গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ। উল্লাহ বস্ক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ SDRFৰ।

নিশা গদাধৰ নৈ পাৰ হওঁতেই নাও ডুবি নিৰুদ্দেশ হৈছিল লোকজন।

মাঝিপাৰা পাৰঘাটৰ পৰা সাজোৱাৰকুটিলৈ গৈ থকা সময়তে হৈছিল এই ঘটনা।
গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ। উল্লাহ বস্ক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ SDRFৰ।

নিশা গদাধৰ নৈ পাৰ হওঁতেই নাও ডুবি নিৰুদ্দেশ হৈছিল লোকজন।

মাঝিপাৰা পাৰঘাটৰ পৰা সাজোৱাৰকুটিলৈ গৈ থকা সময়তে হৈছিল এই ঘটনা।
দিল্লীত ১৩টাকৈ অবৈধ কোচিং চেণ্টাৰ চীল কৰিছে প্ৰশাসনে।

দেওবাৰে ৰাজিন্দৰ নগৰৰ IAS কোচিং চেণ্টাৰত বানত ৩ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে এই পদক্ষেপ প্ৰশাসনৰ।

কোচিং চেণ্টাৰৰ একেবাৰে তলৰ মহলাত পানী সোমোৱাৰ ফলত তানিয়া চোনি, শ্ৰেয়া যাদৱ আৰু নবীন ডেলভিন নামৰ ৩গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।
পিৰিয়ডৰ লক্ষণ শৰীৰত বহু ধৰণে দেখা যায়। মাহেকীয়াৰ পূৰ্বে হোৱা মুখৰ ঘাও অন্তৰ্ভুক্ত। ইয়াৰ কাৰণ আৰু ইয়াৰ নিৰাময়ৰ ঘৰুৱা উপায় প্ৰতিগৰাকী মহিলাই জানিব লাগে। কিছুমান লোকৰ বাবে মাহেকীয়া অতি বেদনাদায়ক হয়, আনহাতে কিছুমান লোকৰ এই সময়ছোৱাত ৰক্তক্ষৰণৰ বাহিৰে কোনো ধৰণৰ বিষ বা অস্বস্তি অনুভৱ নকৰে।এনে পৰিস্থিতিত যদি পিৰিয়ডৰ সময়ত মুখৰ আলচাৰৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় বহুতে, জানি লওক ইয়াৰ আঁৰৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ ঘৰুৱা উপায়ৰ বিষয়েঃ

পিৰিয়ডৰ সময়ত হৰম’নৰ মাত্ৰা উঠা-নমা হয়, যাৰ ফলত শৰীৰত বহু পৰিৱৰ্তন ঘটে। ই মুখৰ ভিতৰৰ অংশত প্ৰভাৱ পেলাব পাৰে আৰু আলচাৰৰ সৃষ্টি কৰিব পাৰে। পিৰিয়ডৰ সময়ত তেজৰ অভাৱৰ বাবে শৰীৰত কিছুমান প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে, যাৰ ফলত মুখৰ আলচাৰ হ’ব পাৰে। পিৰিয়ডৰ সময়ত মানসিক চাপেও মুখৰ আলচাৰৰ সৃষ্টি কৰিব পাৰে।
মুখৰ আলচাৰৰ ঘৰুৱা উপায় হৈছেঃ
নিমখ পানী- গৰম পানীত অলপ নিমখ মিহলাই তাৰ লগত গাৰ্গল কৰিলে আলচাৰৰ পৰা উপশম পোৱা যায়।
এলোভেৰা জেল- এলোভেৰাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে আলচাৰৰ ফুলা কমায়।
দৈ- দৈত লেক্টিক এচিড থাকে যিয়ে আলচাৰ ভাল হোৱাত সহায় কৰে।
ভিটামিন চি সমৃদ্ধ খাদ্য- ভিটামিন চি সমৃদ্ধ ফল যেনে কমলা, নেমু, কিউই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু আলচাৰ ভাল হোৱাত সহায় কৰে।
যদি মুখৰ আলচাৰ অতি বিষ হয় তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ।
সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা তথা সাহিত্য একাদেমিৰ ফেল’ ড॰ নগেন শইকীয়াক ২৭ জুলাইত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ‘গ্ৰন্থৰত্ন উপাধি’৷ সংগঠনটোৱে ফুলাম গামোচা, চেলেং, স্মাৰক, গ্ৰন্থৰ টোপোলা, শৰাই, ফুলাম জাপি আৰু প্ৰশংসা পত্ৰৰে সাহিত্যিক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে চাৰিকুৰি ছয় বৰ্ষত ভৰি দিয়া সাহিত্যিক গৰাকীয়ে আজিপৰ্যন্ত ৭১ খন মৌলিক গ্ৰন্থ, ৬৬ খন সম্পাদিত গ্ৰন্থ, দুখন অনুবাদ গ্ৰন্থকে ধৰি বিভিন্ন কাকত-আলোচনীত আঢ়ৈ হেজাৰৰো অধিক নিবন্ধ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷

এইগৰাকী সাহিত্যিকক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ উক্তদিনা দুপৰীয়া সাহিত্যিক গৰাকীৰ বাসগৃহ ‘আশ্ৰয়’ত উপস্থিত হয়হি সংগঠনটোৰ নগাঁওস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা সভাপতি প্ৰতাপ হাজৰিকা, প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাৰ নেতৃত্বত এঘাৰজনীয়া এক সঁজাতি দল৷ এই উপলক্ষে ‘আশ্ৰয়’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা ১,১০০ টা গ্ৰাম্য পুথিভঁৰালৰে সমৃদ্ধ সংগঠনটোৰ কাম-কাজ আৰু লক্ষ্য-উদ্দেশ্যৰ সম্পৰ্কত চমুকৈ আলোকপাত কৰি সভাপতি প্ৰতাপ হাজৰিকাই কয় যে অসম সম্প্ৰতি বৌদ্ধিক সংকটৰ দিশে গতি কৰিছে৷ এইক্ষেত্ৰত কেৱল ড॰ নগেন শইকীয়া, হীৰেন গোহাঁয়ে লেখাৰ জৰিয়তে ৰাইজক বহুখিনি আশ্বস্ত কৰি আহিছে৷ বিশেষকৈ নগেন শইকীয়াৰ লেখনিত ৰাইজৰ প্ৰায়বোৰ সমস্যা প্ৰতিভাত হৈছে৷ এক কথাত তেখেতৰ কথাই এক ‘বাণী’ত পৰিণত হৈছে৷ আনহাতে ভাৰতবৰ্ষৰ ২২খন ৰাজ্যত পুথিভঁৰাল আইন আছে যদিও আজিপৰ্যন্ত অসমত এই আইন নোহোৱাটো অত্যন্ত উদ্বেগজনক বিষয় বুলি উল্লেখ কৰি সংগঠনটোৰ সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰক সময়ে সময়ে এইকথা অৱগত কৰি আহিছে যদিও আজিপৰ্যন্ত কাৰ্যকৰী হোৱা নাই আক্ষেপ প্ৰকাশ কৰে৷ এই আইন প্ৰণয়ন হ’লেই অসমত গ্ৰন্থৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত এক সামাজিক বিপ্লৱৰ সূচনা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ সংগঠনটোৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাসৰ সদস্য তথা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াই নগেন শইকীয়াৰ ‘মিতভাষ’ক হিন্দী ভাষালৈ অনূদিত কৰি লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি শুভেচ্চামূলক বক্তব্যত কয় যে এনে ধৰণৰ ধাৰা ভাৰতবৰ্ষৰ কোনো সাহিত্যত নাই৷ ভাষণ প্ৰসংগত তেখেতৰ সৃষ্টিৰাজি দেশৰ অন্যপ্ৰান্তৰ অধিক লোকে জ্ঞাত হ’ব পৰাকৈ হিন্দীলৈ অনুবাদ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে৷ সংগঠনটোৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত সাৰস্বত ন্যাসৰ প্ৰচাৰ সচিব ৰতন হাজৰিকাই সাৰস্বত ন্যাসৰ কাম-কাজৰ ওপৰত চমুকৈ আলোকপাত কৰি বক্তব্য আগবঢ়োৱাৰ লগতে গ্ৰাম্য পুথিভঁৰাল সন্থাক শলাগ জ্ঞাপন কৰি ন্যাসৰ হৈ সাহিত্যক গৰাকীৰ চাৰিটা খণ্ডৰ ৰচনাৱলী উপহাৰস্বৰূপে আগবঢ়ায়৷ আনহাতে উক্ত অনুষ্ঠানতেই সংগঠনটোৱে সাৰস্বত ন্যাসৰ পুঁজিলৈ লৈ পাঁচ হেজাৰ টকাৰ সাহায্যৰ চে’ক আগবঢ়ায়৷
