Home Blog Page 653

শ্বাহৰুখ খান, নেছ ৱাডিয়াৰ মাজত বাকযুদ্ধ…

শ্বাহৰুখ খান, নেছ ৱাডিয়াৰ মাজত বাকযুদ্ধ ! বিচিচিআইৰ মুখ্য কাৰ্যালয়ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সহ- স্বত্বাধিকাৰীৰ বৈঠক।

আগন্তুক আই পি এলৰ ছিজনৰ পৰিকল্পনা বৈঠকত বাকযুদ্ধৰ তথ্য।

ক্ৰিকবাজৰ তথ্য অনুসৰি মুম্বাইত এই বৈঠক আৰম্ভ হোৱাৰ সময়ত সকলো স্বাভাৱিক নাছিল।

হিমাচল প্ৰদেশৰ ছিমলাত ডাৱৰ বিস্ফোৰণ ঘটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি…

হিমাচল প্ৰদেশৰ ছিমলাত প্ৰকৃতিৰ তাণ্ডৱ। ডাৱৰ বিস্ফোৰণ ঘটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি। এজন ব্যক্তিৰ মৃত্যু, ২৮ গৰাকী সন্ধানহীন।

ডাৱৰ বিস্ফোৰণৰ পাছত পাৰ্বতি নদীয়ে লৈছে সংহাৰী ৰূপ। ভাঙি লৈ গৈছে বৃহৎ অট্টালিকা, উটুৱাই লৈ গৈছে ফুটব্ৰীজ।

জিলা প্ৰশাসন আৰু NDRFয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ ফলত ২৭৬ জন নিহত, ২০০ৰো অধিক লোক নিৰুদ্দেশ! আনহাতে হিমাচল, উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ধ্বংসলীলা…

কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি পাইছে। একে সময়তে হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ বাবে বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। উত্তৰাখণ্ডতো ডাৱৰ বিস্ফোৰণৰ বাবে গৌৰীকুণ্ড-কেদাৰনাথ পথ বন্ধ হৈ পৰে।

কেৰালা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডকে ধৰি বহু ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেৰালাৰ ৱায়ানাড জিলাত ভূমিস্খলনত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি। এতিয়াও সন্ধানহীন হৈ আছে ২০০ৰো অধিক লোক। সেনা, এন ডি আৰ এফ, ৰাজ্যিক জৰুৰীকালীন সেৱাৰ জোৱান আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত।

আনহাতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ বাবে বিশৃংখল পৰিৱেশ। নিৰুদ্দেশ হৈছে প্ৰায় ৫০ জন, উদ্ধাৰ হৈছে ২ জনৰ মৃতদেহ। আগন্তুক ৩৬ ঘণ্টাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। একে সময়তে উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ বাবে গৌৰীকুণ্ড-কেদাৰনাথ পথৰ বহু ঠাইত পথৰ ক্ষতিসাধন হৈছে।


এছিয়া কাপত উজলিল বৰপেটাৰ সন্তান তুমেজ খান…

এছিয়া কাপত উজলিল বৰপেটাৰ সন্তান তুমেজ খান। গোৱাত অনুষ্ঠিত হোৱা Cup 7th Open International Taekwondo Championship”ত ভাৰতে দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। ২১ জুনৰ পৰা ২৩ জুনলৈ গোৱাত অনুষ্ঠিত হোৱা “Asia Cup 7th Open International #Taekwondo Championship”ত ভাৰতে দুটাকৈ পদক লাভ কৰে।

তাৰে “Poomsae above 30 category” ত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ পদক জিনিবলৈ সক্ষম হয় বৰপেটাৰ চেঙা বিধানসভা সমষ্টিৰ চেনিমাৰীৰ মালিপাৰাৰ তুমেজ খান। তুমেজ খান আহি পোৱাৰ পিছতে আজি পৰিয়ালৰ বৰ্গৰ লগতে অঞ্চলৰ লোকে তুমেজ খানক সম্বৰ্ধনা আৰু শুভেচ্ছা জনায়।

আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম ! FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ…

আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম। FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ। সলনি কৰিব লাগিব ৫ বছৰ পুৰণি FASTag।

আপডেট কৰিব লাগিব ৩ বছৰীয়া FASTagৰ KYC। নতুন নিয়ম অনুসৰি বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চেছিছ নম্বৰ FASTagৰ সৈতে লিংক কৰিব লাগিব

আৰু গাড়ীৰ সন্মুখ আৰু কাষৰ ফটো আপলোড কৰিব লাগিব।

ভগৱান শিৱৰ অতি প্ৰিয় ৰাশি এই ৫টা! এই ৰাশিৰ লোকে শাওণ মাহত মানি চলক এই সমূহ নিয়ম…

ভগৱান শিৱৰ কৃপাই প্ৰতিটো দুখ দূৰ কৰে। তদুপৰি সঁচা হৃদয়েৰে ভোলানাথক পূজা কৰিলেও সকলো কামনা পূৰণ হয়। জ্যোতিষৰ মতে ভগৱান শিৱই এই ৫টা ৰাশি ভাল পায়। যদি এই লোকসকলে শাওণ মাহত সঁচা অন্তৰেৰে মহাদেৱক পূজা কৰে, তেন্তে তেওঁলোকে শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰে। এই ৰাশি সমূহৰ বিষয়ে জানি লওকঃ

