Home Blog Page 652

আজিৰে পৰা ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলা৷ ৰোহিত শৰ্মাৰ নেতৃত্বত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই…

আজিৰে পৰা ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলা৷

ৰোহিত শৰ্মাৰ নেতৃত্বত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই৷

টীম ইণ্ডিয়াৰ এদিনীয়া দলটোত অসম সন্তান ৰিয়ান পৰাগো আছে ৷

পেৰিচ অলিম্পিক বক্সিং ৰিঙত পুৰুষৰ হাতত পৰাজয় মহিলা বক্সাৰ, মাত্ৰ ৪৬ চেকেণ্ডতেই ঢলি পৰিল ইটালীৰ মহিলা বক্সাৰ…

পেৰিচ অলিম্পিক বক্সিং ৰিঙত পুৰুষৰ হাতত পৰাজয় মহিলা বক্সাৰ, মাত্ৰ ৪৬ চেকেণ্ডতেই ঢলি পৰিল ইটালীৰ মহিলা বক্সাৰ। ইমান খালিফৰ হাতত ইটালীৰ মহিলা বক্সাৰ এঞ্জেলা কাৰিনীৰ পৰাজয়৷ পৰাজয়ৰ পাছতেই পেৰিছ অলিম্পিকত লিংগ বিতৰ্ক৷

২০২২ বৰ্ষত দিল্লীত অনুষ্ঠিত হোৱা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ‘পুৰুষ’ হোৱাৰ অভিযোগত আলজেৰিয়াৰ ইমানক স্বৰ্ণ পদকৰ মেচৰ পূৰ্বে অন্তিম মুহূর্তত নিষিদ্ধ ঘোষণা কৰাৰ পাছত এইবাৰ পেৰিছ অলিম্পিকত কিয় খেলুৱৈগৰাকীক খেলিব দিয়া হ’ল তাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা৷

গ্ৰন্থ অধ্যয়ন,স্মাৰ্ট ফোন, বিবাহ উৎসৱ, বৰ্তমানৰ শিশু ইত্যাদি…

গ্ৰন্থ হ’ল এখন সমাজ আৰু এটা জাতিৰ ধ্বজাবাহক। এখন ঠাইৰ প্ৰচলিত নীতি নিয়ম সাজ – পোচাক,সভ্যতা- সংস্কৃতি আদিৰ পৰিচয় বহন কৰে কেৱল গ্ৰন্থই। দেশ -বিদেশৰ বিদগ্ধ ব্যক্তি সকলৰ বুদ্ধিমত্তা বা জ্ঞান -ধাৰণাৰ সৈতে শুভ সংযোগ মাত্ৰ এখন কিতাপেহে সম্ভৱ কৰি তুলিব পাৰে ! এখন ভাল কিতাপ এজন সৎ বন্ধু ৰুপে পৰিগণিত হ’ব পাৰে।

আজি বৰ্তমানৰ পৰিপ্ৰেক্ষিত্বত কিতাপৰ চাহিদা ও জনপ্ৰিয়তা কিছু পৰিমাণে হ্ৰাস পাই আহিছে।ইয়াৰ প্ৰকৃত কাৰণ বিছাৰি চাবলৈ গ’লে বৰ্তমানৰ আধুনিক কলা- কৌশল,আৰু উন্নত প্ৰযুক্তি বিদ্যাৰ সফল প্ৰয়োগ বুলি ক’ব পাৰি !কৰ্ম ব্যস্ততাই আজি সকলোকে ক্লান্ত কৰি তোলে! আগৰ সময়ছোৱাত মনোৰঞ্জনৰ বিশেষ মাধ্যম কিতাপেই আছিল মানুহে আজৰি সময় কটাইছিল কিতাপ পঢ়িয়েই….!আমাৰ সৰু কালছোৱাত দেখা পাইছিলো আমাৰ মাহী ,পেহী হঁতে একোখন কিতাপ লৈ নিজকে ব্যস্ত কৰি ৰাখিছিল এই অধ্যয়নৰ যোগাত্মক প্ৰভাৱ আমি কেতিয়াও ন্যুই কৰিব নোৱাৰোঁ অধ্যয়নে আমাক ধৈৰ্যশীল আৰু সহানুভূতিশীল হ’বলৈ শিকোৱাৰ লগতে অভিব্যক্তিক কলাত্মক আকাৰ দিয়াৰ লগতে নিয়মানুবৰ্তিতাও শিকায়। এককথাত গ্ৰন্থ অধ্যয়নে ব্যক্তিত্বৰ উন্মেষ ঘটায়!


