Home Blog Page 661

আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ…

আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ৷

সূৰ্যকুমাৰৰ নেতৃত্বত যুঁজত নামিব টীম ইণ্ডিয়া৷

ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰিছে ভাৰতে৷

শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷

সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব খেলখন।

আজি অসমৰ নতুন ৰাজ্যপাল ৰূপে শপত ল’ব লক্ষ্মণ প্ৰসাদ আচাৰ্যই…

গুৱাহাটীত উপস্থিত অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।


আজি অসমৰ নতুন ৰাজ্যপাল ৰূপে শপত ল’ব লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

কলাক্ষেত্ৰত নতুন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ল’ব শপত৷

সাহিত্য সভাৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান, মানৱ সম্পদ ৰক্ষাৰ্থে দুৰ্ঘটনা ৰোধ; পথ সুৰক্ষাৰ বিষয় সাহিত্যত উপস্থাপনৰ আহ্বান গৌতম দাসৰ…

পথ-দুৰ্ঘটনাই সম্প্ৰতি অসম, ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপধাৰণ কৰিছে৷ প্ৰতিদিনে সংঘটিত পথ-দুৰ্ঘটনাত দেশৰ অনেক অমূল্য মানৱ সম্পদে নিমিষতে অকাল মৃত্যুক সাৱতি ল’বলগীয়া হৈছে৷ ফলত লাখ লাখ পৰিয়াল, সংসাৰ আৰু সমাজ ব্যৱস্থাত বেয়াকৈ ক্ষতিসাধন কৰিছে৷ সেয়ে এই ভয়ংকৰ ব্যাধিৰ পৰা মানৱ সম্পদ ৰক্ষাৰ্থে পথ-দুৰ্ঘটনা ৰোধ, যানবাহন চালনাৰ নীতি-নিৰ্দেশনা আদি বিষয়বোৰক নাটক,গল্প, উপন্যাস আদিত গুৰুত্বসহকাৰে উপস্থাপন কৰি সাহিত্যিক সকলে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক সজাগতা সৃষ্টি কৰিব পাৰে। মহানগৰীৰ শ্ৰীনগৰ সাহিত্য সভাৰ ২৮জুলাইত অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰি এই গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী বক্তব্য আগবঢ়াই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে।

কাৰ্যসূচী অনুসৰি দেওবাৰে সন্ধিয়া সাহিত্য সভাৰ অধিবেশনত উপস্থিত হোৱাৰ লগেলগে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীক শ্ৰীনগৰ সাহিত্য সভাৰ সভাপতি নৱ কুমাৰ মজুমদাৰ, চিত্তৰঞ্জন শৰ্মা, সম্পাদক ববিতা বৈশ্য লহকৰ আদি লোকসকলে গায়ন-বায়নেৰে আদৰি নি সাহিত্য সভাৰ মঞ্চত ৰাজহুৱাকৈ সম্বৰ্ধনা জনায়। একেতা অনুষ্ঠানতে বিষয়াগৰাকীৰ জ্যেষ্ঠ ভগ্নী লক্ষীপ্ৰভা সেনাপতি আৰু পত্নী পংকজা দাসকো সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰি আগবঢ়োৱা ভাষণৰ আৰম্ভণিতে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে মহানগৰীৰ শ্ৰীনগৰ, তৰুণ নগৰ অঞ্চলত শৈশৱ-কৈশোৰ কটাই সেই অঞ্চলতে জীৱনৰ ভেটি নিৰ্মান কৰি আজিৰ অৱস্থা পোৱাৰ আঁৰৰ বিভিন্ন কথা ৰোমন্থন কৰি স্মৃতিকাতৰ হৈ পৰে। ইফালে আমাৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনলৈ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, নিৰ্মলপ্ৰভা বৰদলৈ, ড° ভূপেন হাজৰিকা, হীৰেণ ভট্টাচাৰ্য আদি বৰেণ্য সাহিত্যিক সকলৰ অসমীয়া ভাষা সংস্কৃতিলৈ অতুলনীয় অবদানৰ কথা উল্লেখ কৰি নতুন প্ৰজন্মক তেওঁলোকৰ সাহিত্য গভীৰভাৱে অধ্যয়ন কৰি সাহিত্যক সমাজ সংস্কৃাৰৰ এক বলিষ্ঠ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত সাহিত্য সাংস্কৃতিক দিশৰ বক্তব্য আগবঢ়োৱাৰ লগতে পৰিবহণৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে আমাৰ আই-মাতৃসকলে তেওঁলোকৰ সতি-সন্তান আৰু ঘৰৰ মূৰব্বীৰ জড়িয়তে পথ-সুৰক্ষা সজাগতা সৃষ্টিত ল’বপৰা বলিষ্ঠ ভুমিকাৰ কথা উল্লেখ কৰি সকলো সময়তে ৰাজপথত নিজৰ পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। একেতা অনুষ্ঠানতে মিনাংক ডেকাৰ পৰিচলালনাত পথ-সুৰক্ষা সজাগতাৰ নীতি নিৰ্দেশনাৰ আধাৰত বিশেষভাবে প্ৰস্তুত কৰা মুকাভিনয় পৰিবেশন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশিষ্ট অভিনেতা-শিল্পী দীনেশ দাসে কেইবাটাও উল্লেখযোগ্য গীত, সুপ্ৰিয়া গগৈয়ে বাঁহীত সুৰ আৰু শিশু শিল্পী জীয়ানা হাজৰিকাই কৃষ্ণ নৃত্য পৰিবেশন কৰি সাহিত্যানুৰাগী ৰাইজৰ সমাদৰ লাভ কৰে।

ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ ১৭ বছৰ অনু্ৰ্দ্ধৰ ছোৱালীৰ আন্ত:জিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতা…

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন ২৮ জুলাইত সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয়। চুড়ান্ত খেলখনত কামৰূপ (ম )জিলাৰ হৈ বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও জিলাৰ হৈ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰতিনিধিত্ব কৰে।

উত্তেজনাপূৰ্ণ খেলখনত কামৰূপ মহানগৰ জিলাই ৪-১ গলৰ ব্যৱধানত মৰিগাঁও জিলাক পৰাস্ত কৰে আৰু কামৰূপ (ম) জিলাৰ ৭ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে। চূড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং, সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী,আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ যমুনা বড়ো, এনি লামা,আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দুৰ্গা বড়ো, এল এন আই পি ইৰ জ্যেষ্ঠ অধ্যাপক ড॰ সুৰেন্দ্ৰৰ সিং, সোণাপুৰ মিনি ষ্টেডিয়ামৰ সভাপতি আফতাব হুছেইন, জ্যেষ্ঠ সাংবাদিক মৌচম বৈশ্য আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ।

ব’ল বম যাত্ৰীৰ ওপৰত নিশা ১২ বাজি ৩০ মিনিটত আক্ৰমণ দুষ্ট চক্ৰৰ দলৰ…

শিঙৰী আৰক্ষীচকী এলেকাৰ ঘোঁৰামাৰা নতুন চেণ্টাৰত ব’ল বম যাত্ৰীৰ ওপৰত আজি নিশা ১২ বাজি ৩০ মিনিটত আক্ৰমণ এটা দুষ্ট চক্ৰৰ দলৰ৷ব’ল বম যাত্ৰীক আক্ৰমণ কৰা দুষ্ট চক্ৰক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে বিয়লি ৪ বজাত শিঙৰী আৰক্ষীচকীত প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাটাও সংগঠনে৷ উল্লেখ্য যে দলগাওঁ আৰু বৰছলাৰ একাংশ যুৱক ব’ল যাত্ৰা কৰি শিঙৰীৰৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়লৈ আহি আছিল৷তেনেতে নিশা ১২ বাজি ৩০ মিনিটত