আনহাতেদি সম্বৰ্ধনাৰ অনুভৱ প্ৰকাশ কৰি ড॰ নগেন শইকীয়াই গ্ৰাম্য পুথিভঁৰালে সমাজ জীৱনৰ লগতে নিজৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল সেয়া উল্লেখ কৰি কয় যে আজিৰ নতুন প্ৰজন্মই ম’বাইলক লৈয়েই ব্যস্ত যদিও ম’বাইলে কেৱল তথ্যহে দিব পাৰে কিন্তু জ্ঞান প্ৰদান নকৰে৷ জ্ঞান কেৱল গ্ৰন্থইহে দিব পাৰে৷ সাম্প্ৰতিক সময়ত গ্ৰন্থৰ প্ৰতি নতুন প্ৰজন্মৰ অনিহাৰ ভাৱ অহাৰ বিপৰীতে গ্ৰাম্য পুথিভঁৰাল সন্থাই গ্ৰন্থ অধ্যয়নৰ হকে কৰি অহা কামৰ প্ৰশংসা কৰি প্ৰযুক্তিয়ে গ্ৰন্থ পঢ়াৰ পদ্ধতি হথাৎ সলনি কৰাৰ বাবে এই পৰিৱেশ আহিছে যদিও পুনৰ আগৰ পৰিৱেশ ঘুৰি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ নতুন প্ৰজন্মই মানৱীয় কাম-কাজবোৰ কৰিবলৈ আৰু জ্ঞান আহৰণ কৰাৰ স্বাৰ্থত চৰকাৰৰ প্ৰতি সন্থাৰ যি দাবী সেয়া অব্যাহত ৰাখিবলৈ সংগঠনটোৰ নেতৃবৃন্দক সাহিত্যক গৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত সাহিত্যিক গৰাকীৰ সহধৰ্মিনী লাৱণ্য শইকীয়া, ন্যাসৰ সদস্য দিলীপ তামুলী, সংগঠনটোৰ সহকাৰী সম্পাদক ক্ষেত্ৰধৰ বৰুৱা, ৰাজ্যিক সদস্য বীণা বৰুৱা, টংকেশ্বৰ সোনোৱাল, প্ৰাক্তন উপসভাপতি হিমাদ্ৰীজ্যোতি দত্ত, প্ৰাক্তন সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি বৰঠাকুৰ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সুৰেন সোনোৱাল, জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰা আদি উপস্থিত থাকে৷
মিচিং জনজাতিসকলৰ বৃহত্তম গোত্ৰ তাকাম পেঃগু অপৃন কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ কাৰ্যনিৰ্বাহক সভা দেওবাৰে গোগামুখত অনুষ্ঠিত হৈ যায়৷ তাকাম পেঃগু অপৃনৰ গোগামুখ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত গোগামুখ বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনিয়া বিস্তৃত কাৰ্যসূচীৰেে অনুষ্ঠিত হোৱা উক্ত সভাখনৰ সভাপতিত্ব কৰে তাকাম পেঃগু অপৃন কেবাঙৰ সভাপতি দিনেশ পেগুৱে৷ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদক তথা শিক্ষক দিলীপ পেগুৱে৷ সভাখনত পেঃগু অপৃনৰ স্থায়ী লগ’ উন্মোচন কৰে লক্ষীকান্ত পেগুৱে৷ দুপৰীয়া ১২ বজাত জয়ৰাম পেগুৱে ৰচিত পুৰণি কাব্যগ্ৰন্থৰ পুনঃ মুদ্ৰণ উন্মোচন কৰে সাহিত্যিক, সমাজ সংগঠক, অৱসৰপ্ৰাপ্ত অভিযন্তা খগেন পেগুৱে৷