এটা সময় আছিল জন্মদিন নতুবা বিবাহ উৎসৱত উপহাৰ দিবৰ বাবে একোখন কিতাপ নিৰ্বাচন কৰা হৈছিল । এনেবোৰ অনুষ্ঠানত কিতাপৰ দৰে মূল্যবান উপহাৰ আন একোৱেই হ’ব নোৱাৰে ।মোৰ বিয়াত উপহাৰ পোৱা কিতাপকেইখন মই আজিও মোৰ আলমাৰীত সজতনে সজাই ৰাখিছোঁ ! বিয়াৰ পিছদিনা উপহাৰ খোলাৰ সময়কণত কেইখন কিতাপ উঠিছে, কি কি কিতাপ উঠিছে সেইয়া লৈ কিযে উথপথপ !! কোনোবা এগৰাকীয়ে তাৰে দুখন নি মনে মনে গাৰু তলত সুমুৱাই থৈ অহা নাছিলগৈ নে বাৰু? আজি যদি কেনেবাকৈ এখন কিতাপ উঠে সেইখন অৱহেলিত হৈ এচুকত পৰি ৰয়!! অৱশ্যে সকলোতে এইটো বুলি ক’লে ভুল হ’ব কিতাপৰ আদৰ কৰা মানুহ আমাৰ মাজত নিশ্চয়কৈ আছেই!!এতিয়াৰ নৱ প্ৰজন্মক ভাল অসমীয়া লেখক দুজনৰ নাম ক’বলৈ ক’লে সিঁহতে তপৰাই কি উত্তৰ দিব সেইয়া নিশ্চয় এক চিন্তনীয় বিষয় হ’ব ! আজি কালি সৰু সৰু ল’ৰাছোৱালীক বিদ্যালয়ত ‘প্ৰজেক্ত’ৰ কামৰ বাবে নেটৰ একান্তই প্ৰয়োজন অৱশ্যে এইয়া যুগৰ পৰিবৰ্তন, দিনকদিনে প্ৰযুক্তি কলা -কৌশলৰ উন্নীতকৰণে ধাৱমান গতি লৈছে সেই অনুপাতে চাৰিত্ৰিক বা ব্যক্তিত্বৰ উন্মেষ সাধন অৱনমিত হৈ আহিছে !!

কণ কণ শিশুহঁতক আমি অভিভাৱক সকলে কিতাপ পঢ়াৰ আনন্দ দিব পাৰিব লাগে। আমি সৰু হৈ থাকোতে ক’ৰবাক “বুক ফেয়াৰ” চাবলৈ গ’লে সাধু কথাৰ কিতাপ জ্ঞান- বিজ্ঞানৰ কথা এইবোৰ কিতাপ বিচাৰি কিনিছিলো কিন্তু আজিৰ শিশু অধিক পৰিমাণে আমোদ – প্ৰমোদ বা মনোৰঞ্জন প্ৰিয় হৈ উঠাৰ বাবে সিঁহতে কাৰ্টুন ছবি ,ডৰেমন এনেবোৰ বিষয় বিচৰাত হে আগ্ৰহী হয়! তেনেবোৰ বিষয়ৰ অনুৰাগী হৈ পৰাৰ বাবে সিঁহতৰ জন্মগত সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ পৰিবৰ্তে তেনে প্ৰতিভাৰ বিলুপ্তিহে ঘটে।আনহাতে নিজৰ পাঠ্যপুথিতে একঘেয়ামীকৈ লাগি থকা শিশু সকলৰ মগজুত সৃষ্টিশীলতাৰ অভাৱ দেখা যায় ।আজৰি সময়ত শিশুহঁতক গল্প বা কিশোৰ সম্বন্ধীয় লেখাই সিঁহতৰ ভাৱপ্ৰৱণতাৰ উদ্ৰেক ঘটায় চিন্তা- ভাৱনা বোৰ লাহে লাহে সৃষ্টি শীল হ’বলৈ ধৰে !