শিঙৰী আৰক্ষীচকী এলেকাৰ ঘোঁৰামাৰা নতুন চেণ্টাৰত প্ৰায় ১০/১২ জনীয়া এটা দুষ্ট চক্ৰৰ দলে ব’ল বম যাত্ৰী সকলৰ ওপৰত আক্ৰমণ চলাই পাঁচটা ম’বাইল ফোন,নগদ ২০০০ টকা,সোণৰ আঙঠি এটা কাঢ়ি নিয়াৰ লগতে ব’ল বম শ্ল’গান নিদিবলৈ কোৱাৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷ইয়াকেলৈ আজি শিঙৰী আৰক্ষীচকীত কেইবাটাও

সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সনাতনী বীৰ হিন্দু সেনা,অদৌ অসম ভোজপুৰী পৰিষদৰ লগতে কেইবাটাও সংগঠনৰ সদস্যয় অংশগ্ৰহণ কৰে৷আজি প্ৰতিবাদকাৰী সকলে ২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়৷আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সনাতনী বীৰ হিন্দু সেনাৰ নেতা মণিকণ দাস,মিঠুন সেনৰ লগতে  ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি সন্তোষ চাহানী উপস্থিত থাকে৷

আজিৰে পৰা কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল ! প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি…

আজিৰে পৰা কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খেল কাইলৈৰ পৰা অসমৰ কোকৰাঝাৰতো অনুষ্ঠিত হ’ব৷ ভাৰতীয় সেনাই এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত কৰিছে৷ কাইলৈ ছাই ষ্টেডিয়ামত দিনৰ তিনি বজাৰ পৰা হ’বলগা গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত স্থানীয় দল বড়োলেণ্ড এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ এই গ্ৰুপৰ আন দুটা দল হ’ল ওড়িছা এফ চি আৰু বি এছ এফ ফুটবল দল ৷

উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ দলৰ প্ৰদৰ্শন প্ৰত্যাশিত নহ’ল যদিও অভিজ্ঞতাই এইবাৰ দলটোক উন্নত প্ৰদৰ্শন কৰাত অনুপ্ৰানিত কৰিব৷ আনহাতে, স্থানীয় অনুৰাগীৰ একক সমৰ্থনে দলক দিব অতিৰিক্ত শক্তি৷ ‘এয়া দলৰ লগতে আমাৰ সমৰ্থকৰ বাবেও এখন বৃহৎ মেচ৷ নৰ্থ ইষ্ট ইউনাইটেড শক্তিশালী দল৷ কিন্তু আমি দৃঢ় আৰু আত্মবিশ্বাসী৷ ’ আজি বড়োলেণ্ড এফ চিৰ প্ৰশিক্ষক খলিন পিৰখাট ছিয়েমলিয়ে কয়৷

ইফালে, আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেডো স্থানীয় দল হোৱাত কাইলৈৰ মেচ ৰোমাঞ্চকৰ হ’ব৷ বিগত ডুৰাণ্ড কাপত নৰ্থ ইষ্ট ইউনাইটেডে ছেমিফাইনেল খেলিছিল৷ স্থানীয় তাৰকা পাৰ্থিৱ গগৈৰ চমক ইতিমধ্যে ভাৰতীয় ফুটবলত আশা ৰেঙনি আনিছে৷ দেশী-বিদেশী খেলুৱৈৰে গঠিত নৰ্থ ইষ্ট ইউনাইটেডে যোৱা আই এছ এল ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে৷ মুঠ ২২ মেচ খেলা ক্লাবটোৱে ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল৷ ‘আমি নতুন ছিজন সফলতাৰে আৰম্ভ কৰাৰ আশা কৰিছো৷ ডুৰাণ্ড কাপ দলক সাজু কৰাৰ এখন সুন্দৰ মঞ্চ৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক জুৱান পেড্ৰো বেনানিয়ে কয়৷

কাইলৈ কোকৰাঝাৰত হ’বলগা উদ্বোধনী অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ৰাম চন্দৰ তিৱাৰীৰ উপস্থিত থাকিব৷ উদ্বোধনী অনুষ্ঠানত একাদশ পেৰা বিশেষ বাহিনীৰ দ্বাৰা দৰ্শনীয় স্কাইডাইভিং প্ৰদৰ্শনৰ লগতে স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক ঐতিহ্যৰ নান্দনিক ছবিৰ প্ৰতিফলন কৰা হ’ব৷ আৰ্মী এভিয়েশন হেলিকপ্টাৰ, এল চি এইচ আৰু মাইক্ৰ’লাইট বিমানৰ ফ্লাইপাষ্টৰো প্ৰদৰ্শন কৰা হ’ব৷

