Home Blog Page 662

IIT গুৱাহাটীৰ গৱেষকৰ বিশেষ সাফল্য…

IIT গুৱাহাটীৰ গৱেষকৰ বিশেষ সাফল্য। মাইক্ৰ’ফ্লুইডিক্স ব্যৱহাৰ কৰি শস্যৰ উৎপাদন বৃদ্ধিৰ সফল সম্পৰীক্ষণ।

হাইড্ৰ’পনিক আৰু মাটিবিহীন কৃষি উৎপাদনত অধিক সহায়ক হ’ব মাইক্ৰ’ফ্লুইডিক্স। IIT গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগী অধ্যাপক

তথা স্কুল অৱ এগ্ৰো এণ্ড ৰুৰেল টেকন’লজিৰ সহযোগী অধ্যাপক প্ৰণৱ কুমাৰ মণ্ডলৰ নেতৃত্বত গৱেষকৰ এটা দলৰ এই সাফল্য

হাজোৰ ভৈল্লাবড়ীত নিশা ৰাহুল হুছেইন নামৰ এটা দুৰ্বৃত্তক গুলীচালনা আৰক্ষীৰ…

হাজোৰ ভৈল্লাবড়ীত নিশা আৰক্ষীৰ গুলীচালনা । ৰাহুল হুছেইন নামৰ এটা দুৰ্বৃত্তক গুলীচালনা আৰক্ষীৰ। নিতামণি দাসৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হৈছিল ৰাহুল।

ঘটনাস্থলী পৰিদৰ্শনৰ বাবে যাওতেই পলাবলৈ চেষ্টা কৰিছিল ৰাহুল। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা আৰক্ষীৰ।

ৰাহুল আক্ৰমণত আহত এগৰাকী আৰক্ষী কনিষ্টবল। সম্প্ৰতি GMCHত চিকিৎসাধীন গুলীবিদ্ধ ৰাহুল হুছেইন।

সুৰজিৎ একাডেমীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “পদ্মনাভ”ৰ সফল মঞ্চায়ন…

সুৰজিৎ একাডেমীয়ে যোৱা ২৮ জুলাই তাৰিখে সন্ধিয়া ৫:৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড.বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী শিশুকালৰ আধাৰত ৰচিত “পদ্মনাভ” নাটখন পৰিবেশিত হয়। নাট খনৰ ৰচনা আৰু পৰিচালনা শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ।নাট খনৰ সহকাৰী নিৰ্দেশক ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱী আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ স্কলাৰশ্বিপ প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাৰ।

নাট কাৰ্যক্ৰমত মুখ্য অতিথি তথা উদ্ধোধন কৰে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সঞ্চালক ড. জয়দ্বীপ বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে থাকে অম্বিকাগিৰী ৰায়চৌধুৰীৰ সুযোগ্য পুত্ৰী তথা কণ্ঠশিল্পী যুগব্ৰতা দত্ত, সংগীত নাটক অকাডেমিৰ বঁটা প্ৰাপ্ত মইনুল হক আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম লিমিটেডৰ উপ অধীক্ষক ডাঃ আলেখ্য বৰুৱা। “পদ্মনাভ” নাটখন অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ শৈশৱৰ আধাৰত ৰচিত। এই নাটখনত অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বাধীনচেতীয়া মন, দেশপ্ৰেম স্পষ্ট ৰূপত দেখাইছে। লগতে তেখেতৰ বিশ্বাসক প্ৰদৰ্শন কৰিছে যে বিভিন্ন জাতি, ধৰ্ম, ভাষাৰ লোক যিয়েই নহওক, কোনো ব্যক্তিৰ বিৰুদ্ধে কোনো বৈষম্য নাথাকিব। দুষ্ট মানুহক সৎ পথৰ দিশে অনাৰ ধাৰাবাহিকতাত তেওঁ অটল দৃঢ়তাৰে সন্মুখীন হোৱাত অক্লান্তভাৱে কাম কৰি নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। আনকি সেইসকলৰ বিৰুদ্ধেও যুঁজিছিল যাতে তেওঁলোকে নিজৰ ভুলৰ বিষয়ে অৱগত কৰিব পাৰে।


