Home Blog Page 657

আজি ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ! চৰাইদেউ জিলা সুৰক্ষা সমিতিসহ বিভিন্ন দল-সংগঠনৰ বন্ধৰ আহ্বান…

দীৰ্ঘদিন ধৰি চৰাইদেউ জিলাখনৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বৰ লগতে জিলাখনৰ বুদ্ধিজীৱী আৰু বহু সমাজ সেৱী ৰাইজৰ দ্বাৰা গঠন হোৱা চৰাইেউ জিলা সীমা সুৰক্ষা দাবী সমিতিয়ে অহা ১৮/০৭/২০২৪ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ বাবে ১২ ঘণ্টিয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল।

বন্ধ স্থগিত ৰাখিবৰ বাবে জিলাখনৰ আয়ুক্তৰ উপস্থিতত অনুষ্ঠিত হোৱা বৈঠক খন বিফল হোৱাৰ পিচতে পুনৰ ১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰে । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ দিশে ধাৱমান চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত অব্যাহত থাকিব সংগ্ৰাম। ঘোষণা কৰিলে বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে।

বিগত শনিবাৰে চৰাইদেউ জিলা বন্ধ ঘোষণা কৰি চৰকাৰ, প্ৰশাসনৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱাৰ পাছত আজি চৰাইদেউ জিলা প্ৰশাসনে আলোচনাত বহিছিল জিলাৰ দল-সংগঠনৰ সৈতে।আজি ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ দাবীত বন্ধ৷ চৰাইদেউ জিলা সুৰক্ষা সমিতিসহ বিভিন্ন দল-সংগঠনৰ বন্ধৰ আহ্বান৷

ছত্তীশগড়ত নক্সালবাদীৰ IED বিস্ফোৰণত ছহিদ ২জন জোৱান, আহত ৪জন জোৱান…

ছত্তীশগড়ত নক্সালবাদীৰ IED বিস্ফোৰণ৷ বিস্ফোৰণত ছহিদ ২জন জোৱান, আহত ৪জন জোৱান৷

বীজাপুৰৰ ঘন জংঘলত এই বিস্ফোৰণ৷

সেনাৰ অভিযানৰ সময়তে IED বিস্ফোৰণ নক্সালবাদীৰ৷

ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ ডাবলছত জয়লাভ অসমৰ সুৰজ গোৱালাৰ…

ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ ডাবলছত জয়লাভ অসমৰ শিলচৰৰ সুৰজ গোৱালাৰ। বৰাক ভেলীৰ সুৰজ গোৱালা আৰু উত্তৰাখণ্ডৰ ধ্ৰুৱ ৰাৱটে যোনেক্স ছানৰাইজ ভি.ভি. পুনেত অনুষ্ঠিত হোৱা নাটু মেম’ৰিয়েল অল ইণ্ডিয়া চিনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট ২০২৪।

ৰবিকৃষ্ণ পি এছ আৰু অক্ষণ শেট্টীক ২১-১৫, ২২-২০ গ’লত পৰাস্ত কৰে। গোৱালাৰ উল্লেখযোগ্য যাত্ৰা আৰু সমৰ্পণে বেডমিণ্টন সমাজক অনুপ্ৰাণিত কৰিছে।

বাইহাটাৰ কৰৰাত নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সতীৰ্থ সন্মিলনত সম্বৰ্ধনা…

৪নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২নং কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি কমলপুৰ মণ্ডল, বেজেৰা মণ্ডল আৰু বিহদিয়া জাঁজীকোনা মণ্ডলৰ সহযোগত নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা আৰু সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয়।সতীৰ্থ সন্মিলনত প্ৰায় সংখ্যক বিজেপি দলৰ নেতা কৰ্মী সকল উপস্থিত হৈ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা সাংসদ গৰাকীক উষ্ম সম্বৰ্ধনা জনাই।

সাংসদগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কুচকাৱাজ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে।এই অনুষ্ঠান সাংসদ দিলীপ শইকীয়া আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বিগত লোকসভা নিৰ্বাচনত বিজেপি দলেই কৰা প্ৰদৰ্শনৰ ওপৰত বিশদভাৱে আলোকপাত কৰে।লগতে এই অনুষ্ঠানত আগন্তুক দিনত বিজেপি দলক কিদৰে আৰু অধিক শক্তিশালী ৰূপত পোৱা যায় তাৰ ওপৰত আলোচনা কৰা হয়।

হৃদযন্ত্ৰ আৰু পেট ভালে ৰাখিবলৈ খাব লাগে প্লাম! কেতিয়া, কেনেকৈ খাব লাগে প্লাম জানেনে…

বাৰিষা বহু ধৰণৰ ৰোগৰ সৃষ্টি হয়। ইয়াৰে আটাইতকৈ সাধাৰণ হ’ল পেটৰ বিষ আৰু পাচনতন্ত্ৰৰ সমস্যা। সেইবাবে বাৰিষা স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। আজি আমি আপোনালোকক ক’ম এবিধ ফলৰ বিষয়ে যিবিধ ফলে বাৰিষা আপোনাৰ হৃদযন্ত্ৰ আৰু পেট সুস্থ কৰি ৰখাত সহায় কৰিব।

সেই ফলবিধ হৈছে প্লাম, এই সুস্বাদু ফল খাবলৈ সোৱাদেই নহয়, ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে। যিয়ে বাৰিষা বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।প্লামত অধিক পৰিমাণৰ আঁহ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয়। কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাতো এই ফল সহায়ক। প্লামত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। প্লামত কেলৰি কম আৰু আঁহ বেছি, যাৰ বাবে ই ওজন কমাবলৈ ভাল ফল। প্লামত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।প্লামত ভিটামিন কে আৰু কেলচিয়াম থাকে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

প্লাম সতেজ বা শুকানকৈ খাব পাৰি। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বা সন্ধিয়া সতেজ প্লাম খাব পাৰে। ইয়াৰ উপৰিও প্লামৰ ৰস প্ৰস্তুত কৰি খাব পাৰি। ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে প্লাম কম পৰিমাণে খাব লাগে। যদি গেছ বা এচিডিটিৰ সমস্যা হয়, তেন্তে সাৱধানে প্লাম খাব।


মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক অনুষ্ঠান ২০২৪…

‘মূৰ্চ্ছনা মিউজিক একাডেমি’য়ে বিগত বৰ্ষৰ দৰে এইবছৰো জুলাই মাহৰ ১২ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত “বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৪” উদ্‌যাপন কৰে৷ নিমন্ত্ৰিত অতিথি শ্ৰদ্ধাৰ সাত্বনা বেনাৰ্জী আৰু শিক্ষাকেন্দ্ৰৰ মুখ্য অধ্যক্ষ হিৰণ্য কলিতাৰ লগতে বৰ্ণালী কলিতা, জোনালী দাস আৰু পৰাগ ডেকাই বন্তি প্ৰজ্বলন কৰি অসমৰ স্বনামধন্য শিল্পী প্ৰয়াত নন্দ বেনাৰ্জী আৰু ভূপেন উজিৰ দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷

গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ পূৱ শৰণীয়া মুখ্য পথত থকা “মূৰ্চ্ছনা মিউজিক একাডেমি”য়ে ২০০০ চনতেই প্ৰতিষ্ঠা লাভ কৰি তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীক বিজ্ঞানসন্মতভাৱে গীটাৰ, ইলেকট্ৰনিক কীবোৰ্ড, পিয়ানো, ভায়োলিন, কণ্ঠসংগীত, তবলা ইত্যাদিৰ পাঠদান কৰাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অনলাইনযোগে প্ৰশিক্ষণ দি আহিছে৷ মুখ্য অধ্যক্ষ হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সাংস্কৃতিক প্ৰতিষ্ঠান আৰু পৰীক্ষা পৰিষদ “মিউজিচিয়া আৰ্টচ এণ্ড কালচাৰ কাউন্সিল” (Musicea Arts And Culture Council) ৰ দ্বাৰা অনুমোদিত শিক্ষা কেন্দ্ৰটোৱে প্ৰতি বছৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ সাংস্কৃতিক বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ দি আহিছে৷