উল্লেখনী যে, তাকাম পেঃগু অপৃন কেবাঙৰ গোগামুখ জিলা সমিতিৰ সম্পাদক ড° দেৱজিৎ পেগু, উদীয়মান লেখক তথা শিক্ষক আৰু জয়ৰাম পেঃগুৰ পৰিয়ালৰ আশাশুধীয়া প্ৰচেষ্টাত গ্ৰন্থখন পুনঃ মুদ্ৰণ কৰা হৈছে৷একেদৰে পেঃগু অপৃন কেবাঙৰ পুনঃ সংশোধিত সংবিধানখন উন্মোচন কৰে পেঃগু অপৃন কেবাঙৰ মুখ্য উপদেষ্টা তথা চিলাপথাৰ মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ দেবিৰাম পেগুৱে৷ ইয়াৰ পূৰ্বে পুৱা আদৰণি ভাষণ দিয়ে তাকাম পেঃগু অপৃৃন কেবাঙৰ গোগামুখ জিলা সমিতিৰ সভাপতি ভানুৰাম পেগুৱে৷ সভাত উপস্থিত থাকে তাকাম পেঃগু অপৃনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হেমন্ত পেঃগু, সহকাৰী সম্পাদক ভগীৰথ পেংগু, সংবিধান সমিতিৰ সদস্য নেহৰুু পেঃগু, সাংস্কৃতিক সম্পাদক দীপ কুমাৰ পেঃগু. আইনী উপদেষ্টা যতীন পেঃগু, কাৰ্যালয় সম্পাদক টেপুৰাম পেঃগু, কেন্দ্ৰীয় সদস্য গংগাপ্ৰসাদ পেঃগু আদিয়ে৷
অৰুণোদন পুথিভঁৰাল, অৰুণোদয় মহিলা সমিতি আৰু স্থানীয় সমূহ এৰাগাঁৱবাসী ৰাইজৰ সহযোগত “গ্ৰীষ্মকালীন বন্ধ” উপলক্ষে এদিনীয়া সাংস্কৃতিক কাৰ্য্যসূচী শনিবাৰে ইয়াৰ নিজস্ব প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হয়৷ পুৱা ৭-৩০ বজাত পতাকা উত্তোলন আৰু তাৰ পাছতে অনুষ্ঠানৰ চৌহদত বৃক্ষ ৰোপণ কৰা হয়। বিয়লি ৪ বজাৰ লগে লগে স্থানীয় বৈষ্ণৱপ্ৰাণ আইমাতৃ সকলৰ দ্বাৰা ভাওঁনা মঞ্চায়নৰ প্রাক মূৰ্হূত্বত এভাগি নাম প্রসঙ্গৰ আয়োজন কৰা হয়। ইয়াৰ পাছতে স্থানীয় কেইবাগৰাকী ব্যক্তিৰ লগতে মাননীয় বিধায়ক মহোদয় শ্রীযুত ৰূপজ্যোতি কুৰ্মীক সম্বর্দ্ধনা জ্ঞাপন কৰা হয়। সম্বর্দ্ধনা গ্ৰহণ কৰি শুভেচ্ছামূলক বার্তাত বিধায়ক মহোদয়ে কয় যে মইনা পাৰিজাতৰ দ্বাৰা আয়োজিত এই কার্য্যসূচীভাগি অতি প্রশংসনীয় হৈছে৷ এইখিনিতে তেখেতে তেখেতৰ মাতৃদেৱী স্বৰ্গীয় ৰূপম কুৰ্মীয়ে এই আন্ত:গঠনিৰ ক্ষেত্ৰত আগবঢ়োরা পুঁজিৰ সম্পর্কত সমিতিৰ তৰফৰ পৰা জানিব পাৰি আনন্দ প্ৰকাশ কৰি আগন্তক বৰ্ষত তিনি লাখ টকা তেখেতৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়াব বুলি ঘোষণা কৰে।

অনুষ্ঠান সামৰণিৰ লগে লগে মূল নাটকৰ পূৰ্বে অৰুণোদয় মইনা সকলৰ ‘মাখন চোৰ’ নৃত্য, উত্তৰণ কলাকৃষ্টি কেন্দ্র আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ সাংস্কৃতিক বিদ্যালয়ৰ প্রশিক্ষাৰ্থী ছাত্রী সকলে আগবঢ়োরা গুৰুজনাৰ মহান সৃষ্টি বিজড়িত নৃত্যই মূল নাটকত সোণত সোৱগা চৰাইছিল। উত্তৰণ কলা কৃষ্টি কেন্দ্ৰৰ ছাত্র সকলৰ পূৰ্ব ৰঙ্গ ‘গায়ন বায়নে’ মূল নাটকক আদৰি আনিছিল৷ “ধ্ৰুৱ চৰিত্র” ভাওনাত মইনা শিল্পী সকলৰ অভিনয় অতি সুন্দৰ হৈছিল। প্রৱল গৰমকো নেওচি দর্শকসকলে পিচ নিশা ২-৩০ বজালৈকে নাট উপভোগ কৰি শিল্পী সকলৰ ভূয়সী প্রশংসা কৰাৰ ওপৰিও তেওঁলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰে। নাট উপভোগ কৰিবলৈ অহা প্রতিজন দৰ্শকে অৰুণোদয়ৰ এই কাৰ্য্যসূচীৰ শলাগ লয়।
