Home Blog Page 655

ডেৰ সহস্ৰাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

গুৱাহাটী, ১৮ জুলাই, ২০২৪: ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱনত” সভাপতি ভবেশ কলিতাৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ MAC হেৰজিৎ জিদুং , বিৰাজ ফুকন, প্ৰহ্লাদ ৰাভা, প্ৰবীণ ৰাভা, অৰ্জুন ৰাভা, হিৰন্ময় ৰাভা, মৃগাংক মন্ত্ৰা, উদ্ধৱ ৰাভা, দিতুল কান্তি ৰাভা প্ৰমুখ্যে প্ৰায় ডেৰ সহস্ৰাধিক লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

নৱাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই শ্ৰী কলিতাই কয় যে আজি যোগদানে বিজেপিৰ সাংগঠনিক ভেঁটি আৰু অধিক শক্তিশালী কৰি তুলিব। অনুষ্ঠানত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত হৈ আছিল।

উচ্চতৰ মাধ্যমিকত স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ দুচকীয়া বাহন চালনাৰ প্ৰশিক্ষণ অব্যাহত

গুৱাহাটীঃ ১৮জুলাইঃ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্কুটী লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ দুচকীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ অব্যাহত আছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৷ বিগত এটা পষেকত সহস্ৰাধিক প্ৰশিক্ষাৰ্থীয়ে হোণ্ডা চেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত প্ৰশিক্ষণ গ্ৰহণ কৰে।
ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে জীৱনৰ অতি গুৰুত্বপূৰ্ণ অথচ কোমল বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাভাৱিকতে আনন্দিত আৰু উপকৃত হোৱাৰ কথা উল্লেখ কৰে ৷

কিয়নো নিজস্ব মেধাৰ বলত শিক্ষা বিভাগৰ পৰা স্কুটী লাভ কৰাৰ পিছত নিজকে এগৰাকী দক্ষ চালক হিচাপেয়ো গঢ়ি তোলাৰ বাটত প্ৰশিক্ষণযোগে লাভ কৰা জ্ঞান তেওঁলোকে অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে প্ৰশিক্ষণৰ সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলক ছীটত সঠিকভাৱে বহি দুচকীয়া বাহন চলোৱাৰ ভংগীমা, বাহন চলাওঁতে হেলমেট-ছীটবেল্টৰ গুৰুত্ব, ভাল হেলমেট কেনেকৈ চিনাক্ত কৰিব পাৰি,কেতিয়া আপাৰ ডিপাৰ ব্যৱহাৰ কৰিব লাগে,গাড়ী চলোৱাৰ সময়ত বাহনৰ নিৰীক্ষণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশসমূহ, M Parivahan appত বাহনৰ নথি-পত্ৰৰ বৈধতা কেনেকৈ পৰীক্ষা কৰিব পাৰি, দুচকীয়া বাহনৰ দুকাষে দুখন দাপোনৰ প্ৰয়োজনীয়তা, দুজনে সমানে সমানে বাহন চলাই কথা পাতি যোৱাৰ ভয়াবহতা, আগৰ-পাছৰ বাহনৰ মাজত

ৰাখিবলগীয়া ব্যৱধান আদি গুৰুত্বপূৰ্ণ দিশৰ উপৰি যান-বাহন আইনৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত তন্নতন্নকৈ অৱগত কৰা হয়। উল্লেখ্য যে,জুলাই মাহৰ শেষলৈকে চলিবলগীয়া প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক প্ৰতিদিনে ৰাতিপুৱা ১০-১১বজাৰ ভিতৰত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। প্ৰশিক্ষণ সন্দৰ্ভত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক শ্ৰীমতী পূৰ্ণিমা তাছা, নিম্নবৰ্গ সহায়ক জ্যোতিষ কৈবৰ্ত (৯৪০১৫৯৬৩৮৭) আৰু ইলান জ্যোতি ভৰালী (৭৮৯৬৮৫০০৪৫)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

শিক্ষাৰ্থীসকলক দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিবলৈ আহ্বান মন্ত্ৰী হাজৰীকাৰ

দিছপুৰ, জুলাই ১৮ঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনত অসম সচিবালয় চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্থাৰ উদ্যোগত আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে । সন্থাৰদ্বাৰা প্ৰতি বছৰৰ দৰে এই বছৰো সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সদস্যসকলক সম্বৰ্ধনা জনোৱা হয় । বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষও মন্ত্ৰী পীযুষ হাজৰীকা এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে ।

এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পৰিয়ালৰ ১১ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে আন বিষয়াসকলৰ দৰেই ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আছে ।কৃতী শিক্ষাৰ্থীসকলক আগন্তুক ছয়-সাত বছৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে নিজৰ লগতে পৰিয়াল আৰু দেশৰ বাবে কাম কৰিবলৈ আমাৰ উত্তৰ প্ৰজন্ম সু-প্ৰতিষ্ঠিত হ’বই লাগিব ।

