Home Blog Page 664

শ্ৰীনগৰ সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন…

শ্ৰীনগৰ সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন।

” “সৃষ্টিশীল সহিত্য কৰ্মত নিয়োজিত কৰি উত্তৰ পুৰুক অনৈতিক কামৰ পৰা বিৰত ৰাখিব পাৰি:” আজি শ্ৰীনগৰ সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশন খন উদ্বোধন কৰি সাংস্কৃতিক আলোচনী “দাপোণ”ৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই এইদৰে কয়। সভাপতি নব কুমাৰ মজুমদাৰৰ সভাপতিত্বত অনুস্থিত সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদিকা ববিতা বৈশ্য লহকৰে। আদৰণি ভাষন প্ৰদান কৰি শাখাৰ সভাপতি নব কুমাৰ মজুদাৰে শ্ৰীনগৰ বাসী ৰাইজে অনুস্থানতিৰ সফলতাৰ ক্ষেত্ৰত লোৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিস্যতে এনে সহাৰি কামনা কৰে। দয়াৰাম বৰা, প্ৰশান্ত বৰা আৰু তেওঁৰ সহযোগী সকলৰ দ্বাৰা পৰিবেশন কৰা মাধবদেৱ বিৰচিত বৰগীতেৰে আৰম্ভ হোৱা সভাখনত সাহিত্য সভাৰ সদস্যা সকলে “চিৰচেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতটো পৰিবেশন কৰে। ইয়াৰ আগতে সভাৰ সভাপতি নব কুমাৰ মজুমদাৰে অসম সাহিত্য সভাৰ পতকা উত্তোলন কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি চিত্তৰঞ্জন শৰ্মা, অনীমা কলিতা লহকৰ আৰু অশোক দাসে বন্তি প্ৰজ্বলন কৰে। বাৰ্ষিক

অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশিত মুখপত্ৰ “আকাশ” উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰীয়ে। মুখপত্ৰ খন উন্মোচন কৰাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে ভাষন প্ৰসংগত তেওঁ সাহিত্য সভাৰ লক্ষ্য আৰু এই লক্ষ্যত উপনীত হবৰ বাবে শাখা সমূহৰ কৰনীয়ৰ ক্ষেত্ৰত এটি গাম্ভীয্যপূৰ্ন ভাষন আগবঢ়ায়। বিশিষ্ট অতিথিৰ আসনৰ পৰা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱীয়ে শ্ৰীনগৰ সাহিত্য সভাই প্ৰথম বছৰটিতে সাহিত্য জগতলৈ প্ৰতিশ্ৰুতি ভৰা অবদান আগবঢ়োৱা বুলি ভাষন প্ৰসংগত উল্লেখ কৰে। চিত্ৰামেধি দাস আৰু কমলা গোস্বামীৰ দ্বাৰা পৰিবেশিত “দীপস্তুুতি” ৰ লগতে শাখাৰ সদস্যা সকলে গীত-মাত, কবিতা আদি পাঠ কৰি সভাখন ৰসাল কৰি তোলে। সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি হৰেশ্বৰ ডেকা, সম্পাদক দীপাঙ্কৰ ৰায়মেধি আৰু সদস্য মদন মেধিয়ে

চমু ভাষন আগবঢ়ায়। মহানগৰ জিলাৰ বিভিন্ন শাখাৰ প্ৰতিনিধি সকলৰ উপস্থিতিৰ উপৰিও শ্ৰীনগৰ বাসী ৰাইজ এই সভাখনত উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত অভ্যৰ্থনা সমিতিৰ সভাপতি চিত্তৰঞ্জন শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। এই সভাতে শাখাৰ ৪ জনলৈ অসম সাহিত্য সভাৰ হিতৈষী সভ্য আৰু ২৪ জনলৈ আজীৱন সভ্যৰ মান পত্ৰ বিতৰণ কৰা হয়। এই সভাতে কোষাধ্যক্ষ শ্বপ্না বৰুৱা, সদস্যা কল্পনা হাজৰিকা,নীভা ডেকা,সবিতা বৰ্মন, অনীমা লহকৰে গীত পৰিবেশন কৰে। সভাত শ্ৰীনগৰ বাসিন্দা অভিনেতা, এনিমেশন শিল্পী, সুকুমাৰ কলাৰ দক্ষ জীবিতেশ মজুমদাৰৰ লগতে এই অঞ্চলৰ ৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয় উল্লেখযোগ্য যে অধিবেশনৰ লগত সংগতি ৰাখি সন্ধিয়া স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয়। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে পৰিবহন বিভাগৰ আয়ুক্ত গৌতম দাসে।

