Home Blog Page 674

গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী আৰম্ভ, অসমৰ ল’ৰা-ছোৱালীৰ নিৰাশাজনক আৰম্ভণি…

বুধবাৰৰ পৰা পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতা৷ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত আয়োজক অসমে নিৰাশাজনক আৰম্ভণি কৰিছে৷ অসমৰ ল’ৰাৰ দলে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন গ্ৰুপ মেচত ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ বিপৰীতে অসমৰ ছোৱালী দলটোক ঝাৰখণ্ডে ১৭-০ গলত পৰাস্ত কৰে৷ ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ অন্য গ্ৰুপ মেচত ওডিছাৰ ছোৱালী দলে ১৫-০ গ’লৰ ব্যৱধানত বংগক পৰাস্ত কৰে৷ আনহাতে, ল’ৰাৰ দুখন গ্ৰুপ মেচৰ এখনত মনিপুৰে ৯-১ গ’লৰ ব্যৱধানত বিহাৰক আৰু ওডিছাই ১৭-১ গ’লৰ ব্যৱধানত বংগক পৰাস্ত কৰে৷

উল্লেখ্য যে হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছে৷ আবেলি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই৷ অনুষ্ঠানত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসসহ অন্য ছয় ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে৷ উল্লেখ্য যে আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷

ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ…

ছেপ্তেম্বৰ মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ টেকনিকেল শাখাত সভাপতিত্ব কৰিবৰ বাবে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু বিজ্ঞানী ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ জনাইছে৷ উত্তৰ প্ৰদেশৰ মথুৰাত অৱস্থিত দীনদয়াল উপাধ্যায় পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব লগা এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰত ‘Green and Sustainable Meat Sector: Global Game Changer’ শীৰ্ষক আলোচনা চক্ৰৰ সভাপতিত্ব কৰিব ড° হাজৰিকাই৷ ২০২২ চনত ড° হাজৰিকাক বিশেষ অৱদানৰ বাবে  এই সংস্থাই  জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰিছে৷

উল্লেখযোগ্য যে পশু চিকিৎসা বিজ্ঞানৰ অধ্যাপনা আৰু গৱেষণাৰ উপৰিও ড° হাজৰিকাই নিজকে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত কৰি আহিছে ৷ ইয়াৰ ভিতৰত চচল শতদল শাখা সাহিত্য সভা, বৃহত্তৰ চচল জেষ্ঠ নাগৰিক সন্মিলন, ওপৰ চছল বিহু সন্মিলন, সামাজিক সংগঠন সুৰক্ষা আৰু লোকতীৰ্থ দাতব্য ন্যাসৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আহিছে৷

 

অসম ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপত উজলিল দেৰগাঁৱৰ খেলুৱৈ…

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ভোটপাৰা ষ্টেডিয়ামত ১৯ আৰু ২০ জুলাইত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ বাৰ্ষিক অসম ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপত দেৰগাঁও আশিহাৰা কাৰাটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।ইয়াৰে ভিতৰত আকাশ জ্যোতি বনিয়া সোণ, ৰোশনী চেত্ৰী সোণ, বলেন্দ্ৰ ডাও সোণ, আৰুচি গোহাঁই সোণ, নিহাল ঠাকুৰ সোণ, অংকিতা ৰায় সোণ, পূৰ্বা নন্দিনি দত্ত সোণ, বিনীতা দেৱী সোণ, জান পাছুং সোণ, ৰিমজিম বৰুৱা সোণ, কৌশিকী সভাপণ্ডিত সোণ, কৃষ্ণ মনি পেগু সোণ, ইছা চেত্ৰী সোণ, দেৱজিত বৰা সোণ, নাজৰানা জন্নত হুছেইন সোণ, মনীষ ৰয় সোণ, অভিমন্যু লোহাৰ সোণ, ওম চাহু সোণ, চাহিল আলী ৰূপ, অনিন্দিতা দাস ৰূপ, নিশিতা গগৈ ৰূপ, ডেভিদ সোণোৱাল ৰূপ, ইশিতা নাগবংশী ৰূপ, জামিৰ আলী ৰূপ, পিহু শইকীয়া ৰূপ, তন্ময় নাথ ব্ৰঞ্জ, কৃতি দাস ব্ৰঞ্জ, এনিশা বৰা ব্ৰঞ্জ, য়াকিন ৰহমান ব্ৰঞ্জ, দীপিকা মিৰ্ধা ব্ৰঞ্জ ইয়াৰে আকাশ জ্যোতি বণিয়াই চিনিয়ৰ পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ আৰু চিনিয়ৰ মহিলা শাখাত ৰশ্নি চেত্ৰীয়ে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

