Home Blog Page 672

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত দেশী জনগোষ্ঠীৰ বাবে ২৫ ভাগ আসন সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন…

যোৱা ২১/৭/২০২৪ তাৰিখে বঙাইগাওঁ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন সম্পৰ্কে এখন সভা অনুষ্ঠিত হয়। সভাখনত স্বায়ত্বশাসিত পৰিষদখনত ধুবুৰী, গোৱালপাৰা, দঃশালমাৰা-মানকাচৰ আৰু বঙাইগাওঁ জিলাৰ পৰা অন্তৰ্ভূক্ত হ’বলগীয়া গাওঁসমূহৰ তালিকাৰ ওপৰত আলোচনা হয়। এই বিষয়ত চাৰিওখন জিলাৰ হৈ ন’ডেল বিষয়াৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা বঙাইগাওঁ জিলা আয়ুক্তৰ লগতে স্বায়ত্বশাসিত পৰিষদখনৰ কৰ্তৃপক্ষ আৰু ২৪ টাৰো অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি মত বিনিময় কৰে।

নোডেল বিষয়া গৰাকীৰ বক্তৱ্যৰ পৰা এইটো বুজা যায় যে জিলা পৰ্যায়ত এইটো শেষ আলোচনা আৰু পৰৱৰ্তী আলোচনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হব। উল্লেখ্য যে, জিলাকেইখনত সৰ্বাধিক খিলন্জীয়া জনগোষ্ঠীৰ দেশী লোকসকল বসবাস কৰে । সেয়ে দেশী আৰু গৰিয়া জনগোষ্ঠীদুটাক প্ৰতিনিধিত্ব কৰা দেশী জনগোষ্ঠীয় মঞ্চ, অসম, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, সদৌ অসম গ ম দে জনগোষ্ঠীয় পৰিষদ, সদৌ গ ম দে পৰিষদ (কামতাপুৰ) আৰু সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ হৈ সমন্বয়ৰক্ষী সমিতিয়ে

পৰিষদখনৰ শতকৰা ২৫ ভাগ আসন দেশী জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰা, ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা আদিকে ধৰি এখন সাত দফীয়া দাবীৰ স্মাৰকপত্ৰ আয়ুক্তগৰাকীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, স্মাৰকপত্ৰখন অৰ্পণ কৰাৰ আগতে দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সভাপতি ইছলামূল হক মণ্ডলে স্মাৰকপত্ৰখন সকলোকে পঢ়ি শুনায়। লগতে সমন্বয়ৰক্ষী সমিতিৰ পৰা ছফিয়ৰ ৰহমান, শ্বেখ হেদায়েতুল্লাহ আৰু হাচিফুল ইছলামেও আলোচনাত সহযোগ কৰে। ২১ তাৰিখে আবেলিৰ ভাগত গাও সমূহৰ তালিকা হোৱাটছেপ যোগে নোডেল বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰচাৰ কৰা হয় আৰু এই তালিকাই সাধাৰণ মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পেৰিছ অলিম্পিকৰ মহিলা দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ-ফাইনেলত প্ৰৱেশ ভাৰতৰ…

পেৰিছ অলিম্পিকৰ মহিলা দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ-ফাইনেলত প্ৰৱেশ ভাৰতৰ।

কোৱালিফায়িং ৰাউণ্ডত চতুর্থ স্থানত থাকি কোৱাৰ্টাৰ-ফাইনেললৈ যোগ্যতা অর্জন ভাৰতৰ।

১৯৮৩ পইন্টৰ সহায়ত চতুৰ্থ স্থানত আছে ভাৰত।

আনহাতে প্রথম স্থানত আছে দক্ষিণ কোৰিয়া, দ্বিতীয় স্থানত চীন আৰু তৃতীয় স্থানত আছে মেক্সিকো।