মেষ ৰাশিৰ প্ৰভু মংগল গ্ৰহ আৰু ভগৱান শিৱৰ কৃপাত তেওঁলোকৰ সকলো কাম সম্পূৰ্ণ হয়। সাধাৰণতে এই ৰাশিৰ লোকে জীৱনত বহু খ্যাতি অৰ্জন কৰে। মেষ ৰাশিৰ লোকে শাৱণ মাহত প্ৰতিদিনে তামৰ পাত্ৰত গুড় আৰু ৰঙা চন্দন দি শিৱলিঙক অভিষেক কৰিব লাগে।

চন্দ্ৰ কৰ্কট ৰাশিৰ অধিপতি আৰু শিৱই সদায় চন্দ্ৰ মূৰত পিন্ধে। ক’ব পাৰি যে ভগৱান শিৱই কৰ্কট ৰাশিৰ লোকসকলক সদায় ৰক্ষা কৰি দুৰ্যোগৰ পৰা ৰক্ষা কৰে। এইসকল লোক ধৈৰ্য্যশীল আৰু শান্ত মনৰ। ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ পাবলৈ কৰ্কট ৰাশিৰ লোকে শাওণ মাহত ৰূপৰ পাত্ৰৰে শিৱলিংগৰ দুগ্ধভিষেক কৰিব লাগে।

তুলা ৰাশিৰ প্ৰভু হৈছে শুক্ৰ। এই মানুহবোৰ আনৰ বাবে সহায়কাৰী আৰু সেয়েহে ভাগ্যইও তেওঁলোকক অনুকূল কৰে। ভগৱান শিৱৰ মূৰত হাত। তুলা ৰাশিৰ লোকসকলে শাওণ মাহত প্ৰতিদিনে পানীত চেনিৰ মিঠাই দি ভগৱান শিৱক অভিষেক কৰিব লাগে।

মকৰ ৰাশিৰ প্ৰভু শনি দেৱ আৰু শনি দেৱে ভগৱান শিৱক তেওঁৰ উপাসক বুলি গণ্য কৰে। শনিয়ে কেতিয়াও ভগৱান শিৱৰ ভক্তক কষ্ট নিদিয়ে। আনহাতে ভগৱান শিৱই এই লোকসকলক কঠিন সময়ত ৰক্ষা কৰে। মকৰ ৰাশিৰ লোকে প্ৰতিদিনে শাওণত শিৱলিঙত পানীত ক’লা তিল মিহলাই আগবঢ়াব লাগে।

কুম্ভ ৰাশিৰ প্ৰভুও শনি দেৱ আৰু এই লোকসকলৰ প্ৰতি ভগৱান শিৱ বিশেষভাৱে দয়ালু। এই দৰিদ্ৰ, পৰিশ্ৰমী আৰু সৎ লোকসকলক সহায় কৰাসকলক ভগৱান শিৱই অপৰিসীম সুখ আৰু সমৃদ্ধি প্ৰদান কৰে। এই লোকসকলে শাওণত প্ৰতিদিনে শিৱলিংগক পানী আগবঢ়াব লাগে।

চেনী অবিহনে চাহৰ সোৱাদ ল’ব পাৰেনে? ১৪ দিন চেনি নাখালে স্বাস্থ্যৰ কি হ’ব…

চেনিয়ে খাদ্যত মিঠা আনে, কিন্তু চেনী অধিক পৰিমাণে খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। কিন্তু ১৪ দিন চেনি নাখালে কি হ’ব স্বাস্থ্য এই বিষয়ে জানো আহক-

যেতিয়া আপুনি চেনি নাখাব তেতিয়া আপোনাৰ শৰীৰত কিছু পৰিৱৰ্তন হ’ব। চেনি নোহোৱাকৈ শৰীৰটো এডজাষ্ট হৈ থকাৰ বাবে প্ৰথম দিনাই সামান্য মূৰৰ বিষ হ’ব পাৰে। কিন্তু কিছুদিনৰ পাছত আপুনি অধিক শক্তি লাভ কৰিব। চেনি খোৱা বন্ধ কৰিলে আপোনাৰ ওজনো নিয়ন্ত্ৰণত আহিব।

চেনি বন্ধ কৰিলেও আপোনাৰ মেজাজ সলনি হ’ব পাৰে। কেতিয়াবা আপুনি খিংখিঙীয়া অনুভৱ কৰিব পাৰে। কিন্তু লাহে লাহে আপুনি অধিক শক্তি আৰু মনোনিৱেশ লাভ কৰিব।

চেনি নাখালে স্বাস্থ্যকৰ বস্তু খাব লাগে। ফল-মূল, বাদাম, দৈ খাই শৰীৰক শক্তি দিব পাৰে। এই সকলোবোৰ বস্তুও সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ। ইয়াৰ ফলত চেনি নোহোৱাকৈ মিঠা হ’ব।

