Home Blog Page 655

বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ শোক প্ৰকাশ

কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে ‘বেলতলাৰ ৰাণী’ নামেৰে খ্যাত প্ৰয়াত উমা দেৱী বিজনী অভয়াপুৰীৰ ৰাজ-পৰিয়ালৰ জীয়ৰী তথা বেলতলা মৌজাৰ মৌজাদাৰ পৰীক্ষিত নাৰায়ণ দেৱৰ মাতৃ উক্ত প্ৰজন্মটোৰ শেষৰ গৰাকী ব্যক্তি আছিল।

তেখেতৰ মৃত্যুত এটা ঐতিহাসিক যুগৰ সামৰণি পৰে। ৯১ বছৰ বয়সত মৃত্যুবৰণ কৰা ‘ৰাণী’গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা বুলি শোকবাৰ্তাটোত বৰাই উল্লেখ কৰে৷

সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ কি হ’ব

২৮ আগষ্টত অমৃতপাল সিঙৰ আবেদনৰ পৰৱৰ্তী শুনানি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে


ৰাজ্য, কেন্দ্ৰীয় চৰকাৰৰ পৰা পাঞ্জাৱৰ খাদুৰ চাহিবৰ স্বতন্ত্ৰ সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ বিচাৰি জাননী জাৰি কৰিছে আদালতে।

কাৰাগাৰত থকা নিৰ্দলীয় সাংসদ অমৃতপাল সিঙে তেওঁৰ ওপৰত আৰোপ কৰা এনএছএক অবৈধ আৰু বে-আইনী বুলি অভিহিত কৰিছে।

আকৌ বৰষুণ!

আকৌ আহিব বৰষুণ! আগন্তুক ২৪ ঘণ্টাৰ বাবে বিভিন্ন স্থানত ৰেড এলাৰ্ট জাৰি


গৰমে জুৰুলা কৰিছে সৰ্বসাধাৰণক। গৰম আৰু আৰ্দ্ৰতাৰ মাজতে ডাঙৰ সকাহ পাইছে দিল্লী-এনচিআৰবাসীয়ে। বুধবাৰে সন্ধিয়া হঠাতে এন চি আৰৰ বতৰ সলনি হোৱাৰ লগে লগে আকাশত দেখা গ’ল ক’লা ডাৱৰ। বহু অঞ্চলত বৰষুণ দিবলৈ ধৰিলে। বৰষুণৰ বাবে প্ৰচণ্ড গৰমৰ পৰা সকাহ পাইছে ৰাইজে।

আকৌ আহিব বৰষুণ! আগন্তুক ২৪ ঘণ্টাৰ বাবে বিভিন্ন স্থানত ৰেড এলাৰ্ট জাৰি
আকৌ আহিব বৰষুণ!

বুধবাৰে সন্ধিয়াৰ পৰা দিল্লী-এনচিআৰত ধাৰাসাৰ বৰষুণ হৈ আছে। উৎকট গৰমৰ মাজতে অহা এই বৰষুণজাকে দিছে সকাহ। এই ধাৰাসাৰ বৰষুণৰ ফলত এন চি আৰৰ বহু অঞ্চলত পানী জমা হৈছে। পানী জমা হোৱাৰ বাবে পথ বন্ধ হৈ পৰিছে, যাৰ বাবে পথচাৰীসকলে বহু সমস্যাৰ সন্মুখীন হৈছে। সন্ধিয়া কাৰ্যালয়ৰ পৰা ওলোৱা কৰ্মচাৰীসকল বৰষুণৰ বাবে পথত আবদ্ধ হৈ পৰিছে।

শিৱসাগৰৰ এঘাৰ বছৰীয়া চাহিন আফতাৰা বেগমে কিক বক্সিং আৰু উছোত সাফল্য

শিৱসাগৰৰ এঘাৰ বছৰীয়া চাহিন আফতাৰা বেগমে কিক বক্সিং আৰু উছোত সাফল্য

এগৰাকী কণমানি খেলুৱৈ। মাত্ৰ এঘাৰ বছৰ বয়সতে একাধিক প্ৰতিযোগিতাত পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিৱসাগৰ নগৰৰ সমীপৰ ৰংঘৰ চাৰিআলিৰ চাহিন আফতাৰা বেগমে।