সদৌ অসম দবা সন্থাৰ উদ্যোগত শোনিতপুৰ জিলা দবা সন্থাৰ সহযোগত, শোনিতপুৰ দবা একাদেমীৰ ব্যৱস্থাপনাত তেজপুৰৰ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৪৭ সংখ্যক সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতা দেওবাৰৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে।তিনিটা শাখাত বিভক্ত কৰা প্ৰতিযোগিতা ক্ৰমে ৭বছৰ, ১১বছৰ আৰু ১৫ বছৰৰ অনুদ্ধৰ লৰা-ছোৱালীৰ মাজত আনুষ্ঠিত কৰা হৈছে।উদ্যোক্তাসকলে জানিবলৈ দিছে যে, এইবাৰৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা অভিলেখ সংখ্যক ৪২২ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে আৰু অনিচ্ছা স্বত্বেও বহুতক যোগদানৰ পৰা বিৰত ৰাখিব লগীয়া হোৱাত মাৰ্জনা বিচাৰিছে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অনুষ্ঠিত উদ্বোধনি সভাত পৌৰোহিত্য কৰে শোনিতপুৰ জিলা দবা সন্থাৰ সভাপতি গিৰিশ বৰাই। দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমনি শইকীয়াই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি দবা খেলে খেলুৱৈ সকলৰ মস্তিস্কৰ বিকাসত সহায় কৰাৰ ওপৰত আলোকপাত কৰি খেলুৱৈ সকলক উৎসাহ আৰু প্ৰেৰণা যোগাই বক্তব্য ৰাখে।

বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে সদৌ অসম দবা সন্থাৰ যুটীয়া সম্পাদক তথা নিউজ লাইভ’ৰ লক্ষীমপুৰৰ সাংবাদিক জিতু মনি পেওগ, সদৌ অসম দবা সন্থাৰ জনেল সম্পাদক প্ৰদীপ ডেকা আৰু বিশিষ্ট ব্যৱসায়ী কৃষ্ণভ শইকীয়াই। জ্যোৰ্তিময় বৰাই আত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে সৃষ্টিমূলক এটি নৃত্যানুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়। প্ৰতিযোগিতাৰ প্ৰতিটো শাখাত নিৰ্বাচিত চাৰিগৰাকী খেলুৱৈয়ে সৰ্বভাৰতীয় পয্যায়ত অসমক প্ৰতিনিধিত্ব কৰিব বুলি উদ্যোক্তা সকলে জনাইছে।
বাঘ ভাৰতৰ জাতীয় পশু। ভাৰতৰ উপৰি বাংলাদেশ, দক্ষিণ কোৰিয়া, ভিয়েটনাম আৰু মালয়েচিয়াৰ জাতীয় পশু হিচাপে বাঘক স্বীকৃতি দিয়া হৈছে। সিংহক ভাৰতৰ জাতীয় পশু হিচাপে স্বীকৃতি দিয়া হৈছিল যদিও ১৯৭২ চনত বাঘক ভাৰতৰ জাতীয় পশু হিচাপে স্বীকৃতি দিয়া হয়। বাঘ শব্দটো বাংলা ভাষাৰ ব্যাঘ্ৰ শব্দৰ পৰা আহিছে, যি বিশাল চিকাৰী জীৱক বুজায়।
বাঘ মেকুৰী জাতীয় প্ৰাণী। বিশাল মেকুৰী প্ৰজাতিৰ ভিতৰত বাঘ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী প্ৰাণী। মেকুৰী সদৃশ জীৱ-জন্তুৱে পানী ভাল নাপায় যদিও বাঘ এই দিশত কিছু পৃথক। প্ৰায়ে চিকাৰ ধৰিবলৈ পানীত ডুব মৰাও দেখা যায়। বাঘে নদীৰ এফালৰ পৰা সিফাললৈ সাঁতুৰি যায়। বাঘে পানীত প্ৰৱেশ কৰি শৰীৰ ঠাণ্ডা কৰে। মাংস আৰু পানীৰ বাহিৰে বাঘে আন একো নাখায়। ইহঁতৰ প্ৰধান খাদ্যসমূহ হ’ল- হৰিণ, ম’হ আৰু বনৰীয়া গাহৰি। খাদ্যৰ অভাৱত ইহঁত হিংস্ৰ হৈ পৰিব পাৰে। কেতিয়াবা ইহঁতে নিজকে আক্ৰমণ কৰে। এটা প্ৰাপ্তবয়স্ক বাঘৰ ওজন প্ৰায় ৩৬৩ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে।
বাঘে অকলশৰে চিকাৰ কৰিবলৈ পছন্দ কৰে। সাধাৰণতে ৰাতি বেছিকৈ চিকাৰ কৰে। বাঘে দূৰৈৰ পৰা চিকাৰ দেখিলে লাহে লাহে চুপচাপকৈ গৈ চিকাৰক নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ পিছত চিকাৰৰ ডিঙিত জপিয়াই পৰে। মূৰৰ পিছফালৰ অংশ, ডিঙি বা ডিঙিৰ ওচৰত কামুৰি চিকাৰটোক হত্যা কৰে।
