Home Blog Page 670

আমাৰ ভৱিষ্যত ইয়াতকৈ উজ্জ্বল হ’ব নোৱাৰে”: আমেৰিকাই ভাৰতীয়ক মহাকাশলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত সুনীতা উইলিয়ামছ…

ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ উৰা মাৰিবলগীয়া ভাৰতীয় মহাকাশচাৰীসকলক লগ পাবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আমেৰিকাৰ ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন (নাছা)ৰ সৈতে যৌথ প্ৰকল্পৰ কাম কৰি আছে ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ। ভাৰতে বাছি লোৱা চাৰিজন মহাকাশচাৰীৰ ভিতৰত দুজনক প্ৰশিক্ষণৰ বাবে নাছালৈ প্ৰেৰণ কৰা হ’ব, আৰু ইয়াৰে এজনক মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত কৰা হ’ব ।

মহাকাশ সংস্থা দুটাই পৃথিৱী-পৰ্যবেক্ষণৰ যৌথ অভিযান নিছাৰ (নাছা ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ)ৰ বাবেও সহযোগিতা আগবঢ়াইছে। আই এছ এছৰ পৰা দিল্লীত থকা আমেৰিকাৰ দূতাবাসলৈ প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাত সুনীতা উইলিয়ামছে কয় যে, ‘ভাৰত আৰু আমেৰিকাই একেলগে কাম কৰি তৰাবোৰ অন্বেষণ কৰি বহু সফলতা লাভ কৰিছে।আৰু আমাৰ একেলগে ভৱিষ্যত ইয়াতকৈ উজ্জ্বল হ’ব নোৱাৰে পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ।

বৰ্তমান প্ৰায় এমাহ ধৰি সমস্যাত আক্ৰান্ত বয়িং ষ্টাৰলাইনাৰৰ বাবে আই এছ এছত আবদ্ধ হৈ আছে ছানীয়ে।

আমাৰ গ্ৰহৰ পৃষ্ঠৰ পৰিৱৰ্তন জুখিবলৈ এই বছৰ ভাৰতৰ পৰা উৎক্ষেপণ কৰিবলগীয়া নিছাৰ উৎক্ষেপণৰ দিশত নাছা আৰু ইছৰ’ই কাম অব্যাহত ৰাখিছে।’

উইলিয়ামছে লগতে কয়, “পৃথিৱীলৈ উভতি অহাৰ পিছত আমি নাছাৰ টেক্সাছৰ হিউষ্টনত থকা জনছন স্পেচ চেণ্টাৰত প্ৰশিক্ষণ লোৱা ভাৰতীয় মহাকাশচাৰীসকলক সাক্ষাৎ কৰিবলৈ আগ্ৰহী। ভাৰত আৰু বিশ্বৰ দেশসমূহৰ সৈতে আমাৰ অংশীদাৰিত্বই আকাশলৈ মানৱতাৰ প্ৰসাৰতা বৃদ্ধি কৰাত সহায় কৰিব।”

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ ! অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ডাঙৰ সকাহ৷ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ৷

ইডি গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে যদিও আপাততঃ জেলৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰীগৰাকী।

কাৰণ চিবিআইয়ে ইতিমধ্যে তেওঁক জেলত গ্ৰেপ্তাৰ কৰিছে। সেই গোচৰত তেওঁ এতিয়াও জেলৰ জিম্মাত আছে। ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা গোচৰটো আজি আদালতে সৰ্বোচ্চ বিচাৰপীঠলৈ প্ৰেৰণ কৰে।

আজি উচ্চতম ন্যায়ালয়ে কয় যে যোৱা ৯০ দিন ধৰি জেৰা অব্যাহত আছে। তেওঁ নিৰ্বাচিত প্ৰতিনিধি হিচাপে নিজৰ ভূমিকা পালন কৰে নে নকৰে সেয়া তেওঁৰ ওপৰত নিৰ্ভৰশীল।

চাহ জনগোষ্ঠীলৈ কেইটামান বিশেষ আঁচনি ঘোষণা ! Xযোগে মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে এই কথা…