তেওঁ নিজৰ সম্প্ৰদায়, মাটি আৰু ঐতিহ্য ৰক্ষাৰ বাবে সকলো প্ৰচেষ্টা চলাইছিল।বিদেশী সামগ্ৰী বৰ্জনৰ বাবে জনসাধাৰণক সতৰ্ক কৰি সজাগ কৰাৰ লগতে সমান্তৰালকৈ তেওঁ ব্ৰিটিছ শাসন আৰু শোষণত বিৰক্ত হোৱা জনসাধাৰণকো একত্ৰিত কৰি জগাই তুলিছিল। তেওঁৰ মতাদৰ্শ আৰু সঠিক আৰু অনুচিতৰ প্ৰতি কোনো ভয় নোহোৱাকৈ ভাল কাম কৰিবলৈ তেওঁৰ আধ্যাত্মিক জাগৰণৰ অনুঘটক হিচাপে কাম কৰে। তেওঁৰ আচৰণ আৰু তেওঁৰ চিন্তাধাৰাৰ নৈতিক জ্ঞান অন্বেষণ কৰা হয় যিয়ে আজিৰ প্ৰজন্ম আৰু সমাজক অনুপ্ৰাণিত কৰে আৰু তেওঁৰ যি বৈশিষ্ট্য বা শিক্ষাও অনুসৰণ কৰি মানৱৰ বাবে কাম কৰি যাব পাৰে। জীৱনত কাম কৰি প্ৰকৃত জ্ঞানক উৎফুলিত কৰা আৰু তাৰ লগত খাপ খুৱাই জীয়াই থকাৰ নিজৰ পথ আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰে। অম্বিকাই শৈশৱতে পিতৃ বিয়োগত ঘৰ খনৰ দায়িত্ব মুৰ পাতি লব লগা হৈছিল যদিও দেশৰ কাৰণে, অসমী আইৰ কাৰণে জনগণক একগোট কৰি স্বাধীনতা আন্দোলনত জপিয়াই পৰিবলৈ জাগ্ৰত কৰিছিল।

তেখতৰ কলম যেন এখন তৰোৱাল সদৃশ আছিল। তেখতৰ প্ৰতিটো লিখনি, সংগীত মানুহক হৃদয়ঙ্গম কৰি জাগ্ৰত কৰিছিল দেশ মাতৃৰ বাবে। তেনে এটি সুন্দৰ কাহিনী নাট খনত পৰিৱেশন কৰিছে। নাটৰ মূল চৰিত্ৰ অম্বিকা চৰিত্ৰত অভিনয় কৰা কৃষ্টি ৰাজবংশীৰ অভিনয় সুন্দৰ হৈছে। নাটত থকা সংগ্ৰামী সংলাপ স্পষ্ট প্ৰক্ষেপনে দৰ্শকৰ মন মোহিত কৰিছিল। শিশু হৈও নাটত থকা জটিল শব্দ গাঠনি উচ্চ স্বৰে প্ৰক্ষেপ কৰিছিল। কোনো ধৰণৰ ত্ৰুটি মূলক শব্দ উচ্চাৰণ কৰা নাছিল। নাটৰ নৱ ৰসৰ প্ৰতিটো ৰস সুন্দৰ ভাবে উপস্থাপন কৰিছে। অম্বিকাৰ মাকৰ চৰিত্ৰ দৈৱকীত অভিনয় কৰা তৃষ্ণা কলিতা ৰাজবংশীৰ অভিনয় সুন্দৰ হৈছে। নাটৰ কাহিনীৰ মূল ভাৱ অনুসৰি চৰিত্ৰটোৱে সুন্দৰকৈ উপস্থাপন কৰিছে। কোনো ধৰনৰ জড়তা পোৱা নগৈছিল। গীৰিশ চৰিত্ৰত অভিনয় কৰা হাৰ্দিক শৰ্মাৰ অভিনয়ে দৰ্শকক মোহিত কৰিছে। প্ৰতিটো দৃশ্যই সুন্দৰ ভাৱে উপস্থাপন কৰিছে। নিজৰ ভাতৃৰ প্রতি থকা প্ৰেমৰ যি দৃশ্য অতুলনীয়। গীৰিশৰ অভিনয় কৰা প্ৰতিটো দৃশ্য দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে। কৃষ্ণৰামৰ চৰিত্ৰত অভিনয় কৰা ৰাজনাভ শৰ্মাৰ অভিনয় যথাযথ। ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ চৰিত্ৰ সুন্দৰ ভাবে উপস্থাপন কৰিছে। নাট খনত তিনিটা বিশেষ চৰিত্ৰত অভিনয় কৰা ৰাকিবুল হুছেইনৰ অভিনয় সুন্দৰ হৈছে। তিনিটা ভিন্ন চৰিত্ৰত অভিনয় বিশেষ ভাবে সক্ষম শিশু, বুঢ়া আৰু উদণ্ড মাটি দখলকাৰী চৰিত্ৰ।

