Home Blog Page 660

লাহোৱালত দহদিনীয়াকৈ অনুষ্ঠিত শ্ৰী শ্ৰী ৰুদ্ৰচন্দী মহাযজ্ঞৰ আজি অন্তিমটো দিন, হাজাৰ হাজাৰ ভক্তৰ সমাগম…

লাহোৱালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জগদীশ চাহুৰ একক প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত ২১জুলাইৰ পৰা চাহুৰ বাসগৃহত ১০দিনীয়াকৈ অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী ৰুদ্ৰচন্দী মহাযজ্ঞ৷ মহাযজ্ঞৰ শুভাৰম্ভনিতে পানী তোলা পৰ্বৰ পিছতে যজ্ঞৰ শুভাৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ৰাইজৰ সুখ-শান্তি আৰু মংগলাৰ্থে সুদীৰ্ঘ ২০বছৰৰ মূৰত আয়োজন কৰা এই ৰুদ্ৰচন্দ্ৰী মহাযজ্ঞত স্থানীয় ৰাইজৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা ১১জনৰো অধিক বাবাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে৷

গাখীৰৰ সৈতে কেতিয়াও নাখাব এই ৩টা বস্তু! নহ’লে হ’ব মুখৰ এই সমূহ সমস্যা…

গাখীৰ সদায় সাৱধানে আৰু সঠিকভাৱে খাব লাগে। কিছুমান বস্তু কেতিয়াও গাখীৰৰ সৈতে নাখাব, নহলে আপোনাৰ ছাল আৰু পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰিব পাৰে। গাখীৰৰ সৈতে কি কি খাব নালাগে জানো আহকঃ

মাছ
মাছ আৰু গাখীৰৰ সংমিশ্ৰণে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আয়ুৰ্বেদৰ মতে মাছ আৰু গাখীৰ একেলগে সেৱন কৰিলে শৰীৰত বিষাক্ত পদাৰ্থ উৎপন্ন হয়, যাৰ ফলত মাছ আৰু গাখীৰ একেলগে সেৱন কৰিলে বদহজম, গেছ আৰু অন্যান্য পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে।

ছাইট্ৰাছ ফল
গাখীৰৰ লগত কমলা, নেমু, আঙুৰ আদি টেঙা ফল স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।ইয়াৰ ফলত ছালত বগা দাগ, পেটৰ বিষ, গেছ, আৰু পাচনতন্ত্ৰৰ অন্যান্য সমস্যা হ’ব পাৰে। গতিকে গাখীৰ আৰু ছাইট্ৰাছ ফল একেলগে খাব নালাগে।

নাৰিকল

গাখীৰৰ লগত নাৰিকল খোৱাতো ছালত বগা দাগ পৰিব পাৰে। আয়ুৰ্বেদত গাখীৰ আৰু নাৰিকল একেলগে খোৱাটো বাঞ্ছনীয় নহয়, কিয়নো ইয়াৰ ফলত ছালত দাগ পৰাৰ লগতে ছালৰ লগত জড়িত অন্যান্য সমস্যাও হ’ব পাৰে।

আধ্যাত্মিকতাৰ প্ৰতিহে আগ্ৰহী বিহাৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্তৰ ৰাজনীতিত প্ৰৱেশক লৈ জল্পনা-কল্পনা…