মূৰ্চ্ছনাৰ এগৰাকী শিক্ষাৰ্থী ৰাগিনী গোস্বামী আৰু এগৰাকী শুভকাংশী মাইকন দেৱীয়ে গোটেই অনুষ্ঠানটোৰ ঘোষিকা হিচাপে আত ধৰি সুন্দৰভাৱে আগবঢ়াই নিয়ে৷ হিৰণ্য কলিতাৰ কথা-সুৰ আৰু সংগীতেৰে সজোৱা ‘লুকা- ভাকু খেলো আমি নাই আমনি’ সমবেত সংগীতত কণ্ঠসংগীতৰ শিক্ষাৰ্থীসকলে কণ্ঠদান কৰি সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণি কৰে৷ অসমৰ বিশিষ্ট সংগীতজ্ঞ প্ৰয়াত নন্দ বেনাৰ্জী দেৱলৈ “মূৰ্চ্ছনা মিউজিক একাডেমি’য়ে” “সংগীতাচাৰ্য” উপাধিৰে বিভূষিত কৰি তেখেতৰ পৰিয়ালৰ মুৰব্বীৰ হাতত এখনি মানপত্ৰ প্ৰদান কৰে৷

চ্যোনী কলিতাৰ কিবোৰ্ডত ‘জিতাথা জিচিকে লিয়ে’, কৃতাৰ্থ বৰুৱাৰ ‘পেহেলা নচা’, অয়ন কলিতাৰ ‘তুমকো দেখা তো য়ে খয়াল আয়া’, ছেমচ হাজৰিকাৰ ‘ফেডেড’, জৰ্ণভ চক্ৰৱৰ্তীৰ ‘জিনা য়াহা মৰণা য়াহা’ গীতৰ লহৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে৷ বৰ্ণালী কলিতাৰ পৰিচালনাত বেহেলাৰ শিক্ষাৰ্থীসকল ক্ৰমে অনন্যাশ্ৰী বৰুৱা, চুমনশ্ৰী দাস, প্ৰজ্ঞাশ্ৰী নাথ, ষ্টেলিনা কাকতি, শ্ৰেয়চী ৰয় আৰু কেইবাগৰাকীয়েও জ্যোতি প্ৰসাদ আগৰৱালাৰ কালজয়ী গীত ‘গছে গছে পাতি দিলে’ আৰু পাশ্চাত্য সুৰ ‘টেনটিং টুনাইট’ আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীত ‘ৰাগ দেশকাৰ’ বজাই দৰ্শকৰ মাজত বিপুল সঁহাৰি লাভ কৰে৷ নৃত্য প্ৰশিক্ষক সন্মানীয় মিনা পালৰ তত্ত্বাৱধানত জিচা আগৰুৱালা, নভ্যা বাউৰী, শ্ৰেয়া শৰ্মা, চুমি মন্দল, পলাক্সী নাথ, প্ৰিয়াংশী শৰ্মা, ষ্টেলিনা কাকতি, শ্ৰেয়াসী ৰয়ে ‘সৰস্বতী বন্দনা’ ত অংশগ্ৰহণ কৰি নৃত্য সংগীতক এক বিশেষ মাত্ৰা প্ৰদান কৰে৷ সেউজী সেউজী সেউজী অ’, বিলতে হালিছে ধুনীয়া পদুমী, আপ জেইচা কোই মেৰে, য়ে শ্যাম মস্তানি, গধূলি আহিল তৰা জিলিকিল আৰু বহুটো গীতৰ লহৰে সকলোকে আমোদ দিয়ে৷

২০২৩ বৰ্ষৰ একষ্টিক গীটাৰ পৰীক্ষাৰ বাছনিত অন্তৰ্ভুক্ত হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধীমন্ত কুমাৰ বৰুৱালৈ ১১১১১.০০ টকাৰ এখন চেক, এখন শৰাই, এখন মানপত্ৰ আৰু এখনি ফুলাম গামোচাৰে সম্বদ্ধৰ্না জনাই চলিত বৰ্ষৰ সংগীত বৃত্তি ‘মূৰ্চ্ছনা মিউজিক একাডেমী’ প্ৰদান কৰে৷