১৪ দিন চেনি নাখালে স্বাস্থ্যৰ ভাল হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব আৰু অধিক শক্তি লাভ কৰিব। কিন্তু, মনত ৰাখিব যে সকলোবোৰ ভাৰসাম্যপূৰ্ণ হ’ব লাগে। অলপ মিঠা কেতিয়াবা খালেও একো নহয়, মাথোঁ বেছি নহয়। এইদৰে আপুনি সুস্থ আৰু সুখী হৈ থাকিব পাৰিব।

মধ্যপ্ৰাচ্যত হোৱা উত্তেজনাৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ ভাৰতীয়লৈ পৰামৰ্শ…

মধ্যপ্ৰাচ্যত হোৱা উত্তেজনাৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ ভাৰতীয়লৈ পৰামৰ্শ। শেহতীয়া পৰিস্থিতিৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ।

Israeli security hold back demonstrators during a visit by the Israeli Prime Minister two days after a rocket crashed killing 12 youngsters in the Druze village of Majdal Shams in the Israeli annexed Golan Heights, on July 29, 2024, amid ongoing cross-border clashes between Israeli troops and Hezbollah fighters. Israel’s Defence Minister vowed on July 28, to “hit the enemy hard” after rocket fire from Lebanon killed 12 young people in the Israeli-annexed Golan Heights and again raised fears that the war in Gaza will spread. (Photo by Jalaa MAREY / AFP)

লেবানন থকা সকলো ভাৰতীয়ক ভাৰতীয় দূতাৱাসৰে সম্পৰ্ক ৰখাৰ পৰামৰ্শ। ভাৰতীয় দূতাৱাসে মুকলি কৰিছে মেইল ID আৰু ফোন নম্বৰ।

+96176860128 ফোন নম্বৰ মুকলি কৰিছে ভাৰতীয় দূতাৱাসে। ইয়াৰ উপৰিও CONS.BEIRUT@MEA.GOV.IN মেইল ID মুকলি।

উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, ২০০ তীর্থযাত্রী আৱদ্ধ…

উত্তৰাখণ্ডৰ তেহৰীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সৃষ্টি হৈছে।

ডাৱৰ বিস্ফোৰণত নিহত হৈছে দুজন লোকৰ।

ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানে উটুৱাই নিলে দোকান, কালভার্ট।

কেদাৰনাথলৈ যোৱা ভীমবালি পথত ভূমিস্খলনৰ ফলত আবদ্ধ ২০০ তীর্থযাত্রী।

নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি মন্দাকিনী নদীৰ জলপৃষ্ঠ।

পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত ধেমাজি কোৱাৰ্টাৰ ফাইনেলত…

পিলিক চৌধুৰী ১৫ বছৰ অনুৰ্ধ্ব আন্তংজিলা স্কুল ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা স্কুল দলে কোৱাৰ্টাৰত ফাইনেলত প্ৰৱেশ কৰিছে ৷ বুধবাৰে গুৱাহাটীৰ ছাই খেলপথাৰত অনুষ্ঠিত হোৱা এখন খেলত ধেমাজি জিলা স্কুল দলে শক্তিশালী কোকৰাঝাৰ দলক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ উত্তেজনপূৰ্ণ খেলখনত ধেমাজি জিলা স্কুল দলৰ হৈ আয়াং ক’ দলেয়ে -১, দ্বীপ নাৰ্জাৰীয়ে-১ আৰু তিলকজিৎ দলেয়ে  ১ গ’ল দি ধেমাজি জিলা দলক কোৱাৰ্টাৰ ফাইনেলত উপনীত কৰায় ৷ একেদৰে গুৱাহাটী ছাই খেলপথাৰত কালি অনুষ্ঠিত  হোৱ  অনুষ্ঠিত হোৱা  আন এখন খেলত ধেমাজি জিলা স্কুল দলে দক্ষিণ শালমৰা মানকাছাৰ জিলা স্কুল দলক ৬-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল ৷

ধেমাজি জিলা স্কুল দলৰ হৈ কালি দ্বীপ নাৰ্জাৰীয়ে ২ গ’ল, তিলজিৎ দলেয়ে ২ গ’ল, ৰবীন্দ্ৰ বসুমতাৰীয়ে ২ গ’ল দিবলৈ সক্ষম হৈছিল ৷  মানকাছাৰ স্কুল দলে কোনো কাৰণ দ্বিতীয়াৰ্ধত খেলপথাৰ ত্যাগ কৰেে আৰু খেলৰ পৰিচালকে নিয়ম অনুসৰি ধেমাজি জিলা দলক বিজয়ী বুলি ঘোষণা কৰে ৷ উল্লেখনীয় যে,  ধেমাজি জিলা স্কুল দলৰ হৈ মিংমাং নলবাৰী হাইস্কুল দলে পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত টীম মেনেজাৰৰ দায়িত্বত গেৰেমছা দৈমাৰী আৰু প্ৰশিক্ষক হিচাপে আছে ৰিপু নাৰ্জাৰী ৷