Home Blog Page 673

সত্ৰাধিকাৰ ভদ্ৰ কৃষ্ণ গোস্বামী ষষ্ঠ মৃত্যু বাৰ্ষিকীৰ স্মৃতিত বক্তৃতানুষ্ঠান…

সত্ৰাধিকাৰ ভদ্ৰ কৃষ্ণ গোস্বামী  স্মৃতি ৰক্ষা সমিতিৰ সম্পাদিকা তথা প্ৰয়াত গোস্বামী দেৱৰ জেষ্ঠ কন্যা মিতালী গোস্বামী ট্ৰচিনৰ আদৰণী ভাষণ আৰু গোস্বামী দেৱৰ পত্নী লেখিকা দিব্য ৰেখা গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন  সত্ৰীয়া শিল্পী অনন্যা মহন্তৰ দ্বাৰা এক সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হয়। ইয়াৰ পাছতে সত্ৰাধিকাৰ জনাৰ দ্বাৰা প্ৰভাৱিত হোৱা ৰাছিয়ান শিল্পী ভ্লাডিমিৰ ট্ৰচিনৰ দ্বাৰা অংকিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিত্ৰ এখন সত্ৰাধিকাৰ জনাৰ পবিত্ৰ স্মৃতিত উন্মোচন কৰা হয়।

উল্লেখ্য যে মস্কোৰ শিল্পী ভ্লাদিমি ট্ৰচিনে শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰৰ লগতে তেওঁৰ লগত জড়িত বিভিন্ন কাহিনী চিত্ৰ আৰু অংকন কৰিছে। সেই সমূহ ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰাহলয়ত আছে।চিত্ৰ খন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত বিশিষ্ট সমাজ সেৱীকা আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীয়ে সত্ৰাধিকাৰ জনাৰ আকৰ্ষনীয় ব্যক্তিত্বৰ কথা সোঁৱৰণ কৰি কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰভাব সৰ্বজনীন বিদিত। তেওঁ চিত্ৰখনৰ ভূয়সী প্ৰশংসা কৰে। ইয়াৰ পাছতে “শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু সমাজতত্ব” শীৰ্ষক বিষয়ৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত দেৱে বক্তৃতা আগবঢ়ায়। তেওঁ বৈদিক দৰ্শনত শংকৰদেৱৰ দৰ্শন, শংকৰদেৱৰ দৰ্শনত ব্ৰাহ্মণ, পৰমাত্মা, ভগৱানৰ ধাৰণা(কনচেপ্ত) নিগুৰ্ণা আৰু সগুৰ্ণাৰ ধাৰণা আৰু কিদৰে ব্ৰাহ্মণৰ ধাৰণাই প্ৰগতিশীল সমাজৰ আধাৰ হ’ব পাৰে ইত্যাদি বিষয়ত বিশ্লেষণ আগবঢ়ায়।

আন এগৰাকী বিশিষ্ট অতিথী, সত্ৰাধিকাৰ জনাৰ ধৰ্ম পুত্ৰ, লেখক, তথা  অৱসৰ প্ৰাপ্ত আয়কৰ বিষয়া হেমন্ত বিজয় মহন্তই তেওঁৰ ভাষণ প্ৰসংগত কয় যে কেনেদৰে মহাপুৰুষ জনাৰ আদৰ্শ  অনুকৰণ কৰি সুন্দৰ এখন সমাজ ব্যৱস্থা গঢ়ি তুলিব পাৰি এই সন্দৰ্ভত। তেওঁ লগতে সত্ৰাধিকাৰ জনাৰ লগত জড়িত বহু স্মৃতি কথা সোঁৱৰণ কৰে। যুৱ লেখিকা ,সংবাদকৰ্মী পাৰিজাত সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানটোত। সত্ৰাধিকাৰ ভদ্ৰ কৃষ্ণ গোস্বামী  স্মৃতি ৰক্ষা সমিতিৰ সহঃ- সম্পাদিকা তথা গোস্বামী দেৱৰ কনিষ্ঠ কন্যা মৃণালী চৌধাৰী, জোঁৱাই তথা সমিতিৰ সদস্য ভিক্টৰ ট্ৰচিন, বিশিষ্ট লেখিকা সত্ৰীয়া শিল্পী তথা সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামীৰ ধৰ্ম পুত্ৰী বেবী ভূঞা, গোস্বামী দেৱৰ ভাতৃ লীলা মহন্ত, সমিতিৰ সদস্য আন্দ্ৰে ট্ৰচিন, য়ূৰি ট্ৰচিন ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

৪ দিনে সন্ধান নাই ৰমেন বৰুৱাৰ, ক’ত হেৰাল প্ৰবীণ সংগীত শিল্পীগৰাকী…

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱা আজি ৪ দিন হ’ল। চাৰি দিনে নিখোজ প্ৰবীণ শিল্পীগৰাকী।সকলোৱে মুখে মুখে প্ৰশ্ন ক’ত হেৰাল সংগীত পৰিচালক ৰমেন বৰুৱা।