ইফালে, কাইলৈ কলকতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত হ’বলগা প্ৰতিযোগিতাৰ গ্ৰুপ ‘চি’ৰ প্ৰথম মেচত আই এছ এল ক্লাব পঞ্জাৱ এফ চিয়ে অভিযান আৰম্ভ কৰিব চি আই এছ এফ ফুটবল দলৰ বিৰুদ্ধে৷ যোৱানিশা এই ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘বি’ৰ উদ্বোধনী মেচত স্থানীয় দল মহমেদান স্পৰ্টিং ক্লাবে উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাশী এফ চিৰ বিৰুদ্ধে ১-১ ত ড্ৰ খেলি পইণ্ট ভগাই লয়৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপ ঃ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

টীয়কৰ কাৱৈমাৰী চিনাতলিৰ জাঁজী নদীত সলিল সমাধি এজনৰ…

আজি দিনৰ এঘাৰ মান বজাত গা ধুবলৈ গৈ জাঁজী নদীত উটি গ’ল ৮০ উদ্ধৰ এগৰাকী ব্যক্তি। ব্যক্তিগৰাকীৰ নাম মহেশ কলিতা। মহেশ কলিতা আছিল অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। জানিব পৰা মতে নদীৰ পাৰত প্ৰায়ে গা ধুবলৈ যায় এই অঞ্চলৰ লোক। আজি মৃত ব্যক্তিগৰাকীও পূৰ্বৰ দৰে ঘৰুৱা সকলো কাম কাজ কৰি গা ধুবলৈ নদীৰ পাৰলৈ যাওঁতে নদীৰ পাৰৰ জিঅ’ বেগত পিচলি পৰি নদীৰ পানীত উটি যায়।

অৱশ্যে উটি যোৱা অৱস্থাত গাঁৱৰে আত্মীয়ই প্ৰত্যক্ষ কৰি পাৰলৈ টানি আনিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। ঘটনা সংঘটিত হোৱাৰ পাছত টীয়ক আৰক্ষী, SDRF আৰু দণ্ডাধিক ঘটনাস্থলীত উপস্থিতি হৈ ঘটনাস্থলীত অনুসন্ধান চলাই মহেশ কলিতাৰ মৃতদেহ জাঁজী নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

অসম ডন বস্কো বিশ্ববিদ্যালয়ত ‘অসমীয়া উন্মোচন-ভাষা প্ৰক্ৰিয়াকৰণৰ মাজেৰে এক যাত্রা’ শীর্ষক কর্মশালা…

মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ প্রযুক্তিবিদ্যা বিদ্যালয়ৰ উদ্যোগত ২৬ আৰু ২৭ জুলাইত বিশ্ববিদ্যালয় প্রাংগণত ‘অসমীয়া উন্মোচন। ভাষা-প্ৰক্ৰিয়াকৰণৰ মাজেৰে এক যাত্রা’ শীর্ষক এক – দুদিনীয়া কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাখন সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ভাৰতীয় ভাষা উন্নতি সাধন আৰু উৎকৰ্ষৰ পোষকতা। আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগ আৰু প্রায়োগিক কম্পিউটাৰ বিজ্ঞান বিভাগৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয়। ভাৰতীয় ভাষা উন্নতি সাধন আৰু উৎকর্ষৰ পোষকতা আঁচনিখনৰ লক্ষ্য হৈছে ন ভাবতীয় ভাষাসমূহৰ উন্নতি আৰু উৎকৰ্ষৰ বাবে ন পোষকতা কৰা। কম্পিউটাৰ বিজ্ঞান আৰু এ অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপকদ্বয় আৰু কর্মশালাখনৰ সমন্বয়ক ডঃ মানসী হাজৰিকা আৰু স্মৃতিপ্রিয়া মেধিৰ তত্ত্বাৱধানত অনুষ্ঠিত কর্মশালাখনত অসমীয়া ভাষাত প্রাকৃতিক ভাষা সংসাধনৰ বিভিন্ন প্রণালীৰ প্রয়োগ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা কৰ্মশালাখনত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ ববি শর্মাই আদৰণী ভাষণ প্রদান কৰে। মুখ্য অতিথি হিচাপে প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক বিদ্যালয়ৰ প্ৰাক্তন ডীন অধ্যাপক স্মৃতি কুমাৰ সিনহাই এক অন্তর্দৃষ্টিসম্পন্ন ভাষণ প্রদান কৰে। ভাষাবিজ্ঞানৰ কাম আৰু অসমীয়া ভাষাত প্রাকৃতিক ভাষা সংসাধনৰ বিভিন্ন কৌশল প্রয়োগ কৰাত অগ্রণী অৱদানৰ বাবে বিখ্যাত অধ্যাপক সিনহাই ভাৰতীয় ভাষাৰ ঐতিহাসিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ বিষয়ে কয় লগতে প্রাকৃতিক ভাষা সংসাধনৰ ক্ষেত্রত ভৱিষ্যতৰ সম্ভাবনা আৰু প্রত্যাহানৰ এক ৰূপৰেখা দাঙি ধৰে। কর্মশালাত অসমীয়া ভাষাত আঠটা অধিবেশন অনুষ্ঠিত হয়। সমগ্র উত্তৰ-পূব ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক সদস্যসকলে সমল ব্যক্তি হিচাপে ভাষণ প্রদান কৰে। এই অধিবেশনসমূহত প্রাকৃতিক ভাষা সংসাধন আৰু ইয়াৰ প্ৰয়োগৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি অসমীয়া ভাষা প্রক্রিয়াকৰণ প্ৰযুক্তিৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ এক বিস্তৃত আভাস প্রদান কৰা হয়। সমগ্ৰ উত্তৰ-পূব ভাৰতৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা মুঠ ৬০ জন অংশগ্রহণকাৰীয়ে অধিবেশনত সক্রিয়ভারে জড়িত হৈ ধাৰণা আৰু জ্ঞানৰ গতিশীল আদান-প্রদানত অৰিহণা যোগায়।

এই অনুষ্ঠানে অসমীয়া ভাষা প্রক্রিয়াকৰণক আগুৱাই নিয়াৰ তাৎপর্যৰ ওপৰত আলোকপাত কৰাই নহয়, এইক্ষেত্রত গৱেষণা আৰু বিকাশৰ দিশত আগুৱাই নিয়াৰ বাবেও এক সহযোগিতামূলক পৰিৱেশ গঢ়ি তুলিব। এই কর্মশালাৰ সফল ৰূপায়ণে ডিজিটেল যুগত অসমীয়াক প্ৰচাৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰাৰ লগতে অঞ্চলটোত ভাষা প্রযুক্তি আৰু শিক্ষাৰ উন্নতিৰ বাবে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক আলোকপাত কৰে