দাদু উল্লাহ আৰু মুস্ফিকা বেগমৰ কন্যা তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰী চাহিনে উছো, কম্ফুৰ সমান্তৰাল ভাৱে কিক বক্সিং প্ৰতিযোগিতাত শিৱসাগৰ জিলাখনৰ লগত অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহত সোণৰ, ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ পশ্চিম বংগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কম্ফু প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধি কৰি চাহিনে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে সদ্য অন্ত পৰা তথা ২৭ জুলাইত ডেৰগাঁৱত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় চাহিনে

জিলা ভিত্তিক এদিনীয়া হা ডু ডু খেল প্ৰতিযোগিতা ২০২৪

জালিকুৰা গাওঁৰ যুৱ সংগৰ উদ্যোগত আৰু Direct News Asom চেনেলৰ সহযোগত বিৰাট এখন এদিনীয়া হা ডু ডু খেল প্ৰতিযোগীতাৰ আয়োজন কৰিছে

উক্ত খেল খনত B টিমৰ খেলুৱাই সকলে অংশ গ্ৰহণ কৰিব পাৰিব।

হা ডু ডু খেল খনত প্ৰথম পুৰুস্কাৰ হিচাপে থাকিব ছকেচ এটা ।

দ্বিতীয় পুৰুস্কাৰ হিচাপে থাকিব ড্ৰেছিং আয়না এটা।

খেল খন B টিমৰ খেল হব দলৰ । ইয়াত A দলৰ খেলুৱাই খেলিব নোৱাৰিব প্ৰতিজন খেলুৱৈ জাৰ্চি পৰিধান কৰাটো বাধ্যতামূলক দলত ৭ জনকৈ খেলুৱাই হব লাগিব।
আৰু খেল খন সম্পুৰ্ন ফুল বডিত অনুষ্ঠিত কৰা হব।

খেল খেলি থকা অবস্থাত খেলুৱাই সকলে কোনো ধৰণৰ কথা বতৰা আৰু মাত মাতিব নোৱাৰিব।

খেল খেলি থকা অবস্থাত কোনো খেলুৱাই দুখ পালে বা হাত ভৰি ভাঙিলে কমিটি দায়ি নহব।

খেলৰ ভৰ্তি মাচুল মাত্ৰ 401 টকা।

খেল চলি থকা অৱস্থাত কমিটিৰ আৰু ৰেফাৰীৰ সিন্ধান্তই চুৰান্ত সিন্ধান্ত বুলি গণ্য কৰা হব।

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত জালিকুৰা গাওঁৰ চম্পানৈৰ কাষত এই খেল খন অনুস্তিত কৰা হব।

খেলৰ সভাপতি ছফিকুল ইছলাম সহ সম্পাদক মস্তাজুৰ ৰহমান।নো দলে যদি যোগদান কৰিব বিচাৰে তেন্ত 7086210603 নাইবা 8638739023 নম্বৰত যোগাযোগ কৰিব ।।

টীক কাৰ্বি আংলং সৌজন্যত হাওৰাঘাট বিধানসভাৰ সমষ্টি ভিক্তিত ডকমকা হলত এদিনীয়া কৰ্মসূচীৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসূচীত ৰূপায়ণৰ সন্দৰ্ভত আলোচলা চক্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে কেএএচি ৰ চীফ ডা° তুলিৰাম ৰংহাং

আলোচনাত বিষয় সমূহৰ এনেধৰণৰ য়ে

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসূচীত ৰুপায়ণ ৷ ইয়াৰ ক্ষমতা ;প্ৰসাৰ প্ৰয়োগ সন্দৰ্ভত ৰাইজৰ সৈতে মতবিনিময় কৰে ৷
তদুপৰি আগন্তুক সংসদত অধিবেশনৰ ১২৫তম ভাৰতীয় সংবিধান উল্লেখীত ষষ্ঠ অনূসূচীত সংহোধনী বিষয় সন্দৰ্ভত আলোচনা কৰে ৷

