ দেওচুৰচাঙত থলুৱা সতেজ শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ীৰ সৈতে বাৰ্তালাপ মন্ত্ৰী অতুল বৰা…

বোকাখাতৰপৰা গুৱাহাটী অভিমুখী যাত্ৰাপথত কাজিৰঙাৰ দেওচুৰচাঙত থলুৱা সতেজ শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ী কেইগৰাকীমানক প্ৰত্যক্ষ কৰি খন্তেক ৰৈ তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰী অতুল বৰাই।

ব্যৱসায়ীসকলৰ ভিতৰত বেছিভাগেই মহিলা-যিয়ে কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে দাঙি ধৰিছে নাৰীশক্তিৰ নিদৰ্শন। এইদৰে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

পাচলিৰ ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱনধাৰণ কৰি থকা তেওঁলোকৰ আত্মবিশ্বাস, দৃঢ় মন দেখি উদ্বুদ্ধ হ’ল মন্ত্ৰীগৰাকী। তেওঁলোকৰপৰা কিছু সতেজ শাক-পাচলি আৰু ফল-মূলো ক্ৰয় কৰিলে মন্ত্ৰীগৰাকীয়ে।

Related Articles