এই প্ৰতিটো চৰিত্ৰ নাটৰ পাণ্ডুলিপি অনুসৰি ভিন্ন ধৰণে অভিনয় কৰি দৰ্শকক আমোদ দিব পাৰিছে। ধনীৰাম আৰু ভদ্ৰেশ্বৰৰ চৰিত্ৰত অভিনয় কৰা প্ৰণৱ জ্যোতি ৰাভাৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছে। অন্যান্য চৰিত্ৰত অভিনয় কৰা শিল্পী সকলৰ অভিনয় যথাযথ। নাটত সংগীত পৰিচালনা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সংগীত শাখাৰ সহকাৰী অধ্যাপক গৌতম শইকীয়া, নৃত্য পৰিচলনা আৰু কলা নিৰ্দেশনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ স্কলাৰশ্বিপ প্ৰাপ্ত প্ৰণৱ জ্যোতি ৰাভা আৰু একচন ডাইৰেক্টৰ ৰাকিবুল আহমেদ। নাট খনত অভিনয় কৰিছে কৃষ্টি ৰাজবংশী, ৰাজনাভ শৰ্মা, তৃষ্ণা ৰাজবংশী, হাৰ্দিক শৰ্মা, লনী কাকতি, পলক কৈৰী, ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, ৰাকিবুল আহমেদ, দেৱ প্ৰতীম গোস্বামী, ধীমান শৰ্মা, অংকুৰ দাস, অংগৰাগ মহন্ত, কৌষ্টভ চৌধুৰী আৰু আৰিয়া জিব্ৰান। সংগীতে নাট খনৰ কাহিনী অনুসৰি চৰিত্ৰ সমূহক অভিনয় কৰাত সহযোগিতা উল্লেখনীয়। সম্পূৰ্ণ লোক বাদ্যৰে নাট খন মনোগ্ৰহী কৰিছে। ৰূপসজ্জা, সাজসজ্জা, পোহৰ উপস্থাপন সুন্দৰ হৈছে। “পদ্মনাভ” নাটত অসমৰ নাট সমূহত দেখা নোপোৱা এটি কৌশল নাটকখনত দেখুওৱা হৈছে। ফলত পৰিচালকে নাট খনত এটি বিশেষ ধাৰা বজাই ৰাখিব পাৰিছে। প্ৰতিটো দৃশ্যত মঞ্চসজ্জাত ছাঁ পুতলাৰ জৰিয়তে উপস্থাপন কৰিছে। অম্বিকা ৰায়চৌধুৰীৰ ঘৰ, কীৰ্ত্তন ঘৰ, পাঠশালা, বাগিছা, ৰাতিপুৱাৰ পৰিবেশ আদি মঞ্চত ছাঁ পুতলাৰ জৰিয়তে নাটৰ দৃশ্য সমূহত দেখুৱাইছে । এনেধৰণৰ মঞ্চ সজ্জাৰ কৌশল অসমীয়া নাট্যত প্ৰথম।

এইক্ষেত্ৰত পৰিচালক সীমান্ত শৰ্মাৰ কৃতিত্ব দাবী কৰিব পাৰি। নাট খনৰ প্ৰতিটো শব্দ উচ্চ মানদণ্ডৰ। অসমীয়া সাহিত্যৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ অলাগতীয়াল শব্দ ব্যবহাৰ কৰা নাছিল নাট খনত। প্ৰতিটো নাটৰ শব্দই দৰ্শকৰ মনত সাঁচ বহুৱাই দিছিল। এনে ধৰনৰ নাটে শিশু, যুৱক – যুৱতী, অসমীয়া জনগণক অসমীয়া সংস্কৃতিৰ ধাৰাৰ এক বৃহৎ আদৰ্শ শিকাই তোলে। এই নাট সমূহ অসমীয়া নাট্য জগতৰ সম্পদ হিচাপে জিলিকি থাকিব। নাট্যকাৰ পৰিচালক সীমান্ত শৰ্মা প্ৰশংসাৰ যোগ্য। এনে নাট নাট্যকাৰ পৰিচালক সীমান্ত শৰ্মাৰ পৰা ভৱিষ্যতেও আশা কৰিলো লগতে সুৰজিৎ একাডেমীৰ এই নাট্য যাত্ৰা অব্যহত থাকক।
উক্ত নাট কাৰ্য্যক্ৰমৰ লগতে সুৰজিৎ একাডেমীয়ে বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “লবংগ লতিকা”, ড. কুলদ্বিপ পাটগিৰী পৰিচালনাত মূকাভিনয়, হলিৰাম বৰা বৰবায়নৰ পৰিচালনাত সত্ৰীয়া নৃত্য আৰু প্ৰণৱ জ্যোতি ৰাভাৰ পৰিচালনাত আধুনিক নৃত্য পৰিৱেশিত হয়। নাট কাৰ্য্যক্ৰম আঁতধৰে অভিনেতা নিহাৰেন্দ্র শৰ্মাই।

আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই…

আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই। ৰাজভৱনত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ ঘনপতি ডেকাৰ।ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ।ৰাজ্যপালে শপত গ্ৰহণ কৰোৱালে তিনিওগৰাকী নৱনিযুক্ত উপাচাৰ্যক।অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

ৰমেন ডেকাক ৰাজ্যপাল নিযুক্তিয়ে হ্ৰাস কৰিলে দলীয় সংঘাতঃ মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপ, হৰিশ দ্বিবেদীক প্ৰভাৰী নিযুক্তিয়ে মূল সূঁতিলৈ আনিব ক্ষোভিত নেতাক!

ৰাজ্যিক বিজেপিত ন-পুৰণি সংঘাত আৰু ক্ষোভ অসন্তুষ্টিৰ ঢৌ মাৰ গৈছে! মূলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী ৰাজনৈতিক সিদ্ধান্ত আৰু দূৰদৰ্শী চিন্তাৰ পৰিণতিতেই এই ন-পুৰণি সংঘাত আৰু ক্ষোভ অসন্তুষ্টিৰ ঢৌ মাৰ যাবলৈ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ অসমত বিজেপিৰ প্ৰতিষ্ঠাতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ দীৰ্ঘদিনীয়া ক্ষোভ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মুকলি বিদ্ৰোহ আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰে প্ৰত্যক্ষ সংঘাত আদিয়ে এক প্ৰকাৰৰ দুচিন্তাত পেলোৱা ৰাজ্যিক বিজেপিক ৰমেন ডেকাৰ নিযুক্তিয়ে সকাহ দিলে৷ উল্লেখ্য, ডেকাক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে ছত্তিশগড়ৰ ৰাজ্যপাল নিযুক্তি দিয়াৰ লগে লগে ৰাজ্যিক বিজেপিত ন-পুৰণি সংঘাতক নীৰৱে সাৰ পানী যোগোৱা বুলি চৰ্চা চলি অহা চক্ৰটোৰ শক্তি একপ্ৰকাৰ অন্ত পৰিল৷


খবৰ অনুসৰি ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে উত্তৰ প্ৰদেশৰ এগৰাকী প্ৰাক্তন সাংসদ হৰিশ দ্বিবেদীক নিযুক্তি দিয়াৰ ঠিক পিছতেই উত্তৰ প্ৰদেশৰ আন এগৰাকী বৰ্ষীয়ান বিজেপি নেতা লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল নিযুক্তি দিয়া হৈছে৷ উত্তৰ প্ৰদেশৰ দুই বিজেপি নেতাৰ অসমত নিযুক্তি লাভৰ বিষয়টো আপাতদৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ যেন নালাগিলেও ৰাজনৈতিক দৃষ্টিকোণেৰে সি এক অতি গুৰুত্বপূৰ্ণ বিষয়৷প্ৰভাৰী গৰাকীয়ে দলৰ সাংগঠনিক কাম কাজ চোৱা চিটা কৰিব। আনহাতে ৰাজ্যপাল পদটো হ’ল এক সাংবিধানিক পদ৷যিটো পদত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বহু পুৰণি কাৰ্যকৰ্তা লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিজেপিৰ সাংগঠনিক কাম কাজ অথবা দলীয় কাৰ্যসূচীত জৰিত হ’ব নোৱাৰিব৷ কিন্তু এইয়া দলটোৰ নেতা সকলৰ বাবে হ’ব এক মানসিক সকাহ৷ হৰিশ দ্বিবেদীৰ দৰে প্ৰায় পঞ্চাশ বছৰীয়া এজন নেতাই মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে ৰাজ্যিক বিজেপিৰ বিদ্ৰোহ সংঘাত নিৰাময় কৰিবলৈ নিশ্চিতভাৱে সক্ষম হ’ব৷ বিজেপিৰ শিবিৰত আৰম্ভ হোৱা চৰ্চা মতে হৰিশ দ্বিবেদীৰ নিযুক্তিৰ পিছতেই দুই বিদ্ৰোহী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ সৈতেও কথা বতৰা সঠিক দিশত আৰম্ভ হৈছে।