দলটোৰ তত্বাৱধানত আছিল চেনচাই কৃষ্ণ বাহাদুৰ দর্জী আৰু চেনচাই আমিন খান।দেৰগাঁও আশিহাৰা কাৰাটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ এই সাফল্যত দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সচেতন ব্যক্তিয়ে সন্তোষ প্রকাশ কৰিছে।

সংসদৰ মজিয়াত সাংসদ বীৰেন বৈশ্যঃ বানপানী সমস্যাৰ স্থায়ী সমাধানকে ধৰি চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বান ৰোধৰ আহ্বান…

বুধবাৰে ৰাজ্য সভাত অসম গণ পৰিষদ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপন কৰা কেন্দ্ৰীয় বাজেটক এখন উন্নয়নমুখি আৰু বাস্তৱধৰ্মী বাজেট বুলি উল্লেখ কৰি বাজেটখনৰ জৰিয়তে দেশ আইমাতৃ আৰু বাই-ভনী সকলক মৰ্যদা সহকাৰে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিলে বুলি মতপোষণ কৰে। বাজেটখনে কৃষি, শিক্ষা আদিৰ লগতে দেশৰ অৰ্থনৈতিক কাঠামো শক্তিশালীকৰণৰ এক স্পষ্ট ইংগিত দাঙি ধৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনমুখি কৰা বাট মুকলি কৰিলে বুলি মতপোষণ কৰে।

সাংসদ বৈশ্যই অসমৰ শেহতীয়া জটিল বান পৰিস্থিতিৰ কথা উল্লেখ কৰি বানৰ ফলত ৰাজ্যখনে ব্যাপক ক্ষতিগ্ৰস্ত হোৱা বুলি দাঙি ধৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চীনকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বৈশ্যই লগতে অসমৰ ঐতিহ্যশালী চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বানৰ কথা আঙুলিয়াই দি গুৰুত্বপূৰ্ণ এই উদ্যোগটোক আগবঢ়াই নিয়াত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰে। বৈশ্যই ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখিন হোৱা সমস্যাৰ কথাও সংসদত দাঙি ধৰি ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাজ্যখনৰ অৰ্থনীতিৰ অন্যতম মেৰুদণ্ড বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক সকলো ধৰণৰ সহযোগিতাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰতাঅসম গণ পৰিষদ দলৰ


গুৱাহাটী ২৪ জুলাইঃ আজি গুৱাহাটীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্য আৰু জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সকলৰ এখনি বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এই সভাত কেইবা ঘন্টাজুৰি উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনকে ধৰি দলীয় সংগঠন আৰু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ বিষদ ভাৱে আলোচনা হয়।

বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন সক্ৰিয় আৰু অধিক গতিশীল কৰাৰ উদ্দেশ্যে সমষ্টি সমিতি আৰু পঞ্চায়ত সমিতিৰ প্ৰত্যক্ষ ব্যৱস্থাপনাত প্ৰয়োজন সাপেক্ষে বুথ/শাখা সমিতি তৎকালিন ভাৱে পুনৰ গঠন কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই বিশেষ ভাৱে উপ-নিৰ্বাচন অনুষ্ঠিত হবলগীয়া পাচোঁটা বিধান সভা সমষ্টিতো প্ৰয়োজন সাপেক্ষে বুথ/শাখা সমিতি অহা ৩১ আগষ্ট ২০২৪ তাৰিখৰ ভিতৰত পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই উপ-নিৰ্বাচন অনুষ্ঠিত হবলগীয়া পাচোঁটা বিধান সভা সমষ্টিত অহা ৩১ আগষ্ট ২০২৪ৰ ভিতৰত সমষ্টি ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই সকলো ধৰণৰ সাংগঠনিক আৰু নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ বাবে প্ৰতিটো সমষ্টিত দলীয় তত্বাৱধায়ক নিয়োগ কৰিবলৈ দলৰ সভাপতিক কতৃত্ব প্ৰদান কৰে। সভাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই প্ৰতিটো পঞ্চায়তৰে সকলো কেইটা ৱাৰ্ডতে প্ৰাৰ্থী নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আগতীয়াকৈ পেনেল প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। এই পেনেলত পুৰুষৰ লগতে মহিলাৰ নাম অন্তৰ্ভূক্ত কৰিব লাগিব বুলি সভাই ঐক্যমত পোষণ কৰে। সভাই দলীয় সাংগঠনিক কাম-কাজসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে প্ৰতি সপ্তাহত দলৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সদস্য, জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু ভাতৃ-ভগ্নী সংগঠনৰ লগত আলোচনাত মিলিত হবলৈ সিদ্ধান্ত লয় ।

