মহাকাশলৈ আগবঢ়োৱা অৱদানৰ বাবে সোমনাথে এতিয়ালৈকে ১০টা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। কিন্তু ইছৰোৰ অধ্যক্ষই কৃতিত্বত বিশ্বাস কৰে বয়স মাত্ৰ এটা সংখ্যা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ অধ্যক্ষ এছ সোমনাথে ৬০ বছৰ বয়সত পি এইচ ডি কৰি প্ৰমাণ কৰিলে।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/07/jkl-1.jpg)
দেশৰ অন্যতম আগশাৰীৰ ৰকেট বিজ্ঞানী ‘ইছৰো’ৰ অধ্যক্ষই আই আই টি মাদ্ৰাজৰ পৰাই এই ডিগ্ৰী কৰিছে। তেওঁৰ গৱেষণা বিষয় আছিল মেকানিকেল ইঞ্জিনিয়াৰিং। ভাৰতীয় বিজ্ঞানলৈ সোমনাথৰ অৱদান, বিশেষকৈ ভাৰতৰ তৃতীয় মানৱবিহীন চন্দ্ৰ অভিযানৰ সফল আৰম্ভণিত তেওঁৰ ভূমিকাক সন্মান জনাই আই আই টি মাদ্ৰাজে পুৰণি নীতি-নিয়ম শিথিল কৰে। ৬১ সংখ্যক সমাৱৰ্তনত তেওঁলোকে সোমনাথক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।