দুৰ্গেশ্বৰ বৰুৱাৰ ” সত্ৰীয়া নৃত্যৰ মাতি আখৰা হস্ত” শীৰ্ষক গ্ৰন্থখন উন্মোচন…

শব্দ হৈছে যিকোনো এটা গধুৰ বিষয়ক সাৱলীল ভাৱে উপস্থাপন কৰিব পৰা ক্ষমতা – ড০ বসন্ত কুমাৰ গোস্বামী

দুৰ্গেশ্বৰ বৰুৱাৰ ” সত্ৰীয়া নৃত্যৰ মাতি আখৰা হস্ত” শীৰ্ষক গ্ৰন্থখন উন্মোচন

শিৱসাগৰৰ নটৰাজ সঙ্গীত মহাবিদ্যালয়
বিংশতিতম্ বর্ষপূর্তি অনুষ্ঠান “নৃত্য মঞ্জৰী-২০২৪”

“বিশটা বছৰে এটা সাংস্কৃতিক অনুষ্ঠানক সুচাৰুৰূপে পৰিচালনা কৰি অসমৰ সত্ৰীয়া সংস্কৃতিক বহুল ভাৱে প্ৰচাৰ কৰাৰ এক গুৰু দায়িত্ব পালন কৰি অহা শিৱসাগৰৰ নটৰাজ সঙ্গীত মহাবিদ্যালয় প্ৰচেষ্টা প্ৰশংসনীয় আৰু অতুলনীয়”। শিৱসাগৰ যুৱদলত কালি নিশা অনুষ্ঠিত হোৱা নটৰাজ সঙ্গীত মহাবিদ্যালয়ৰ বিংশতিতম বৰ্ষপুৰ্তি অনুষ্ঠানৰ সৈতে সংলগ্ন ৰাখি অনুষ্ঠিত হোৱা নৃত্য মঞ্জুৰী – ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীয়ে এনেদৰে মন্তব্য কৰে। নৃত্য মঞ্জুৰী অনুষ্ঠানৰ লগত সংগতি ৰাখি নটৰাজ সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ দুৰ্গেশ্বৰ বৰুৱাৰ ” সত্ৰীয়া নৃত্যৰ মাতি আখৰা হস্ত” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ড০ বসন্ত কুমাৰ গোস্বামীয়ে আৰু কয় যে, শব্দ হৈছে যিকোনো এটা গধুৰ বিষয়ক সাৱলীল ভাৱে উপস্থাপন কৰিব পৰা ক্ষমতা। শব্দ শৈলী উন্নত আৰু শুদ্ধ হল লিখিত অথবা কথিত দুয়োটাই সুন্দৰ হৈ পৰে বুলি বিশিষ্ট সাহিত্যিক গৰাকীয়ে উল্লেখ কৰে। ৰুমীণ বৰুৱাই আত ধৰা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰি বিশিষ্ট সত্ৰীয়া সাংস্কৃতিৰ সাধক ৰাণা মহন্তই মহাবিদ্যালয়খনৰ পৰা সত্ৰীয়া সংস্কৃতিৰ দিশত আগুৱাই গৈ ছাত্র