বাঘৰ বৈজ্ঞানিক নাম পেন্থেৰা টাইগ্ৰিছ। পেন্থেৰা গণৰ চাৰিটা প্ৰজাতি আছে। সিংহ, বাঘ, নাহৰফুটুকী আৰু চিতাবাঘ। মানুহৰ গড় দৌৰৰ গতিবেগ প্ৰতি ঘণ্টাত ৮ৰ পৰা ১৫ কিলোমিটাৰ হোৱাৰ বিপৰীতে ই ঘণ্টাত ৬৫ কিলোমিটাৰ বেগেৰে দৌৰিব পাৰে।
বাঘৰ মুঠ পাঁচটা উপপ্ৰজাতি আছে। সেইবোৰ হ’ল বেংগল টাইগাৰ, চাউথ চাইনা টাইগাৰ, ইণ্ডো-চাইনিজ টাইগাৰ, সুমাত্ৰান টাইগাৰ আৰু আমুৰ টাইগাৰ। পিছৰটোক অৱশ্যে চাইবেৰিয়ান বাঘ বুলিও কোৱা হয়। দুৰ্ভাগ্যজনকভাৱে কাস্পিয়ান, বালি আৰু জাভান টাইগাৰ নামৰ তিনিটা উপপ্ৰজাতি বিলুপ্ত হৈছে।

বাঘৰ ছালত বগা, ক’লা আৰু হালধীয়া ৰঙৰ ৰেখা দেখা পোৱা যায়। এই ডাঠ দাগবোৰৰ বাবে বাঘ অৰণ্যত সহজে লুকাই থাকিব পৰাৰ লগতে চিকাৰ ধৰিবলৈ সুবিধা পায়। প্ৰতিটো বাঘতে এনে ৰেখা দেখা পোৱা যায় যদিও প্ৰত্যেক বাঘত দেখা পোৱা এনেধৰণৰ আৰ্হি পৃথক হয়। এই ৰেখাবোৰ আমাৰ হাতৰ ছাপ বা ফিংগাৰপ্ৰিণ্টৰ দৰে।
বাঘৰ নৱজাত পোৱালিবোৰ জন্মতে অন্ধ হৈ পৰে আৰু মাত্ৰ কেইটামান পোৱালিহে জীয়াই থাকে। জন্ম হৈয়ে পোৱালিবোৰে মাকৰ গোন্ধটোহে অনুসৰণ কৰে। অন্ধ হৈ জন্ম হোৱা বাবে ইহঁতে খোজ কাঢ়িব নোৱাৰে, ফলত বেছিভাগেই ভোক বা ঠাণ্ডাত মৃত্যুবৰণ কৰে।
বাঘৰ আয়ুসকাল ২০-২৫ বছৰৰ ভিতৰত। বেছিভাগ বাঘ ২০ বছৰ বয়সৰ আগতেই মৃত্যুবৰণ কৰে। এতিয়ালৈকে জীৱিত আটাইতকৈ বয়সীয়াল বাঘটো হ’ল ফ্ল’ৰিডাৰ ২৫ বছৰীয়া ‘ফ্লেভেল’।
এছিয়া আৰু আফ্ৰিকাত বাঘৰ সংখ্যা সৰ্বাধিক। কিন্তু চোৰাং চিকাৰ আৰু বাসস্থান হেৰুৱাৰ বাবে ৯৫ শতাংশতকৈ অধিক বাঘে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, বাকী ৫ শতাংশ বাঘ অতিশয় বিপন্ন হৈ পৰিছে। খাদ্য শৃংখলত আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাত বাঘে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাঘ সুৰক্ষাৰ বাবে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত বাঘৰ জটিল বাসস্থান (Critical Tiger Habitat) বা ব্যাঘ্ৰ সংৰক্ষণ অঞ্চল গঢ়ি তোলা হৈছে। বিশেষজ্ঞ সমিতিৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে বাঘৰ জটিল বাসস্থান (Critical Tiger Habitat) ঘোষণা কৰিব পাৰে। ভাৰতবৰ্ষৰ এনে অঞ্চলসমূহৰ ভিতৰত উত্তৰাখণ্ডৰ কৰবেট ( ৮২১.৯৯ বৰ্গ কিলোমিটাৰ), ৰাজস্থানৰ ৰন্থাম্বোৰ (১১১৩.৩৬ বৰ্গ কিলোমিটাৰ), পশ্চিমবংগৰ সুন্দৰবন (১৬৯৯.৬২ বৰ্গ কিলোমিটাৰ) আৰু অন্ধ্ৰ প্ৰদেশ অংশৰ নাগাৰ্জুনসাগৰ শ্ৰীশৈলাম (২৫৯৫.৭২ বৰ্গ কিলোমিটাৰ) অন্যতম।
