নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্তক আটক৷ অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ৷

নিহত গাঁওপ্ৰধান চিৰন্তন বৰদলৈৰ গাঁৱতে ঘৰ অভিযুক্ত পলাশৰ৷

কঠিয়াতলীৰ দৈনিক বজাৰত নৃশংসভাৱে হত্যা কৰিছিল গাঁওপ্ৰধানক৷
নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্তক আটক৷ অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ৷

নিহত গাঁওপ্ৰধান চিৰন্তন বৰদলৈৰ গাঁৱতে ঘৰ অভিযুক্ত পলাশৰ৷

কঠিয়াতলীৰ দৈনিক বজাৰত নৃশংসভাৱে হত্যা কৰিছিল গাঁওপ্ৰধানক৷
গৰ্ভাৱস্থাত খাব লাগে পুষ্টি সমৃদ্ধ খাদ্য। দাইলত বহুতো পুষ্টিকৰ উপাদান থাকে, যিবোৰ খাদ্যত অন্তৰ্ভুক্ত হ’লে গৰ্ভাৱস্থাক সুস্থ আৰু সুখী কৰি তোলাত সহায় কৰে।প্ৰটিন, আইৰণ, ফাইবাৰ আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ দাইল গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। জানো আহক কোনবোৰ দাইল গৰ্ভাৱস্থাত খাব লাগে-

মগু দাইল হৈছে সহজে হজম হোৱা মগুৰ দাইল, যিয়ে গৰ্ভাৱস্থাত ৰাতিপুৱাৰ ৰোগৰ পৰা সকাহ দিব পাৰে। ইয়াৰ উপৰিও ইয়াত ফলিক এচিডো পোৱা যায়, যিটো শিশুৰ মগজু আৰু মেৰুদণ্ডৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয়।
মছুৰ দাইল প্ৰটিন আৰু আইৰণৰ উত্তম উৎস। গৰ্ভাৱস্থাত শৰীৰত অধিক পৰিমাণৰ আইৰণৰ প্ৰয়োজন হয়, যিয়ে ৰক্তকণিকা গঠনত সহায় কৰে আৰু ৰক্তহীনতা প্ৰতিৰোধ কৰে।
শিশুৰ হাড় আৰু দাঁতৰ মজবুত বিকাশৰ বাবে উৰাদ দাইল কেলচিয়ামৰ ভাল উৎস। ইয়াৰ উপৰিও উৰাদ দালত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফলিক এচিড পোৱা যায়।
বিভিন্ন শাক-পাচলিৰ সৈতে দাইল ৰান্ধিব যাতে সোৱাদ আৰু পুষ্টিৰ ভাৰসাম্য ৰক্ষা হয়। দাইল খওৱাৰ সময়ত মনত ৰাখিব যাতে বেছি পৰিমাণে দাইল সেৱন কৰিলে গেছৰ সমস্যা হ’ব পাৰে।ইয়াৰউপৰিও চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।
১৯৬৯ চনৰ আজিৰ দিনটোতে প্রয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ ১৪ টা মুখ্য বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰি এক বিপ্লৱৰ সূচনা কৰিছিল

যাৰ লক্ষ্য আছিল অগ্ৰাধিকাৰমূলক খণ্ডসমূহক পুনৰুজ্জীৱিত কৰা আৰু গ্ৰাম্য অঞ্চলত বেংকিং প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণ কৰা।

ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰৰ ভিতৰত এক উল্লেখনীয় পদক্ষেপ।
ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত নগাঁও জিলাৰ মহিলা মৰ্চাৰ সহযোগত নগাঁও জিলাৰ বট্ৰদোৱা সমষ্টিৰ সদৰ মণ্ডলৰ ২৩নং মহলাৰ অন্তৰ্গত পলিটেকনিকত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰা হয়।এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত অঞ্চলটোত অৱস্থিত বসবাস কৰা শতাধিক পুৰুষ-মহিলাক বিনামূলীয়া কৈ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰা হয়।নগাঁও মেডিকেল কলেজৰ চিকিৎসক সকলে এই বিনামূলীয়া চিকিৎসা প্ৰদান কৰে।অঞ্চলটোত বানে ক্ষতি কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হোৱাৰ সময়তে এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাই অঞ্চলটোত বসবাস কৰা ৰাইজক বহু পৰিমাণে উপকৃত কৰে।

এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী যুক্তা স্বপ্না বনিয়া, মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈ, ৰাজ্যিক চিকিৎসা কোষৰ আহ্বাহিকা কবিতা মজুমদাৰৰ লগতে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ সভাপতি অভিজিৎ শৰ্মা, নগাঁও জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী, ৰশ্মি শৰ্মাৰ লগতে জিলা উপসভাপতি, মহল আয়ুক্ত, বুথ সভাপতি জিলা মহিলা মৰ্চাৰ বিষয়ববীয়াসকল, কায্যকৰ্তা সকল আৰু অংগণবাড়ী কৰ্মীসকল উপস্থিত থাকে।
অৱশেষত পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হ’ল হাৰ্ডিক পাণ্ডিয়াৰ । ৪ বছৰৰ পিছত ঘটিল বিবাহ বিচ্ছেদ। বিবাহ বিচ্ছেদৰ পিছতেই আৱেগিক হৈ পৰিছে ক্ৰিকেটাৰগৰাকী।

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে।বিয়াৰ ৪ বছৰৰ পাছত দুয়োৰে বিচ্ছেদ হয়।ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নাটাছা আৰু হাৰ্ডিকে নিজৰ বিচ্ছেদ নিশ্চিত কৰিছে। ইয়াৰ সমান্তৰালকৈ নাটাছা আৰু হাৰ্দিকে নিজৰ পুত্ৰ অগস্ত্যক সহ অভিভাৱকত্বৰ কথাও কৈছে।
নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই বিচ্ছেদৰ কথা ঘোষণা কৰিছে যদিও এতিয়ালৈকে দুয়োজনে ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটো আৰু মৰমলগা ৰোমান্টিক ভিডিঅ’ আঁতৰোৱা নাই। ইয়াৰ পৰা ক’ব পাৰি যে নাটাছা আৰু হাৰ্ডিকৰ মাজৰ ৰোমান্টিক সম্পৰ্ক শেষ হৈছে যদিও দুয়োজনে এতিয়াও ইজনে সিজনক সন্মান কৰে আৰু সন্মানজনক সম্পৰ্ক বজাই ৰাখে।

ছিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অব্ ছিকিম’ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্পৰে আজি গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেণ্ডৱে’ৰত অসম জাতীয় পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ভৱিষ্যতলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সমভাৱাপন্ন ৰাজনৈতিক দলসমূহক লৈ এখন উমৈহতীয়া মঞ্চ গঠনৰ অংগীকাৰ গ্ৰহণ কৰা হয়৷

বৈঠকত অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখ্য উপদেষ্টাদ্বয় বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য, উপ-সভাপতিদ্বয় চন্দ্ৰকান্ত দাস আৰু অঞ্জন উপাধ্যায়, তিনি সম্পাদক বাণী দাস, জিয়াউৰ ৰহমান আৰু চিত্তৰঞ্জন বসুমতাৰী আৰু সাংগঠনিক সম্পাদক অজয় তাঁতীয়ে অংশগ্ৰহণ কৰে৷

আনহাতে ‘চিটিজেন একচন পাৰ্টী অব্ চিকিম’ৰ হৈ দলটোৰ মুখ্য সমন্বয়ক গণেশ কে ৰাই, কাৰ্যকৰী সভাপতিত্ৰয় লাকপা শ্বেৰ্পা, এম বি লিম্বু আৰু প্ৰশান্ত বাবু চেত্ৰী, মুকপাত্ৰদ্বয় টি আৰ নেপাল আৰু এলবাৰ্ট গুৰুং তথা দলটোৰ ছাত্ৰ গোটৰ সভাপতি প্ৰকাশ প্ৰাজুলি উপস্থিত থাকে৷
শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা। T-20 আৰু এদিনীয়া শৃংখলাত স্থান লাভ ৰিয়ান পৰাগৰ। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত T-20 দল ঘোষণা। আনহাতে ৰোহিত শৰ্মাৰ নেতৃত্বত এদিনীয়া দল ঘোষণা BCCIৰ।