ছাত্ৰী সকলে যি ধৰণ সফল হৈছে ই এক প্ৰশংসনীয় বিষয় বুলি তেওঁ উল্লেখ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক দুৰ্গেশ্বৰ বৰুৱাই অধ্যক্ষৰ বক্তব্যত প্ৰকাশ কৰি কয় যে – ২০ জুন ২০০৪ চনৰ ঐতিহ্যমণ্ডিত শিৱসাগৰত স্থাপিত হৈছিল সত্ৰীয়া নৃত্য-গীত-বাদ্যৰ এক প্ৰশিক্ষণ কেন্দ্ৰ “নটৰাজ কলাক্ষেত্র”। মাত্ৰ দুগৰাকী প্ৰশিক্ষাৰ্থীৰে নটৰাজ কলাক্ষেত্ৰৰ অধ্যক্ষ গৰাকীয়ে তেওঁৰ সহধণিনী মৌচুমী হাতীমূৰীয়া বৰুৱা আৰু কেইজনমান শুভাকাংক্ষীৰ সৈতে আৰম্ভ কৰা এই অনুষ্ঠানটিয়ে আজি বিংশতিতম্ বৰ্ষত ভৰি দিছে। বিগত ১৯ টা বছৰত নটৰাজ সঙ্গীত মহাবিদ্যালয়ৰ পৰা কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সত্ৰীয়া নৃত্য, খোলবাদ্য বিষয়ত বিষাদ (B. Mus) উপাধি লাভ কৰি অসমীয়া সংস্কৃতিক আগুৱাই নিবলৈ সক্ষম হৈছে। সকলো দিশ উন্নত দেখি “অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদে” নটৰাজ কলা ক্ষেত্ৰক নটৰাজ সঙ্গীত মহাবিদ্যালয়লৈ উন্নীত কৰিছে। বর্তমান এই মহাবিদ্যালয়ত B. Mus ৰ লগতে M. Mus ৰ শিক্ষা পাঠ্যক্ৰম চলি আছে আৰু বিভিন্ন জনে ভাৰত চৰকাৰৰ সাংস্কৃতি সঞ্চালকালয়ে আগবঢ়োৱা প্ৰতিভা বিকাশজলপানী লাভ কৰিবলৈ সক্ষম হৈ আহিছে। ইয়াৰ লগতে অসমৰ প্ৰথম মহিলা গায়ন-বায়ন প্রদর্শণ এই মহাবিদ্যালয়ৰ তৰফৰ পৰা কৰা হৈছে বুলি অধ্যক্ষ দুৰ্গেশ্বৰ বৰুৱাই উল্লেখ কৰে।

অনুষ্ঠানত উপস্থিত থাকি কৃষ্ণগুৰু বিশ্ববিদ্যালয় ন’ সত্ৰৰ গৱেষণা সঞ্চালক তথা বুৰঞ্জীবিদ মাধুৰ্য্য মণ্ডিত বৰুৱা, অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া আদিয়ে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত তত্বগধূৰ বক্তব্য আগবঢ়াই। মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অনুষ্ঠানত উপস্থিত থকা মাধুৰ্য্য মণ্ডিত বৰুৱাৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা পত্ৰ, একোটাকৈ স্মাৰক আৰু চেলেং উপহাৰ হিচাপে আগবঢ়াই সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাখনৰ অন্তত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা খোল বাদন, বালক কৃষ্ণ নৃত্য, লৱণ চুৰি নৃত্য, ঝুমুৰা, ভোজন বেহাৰ নৃত্য পৰিৱেশন কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত নাট “কেলি গোপাল” প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বিশেষ ভূমিকা পালন কৰে উদযাপন সমিতিৰ সভাপতি মাধুৰ্য্য গগৈ, উপদেষ্টা ৰাতুল ভৰালী আদিয়ে।