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্তৰ ৰাজনীতিত প্ৰৱেশকলৈ বহুদিন ধৰি জল্পনা-কল্পনাৰ চলি আছে।ৰাজনীতিবিদ সকলে পৰিধান কৰা বগা কুৰ্তা-পায়জামাত প্ৰায়ে নিশান্তক দেখা যায়।নিশান্তক শুকুৰবাৰে পুনৰ বজাৰত ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰা সময়ত একেধৰণৰ সাজত দেখা যায়৷ ইয়াৰ পূৰ্বে তেওঁ শ্ৰীকৃষ্ণ নগৰত গছ পুলি ৰোপণ কৰিছিল আৰু ইয়াৰ ফটোও ভাইৰেল হৈছিল। কোৱা হয় যে নিশান্ত পৰিৱেশৰ প্ৰতি অতি সচেতন। এখন ইলেক্ট্ৰনিক দোকানৰ পৰা বজাৰ কৰি ওলাই যোৱাৰ সময়ত সংবাদ মাধ্যমে মুখ্যমন্ত্ৰী নীতিশৰ পুত্ৰ নিশান্ত কুমাৰক ৰাজনীতিত প্ৰৱেশৰ বিষয়ে সোধাত তেওঁ আধ্যাত্মিকতাৰ পথত আগবাঢ়িছে বুলি কয়। “আধ্যাত্মিক কামৰ বাবে ওলাই আহিছো। মোবাইলত হৰে ৰাম হৰে কৃষ্ণ শুনিলে শব্দ কম হয়। গতিকে হৰে ৰাম হৰে কৃষ্ণৰ গীত শুনিবলৈ ভাল স্পীকাৰ কিনিবলৈ আহিছো। এতিয়া প্ৰভুৰ গীতবোৰ স্পীকাৰত ভালদৰে শুনিম।” নিশান্ত, নীতিশ কুমাৰৰ পুত্ৰ৷

ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখে নিশান্ত: যেতিয়া নিশান্তই স্পীকাৰ কিনিবলৈ বজাৰলৈ গৈছিল, তেতিয়া তেওঁৰ লগত নিৰাপত্তাৰক্ষীৰ এটা দলো উপস্থিত আছিল।মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে প্ৰায়ে ৰাজনৈতিক কাৰ্যসূচীৰ পৰা আঁতৰি থাকে।কেতিয়াবা উৎসৱ উপলক্ষে, কেতিয়াবা পিতৃৰ জন্মদিন উপলক্ষে তেওঁক মুখ্যমন্ত্ৰীৰ বাসগৃহত দেখা যায়।নিশান্ত এজন শান্ত স্বভাৱৰ যুৱক আৰু তেওঁ ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি বিগত সময়ত বহুবাৰ কৈছে।

নীতিশে ৰাজনীতিত পুত্ৰক প্ৰচাৰ কৰা নাছিল: বছৰত এবাৰহে সংবাদমাধ্যমত নিশান্তক দেখা যায়।মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সমাজবাদ আৰু সামাজিক ন্যায়ৰ ৰাজনীতি কৰে, তাত পৰিয়ালবাদৰ কোনো স্থান নাই।নীতিশ কুমাৰেও আজি লৈকে কেতিয়াও নিজৰ পুত্ৰ নিশান্তক ৰাজনীতিত প্ৰচাৰ কৰা নাই।কিন্তু শেহতীয়াকৈ বাৰে বাৰে উত্থাপন হৈছে যে নিশান্ত কুমাৰে পিতৃ নীতিশৰ ৰাজনৈতিক দায়িত্ব ভালদৰে চম্ভালিব পাৰিব।

নীতিশ কুমাৰৰ পৰিয়াল: বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে৮বাৰ শপত লোৱা নীতিশৰ পৰিয়ালটো অতিসৰু।তেওঁৰ পৰিয়ালৰ বেছিভাগ সদস্যই লাইমলাইটৰ পৰা দূৰত্বত থাকে।ৰাজনীতিতো তেওঁলোকৰ কোনো কাৰ্যকলাপ নাই।লালু পৰিয়ালৰ দৰে নীতিশ কুমাৰৰ একমাত্ৰ পুত্ৰ নিশান্ত কুমাৰ (৪৮বছৰীয়া) কেতিয়াও বিতৰ্কৰ মাজলৈ অহা নাই।ৰাজনীতি ক্ষেত্ৰখনতো তেওঁ সক্ৰিয় নহয়।নিশান্তো নীতিশ কুমাৰৰ দৰে অভিযন্তা আৰু বিআইটি মেছৰাৰ পৰা স্নাতক।

বৃদ্ধি পাইছে ৰে’ল দুৰ্ঘটনা! এইবাৰ ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা, আহত প্ৰায় ১৫০জন…

ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা৷

এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হাওৰা-মুম্বাই এক্সপ্ৰেছৰ৷

লাইনচ্যুত হ’ল হাওৰা-মুম্বাই এক্সপ্ৰেছৰ ১৮টাকৈ দবা৷

দুৰ্ঘটনাত ২জন নিহত, আহত প্ৰায় ১৫০জন৷

অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ ব্যৱস্থা কৰা হ’ব HOME STAYৰ…

অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ।

ৰাজ্যৰ প্ৰতিটো পৰ্যটন স্থানত গঢ়ি তোলা হ’ব HOME STAY।

শীঘ্ৰেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আঁচনি।

অসমত HOME STAYৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জনাই৷

কেনেকৈ, কি হ’ল মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ একমাত্ৰ কন্যা কৃষ্ণামণি ডেকাৰ…

মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত কৌতূহলৰ অন্ত।চিনাক্ত হ’ল মৃত দেহ। মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ একমাত্ৰ কন্যা কৃষ্ণামণি ডেকা, বয়স ১৯ বছৰ।সোমবাৰে মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।
মোবাইলো অফ আছিল কৃষ্ণামণি ডেকাৰ।


আজি ৰাতিপুৱাই স্থানীয় ৰাইজে এটি কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা টোপোলা দেখা পাই। ততালিকে মঙলদৈ সদৰ আৰক্ষীক খবৰ কৰে। আৰক্ষী উপস্থিত হোৱাৰ পাছতেই চিনাক্ত হয়। কেনেকৈ এনে ঘটনা সংঘটিত হ’ল তদন্তৰ পাছতহে ওলাব।

প্ৰেমৰ মহানগৰ পেৰিছত বৰ্ণাঢ্য অলিম্পিক মহাৰণ…

খেল বুলি ক’লে এতিয়া গাঁও-ভূই সকলোতে আনন্দ-উলাহত মতলীয়া আবাল-বৃদ্ধ-বনিতা। এটা সময় আছিল মহিলাক খেল খেলাৰ পৰা বাৰণ কৰা হৈছিল। কিন্তু এতিয়া সময় সলনি হ’ল। মহিলা খেলুৱৈয়েও বিভিন্ন খেলত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আনকি আজিৰ মহিলা খেলুৱৈয়ে ৰাজ্য তথা দেশৰ সীমাৰ পৰিধি অতিক্ৰমী বিশ্বৰ ক্ৰীড়াংগণ উজলাবলৈ সক্ষম হৈছে। আমাৰ অসম মুলুকতে এতিয়া আমি গৌৰৱেৰে নাম ল’বলৈ সক্ষম হৈছো- হিমা দাস, লাভলীনা বৰগোহাঁই, জিণ্টিমণি কলিতা, উমা ছেত্ৰী, নয়নমণি হাজৰিকা, অপূৰ্ণা নাৰ্জাৰী, হৃদয় হাজৰিকা, অম্লান বৰগোহাঁই, বৰ্ণিল আকাশ চাংমাই, পপী হাজৰিকা, দিতিমণি সোণোৱাল, শিৱাংগী শৰ্মা, ভূমিকা সূত্ৰধাৰে খেলৰ বিভিন্ন ক্ষেত্ৰত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। আনহাতে, সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা তথা ভাৰতীয় জাতীয় কিক্ৰেট দলত স্থান লাভ কৰি অসমৰ নাম ভাৰতীয় খেল জগতত সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। এওঁলোক নিঃসন্দেহে আমাৰ গৌৰৱ, অসমৰ গৌৰৱ।