T-20 দলত আছে শুভমন গীল, যশস্বী জয়ছোৱাল, ৰিংকু সিং, ঋষভ পণ্ট, সঞ্জু ছেমছন, হাৰ্ডিক পাণ্ডিয়া, শিভম ডুবে, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, অৰ্শ্বদীপ সিং, খলীল আহমেদ, মহম্মদ ছিৰাজ। ODIত শুভমন গীল (VC), বিৰাট কোহলি, কে এল ৰাহুল, ঋণভ পণ্ট, ODIত শ্ৰেয়াছ আয়াৰ, শিভম ডুবে, কুলদ্বীপ যাদৱ, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শ্বদীপ সিং, অক্সৰ পেটেল, খলীল আহমেদ, হৰ্ষিত ৰাণাৰো ODIত স্থান লাভ।
উত্তৰ অসম প্ৰান্তৰ উদ্যোগত দ্বিতীয় বিনায়কজী স্মাৰক বক্তৃতা বৃহস্পতিবাৰে গুৱাহাটীৰ সুদৰ্শনালয়ত অনুষ্ঠিত হৈ যায়৷উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু দীপমণ্ত্ৰেৰে আৰম্ভ হয়৷ সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰান্তমণ্ত্ৰী দীপক কুমাৰ শৰ্মাই আৰু নিৰ্দিষ্ট বক্তাৰ চমু পৰিচয় আগবঢ়ায় ড° সমীৰ সৰকাৰে৷

‘ভাৰতবোধ: এক প্ৰত্যাহ্বান’ শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক ,লেখক প্ৰফুল্ল কেতকাৰে৷প্ৰায় আঢ়ৈশ শ্ৰোতাই তেওঁৰ বক্তৃতা শুনি মণ্ত্ৰমুগ্ধ হৈ পৰে৷সভাত বৈদিক সূক্ত পৰিবেশন কৰে নাৰায়ণী ৰায় আৰু বেলা ধৰে৷সংগঠনৰ ধ্যেয়মণ্ত্ৰ আৰু ধ্যেয়বাক্য পাঠ কৰে ক্ৰমে মীনাকুমাৰী মণ্ডল আৰু দুৰ্লভ চন্দ্ৰ পালে৷ড° সুদেষ্ণা ভট্টাচাৰ্যই গায় কল্যাণমণ্ত্ৰ৷ভাৰতীয় শিক্ষণ মণ্ডল,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ে শলাগৰ শৰাই আগবঢ়ায়৷শেষত সমবেত কণ্ঠত গোৱা বন্দেমাতৰমৰ দ্বাৰা সভা সমাপ্ত হয়৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এন চি অ’ ডিৰ সপ্তম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।
সভাত ভাষণ দি শ্বাহে বিগত পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ কৰে আৰু এই ক্ষেত্ৰত সহায় কৰা সকলো সংস্থাকে অভিনন্দন জনায়।তেওঁ কয় যে এতিয়ালৈকে যিখিনি কৃতিত্ব লাভ কৰা হৈছে তাৰ পৰিমাণ মাত্ৰ ১০%হে । এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। শ্বাহে কয়-“আচল যুদ্ধ এতিয়াও আৰম্ভ হোৱা নাই । যেতিয়ালৈকে ৩৫ বছৰৰ তলৰ প্ৰতিজন নাগৰিকে এই যুদ্ধত যোগদান কৰাৰ সিদ্ধান্ত নলয় তেতিয়ালৈকে আমি এই যুদ্ধত জয়ী হ’ব নোৱাৰো। চৰকাৰে যুদ্ধ নিৰ্দেশনা দিব পাৰে, কিন্তু নিজে জয়ী হ’ব নোৱাৰে। এই কাৰণেই এই যুদ্ধখন দেশৰ ১৩০ কোটি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজন। ৰাজ্য চৰকাৰৰ লগত থকা সংস্থাসমূহকে ধৰি সকলো সংস্থাই এই লক্ষ্য পূৰণ কৰিব লাগিব।’

শ্বাহে লগতে কয়, “ভাৰতৰ অমৃতকাল আৰম্ভ হৈছে। আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক প্ৰতিটো দিশতে আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছো।কিন্তু ভাৰতৰ যুৱক-যুৱতীক ড্ৰাগছৰ আতংকৰ পৰা মুক্ত নকৰাকৈ আমি এই লক্ষ্যত উপনীত হ’ব নোৱাৰো। আমি এই যুদ্ধখন গুৰুত্বসহকাৰে যুঁজিব লাগিব আৰু ইয়াক অগ্ৰাধিকাৰ হিচাপে ল’ব লাগিব। গতিকে আমি সকলোৱে এই কামৰ বাবে প্ৰতি সপ্তাহত কিছু সময় উলিয়াই ইয়াৰ বাবে এটা সুকীয়া ব্যৱস্থা সৃষ্টি কৰিব লাগিব।আমাৰ হাতত বহু পশ্চিমীয়া দেশৰ উদাহৰণ আছে। যদি আমি একেলগে আৰু দৃঢ়তাৰে যুঁজ দিওঁ তেন্তে আমি হয়তো এই যুদ্ধত জয়ী হম।”

