Home Blog Page 654

উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, ২০০ তীর্থযাত্রী আৱদ্ধ…

উত্তৰাখণ্ডৰ তেহৰীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সৃষ্টি হৈছে।

ডাৱৰ বিস্ফোৰণত নিহত হৈছে দুজন লোকৰ।

ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানে উটুৱাই নিলে দোকান, কালভার্ট।

কেদাৰনাথলৈ যোৱা ভীমবালি পথত ভূমিস্খলনৰ ফলত আবদ্ধ ২০০ তীর্থযাত্রী।

নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি মন্দাকিনী নদীৰ জলপৃষ্ঠ।

পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত ধেমাজি কোৱাৰ্টাৰ ফাইনেলত…

পিলিক চৌধুৰী ১৫ বছৰ অনুৰ্ধ্ব আন্তংজিলা স্কুল ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা স্কুল দলে কোৱাৰ্টাৰত ফাইনেলত প্ৰৱেশ কৰিছে ৷ বুধবাৰে গুৱাহাটীৰ ছাই খেলপথাৰত অনুষ্ঠিত হোৱা এখন খেলত ধেমাজি জিলা স্কুল দলে শক্তিশালী কোকৰাঝাৰ দলক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ উত্তেজনপূৰ্ণ খেলখনত ধেমাজি জিলা স্কুল দলৰ হৈ আয়াং ক’ দলেয়ে -১, দ্বীপ নাৰ্জাৰীয়ে-১ আৰু তিলকজিৎ দলেয়ে  ১ গ’ল দি ধেমাজি জিলা দলক কোৱাৰ্টাৰ ফাইনেলত উপনীত কৰায় ৷ একেদৰে গুৱাহাটী ছাই খেলপথাৰত কালি অনুষ্ঠিত  হোৱ  অনুষ্ঠিত হোৱা  আন এখন খেলত ধেমাজি জিলা স্কুল দলে দক্ষিণ শালমৰা মানকাছাৰ জিলা স্কুল দলক ৬-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল ৷

ধেমাজি জিলা স্কুল দলৰ হৈ কালি দ্বীপ নাৰ্জাৰীয়ে ২ গ’ল, তিলজিৎ দলেয়ে ২ গ’ল, ৰবীন্দ্ৰ বসুমতাৰীয়ে ২ গ’ল দিবলৈ সক্ষম হৈছিল ৷  মানকাছাৰ স্কুল দলে কোনো কাৰণ দ্বিতীয়াৰ্ধত খেলপথাৰ ত্যাগ কৰেে আৰু খেলৰ পৰিচালকে নিয়ম অনুসৰি ধেমাজি জিলা দলক বিজয়ী বুলি ঘোষণা কৰে ৷ উল্লেখনীয় যে,  ধেমাজি জিলা স্কুল দলৰ হৈ মিংমাং নলবাৰী হাইস্কুল দলে পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত টীম মেনেজাৰৰ দায়িত্বত গেৰেমছা দৈমাৰী আৰু প্ৰশিক্ষক হিচাপে আছে ৰিপু নাৰ্জাৰী ৷

এজোপা গছ মোৰ মাৰ নামতঃ ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এজুপি গছ মাৰ নামত কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

এজোপা গছ মোৰ মাৰ নামতঃ ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এজুপি গছ মাৰ নামত কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা আৰম্ভ কৰা এক পেড় মা কে নাম আন্দোলনৰ লগত সংগতি ৰাখি অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছে।

১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ৰাজ্য চৰকাৰে ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছে। অসম সচিবালয় চৌহদত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰোপণ কৰি এই কাৰ্যসূচী শুভাৰম্ভ।

পশুধন নিগমৰ গাহৰি মাংস প্ৰক্ৰিয়াকৰণ প্লাণ্ট উদ্বোধন, গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণত পশুপালন শ্ৰেষ্ঠ বৃত্তিঃ পশুধন উৎপাদনত গুৰুত্ব বৃদ্ধি মন্ত্ৰী অতুল বৰাৰ

বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংশাধন প্ৰকল্পটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। এই প্ৰকল্পৰ জৰিয়তে দৈনিক ১০০ গাহৰি বিজ্ঞানসন্মত ভাৱে এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটীবাসীৰ লগতে ৰাজ্যবাসীক স্বাস্থ্যসন্মত গাহৰি মাংস উপলব্ধ কৰিব পৰা যাব। অসম পশুধন নিগমৰ উদ্যোগত চৰকাৰী খণ্ডত এইটো দ্বিতীয়টো গাহৰি মাংস সংশাধন প্ৰকল্প। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্য সন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ গাহৰি মাংসজনিত খাদ্য যেনে চছেইজ, চালামি ইত্যাদি প্ৰস্তুত কৰা হ’ব।

এই উপলক্ষে প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয় যে, পশুপালন ক্ষেত্ৰখন হ’ল ৰাজ্যখনৰ সবাটোতকৈ সম্ভাৱনামূলক ক্ষেত্ৰ। এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে নিজকে আত্মনিৰ্ভৰশীল কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত গাখীৰ, কণী, মাংস ইত্যাদিৰ যথেষ্ট চাহিদা আছে যদিও সেই অনুপাতে উৎপাদন হোৱা নাই। এখন বিশাল বজাৰ আছে বাবেই পশুপালক সকলৰ লগতে পশুপালন বৃত্তিৰ প্ৰতি আগ্ৰহী সকলো আগবাঢ়ি আহি চৰকাৰী আচঁনিৰ সা-সুবিধা গ্ৰহণ কৰা উচিত। মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত গাখীৰ, কণী, মাংস ইত্যাদিৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আচঁনিৰ জৰিয়তে কণী উৎপাদন আৰু গাহৰি উৎপাদনৰ বাবে বিশেষ আচঁনি গ্ৰহণ কৰা হৈছে। মন্ত্ৰী বৰাই লগতে কয় যে, ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত এতিয়াও পৰম্পৰাগত ভাৱে হাঁহ-কুকুৰা, ছাগলী, গাহৰি আৰু দুগ্ধ উৎপাদনৰ ব্যৱস্থা প্ৰচলিত হৈ আছে। এই ব্যৱস্থাত সংগঠিত ৰূপত আগবঢ়াই নিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। নতুন প্ৰজন্মৰ লগতে মহিলা সকলকো এনে আচঁনিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সৱলীকৰণত পশুপালন ক্ষেত্ৰখনে শ্ৰেষ্ঠ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে।

অনুষ্ঠানত উপস্থিত থাকি নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, বজাৰত অস্বাস্থ্যকৰ পৰিবেশত মাংস বৃদ্ধি ৰোধ কৰিবৰ বাবে এই গাহৰি মাংস সংশাধন প্ৰকল্পই বিশেষ ভাৱে সহায় কৰিব। ইতিমধ্যে নিগমৰ উদ্যোগত গোলাঘাট আৰু শিৱসাগৰত বহল ভিত্তিত গাহৰি উৎপাদনৰ বাবে পাম নিৰ্মাণ কৰি থকা হৈছে বুলি উল্লেখ কৰি শইকীয়াই কয় যে, এনেবোৰ প্ৰকল্প কাৰ্য্যক্ষম হৈ থকাৰ বাবে নিগমে ধাৰাবাহিক ভাৱে লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। নিগমৰ জৰিয়তে বিগত সময়ছোৱাত প্ৰায় ২১,০০০ যুৱক-যুৱতীক পশুপালন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰায় ৮,০০০ যুৱক যুৱতী ইতিমধ্যে স্বাৱলম্বী হবলৈ সক্ষম হৈছে। উদ্বোধনী অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনিষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী আদি উপস্থিত থাকে।

বিয়লি ২:৩০ বজাত অলিম্পিকৰ ৰিঙত নামিব বক্সাৰ নিখাত জাৰিন…

বিয়লি ২:৩০ বজাত অলিম্পিকৰ ৰিঙত নামিব বক্সাৰ নিখাত জাৰিন।

৫০ কেজি শাখাত ১৬ ৰাউণ্ডৰ খেলখনত নিখাতৰ প্ৰতিদ্বন্দ্বী চীনৰ ৱু ইউ।

ইয়াৰ পূৰ্বে জাৰ্মানীৰ মেক্সি কেৰিনা ক্ল’টজাৰৰ বিৰুদ্ধে প্ৰথমখন যুঁজত স্ক্ৰেপি বাউটত জয়লাভ কৰিছিল নিখাতে।