সামাজিক দায়বদ্ধতাৰে জীৱনত আগবাঢ়ি যাবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ পিতৃ-মাতৃয়ে সচিবালয়ত কাম কৰাৰ জড়িয়তে ৰাজ্যখনৰ প্ৰগতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে । আনহাতে শিক্ষাৰ্থীসকলক নিজৰ পিতৃ-মাতৃতকৈ অধিক সফল হোৱাৰ বাবে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰত্যেক পিতৃ-মাতৃয়েই আন্তৰিকতাৰে কামনা কৰে যে তেওঁলোকৰ সন্তান তেওঁলোকতকৈও অধিক সফল হওঁক ।

আনহাতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ শৈক্ষিক খণ্ডৰ উন্নতিৰ বাবে যথেষ্ট কাম কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৬ ৰপৰা বৃদ্ধি হৈ বৰ্তমানে ১২ খন হৈছে ফলত আগতে প্ৰত্যেক বছৰে ৭২৬ জন চিকিৎসক উলোৱাৰ বিপৰীতে এতিয়া বছৰি ১৩৫০ জন চিকিৎসক উলায় । এই সংখ্যা আগন্তুক ৫ বছৰত ২৫০০ পৰ্যন্ত বৃদ্ধি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । একেটা সময়তে ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত এতিয়া প্ৰায় ৪৫ হাজাৰ শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জীৱনত সু-প্ৰতিস্থিত হ’বলৈ আমি প্ৰত্যেকেই প্ৰকৃত শিক্ষাৰে শিক্ষিত হ’বই লাগিব ।

অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থও উপস্থিত আছিল ।

গাজাত তাৎক্ষণিক যুদ্ধ বিৰতিৰ বাবে ৰাষ্ট্ৰসংঘত আহ্বান ভাৰতৰ…

ৰাষ্ট্ৰসংঘত গাজা ষ্ট্ৰিপত তাৎক্ষণিক আৰু সম্পূৰ্ণ যুদ্ধ বিৰতিৰ আহ্বান পুনৰ দোহাৰিছে ভাৰতে। লগতে কোনো চৰ্ত অবিহনে বন্দীসকলক মুকলি কৰিবলৈও আহ্বান জনাইছে।বুধবাৰে মধ্যপ্ৰাচ্য সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউ এন এছ চি) মুকলি বিতৰ্কত মন্তব্য প্ৰদান কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ প্ৰতিনিধি আৰ ৰবীন্দ্ৰই লগতে উল্লেখ কৰে যে বিগত বছৰবোৰত বিভিন্ন ৰূপতপেলেষ্টাইনলৈ ভাৰতৰ উন্নয়নমূলক সহায়ৰ পৰিমাণ প্ৰায় ১২০ নিযুত আমেৰিকান ডলাৰ।২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ আৰু দ্ব্যর্থহীনভাৱে গৰিহণা দিয়া দেশসমূহৰ ভিতৰত ভাৰতো আছিল। আমি চলিত ইজৰাইল-হামাছ সংঘৰ্ষত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱা ঘটনাকো গৰিহণা দিছোঁ।

আমি সংযম ৰক্ষা, উত্তেজনা বৃদ্ধি হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছোঁ। আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। তেওঁ কয়। তেওঁ লগতে সকলো পৰিস্থিতিতে আন্তৰ্জাতিক আইন আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন পালনৰ বাবেও আহ্বান জনায়। আমি তাৎক্ষণিক, সম্পূৰ্ণ আৰু পূৰ্ণ পৰ্যায়ৰ যুদ্ধবিৰতি, সুৰক্ষিত, সময়মতে আৰু নিৰন্তৰ মানৱীয় সহায় আৰু গাজা ষ্ট্ৰিপত সাহায্য আৰু অত্যাৱশ্যকীয় মানৱীয় সেৱা সীমাহীনভাৱে উপলব্ধ কৰোৱাৰ আহ্বান পুনৰাবৃত্তি কৰিছোঁ। ইয়াৰ উপৰি আমি সকলো বন্দীক তাৎক্ষণিক আৰু চৰ্তহীনভাৱে মুক্তি দিয়াৰ বাবেও আহ্বান জনাইছোঁ। ৰাষ্ট্ৰদূত আৰ ৰবীন্দ্ৰই কয়। আনহাতে, তেওঁ ইজৰাইল আৰু পেলেষ্টাইনৰ নেতৃত্বৰ সৈতে নিৰন্তৰ সম্পৰ্কৰ বাবে কাটাৰ আৰু ইজিপ্তৰ দৰে দেশৰ ভূমিকাকো প্ৰশংসা কৰে। তেওঁ লগতে কয়, "আমি সকলো প্ৰাসংগিক বহুপাক্ষিক ক্ষেত্ৰত নিৰন্তৰভাৱে আমাৰ স্থিতি পুনৰাবৃত্তি কৰি আহিছোঁ। ভাৰতে অঞ্চলটোত

শান্তি আৰু স্থিৰতা ৰক্ষাৰ স্বাৰ্থত থিয় দিছে।

এইটো আমাৰ দীৰ্ঘদিনীয়া স্থিতি যে আমি এক দ্বি-ৰাষ্ট্ৰীয় সমাধানক সমৰ্থন কৰোঁ। য’ত স্বীকৃত আৰু পাৰস্পৰিক সন্মত সীমাৰ ভিতৰত এক সাৰ্বভৌম, কাৰ্যকৰী আৰু স্বাধীন ৰাজ্য স্থাপন কৰা হয়, শান্তিৰে ইজৰাইলৰ সৈতে একেলগে বাস কৰিব পাৰে। ইজৰাইলৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত যোৱা মাহত জৰ্ডানত অনুষ্ঠিত গাজাৰ জৰুৰী মানৱীয় সঁহাৰি সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় উচ্চ পৰ্যায়ৰ সন্মিলনত ভাৰতক জ্যেষ্ঠ পৰ্যায়ত প্ৰতিনিধিত্ব কৰা হৈছিল। ৰাষ্ট্ৰদূতগৰাকীয়ে কয়।