শ্বাহে লগতে কয় যে কিছুমান দেশে তালিকাৰ পৰা কিছুমান বিশেষ ড্ৰাগছৰ ব্যৱহাৰ আঁতৰাই পেলাইছে। কাৰাগাৰত অপৰাধীক আৱদ্ধ কৰি ৰখাৰ পৰ্যাপ্ত ক্ষমতা নথকাৰ বাবেই তেওঁলোকে এনে কৰিছে।
“যোৱা পাঁচ বছৰত আমি গাঁথনিগত, প্ৰতিষ্ঠানিক আৰু তথ্য সংস্কাৰৰ জৰিয়তে এই যুদ্ধখন চলাইছিলো আৰু সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীৰে আগবাঢ়িছিলো। এই পন্থাৰ ফলাফল অতি উৎসাহজনক। ২০০৪ চনৰ পৰা ২০১৩ চনলৈকে জব্দ কৰা ড্ৰাগছৰ পৰিমাণ আছিল ১.৫২ লাখ কিলোগ্ৰাম। যিটো ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে ৫.৪৩ লাখ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে।এই সময়ছোৱাত জব্দ কৰা ড্ৰাগছৰ মূল্য ৫৯৩৩ কোটি টকাৰ পৰা ২২ হাজাৰ কোটি টকাতকৈ অধিক হৈছে।’ .শ্বাহে লগতে কয়“ড্ৰাগছৰ আসক্তিয়ে আমাৰ নতুন প্ৰজন্মক দুৰ্বল কৰি পেলাইছে আৰু তেওঁলোকৰ পৰিয়ালক হীনমন্যতাৰেচিকাৰ কৰি পেলাইছে। ড্ৰাগছৰ ব্যৱসায় এতিয়া সন্ত্ৰাসবাদৰ সৈতে জড়িত হৈ পৰিছে, যিয়ে জাতিটোৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। এই বাণিজ্যই আমাৰ অৰ্থনীতি দুৰ্বল কৰিছে । হাৱালা লেনদেন আৰু কৰ ফাঁকিৰ লগত জড়িত হৈ পৰিছে ড্ৰাগছৰ ব্যৱসায়। এনে অপৰাধ আৰু ইয়াৰ সৈতে আমি কঠোৰভাৱে মোকাবিলা কৰাটো প্ৰয়োজন হৈ পৰিছে।’
দৈনন্দিন বাৰ্তাৰ সেৱা, ধুবুৰী, ১৮ জুলাই : ধুবুৰী জিলা বাসীৰ বাবে এটি ভাল খবৰ। শিক্ষাৰ ক্ষেত্ৰত এক অভূতপূর্ব সফলতাই কঢ়িয়াই আনিলে ধুবুৰী ভোলানাথ মহাবিদ্যালয়। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ে এই সুখবৰ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে ধুবুৰী জিলা বাসীৰ লগতে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনেই।

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রণালয়ৰ অধীনস্থ ইউজিচি য়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ২০২০’ৰ অধীনত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ক স্বায়িত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্রদান কৰিছে। এই শুভক্ষণত আজি
আজি অসম গণ পৰিষদৰ ধুবুৰী জিলা কমিটিৰ এটি সজাতি দলে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধ্ৰব্য চক্ৰৱৰ্তীক এখন ফুলাম গামোচা, ফুলৰ টপ আৰু এটি জাপি দি সম্বৰ্দ্ধনা জনায়।

উপস্থিত আছিল অসম গণ পৰিষদৰ ধুবুৰী জিলা সভাপতি শ্ৰী অমল কুমাৰ সাহা, উপ সভাপতি সন্তোষ চৌধুৰী, সম্পাদক অশোক ৰায় প্ৰধানী, ধুবুৰী বিধান পৰিষদৰ সভাপতি দিলিপ কুমাৰ সৰকাৰ ,উপ সভাপতি অমিতাভ আচাৰ্য, সম্পাদক নুৰ এ ছিবলি দলৰ জেষ্ঠ কাৰ্যকৰ্তা ত্ৰিবেণী ৰায়, আনিমুল ইছলাম, প্ৰবীৰ দাস বিশ্বনাথ ৰায় উপস্থিত আছিল।