সদৌ অসম সাংবাদিক মঞ্চ, কেন্দ্ৰীয় সমিতিৰ পূৰ্ণাংগ সমিতি গঠন…


অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত সদৌ অসম সাংবাদিক মঞ্চৰ অষ্টম কাৰ্য নিৰ্বাহক সভা আৰু সতীৰ্থ সন্মিলন অনুষ্ঠান অনুষ্ঠিত হয় । সতীৰ্থ সন্মিলনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক নেত্ৰজিৎ বৰা আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দ্য আছাম ৰাইজিং কাকতৰ নিউজ এডিটৰ অভিজিৎ চলিহাকে ধৰি আন কেইবাজনো অতিথি উপস্থিত থাকি নিজ নিজ ভাষণ আগবঢ়াই । ইপিনে মুকলি সভাৰ শেষত অসমৰ যুৱ সাংবাদিক তথা সদৌ অসম সাংবাদিক মঞ্চৰ উপদেষ্টা নেত্ৰজিৎ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয় কাৰ্য নিৰ্বাহক সভা।

সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে পুৰ্বৰ সভাপতি ছেলিম সেখক নিৰ্বাচিত কৰাৰ বিপৰিতে সাধাৰণ সম্পাদকৰ পদত মহেশ কুমাৰ দাস,কাৰ্যকৰী সভাপতি জাফৰ আলী, প্ৰশাসনিক সাধাৰণ সম্পাদক পদত ওমৰ ফাৰুক সেখ, কোষাধ্যক্ষ পদত আবু ছিদ্দিক আহমেদ আৰু উপ সভাপতি পদত সুৰোজ মাহাতোক নিৰ্বাচিত কৰি ৭০ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভাৰ শেষত সংবাদমেল সম্বোধন কৰে অসমৰ যুৱ সাংবাদিক নেত্ৰজিৎ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতিয়ে সংবাদমেল পাতি ৰাজ্যৰ প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক

এক কালীন সাহায্য, সাংবাদিকসকলৰ ল’ৰা-ছোৱালীৰ বিনামূলীয়া পাঠদান আৰু সাংবাদিকৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সেৱা, ৰাজ্যৰ সকলো সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, যথেমধে সামাজিক মাধ্যমত পেজ খুলি সাংবাদিকতা কৰা সকলক নিয়ন্ত্ৰণ কৰা, অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীয়ে পৰ্যাপ্ত পৰিমাণৰ দৰমহা অথবা মাননিৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰা হয় ।

কটন বিশ্ববিদ্যালয়ত ‘দেশভক্তি দিবস’ উদযাপন…

প্রেছ-বিজ্ঞপ্তি

‘দেশভক্ত তৰুণ ৰাম ফুকনৰ জীৱন যেন শ্রীকৃষ্ণই গীতাত কোৱাৰ দৰে ‘নিষ্কাম যোগীৰ দৰে। দেশৰ স্বাধীনতা সংগ্রামৰ অন্তনিহিত দর্শন আহিছিল গীতাৰ পৰা। মহাত্মাৰ বাণী অসমৰ চৌদিশে বিয়পাই দিয়াত ক্ষুকনৰ অৱদান আছিল অপৰিসীম। গান্ধীজীয়ে দেখুৱাইছিল যে জীৱনত মোক্ষ লাভ আৰু দেশে স্বাধীনতা লাভ কৰা দুয়োটা সমান কথা।’ আজি কটন বিশ্ববিদ্যালয় প্রশাসনে বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্রৰ সহযোগত

আয়োজন কৰা’দেশভক্তি দিবস’ উদযাপনত বক্তৃতা প্রদান কৰি লেখক তথা কলা সমালোচক জ্যোতি খাটনিয়াবে এই মন্তব্য আগবঢ়ায়। ‘দেশভক্তৰ জীৱন- দৰ্শন: উৎস আৰু প্রাসংগিতা’ শীর্ষক বক্তৃতাত খাটনিয়াৰে লগতে কয় যে, তৰুণ ৰাম ফুকনৰ দৃঢ় নৈতিক চৰিত্র, তেওঁৰ প্রখৰ বুদ্ধিদীপ্ততা আৰু ইংৰাজী ভাষাত থকা প্রগাঢ় দখলৰ বাবে তেঁওক ব্রিটিছ প্রশাসনকে ধৰি সকলোৱে শ্রদ্ধা কৰিছিল । সমসাময়িক সকলৰ দৃষ্টিত দেশভক্তৰ দুটা প্রধান গুণ আছিল- তেওঁৰ গভীৰ আত্মনির্ভৰশীলতা আৰু বিকাৰশূণ্য প্রবৃত্তি।