ৱাইল্ডলাইফ ইনষ্টিটিউচন অব্ ইণ্ডিয়া আৰু নেশ্যনেল টাইগাৰ কনজাৰভেশ্বন কৰ্তৃপক্ষই প্ৰস্তুত কৰা ভাৰতৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ন (Management Effectiveness Evaluation), ২০২২ৰ প্ৰতিবেদন অনুসৰি কেৰালাৰ পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভে প্ৰায় ৯৪% এম ই ই স্ক’ৰেৰে সৰ্বোত্তম প্ৰদৰ্শনকাৰী অঞ্চল হিচাপে থিয় দিছে। ইয়াৰ পিছতে আছে মধ্যপ্ৰদেশৰ সাতপুৰা আৰু কৰ্ণাটকৰ বাণ্ডীপুৰ। মেনগ্ৰোভ থকা বিশ্বৰ একমাত্ৰ বাঘৰ অৰণ্য পশ্চিম বংগৰ সুন্দৰবনে ‘অতি ভাল’ শাখাত থাকি ৩২ সংখ্যক স্থান লাভ কৰিছিল। মিজোৰামৰ ডম্পাক মাত্ৰ ৫০% বাঘৰ সংৰক্ষিত বনাঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। তাৰ পিছতে আছে চত্তিশগড়ৰ ইন্দ্ৰাৱতী আৰু অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান।
এই প্ৰাণীবোৰ বিলুপ্ত হোৱাৰ আগতেই ৰক্ষা কৰাটো অতি জৰুৰী। পৰিৱেশৰ বাবে বাঘৰ গুৰুত্ব, শৰীৰৰ অংগ চোৰাং চিকাৰৰ পৰা ই সন্মুখীন হোৱা ভাবুকি, এই বিলুপ্তপ্ৰায় প্ৰজাতিটোক সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় তাৎক্ষণিক ব্যৱস্থা আদিৰ প্ৰতি জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰৰ ২৯ জুলাই তাৰিখটো আন্তৰ্জাতিক বাঘ দিৱস হিচাপে পালন কৰি অহা হৈছে।
২০১০ চনত ৰাছিয়াত অনুষ্ঠিত হোৱা চেণ্ট পিটাৰ্ছবাৰ্গ বাঘ সন্মিলনৰ সময়ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
লেখকঃ মানস প্ৰতিম দত্ত
গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি নিখিল ভাৰত এছ চি আৰু এছ টি ৰেলৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ উদ্যোগত দেওবাৰে ৰেল নগৰী মালিগাঁৱৰ নামবাৰীস্থিত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ক্ৰীড়া সংস্থাৰ চুইমিং পুলত কামৰূপ জিলা ভিত্তিত সাতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।৬ টা গ্ৰুপত চাৰিটা ভিন্ন শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৩ ৰ পৰা ১৮ বছৰ বয়সৰ ১৬০ জন ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।পুৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে গুৱাহাটী পৌৰ নিগমৰ ৯ ৱাৰ্ডৰ পাৰিষদ অৰ্চনা দাসে। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত এচোছি়েয়েশ্যনৰ উত্তৰ পূব মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য, সাধাৰণ সম্পাদক তাৰিণী চৰণ দাস, এচোছিয়েশ্যনৰ মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান, কৰ্মকৰ্তা ভাৰতী মাৰাককে ধৰি কেবাজনো বিষয়ববীয়া উপস্থিত থাকে।আনহাতে দিনৰ ১০ বজাৰ পৰা বিয়লি প্ৰায় ৫ বজালৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি নিধি দাস সোঁৱৰণী বেষ্ট স্কুল ট্ৰফী লাভ কৰে গুৱাহাটীৰ ডি পি এছ স্কুলে আৰু ৰানাৰছ আপৰ সন্মান লাভ কৰি পিংকু বড়ো সোঁৱৰণী ট্ৰফী লাভ কৰে শিলপুখুৰীৰ মহৰ্ষি স্কুলে।