শিল্পীগৰাকীৰ সন্ধানত মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান। আনহাতে শিল্পীগৰাকীৰ নিৰুদ্দেশক লৈ পৰিয়াল আৰু গুণমুগ্ধৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে।

পেৰিছ অলিম্পিকৰ উদ্বোধনী মেচত অবিশ্বাস্যভাৱে মৰক্কোৰ হাতত ২-১ গ’লত পৰাস্ত আৰ্জেণ্টিনা…

পেৰিছ অলিম্পিকৰ উদ্বোধনী মেচত অবিশ্বাস্যভাৱে মৰক্কোৰ হাতত ২-১ গ’লত পৰাস্ত আৰ্জেণ্টিনা। হতাশা আৰু অস্থিৰতাৰে ভৰি পৰিছিল ফুটবল টুৰ্ণামেণ্টৰ প্ৰথম দিনটো ।

আৰ্জেণ্টিনাৰ ফাকুণ্ডো মেডিনাই ৯০+১৬ মিনিটত গ’ল কৰে, যাৰ ফলত খেলখন ২-২ গ’লত অমীমাংসিত হৈ পৰে।

খেল স্থগিত ৰখাৰ দুঘণ্টা পাছত অস্বীকাৰ কৰা হয় গ’লটো ।

ভেজ বিৰিয়ানীৰ পৰা বাটাৰ চিকেনলৈকে! অলিম্পিক গেমছৰ খাদ্য তালিকাত কি কি আছে চাওক…

শুকুৰবাৰে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক মুকলি অনুষ্ঠান। ইতিমধ্যে বহু খেলুৱৈ উপস্থিত হৈছে পেৰিছত। আয়োজকসকলে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে এক প্ৰলোভনমূলক আহাৰ। উদ্যোক্তাসকলে তাত তেওঁলোকৰ বাবে সুস্বাদু খাদ্য প্ৰস্তুত কৰিছে। তাত সকলো ধৰণৰ খাদ্য উপলব্ধ।

অলিম্পিকৰ মুকলি অনুষ্ঠানক লৈ যি উন্মাদনাই তুংগত উঠিছে। সিমানে ভাৰতীয় খেলুৱৈসকলো উৎফুল্লিত হৈ পৰিছে। ইফালে গেমছ ভিলেজত চাৰিখন মহাদেশৰ বিশেষ ব্যঞ্জন আছে। তেওঁলোকে প্ৰধান খাদ্যসমূহক চাৰিটা ভাগত ভাগ কৰে। এছিয়ান, ফৰাচী, নিৰামিষ আৰু সমগ্ৰ বিশ্বৰ বাবে। মনৰ পচন্দৰ খাদ্য খাব পাৰে। সাগৰীয় খাদ্যৰ ব্যঞ্জন, চালাড আৰু চূপও আছে। ভেজ বিৰিয়ানী যেনেকৈ আছে, বাটাৰ চিকেনও আছে। ইয়াৰ উপৰিও ফুলকবি তৰকাৰী আৰু পনীৰৰ বিভিন্ন সামগ্ৰী আছে। খেলুৱৈসকলে ইচ্ছা কৰিলে এই সকলোবোৰ চেষ্টা কৰিব পাৰে। কিন্তু বহু খেলুৱৈয়ে ফিটনেছৰ কাৰণে প্ৰলোভনমূলক খাদ্যত লিপ্ত হ’ব নোৱাৰে। দল বা ব্যক্তিগত পুষ্টিবিদে যি প্ৰেছক্ৰিপচন দিয়ে সেই অনুসৰি খাব লাগিব।

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু নগাঁৱৰ ৭৬ বছৰীয়া মহিলা…

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু। নগাঁৱৰ বঢ়মপুৰৰ বেজৰগাঁৱত মৃত্যু ৭৬ বছৰীয়া মহিলাৰ।

JEত আক্ৰান্ত হৈছিল মাধৱী বেজবৰুৱা নামৰ মহিলাগৰাকী। এসপ্তাহ ধৰি GNRCত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী।

চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ পাছতে মৃত্যু হয় মহিলাগৰাকীৰ।

সৰ্বসন্মতি ক্ৰমে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য হিচাপে পুনৰবাৰ নিৰ্বাচিত নীতা আম্বানি…

সৰ্বসন্মতি ক্ৰমে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য হিচাপে পুনৰবাৰ নিৰ্বাচিত নীতা আম্বানি। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নীতা আম্বানীয়ে সৰ্বসন্মতিক্ৰমে পুনৰ আই অ’ চিলৈ নিৰ্বাচিত হৈ বিশ্বজুৰি ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। ভাৰত আৰু বিশ্বজুৰি অলিম্পিক আন্দোলন বৃদ্ধিৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।