চাহ জনগোষ্ঠীলৈ কেইটামান বিশেষ আঁচনি ঘোষণা
ATCLৰ চাহ শ্রমিকৰ বাবে ২০ শতাংশ বানচ
চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা


MBBSৰ বাবে ৩০খন আসন সংৰক্ষণ
মহিলা আত্মসহায়ক গোটলৈ ২৫,০০০ টকাকৈ আর্থিক সাহায্য


১১৮ খন মডেল স্কুল স্থাপন
Xযোগে মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে এই কথা

বৰাগাঁৱত দীনবন্ধু জীৱন দাসক স্মৰণ…

বিশিষ্ট সমাজকৰ্মী, ৰাজনীতিবিদ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পঞ্চায়ত কৰ্মী প্ৰয়াত জীৱন দাসৰ এখনি স্মৃতিচাৰণ সভা তেওঁৰ প্ৰথম মৃত্যু তিথিৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ বৰাগাঁৱৰ মিকিৰঘূলিত তেওঁৰ বাসভৱনত অনুষ্ঠিত হৈ যায়। শিক্ষাবিদ ডঃ উমেশ চন্দ্ৰ কৰৰ সভাপতিত্ব অনুষ্ঠিত এই সভাখন উদ্ধোধন কৰে বিশিষ্ট শিল্পী ধনঞ্জয় শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট লেখক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে কয় যে জীৱন দাস আছিল দুখীয়াৰ বন্ধু। তেওঁ আছিল পঞ্চায়তীৰাজত বিশ্বাসী এগৰাকী গণতান্ত্ৰিক ব্যক্তি। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে অতি সম্প্ৰতি আমাৰ সমাজত প্ৰজন্মৰ ব্যৱধানে সমাজ জীৱনক বহু ক্ষেত্ৰত অসুখী কৰি তুলিছে। এতিয়া সমাজত এক্স আৰু জেদ জেনাৰেছনৰ ৰাজত্ব চলিছে। তেওঁলোকৰ সৰহভাগেই অসহিষ্ণু আৰু আগ্ৰাসী। কিন্তু তেওঁলোক পৰিৱৰ্তনকামী।

নিজৰ পিতৃ-মাতৃৰ সৃষ্টিশীল কৰ্ম আৰু সামাজিক বিশালতাৰ প্ৰতি নতুন প্ৰজন্মৰ আবেগ কম। তেওঁলোক বহুক্ষেত্ৰত ব্যক্তিকেন্দ্ৰিক আৰু সমাজৰহিত। সাম্প্ৰতিক প্ৰজন্ম ভৱিষ্যতৰ প্ৰতি বেছি শংকিত। যৌথ পৰিয়াল ব্যৱস্থাত থকা মুৰব্বীৰ কৰ্তৃত্বক আজিৰ প্ৰজন্মই মানি লবলৈ ইচ্ছা নকৰে। এনে যুগ সন্ধিত বিশিষ্ট সমাজকৰ্মী দীনবন্ধু জীৱন দাসৰ সামাজিক অৱদানক ৰাইজৰ মাজত উদ্ভাসিত কৰাৰ বাবে পৰিয়ালে লোৱা প্ৰয়াস নতুন প্ৰজন্মৰ বাবে এক অনুপম আৰ্হি। অনুষ্ঠানৰ লগত সংগতি ৰাখি হৰেন্দ্ৰ কলিতাৰ সম্পাদনাত প্ৰকাশিত ” দীনবন্ধু জীৱন দাস” নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক, সাংবাদিক উদয়ন মিশ্ৰই।

অনুষ্ঠানত কবি শংকৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া বসন্ত দাস, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া ডঃ কণিকা দত্ত বৰুৱা, অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰ, সুবোধ শইকীয়া, শৰৎ মালাকাৰ, সাংবাদিক নৰেশ্বৰ ৰাজবংশী, দিলীপ ঠাকুৰীয়া, প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া আদিয়ে ভাষণ দি জীৱন দাসৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে জীৱন দাসৰ সহধৰ্মিণী গোলাপী দাসে জীৱন দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই হৰেন্দ্ৰ কলিতাই। অনুষ্ঠানত প্ৰয়াত জীৱন দাসৰ জন্ম গাঁও অভয়পুৰ অঞ্চলৰ লগতে বৰগাঁও অঞ্চলৰো বহুতো বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