মিচিং বানে কেবাঙৰ শতবাৰ্ষিকী উদযাপনঃ দুশ মিটাৰ দীৰ্ঘ মৃৰং ঘৰৰ লাইখুঁটা স্থাপন…

মিচিং জনজাতিসকলৰ আটাইতকৈ পুৰণি জাতীয় সংগঠন তথা একমাত্ৰ শতবৰ্ষ গৰকা সংগঠন মিচিং বাঃনৗ কৗবাঙৰ শতবৰ্ষ অনুষ্ঠান তথা প্ৰতিষ্ঠা দিৱস এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজি গোগামুখত মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কে, মিচিং আগম কৗবাং, মিচিং দৃৰ্‌বৃ কৗবাং আদি সংগঠনসমূহৰ সহযোগত  অনুষ্ঠিত যায়৷ ধেমাজি জিলাৰ গোগামুখৰ নাহৰবাৰী পঞ্চায়তস্থিত সোৱণশিৰি নৈৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ৰৗগৃঃ ৰৗগাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা শতবৰ্ষ তথা প্ৰতিষ্ঠা দিৱসত লোকেলোকাৰণ্য হৈ পৰাৰ লগতে গুমৰাগ নৃত্য আৰু অই নিঃতমে সমগ্ৰ ৰৗগৃঃ-ৰৗগাম ক্ষেত্ৰ জীপাল কৰি তোলে৷ শতবৰ্ষ অনুষ্ঠানৰ পুৱা ৮ বজাত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়।

শতবৰ্ষ সমাৰোহ তথা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন বৃহৎ আকাৰৰ মৃৰং ঘৰৰ লাইখুঁটাও স্থাপন কৰা হয়৷ প্ৰায় দুশ মিটাৰ দীঘলকৈ নিৰ্মাণ কৰিবলগা উক্ত  মৃৰং ঘৰৰ লাইখুঁটা স্থাপন কৰে মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই৷ লাইখুঁটা স্থাপন কৰি তেওঁ মৃৰং ঘৰৰ বিষয়ে কয় যে, মৃৰং ঘৰখনত  মিচিংসকলৰ প্ৰতিটো গোত্ৰ বা অপেঃ কেবাঙৰ সহযোগিতাত নিৰ্মাণ কৰা হ’ব৷ প্ৰতিটো অপেঃ কৗবাঙৰ নামত একোটাকৈ  খূঁটা থাকিব আৰু প্ৰতিটো অপেঃ কৗবাঙে একো একোটা খূঁটা নিৰ্মাণ কৰিবলৈ  ৫০ হাজাৰকৈ টকা মিচিং বাঃনৗ কৗবাঙক দিব লাগিব৷ বাকী মৃৰং ঘৰ নিৰ্মাণৰ বাবে যিমান টকা প্ৰয়োজন হ’ব উক্ত টকা মিচিং জাতীয় দল-সগঠনবোৰৰ দান-বৰঙনিৰে নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলিও তেওঁ দোহাৰে ৷ তেওঁ লগতে কয়-  ৰৗগৃঃ ৰৗগামত মুঠ চাৰিশ বিঘা ভূমি আছে৷ গোগামুখ ৰাজহ চক্ৰৰ নাহৰবাৰী পঞ্চায়তৰ অন্তৰ্গত নাহৰবাৰী, এদূত গাঁও আৰু লখিমপুৰ জিলাৰ কদম  ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপৰা পঞ্চায়তৰ  মে’ৰ গাঁৱৰ ৰাইজে উক্ত বিশাল ভূমি প্ৰদান কৰিছে৷ ৰেগি-ৰেগাম ক্ষেত্ৰত  বৃহৎ মৃৰং ঘৰ নিৰ্মাণ কৰাৰ উপৰিও মিচিং জাতীয় পূঁথিভৰাল, পৰম্পৰাগত আদৰ্শ মিচিং গাঁও,  কেন্দ্ৰীয় মিচিং লোক সংস্কৃতিক অধ্যয়ন আৰু প্ৰশিক্ষণ কেন্দ্ৰ,  সমন্বিত আদৰ্শ মীন পাম,  মিচিং জাতীয় প্ৰেক্ষাগৃহ, প্ৰাকৃতিক পক্ষী উদ্যান, শিশু আৰু ৰাজহুৱা উদ্যান, মিচিং জাতীয় জীৱনৰ লগত নিবিড়ভাৱে সম্পৰ্ক থকা  ঔষধি  গুণ সম্পন্ন  বনৰীয়া উদ্ভিদ উদ্যান, বিভিন্ন থলুৱা ফল-মূলৰ গছৰ উদ্যান আৰু অৰ্কিড উদ্যান স্থাপন কৰা বুলি কেবাঙৰ সভাপতি চায়েঙ্গীয়া জানিবলৈ দিয়ে৷