আজিৰ শিশুসকলক অন্যমনস্ক কৰি তোলাৰ অন্য এটা আহিলা হ’ল মবাইল বা স্মাৰ্ট ফোন ।আমি সচৰাচৰ দেখা পাও মাতৃগৰাকীয়ে নিজৰ মবাইল ফোনটো সৰু সন্তানটিৰ হাতত দি নিজে আনমনা হৈ পৰে ।এইয়া অতি চিন্তনীয় বিষয় হৈ পৰিছে !এনেবোৰ কাণ্ড দেখি মই প্ৰায়ে প্ৰতিবাদ কৰি অপ্ৰিয়ভাজন হওঁ। কণ কণ শিশু হঁতো video আপল’ড ডউনল’ড কৰাত সিদ্ধ হস্ত কিন্তু হ’ম ৱৰ্কৰ বাবেহে বহুবাৰ সকিয়াব লাগে।

যোৰহাটত মোৰ এজন বৰদেউতা আছিল। তেখেত মোৰ দেউতাৰ বন্ধু প্ৰয়াত প্ৰসন্ন বৰুৱা সেই মানুহজনে এদিন মোক এটা বৰ গুৰুত্ব পূৰ্ণ কথা কৈছিল। “মাতৃগৰাকীয়ে সদায় নিজৰ সন্তানটিৰ সৈতে ৰাতি শোৱাৰ সময়ত টোপনি যোৱাৰ আগত কিছুমান আধ্যাত্মিক কথা পাতিব লাগে য’ত কিছু নৈতিকতাৰ প্ৰভাৱ থাকে তেনে কৰিলে সন্তানটিয়ে সাৰ পাই সেই টোপনিৰ আগমুহূৰ্ত শুনা কথা কেইটা মনত পেলায় ! বৰ দেউতাৰ কথা কেইটাত কিছু মনস্তত্ব ও আছে মই তেখেতৰ কথাকেইটা সাৰোগত কৰি চলিছিলোঁ আৰু বহু মাতৃক কৈছিলো। যেতিয়া কোনোবাই মোৰ আগত কয় ,””ই জানেনে একদম কথা নুশুনে পঢ়িবলৈ ক’লে ম’বাইলটো বিচাৰে ইত্যাদি ইত্যাদি.. .. ..,!!

লেখকঃ ৰেখা বৰকটকী

তেজপুৰত পাচ দিনীয়া বৰ্ণাধ্য কায্যসূচীৰে নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস উদযাপন…

নটসূৰ্য্য ফণী শৰ্মাৰ ৪ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাণ থিয়েটাৰৰ উদ্যোগত আৰু মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত মূল অনূষ্ঠানত কালি সন্ধিয়া ৬ বজাত নটসূৰ্য্য গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নটসূৰ্যৰ পুত্ৰ অজিত শৰ্মাই। বাণ থিয়েটাৰৰ আধুনকী কৰণৰ বাবে নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত মাজগাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট তথা উপস্থিত সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সভাপতি তোলন চন্দ্ৰ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় স্মৃতিচাৰণ আৰু বাণ থিয়েটাৰ বঁটা প্ৰদান অনুষ্ঠান। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ -পৰিচালক -অভিনেতা তথা প্ৰসিদ্ধ গীতিকাৰ হেমন্ত দত্তক “বাণ থিয়েটাৰ বঁটা -২০২৪ “প্ৰদান কৰা হয়। উল্লেখ্য যে হেমন্ত দত্তৰ অনুপস্থিতিত আজি বাণ থিয়েটাৰৰ এই সন্মানীয় বঁটাটি শিল্পী গৰাকীৰ সমষ্টি তথা মঙ্গলদৈৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে পুত্ৰ অনিৰ্বাণ দত্ত আৰু বোৱাৰী মনচুন দেৱী দত্তৰ সৈতে গ্ৰহণ কৰে।