দীপৰ বিলৰ ওফন্দি উঠা পানীত খানামুখ হাওৰাপাৰৰ জলবন্দী ৩০ টা পৰিয়াল; পশুধনৰ হাহাকাৰ অৱস্থা…

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হলেও ৰাইজৰ দুখ-দুৰ্দশাৰ অন্ত পৰা নাই। ব্ৰহ্মপুত্ৰ নদীৰ পানী গুৱাহাটীত বিপদসীমাৰ তললৈ আহিলেও এতিয়াও সতৰ্কতামূলক স্তৰৰ ওপৰৰে বৈ থকাত দীপৰ বিলৰ পানীভাগ সম্প্ৰতি ওফন্দি উঠিছে। যাৰ বাবে দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰে পানীভাগ বৈ যাব নোৱাৰাত দীপৰ বিলৰ গাতে লগা খানামুখৰ হাওৰাপাৰ অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে। বহু বাসিন্দাৰ ঘৰৰ চৌহদ তিনিদিন ধৰি পানীৰে উপচি থকাত ৩০ টাকৈ পৰিয়ালে প্ৰায় এটা সপ্তাহ ধৰি জলবন্দী জীৱন কটাবলগীয়া হৈছে। ফলত হাওৰাপাৰৰ আৱাসিক এলেকাৰ সমান্তৰালভাবে কৃষক ৰাইজ আৰু পশুধনৰ গৰাকী সকলৰ হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছে। ওফন্দি উঠা তথা বাঢ়নী পানীভাগৰ বাবে কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত খানামুখ হাওৰাপাৰৰ খেতিপথাৰ পানীৰে ভৰি আছে।

যাৰ বাবে কৃষক সকলৰ কঠীয়াতলী সমুহ পানীৰ তলত থকাত তেওঁলোকে কঠীয়া সিচিব পৰা নাই। একেদৰে অঞ্চলটোৰ প্ৰতি ঘৰ বাসিন্দাই গৰু, ছাগলী পালন কৰি আহিছে। কিন্তু গৃহস্থই জলবন্দী হবলগীয়া হোৱাত পশুধন সমুহ ৰখাৰ ক্ষেত্ৰটো গৰাকী সকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। যাৰ বাবে বাসিন্দা সকলে পথৰ ওপৰত ৰদ-বৰষুণত গৰু, ছাগলী সমূহ ৰাখিব লগা হৈছে। ইফালে পশুধনৰ বাবে খাদ্য সংকটেও দেখা দিছে। যাৰ বাবে বৃহত্তৰ খানামুখ অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান খানামুখ মিলন সংঘই কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মানুহৰ লগতে পশুধনৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ আহ্বান জনাইছে। ইপিনে জলবন্দী হৈ পানীৰ লগত সহাবস্থান কৰিবলগীয়া হোৱা বাবে বহু লোকৰ জ্বৰ, কাহ, চর্দিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে হাওৰাপাৰৰ বাসিন্দা তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন ( বি আৰ অ) ত ভাৰত-পাক আন্তৰ্জাতিক সীমান্তৰ ৰাজোৰিত কৰ্মৰত গগনদ্বীপ সিঙৰ ( চানী) ঘৰলৈ যোৱা প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ পথটো দুই ফুট পৰ্যন্ত পানীত ডুব গৈ থকাত পৰিয়ালটোক ওচৰৰ লোকসকলে নাওৰে গৈ খাদ্য সামগ্ৰীৰ যোগান ধৰা বুলি পৰিলক্ষিত হৈছে।

