Home Blog Page 666

মুকালমুৱাৰ গলদীঘলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা…

মুকালমুৱাৰ গলদীঘলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী ১৭ বছৰীয়া কিশোৰী শনিবাৰে বিয়লিৰ পৰা নিৰুদ্দেশক হৈ আছিল। ঘটনাৰ বিৱৰণী অনুসৰি গলদীঘলা গাৱৰ নুৰ হক নামৰ লোকজনৰ ১৭ বছৰীয়া কন্যা হাচনা বেগম শনিবাৰে বিয়লি বান্ধৱীৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ ওলাই অহাৰে পৰা নিৰুদ্দিষ্ট হৈছিল । সন্ধিয়া কিশোৰী গৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে ।

পিছত ওচৰতে বিচাৰ খোচৰ কৰাত গলদীঘলাৰ কুৰবৰী জানৰ ওপৰত থকা দলঙখনত হাচনাৰ চেন্দেলযোৰ প্ৰত্যক্ষ কৰে স্থানীয়লোকে। পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আনহাতে কিশোৰী গৰাকীৰ চেন্দেল উদ্ধাৰ হোৱাত আত্মহত্যাৰ আশংকাত নিশা প্ৰশাসনৰ লোকে উক্ত স্থানতেই অভিযান চলাই।

কিশোৰী গৰাকীৰ বান্ধৱীয়ে দলঙৰ ওপৰৰ পৰা কুৰুবৰী জানত জাপ দিয়া বুলি অৱগত কৰাই আৰক্ষীৰ লোকক। বান্ধৱী গৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষী আৰু এন ডি আৰ এফে অভিযান চলাই আজি পুৱা জানটোৰ পৰা উদ্ধাৰ কৰে হাচনা বেগম নামৰ কিশোৰী গৰাকীৰ মৃতদেহ । বান্ধৱীৰ ভাষ্য মতে প্ৰেমজনিত কাৰনতেই এনেদৰে কিশোৰী গৰাকীয়ে চৰম সিদ্ধান্ত বাচি লোৱা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়া সমগ্ৰ আদাবাৰী গলদীঘলা অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

পুনৰ আটক ভিক্টৰ দাস ! দদৰাস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ ভিক্টৰ দাসক…

পুনৰ আটক ভিক্টৰ দাস। পথত অৰ্ধ উলংগ হৈ উদ্ভণ্ডালি কৰি গ্ৰেপ্তাৰ ভিক্টৰ দাস।

অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ পথত বাহন আগভেটি আৰোহীকো আক্ৰমণ । ভাঙি চূৰমাৰ কৰিলে AS 01DV 5125 নম্বৰৰ বাহনখন।

লগতে আন এখন বাহনো ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ভিক্টৰ দাসে। দদৰাস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ ভিক্টৰ দাসক।

সোণাৰি চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ আতংক…

বানৰ সমান্তৰালকৈ কলিয়াবৰত বাঘৰ আতংক। সোণাৰি চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বিচৰণ।