বঁটাটিত নগদ ২০ হাজাৰ টকা সহ ,স্মাৰক ,অংগ বস্ত্ৰ ,প্ৰশস্তি ,জাপি আৰু বাণ থিয়েটাৰৰ প্ৰকাশিত গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয়। বঁটা গ্ৰহণ কৰি বিধায়ক বসন্ত দাসে অকল মঙলদৈৰে নহয় ৰাজ্যখনৰ সু সন্তান তথা আধুনিক নাট্য আন্দোলনৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰোধা গৰাকীক বাণ থিয়েটাৰৰ দৰে এটি ঐতিহ্যমণ্ডিত অনুষ্ঠানে এই বঁটা প্ৰদান কৰাত বিধায়ক হিচাবে বাণ থিয়েটাৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা আৰু অন্নদা কুমাৰ পদ্মপতি দাতা পৰিয়ালৰ সদস্য শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে চমু ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ওজাই নটসূৰ্য্য গৰাকীৰ বৰ্ণিল জীৱন আলোকপাত কৰে। আনহাতে শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সম্পাদক হেমেন্দ্ৰ ভৰালীয়ে শলাগ জ্ঞাপন কৰা এই বিশেষ অনুষ্ঠানত বলিষ্ঠ অভিনয়ৰ বাবে বাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেতা ভূপেন শৰ্মাক “অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, দৰ্শনা বাইলুং মহন্তক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰাৰ উপৰি মৌনিতম শইকীয়াক “কাৰ্তিক হাজৰিকা সোঁৱৰণী শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতাৰ এটি গীতৰ সঁফুৰা আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।

হিমাচলৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি নিক্ষেপ প্ৰধানমন্ত্ৰী মোদীৰ! সাহায্য প্ৰদানৰ নিৰ্দেশনা…

ধাৰাসাৰ বৰষুণৰ পাছত দিল্লী, ৰাজস্থানৰ পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ঘটনা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে আৰু শীৰ্ষ বিষয়াসকলক ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিযে।

মৌচুমী প্ৰভাৱত হোৱা বৰষুণে দেশৰ বহু ঠাইত ধ্বংসলীলা অব্যাহত ৰাখিছে। কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ পাছত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এতিয়ালৈকে তাত ২৫৬জন লোকৰ মৃত্যু হৈছে। একে সময়তে হিমাচল প্ৰদেশৰ পৰা উত্তৰাখণ্ডলৈ মুষলধাৰ বৰষুণৰ ফলত বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে শীৰ্ষ বিষয়াসকলক ক্ষতিগ্ৰস্ত অঞ্চলসমূহক যথাসম্ভৱ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে এই প্ৰাকৃতিক দুৰ্যোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে-“চিমলাৰ ৰামপুৰ তহচিল, মাণ্ডি জিলাৰ পাধৰ তহচিল আৰু কুল্লুৰ জোঁ আৰু নিৰ্মান্দ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ৫০জনৰো অধিক লোক সন্ধানহীন হৈ আছে। তেওঁ এইটোও লিখিছিল যে -‘মই কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছোঁ। সাহায্য আৰু উদ্ধাৰৰ কাম নিৰীক্ষণ কৰি আছোঁ’।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো আৰম্ভ অমৃত বৃক্ষৰ কাৰ্য্যসূচী…

সমগ্ৰ অসমৰ লগতে তামুলপুৰতো আৰম্ভ কৰা হয় অমৃত বৃক্ষৰ কাৰ্য্যসূচী।

আজি তামুলপুৰত আনুষ্ঠানিক ভাৱে এই কাৰ্য্যসূচী শুভাৰম্ভ কৰে অসম চৰকাৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই।

তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত গছ পুলি ৰোপণ কৰি অমৃত বৃক্ষৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে মন্ত্ৰীগৰাকীয়ে।

তামুলপুৰ জিলা খনত ৩ লাখ ৫৯ হাজৰ ৭৬ জোপা গছ পুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তামুলপুৰ জিলা প্ৰশাসনে।

কেৰালাৰ ৱায়নাডত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী…

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ ফলত ২৭৬ জন নিহত । ২০০ৰো অধিক লোক নিৰুদ্দেশ । আনহাতে হিমাচল, উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ধ্বংসলীলা । কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি পাইছে । একে সময়তে হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ বাবে বহু লোক নিৰুদ্দেশ ।

উত্তৰাখণ্ডতো ডাৱৰ বিস্ফোৰণৰ বাবে গৌৰীকুণ্ড-কেদাৰনাথ পথ বন্ধ হৈ পৰে । কেৰালা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডকে ধৰি বহু ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেৰালাৰ ৱায়ানাড জিলাত ভূমিস্খলনত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি ।এতিয়াও সন্ধানহীন হৈ আছে ২০০ৰো অধিক লোক ।