জানিব পৰা মতে পূৰ্বতে দীপৰ বিলৰ পানী আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সমীপত থকা অৰ্জুনগুৰী দলঙৰে তলেৰে ওলাই গৈ ধাৰাপুৰ চাৰিআলি-পলাশবাৰী সংযোগী আসাম-ট্ৰাংক ৰোডৰ দাঁতিয়েদি থকা এটা প্ৰাকৃতিক জানত পৰিছিল। পাছত সেই পানী গৈ পলাশবাৰীত থকা ব্ৰহ্মপুত্ৰ নদী সংযোগী কালবুক নামৰ আন এখন সৰু নৈত পৰিছিল। কিন্তু বিগত তিনি-চাৰি বছৰ ধৰি সেই প্ৰাকৃতিক জানটোৰ লগতে অৰ্জুনগুৰী দলঙৰ বিপৰীত দিশৰ অংশখিনী মাটিৰে পুতি পেলোৱাৰ ফলত সেইফালে দীপৰ বিলৰ পানী ওলাই যাব পৰা ব্যৱস্থাটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

অষ্ট্ৰিয়াৰ শিল্পীৰ পৰিৱেশন ‘বন্দে মাতৰম’, মুগ্ধ প্ৰধানমন্ত্ৰী; হিয়াভৰা প্ৰশংসা…  

দুদিনীয়া ৰাছিয়া ভ্ৰমণ সামৰি বুধবাৰে অষ্ট্ৰিয়াত পদাৰ্পণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য, বিগত চাৰি দশকত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে এই প্ৰথম দেশখন ভ্ৰমণ কৰিছে। আনহাতে, অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয়। মোদীক আদৰণি জনাবৰ বাবে অষ্ট্ৰিয়াৰ এক শিল্পী দলে বন্দে মাতৰত পৰিৱেশন কৰে। এই পৰিবেশনত মুগ্ধ হৈ পৰে প্ৰধানমন্ত্ৰী। আনহাতে, অষ্ট্ৰিয়াৰ সাংগীতিক সংস্কৃতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ বন্দে মাতৰমৰ এক অতি সুন্দৰ উপস্থাপন প্ৰত্যক্ষ কৰি দেশখনৰ চহকী সংস্কৃতিৰ এক আভাস পাইছে।প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅটোত অষ্ট্ৰিয়াৰ শিল্পীসকলে ভিয়েনাৰ হোটেলত তেওঁক স্বাগতম জনোৱাৰ বাবে বন্দে মাতৰম প্ৰদৰ্শন কৰা দেখা গৈছে।

ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে শিল্পীসকলৰ সন্মুখত বন্দে মাতৰম প্ৰদৰ্শন কৰাৰ পিচত তেওঁলোকক প্ৰশংসা কৰা দেখা গৈছে।এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, অষ্ট্ৰিয়া নিজৰ প্ৰাণৱন্ত সাংগীতিক সংস্কৃতিৰ বাবে বিখ্যাত। বন্দে মাতৰমৰ এই আশ্চৰ্যজনক উপস্থাপনৰ প্ৰত্যক্ষ কৰি মই ইয়াৰ এক আভাস পাইছোঁ! ইফালে গ্ৰেমী বঁটা বিজয়ী ৰিকি কেজে বন্দে মাতৰম পৰিৱেশন কৰা ভাৰতীয় সুৰকাৰ বিজয় উপাধ্যায়ক প্ৰশংসা কৰে।পৰিচালকগৰাকী এগৰাকী ভাৰতীয়, যিয়ে আমাৰ সকলোকে গৌৰৱান্বিত কৰে। তেওঁ হৈছে মূলত লক্ষ্ণৌৰ বিজয় উপাধ্যায়। তেওঁ সন্মানীয় ভিয়েনা বিশ্ববিদ্যালয় ফিলহাৰমনিক (অন্যান্য আন্তঃৰাষ্ট্ৰীয় অৰ্কেষ্ট্ৰাৰ ভিতৰত) পৰিচালক আৰু ইণ্ডিয়া নেচনেল য়ুথ অৰ্কেষ্ট্ৰা প্ৰতিষ্ঠা কৰিছিল। তেওঁ এগৰাকী গৌৰৱান্বিত ভাৰতীয় আৰু প্ৰায়ে আন্তৰ্জাতিকভাৱে ভাৰতীয় শৈলীত সংগীত পৰিচালনা কৰে। তেওঁ এক্সত এনেদৰে পোষ্ট কৰে।