সৰ্বতোপৰি  ৰেগি ৰেগাম ক্ষেত্ৰখন মিচিং জাতীয় প্ৰকল্প হিচাপে পৰবৰ্তী সময়ত ৰূপান্তৰিত কৰা হ’ব বুলিও  তেওঁ দোহাৰে ৷ লাইখূঁটা স্থাপন অনুষ্ঠানৰ  পাছতে ৰাজহুৱা গছপুলি ৰোপন কাৰ্যসূচী সমাপন কৰা হয়৷ পুৱা ১১ বজাত মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চায়েঙ্গীয়াৰ সভাপতিত্বত মুকলিসভা অনুষ্ঠিত হয়৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ মুখ্য অতিথিৰ ভাষণত তেওঁ কয়- মিচিং বাঃনৗ কৗবাঙে হৈছে মিচিং জাতিৰ সামাজিক, বৌদ্ধিক, সাংস্কৃতিক, অৰ্থনৈতিক ক্ষেত্ৰখন আগুৱাই নিয়াৰ লগতে সমগ্ৰ জাতিটোক একত্ৰিত কৰা প্ৰথম মিচিং জাতীয় সংগঠন৷ এই অনুষ্ঠানে এইবছৰ শতবৰ্ষ পাৰ কৰিলে৷ উপলক্ষে মিচিং বাঃনৗ কৗবাং, আৰু মিচিং ৰাইজক তেওঁ শুভেচ্ছা জ্ঞাপন কৰে৷ ৰেগি-ৰেগাম ক্ষেত্ৰ সন্দৰ্ভত তেওঁ লগতে কয়,  ৰৗগৃঃ-ৰৗগাম চৌপাশ অতি দৃষ্টিনন্দন আৰু ইযাত মিচিং জাতীয় প্ৰকল্প এখন গঢ়ি তুলিলে সমগ্ৰ অঞ্চলটোৱে নান্দনিকাৰে ভৰি পৰিব ৷ তেওঁ লগতে কয়- মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠা দিৱস আৰু শতবৰ্ষ সমাৰোহত অংশগ্ৰহণ কৰি তেওঁ সুখী হোৱা বুলি মন্তব্য দিয়াৰ লগতে এই জাতীয় প্ৰকল্পটোলৈ চৰকাৰৰ পৰা যিমান পাৰি ইমান পূঁজি আবন্টন দিবলৈ প্ৰয়াস চলাব৷ উপযুক্ত পৰিকল্পনা আৰু পৰিচালনাই এটি বৃহৎ প্ৰকল্প নিৰ্মাণ বা আটকধুনীয়া কৰি তোলাত সহায় কৰে বুলিও তেওঁ দোহাৰে৷ 

সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে আদী বাঃনৗ কৗবাঙৰ সভাপতি কালৃং বৰাঙে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু,  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, উপাধ্যক্ষ যজ্ঞেেশ্বৰ কুটুম, মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সভাপতি হৰিনাৰায়ণ পেগু, সচিব সোমেশ্বৰ কাপ্তাক, মিচিং দৃৰবৃ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি অশ্বিনী কুমাৰ দলে, সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, টি এম পি কেৰ সভাপতি তিলক দলে, সম্পাদক চান কুমাৰ পাংগিং, টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগু আদিয়ে৷ মুকলি সভাৰ আঁঁত ধৰে  মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সচিব ইন্দ্ৰ কুমাৰ চুংক্ৰাঙে৷ শতবাৰ্ষিকী অনুষ্ঠানৰ  মুকলি সভাৰ অন্তত নিশালৈ সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়৷১৯২৪ চনত মিচিং বানে কেবাঙৰ জন্ম হৈছিল৷ প্ৰথমগৰাকী সভাপতি আছিল জনদৰদী, ধাৰ্মিক, দিক্‌দৰ্শী পুৰুষ,  মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰদেৱ গোস্বামী৷ মিচিং বানে কেবাঙেই হৈছে মিচিং জনগোষ্ঠীটোক সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰাৰ লগতে ৰাজনৈতিক সচেনতা বৃদ্ধি কৰা প্ৰথমটো মিচিং জাতীয় সংগঠন৷

নীট প্ৰশ্নকাকত ফাদিল গোচৰ; পাটনা এইমছৰ ৩ চিকিৎসকক গ্ৰেপ্তাৰ, এতিয়ালৈকে নীট প্ৰশ্নকাকত ফাদিল গোচৰত ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ…