সভাই অহা ১৯, ২০ আৰু ২১ আগষ্ট তাৰিখে তিনিদিনীয়াকৈ গুৱাহাটীত এখনি ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই প্ৰতিটো বিধান সভা সমষ্টিতে জনসংযোগী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্য্যসূচীৰ বিতং কৰ্মসূচী নিৰ্দিষ্ট ভাৱে উল্লেখ থাকিব আৰু দলীয় তত্বাৱধায়কসকলে এই কাৰ্য্যসূচী ৰূপায়ণৰ বাবে উপস্থিত থাকি ৰূপায়ণৰ ব্যৱস্থা কৰিব। সভাই উজনি-নামনি, বৰাক উপত্যকা আৰু পাহাৰ অঞ্চলত জনসংযোগ যাত্ৰা কাৰ্য্যসূচী অহা চেপ্তেম্বৰ মাহত আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই অসমৰ বান আৰু খহনীয়া সমস্যাৰ ওপৰত বিষদ ভাৱে আলোচনা কৰে আৰু এই সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ বাবে সময় নিৰ্ধাৰিত ভাৱে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই লগতে ৰাজ্যখনৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা বানপীড়িত ৰাইজৰ সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ বাবে এক বিশেষ পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাপতিৰ আসনৰ পৰা অতুল বৰাই কয় যে, দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই ৰাজনৈতিক কাৰ্য্যসূচীৰ লগতে সামাজিক কাৰ্য্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত থাকি কাম কৰিব লাগিব।

যিকোনো নিৰ্বাচনৰ বাবে সাজু হ’ব পৰাকৈ সকলো দলীয় সদস্যকে নিজৰ নিজৰ অঞ্চলত জনসংযোগ বৃদ্ধিৰ লগতে দলীয় কাৰ্য্যসূচীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিজন সদস্যকে স্থানীয় বিশিষ্ট ব্যক্তি তথা নিৰব দলীয় সদস্যসকলক সাক্ষাৎ কৰি মতবিনিময় কৰাত গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণৰ চিন্তাক দলৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে তৎপৰ হ’বলৈ আহ্বান জনায়। সভাত উপ-সভাপতি পৃথ্বিৰাজ ৰাভা, কুমাৰ দীপক দাস, জ্যোতিষ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, ডা০ তাৰাপ্ৰসাদ দাস, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, পোনাকন বৰুৱা, সত্যব্ৰত কলিতা, আক্ৰাম হুছেইন, সুনীল ৰাজকোঁৱৰ, ড০ তপন দাস, মণি মাধৱ মহন্ত, ধৰ্মেশ্বৰ ৰায়, তোলন কোৱঁৰ, জ্যোতিমণি মৰাণ, জয়ন্ত খাউণ্ড প্ৰমুখ্যে দলীয় কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যসকল, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকলৰ লগতে দলৰ জিলা সমিতিসমূহৰ সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত থাকে।