বিগত বৰ্ষত অসম চৰকাৰে অসমত খেল মহাৰণ অনুষ্ঠিত কৰি অসমৰ চুকে-কোণে থকা খেলুৱৈসকলক উলিয়াই আনি এখন ভাল মঞ্চ দিয়া যি ব্যৱস্থা কৰিছিল সেয়া বৰ সুখৰ বতৰা আছিল। এতিয়াও বহু প্ৰতিভাধৰ বিভিন্ন ক্ষেত্ৰৰ খেলুৱৈ আমাৰ গাঁৱে-ভূঞে আছে, যিসকলে আৰ্থিক অনাটনৰ বাবেই হওক বা অন্য কাৰণতেই হওক উপযুক্ত এখন মঞ্চ নাপাই কলিতে মৰহি যাব লগা হৈছে। সেয়ে চৰকাৰে বিভিন্ন উদ্যোগ লৈ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি উপযুক্ত প্ৰশিক্ষণ দি একো একোগৰাকী সফল খেলুৱৈ কৰি গঢ়ি তোলাৰ ব্যৱস্থা লওক। তেতিয়াহে অসমৰ খেলুৱৈক লৈ আমি গৌৰৱ কৰিব পাৰিম। বৰ্তমান যিসকল প্ৰতিভাৱান খেলুৱৈয়ে তেওঁলোকৰ নিজা পাৰদৰ্শিতাৰে অথবা কোনো চৰকাৰী প্ৰশিক্ষণ অবিহনেই জিলিকি উঠিবলৈ সক্ষম হৈছে। গতিকে এবাৰ দুবাৰ অকল চমক সৃষ্টি কৰিবলৈকে খেল মহাৰণ পাতি হৈ-চৈ কৰাতকৈ একোটা নিৰ্দিষ্ট প্ৰশিক্ষণ প্ৰতিষ্ঠান ঠায়ে ঠায়ে স্থাপন কৰি তাত উপযুক্ত প্ৰশিক্ষক নিযুক্তি দি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। এই কথাখিন উনুকিয়াব লগা হ”ল এই কাৰণেই যে আমি এগৰাকী খেলুৱৈয়ে কেৱল নিজৰ শক্তি-সামৰ্থ্য বলত ৰাজ্যৰ বাহিৰত গৈ সুনাম কঢ়িওৱাৰ পিছতহে তেওঁক চিনি পাওঁ। আমি ভাবো এতিয়াও গ্ৰামাঞ্চচলসমূহত এখন ভাল খেলপথাৰ নাই। ভাল ক্ৰীড়া প্ৰশিক্ষক নাই। গতিকে ক্ৰীড়াৰ অগ্ৰগতিও আজি পৰ্যন্ত উন্নত হোৱা নাই। অৱশ্যে এনে অভাৱ-অভিযোগৰ মাজতো অসম সন্তানে অলিম্পিকৰ দৰে খেলৰ শীৰ্ষ খেলত আজি অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে। এয়া আমাৰ বাবে গৌৰৱৰ কথা। অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত থাকক তাকেই কামনা কৰিছো। এইবাৰৰ অলিম্পিকতো অসম সন্তানে পেৰিছত জিলিকি উঠিব নিশ্চয়।


বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আৰম্ভ হ’ল খেল মহাযুদ্ধ ‘গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ ।সততে প্ৰেমৰ চহৰৰূপে খ্যাত পেৰিচৰ ছেইন নদীৰ বুকুত বৰ্ণিল-অবিস্মৰণীয় উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ’ল ৩৩সংখ্যক অলিম্পিক মহাৰণ। ঐতিহ্যশালী ছেইন নদীৰ পাৰত অনুুষ্ঠিত বৰ্ণিল তথা অলিম্পিক গেম্‌ছৰ ইতিহাসত কেতিয়াও ইমান বিশাল পৰিসৰত আয়োজন নোহোৱা অথচ এইবাৰ সম্ভৱ কৰি তোলা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানে সমগ্ৰ বিশ্ববাসীৰে অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল। ‘চিটী অৱ লাভ’ৰূপে পৰিচিত পেৰিচত এতিয়া প্ৰায় দহ হাজাৰতকৈয়ো অধিক খেলুৱৈৰ সমাৱেশ ঘটিছে। প্ৰত্যেকগৰাকী খেলুৱৈয়ে এতিয়া পদক অৰ্জন কৰি নিজ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে নিজৰ বিজয় অলিম্পিকৰ ইতিহাসত খোদিত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ লগতে ব্যস্ত তেওঁলোক পেৰিচৰ সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰাত। আৰু প্ৰেমৰ চহৰ পেৰিছে আঁকোৱালি লৈছে আন্তৰিকতাৰে বিশ্বৰ প্ৰতিগৰাকী ক্ৰীড়া যোদ্ধাক। ১০০ বছৰ পিছত এইবাৰ যেন বিশ্ব অলিম্পিক পুনৰ ঘূৰি আহিছে ঘৰলৈ । ২০০৮ চনত বেইজিঙে প্ৰযুক্তিৰ চমক সৃষ্টি কৰি বিস্ময়াভিভূত কৰিছিল বিশ্বক। ইয়াৰ পিছত ২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিক খেলত আছিল ঐতিহ্য আৰু পৰম্পৰাৰ অপূৰ্ব সংমিশ্ৰণ। ২০১৬ চনত ৰিঅ’ত অনুষ্ঠিত অলিম্পিকত আছিল সংস্কৃতিৰ সমাহাৰ। আনহাতে, ২০২০ চনত টকিঅ’ত অনুষ্ঠিত অলিম্পিকত আছিল ঐতিহ্য, পৰম্পৰা আৰু প্ৰযুক্তিৰ চমৎকাৰ। পূৰ্বৰ অলিম্পিকত যি যি হোৱা নাছিল এইবাৰ কিন্তু সকলো সম্ভৱ কৰি তোলা হৈছে প্ৰেমৰ চহৰখনত। অলিম্পিকৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে বৃহৎ আকাৰত অনুষ্ঠিত হৈছে উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী। ভাৰতীয় সময় অনুসৰি ২৭ জুলাইৰ নিশা ১১ বজাত আৰম্ভ হৈ অনুষ্ঠানৰ সামৰণি পৰিছিল পুৱতি নিশা ৩ বজাত। এইবাৰ পেৰিচ অলিম্পিকৰ মূল আধাৰ হৈছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু প্ৰেম। অলিম্পিকৰ ইতিহাসত এইবাৰেই অনুষ্ঠিত হৈছে আটাইতকৈ দীঘলীয়া উদ্বোধনী অনুষ্ঠান। দীঘলীয়া অনুষ্ঠান হ’লেও প্ৰতিগৰাকী দৰ্শকৰ বাবে আছিল অতি মনোমুগ্ধকৰ অনুষ্ঠান। কাৰো মনত নাছিল কোনো আমনি লগা অনুভৱ। অলিম্পিক চাকি হাতত লৈ এগৰাকী ব্যক্তিৰ দৌৰেৰে আৰম্ভ হৈছিল উদ্বোধনী অনুষ্ঠান। ছেইন নদীৰ বুকুত আৰম্ভ হৈছিল মনোৰম নৌকা যাত্ৰা। প্ৰায় ৯৪খন নাৱতে প্ৰতিখন দেশৰ খেলুৱৈয়ে ভাগ লৈছিল নৌকাবিহাৰৰ মাৰ্ছপাষ্টত। আমাৰ দেশৰ খেলুৱৈও আছিল এই নৌকাবিহাৰত। ৰাষ্ট্ৰীয় পতাকা বহন কৰিছিল পি ভি সিদ্ধু আৰু শৰথ কমলে। ত্ৰিৰংগাৰ লহৰত উৎফুল্লিত হৈ পৰিছিল সমগ্ৰ ভাৰতবৰ্ষ। এইবাৰ ভাৰতীয় খেলুৱৈ দলত ১১৭গৰাকী খেলুৱৈয়ে পেৰিছ অলিম্পিকত তেওঁলোকৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিব। অৱশ্যে উদ্বোধনী অনুষ্ঠানত ৭৮গৰাকী প্ৰতিযোগীয়েহে অংশ লৈছে। আমাৰ বাবে সৌভাগ্যৰ কথা যে পেৰিছ অলিম্পিকত প্ৰথমটো পদক জিকিবলৈ সক্ষম হৈছে মনু ভাকৰেয়ে। ১২ বছৰৰ পিছত এইবাৰ শ্বুটিঙত পদক পাবলৈ সক্ষম হ’ল মনু ভাকেৰৰ জৰিয়তে ভাৰতে। এয়া এইবাৰৰ অলিম্পিকৰ জয়যাত্ৰা আৰম্ভ হ’ল আৰু এই যাত্ৰা অক্ষুণ্ণ ৰাখি ভাৰতীয় খেলুৱৈয়ে ভাৰতবৰ্ষলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই আনক তাকেই আশাৰে বাট চাই আছোঁ। অসমৰ পৰাও লাভলীনা বৰগোহাঁইকে ধৰি আন কেইবাগলাকীয়েও পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে। আশা ৰাখিছো তেওঁলোকেও অলিম্পিকত ভিল প্ৰদৰ্শন কৰি পদক জিকি দেশৰ লগতে অসমলৈও গৌৰৱ কঢ়িয়াই আনিব। আমি জানো খেলে শৰীৰৰ উৎকৰ্ষ সাধন কৰাৰ লগতে মানসিকভালৱেও শক্তিশালী কৰে। মনৰ পৰা হিংসা-কপটতা আদিও নাশ কৰে। এনে এক ধাৰণা লৈয়ে হয়তো আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে উদ্বোধনী অনুষ্ঠানৰ আগে আগে সমগ্ৰ বিশ্বক শান্তিৰ নীড়লৈ পৰিণত কৰাৰ বাবে আৱেদন জনাইছে এনেদৰে— ‘Give Peace a chance’।