কাইলৈ পৰা আৰম্ভ হ’বলগীয়া ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ মুকলি অনুষ্ঠানৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে বুধবাৰে ঘোষণা কৰে যে নীতা আম্বানী, ১৪২ সংখ্যক অধিবেশনত ভাৰতৰ পৰা আই অ’ চি হিচাপে সৰ্বসন্মতিক্ৰমে পুনৰ নিৰ্বাচিত হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নীতাই ১০০ শতাংশ ভোট লাভ কৰি সৰ্বসন্মতিক্ৰমে জয়লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত নীতাই কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে মোৰ ওপৰত থকা বিশ্বাস আৰু আস্থাৰ বাবে ৰাষ্ট্ৰপতি বাখ আৰু আই অ’ চিৰ মোৰ সকলো সহকৰ্মীক ধন্যবাদ জনাইছো। এই পুনৰ নিৰ্বাচন কেৱল ব্যক্তিগত মাইলৰ খুঁটি নহয় বৰঞ্চ বিশ্ব ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ স্বীকৃতিও।

ৰাছিয়াৰ আটাইতকৈ সুন্দৰী বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ মটৰচাইকেল দুৰ্ঘটনাত মৃত্য়ু…

ৰাছিয়াৰ আটাইতকৈ ধুনীয়া বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ মৃত্যু। তুৰ্কীত এক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হয় বাইকাৰগৰাকীৰ।

ৰাইডিঙৰ সময়তে এখন ট্ৰাকত খুন্দা মাৰে অ’জ’লিনাৰ বাইকে।

দুৰ্ঘটনাগ্ৰস্ত মহিলা বাইকাৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তাতয়ানা অ’জ’লিনাক।

কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক…

কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক।

আশা মল্লিক, দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা। শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড।

হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক।

শাওণ মাহত কিয় খাব নাপাই মাছ-মাংস! জানি লওক প্ৰকৃত কাৰণ…

শাওণ মাহত বহুলোকে মাছ-মাংস নাখাই। বাৰিষাৰ সময়ত সুস্থ হৈ থাকিবলৈ সুষম খাদ্যৰ খোৱাটো অতি গুৰুত্বপূৰ্ণ। আনহাতে হিন্দু ধৰ্মত শাওণ মাহত মাছ-মাংস বহুতেই নাখাই। যদিও বেছিভাগ মানুহেই এয়া ধৰ্মীয় কাৰণ বুলি বিবেচনা কৰে কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও নন-ভেজ নোখোৱাটো উপকাৰী। কাৰণ শাওণ হৈছে বৰষুণৰ মাহ, য’ত ধূলিৰ বাবে সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। খাদ্য সামগ্ৰীৰ ওপৰতো এই বেক্টেৰিয়া থাকে। এনে পৰিস্থিতিত যদি আপুনি মাছ-মাংস খাই তেন্তে কিছু সমস্যাই আপোনাক অসুবিধা দিব পাৰে-


বাৰিষাৰ সময়ত বেক্টেৰিয়া আৰু বীজাণু দ্ৰুতগতিত বৃদ্ধি পায়। যদি মাংস সঠিকভাৱে সিজোৱা নহয় তেন্তে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ বাবে খাদ্য বিষক্ৰিয়া, টাইফয়েড আদি ৰোগৰ আশংকা থাকে।

বাৰিষাত শৰীৰক লঘু আৰু সহজে হজম হোৱা খাদ্যৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত বাৰিষাৰ সময়ত মাছ-মাংস খাদ্য খোৱাৰ ফলত হজম শক্তিৰ সমস্যা হ’ব পাৰে।

বাৰিষাৰ সময়ত ছাল সংবেদনশীল হৈ পৰে। এনে পৰিস্থিতিত নন-ভেজ খাদ্যই ব্ৰণ আৰু একজিমাৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে।

গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী আৰম্ভ, অসমৰ ল’ৰা-ছোৱালীৰ নিৰাশাজনক আৰম্ভণি…

বুধবাৰৰ পৰা পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতা৷ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত আয়োজক অসমে নিৰাশাজনক আৰম্ভণি কৰিছে৷ অসমৰ ল’ৰাৰ দলে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন গ্ৰুপ মেচত ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ বিপৰীতে অসমৰ ছোৱালী দলটোক ঝাৰখণ্ডে ১৭-০ গলত পৰাস্ত কৰে৷ ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ অন্য গ্ৰুপ মেচত ওডিছাৰ ছোৱালী দলে ১৫-০ গ’লৰ ব্যৱধানত বংগক পৰাস্ত কৰে৷ আনহাতে, ল’ৰাৰ দুখন গ্ৰুপ মেচৰ এখনত মনিপুৰে ৯-১ গ’লৰ ব্যৱধানত বিহাৰক আৰু ওডিছাই ১৭-১ গ’লৰ ব্যৱধানত বংগক পৰাস্ত কৰে৷

উল্লেখ্য যে হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছে৷ আবেলি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই৷ অনুষ্ঠানত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসসহ অন্য ছয় ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে৷ উল্লেখ্য যে আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