নীট প্ৰশ্নকাকত ফাদিল গোচৰত চিবিআইৰ দলে প্ৰতিদিনে নতুন নতুন দিশ উন্মোচন কৰি আহিছে । অৱশ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়া এতিয়াও চিবিআইৰ জালত পৰা নাই । কিন্তু তাৰ মাজতে বুধবাৰে চিবিআইৰ দলে পাটনা এইমছৰ ৩ গৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰে । তিনিওগৰাকী চিকিৎসক ২০২১ বেচৰ শিক্ষাৰ্থী। তেওঁলোকক সোধা-পোছা কৰি থকা হৈছে । আনহাতে, পৰৱৰ্তী তদন্তৰ বাবে চিবিআয়ে তেওঁলোকৰ কোঠাকেইটা ছীল কৰি দিছে।ইফালে চিবিআইৰ দলে এতিয়ালৈকে প্ৰশ্নকাকত চোৰৰ পৰা প্ৰশ্নকাকত ফাদিল কৰালৈকে আৰু এই প্ৰশ্নকাকত শিক্ষাৰ্থীলৈ সৰবৰাহ কৰা সকলোকে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়া এতিয়াও চিবিআইৰ কবলত পৰা নাই। তাৰ মাজেত বৃহস্পতিবাৰে এই গোচৰটোৰ সৈতে সম্পৰ্কিত আবেদনসমূহৰ শুনানি উচ্চতম ন্যায়ালয়ত হ’বলৈ গৈ আছে।নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত চিবিআইৰ দলটোৱে ২০২১ বৰ্ষৰ তিনিগৰাকী শিক্ষাৰ্থীক পাটনা এইমছৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

তিনিওগৰাকীৰে লেপটপ আৰু স্মাৰ্টফোনো জব্দ কৰা হৈছে। ইয়াৰ উপৰি এতিয়ালৈকে এই গোচৰত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পংকজ আৰু ৰাজু নামৰ দুই অভিযুক্তক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত পংকজে ট্ৰাংকৰ পৰা প্ৰশ্নকাকত চুৰি কৰা বুলি স্বীকাৰ কৰে। চিবিআয়ে তেওঁক জিম্মাত লৈছে আৰু তেওঁক এই বিষয়ে কোনে তথ্য প্ৰদান কৰিছিল তাৰ অনুসন্ধান অব্যাহত ৰাখিছে।চিবিআইৰ দলটোৱে এতিয়ালৈকে নীট প্ৰশ্নকাকত ফাদিল গোচৰত ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি, চিবিআয়ে এই তিনিগৰাকী চিকিৎসককো জিম্মাত লৈছে। কোনোবাই এই সন্দৰ্ভত কিবা বুজি পোৱাৰ পূৰ্বেই চিবিআইৰ দলটোৱে তেওঁলোকক জিম্মাত লৈ সোধা-পোছাৰ বাবে অজ্ঞাত স্থানলৈ ৰাওনা হয়। জেৰাৰ পিচত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।পাটনা এইমছৰ পৰা ২০২১ বৰ্ষৰ তিনিওগৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে শাস্ত্ৰী নগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে এজন চিকিৎসকসহ ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। এতিয়ালৈকে সাতখন ৰাজ্যৰ পৰা ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে চিবিআইৰ দলটোৱে এতিয়াওমাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়াক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত শিক্ষক গুণকান্ত বৰাৰ মৃত্যু…

কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত গুণকান্ত বৰা নামৰ শিক্ষকৰ মৃত্যু। বকুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক আছিল গুনকান্ত বৰা ।

কামপুৰ থানাৰ অন্তৰ্গত বকুলগুৰী তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা। বাইক আৰু এখন টাটা ম’বাইলৰে হৈছিল মুখামুখি সংঘৰ্ষ।

চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিক্ষক গুণকান্ত বৰাৰ ।শিক্ষক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে।

২০২৬ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দৰমহা আয়োগ গঠনৰ পোষকতা…

INDIAN WOMEN COUNTING INDIAN CURRENCY

শীঘ্ৰেই অষ্টম দৰমহা আয়োগ গঠনৰ দাবী। ২০২৬ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দৰমহা আয়োগ গঠনৰ পোষকতা।

INDIAN WOMEN COUNTING INDIAN CURRENCY

ইতিমধ্যে পাৰ হৈছে দৰমহা আয়োগ গঠনৰ সময়।

সন্মিলিত শিক্ষক মঞ্চই উত্থাপন কৰে এই দাবী।

গুৱাহাটী মহানগৰীৰ দাঁতিতে অনুষ্ঠিত এখন অলৌকিক পূজা, য’ত পূজাৰ দিন ঠিক কৰিবলৈ পূজাৰীক দেখুওৱা হয় সপোন…

আপোনালোকৰ হয়তো বিশ্বাসেই নহব যে গুৱাহাটী মহানগৰীৰ নিচেই কাষতে থকা ডিগাৰুৰ ঘগুৱা অঞ্চলত বছৰ বছৰ যুৰি এনেকুৱা এখন পূজা অনুষ্ঠিত হৈ আহিছে, য’ত পুজাখনৰ তাৰিখটো থিৰাং কৰিবলৈ পূজাখনৰ পুৰোহিত অথবা বিষয়ববীয়া এজনক সপোন দেখুওৱা হয়। অৰ্থাৎ সপোনত দেখুওৱা দিন অনুযায়ী নিৰ্দিষ্ট দিনটোত পূজাভাগ অনুষ্ঠিত কৰা হয়।অবিশ্বাস্য হলেও কথাটো সঁচা আৰু প্ৰথমে মুলতঃ কাৰ্বি জনজাতিৰ মাজত প্ৰচলিত এই পুজাখন পিছলৈ হামিল (বাৰোৱাৰি বা সমিলমিল) পূজা হিচাপে পৰিগণিত হৈ অঞ্চলটোৰ কোঁচ, কেউত, নাথ, দাস, ৰাভা আৰু চাহ জনজাতি সকলক সামৰি লৈ সাম্প্ৰতিক সময়ত অতি উলহ মালহৰে অনুষ্ঠিত কৰা এই পূজাখনৰ নাম হল মাল গোঁসাই পূজা। সাম্প্ৰতিক সময়ত পূজাখনৰ সৈতে জৰিত হৈ আছে কিছুমান অলৌকিক অথচ বাস্তবধৰ্মী ৰীতি নীতি।