উল্লেখ্য যে, অষ্ট্ৰিয়াত অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী ভিয়েনাৰ ৰিটজ-কাৰ্লটন নামৰ হোটেলখনত উপস্থিত হয় আৰু প্ৰবাসী ভাৰতীয়সকলক শুভেচ্ছা জনায়। অষ্ট্ৰিয়াৰ শিল্পীসকলে ভিয়েনাৰ হোটেলত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে বন্দে মাতৰম পৰিৱেশন কৰে। আনহাতে, প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বন্দে মাতৰম পৰিৱেশন কৰা অষ্ট্ৰিয়ান শিল্পীসকলে ইয়াক এক অভূতপূৰ্ব অভিজ্ঞতা আৰু ডাঙৰ সন্মান বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বন্দে মাতৰম পৰিৱেশন কৰা কণ্ঠশিল্পী তথা অৰ্কেষ্ট্ৰাৰ এগৰাকী অষ্ট্ৰিয়ান শিল্পী ইব্ৰাহিমে কয় যে অৰ্কেষ্ট্ৰা দলটোৱে কেইদিনমানৰ পৰা প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু ইয়াক অষ্ট্ৰিয়া আৰু অৰ্কেষ্ট্ৰাৰ বাবে এক বৃহৎ সুযোগ বুলি অভিহিত কৰে।এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় এয়া এক অভূতপূৰ্ব অভিজ্ঞতা আছিল। মই সঁচাকৈয়ে উপভোগ কৰিছিলোঁ। এইটো মোৰ বাবে এটা ডাঙৰ সন্মান।এইটো এটা ডাঙৰ সন্মান। মই যথেষ্ট প্ৰস্তুতি চলাইছিলোঁ। অৰ্কেষ্ট্ৰাৰ সৈতে আমি কেইদিনমানৰ বাবে প্ৰস্তুতি চলাছিলোঁ। কিন্তু নিজৰ ঘৰত মই সঁচাকৈয়ে মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলগা হৈছিল। কিয়নো এইটো অষ্ট্ৰিয়াৰ বাবে, আমাৰ বাবে, আমাৰ অৰ্কেষ্ট্ৰাৰ বাবে এক বৃহৎ সুযোগ। এয়া এক বিৰল অভিজ্ঞতা আছিল।ইফালে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়ে সোধাত তেওঁ কয়, এইটো সঁচাকৈয়ে আশ্চৰ্যজনক আছিল। এইটো সঁচাকৈয়ে প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে তেওঁ মানুহৰ যত্ন লয় আৰু মই সঁচাকৈয়ে সেই অনুভৱটো লক্ষ্য কৰিছিলোঁ । মই তেওঁৰ কাষত থাকি নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ।

গোগামুখ-মিংমাঙত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ ৩৬ টা সমষ্টিৰ ১১ হাজাৰ ছাত্ৰ-ছাত্ৰীলৈ জলপাণি…

মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পৰিষদীয় এলেকাৰ মুঠ ৩৬ টা সমষ্টিৰ ১১ হাজাৰ কৃতী ছাত্ৰ-ছাত্ৰীক পৰ্যায়ক্ৰমে  সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্য দিয়াৰ  কাৰ্যসূচী অব্যাহত ৰাখিছে৷ পৰিষদৰ অন্য সমষ্টিবোৰৰ দৰে আজি গোগামুখ, মিংমাং, জীয়াধল পৰিষদীয়  সমষ্টিটো ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চত্তৰ  মাধ্যমিক চুৰান্ত বৰ্ষৰ পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ  লগতে জল-পাণি তথা এককালীন সাহায্য প্ৰদান কৰা হয়৷ আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ  গোগামুখ পৰিষদীয় সমষ্টিৰ প্ৰায় ৫০০ গৰাকী  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্য প্ৰদান কৰা৷