দুয়োজনকেই পুনৰ সাংগঠনিক কাম কাজত লগাব পৰাৰ পৰিৱেশ এটা সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি দ্বিবেদীয়ে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ লগত কথা আৰম্ভ কৰিছে৷এই প্ৰক্ৰিয়া অতি দ্ৰুতগতিত আৰম্ভ হৈছে কিয়নো দলৰ দুগৰাকী নেতা ভবেন্দ্ৰনাথ মহন আৰু যুধিষ্ঠিৰ গগৈয়ে ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিছে৷ অশোক শৰ্মাইও বিজেপি এৰাৰ কথা কৈছে৷সকলো বিদ্ৰোহী অসন্তুষ্ট নেতাই যাতে একত্ৰিতভাৱে কাম কৰি দলক দুৰ্বল কৰিব নোৱাৰে তাৰ বাবে ৰমেন ডেকাক ৰাজ্যপাল নিযুক্তি দিয়া হৈছে৷ ইফালে ৰাজ্যসভাৰ দুখন আসনৰ বাবে পুৰণি জ্যেষ্ঠ নেতাক অগ্ৰাধিকাৰ দিয়াৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে৷

ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড! বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে ৰাকেশ পালৰ…

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি।

বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে ৰাকেশ পালৰ।

ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড।

ছামেদুৰ ৰহমান, বসন্ত দ’লেক ৭ৰ পৰা ১০ বছৰৰ জে’ল।

বক্ৰপথেৰে চাকৰি লোৱা ২৯ জনক ৪ বছৰৰ কাৰাদণ্ড।

২২ জুলাইত দোষী সাব্যস্ত হৈছিল আটাইকেইজন।

লগতে ২ লাখ টকাৰ জৰিমনা বিহিলে আদালতে ৰাকেশ পাল।

আন ২৯ অভিযুক্তক ৪ বছৰৰ কাৰাদণ্ড বিহে বিশেষ ন্যায়ধীশ আদালতে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই। আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ।

ৰাজভৱনত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ ঘনপতি ডেকাৰ।

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ । ৰাজ্যপালে শপত গ্ৰহণ কৰোৱালে তিনিওগৰাকী নৱনিযুক্ত উপাচাৰ্যক। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ…

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বল বমলৈ যোৱা বাহন। কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ।

সৰভোগৰ বেঁকী নদীৰ পৰা ঘৰলৈ আহি আছিল ভক্তসকল।

বৰ্তমান আহত ভক্তসকলক সৰ্থেবাৰী চিকিৎসালয়ত ভৰ্তি। ঘটনাস্থলীত উপস্থিত সৰ্থেবাৰীৰ আৰক্ষী ।

আজি শাওণৰ দ্বিতীয়টো সোমবাৰঃ ভগৱান শিৱৰ পূজাত কিয় আগবঢ়োৱা নহয় তুলসী…

শাওণ মাহত ভগৱান শিৱক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে ভগৱান শিৱৰ কোনো পূজাত কেতিয়াও তুলসী পাত আগবঢ়োৱা নহয়। ইয়াৰ কাৰণ কি জানেনে?


বিশ্বাসৰ কথা ক’লে ভগৱান শিৱক পানী, কেশৰ, চেনি, সুগন্ধি, গাখীৰ, দৈ, ঘিউ, চন্দন আৰু মৌৰে অভিষেক কৰা হয়। কিন্তু, ভগৱান শিৱ বেল পাত্ৰ আৰু ধতুৰাৰ প্ৰতি অতি আকৰ্ষিত। সেইবাবেই প্ৰতিখন শিৱৰাত্ৰিত ভগৱান শিৱৰ ওচৰত নিশ্চয়কৈ আগবঢ়োৱা হয়। কিন্তু আপুনি জানেনে যে তুলসী পাত কেতিয়াও ভগৱান শিৱক অৰ্পণ কৰিব নালাগে।ধৰ্মীয় কাহিনীৰ মতে, এসময়ত জলন্ধৰ নামৰ এজন অসুৰ আছিল, যি অতি নিষ্ঠুৰ আছিল। পত্নীৰ নাম আছিল বৃন্দা। তেওঁ পত্নীকো অত্যাচাৰ কৰিছিল। এই কথাত অশান্তি হৈ ভগৱান শিৱই শ্ৰী হৰিক অসুৰক পাঠ দিবলৈ ক’লে। জলন্ধৰৰ পত্নী বৃন্দা আছিল এগৰাকী অতি নিষ্ঠাবান নাৰী।

