Home Blog Page 651

৬০ বছৰ বয়সত পি এইচ ডি ‘ইছৰো’ৰ অধ্যক্ষ এছ সোমনাথ! আই আই টি মাদ্ৰাজৰ পৰা লাভ ডিগ্ৰী…

মহাকাশলৈ আগবঢ়োৱা অৱদানৰ বাবে সোমনাথে এতিয়ালৈকে ১০টা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। কিন্তু ইছৰোৰ অধ্যক্ষই কৃতিত্বত বিশ্বাস কৰে বয়স মাত্ৰ এটা সংখ্যা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ অধ্যক্ষ এছ সোমনাথে ৬০ বছৰ বয়সত পি এইচ ডি কৰি প্ৰমাণ কৰিলে।

দেশৰ অন্যতম আগশাৰীৰ ৰকেট বিজ্ঞানী ‘ইছৰো’ৰ অধ্যক্ষই আই আই টি মাদ্ৰাজৰ পৰাই এই ডিগ্ৰী কৰিছে। তেওঁৰ গৱেষণা বিষয় আছিল মেকানিকেল ইঞ্জিনিয়াৰিং। ভাৰতীয় বিজ্ঞানলৈ সোমনাথৰ অৱদান, বিশেষকৈ ভাৰতৰ তৃতীয় মানৱবিহীন চন্দ্ৰ অভিযানৰ সফল আৰম্ভণিত তেওঁৰ ভূমিকাক সন্মান জনাই আই আই টি মাদ্ৰাজে পুৰণি নীতি-নিয়ম শিথিল কৰে। ৬১ সংখ্যক সমাৱৰ্তনত তেওঁলোকে সোমনাথক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।

ৰঙিয়াৰ এখন মোবাইল দোকানত ২ দুৰ্বৃত্তই লুটি নিলে ৩ লক্ষাধিক টকাৰ মোবাইল ফোন…

ৰঙিয়াৰ এখন মোবাইল দোকানত ২ দুৰ্বৃত্তৰ লুটপাট। হিন্দী চিনেমাৰ কায়দাৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ মোবাইল ফোন।

ডিজিটেল ৱৰ্ল্ড মোবাইল দোকানত লুটপাট চলালে গ্ৰাহকৰূপী দুৰ্বৃত্তই।

CC কেমেৰাত বন্দী হৈছে ঘটনাৰ সমগ্ৰ দৃশ্য। ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল স্বত্বাধিকাৰীৰ।

ৰীলে কাল হ’ল মহাৰাষ্ট্ৰৰ এগৰাকী যুৱতীৰ বাবে…

ৰিল ভিডিঅ’ কাল হ’ল যুৱতীৰ বাবে। ৰিল ভিডিঅ’ বনাবলৈ গৈ মৃত্যু যুৱতীৰ। মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত হৈছে অঘটন। ঘটনা অনুসৰি, মঙলবাৰেম হাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কুম্ভে জল প্ৰপাতলৈ ফুৰিবলৈ গৈছিল অনভি নামৰ এগৰাকী যুৱতী। অনভিৰ সৈতে আছিল সাতজন বন্ধু। ফুৰবলৈ যোৱা অনভিয়ে ৰিল ভিডিঅ’ বনাবলৈ জল প্ৰপাতৰ তললৈ যায়। কিন্তু নিজকে চম্ভালিব নোৱাৰি ভৰি পিছলি পৰি যায় অনভি। লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে বন্ধু বৰ্গই।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশেষত ৬ ঘণ্টাৰ চেষ্টাৰ অনন্ত যুৱতীগৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰা হয়। লগে লগে নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁক। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে।

দিল্লীৰ বিশ্ববিদ্যালয়ত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়সূচী কৰ্তন!বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তকলৈ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী…

বিশ্ববিদ্যালয়লৈ আহিছে যিহেতু পঢ়িবই লাগিব৷ তাৰ বাহিৰে কোনো গত্যন্তৰ নাই৷ সেয়ে দুপৰীয়াৰ আহাৰৰ বাবে বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা হ্ৰাস কৰা হৈছে৷ এই বাত ৰিলাভ কৰাৰ পাচতে শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ৷ কিন্তু নিজৰ স্থিতিত অটল আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষও৷ এই বাতৰি আহিছে ৰাজধানী দিল্লীৰ পৰা৷ দিল্লীৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক আৰু অধিক আগৰণুৱা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ অ’ ৰৱ৷ আপুনি নিশ্চয় ভাবিছে দিল্লী বিশ্ববিদ্যালয়ৰ কথা কৈছো৷যদি ভাবিছে, তেন্তে সেয়া ভুল৷ আমি উল্লেখ কৰা বিশ্ববিদ্যালয়খন হৈছে দিল্লী স্কীল এণ্ড এণ্টাৰপ্ৰেনিউৰ শ্বিপবিশ্ববিদ্যালয় চমুকৈ DSEU ৷জানিব পৰা মতে, DSEU ছাত্ৰ-ছাত্ৰীৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময়সূচী আছিল দিনৰ ১২.৩০ বজাৰ পৰা ১বজালৈ৷ অৰ্থাৎ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময় ৩০ মিনিট৷ কিন্তু DSEU কৰ্তৃপক্ষই সেই সময় হ্ৰাস কৰি মাত্ৰ ৫মিনিট কৰিছে৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ষোভৰ অগনি জ্বলা পৰিলক্ষিতহৈছে৷ সংবাদসংস্থা PTI এ উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয়ৰে এজন ছাত্ৰই কয়, ‘‘আমি দিনৰ১২:৩০ বজাৰ পৰা ১ বজালৈ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি লৈছিলো, যিটো সময় তালিকাত অন্তৰ্ভুক্ত আছিল।অৱশ্যে এতিয়া বিশ্ববিদ্যালয়ে সেই সময়সীমা হ্ৰাস কৰি পুৱা ৯বজাৰ পৰা বিয়লি ৫বজালৈ একেলেথাৰিয়ে ক্লাছ অনুষ্ঠিত কৰি আহিছে।’’