গোগামুখ পৰিষদীয় সমষ্টিৰ লটাক পঞ্চায়তৰ অন্তৰ্গত লটাক কৃষ্টি ভৱনত উক্ত কাৰ্যসূচী অনুষ্ঠিত হয়৷ অনুষ্ঠানটোত ভাষন দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগুৱে৷ অনুষ্ঠানটোৰ  মুখ্য অতিথি তথা পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ তত্ববধায়ক তথা পৰিষদৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে মিচিং স্বায়ত্তশাসিত পৰিষদে ৰূপায়ন কৰা উন্নয়নমূলক আঁচনিৰ খতিয়ান ডাঙি ধৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা স্বাৱলম্বী কৰাৰ কথা ব্যক্ত কৰে৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখৰ বহুকেইগৰাকী শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী, সমাজকৰ্মী, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, ধেমাজি জিলা সমিতিৰ উপসভাপতি বাবুল টাইড, গোগামুখ আঞ্চলিকৰ সভাপতি পদ্মলোচন মিলি, সম্পাদক দীপজ্যোতি পাইট, লটাক আঞ্চলিকৰ সভাপতি কমল পায়েং. সম্পাদক ৰিতু পেগু, নাহৰবাৰী আঞ্চলিকৰ সভাপতি হৰেশ পেগু, সম্পাদক দ্বীপেন দলে আদিয়ে৷একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মিংমাং পৰিষদীয় সমষ্টিটো ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল এককালীন সাহায্য দিয়াৰ লগতে সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে টি এম পি কেৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ মিলিয়ে৷ অনুষ্ঠানটোৰ আঁত ধৰে মিংমাং পৰিষদীয় সমষ্টিৰ আহ্বায়ক ভূপেন পেগুৱে৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া কয় ছাত্ৰ-ছাত্ৰীসকলে ডাঙৰ ডাঙৰ চৰকাৰী বিষয়া-কৰ্মচাৰী বা চিকিৎসক-অভিযন্তা হ’লেই নহ’ব৷ নিজকে সেৱামূলক কামৰ বাবেও প্ৰস্তুত কৰি দেশৰ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব৷ নিজৰ কৰ্মৰাজিৰ জৰিয়তে নিজকে দেশ তথা সমাজ সেৱাত জৰিত কৰিব পাৰিলেহে এখন সুস্থ-সবল সমাজ গঢ়ি উঠিব বুলি মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই মন্তব্য আগবঢ়োৱাৰ লগতে মিচিং পৰিষদে শিক্ষাৰ উন্নতিৰ বাবে ব্যাপক হাৰত পূঁজি বিনিয়োগ কৰা বুলিও দোহাৰে৷ তেওঁ কয়- আমি অতিকৈ আনন্দিত যে, মিচিং স্বায়ত্তশাসিত পৰিষদে  শিক্ষা, ক্ৰীড়া বা অন্যান্য শিতানত কোনো জাতি-জনজাতিক লৈ পক্ষপাতিত্ব কৰা নাই৷ যি জনগোষ্ঠীৰে নহওঁক সকলোৱে  মিচিং স্বায়ত্তশাসিত পৰিষদত সমানে সুবিধা লাভ কৰিছে৷ সকলোকে সমান মৰ্যদা দিব পাৰি পৰিষদখনৰ লগতে পৰিষদখনৰ অন্তৰ্গত ৰাইজ অত্যন্ত সুখী বুলিও তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে৷ সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বিশিষ্ট ক্ৰীড়াবিদ  দিলীপ পেগুৱে৷ সভাত উপস্থিত মিংমাং পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে, শিক্ষাবিদ  অৰুণ মৰাং, দিনেশ পেগু, টি এম পি কেৰ মিংমাং আঞ্চলিক সভাপতি মোহন পাঠৰী, সম্পাদক জ’ন পেগু,ওখমাটি আঞ্চলিকৰ সভাপতি পাপু পেগু, সম্পাদক  মহানন্দ মেদক,  কচুতলি আঞ্চলিকৰ  সভাপতি  সূৰ্য মিলি, স সম্পাদক ভাস্কৰ পেগুৰ লগতে গাঁৱৰ গাম, অঞ্চলৰ জেষ্ঠ ব্যক্তি আদি৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীয়াধল পৰিষদীয় সমষ্টিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে সম্বৰধৰ্না জনোৱা হয়। 