ইয়াৰ ভিতৰত বিশেষকৈ প্ৰথমেই উল্লেখ কৰাৰ দৰে দিন বাৰ ঠিৰাং কৰা আৰু পূজাৰ বাবে প্ৰয়োজনীয় দুডাল পোন বাঁহ সংগ্ৰহ কৰাৰ বাবে গাওঁখনৰ ব্যক্তি এজনক মাল গোঁসাই ডাঙৰীয়াই সপোন দেখুওৱা কাৰ্য অন্যতম। অন্যহাতে পুজাভাগ আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় অন্যতম এক প্ৰধান সামগ্ৰী, ‘ক’লডিল’টোও হব লাগে এক বিশেষ জোখৰ, যাক বিচাৰি অনাটোও সহজ সাধ্য নহয় আৰু সেই সময়ত এই কলডিলটোও গাঁৱৰ বিশেষ এঘৰত এই পূজাৰ বাবেই ফুলি উঠে বুলি গণ্য কৰা হয় আৰু তেনেদৰেই সংগ্ৰহ কৰা হয়। পূজাখনৰ আন এক বিশেষ বৈশিষ্ট হল যে দুডাল বাঁহেৰে এখন সাঙি বনাই সেই সাঙিত কেতবোৰ নীতি নিয়ম মানি মাল গোঁসাইৰ এখন আসন স্থাপন কৰি চাৰিজন ব্যক্তি বা যুৱকে গাঁৱে গাঁৱে, মন্দিৰে মন্দিৰে ঘূৰাই লৈ ফুৰে আৰু সেই সময়ত সেই যুৱক বা ব্যক্তি কেইজনৰ গাঁত বিশেষ শক্তিৰ প্ৰাদুৰ্ভাৱ ঘটে । ব্যক্তিকেইজনে নিজে কব নোৱাৰাকৈয়ে সাঙিখন বোকা, পানী, বিল, পুখুৰী, পাহাৰ, ভৈয়াম, ওখ, চাপৰ, দ – বাম একো নামানি যেনি তেনি গতি কৰে আৰু একো কব নোৱাৰাকৈয়ে গাৰিৰ চকাৰ দৰে কেৱল আগবাঢ়ি যায়। দুপৰীয়াৰ পৰা মাজ ৰাতিলৈ অনুষ্ঠিত গোঁসাই ফুৰোৱা এই পৰম্পৰাৰ বাবে বাৰোৱাৰী বা হামিল সমাজৰ পৰা কোঁচ, কাৰ্বি আৰু আন সম্প্ৰদায়ৰ চাৰিজন চাৰিজনকৈ মুঠ ১২ জন ব্যক্তি বা যুবকক আগতীয়াকৈ ঠিক কৰি দিয়া হয় আৰু সেই যুৱক কেইজনে সম্পূৰ্ণ নিয়ম মানি লঘুনিয়া দেহাৰে গোঁসাই ফুৰোৱা কাৰ্য্যত জৰিত হয়। আচৰ্য্যজনক ভাবে এই ক্ষেত্ৰত কিবা হীন দেৰি, বঢ়া টুটা বা যুৱক কেইজনৰ কিবা দোষ থাকিলে সেই যুৱকে গোঁসাই ফুৰোৱা সাঙিখন দাঙিব নোৱাৰা হৈ পৰে বা চিটিকি পৰে।