সেনা, এন ডি আৰ এফ, ৰাজ্যিক জৰুৰীকালীন সেৱাৰ জোৱান আৰু স্থানীয় লোকৰ উদ্ধাৰ অভিযান অব্যাহত
পৰিস্থিতিৰ বুজ ল’বলৈ কেৰালা বাইনাদত উপস্থিত হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ।
কেৰালাৰ ১১ খন জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা । ধাৰাসাৰ বৰষুণ বাবে ৰেড এলাৰ্ট জাৰি প্ৰশাসনৰ ।

পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ স্বপ্নীল কুশালৰ…

পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক।

৫০ মিটাৰ এয়াৰ ৰাইফলচত ব্ৰঞ্জৰ পদক স্বপ্নীল কুশালেৰ।

বৃহস্পতিবাৰে ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক দখল কৰি পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ কৰে স্বপ্নিল কুশালে।

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা…

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা। শ্ৰীলংকাৰ বিৰুদ্ধে ৩খনকৈ এদিনীয়া শৃংখলাৰ মেচ খেলিব ভাৰতে।

বিয়লি ২:৩০ বজাত শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।

ইতিমধ্যে ৩-০ৰ ব্যৱধানত T-20 শৃংখলা দখল কৰিছে ভাৰতীয় দলটোৱে।

মা, তুমি খেলাঃ গৰ্ভত সন্তান আৰু কান্ধত দেশৰ আশাৰ ভাৰ! অলিম্পিকত গৰ্ভৱতী খেলুৱৈ নাডা হাফেজ…

গৰ্ভৱতী অৱস্থাত ঘৰতে থাকক, লাহে লাহে খোজ কাঢ়িব, নিজৰ যত্ন লওক… ! ইতিহাসৰ পৰা আজিলৈকে এই সকলোবোৰ কথা প্ৰায়ে আমি শুনো, নাৰীক গৰ্ভৱতী হ’লে ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। কিন্তু বৰ্সতমান সময়ত পৰিৱৰ্তনশীল। বৰ্তমান যিখন ছবি পোহৰলৈ আহিছে ইতিহাসত এনেকুৱা কেতিয়াও হোৱা নাই। পেৰিছ অলিম্পিক ২০২৪ত এইবাৰ গৰ্ভৱতী মহিলা। ইজিপ্তৰ খেলুৱৈ নাডা হাফেজে অলিম্পিকত শিৰোনাম দখল কৰি তেওঁ কৈছিল যে তেওঁ খেলপথাৰত অকলে যুঁজ দিয়া নাই, তেওঁৰ ভিতৰত এটি সৰু জীৱন আছে যিয়ে উশাহ লৈ আছিল, যিয়ে তেওঁৰ সাহস বৃদ্ধি কৰিছিল , মা, তুমি খেলা, তুমি না ৰৈছা আৰু আৰু ৰৈ যোৱাৰ কোনো উদ্দেশ্য নাই।

নাদা হাফেজ, মাত্ৰ ২৬ বছৰীয়া ইজিপ্তৰ নাদা হাফেজ ইয়াৰ পূৰ্বে জিমনাষ্ট আছিল। তিনিখন অলিম্পিকত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছে। লণ্ডন, টকিঅ’ আৰু এতিয়া পেৰিছ অলিম্পিকত খেলিছিল। নাদা হাফেজে গৰ্ভৱতী হোৱাৰ পিছতো প্ৰথমখন মেচত জয়লাভ কৰিছিল। ফেন্সিং চিংগলছ ছেবাৰ ইভেণ্টৰ ১৬ ৰাউণ্ডত ইজিপ্তৰ নাডা হাফেজ আৰু দক্ষিণ কোৰিয়াৰ খেলুৱৈ জিঅ’ন হিউঙে খেলপথাৰত মুখামুখিকৈ ​​থিয় হৈছিল আৰু দক্ষিণ কোৰিয়াৰ খেলুৱৈগৰাকীৰ হাতত নাডা হাফেজ পৰাস্ত হৈছিল। যদিও নাডা হাফেজে পৰাস্ত হোৱাৰ পিছত অলিম্পিকৰ পৰা আঁতৰি গৈছে, তথাপিও ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ চিৰদিনৰ বাবে এক চিন আৰু আদৰ্শ এৰি থৈ গৈছে। চেম্পিয়ন মাতৃ হিচাপে তেওঁৰ নাম ইতিহাসত লিপিবদ্ধ হৈছে।