উল্লেখ্য যে, বৰ্তমানৰ ৫২ কেজিৰ বিশ্ব চেম্পিয়ন চীনৰ ৱু ইউ।

হায়দৰাবাদৰ চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ গোগামুখৰ বিজয় দাস…

বহি:ৰাজ্য হায়দৰাবাদৰ এখন চিকিৎসালয়ৰ পৰা গোগামুখৰ এজন যুৱকৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ গোগামুখত চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে বৰদলনি আৰক্ষী থানাৰ অধীনস্থ ন-নদীৰ লোকনাথ দাস আৰু মামনি দাসৰ পুত্ৰ বিজয় দাস ৩৩ নামৰ যুৱক জনে হায়দৰাবাদৰ এটা বেংকত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত হৈ আছিল।শাৰীৰিক অসুস্থতাৰ বাবে ২৪ জুলাইত হায়দৰাবাদৰ OSMANIA GENERAL HOSPITALত ভৰ্তি হয় যুৱকজন।

ফোনযোগে সকলো খবৰ পৰিয়ালক জনাইছিল বিজয়ে।কিন্তু আচৰ্যজনকভাৱে ২৮ জুলাইত চিকিৎসালয়খনৰ বিচনাত মোবাইল ফোন, নথি পত্ৰ সকলো এৰি নিৰুদ্দেশ হয় যুৱকজন। যুৱকজনৰ নিৰুদ্দেশৰ ঘটনা জানিব পাৰি নানান জনে বিচাৰ খুচাৰ কৰে যদিও আজিলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।চিকিৎসালয়খনৰ চি চি টিভিৰ দৃশ্য দেখুওৱাবলৈ অমান্তি হোৱাৰ অভিযোগ চিকিৎসালয়ৰ কতৃপক্ষৰ বিৰুদ্ধে।সমগ্ৰ ঘটনাক লৈ পৰিয়ালটোক চিন্তিত কৰি তুলিছে।নিৰুদ্দেশ হৈ থকা বিজয় দাসক অসম চৰকাৰ তথা প্ৰশাসনে সন্ধান উলিয়াই পৰিয়ালৰ 6901142210 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰে আহ্বান জনাইছে।

শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিত স্কুটী লাভ কৰা মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই পৰিবহণ বিভাগে সময়োপযোগী ভাবে পথ সুৰক্ষাৰ বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেধাৰ ভিত্তিত উত্তীৰ্ণ হৈ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত মাহজোৰাকৈ দুচকীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ বিশেষ পৰিকল্পনা আৰু তত্বাৱধানত যোৱা ১জুলাইৰ পৰা অনুষ্ঠিত ছাত্ৰ-ছাত্ৰীৰ বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ বুধবাৰে সামৰণি পৰে। এই উপলক্ষে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক প্ৰসন্ন বৰা, বিশিষ্ট কন্ঠশিল্পী তথা উচ্চপদস্থ শিক্ষা বিষয়া ড° মৌচুমী চহৰীয়া, প্ৰাক্তন জিলা পৰিবহণ বিষয়া দ্বীজেন দাস, জনপ্ৰিয় গায়ক কল্লোল বৰঠাকুৰ আৰু জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ উপস্থিতিত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি সভাৰ আৰম্ভণিতে দুচকীয়া বাহন চালনাৰ মাহজোৰা প্ৰশিক্ষণৰ উদ্দেশ্য বাখ্যা কৰি বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে সুখ্যাতিৰে উত্তীৰ্ণ হৈ পণ্ডিত ব্যক্তি ড° বাণীকান্ত কাকতি বঁটা হিচাপে শিক্ষা বিভাগৰ পৰা স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মেধা আৰু সক্ষমতাৰ তুলনা নাই। সেয়ে স্কুটী এখন হাতত পৰাৰ আগতেই এইসকল ছাত্ৰছাত্ৰীক ৰাষ্টাত বাহন চালনাৰ ক্ষেত্ৰতো যাতে পাকৈত-পাৰদৰ্শী, দক্ষতাসম্পন্ন আৰু আদৰ্শ চালক হিচাপে গঢ়ি তুলিব পাৰি সেই উদ্যেশেই পৰিবহণ বিভাগে তেওঁলোকক বিশেষ প্ৰশিক্ষণৰে যোগ্যতাসম্পন্ন কৰি তুলিবলৈ চেষ্টা চলায়। কিয়নো এইসকল শিক্ষাৰ্থীয়ে অনাগত দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত অব্যাহত ৰাখি মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিব লাগিব । সেয়ে সোণালী সপোনখেদা আজিৰ মেধা প্ৰজন্মক যানবাহনজড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ কামতে অন্ততঃ ত্ৰিশ মিনিট আগতেই যাত্ৰা আৰম্ভ কৰিবলৈ তেওঁ আহ্বান জনায়। কামটো দৌৰাদৌৰি বুলি ভাবি বাহনৰ নিদিষ্ট গতিবেগতকৈ আগত দৌৰাৰ মানসিকতা পৰিহাৰ কৰি আজিৰ মেধা প্ৰজন্মক তেওঁ ধীৰ-সুস্থিৰ আৰু নিয়ন্ত্ৰিত গতিবেগত বাহন চলাই শিক্ষাৰ দৰেই ৰাজপথৰ সুৰক্ষিত যাতায়ততো দক্ষতাৰ পৰিচয় দেখুৱাবলৈ আহ্বান জনায় পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে। গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকি উচ্চ শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক প্ৰসন্ন বৰাই সন্মুখৰ দীঘল পথত দুচকীয়া বাহনত উঠি দূৰন্ত গতিত আগবাঢ়ি যোৱা দুৰাকাঙ্খাৰ বিপৰীতে অগ্ৰজ, মেধাসম্পন্ন আৰু বৰেণ্য লোকসকলৰ ছাঁ-পোহৰ অনুসৰণ কৰি নিজৰ ব্যক্তিত্ব আৰু মানসিক উৎকৰ্ষৰ দৌৰত অবতীৰ্ণ হ’বলৈহে উঠিঅহা প্ৰজন্মৰ প্ৰতি গুৰুত্বপূৰ্ণ আহ্বান জনায় । তেতিয়াহে নিজৰ লগতে সমাজ আৰু দেশৰ উন্নতি হ’ব বুলিও তেওঁ কয়।


বিশিষ্ট কন্ঠশিল্পী ড° মৌচুমী চহৰীয়াই তাহানিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰি চৰকাৰৰ পৰা এহাজাৰ টকাৰ মাননি লাভ কৰা মধুৰ স্মৃতি সুঁৱৰি আজিৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা স্কুটী পাই পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰি ঘৰতে বহি তাৎক্ষণিকভাবে বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজ উলিয়াই ল’ব পৰালৈকে অনেক সুবিধা লাভ কৰা সৌভাগ্যৱান সকলক কষ্টসাধ্য প্ৰচেষ্টাৰে নিজকে দেশৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ ব্যতিক্ৰমী আহ্বান জনায়। ভাষণৰ মাজতে এটি সংস্কৃত শ্লোক গুণগুণাই ড° ভূপেন হাজৰিকাৰ “তোমাৰ দেখোন নাম পত্ৰলেখা” গীতটি পৰিৱেশন কৰি গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত সঙ্গীতশিল্পী গৰাকীয়ে অনন্য মাত্ৰা প্ৰদান কৰে। জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে আজিৰ মেধাসম্পন্ন যুৱপ্ৰজন্মই যাতে অনাগত দিনৰ ৰাজপথত যানবাহন চালনাৰ নিয়ম-শৃংখলা, ধৈৰ্য বজাই ৰাখিহে আগবাঢ়ে তাৰবাবে সতৰ্ক কৰি দিয়ে। কিয়নো পথত অকণমান অমনোযোগী হ’লেই বিপদ। বিশেষকৈ নিজস্ব মেধাশক্তিৰ বলত স্কুটী লাভ কৰা শিক্ষাৰ্থীক ৰাষ্টাত নিয়ম ভঙাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ নহ’বলৈ জিলা পৰিবহণ বিষয়াগৰাকীয়ে অতি আন্তৰিকতাৰে আহ্বান জনায়। অনুষ্ঠানত কন্ঠশিল্পী কল্লোল বৰঠাকুৰে পথ-সুৰক্ষা সজাগতামূলক বাণীৰ আধাৰত পৰিবহণ বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্বাৱধানত প্ৰস্তুত কৰা এটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।