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন…

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন৷

হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰাইন জিন পেৰীয়ে সদৰী কৰিছে এই কথা৷

ক’ভিড 19ৰ লক্ষণ ধৰা পৰিছে ৰাষ্ট্ৰপতি জো বাইডেনৰ শৰীৰত৷

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা, ল’ৰাৰ একক শাখাৰ ছেমিফাইনেলত অসমৰ চান্দোগ্য পাঠক-নিব্ৰাছ হুছেইন…

শীৰ্ষ বাচনি লাভ কৰা অসমৰ চান্দোগ্য পাঠক আৰু নিব্ৰাছ হুছেইনে চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অসম টেনিছ সন্থাৰ উদ্যোগত তথা ভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত চলি থকা প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত চান্দোগ্যই ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাত ৬-২, ৬-৩ ৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে নিব্ৰাছে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ৬-০, ৬-০ ৰ ব্যৱধানত জয় অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ নিব্ৰাছে ১৪ বছৰ অনূধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলো খেলিছিল যদিও পৰাস্ত হয়৷

উল্লেখ্য যে চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত চান্দোগ্যই ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাত তথা নিব্ৰাছে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাত শীৰ্ষ বাচনি অৰ্জন কৰিছে৷ চান্দোগ্যৰ লগতে ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ ছেমিফাইনেলত প্ৰৱেশ কৰা আন তিনিগৰাকী খেলুৱৈ হ’ল আৰৱ চহালানী, বিহান মিৰ্ধা আৰু ৰাঘৱ সৰোদ৷ আনহাতে, নিব্ৰাছৰ লগতে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে থানুষ শেকাৰ, জেগান ৰোহিত আৰু নিহাল এছ ৰেড্ডীয়ে৷ ইফালে, ছোৱালীৰ একক শাখাৰ ১২ বছৰ অনূধ্বৰ্ৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে পদ্মা ৰমেশকুমাৰ, ঈশিতা শ্ৰিয়ালা, ছেৰেনা গাহলট আৰু ৰুহি সিং৷ আনহাতে, পদ্মা ৰমেশকুমাৰ, ঈশিতা শ্ৰিয়ালা, ছেৰেনা গাহলট আৰু খুশি খাদিয়ানে ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলতো প্ৰৱেশ কৰিছে৷ প্ৰতিযোগিতাৰ আজি ল’ৰা-ছোৱালীৰ দূয়োটা বয়স শাখাৰ কোৱাৰ্টাৰ ফাইনেল মেচসমুহো অনুষ্ঠিত হয়৷ অসমৰ চান্দোগ্য পাঠকে বিহান মিৰ্ধাৰ লগত যুটি বান্ধি ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, অসমৰ ঈশানদীপ বৰা আৰু আৰিয়ান ভৰালীয়ে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ ডাবলছ শাখাৰ ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে৷ ইফালে, ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ শাখাৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসমৰ নেইম হুছেইন আৰু তেওঁৰ সংগী ছেৰেনা গেহলট লগতে সংস্কৃতি বৰা আৰু আৰিশা এম চৌধুৰী যুটি৷

অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি কাইলৈ পূৱা একক শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হোৱাৰ পাছত ডাবলছ শাখাৰো ল’ৰা-ছোৱালী দূয়োটা বয়স শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব৷ আনহাতে, আবেলি অনুষ্ঠিত হ’ব ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেল৷

আজি পুনৰ মুকলি হ’ব পুৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ, এই সময়ছোৱাত মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব সাধাৰণ ভক্তক…