চিত্ৰনলা বাগান এলেকাতো দেখা গৈছে বাঘটো।বাঘটোৱে ভক্ষণ কৰিছে কেইবাটাও পশুধন।

আতংকত দিন কটাইছে অঞ্চলটোৰ ৰাইজে।

ডনাল্ড ট্ৰাম্পৰ ভয়াৱহ আক্ৰমণৰ ভাগ বতৰা কৰিছে প্ৰত্যক্ষদৰ্শীয়ে…

ডনাল্ড ট্ৰাম্পে শনিবাৰে তেওঁৰ পেনচিলভেনিয়া ৰেলীত হত্যাৰ চেষ্টাৰ পৰা বাচি গৈছিল, তৃতীয়বাৰৰ বাবে ৰিপাব্লিকান মনোনয়ন গ্ৰহণ কৰাৰ কেইদিনমান আগতে। এজন দৰ্শক আৰু শ্বুটাৰৰ মৃত্যুৰ পিছত গুলীবৰ্ষণৰ এক বেৰেজ সমাপ্ত হয়, আৰু দুজন ৰেলীযাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপন সেৱাৰ চোৰাংচোৱাই প্ৰতিশোধমূলক গুলীত নিহত হোৱাৰ আগতে শ্বুটাৰজনে, যি ৰেলীত অংশগ্ৰহণ কৰা নাছিল, ব্যৱসায়িক টাইকুনৰ পৰা ৰাজনীতিবিদ হোৱাক এক উচ্চ স্থানৰ পৰা আঁতৰাবলৈ চেষ্টা,খবৰ অনুসৰি আক্ৰমণকাৰীজনে এজিআৰ ইণ্টাৰনেচনেল নামৰ এটা নিৰ্মাণ কাৰখানাৰ সৈতে সম্পৰ্কিত এটা অট্টালিকাৰ চালৰ পৰা ৰেলীত গুলী চালনা কৰিছিল। মঞ্চৰ পৰা চালখন ১৫০ মিটাৰতকৈও কম আছিল। প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে গুলীচালনাৰ ফলত সমদলস্থলীত আতংক আৰু সম্পূৰ্ণ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

মঞ্চত ট্ৰাম্পৰ সোঁফালে বহি থকা পেনচিলভেনিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ ৰিপাব্লিকান প্ৰাৰ্থী ডেভ মেককৰ্মিকে কয়, “সকলোৱে আঁঠু বা তেওঁলোকৰ প্ৰৱণ স্থিতিলৈ গৈছিল, কিয়নো আমি সকলোৱে জানিছিলো, সকলোৱে এই টো গুলীচালনাৰ বিষয়ে অৱগত হৈছিল।” তেওঁ কৈছিল যে তেওঁ পিছত লক্ষ্য কৰিছিল যে মঞ্চৰ পিছফালে কাৰোবাক গুলীৰ দ্বাৰা আঘাত কৰা হৈছিল। “মই কেইবাটাও গুলীবৰ্ষণৰ শব্দ শুনিছিলো। মোৰ কাষৰ মানুহজনৰ মূৰত গুলীৰ শব্দ হৈছিল, লগে লগে নিহত হৈছিল (আৰু) ব্লিচাৰৰ তললৈ পৰি গৈছিল। আন এগৰাকী মহিলাক এনে লাগিছিল যেন তেওঁ বাহু বা হাতত আঘাত পাইছিল,” তেওঁ কৈছিল।তেওঁ লগতে কয় যে ভুক্তভোগীজন বন্দুকধাৰী আৰু ৰাষ্ট্ৰপতিৰ মাজত আছিল।এজন প্ৰত্যক্ষদৰ্শীয়ে বিবিচিক কৈছিল যে তেওঁ শ্বুটাৰজনক এটা ৰাইফলৰ সৈতে নিৰাপত্তা পৰিধিৰ ঠিক বাহিৰত এটা নিম্ন-উচ্চঅট্টালিকাৰ চালত উঠি থকা দেখিছিল। তেওঁ ওচৰৰ আৰক্ষী বিষয়াসকলক সাম্ভাব্য ভাবুকিৰ বিষয়ে সতৰ্ক কৰিবলৈ চিঞৰিছিল।

আজি জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ পঞ্চমখন T20 মেচ…

আজি জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ পঞ্চমখন T20 মেচ।

জিম্বাবৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।

ইতিমধ্যে ৩-১ৰ ব্যৱধানত শৃংখলা দখল কৰিছে টীম ইণ্ডিয়াই।

আজাৰা আৰক্ষীয়ে মুকালমুৱাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই গৰু চোৰক

আজাৰা, ১৩ জুলাই :: মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত বি গেভিন্ন অঞ্চলত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত এটা সময়ত স্থানীয় গাঁওবাসী ৰাইজৰ নিদ্ৰাহৰণ হৈছিল। উল্লেখ্য যে আজাৰা আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ ফলতেই চোৰে বুকু ফিন্দাই যোৱা ফেব্ৰুৱাৰী মাহত প্ৰত্যেক দিনাই চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হৈছিল । জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহত বৰবৰী অঞ্চলৰ হৰমোহন দাসৰ গোহালিৰ পৰা- নিশা দুটাকৈ গৰু নয়ন দাসৰ এটা গৰু আৰু হীৰাপাৰাৰ কেশৱ দাসৰ এটা গৰু কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়া কাৰ্যই আজাৰাবাসী ৰাইজক চিন্তান্বিত কৰি তুলিছিল ।