সূত্ৰ অনুসৰি, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে ছাত্ৰ-ছাত্ৰীৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবেই মানখিনি সময়ৰ বিৰতিৰ প্ৰয়োজন নাই৷ ৫মিনিটৰ ভিতৰতে সকলোৱে আহাৰ গ্ৰহণ কৰিব পাৰিব৷ DSEU ছাত্ৰ-ছাত্ৰীসকল কোনো সৰু ল’ৰা-ছোৱালী নহয় যে তেওঁলোকক আহাৰ গ্ৰহণ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়৷দিল্লীৰ DSEU ৰ২২অৰ্থাৎ আটাইকেইটা কেম্পাছৰে টাইম টেবুলৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় (লাঞ্চব্ৰেক) আঁতৰোৱা হৈছে বুলিও ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰে। এই বিষয়ে DSEU ৰ যুটীয়া সঞ্চালক (শৈক্ষিক) কামনা সচদেৱে কয় যে বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় শিক্ষানীতি (এনইপি) ২০২০অনুসৰি নিজৰ সকলো কেম্পাছৰ বাবে কেন্দ্ৰীভূত সময়সূচী তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে৷ যাৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময় সূচীৰ সালসলনি কৰা হৈছে।

মহানগৰীৰ কালাপাহাৰত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা…

মহানগৰীৰ কালাপাহাৰত ভয়ংকৰ ঘটনা।

নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা।

শুকুৰবাৰে নিশা নাহৰফুটুকীয়ে আক্ৰমণ কৰে ফটাশিল আমবাৰীৰ দীপালী দাসক।

UPSCৰ অধ্যক্ষ মনোজ ছোনীৰ পদত্যাগ…

UPSCৰ অধ্যক্ষ মনোজ ছোনীৰ পদত্যাগ।

কাৰ্যকাল শেষ হোৱাৰ পাঁচ বছৰ পূৰ্বে পদত্যাগ UPSCৰ অধ্যক্ষগৰাকীৰ।

ব্যক্তিগত কাৰণত পদত্যাগ অধ্যক্ষগৰাকীৰ।

আজি প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ ওপজা দিন…

আজি প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ ওপজা দিন।

৭৪ বছৰত ভৰি দিলে প্ৰবীণ অভিনেতাগৰাকীয়ে।

এদল যুৱক, দৌৰিছে; দিনে নিশাই দৌৰিছে! এটা চাকৰিৰ বাবে…

দৌৰিছে, এদল যুৱক দৌৰিছে; দেশ মাতৃক সেৱা কৰিবলৈ দৌৰিছে! দিনে নিশাই দৌৰিছে, এটা চাকৰিৰ বাবেই দৌৰিছে আৰু দৌৰিছে।অসম আৰক্ষীত এটা চাকৰি পোৱাৰ আশাৰে দিনে নিশাই ৰত্নপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত অনুশীলনত ব্যস্ত হৈ পৰিছে চাপৰৰ এদল যুৱক। অসম আৰক্ষীত সহস্ৰাধিক পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ খবৰে উৎফুল্লিত কৰি তুলিছে যুৱক সকলক।

নিজৰ স্থান সুনিশ্চিত কৰিবলৈ এইদৰেই কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে এইসকল যুৱক। ৰ’দ-বৰষুণ সকলো পাহৰি দৈনিক প্ৰায় ১০০ গৰাকীকৈ যুৱক-যুৱতীয়ে অনুশীলনত ব্যস্ত হৈ পৰে। কোনো ধৰণৰ প্ৰশিক্ষক নোহোৱাকৈ এনেকৈয়ে যুৱকসকলে কঠোৰ পৰিশ্ৰম কৰি আছে খেলপথাৰত উল্লেখ যে এইখন খেলপথাৰৰ পৰা পূৰ্বে বহু যুৱক-যুৱতীয়ে অনুশীলন কৰি দেশ মাতৃৰ হৈ সেৱা আগবঢ়াই আছে।