তিনিখন নাৱৰ সৈতে ১৩ গৰাকী ভাৰতীয় মাছমৰীয়াক আটক।   শ্ৰীলংকাৰ নৌসেনাৰ অভিযানৰ বিৰুদ্ধে তামিলনাডুৰ মুখ্যমন্ত্ৰী  ষ্টালিনৰ পত্ৰ প্ৰেৰণ…

তামিলনাডুত বৃহস্পতিবাৰে পুৱা ভাৰত মহাসাগৰৰ উপকূলীয় অঞ্চলৰ ডেলফ্ট দ্বীপৰ পৰা ১৩ গৰাকী ভাৰতীয় মাছমৰীয়াক আটক কৰিছে চুবুৰীয়া দেশ শ্ৰীলংকাৰ নৌসেনাই৷ লগতে মাছমৰীয়াসকলে ব্যৱহাৰ কৰা তিনিখন নাৱো জব্দ কৰে নৌসেনাৰ দলটোৱে৷ এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে তামিলনাডুৰ পুডুকট্টা জিলাৰ মাছমৰীয়াসকলৰ মাজত৷এই ঘটনা এইবাৰে প্ৰথম নহয়৷ প্ৰায়ে শ্ৰীলংকাৰ আন্তৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি মাছ ধৰাৰ বাবে ভাৰতীয় মাছমৰীয়াসকলক আটক কৰে দেশখনৰ নৌসেনা বাহিনীয়ে৷ এইবাৰো অনুৰূপ কাৰ্যৰ বাবেই মাছমৰীয়াসকলক আটক কৰা হৈছে৷ বিষয়টো সন্দৰ্ভত পূৰ্বৰে পৰা ভাৰতীয় মাছুৱৈসকলে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছিল যদিও কোনো সমাধান লাভ নকৰিলে৷ উল্লেখ্য যে, বিগত এক জুলাইত শ্ৰীলংকাৰ নৌসেনাই আটক কৰিছিল ২৬ গৰাকী ভাৰতীয় মাছমৰীয়াক৷ লগতে তেওঁলোকে ব্যৱহাৰ কৰা চাৰিখনকৈ নাও জব্দ কৰে। মাছমৰীয়াসকলে উপকূলীয় অঞ্চল ৰামেশ্বৰম দ্বীপৰ পাম্বানৰ পৰা মাছ ধৰিবলৈ গৈছিল। শ্ৰীলংকাৰ নৌসেনাৰ এই পদক্ষেপক গৰিহণা দি পাম্বানৰ মাছমৰীয়াসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে মাছমৰীয়াসকলক আটক কৰাৰ প্ৰতিবাদত এক পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ৰামেশ্বৰম মাছমৰীয়া সংস্থাই জনোৱা অনুসৰি, জুনৰ শেষৰ সপ্তাহত শ্ৰীলংকাৰ নৌসেনাই দেশখনৰ জলসীমাৰ নেদুন্থিভু দ্বীপৰ ওচৰত মাছ ধৰাৰ বাবে তিনিখন নাৱৰ সৈতে তামিলনাডুৰ ২২গৰাকী মাছমৰীয়াক আটক কৰিছিল।এই ঘটনাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰযোগে শ্ৰীলংকাৰ নৌসেনাই আটক কৰা মাছমৰীয়াসকলৰ মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তদুপৰি মাছমৰীয়াসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ষ্টালিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীক অনুৰোধ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেবোৰ ঘটনাই মাছমৰীয়াসকলৰ জীৱন-জীৱিকা প্ৰভাৱিত কৰে বুলি সদৰী কৰে ৷ষ্টেলিনৰ প্ৰতি সঁহাৰি জনাই জয়শংকৰে কলম্বোত ভাৰতীয় উচ্চ আয়োগ আৰু জাফনাৰ কনচুলেটে আটক কৰা মাছমৰীয়াসকলক সোনকালে মুকলি কৰাৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে৷