অনুষ্ঠানটিত দেশভক্তৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গ আৰু উপস্থিত থকা কেইবাগৰাকী ব্যক্তিয়ে। অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ দিলীপ ৰাজবংশীয়ে। এই মনোজ্ঞ তথা তথ্যগধুৰ বক্তৃতানুষ্ঠানটি সাফল্যমণ্ডিত কৰা বাবে দক্ষতা বিকাশ কেন্দ্রৰ ভাৰপ্রাপ্ত সঞ্চালক ড০সংগীতা বৰঠাকুৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

অৱসৰপ্ৰাপ্ত অধ্যাপক দীপ্তিৰেখা পাঠক মজুমদাৰৰ গ্ৰন্থ উন্মোচন…

গুৱাহাটীৰ লংকেশ্বৰ নিবাসী, কামৰূপ জিলাৰ নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপ্তিৰেখা পাঠক মজুমদাৰৰ “মই গুণগুণৰ মাকে কৈছোঁ” শীৰ্ষক সামাজিক উপন্যাসখন ২৬ জুলাইত তেওঁৰ নিজা বাসগৃহত উন্মোচন কৰা হয়। এই উপলক্ষে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হৰকুমাৰ নাথে সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডঃ দীপক কুমাৰ শৰ্মাই। উন্মোচনি ভাষণত ডঃ শৰ্মাই উপন্যাসখনৰ বিষয়বস্তুৰ উপৰিও উপন্যাস সাহিত্যৰ গতিধাৰাৰ ওপৰত এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।

লেখিকা দীপ্তিৰেখা পাঠক মজুমদাৰে গ্ৰন্থখন ৰচনাৰ আঁ‌ৰৰ কথা চমুকৈ ব্যাখ্যা কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সোণেশ্বৰ শৰ্মা, ডঃ মোহন চন্দ্ৰ কলিতা, অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ দীপামণি বৰুৱা দাস, গণেশ মজুমদাৰ আৰু প্ৰকাশক ৰতন দাসে চমু ভাষণ প্ৰদান কৰে। আনহাতে লেখিকা মণিৰূপা মিশ্ৰই আঁ‌ত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে ডঃ সন্ধ্যা পাঠকে। অনুষ্ঠানত গীতিকা দাসে কবিতা আবৃত্তি কৰে।

আধাঘন্টা সময় হাঁহি-মাতি কথা পাতিলোঃ পবিত্ৰ মাৰ্ঘেৰিটা! জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা…

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰ হাস্পতালত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। বিনৰ স্বাস্থ্য সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰি কয় যে সম্পূৰ্ণ সুস্থ জুবিন, আধাঘন্টা সময় হাঁহি-মাতি কথা পাতিলো।

তেওঁ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে এনে হৈছে। লগতে ৰমেন বৰুৱা নিৰুদ্দেশৰ পিছৰে পৰা জুবিনৰ মনটো বেয়া।

লাহে লাহে সুস্থ হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গ, ঔষধ খাবলৈ এৰি দিয়াৰ বাবে হঠাৎ অসুস্থ হৈছিল জুবিন। সম্প্ৰতি নেমকেয়াৰ হাস্পতালৰ MICUত চিকিৎসাধীন শিল্পীগৰাকী।

পুনৰ বৃদ্ধি পালে আলুৰ দাম ! প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি…

জনতাৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে আলুৰ দাম। প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি।

ছিণ্ডিকেটৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা বুলি মন্তব্য বিক্ৰেতাৰ।