অলিম্পিকৰ পদক কিয় খেলুৱৈয়ে দাঁতেৰে কামোৰে…

অলিম্পিকত পদক লাভ কৰাৰ পিছত খেলুৱৈয়েও দাঁতেৰে কামুৰি থকা দেখা যায়। কিন্তু অতি কম সংখ্যক লোকেহে জানে কাৰণ। এই নিয়ম বহুদিনৰ পৰা চলি আহিছে। অলিম্পিকৰ পদক কিয় খেলুৱৈয়ে দাঁতেৰে কামোৰে? প্ৰাচীন কালত ব্যৱসায়ীসকলে সোণৰ মুদ্ৰা কাটি পৰীক্ষা কৰিছিল। বহুতে বিশ্বাস কৰে যে খেলুৱৈসকলেও এইটো চাবলৈ এনে কৰে, কিন্তু এইটো একেবাৰে ভুল। অলিম্পিকত দিয়া পদকবোৰ সম্পূৰ্ণ সোণৰ নহয়, সোণৰ সলনি তাত অধিক ৰূপৰ ব্যৱহাৰ কৰা হয়। কিন্তু ১৯১২ চনৰ আগতে বিশুদ্ধ সোণৰ পদক দিয়া হৈছিল।

পদক কামোৰাৰ আঁৰৰ এটা কাৰণ হ’ল এই কাম কৰি খেলুৱৈয়ে নিজৰ কষ্ট, প্ৰতিযোগিতা আৰু নিজৰ প্ৰতিযোগিতাত উৎসাহ দেখুৱায়। আন এক কাৰন হ’ল খেলুৱৈসকলক ফটোগ্ৰাফাৰে তেনে কৰিবলৈ কয়, যাতে ফটোখনত খেলুৱৈ জনৰ উৎসাহ পৰিস্ফূত হয়।অলিম্পিকৰ ৱেবছাইটৰ মতে, খেলুৱৈসকলে কেৱল ফটো উঠিবলৈহে পদকবোৰ দাঁতেৰে কামোৰে। পদক কামোৰাৰ প্ৰথা দীৰ্ঘদিন ধৰি চলি আহিছে। প্ৰতিজন খেলুৱৈয়ে পদক লাভ কৰাৰ পিছত কামোৰে। ২০১০ চনৰ অলিম্পিকত জাৰ্মান লুগাৰ ডেভিদ ম’লাৰে পদক কামোৰাৰ সময়তে দাঁত ভাঙিছিল। এই কথা তেওঁ নিজেই এবাৰ প্ৰকাশ কৰিছিল।

মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন…

মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযান।

হাতীগাঁৱৰ নটবমাৰ পৰা জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন ।

অলি দেৱী নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দ ১৩ পেকেট হেৰ’ইন ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকালৈ সৰ্বভাৰতীয় সন্মান…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকালৈ আগবঢ়োৱা হৈছে ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লিডাৰ ২০২৪ সন্মান৷ উল্লেখ্য যে, দ্য একাডেমিক ইনচাইট মেগাজিনে আগবঢ়াইছে এই সন্মান৷ শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ভৱেন্দ্ৰনাথ ডেকালৈ এই সন্মান আগবঢ়াইছে৷ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ ভূমিকাৰ হেতু ২৫ জন বিশেষ ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হৈছে৷

এই বঁটা প্ৰাপক আচাৰ্যসকলৰ ভিতৰত আছে ড° ডি ভিৰেন্দ্ৰ হেগাড, ড° জি পৰমেশ্বৰ, ড° বি এন সুৰেশ, অধ্যাপক আৰ কে খাণ্ডাল, অধ্যাপক প্ৰমে ভাট, ড° বি আৰ মানি ইত্যাদি৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে এই সন্মান লাভ কৰি আচাৰ্য গৰাকীয়ে মতপোষণ কৰে যে, এই সন্মান মোৰ নিজৰ বাবে গৌৰৱৰ নহয়৷ এই সন্মান বিশ্ববিদ্যালয়ৰ সন্মান৷ এই সন্মানে বিশ্ববিদ্যালয়খনৰ গৰিমা বৃদ্ধি কৰিব৷

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৮ আগষ্টলৈ বৃদ্ধি…

দিল্লী সুৰা নীতিৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত ৰাউছ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৮ আগষ্টলৈ বৃদ্ধি কৰে। তিহাৰ জেলৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁক আদালতত হাজিৰ কৰা হয়। ইডিৰ ধন সৰবৰাহৰ গোচৰতো তেওঁ ৩১ জুলাইলৈকে জেলত থাকিব লাগিব।