হালধা শতদল সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন সম্পন্ন…

কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত হালধা শতদল সাহিত্য সভাৰ ত্ৰয়োদশ বিশেষ বাৰ্ষিক অধিৱেশন খনি যোৱা ২৮ জুলাই ২০২৪ খ্ৰীষ্টাব্দ তাৰিখে শংকৰদেৱ বিদ্যা মন্দিৰ, হালধা প্ৰাঙ্গণত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে হালধা শতদল সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ দাসে। তাৰ পিছত স্মৃতি তৰ্পন কৰে ক্ৰমে হালধা শতদল সাহিত্য সভাৰ উপ সভাপতি মিনা ৰাম কুমাৰ, কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক বিপিন চন্দ্ৰ ডেকা আৰু হালধা শতদল সাহিত্য সভাৰ সম্পাদক হিতৰাম ডেকাই। তাৰ পিছত ৯ বজাত বন্তি প্ৰজ্বলন কৰে ক্ৰমে পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মহেন্দ্ৰ মোহন নাথ, অসম সাহিত্য সভাৰ আজীৱন সভ্য বিশ্বজিত ডেকা, অৱসৰী প্ৰধান শিক্ষক তবিব আলী, হালধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক খৰ্গেশ্বৰ কলিতা, হালধা শতদল সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক ক্ৰমে ৰমেশ নাথ আৰু সুধীৰ ৰঞ্জন ডেকাই। ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সদস্য প্ৰভাত বণিয়াই। দিনৰ ১১ বজাত হালধা শতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনমিল কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা খন উদ্বোধন কৰে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ভূধৰ ডেকাই। শ্ৰী ডেকাই উদ্বোধনী ভাষণত হালধা গাঁওৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কামৰূপৰত্ন ডঃ ভূৱনেশ্বৰ ডেকা , কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈ আৰু দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই। অসম সাহিত্য সভাৰ ৰামধেনুৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বীৰেন্দ্ৰ কুমাৰ, অসম সাহিত্য সভাৰ যুৱ সংসদৰ সদস্য সুশীল চন্দ্ৰ ডেকা, ইচলামপুৰ হাইস্কুল, মালাৰাৰ প্ৰধান শিক্ষক ধীৰেণ চন্দ্ৰ নাথ, হালধা শতদল সাহিত্য সভাৰ উপদেষ্টা ক্ৰমে লংকেশ্বৰ ডেকা, জগন্নাথ শৰ্মা, প্ৰাক্তন সভাপতি দিনেশ্বৰ শৰ্মা, প্ৰাক্তন উপ সভাপতি তহিদ আলীয়ে। হালধা শতদল সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হীৰেণ শৰ্মাই আঁত ধৰা মুকলি সভাত মদাৰতলা সাদৰী সাহিত্য সভাৰ সম্পাদক হেমন্ত কুমাৰ, জ্ঞানমালিনী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নৃপেন ডেকাই উপস্থিত থাকে।

আমি কিয় শ্বিলং-চেৰাপুঞ্জী ভ্ৰমণ কৰাটো অনুচিত…

প্ৰকৃতিৰ মনোৰম দৃশ্যৰ প্ৰতি থকা আমাৰ দুৰ্বাৰ আকৰ্ষণৰ বাবে গৈ সুখ পাওঁ মেঘালয়ৰ শ্বিলং, চোহৰা, চেৰাপুঞ্জী, ডাউকী, মাউলিংনং ইত্যাদি ঠাইসমূহত। কিন্তু যাত্ৰা পথত খাচীসকলৰ নিকৃষ্টতাৰ চিকাৰ হৈ পাইছে নে নতুবা তেনে চিকাৰ হোৱা লোকৰ আলৈ-আথানিৰ কাহানি শুনিছে নে? যদি শুনা নাই তেন্তে এই বিষয়েও ভু ৰখাটো উচিত।

নৈশ ভ্ৰমণ কৰা সকলৰ ভয় লগা অভিজ্ঞতা আছে। খাচীসকলে প্ৰতিবাদৰ নামত দিনত বন্ধ নিদিয়ে। দিনটো তেওঁলোকৰ দৈনন্দিন কাম কাজ কৰাৰ পিছত সন্ধিয়া ৮-০০ মান বজাৰ পৰা ৰাতিপুৱা ৫-০০ বজালৈ বন্ধ ঘোষণা কৰে আৰু অসমৰ সংগঠনৰ দৰে সংবাদ মাধ্যমৰ জৰিয়তে এনে বন্ধৰ ঘোষণাও নকৰে। কাৰণ তেওঁলোক পাহাৰীয়া জনজীৱন সন্ধিয়াতেই স্তব্ধ হৈ যায়। সোনকালে শোৱে আৰু সোনকালে উঠে। আনহাতে নৈশ যাত্ৰা কৰা বাহন চালক বা অনিয়মিত যাত্ৰা কৰা বাহনসমূহ এই খবৰৰ ভু নোপোৱাকৈ নিজৰ গন্তব্যৰ ফালে একচিত্তে গমন কৰে আৰু বন্ধ ঘোষণা কৰা খাচীৰ কিছুমান সদস্যই ইয়াৰ সুযোগ লৈ পাহাৰৰ ওপৰৰ পৰা বাহনৰ ওপৰত শিল ফৰ্মুটিয়াই আক্ৰমণ কৰা অনেক উদাহৰণ আছে। এনে আক্ৰমণত বহু যাত্ৰী বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বহুতো উদাহৰণ আছে। বাহনসমূহৰো গুৰুতৰ ক্ষতি হয় তথাপিও তেওঁলোকৰ মন মগজুত কোনো ধৰণৰ অনুকম্পা নাই।