আন্তৰ্জাতিক অলিম্পিক কমিটীৰ তত্ত্বাৱধানত প্ৰথম অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল এথেন্সত ১৮৯৬ চনত। এই খেল মহাৰণত বিশ্বৰ ১৪খন দেশৰ প্ৰায় ২৪১গৰাকী খেলুৱৈয়ে ভাগ লৈছিল। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অলিম্পিক খেলত ৪৩ বিধ খেল সংযোগ কৰা হৈছিল। এইবাৰৰ অলিম্পিকত বিশ্বৰ প্ৰায় ১০,৫০০গৰাকী খেলুৱৈয়ে অংশ লৈছে। ইয়াৰে ৫,২৫০গৰাকী পুৰুষ আৰু সমসংখ্যক মহিলা খেলুৱৈ। ভাৰতৰ এইসকল খেলুৱৈক লৈ সমগ্ৰ ভাৰতবাসী আজি উদ্‌গ্ৰীৱ, উৎকণ্ঠিত। তেওঁলোকৰ সফলতাই হ’ব আমাৰ গৌৰৱ।

ধুবুৰীত ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে ভূমি দান, প্ৰয়াত কেদাৰ প্ৰসাদ ৰামজী আৰু ভাটি গোলা পৰিয়ালৰ মহানুভৱতা…

ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পয়েন্টৰ ওচৰত স্থাপন হ’ব ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি। এই সম্পৰ্কে সোমবাৰে ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ধুবুৰী পৌৰসভাৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে ,ধুবুৰী পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসনজিৎ দত্ত,উপ পৌৰপতি আই ভি লতা ৰায়,জিলা বিজেপিৰ উপ সভাপতি গোপাল প্ৰসাদ আৰু ধুবুৰী পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড কমিশনাৰ সহ বহু গন্যমান্য ব্যক্তিবর্গ। সভাৰ আৰম্ভণিতে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে ভূমি দান দিয়া প্ৰয়াত কেদাৰ প্ৰসাদ ৰাম জী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য সদস্যাক ধুবুৰী পৌৰসভাৰ পৰা ফুলাম গামোচা, জাপি আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।


এই সম্পৰ্কে ভাষণ প্ৰসংগত পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যালে কয়, বহু দিনৰ এটা স্বপ্ন আছিল ধুবুৰীবাসী ৰাইজৰ বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা ধুবুৰী চহৰৰ বুকুত। যদিও ইমান দিনে ভূমি বিচাৰি পোৱা নাছিল। এই ক্ষেত্ৰত আগবাঢ়ি আহিল ধুবুৰীৰ অতি পুৰণি ব্যৱসায়ী প্রতিষ্ঠান ভাটি গোলা।ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পয়েন্টৰ ওচৰত তেঁওলোকৰ এডোখৰ বহুত মূল্যৱান মাটি (দাগ নম্বৰ ১০৪ )। উক্ত মাটি ডোখৰ আনুষ্ঠানিক ভাৱে সোমবাৰে পৌৰসভাৰ হাতত হস্তান্তৰ কৰে।প্ৰয়াত কেদাৰ প্ৰসাদ ৰাম জী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য সদস্যা সকলৰ এই মহানুভৱতাৰ ফলত ধুবুৰীৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।