ঘৰৰ চাৰিওফালে এই সমূহ চৰাই দেখিলে মুকলি হয় ভাগ্য, দেৱী লক্ষ্মীয়ে বাসস্থান লয়…

কিছুমান চৰাইক হিন্দু ধৰ্মত অতি শুভ বুলি গণ্য কৰা হয়।এই চৰাইবোৰ যদি ঘৰৰ ভিতৰলৈ আহে বা ঘৰৰ আশে-পাশে দেখা যায় তেনেহ’লে আপোনাৰ ভাগ্য মুকলি হ’ব।চৰাইৰ কথা ক’বলৈ গ’লে হিন্দু ধৰ্মৰ বহু দেৱ-দেৱীৰ জীৱ-জন্তু আৰু চৰাইৰ লগত গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। দেৱ-দেৱীৰ বাহন। সেয়েহে এই জীৱবোৰক অতি পবিত্ৰ আৰু পূজাযোগ্য বুলি গণ্য কৰা হয়। এই চৰাইবোৰেও গুৰুত্বপূৰ্ণ সংকেত দিয়ে।


ফেঁচা, ফেঁচা হৈছে ধনৰ দেৱী লক্ষ্মী দেৱীৰ বাহন। যদিও ফেঁচাই ৰাতি খুব কম দেখা পায়, কিন্তু দিন বা ৰাতি যিকোনো সময়তে যদি আপোনাৰ ঘৰৰ আশে-পাশে এটা ফেঁচা দেখা পায়, তেন্তে ই আপোনাৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ স্পষ্ট চিন। আপুনি অপৰিসীম ধন-সম্পত্তি, সুখ আৰু সমৃদ্ধি লাভ কৰিব। ঘৰলৈ যদি ফেঁচা আহে, তেন্তে ই আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ প্ৰৱেশৰ চিন।

কপৌ, ঘৰত কপৌ থকাটোও অতি শুভ। ঘৰলৈ কপৌ আহিলে হঠাৎ টকা পোৱাৰ লক্ষণ।

চৰাই, যদি কোনো চৰাইয়ে ঘৰত বাহ সাজে, তেনেহ’লে এনে ঘৰত কেতিয়াও কোনো সমস্যা নহয়। বৰং সুখ, সৌভাগ্য আৰু সমৃদ্ধি বাঢ়ে।

মুখ ধোৱাৰ পিছত মুখখন পুনৰ আঠাযুক্ত হৈ পৰে নেকি! বাৰিষাৰ সময়ত সঘনাই ফেচ ৱাছ ব্যৱহাৰ কৰিব লাগেনে…

বাৰিষাৰ সময়ত মুখখন সকলো সময়তে আঠাযুক্ত হৈ পৰে! ফেচ ৱাছ যিমানেই ব্যৱহাৰ নকৰক কিয়, অলপ পিছতে মুখখন আঠাযুক্ত হৈ পৰে! তেলীয়া ছালৰ লোকৰ এই ধৰণৰ সমস্যা বেছি হয়। বহুতে ভাবে যে বাহিৰলৈ নগ’লে মুখখন ধুব নালাগে। কাৰণ ঘৰৰ ভিতৰত ৰাস্তাৰ দৰে ধূলি নাই। কিন্তু বিশেষজ্ঞসকলে মতে ৰাতিপুৱা সাৰ পাই ফেচ ৱাশ্বৰ দ্বাৰা এবাৰ মুখ ধুলে কোনো ক্ষতি নহয়। টোপনিৰ সময়ত ছালৰ গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা চেবাম মুখত জমা হয়। ৰাতিপুৱা সাৰ পাই কেৱল পানীৰে মুখ ধুলে তেলীয়া মুখ সহজে পৰিষ্কাৰ নহয়। আনহাতে, কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত বা ৰাতি শোৱাৰ আগতে মুখৰ পৰা মেকআপ, ধূলি আৰু বালি পৰিষ্কাৰ কৰি ছালখন সুস্থ কৰি ৰখাটোও জৰুৰী।


যেতিয়ালৈকে ছালখন পৰিষ্কাৰ কৰি ৰখা হয়, তেতিয়ালৈকে সমস্যা নহয়। আনহাতে বহুতে বাৰে বাৰে ফেচৱাছেৰে মুখ ধুই থাকে। এনে কৰিলে লাভতকৈ ক্ষতিৰ আশংকা বেছি। কাৰণ, ফেচ ৱাছত থকা ৰাসায়নিক উপাদানে ছালৰ পি এইচ বেলেন্স ধ্বংস কৰিব পাৰে। কিমান সঘনাই ফেচ ৱাছ ব্যৱহাৰ কৰিব লাগে সেয়া ব্যক্তিজনৰ ছালৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। যেনে, কাৰোবাৰ ছাল তেলীয়া হ’লে দিনটোত তিনি-চাৰিবাৰ মুখ ধুব পাৰে। শুকান ছালৰগৰাকীয়ে দুবাৰ ব্যৱহাৰ কৰিব লাগে। সংবেদনশীল ছালৰ লোকে সঘনাই ফেচৱাছ ব্যৱহাৰ কৰিব নালাগে।