কাৰ্যসূচী অনুসৰি আজিৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰা হয়। মালিগাঁও সেৱা ভাৰতী জনজাতি ছাত্ৰাবাসৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰুবন্দনা পৰিৱেশন কৰে। অনুষ্ঠানৰ মাজতে মুকাভিনেতা মিনাংক ডেকাৰ পৰিচালনাত মুকাভিনয় পৰিৱেশন কৰা হয়। উল্লেখ্য যে, যোৱা এমাহে দুচকীয়া বাহন চালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক আজি মানপত্ৰ আৰু যানবাহন চালনাৰ নীতিনিয়ম সম্বলিত একোখনকৈ গ্ৰন্থ প্ৰদান কৰা হয়।

আগমনী থানাত বয়লা ভৰ্তি তিনিখন ই-ৰিষ্কা আটক

আগমনী থানাত বয়লা ভৰ্তি তিনিখন ই-ৰিষ্কা আটক।

বহু দিনৰ পৰা পশ্চিম বংগৰ পৰা এই নিসিদ্ধ বয়লাৰ ৰমৰমীয়া বেহা চলাই আছে একাংশই ।

আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰোনব কুমাৰ ডেকাৰ নেতৃত্বত নিসিদ্ধ বয়লাৰ ভৰ্তি তিনিখন ই ৰিষ্কা জব্দ কৰিবলৈ সক্ষম হয় আগমনী আৰক্ষী। তিনিখন ই ৰিস্কাত প্ৰায় ৩৫০ কেজি বয়লা আছে বুলি জানিব পৰা গৈছে।


প্ৰশাসনে ইমান কঠোৰ হোৱাৰ পিছতো কেৰেপ নকৰে একাংশ ব্ৰইলাৰ ব্যৱসাই সকলে।

কাৰ তত্বাৱধানত চলিছে এই এই পশ্চিম বংগৰ নিসিদ্ধ বয়লাৰ ৰমৰমীয়া বেহা, এয়া এতিয়া ৰহস্য জনক।

বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ শোক প্ৰকাশ

কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে ‘বেলতলাৰ ৰাণী’ নামেৰে খ্যাত প্ৰয়াত উমা দেৱী বিজনী অভয়াপুৰীৰ ৰাজ-পৰিয়ালৰ জীয়ৰী তথা বেলতলা মৌজাৰ মৌজাদাৰ পৰীক্ষিত নাৰায়ণ দেৱৰ মাতৃ উক্ত প্ৰজন্মটোৰ শেষৰ গৰাকী ব্যক্তি আছিল।

তেখেতৰ মৃত্যুত এটা ঐতিহাসিক যুগৰ সামৰণি পৰে। ৯১ বছৰ বয়সত মৃত্যুবৰণ কৰা ‘ৰাণী’গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা বুলি শোকবাৰ্তাটোত বৰাই উল্লেখ কৰে৷

সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ কি হ’ব

২৮ আগষ্টত অমৃতপাল সিঙৰ আবেদনৰ পৰৱৰ্তী শুনানি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে


ৰাজ্য, কেন্দ্ৰীয় চৰকাৰৰ পৰা পাঞ্জাৱৰ খাদুৰ চাহিবৰ স্বতন্ত্ৰ সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ বিচাৰি জাননী জাৰি কৰিছে আদালতে।

কাৰাগাৰত থকা নিৰ্দলীয় সাংসদ অমৃতপাল সিঙে তেওঁৰ ওপৰত আৰোপ কৰা এনএছএক অবৈধ আৰু বে-আইনী বুলি অভিহিত কৰিছে।