ভগৱান শিৱৰ নিৰ্দেশ অনুসৰি ভগৱান বিষ্ণুৱে জলন্ধৰৰ ৰূপ লৈ বৃন্দৰ ধৰ্ম ধ্বংস কৰিলে। কাহিনীবোৰ মতে তুলসীৰ পূৰ্বৰ জন্মত নাম আছিল বৃন্দা। জলন্ধৰ শিৱৰ অংগ আছিল যদিও তেওঁৰ কু-কৰ্মৰ বাবে তেওঁৰ জন্ম হৈছিল এটা অসুৰ বংশত। অসুৰৰাজে নিজৰ বীৰত্বক লৈ গৌৰৱ কৰিছিল। কেৱল পত্নীৰ স্বামীৰ প্ৰতি থকা ভক্তিৰ বাবেই তেওঁ জীয়াই আছিল।

ভগৱান বিষ্ণুৱে তেওঁৰ সতীত্বৰ ধৰ্ম ভংগ কৰা এই কৌশলৰ বিষয়ে যেতিয়া অসুৰৰ পত্নী বৃন্দাই গম পালে, তেতিয়া তেওঁ ভগৱান বিষ্ণুক অভিশাপ দিলে। বৃন্দাৰ অভিশাপৰ পিছত ভগৱান বিষ্ণুৱে তেওঁক ক’লে যে তেওঁ অসুৰ স্বামীৰ পৰা ৰক্ষা কৰি আছে। তেতিয়া ঈশ্বৰে তেওঁক গালি পাৰিলে।ঈশ্বৰৰ এই অভিশাপৰ বাবে আজিলৈকে তুলসী অভিশপ্ত, সেয়েহে আজিলৈকে ইয়াক ভগৱান শিৱৰ পূজাত ব্যৱহাৰ কৰা হোৱা নাই। তুলসী দলৰ বাহিৰেও কেতকি ফুল, নাৰিকল পানী, ক’লা তিল, হালধি ভগৱান শিৱক অৰ্পণ কৰা উচিত নহয়।

স্পন্দন…শব্দৰ পৰা হৃদয়লৈৰ উদ্যোগত হস্তকলাৰ কৰ্মশালা…

ভাষা-সাহিত্য-সংস্কৃতি আৰু সামাজিক সেৱাত উৎসৰ্গিত বেচৰকাৰী পঞ্জীয়নভুক্ত অনুষ্ঠান “স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত শিশুৰ উৎকৰ্ষ সাধনৰ বাবে ঘোঁৰামাৰাৰ আলোক সন্ধানী অকণিৰ মেলৰ অকণিহঁতৰ মাজত ২৭ আৰু ২৮ তাৰিখে দুদিনীয়াকৈ হস্তকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰথমদিনা পুৰণি বাতৰি কাগজেৰে সামগ্ৰী বনাবলৈ শিকোৱা হয় আৰু দ্বিতীয় দিনা এম্ব্ৰডায়েৰীৰ প্ৰাৰম্ভিক পাঠ শিকোৱা হয়।

পৰ্যায়ক্ৰমে পিছৰ দেওবাৰবোৰত এম্ব্ৰডায়েৰীৰ শ্ৰেণী নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। এম্ব্ৰডায়েৰী কৰ্মশালাত কেইগৰাকীমান মাতৃকো সামৰা হৈছে যাতে তেওঁলোকে ভৱিষ্যতে ইয়াৰ দ্বাৰা উপাৰ্জনৰ বাট বিচাৰি ল’ব পাৰে। উল্লেখযোগ্য যে আলোক সন্ধানী অকণিৰ মেলৰ অধিকাংশ অকণিৰ অভিভাৱক নিম্ন আয়ৰ। এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নিজৰ হস্তকলাৰে ইতিমধ্যে সমাদৃত স্পন্দনৰ পুৰণি আৰু সক্ৰিয় সদস্য মণিমালা শইকীয়া। লগতে সভাপতি ময়ূৰী দত্ত, সম্পাদক দেৱব বৰা, কাৰ্যবাহী সদস্য অৰুণা শইকীয়া প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকে। কৰ্মশালাৰ দুয়োদিন প্ৰশিক্ষাৰ্থীসকলৰ মাজত লঘূ আহাৰ বিতৰণ কৰা হয়।