মন কৰিবলগীয়া যে বৃহত্তৰ ঘগুৱা অঞ্চলত এক উৎসৱমুখৰ পৰিবেশত পূৰ্ব পুৰুষৰ পৰা প্ৰজন্ম ক্ৰমে অনুস্থিত কৰি অহা এই পূজাৰ সৈতে কামাখ্যা দেৱী বা কামাখ্যা মন্দিৰৰ এক সংযোগ আছে বুলি জন প্ৰবাদ আছে। কামাখ্যাত বছৰি অনুষ্ঠিত অম্বুবাচী মেলাৰ পিছৰ এটা মঙ্গলবাৰত এই পূজা অনুষ্ঠিত কৰা হয়। প্ৰবাদমতে মা কামাখ্যা দেৱীক বিনাশ কৰাৰ বাবেই মহাদেৱ শিৱৰ ৰুদ্ৰ মূৰ্ত্তিৰ ফলত শিলত লাগি জ’টাধাৰি মহাদেৱৰ জ’টাৰ পৰা বীৰভদ্ৰৰ সৃষ্টি হৈছিল আৰু এই বীৰভদ্ৰৰ পূজাৰ নামান্তৰেই হ’ল এই মাল গোঁসাই পূজা। অঞ্চলটোৰ হামিল সমাজে বিশ্বাস কৰা মতে এই মাল গোঁসাই দেৱতাই অঞ্চলটোৰ মাৰোৱা থানৰ কাষতে থকা বিশেষ গছ এজোপাত বছৰি থিতাপি লয় আৰু পূজাৰ সময় চোৱাত জাগ্ৰত হৈ পৰে। আন এক বিশ্বাসমতে পূৰ্বতে পুৰোহিতে গোঁসাই আসনখন প্ৰতিষ্ঠা কৰাৰ পিছত আসনখন আপোনা আপোনি ওপৰলৈ উঠিছিল আৰু লাহে লাহে যাত্ৰা কৰিছিল। পৰবৰ্তী সময়ত আসনখন মানুহে দাঙি লৈ যাত্ৰা কৰা হ’ল। বিশ্বাসমতে এনেদৰে যাত্ৰা কৰাৰ সময়ত কোনো লোকে সাঙিৰ তলেৰে পাৰ হৈ গলে ব্যক্তিজনৰ পাপ বা দোষ খণ্ডন হয় আৰু বিশেষ শক্তি লাভ কৰে। সেয়েহে পূজাৰ দিনা বহু লোকে সাঙিৰ তলেৰে পাৰ হোৱা দেখা যায়। পূজাৰ দিনা সমগ্ৰ অঞ্চলটো উৎসৱ মুখৰ হৈ পৰে আৰু এই দিনটোত ঘৰখনৰ পৰা আঁতৰি থকা গাওঁখনৰ জীয়ৰী, বোৱাৰী, লৰা ছোৱালী, মিতিৰ কুটুম, বন্ধু বান্ধব ঘৰে ঘৰে উপস্থিত হয় আৰু মাল গোসাঁইৰ ওচৰত ধূপ নৈবদ্যৰে সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে। গাঁৱৰ ন কইনা তথা নৱ বিবাহিতা দম্পতীৰ বাবে এই দিনটো বিশেষ তাৎপৰ্য পূৰ্ণ হিচাপে বিবেচিত হয়।