পশ্চিমবংগত প্ৰতিখন ট্ৰাক পাৰ হোৱাৰ নামত দিব লাগে ২০-২৫ হাজাৰ টকা ।

পি টি অল্ড এজ হোমত শ্ৰোতশ্বিনী মহিলা সংঘৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন…

শ্ৰোতশ্বিনী মহিলা সংঘৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ২৭ জুলাইত গুৱাহাটীৰ বেলতলা চাৰ্ভেৰ অজন্তা পথত থকা পি টি অল্ড এজ হোম (বৃদ্ধাশ্ৰম)ত পালন কৰা হয়।পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংঘৰ সভানেত্ৰী ৰোজী দাসে। বন্তি প্ৰজ্বলন কৰে বৃদ্ধাশ্ৰমৰ বয়োবৃদ্ধা ডালিমী আইতাই। ইয়াৰ পিছতে ৰাণু কলিতাৰ পৰিচালনাত শ্ৰোতশ্বিনী মহিলা সংঘৰ সদস্যা সকলে দিহা নাম পৰিবেশন কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃদ্ধাশ্ৰমৰ আইতা সকলৰ মাজত বিয়া নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

সংঘৰ উপদেষ্টা, নাট পৰিচালক, প্ৰয়াত ৰবীন কুমাৰৰ সোঁৱৰণত অনুষ্ঠিত বিয়া নাম প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ক্ৰমে-জয়া প্ৰভা বড়ো আইত, মনালিছা আইতা আৰু পুতলি বড়ো আইতাই। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে আছিল সংঘৰ উপ সভানেত্ৰী নলিনী কলিতা। সভাত ৰবীন কুমাৰৰ বিষয়ে স্মৃতিচাৰণ কৰাৰ পিছত সম্পাদিকা অৰুন্ধতী দাসে ‘পিঠা’ নামৰ কবিতা এটি পাঠ কৰে। ইয়াৰ পিছত তুলসী দাসে লোকগীত, জয়ন্তী দাসে আৰু অৰ্চনা শৰ্মাই বিয়া গীত, ৰুবী মেধি আৰু নীলিমা দাসে কবিতা আবৃত্তি, মিনু কলিতাই ৰাভা সংগীত, ৰুবী ভূঞাই আধুনিক গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

ছামিউল তুমি য’তে নাথাকা কিয়, তুমি ঘৰলৈ উভতি আহাঃ পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ…

কোন দিশে আজিৰ নৱ প্ৰজন্ম! পিতৃয়ে শাসন কৰাৰ বাবে ঘৰৰ পৰা ওলাই গ’ল পুত্ৰ। এতিয়া পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ। তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা পুত্ৰক বিচাৰি নাপাই অৱশেষত আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোকে। যোৱা শুক্ৰবাৰৰ পৰা চাপৰৰ শিঙাৰপাকৰ বাসিন্দা ছানোৱাৰ হুছেইনৰ পুত্ৰ ছামিউল হুছেইন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হৈ আছে।

বিগত তিনিদিন ধৰি চাৰিওফালে পুত্ৰক বিচাৰি হাবাথুৰি খাইছে যদিও কোনো সুংসূত্ৰ পোৱা নাই পিতৃ-মাতৃয়ে। উপায়হীন হৈ অৱশেষত পিতৃয়ে চাপৰ আৰক্ষী থানাত এখন নিৰুদ্দেশ হোৱাৰ জাননী দিয়াৰ লগতে সংবাদমাধ্যমৰ কাষ চাপে। সংবাদমাধ্যমৰ জৰিয়তে পুত্ৰক ঘৰলৈ উভতি আহিবলৈ কোৱাৰ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰ গৰাকীক প্ৰত্যক্ষ কৰে তেন্তে 6001349059 নম্বৰ নাইবা চাপৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

অত্যাধিক কামৰ হেঁচাৰ বাবে খঙাল হৈ পৰে অধিকাংশ ভাৰতীয় কৰ্মচাৰী ! প্ৰায় ৬২ শতাংশ ভাৰতীয় কৰ্মচাৰী খঙাল স্বভাৱৰ…