৪৬ বছৰৰ অন্তত পুনৰ মুকলি হ’ব ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ‘‘ৰত্ন ভাণ্ডাৰ’’। বৃহস্পতিবাৰে পুনৰ মুকলি কৰা হ’ব মন্দিৰৰ ভিতৰৰ ৰত্ন ভাণ্ডাৰ। ইয়াৰ বাবেও এটা শুভ সময় নিৰ্ধাৰণ কৰা হৈছে। পুৱা ৯:৫১ বজাৰ পৰা ১২:১৫ বজাৰ ভিতৰত শুভ সময়ত মুকলি কৰা হ’ব এই ৰত্ন ভাণ্ডাৰ। ওড়িশা চৰকাৰে জাৰি কৰা বৰ্তমানৰ এছ অ’ পিৰ ভিত্তিত মুকলি কৰা হ’ব ৰত্ন ভাণ্ডাৰ। ৰত্নভাণ্ডাৰ তত্বাৱধান সমিতিৰ অধ্যক্ষ ন্যায়াধীশ বিশ্বনাথ ৰথে মঙলবাৰে উল্লেখ কৰে এই কথা৷”আমি পুনৰ তলা খুলি ১৮ জুলাইৰ পুৱা ৯.৫১ বজাৰ পৰা ১২.১৫ বজাৰ ভিতৰত মন্দিৰত ভিতৰত থকা ৰত্ন ভাণ্ডাৰলৈ যাম। ভিতৰৰ চেম্বাৰত থকা মূল্যৱান সামগ্ৰীসমূহ অস্থায়ী ষ্ট’ৰ ৰূমত স্থানান্তৰ কৰা হ’ব আৰু এ এছ আইৰ সদস্যসকলকো কিছু সময় দিয়া হ’ব যাতে তেওঁলোকে বুজ ল’ব পাৰে তাৰ গাঁথনিগত স্থিৰতাৰ । সমগ্ৰ অনুষ্ঠানটো ভিডিঅ’গ্ৰাফ কৰা হ’ব।” আজি তেওঁৰ নেতৃত্বত গঠিত ১৬ জনীয়া উচ্চ পৰ্যায়ৰ সমিতিৰ বৈঠকৰ অন্তত ৰথে সাংবাদিকৰ আগত এইদৰে কয়।

দেওবাৰে তিনিটা তলা কাটি ৪৬ বছৰৰ পাচত পুনৰ মুকলি কৰা হয় গৰ্ভগৃহৰ কোষাগাৰৰ ভিতৰৰ কোঠাটো। দলটোৱে বাকচ আৰু আলমিৰা (তীখা আৰু কাঠ দুয়োটা), কাঠৰ চন্দুক আৰু বাকচ (মজিয়াত পৰি থকা) প্ৰত্যক্ষ কৰিছিল যদিও প্ৰশাসনে বহুদয়া যাত্ৰা আৰু ছুনাৰ ওপৰত গুৰুত্ব দিবলগীয়া হোৱাৰ বাবে আন এটা তাৰিখত গহনাবোৰ নিৰ্দিষ্ট ষ্ট্ৰং ৰুমলৈ স্থানান্তৰিত কৰাৰ সৰ্বসন্মতিক্ৰমে
সিদ্ধান্ত লয়। উল্লেখ্য যে, বাহিৰৰ কোঠাটোৰ পৰা মূল্যৱান সামগ্ৰীসমূহৰ চাৰিটা কাঠৰ চন্দুক মন্দিৰ চৌহদৰ ভিতৰৰ চাংদা মেকাপ কোঠাৰ এটা অস্থায়ী শক্তিশালী কোঠালৈ স্থানান্তৰ কৰা হৈছে।ওড়িশাৰ বাবে ঐতিহাসিক দ্বাদশ শতিকাৰ পুৰী শ্ৰীমন্দিৰৰ ৰত্ন
ভাণ্ডাৰটো প্ৰায় ৪৬ বছৰৰ পাচত পুনৰ মুকলি কৰা হয়। অমূল্য অলংকাৰসমূহ থকা কোষাগাৰটো, দেওবাৰে দুপৰীয়া ১:২৮ বজাত শুভ সময়ত মুকলি কৰা হয়। ৰত্ন ভণ্ডাৰৰ বাহিৰৰ কোঠাটো প্ৰথমে মুকলি কৰা হৈছিল বুলি জানিব পৰা গৈছে। অলংকাৰবোৰ অস্থায়ী
শক্তিশালী কোঠালৈ স্থানান্তৰিত কৰিবলৈ মন্দিৰলৈ বিশেষ বাকচ অনা হৈছিল। ভিতৰৰ কোঠাটো মুকলি কৰাৰ বাবেও প্ৰচেষ্টা চলি আছিল।তথ্য অনুসৰি, মন্দিৰৰ শাসন আৰু ঐতিহাসিক সংৰক্ষণৰ প্ৰচেষ্টাত এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে আজি ৰত্ন ভণ্ডাৰ পৰিদৰ্শন কৰা হ’ব ।মুখ্যমন্ত্ৰী মোহন মাঝিয়ে ছ’চিয়েল মিডিয়াত ভগৱান জগন্নাথৰ ৰত্ন ভাণ্ডাৰ মুকলি কৰি আনন্দ প্ৰকাশ কৰে। এক্স হেণ্ডেলত মাঝিয়ে ওড়িশাৰ ৪.৫ কোটি জনসাধাৰণৰ বাবে আশীৰ্বাদ বিচাৰি ভগৱান জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰে। লগতে তেওঁ ৰত্ন ভাণ্ডাৰ মুকলি কৰাৰ আঁৰৰ প্ৰচেষ্টা আৰু উদাৰ উদ্দেশ্য বহু সফল হ’ব বুলিও আস্থা প্ৰকাশ কৰে।