মূলতঃ কাৰ্বি জনজাতি লোকসকলে পূজাৰ আগদিনা লঘুনীয়া মদ গ্ৰহণ কৰি পূজাৰ দায়িত্ব সমূহ ভগাই লয় আৰু পূজাৰ দিনা অঞ্চলটোৰ সকলো ধৰ্মাৱলম্বী লোকে নিৰামিষ আহাৰ গ্ৰহণ কৰি গোঁসাই পূজা কৰে আৰু অঞ্চলটোত থকা বিষ্ণু মন্দিৰ, মা চন্দিকা মন্দিৰ, মনসা মন্দিৰ, কালি গোসাঁনী মন্দিৰ, বামুন মন্দিৰ আদিকে ধৰি সমগ্ৰ আই থান, মন্দিৰ, নামঘৰ, মণিকূট আৰু অন্যান্য উপাসনা স্থান সমূহৰ লগতে প্ৰতিঘৰ মানুহৰ ঘৰত ধুপ বন্তি জ্বলাই শৰাই আগবঢ়াই থয় আৰু সাঙিত উঠাই ঘূৰাই লৈ ফুৰা গোঁসাই আহি এই শৰাই গ্ৰহণ কৰি গাঁওবাসীক আশীৰ্বাদ প্ৰদান কৰে। পূজা ভাগৰ সৈতে শাক্ত আৰু বৈষ্ণৱ, এই দুই পন্থাৰ মিলন ঘটে। দিনৰ ভাগত স্থানীয় বিষ্ণু মন্দিৰত আৰম্ভ হোৱা পূজা ভাগ গোঁসাই ফুৰোৱাৰ অন্তত ৰাতিলৈ স্থানীয় মাৰুৱা থানত সমাপ্তি ঘটে। পূজা আৰম্ভ হোৱাৰ পূৰ্বে স্থানীয় ৰজাঘৰিয়া পৰিয়ালৰ লোক এজনে গোঁসাইক ৰাজমালা পিন্ধাই। এই পূজাৰ আন এক বৈশিষ্ট হল যে গোসাঁই আসন স্থাপন কৰিবলৈ প্ৰয়োজন হোৱা পূজাৰ দ্ৰব্য সমূহ মানুহৰ দ্বাৰা সৃষ্টি হোৱা হব নালাগিব। ইয়াৰ পৰিবৰ্তে প্ৰাকৃতিক ভাবে সৃষ্ট অথবা সেই অঞ্চলতে উৎপন্ন অথচ নতুন আৰু নিভাজ হব লাগিব। আসন লৈ ফুৰা চাঙিখন বনাবৰ বাবে প্ৰয়োজনীয় বাঁহ দুডাল পোন বাঁহ হব লাগিব। ইয়াক বিচাৰি পোৱাতোও ইমান সহজ নহয়। সেইবাবে ইয়াৰ ঠিকনা সপোন যোগে দেখুওৱা হয়। এই বাঁহ দুডাল আকৌ ফুলৰ দৰে দেখনিয়াৰ আৰু কলাসুলভ আৰ্হিত চাঁচি লব লাগে। লগতে প্ৰয়োজন হয় আঢ়ৈ ফুট দৈৰ্ঘ্যৰ ১১ টাকৈ কামিৰ । কামি সমূহ বান্ধিবৰ বাবে প্ৰয়োজন হোৱা টঙাল সমূহ অনাৰ দায়িত্ব দিয়া হয় স্থানীয় মাজকুচি গাঁৱৰ আদিবাসী লোকসকলক। তেওঁলোকে স্থানীয় পাহাৰৰ পৰা কাটি অনা বাঁহৰ পৰা প্ৰস্তুত কৰে টঙাল সমূহ। ইয়াৰ বাবে সমাজে তেওঁলোকলৈ তামোল পাণ এযোৰ আগতীয়াকৈ আগবঢ়াই থয়। আসনখনত প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰয়োজনীয় কলডিলটো যথেষ্ট ডাঙৰ আৰু আগটো উলাও নুলাওকৈ থকা অৱস্থাত এক বিশেষ আকাৰৰ হব লাগে। ইয়াকো বিচাৰি পোৱাটো সহজ নহয় বাবে সপোন আকাৰে দেখুওৱা হয়। এই কলডিল আৰ্হিটোক দৌলসত্ৰ বুলি কোৱা হয়। আসনখন প্ৰতিষ্ঠা কৰি কলপাতৰ জৰিয়তে মহাদেৱ শিৱৰ জ’টাৰ আৰ্হিত এটা নোৰা বনোৱা হয় আৰু নোৰাৰ ভিতৰত এযোৰ জীৱন্ত পাৰ চৰাই ৰখা হয়। আৰ্চৰ্য্যজনক ভাবে চাৰিজন ব্যক্তিয়ে এই আসনখন লৈ খোজ কঢ়াৰ লগতে কোনো সময়ত দৌৰি দৌৰি যোৱাৰ পিছতো এই পাৰ কেইটা ওলাই বা উৰি নাযায়। গোঁসাই আসন লৈ ফুৰা ব্যক্তি কেইজনৰ গাত আঠুৰ মূৰত থকা এখন চুৰিয়াৰ বাদে আন কোনো কাপোৰ নাথাকে। তেওঁলোকৰ কিবা দোষ থাকিলে মাল গোসাঁইক দাঙিব নোৱাৰে বুলি আন এক বিশ্বাস জৰিত হৈ আছে। অন্যহাতে গাওঁ বাসীয়ে এই পূজা অনুষ্ঠিত নকৰাকৈয়ো থাকিব নোৱাৰে। পূজা অনুষ্ঠিত কৰাত বিলম্ব হলে গাওঁবাসীৰ মাজত অপায় অমঙ্গলে দেখা দিয়ে । ৰাতিলৈ পূজাৰ সৈতে মূৰ্গী, পাৰ আদি বলি দিয়াৰ নিয়ম আছে। ধুপ, ধুনা, ফুল ফল, নৈবদ্য আদি দিয়াৰ পিছত গোঁসাই ফুৰাবলৈ সাজু হোৱা আসনখন বিশেষ মন্ত্ৰ উচ্চাৰণৰ জৰিয়তে ধোওৱা হয় আৰু পৰবৰ্তী সময়ত গোঁসাইক ফুৰোৱা হয়। বিশ্বাস মতে গোঁসাই ফুৰাই থকা অৱস্থাত কোনো যুৱক যুৱতী বা ব্যক্তিয়ে গোঁসাইক জোকালে গোসাঁইৰ খং উঠে আৰু চাঙিসহ যুৱক চাৰিজন গাৰীৰ চকাৰ দৰে গাৰ জোৰেৰে দৌৰি যেনি তেনি যাত্ৰা কৰে। সেই সময়ত সন্মুখত পানী ভৰা পুখুৰী, খাল, ডুং, নদ- নদী, পাহাৰ, পথাৰ, নিজৰা আদি থাকিলেও বিশেষ শক্তিৰে পাৰ হৈ যায়। যেন ব্যক্তি কেইজনে নিজে যোৱা নাই। এক বিশেষ শক্তিৰ বলতহে তেওঁলোকক লৈ যোৱা হয়।


এনে ধৰণৰ বিশ্বাস অবিশ্বাস ৰ মাজত চলি থকা এই পূজাৰ দিনা অঞ্চলটোত সহস্ৰাধিক লোকৰ সমাগম ঘটে আৰু ধাৰ্মিক পৰিবেশত অঞ্চলটো উদ্ভাসিত হৈ পৰে। আটাইতকৈ ডাঙৰ কথা যে ইয়াৰ জৰিয়তেই অঞ্চলটোৰ হামিল (সমিলমিল) সমাজৰ এক অবিচ্ছেদ্য অংশ হিচাপে গাঁওবাসীৰ মাজত সাতামপুৰুষীয়া মিলাপ্ৰীতি বৰ্তি থাকে আৰু নানা ধৰণৰ অপায় অমংগল, অসুয়া অপ্ৰীতিৰ পৰা হাত সাৰি থাকে। হয়টো ইয়াৰ বাবেই আচৰ্য্যজনক ভাবে সমগ্ৰ ঘগুৱা অঞ্চলত অপৰাধ প্ৰবণতা বা অপৰাধীৰ সংখ্যা শূণ্য বুলি কব পৰা যায়।

লেখকঃ উৎপল শইকীয়া

উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত…

উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত।

১৫৯০৪ নম্বৰ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখনৰ দুৰ্ঘটনাত কেইবাজনো লোক আহত।

লাইনচ্যুত হৈ বাগৰিল দুটাকৈ ডবা।