অত্যধিক কামৰ হেঁচাৰ বাবে খঙাল হৈ পৰে অধিকাংশ ভাৰতীয় কৰ্মচাৰী। প্ৰায় ৬২ শতাংশ ভাৰতীয় কৰ্মচাৰী হৈ পৰে অত্যধিক খঙাল স্বভাৱৰ। এই পৰিসংখ্যা বিশ্বৰ গড় হিচাপতকৈ ৩ গুণ অধিক । চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে খং নামৰ অনুভূতিটোৰ উৎপত্তিৰ স্থান হৈছে মগজুৰ এমিগডালা নামৰ ঠাইডোখৰ। এক ছেকেণ্ডৰ ভগ্নাংশৰ ভিতৰতে খং উঠিলে ইয়াৰ পৰা নিঃসৰিত হোৱা ৰাসায়নিক দ্ৰব্যবোৰ হৈছে আৰ্জাই নিন-ভেছ’প্ৰেছিন, ড’পামিন, ক’ৰ্টিকো-ট্ৰ’পিন নিঃসৰণকাৰী দ্ৰব্যসমূহ, ন’ৰএডৰেনেলিন আৰু লগতে ছেৰ’টনিনৰ মাত্ৰা বাঢ়ে। এনেবোৰ ৰাসায়নিক দ্ৰব্যৰ মাত্ৰা বৃদ্ধিৰ হেতুকে শৰীৰে এক যুদ্ধং দেহি কিম্বা পলায়নৰ মানসিকতা গ্ৰহণ কৰে। কলিজাৰ কম্পনৰ নিৰিখ খৰ হয়, চকুৰ মণি বেছি ডাঙৰ হয়, ৰক্তচাপ বাঢ়ি যায় আৰু বেছিকৈ ঘাম ওলাবলৈ ধৰে। তাৎক্ষণিকভাৱে মগজুৰ সন্মুখৰ অংশটিলৈ তেজৰ সৰবৰাহ বাঢ়ি যায়। ছেৰ’টনিনৰ দৰে অন্যান্য ৰাসায়নিক দ্ৰব্যৰ নিঃসৰণতো ইয়াৰ এক ভূমিকা আছে। এইবোৰৰ মাত্ৰাধিক্যৰ বাবে যুক্তিযুক্ততাৰ ওভটনি যাত্ৰা ঘটে আৰু এনেদৰে লাহে লাহে ক্ৰোধৰ অৱসান ঘটে। অত্যধিক ক্ৰোধে সমগ্ৰ শৰীৰ সত্ত্বা আগুৰি ধৰিলে সেই স্থান আৰু পৰিৱেশ ত্যাগ কৰাই বাঞ্ছনীয় আৰু বিকল্প উপায়ৰূপে মৌখিক অথবা শাৰীৰিকভাৱে দ্বন্দ্বযুদ্ধত অৱতীৰ্ণ হ’ব লাগিব। দেহাত ছেৰ’টনিনৰ মাত্ৰা তাকৰীয়া হ’লে যুক্তিবিহীনভাৱে খং উঠে আৰু আগ্ৰাসনমূলক আচৰণ ব্যক্তিগৰাকীয়ে প্ৰদৰ্শন কৰিব পাৰে।