২১ মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। ইয়াৰ পিছত ৰাউজ এভিনিউ আদালতে তেওঁক জিম্মালৈ প্ৰেৰণ কৰে। তেওঁৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ চিবিআইৰ। য’ত তেওঁক ২৬ জুনত গ্ৰেপ্তাৰ কৰা হৈছিল। কেজৰিৱালৰ উপৰিও আদালতে মনীষ ছিছ’দিয়া, ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাকে ধৰি অন্যান্য অভিযুক্তৰ ন্যায়িক জিম্মা ৩১ জুলাইলৈ বৃদ্ধি কৰিছে।

প্ৰত্যাহ্বানৰ সন্মুখীন সাংসদ কংগনা ৰাণাৱট! হিমাচল উচ্চ ন্যায়ালয়ৰ জাননী জাৰি সাংসদগৰাকীলৈ…

প্ৰত্যাহ্বানৰ সন্মুখীন সাংসদ কংগনা ৰাণাৱট! হিমাচল উচ্চ ন্যায়ালয়ৰ জাননী জাৰি সাংসদগৰাকীলৈ। ২১ আগষ্টৰ ভিতৰত জাননীৰ সঁহাৰি জনোৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

মাণ্ডী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কিন্নৌৰৰ এগৰাকী প্ৰাৰ্থীৰ আৱেদনৰ ভিত্তিত জাননী জাৰি। প্ৰাৰ্থীগৰাকীৰ মনোনয়ন ভুল কাৰণত নাকচ কৰাৰ অভিযোগ।

হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা আসনত বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কংগনা ৰানাৱতৰ বিজয়ক প্ৰত্যাহ্বান জনাই হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হৈছে। এই আৱেদনৰ পিছতে বুধবাৰে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে কংগনাক জাননী জাৰি কৰে।আবেদনকাৰী লায়ক্ৰম নেগীয়ে আদালতত কয় যে তেওঁ মাণ্ডী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। কিন্তু ৰিটাৰ্ণিং অফিচাৰে তেওঁৰ মনোনয়ন অবৈধ বুলি ঘোষণা কৰে। এনে পৰিস্থিতিত তেওঁ মাণ্ডী লোকসভা সমষ্টিৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনায়।

পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণকাৰী লাভলীনা বৰগোহাঁইৰ লগতে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন অসম অলিম্পিক সন্থাৰ…

পেৰিছ অলিম্পিক ২০২৪’ত অংশগ্ৰহণকাৰী অসমী আইৰ সু-সন্তান লাভলীনা বৰগোহাঁইৰ লগতে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিবলৈ অসম অলিম্পিক সন্থাই আজি আয়োজন কৰে বিশেষ কাৰ্যসূচী। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা।

অসম কন্যা লাভলীনা আৰু ভাৰতীয় দলটোৰ খেলুৱৈসকলে সফল প্ৰদৰ্শনেৰে যাতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ বাবে প্ৰতিগৰাকী খেলুৱৈক আন্তৰিক শুভকামনা জনাই মন্ত্ৰীগৰাকীয়ে।

আজিৰ এই অনুষ্ঠানত অৰ্জুন বঁটাপ্ৰাপক মনালিছা বৰুৱা মেহতা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতা প্ৰমুখ্যে বহুকেইগৰাকী স্বনামধন্য খেলুৱৈ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন…

মেঘালয়ৰ সেনা শিবিৰত ভয়ংকৰ ঘটনা। শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন। নিজকে অসম ৰেজিমেণ্টৰ কেপ্টেইন ৰূপে চিনাকি দি দিছিল যুৱকজনে।

যুৱকজনক কাৰ্বি আংলঙৰ ডকমকাৰ ছাৰ ছেৰণ ৰংপী । সেনাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত নিৰ্বিঘ্নে ঘূৰি ফুৰিছিল যুৱকজনে।

যুৱকজনৰ চালচলনত সন্দেহ ওপজাত আটক কৰে সেনাই।

‘১৫ আগষ্টৰ ভিতৰত পূৰণ হ’ব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ’ : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু…

‘১৫ আগষ্টৰ ভিতৰত পূৰণ হ’ব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ’।

১০০ বা তাতোধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়তহে দিয়া হ’ব প্ৰধান শিক্ষক নিযুক্তি।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশনত এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।