নংপো পাৰ হোৱাৰ পিছতেই ঘাইপথৰ কেকুৰীৰ (Turning) সংখ্যা বৃদ্ধি পায়। আপুনি যদি অভিজ্ঞ তেতিয়া সেই কেঁ‌কুৰীসমূহ পাৰ হওঁতে সাৱধানে গাড়ী চলাই পাৰ হৈ যাব পাৰিব আৰু যদি অনভিজ্ঞ তেতিয়া তেনে কেকুঁ‌ৰীত আপুনি যাত্ৰা কৰা বাহনখন দুৰ্ঘটনাত পতিত হ’ব পাৰে। হঠাৎ আপোনাৰ গাড়ীখন পিছল খাই ৰাস্তাৰ কাষৰ নৰ্দমাত পৰিব পাৰে। অৱশ্যে লগে লগে স্থানীয় লোক আপোনাৰ ওচৰলৈ দৌৰি আহিব আৰু ৰিক’ভাৰী ভান নতুবা সৰু ক্ৰেনৰ সহায়ত আপোনাৰ গাড়ীখন তিনি / চাৰি হেজাৰ টকাত নলাৰ পৰা উঠাই দিয়ে। এয়া জানি ছাগৈ আপোনালোকৰ মনটো ভাল লাগি গৈছে। পিছে বাস্তৱত এয়া ওলোটাহে। আপোনাৰ গাড়ীখনক দুৰ্ঘটনাত পতিত কৰোৱা হয়। কিছুমান নিৰ্দিষ্ট কেকুঁ‌ৰীত পুৰণা মোবিল তেল পেলাই থয়। আপোনাৰ গাড়ীয়ে যেতিয়া ফ্ৰী ৰাস্তা দেখি নিয়মীয়া গতিত গৈ থাকি কেকুঁ‌ৰীটো ঘূৰাৰ সময়ত নলাৰ কাষেৰে পাৰ হয় আৰু ঠিক তেতিয়াই আপোনাৰ গাড়ী গৈ নলাত পৰিব। প্ৰথম অৱস্থাত আপুনি কিছু সময় যুঁজিব যদিও গাড়ীখন উলিয়াই আনিবলৈ অক্ষম হ’ব আৰু লাহে লাহে আপুনি লক্ষ্য কৰিব যে দুজন বা তিনিজন মানুহে আপোনাত ওচৰলৈ আহি আপোনাক কাহিনী শুনাব।

ইয়াৰ আগতে হোৱা একে ধৰণৰ দুৰ্ঘটনাৰ কাহিনী। কেনেকৈ তেওঁলোকে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰে ইত্যাদি ইত্যাদি। মূল কথা হ’ল সহায় কৰিবলৈ ওচৰলৈ অহা সেই যুৱককেইজন খাচী আৰু তেওঁলোকৰ ৰিকোভাৰী ভান নতুবা সৰু সৰু ক্ৰেন আছে আৰু তেওঁলোকৰ ক্ৰেনৰ ব্যৱসায় চলাই থাকিবলৈ পথত তেল পেলাই দুৰ্ঘ সংঘটিত কৰোৱা হয়। মুঠৰ ওপৰত মেঘালয়লৈ যোৱা পৰ্য্যটকৰ প্ৰতি সামান্যতমো সন্মান প্ৰদান নকৰে খাচী সকলে। তেনে ক্ষেত্ৰত এনে এটা ধুৰন্ধৰ জাতিৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা নিজক বচাই ৰাখিবলৈকে মেঘালয় যোৱাতো বৰ্জন কৰাটোৱেই উচিত বুলি ভাৱোঁ‌।

লেখকঃ হিমাংশু পাঠক