ৰত্ন ভাণ্ডাৰত পৰিদৰ্শন সমিতিৰ দুজনকে ধৰি মুঠ ১১জন সদস্যই ৰত্ন ভাণ্ডাৰ মুকলি কাৰ্যৰ তদাৰক কৰিবলৈ গৰ্ভগৃহত প্ৰৱেশ কৰে । মন্দিৰৰ পূজনীয় কোষাগাৰ পুনৰ মুকলি কৰিবলৈ প্ৰৱেশ কৰা ১১ জন লোকৰ ভিতৰত ওড়িশাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিশ্বনাথ ৰথ, শ্ৰী জগন্নাথ মন্দিৰৰ প্ৰশাসনৰ (এছজেটিএ) মুখ্য প্ৰশাসক আৰবিন্দ পাধী, এএছআইৰ অধীক্ষক ডিবি গডনায়ক আৰু পুৰীৰ উপাধিৰ ৰজা গজাপতি মহাৰাজৰ এজন প্ৰতিনিধি আছে। মুখ্য প্ৰশাসকৰ নেতৃত্বত SJTA য়ে এই অভিযানৰ তদাৰক কৰি আছে।

অসম বংগ সীমান্তৰ বংগৰ সীমান্তত আবদ্ধ শ শ আলু ভৰ্তি ট্ৰাক

ধুবুৰীৰ জিলাৰ গোলকগঞ্জত অসম বংগ সীমান্তৰ বংগৰ সীমান্তত আবদ্ধ শ শ আলু ভৰ্তি ট্ৰাক। অসমত আলুৰ ট্ৰাক প্ৰবেশত বাধা বংগ আৰক্ষীৰ। যোৱা নিশাৰ পৰা বংগ আৰক্ষীৰ বাধা প্ৰদান।


বংগৰ পৰা অসমত আলু ৰপ্তানিত মূখ্যমন্ত্ৰী মমতাৰ বাধা । মূখ্যমন্ত্ৰী গৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছতে সীমান্তত বংগ আৰক্ষী বাধা প্ৰদান। ফলত বংগৰ সীমান্তত শ শ আলু ভৰ্তি ট্ৰাক আবদ্ধ হৈ পৰিছে।

পশ্চিমবঙ্গত পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পিছতে বংগ চৰকাৰৰ পদক্ষেপ। অসমত আলুৰ ট্ৰাক প্ৰবেশত বাধা প্ৰদানৰ বাবে অসমত মূল্য বৃদ্ধিৰ সম্ভাৱনা।