প্ৰায় ৫/৬ মাহৰ অন্তত আজাৰা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত যোৱা নিশা আৰক্ষীয়ে নলবাৰী জিলাৰ মুকালমুৱাত অভিযান চলাই আটক কৰে দুই গভাইত গৰু চোৰক । চোৰ দুজন মুকালমুৱাৰ মহিবৰ ৰহমান (৩২) আৰু সীমান্ত কৈৰ্বত্ত (২৫)। প্ৰায় ৫ মাহ পূৰ্বে আজাৰাৰ হীৰাপাৰা নিবাসী নিৰঞ্জন দাস নামৰ এজন লোকৰ গোহালিৰ পৰা চুৰি কৰিছিল গাই গৰু ।

আজাৰা আৰক্ষীয়ে এই দুই চোৰে গৰু চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা বাহন সহ চালকক আটক কৰিছিল যদিও গৰু উদ্ধাৰ হোৱা নাছিল । আৰক্ষীয়ে জানিব দিয়া মতে বাহনৰ চালকৰ স্বীকাৰৰোত্তিৰ ভিত্তিত আজাৰা আৰক্ষীয়ে মুকালমুৱাত অভিযান চলাই আটক কৰে এই দুই গৰু চোৰক । এই দুই গৰু চোৰ মহিবৰ ৰহমান আৰু সীমান্ত কৈৱত্বই বিভিন্ন ঠাইত গৰু চুৰি কাৰ্য্যত লিপ্ত আছিল । আৰক্ষীয়ে এই সন্দৰ্ভত দুই চোৰক কেচ নম্বৰ 38/2024 U/S.. 380 ধাৰাত গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে ।।

“এখন মাজুলীৰ দৰে” শীৰ্ষক দৃশ্য – শ্ৰব্য গীত উন্মোচন

গুৱাহাটী ,১জুলাই: ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত নীৰৱে কাম কৰি অহা সংগীত শিল্পী মল্লিকা গোস্বামী বৰকটকীৰ ৰচনাৰ ‘এখন মাজুলীৰ দৰে’ শীর্ষক দৃশ্য-শ্রব্য গীত এটি আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক গম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। উল্লেখ্য গীতটিত কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীয়ে। সুৰ চন্দন বেজবৰুৱাৰ। সঙ্গীত ব্যৱস্থাপনা তপন দাসৰ।

শব্দ-সংমিশ্রণ ইবছন লাল বৰুৱাৰ। ভিডিঅ’ গ্রাফী মোহন টেৰণ আৰু লেংডন সন্দিকৈৰ। আনহাতে এই উপলক্ষে এগছি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে নিৰৎপল গোস্বামীয়ে। অনুষ্ঠানত সূর্য্য গোস্বামী , পুলক বেনার্জীকে ধৰি উপস্থিত কেবাজনেও ভাষণ প্ৰসংগত গীতটো ৰচনা কৰা মল্লিকা গোস্বামী বৰকটকীয়ে সাংস্কৃতিক ক্ষেত্ৰখনত নীৰৱে কাম কৰি অহা কথাটোৰ শলাগ লয় আৰু গীতটোৱে ৰাইজৰ মন জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।প্ৰদান কৰে।

অনুষ্ঠানত মল্লিকা গোস্বামী বৰকটকীয়ে গীতটো ৰচনা কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে অাৰু কণ্ঠদান কৰা বাবে পুলক বেনাৰ্জীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত জে পি দাস, দ্বীজেন কাকতি, সৌৰভ মহন্ত, সংগীতা বৰঠাকুৰ, কণিকা ভট্টাচার্য, মালবিকা বৰা, কুইন দাস, অঞ্জনা গগৈ, শান্তা উজীৰকে ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে শনিবাৰে ইউ টিউব আৰু আন ডিজিটেল মাধ্যম যোগে উন্মোচন কৰা প্ৰায় ৫ মিনিট দৈৰ্ঘ্যৰ এখন মাজুলীৰ দৰে গীতটোৰ চিত্ৰগ্ৰহণ গুৱাহাটী আৰু ডিব্ৰগড়ৰ মনোমোহা স্থানত সম্পন্ন কৰা হৈছিল।