আজিৰে পৰা কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি…

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খেল আজিৰে পৰা অসমৰ কোকৰাঝাৰতো অনুষ্ঠিত হ’ব৷ ভাৰতীয় সেনাই এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত কৰিছে৷ আজি ছাই ষ্টেডিয়ামত দিনৰ তিনি বজাৰ পৰা হ’বলগা গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত স্থানীয় দল বড়োলেণ্ড এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ এই গ্ৰুপৰ আন দুটা দল হ’ল ওড়িছা এফ চি আৰু বি এছ এফ ফুটবল দল৷ উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ দলৰ প্ৰদৰ্শন প্ৰত্যাশিত নহ’ল যদিও অভিজ্ঞতাই এইবাৰ দলটোক উন্নত প্ৰদৰ্শন কৰাত অনুপ্ৰানিত কৰিব৷আনহাতে, স্থানীয় অনুৰাগীৰ একক সমৰ্থনে দলক দিব অতিৰিক্ত শক্তি৷‘এয়া দলৰ লগতে আমাৰ সমৰ্থকৰ বাবেও এখন বৃহৎ মেচ৷নৰ্থ ইষ্ট ইউনাইটেড শক্তিশালী দল৷ কিন্তু আমি দৃঢ় আৰু আত্মবিশ্বাসী৷’আজি বড়োলেণ্ড এফ চিৰ প্ৰশিক্ষক খলিন পিৰখাট ছিয়েমলিয়ে কয়৷

ইফালে, আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেডো স্থানীয় দল হোৱাত কাইলৈৰ মেচ ৰোমাঞ্চকৰ হ’ব৷ বিগত ডুৰাণ্ড কাপত নৰ্থ ইষ্ট ইউনাইটেডে ছেমিফাইনেল খেলিছিল৷ স্থানীয় তাৰকা পাৰ্থিৱ গগৈৰ চমক ইতিমধ্যে ভাৰতীয় ফুটবলত আশা ৰেঙনি আনিছে৷ দেশী-বিদেশী খেলুৱৈৰে গঠিত নৰ্থ ইষ্ট ইউনাইটেডে যোৱা আই এছ এল ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে৷ মুঠ ২২ মেচ খেলা ক্লাবটোৱে ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল৷ ‘আমি নতুন ছিজন সফলতাৰে আৰম্ভ কৰাৰ আশা কৰিছো৷ ডুৰাণ্ড কাপ দলক সাজু কৰাৰ এখন সুন্দৰ মঞ্চ৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক জুৱান পেড্ৰো বেনানিয়ে কয়৷আজি কোকৰাঝাৰত হ’বলগা উদ্বোধনী অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ৰাম চন্দৰ তিৱাৰীৰ উপস্থিত থাকিব৷ উদ্বোধনী অনুষ্ঠানত একাদশ পেৰা বিশেষ বাহিনীৰ দ্বাৰা দৰ্শনীয় স্কাইডাইভিং প্ৰদৰ্শনৰ লগতে স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক ঐতিহ্যৰ নান্দনিক ছবিৰ প্ৰতিফলন কৰা হ’ব৷ আৰ্মী এভিয়েশন হেলিকপ্টাৰ, এল চি এইচ আৰু মাইক্ৰ’লাইট বিমানৰ ফ্লাইপাষ্টৰো প্ৰদৰ্শন কৰা হ’ব৷

ইফালে, আজি কলকতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত হ’বলগা প্ৰতিযোগিতাৰ গ্ৰুপ ‘চি’ৰ প্ৰথম মেচত আই এছ এল ক্লাব পঞ্জাৱ এফ চিয়ে অভিযান আৰম্ভ কৰিব চি আই এছ এফ ফুটবল দলৰ বিৰুদ্ধে৷ যোৱানিশা এই ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘বি’ৰ উদ্বোধনী মেচত স্থানীয় দল মহমেদান স্পৰ্টিং ক্লাবে উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাশী এফ চিৰ বিৰুদ্ধে ১-১ ত ড্ৰ খেলি পইণ্ট ভগাই লয়৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ…

আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ৷

সূৰ্যকুমাৰৰ নেতৃত্বত যুঁজত নামিব টীম ইণ্ডিয়া৷

ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰিছে ভাৰতে৷

শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷

সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব খেলখন।