৪০ বছৰৰ পিছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী অষ্ট্ৰিয়ালৈ ভ্ৰমণ… 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ আন্তঃগাঁথনি, শক্তি, উদীয়মান প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য, দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচী সামৰি অষ্ট্ৰিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ সাক্ষাতৰ পিচতে মোদীয়ে মস্কোৰ পৰা গৈ অষ্ট্ৰিয়াত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে ৪০ বছৰতকৈও অধিক সময়ৰ মূৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথম ভ্ৰমণ।

প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাইমাৰে অষ্ট্ৰিয়াৰ হফবাৰ্গ পেলেচত এক ঘূৰণীয়া ব্যৱসায়িক মেজমেলত প্ৰখ্যাত অষ্ট্ৰিয়ান আৰু ভাৰতীয় কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক যুটীয়াভাৱে সম্বোধন কৰে।ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে সামাজিক মাধ্যমত দিয়া এক পোষ্টত কয়, প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, সেউজ খণ্ড, নতুন আৰু উদীয়মান প্ৰযুক্তি, ফিনটেক, ষ্টাৰ্টআপ আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়াৰ কোম্পানীসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।উক্ত বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। উল্লেখ্য, দেশসমূহৰ মাজত উদ্ভাৱন আৰু উদ্যোগ বৃদ্ধিৰ বাবে ইণ্ডিয়া-অষ্ট্ৰিয়া ষ্টাৰ্টআপ ব্ৰীজ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।২০২৩ চনৰ (জানুৱাৰী-ডিচেম্বৰ)বাবে ইণ্ডো-অষ্ট্ৰিয়া দ্বিপাক্ষিক বাণিজ্য আছিল ২.৯৩ বিলিয়ন আমেৰিকান ডলাৰ।অষ্ট্ৰিয়ালৈ ভাৰতীয় ৰপ্তানি আছিল ১.৫২ বিলিয়ন আমেৰিকান ডলাৰ আৰু আমদানি আছিল ১.৪১ বিলিয়ন আমেৰিকান ডলাৰ। 

মালিগাঁৱত ৰে’লৱেৰ এছ চি আৰু এছ টি এম্পলয়িজ এচোছিয়েশ্যনৰ মহিলা শাখাৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ…

গ্ৰীষ্ম বন্ধৰ সময়চোৱাত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সৃজনিমূলক প্ৰতিভাসমূহ বিকশিত কৰাৰ লক্ষ্যৰে নিখিল ভাৰত এছ চি আৰু এছ টি ৰে’লৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য আৰু সম্পাদক তাৰিণী চৰণ দাসৰ নেতৃত্বত, মহিলা শাখাৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ গোশালাস্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউটত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গ্ৰীষ্মকালীন শিবিৰ। মূলত ৩ ৰ পৰা ১২ বছৰ বয়সৰ শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ বাবে তিনিদিনীয়া শিবিৰত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা, বিহু কৰ্মশালা, যোগ, সাতোৰ আদিৰ আয়োজন কৰা হৈছে। আজি পুৱা এগছি বন্তি প্ৰজ্বলনৰে শিবিৰ মুকলি কৰে এচোছিয়েশ্যনৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্যই। এই উপলক্ষে মহিলা শাখাৰ সম্পাদিকা নিৰ্মালি দাসে আঁত ধৰা অনুষ্ঠানটোত ৰিংকুমণি বৈশ্যই এচোছি়েয়েশ্যনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি শিশুৰ প্ৰতিভা বিকশিত কৰাৰ বাবে মহিলা শাখাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

অনুষ্ঠানত মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খানকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে শিবিৰৰ আজিৰ প্ৰথম দিনটোত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় ২০০টা শিশুৱে ভাগ লয়।প্ৰতিযোগিতা পৰিচালনা কৰে মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান আৰু সম্পাদিকা নিৰ্মালি দাসে। ১৩ জুলাইৰ শিবিৰৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলোকে ধৰি শিবিৰত বিভিন্ন শাখাত ভাগ লোৱা সকলোকে মানপত্ৰ, বঁটা আদি প্ৰদান কৰা হ’ব।