কামতাপুৰ অটোনমাচ কাউন্সিল (কে এ চি) ৰ মুখ্য কাৰ্য্যবাহী পৰিষদৰ চকী দখলৰ বাৱে অঘোষিত মাৰাথন প্ৰতিযোগিতা

গৌৰীপুৰ, ১৩ জুলাই ২০২৪ইংঃ- নাৰী কেলেংকাৰীকে ধৰি বিভিন্ন দুৰ্নীতিৰ অভিযোগত কামতাপুৰ অটোনমাচ কাউন্সিল (কে এ চি) ৰ মুখ্য কাৰ্য্যবাহী পৰিষদ গোকুল বৰ্মনৰ অপসৰণৰ পিছতেই মুখ্য কাৰ্য্যবাহী পৰিষদৰ চকী দখলৰ বাৱে কে এ চিৰ একাংশ পাৰিষদৰ মাজত যেন চলিছে অঘোষিত মাৰাথন প্ৰতিযোগিতা।

ইয়াৰ মাজতে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি)ৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কে এ চিৰ বিলখন সংশোধন কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি) ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কয় যে ৰাজ্য চৰকাৰে যিহেতু স্বায়ত্ব শাসিত পৰিষদ খনৰ নামাকৰণ-কামতাপুৰ স্বায়ত্ব শাসিত পৰিষদ হিচাপে ৰাখিছে, সেই বাৱে কে এ চিত অবিভক্ত গোৱালপাৰা জিলাৰ ( বি টি আৰ আৰু ৰাভা হাছাং অঞ্চল বাদ দি) সমগ্র অঞ্চলক সাঙুৰি লব লাগে আৰু পাৰিষদৰ সংখ্যা বৰ্তমানৰ ২৬ জনৰ পৰা বৃদ্ধি কৰি ৪০ জন কৰিবলৈ আবেদন জনায়। ইয়াৰে ৩০ খন আসন কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকৰ বাৱে , ৫ খন আসন অনু সূচিত জাতিৰ লোকৰ বাৱে আৰু ৫ খন আসন সাধাৰণ শ্ৰেণীৰ লোকৰ বাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।

সমান্তৰাল ভাবে আন চাৰি সদস্যক বিভিন্ন সম্প্রদায়ৰ পৰা ৰাজ্যপালৰ জড়িতে মনোনয়ন কৰাৰ ব্যৱস্থা কৰিব লাগিব৷ বিবৃতিটোত কে পি পিৰ সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় স্বায়ত্ত শাসন যিহেতু ত্ৰিস্তৰীয় পঞ্চায়তী ৰাজৰ বিকল্প ব্যবস্থা , সেয়ে কে এ চিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকে ধৰি বাদ পৰি যোৱা বহু গুৰুত্বপূৰ্ণ অন্তর্ভুক্ত কৰিব কৰা উচিত । যেনেঃ- ভুমি আৰু ৰাজহাহ দপ্তৰ , নদ-নদী আৰু ঘাট, গড়কাপ্তানী বিভাগ, বন বিভাগ, কৃষি বিভাগ আদি কে এ চিত অন্তর্ভুক্ত কৰিব লাগিব। মুঠতে কে এ চিক এক শক্তিশালী স্বায়ত্ত শাসিত পৰিষদ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাৱে ৰাজ্য চৰকাৰক উপযুক্ত ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনোৱা হল।


কে পি পিৰ সাধাৰণ সম্পাদক গৰাকীয়ে কে এ চিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনৰ অপসৰণৰ পিছত সৃষ্টি আচলাৱস্থ দুৰ কৰিবলৈ মুখ্য কাৰ্যবাহী পাৰিষদ হিচাপে ৰাজনৈতিক ভাৱে পৰিপক্ক আৰু সুদক্ষ ব্যক্তিক বাচনি কৰিবলৈ আবেদন জনায়। নহলে ৰাজনৈতিক ভাৱে অৱহেলিত, অৰ্থনৈতিক ভাৱে দুৰ্বল, সামাজিক ভাৱে পিছপৰা কোচ-ৰাজবংশী জনগোষ্ঠীৰ সব্বাঙ্গীন বিকাশ আৰু উন্নয়নৰ কাৰণে গঠিত স্বায়ত্ত শাসিত পৰিষদখন একাংশ দুৰ্নীতিপৰায়ণ পাৰিষদৰ বাৱে হৈ পৰিব সোনৰ কনি দিয়া হাঁহ। যতে কে এ চিত দ্বিতীয় জন গোকুল বৰ্মনৰ জন্ম নহয়। সেই দিশত বিশেষ দৃষ্টি নিক্ষেপ কৰিবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি কে পি পিৰ ফালৰ পৰা আবেদন কৰিলোঁ।