খঙৰ অপকাৰিতা-

শৰীৰ আৰু মনত ক্ৰোধৰ দাবানল জ্বলি উঠাৰ সময়ত ব্যক্তিগৰাকীয়ে ইয়াৰ অগনি অনুভৱ কৰিব পাৰে। এই অনুভূতিটোৰ বহিঃপ্ৰকাশ তেওঁ ঘটাব পাৰে বা অৱদমিত কৰিব পাৰে আৰু নিজকে শান্ত কৰিব পাৰে। বয়োজ্যেষ্ঠ বা ক্ষমতাত অধিষ্ঠিত কোনো ব্যক্তিৰ প্ৰতি খঙৰ ভাব প্ৰদৰ্শনে ব্যক্তিগৰাকীৰ ভৱিষ্যৎ জীৱনত বিৰূপ প্ৰভাৱ পেলায়। আনহাতে দীঘলীয়া সময়ৰ বাবে অৱদমিত কৰি ৰখা খঙেও ব্যক্তিগৰাকীৰ দেহত ঋণাত্মক প্ৰভাৱ পেলায়, ৰক্তচাপ বাঢ়ে। তদুপৰি এই অনুভূতিৰ হেতুকে ষ্ট্ৰোক হৈ হাত-ভৰি অসাৰ হ’ব পাৰে আৰু অত্যধিক বুকুৰ বিষ হৈ হাৰ্ট এটেক হ’ব পাৰে। খং প্ৰশমিত কৰিবলৈ বহুতে বেছিকৈ খোৱা-বোৱা কৰে আৰু ইয়াৰ ফলত মেদবহুলতাত আক্ৰান্ত হোৱাৰ উপৰি হতাশাতো ভুগিব পাৰে।

খং কমাবৰ বাবে উপায়

যুক্তিৰ সহায়ত কেতিয়াবা খঙক পৰাভূত কৰিব পাৰি। ঘটনাৰ ক্ৰমবোৰ যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰিলে মানসিক বোজা ভালেখিনি পাতল হয়। খঙাল প্ৰকৃতিৰ মাত্ৰা কমাবলৈ খং উঠি থকা মানুহজনে যাৰ ওপৰত খং উঠিছে তেওঁৰ বক্তব্য শুনাৰ অভ্যাস কৰাৰ উপৰি নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাস কৰিব লাগিব।

একোজন ব্যক্তিৰ দৈহিক আৰু মানসিক গাঁথনিৰ ওপৰত এনেবোৰ ব্যায়াম নিয়মীয়াভাৱে ৪০ মিনিটকৈ কৰিলে যোগাত্মক প্ৰভাৱ পৰে- চাইকেল চালনা, খোজকঢ়া, দৌৰা, সাঁতোৰা আৰু জগিং কৰা। এনেধৰণৰ ব্যায়াম কৰা হেতুকে মাংসপেশীৰ পৰা নিঃসৰিত দ্ৰব্যই ছেৰ’টনিনৰ মাত্ৰা বঢ়ায়। অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে নিতৌ ব্যায়াম কৰা মানুহবোৰৰো খং নুঠাকৈ নাথাকে। পিছে দেহৰ পৰা নিঃসৰিত হোৱা দ্ৰব্যবোৰ হিংস্ৰ আচৰণত লিপ্ত হোৱাত বাধা দিয়ে।

নিজেই কণমানি শিশুবোৰে কেতিয়াবা অস্বাভাৱিক আচৰণ কৰে। আনকি ইহঁতে কামুৰিবও পাৰে। সিহঁতক বুজি পাবলৈ প্ৰাপ্তবয়স্কসকলে দেখুওৱা অসামৰ্থতাৰ বাবেই এনে হয়। বয়সৰ অগ্ৰগতিৰ লগে লগে মগজুটি পৈণত হোৱাৰ সময়ত ফ্ৰণ্টেল ল’বটিৰ কাম-কাজ সক্ৰিয় হয় আৰু ফলত অবাঞ্ছনীয় কাম-কাজবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে যদিহে এই মগজুৰ ফ্ৰণ্টেল আৰু টেম্প’ৰেল ল’ব নামৰ অংশকেইটাৰ কিবা শৰীৰতাত্ত্বিক বিজুতি ঘটিলে প্ৰাপ্তবয়স্ক অৱস্থাটো মানুহ এজনে অস্বাভাৱিক ধৰণৰ হিংস্ৰ আচৰণ কৰিব পাৰে। ই-ই জি বা এম আৰ আই স্কেন কৰি এনেধৰণৰ অস্বাভাৱিকতা ধৰা পেলাব পাৰি।