আনহাতে প্ৰতিযোগিতা পৰিচালনা কৰে ক্ৰমে – ৰঞ্জন খান, অভিষেক চৌধুৰী, উমা কান্ত সিং, অংকন দাস, শচীন দাস, বি কৃষ্ণা, পৱিত্ৰ দাসকে ধৰি সাতোৰ খেলৰ লগত জড়িত মুঠ ১৫ জন ক্ৰীড়াবিদে। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলক মানপত্ৰ আৰু বঁটা সমুহ বিতৰণ কৰা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি শিশু ছাত্ৰ – ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ লক্ষ্যৰে এচোছি়েয়েশ্যনৰ মহিলা শাখাৰ উদ্যোগত ১১ জুলাইৰ পৰা ১৩ জুলাইলৈ মালিগাঁৱ গোশালাৰ ছিনিয়ৰ ৰেলৱে ইনষ্টিটিউটত শিশু ছাত্ৰ – ছাত্ৰীৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ লক্ষ্যৰে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।
সদৌ অসম মইনা পাৰিজাতৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত পূৱ- যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ , অৰুণোদয় শাখা মইনা পাৰিজাতৰ সৌজন্যত
অৰুণোদন পুথিভঁৰাল, অৰুণোদয় মহিলা সমিতি আৰু স্থানীয় সমূহ এৰাগাওঁ বাসী ৰাইজাৰ সহযোগত “গ্ৰীষ্মকালীন বন্ধ” উপলক্ষে এদিনীয়া সাংস্কৃতিক কাৰ্য্যসূচী যোৱা কালি ইয়াৰ নিজস্ব প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৷ পুৱা ৭-৩০ বজাত পতাকা উত্তোলন আৰু তাৰ পাছতে অনুষ্ঠানৰ চৌহদত বৃক্ষ ৰোপণ কৰা হয়। বিয়লি ৪ বজাৰ লগে লগে স্থানীয় বৈষ্ণৱপ্ৰাণ আইমাতৃ সকলৰ দ্বাৰা ভাওঁনা মঞ্চায়নৰ প্রাক মূৰ্হূত্বত এভাগি নাম প্রসঙ্গৰ আয়োজন কৰা হয়।

ইয়াৰ পাছতে স্থানীয় কেইবাগৰাকী ব্যক্তিৰ লগতে মাননীয় বিধায়ক মহোদয় শ্রীযুত ৰূপজ্যোতি কুৰ্মীক সম্বর্দ্ধনা জ্ঞাপন কৰা হয়। সম্বর্দ্ধনা গ্ৰহণ কৰি শুভেচ্ছামূলক বার্তাত বিধায়ক মহোদয়ে কয় যে মইনা পাৰিজাতৰ দ্বাৰা আয়োজিত এই কার্য্যসূচীভাগি অতি প্রশংসনীয় হৈছে ৷ এইখিনিতে তেখেতে তেখেতৰ মাতৃদেৱী স্বৰ্গীয় ৰূপম কুৰ্মীয়ে এই আন্ত:গঠনিৰ ক্ষেত্ৰত আগবঢ়োরা পুঁজিৰ সম্পর্কত সমিতিৰ তৰফৰ পৰা জানিব পাৰি আনন্দ প্ৰকাশ কৰি আগন্তক বৰ্ষত তিনি লাখ টকা তেখেতৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়াব বুলি ঘোষণা কৰে।
আজিৰ অনুষ্ঠান সামৰণিৰ লগে লগে মূল নাটকৰ পূৰ্বে অৰুণোদয় মইনা সকলৰ ‘মাখন চোৰ’ নৃত্য, উত্তৰণ কলাকৃষ্টি কেন্দ্র আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ সাংস্কৃতিক বিদ্যালয়ৰ প্রশিক্ষাৰ্থী ছাত্রী সকলে আগবঢ়োরা গুৰুজনাৰ মহান সৃষ্টি বিজড়িত নৃত্যই মূল নাটকত সোণত সোৱগা চৰাইছিল। উত্তৰণ কলা কৃষ্টি কেন্দ্ৰৰ ছাত্র সকলৰ পূৰ্ব ৰঙ্গ ‘গায়ন বায়নে’ মূল নাটকক আদৰি আনিছিল ৷ “ধ্ৰুৱ চৰিত্র” ভাওনাত মইনা শিল্পী সকলৰ অভিনয় অতি সুন্দৰ হৈছিল। প্রৱল গৰমকো নেওচি দর্শকসকলে পিচ নিশা ২-৩০ বজালৈকে নাট উপভোগ কৰি শিল্পী সকলৰ ভূয়সী প্রশংসা কৰাৰ ওপৰিও তেওঁলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰে। নাট উপভোগ কৰিবলৈ অহা প্রতিজন দৰ্শকে অৰুণোদয়ৰ এই কাৰ্য্যসূচীৰ শলাগ লয়।