ইফালে বিবৃতিটোত কে পি পিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে আৰু কয় যে অসমৰ ৰাজনৈতিক ইতিহাসত কোচ-ৰাজবংশী জনগোষ্ঠীয়ে আজি অৰ্ধ শতকতকৈ অধিক সময় জনজাতিৰ মৰ্যাদা বিচাৰি আন্দোলন অব্যাহত ৰাখিছে ; গতিকে অতিশীঘ্রই ৰাজ্য চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যবস্থা গ্রহণ কৰা উচিত।

গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ! কাঞ্চন গছেৰে গৰাখহনীয়া সমস্যা সমাধানৰ পোষকতা…

অৰুণাচল প্ৰদেশ আৰু উত্তৰ অসমত হৈ থকা ভয়াবহ আৰু গৰাখহনীয়াই  স্থানীয় ৰাইজৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি ৰাখিছে।  বিশেষকৈ  ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁও বানপানীৰ লগতে গৰাখহনীয়াত বিপৰ্যস্ত হৈছে ৷ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে এলানি আঁচনি গ্ৰহণ কৰিছে ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই কালি আৰু আজি বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই  গোগামুখ ৰাজহ অন্তৰ্গত গেৰমে শান্তিকপুৰ,  ভেকেলি, ১ নং কৃষ্ণপুৰ, দুই নং কৃষ্ণপুৰ আৰু আৰু ধৰ্মপুৰৰ বান আৰু গৰাখহনীয়াগ্ৰস্ত জনসাধাৰণৰ লগত মত-বিনিময় কৰে ৷

জনসা৷ধাৰণৰ লগত আলোচনা কৰাৰ অন্তত গেৰমে নদীৰ প্ৰায় এক কিলোমিটাৰ অংশ পাৰ্কিউপাইন, বল্ডাৰ আদিৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ সমান্তৰালভাৱে কাঞ্চন গছ বা ফুল জবা গছ ৰোপন কৰিও খহনীয়া প্ৰতিৰোধ কৰিব লাগিব বুলি দোহাৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ তেওঁ কয়- পৰিষদৰ ফালৰ পৰা বিভিন্ন গৰাখহনীয়াগ্ৰস্ত অঞ্চলত পাৰ্কিউপাইনৰ ব্যৱস্থা কৰাৰ উপৰিও উক্ত অঞ্চলবোৰত কাঞ্চন গছৰ লগতে কম সময়তে ডাঙৰ হোৱা গছ ৰোপন কৰা হৈছে আৰু উক্ত অঞ্চলসমূহত বানৰ লগতে গৰাখহনীয়া স্থায়ীভাৱে সমাধান হৈছে ৷

গেৰমে নদীৰ ওপৰটো এনেধৰণৰ ব্যৱস্থাপনা কৰি নদীখনৰ পৰা জনসাধাৰণে সন্মুখীন হৈ অহা সমস্যাৰ সমাধান হ’ব বুলি তেওঁ ৰাইজৰ আগত দোহাৰে ৷ উল্লেখনীয় যে, খৰস্ৰোতা পাহাৰীয়া নৈ গেৰমে নদীয়ে বাৰিষা উত্তাল ৰূপ ধাৰণ কৰি বহুকেইখন গাঁৱৰ ৰাইজক প্ৰতিবছৰে জ্বলা-কলা খোৱাই আহিছে ৷ মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়া ভেকেলি, গেৰমে শান্তিপুৰ, ধৰ্মপুৰ, ১ নং কৃষ্ণপুৰ আৰু ২ নং কৃষ্ণপুৰ আদিৰ বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি ৰাইজক বান আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস দিয়ে ৷  বান আৰু গৰাখহনীয়া পৰিদৰ্শন কালত মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াক সহযোগ কৰে টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, কাৰ্যকৰী সদস্য সঞ্জীৱ মিলি,  পৰিষদৰ মিংমাং পৰিষদীয় সমষ্টি সমিতিৰ আহ্বায়ক ভূপেন পেগুৱে ৷ 