স্বায়ত্ত্ব শাসিত পৰিষদৰ অধিক ক্ষমতা আৰু ৰুপায়ণ লগতে কেন্দ্ৰীয় চৰকাৰে অধিক ধন পূঁজি প্ৰত্যক্ষভাৱে পৰিষদৰ যোগান ধৰা সন্দৰ্ভত আলোচনা কৰে ৷


ভাৰতীয সংবিধানৰ উল্লেখ কৰা ২৮০অনূচ্চেদ অনূসৰি ভাৰত চৰকাৰে পৰিষদলৈ ধন যোগান ধৰা ৷

ভাৰতীয সংবিধান উল্লেখ থকা 244 ক ৰুপায়ণ সন্দৰ্ভত আলোচনা কৰে ৷

তদুপৰি কাৰ্বি পৰম্পৰাৰ কাষ্টমাৰী আইন আধুনিক কাৰ্বি সমাজৰ ৰুপায়ণৰ সন্দৰ্ভত ৰাইজৰ সৈতে আলোচনা কৰে ৷

প্ৰাক্তন ইএম কাৰ্বি পৰিষদৰ এলৱিন টেৰন ৷ প্ৰাক্তন বিধায়ক ধৰম চিং টেৰন সঁহ কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ ইএম লূন চিং টেৰন ৷ পৰিষদৰ অধক্ষ্য ৷উপাদক্ষ্য আৰু পৰিষদৰ এমএচি আৰু অন্যান্য গণ্যমান ব্যক্তি সকল উপস্থিত থাকে ৷

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসূচীত অধীনস্থ পিজি আৰ আৰু ভিজিআৰ মাটিত দখলমুক্ত কৰিবলৈ পৰিষদে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনূসুৰি কাৰ্য্যব্যবস্তা কৰা হব বুলি সাংবাদিকক মতামত প্ৰকাশ কৰে ৷

ধুবুৰীত বাণিজ্যিক মেলাৰ নামত চলিছ কি?

ধুবুৰীত বাণিজ্যিক মেলাৰ নামত চলিছ কি? লটাৰীৰ নামত চলিছে জুৱা।

ধুবুৰীৰ ঝগৰাৰস্থিত মিনি ষ্টোডিয়ামত যোৱা ২৮ জুলাইৰ পৰা ১০ দিনীয়া বানিজ্যিক মেলা অনুষ্ঠিত হৈছে। কিন্তু উক্ত মেলাখনত দেখিবলৈ পোৱা গৈছে মেলাৰ নামত লাখ লাখ টকাৰ জুৱাৰ বেহা।

বানিজ্যিক মেলাৰ নামত একাংশ লটাৰিৰ নাম ফলক দেখুৱাই দিনে নিশাই চলাই গৈছে জুৱা খেল। দিনে নিশাই মুকলি ভাবে জুৱা খেল চলাৰ অভিযোগক উত্থাপন কৰিছে একাংশ সচেতন মহলে। এই দৃশ্য লৈ মন কৰক এনেকৈ চলাই গৈছে লটৰিৰ নামত জুৱাৰ ৰোমৰমীয়া ব্যৱসায়।


আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত ধুবুৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

শ্ৰেণীকোঠাত সমূহত সাপ সোমাই থকাৰ সম্ভাৱনা

গৰমৰ বন্ধ এতিয়া সমাপ্ত হৈছে।

কাইলৈ চলিত বৰ্ষৰ আগষ্টৰ এক তাৰিখৰ পৰা স্কুল সমূহ খোলা হ’ব।

এনে সময়তে বহুদিন ধৰি স্কুলৰ পাঠদান বন্ধ থকাত শ্ৰেণীকোঠা সমূহত সাপ সোমাই থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

এই মন্তব্য সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ।

তেজপুৰৰ জাহাজ ঘাটৰ পি. এম. শ্ৰী গান্ধী আশ্ৰম প্ৰাথমিক বিদ্যালয়ৰ পৰা এটি সাপ উদ্ধাৰ কৰি সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ

লগতে বৰকটকীয়ে তেজপুৰৰ সমূহ বিদ্যালয়ৰ পৰিচালনা সমিতিক অনুৰোধ জনায় কয় –

স্কুল সমূহৰ শ্ৰেণীকোঠাৰ পৰিৱেশ পৰিস্কাৰ কৰাৰ পিছত কোঠাসমূহ ভালকৈ নিৰিক্ষণ কৰিহে ছাত্ৰ-ছাত্ৰী সকলক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ দিয়া উচিত।

বহুদিন কোঠাৰ নিৰ্জন পৰিৱেশৰ মাজত চিকাৰৰ সন্ধানত থকা সাপ সমূহক পৰিস্কাৰ পৰিচ্ছন্নতাৰ জৰিয়তে আঁতৰাই পঠিয়াব পাৰি।

ভৱিষ্যতক সবলীকৰণঃ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে বিটিচিৰ মুৰব্বী

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বডোলেণ্ড যুৱ সবলীকৰণ কাৰ্যসূচীৰ অধীনত ন’ডেল শিক্ষকৰ সৈতে এক অভিমুখী-সহ-পৰামৰ্শ সভা অনুষ্ঠিত হয়।

বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সমগ্ৰ বিটিআৰত শৈক্ষিক নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে বিটিচি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়। তেওঁ ভৱিষ্যত প্ৰজন্মক উন্নীত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নক আগুৱাই নিয়াৰ মাধ্যম হিচাপে শৈক্ষিক জ্ঞান প্ৰচাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত উইকেণ্ড কোচিং ক্লাছ আৰম্ভ কৰাৰ বাবে বিস্তৃত নিৰ্দেশনা আৰু কৌশল প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই শ্ৰেণীসমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰা, যাৰ ফলত প্ৰতিযোগিতামূলক ক্ষেত্ৰত তেওঁলোকৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি পায়। এই সহযোগিতামূলক প্ৰচেষ্টাই শৈক্ষিক ফলাফল বৃদ্ধি কৰিব বিচাৰে আৰু বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিকভাৱে উৎকৃষ্ট হ’বলৈ প্ৰয়োজনীয় সমৰ্থন লাভ কৰাটো নিশ্চিত কৰে।

এই সমাৱেশত বিটিআৰৰ পাঁচোখন জিলাৰ ২৫খন ডিগ্ৰী কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন’ডেল শিক্ষকে অংশগ্ৰহণ কৰে। বিটিচিৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল, আলোচনা আৰু পৰিকল্পনা প্ৰচেষ্টাত অৰিহণা যোগাইছিল।

ভৱিষ্যতক সবলীকৰণ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে বিটিচিৰ মুৰব্বীৰ

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বডোলেণ্ড যুৱ সবলীকৰণ কাৰ্যসূচীৰ অধীনত ন’ডেল শিক্ষকৰ সৈতে এক অভিমুখী-সহ-পৰামৰ্শ সভা অনুষ্ঠিত হয়।

বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সমগ্ৰ বিটিআৰত শৈক্ষিক নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে বিটিচি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়। তেওঁ ভৱিষ্যত প্ৰজন্মক উন্নীত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নক আগুৱাই নিয়াৰ মাধ্যম হিচাপে শৈক্ষিক জ্ঞান প্ৰচাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত উইকেণ্ড কোচিং ক্লাছ আৰম্ভ কৰাৰ বাবে বিস্তৃত নিৰ্দেশনা আৰু কৌশল প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই শ্ৰেণীসমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰা, যাৰ ফলত প্ৰতিযোগিতামূলক ক্ষেত্ৰত তেওঁলোকৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি পায়।

এই সহযোগিতামূলক প্ৰচেষ্টাই শৈক্ষিক ফলাফল বৃদ্ধি কৰিব বিচাৰে আৰু বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিকভাৱে উৎকৃষ্ট হ’বলৈ প্ৰয়োজনীয় সমৰ্থন লাভ কৰাটো নিশ্চিত কৰে।

এই সমাৱেশত বিটিআৰৰ পাঁচোখন জিলাৰ ২৫খন ডিগ্ৰী কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন’ডেল শিক্ষকে অংশগ্ৰহণ কৰে। বিটিচিৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল, আলোচনা আৰু পৰিকল্পনা প্ৰচেষ্টাত অৰিহণা যোগাইছিল।