এছিয়ান গেমছ-পেৰালিম্পিকলৈ খেলুৱৈ সাজু কৰাৰ লক্ষ্য অসম পেৰালিম্পিক সন্থাৰ…

এছিয়ান গেমছ-পেৰালিম্পিকলৈ খেলুৱৈ সাজু কৰাৰ লক্ষ্য অসম পেৰালিম্পিক সন্থাৰ

অসমৰ ছগৰাকী পেৰা সাঁতোৰবিদক এবছৰলৈ প্ৰশিক্ষণ দিয়াত সহায় কৰিব এছ বি আয়ে

অসম পেৰালিম্পিক সন্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰালিম্পিক গেমছলৈ ৰাজ্যৰ খেলুৱৈক সাজু কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ পদক্ষেপ হাতত লৈছে৷ উল্লেখ্য যে যোৱা বছৰ চীনত অনুষ্ঠিত হৈ যোৱা পেৰা এছিয়ান গেমছত অসমৰ আনোৱাৰ শিকদাৰে ভাৰতীয় সাঁতোৰ দলক প্ৰতিনিধিত্ব কৰিছিল৷ আনোৱাৰে ইটালীত বিশ্ব পেৰা চেম্পিয়নশ্বিপতো দেশক প্ৰতিনিধিত্ব কৰিছে৷

অসমৰ পেৰা সাঁতোৰবিদৰ ধাৰাবাহিক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক সফলতাৰ বাবে ৰাজ্যিক সন্থাটোৱে ছগৰাকী খেলুৱৈক জাপানত হ’বলগা পেৰা এছিয়ান গেমছ তথা আমেৰিকাত হ’বলগা পেৰালিম্পিকলৈ সাজু কৰাৰ লক্ষ্যৰে উন্নত প্ৰশিক্ষণ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ আনহাতে, সন্থাক এই প্ৰস্তুতিত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক অব ইণ্ডিয়া [এছ বি আই]৷ শুকুৰবাৰে অসম পেৰালিম্পিক সন্থা আৰু এছ বি আইৰ মাজত এই বিষয়ে এখন চুক্তিও সম্পন্ন হৈছে৷

চুক্তি অনুসৰি ৰাজ্যৰ নিৰ্বাচিত ছগৰাকী পেৰা সাঁতোৰবিদক এবছৰৰ বাবে [২০২৪-২৫ চন] অনুশীলনৰ সকলো ব্যয় এছ বি আয়ে দিব৷ নিৰ্বাচিত পেৰা সাঁতোৰ ছগৰাকী হ’ল ধুনু টাও, আনোৱাৰ শিকদাৰ, কৃষ্ণ দাস, য়েছমিনা খাতুন, সাজিদা বেগম আৰু প্ৰীতি দাস৷ অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে এছ বি আইৰ এই সহযোগিতাৰ বাবে বেংক প্ৰতিষ্ঠানটোক ধন্যবাদ জনাইছে৷ এয়া অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ বুলি ব্যক্ত কৰি দে এই পদক্ষেপে ৰাজ্যৰ পেৰা এথলীটক উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি কয় ৷

অসম পেৰালিম্পিক সন্থাৰ কাৰ্যালয়ত হোৱা চুক্তি সম্পাদন অনুষ্ঠানত এছ বি আইৰ স্থানীয় মুখ্য কাৰ্যালয়ৰ এজিএম সুজিত দে আৰু মেনেজাৰ [এম চি এণ্ড চি এছ আৰ] পৱন কুমাৰ বাৰ্মা উপস্থিত থকাৰ বিপৰীতে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেসহ উপ সভাপতি হিমা ওজাহ দাস আৰু কোষাধ্যক্ষ খগেন কলিতা উপস্থিত আছিল৷