তিৱা মাথনলাই তখ্ৰা (সাহিত্য সভা)ৰ এক অৱলোকন

এটা জাতিৰ ভাষা সংস্কৃতিৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে সাহিত্য সভা। এনে এক মহৎ উদ্দেশ্যেৰেই ১৯৮১ চনৰ ২৫ জুলাইত প্ৰতিষ্ঠা লাভ কৰিছিল তিৱা মাথনলাই তখ্ৰাই। তখ্ৰাৰ প্রথমখন সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছিল ১৯৮৫ চনৰ ফেব্ৰুৱাৰী মাহত মৰিগাঁও জিলাৰ এজাৰবাৰীত। ৮০ দশকত প্ৰতিষ্ঠা লাভ কৰা মাথনলাই তখ্ৰাই সম্প্রতি আজিৰ তাৰিখত জনগোষ্ঠীটোৰ ভাষা- সাহিত্যৰ উত্তৰণৰ হকে বিভিন্ন কাৰ্যপন্থা হাতত লৈ আহিছে। নতুন নতুন তিৱা গ্ৰন্থ প্ৰণয়নেৰে তিৱা সাহিত্যৰ ভড়াল চহকী কৰি আহিছে। বৰ্তমান সময়ত তিৱা মাথনলাই তখ্ৰাৰ অন্তৰ্গত কাৰ্বি আংলং, মৰিগাঁও, নগাওঁ, ধেমাজি, কামৰূপ, গুৱাহাটী মহানগৰ, হোজাই, গোলাঘাটক লৈ মুঠ ৮ খন জিলা সমিতি আৰু এখন মেঘালয় ৰাজ্যিক সমিতি আছে। উক্ত জিলাসমূহৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিসমূহ আছে। তখ্ৰাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰয়াত উদ্ধৱ চন্দ্ৰ সেনাপতি আৰু সাধাৰণ সম্পাদক প্ৰয়াত স্বাধীন বৰদলৈ। তখ্ৰাৰ বৰ্তমানৰ সভাপতি- সম্পাদক ৰূপে দীপেন্দ্ৰ নাথ বৰদলৈ আৰু ডo বিদ্যুৎ বিকাশ সেনাপতিয়ে কাৰ্যনিৰ্বাহ কৰি আছে। আমাৰ এই লেখাৰ জৰিয়তে তিৱা মাথনলাই তখ্ৰাৰ জন্মলগ্নৰে পৰা সাম্প্ৰতিক সময়লৈকে সামান্য আভাষ দিয়াৰ চেষ্টা কৰিছো।

তিৱা ভাষা সংস্কৃতিৰ দুৰ্যোগৰ সময়ত এচাম ভাষা সংস্কৃতি হিতৈষী লোকৰ প্ৰচেষ্টাত প্ৰথমে ১৯৮০ চনত “ তিৱা ভাষা উন্নয়ন সমিতি ” নামেৰে সংগঠনৰ জন্ম হৈছিল। পৰৱৰ্তী সময়ত বহু পৰ্যালোচনাৰ অন্তত ১৯৮১ চনৰ ২৫ আৰু ২৬ জুলাইত মৰিগাঁও জিলাৰ শিলচাং মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰ জৰিয়তে “ তিৱা ভাষা উন্নয়ন সমিতি “ নামৰ পৰিৱৰ্তে তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভা ৰূপে প্ৰতিষ্ঠিত হয়। তখ্ৰাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে প্ৰয়াত উদ্ধৱ চন্দ্ৰ সেনাপতি আৰু সাধাৰণ সম্পাদক হিচাপে স্বাধীন বৰদলৈয়ে দায়িত্ব গ্ৰহণ কৰে। ১৯৮৫ চনত তখ্ৰাৰ প্রথমখন সাধাৰণ অধিৱেশন অনুষ্ঠিত হয় মৰিগাঁও জিলাৰ এজাৰবাৰীত। ৮, ৯ আৰু ১০ ফেব্ৰুৱাৰীত এজাবাৰীৰ উষা বৰত ক্ষেত্ৰত বৰতৰ গীত আৰু বিভিন্ন তিৱা কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে উদযাপিত হয় তখ্ৰাৰ প্রথমখন সাধাৰণ অধিৱেশন। প্ৰয়াত উদ্ধৱ চন্দ্ৰ সেনাপতিক পুনৰবাৰ সভাপতি আৰু তিৱা নেতা, সাহিত্যিক নাৰায়ণ কুমাৰ ৰাডুকাকতিক সাধাৰণ সম্পাদক হিচাপে সভাই দ্বায়িত্ব অৰ্পণ কৰে। বিভিন্ন কাৰণবশত: সুদীৰ্ঘ ১০ বছৰৰ পাচত তিৱা জাতীয় আন্দোলনৰ সময়ছোৱাত ১৯৯৫ চনত অনুষ্ঠিত হয় তখ্ৰাৰ দ্বিতীয়খন সাধাৰণ অধিৱেশন। ৩১ মাৰ্চ, ১, ২ এপ্ৰিলত ৰজা ৰহচিং ক্ষেত্ৰত সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সাংস্কৃতিক সমাজৰ সহযোগত তিৱা ভাষা সাহিত্যক গতি প্ৰদানৰ লক্ষ্যৰে উলহ মালহেৰে অধিৱেশনখনিৰ সমাপন ঘটে। পৰৱৰ্তী কাৰ্যকালৰ বাবে জাতীয় নেতা তথা সাহিত্যিক তুলসী বৰদলৈ আৰু সাহিত্যক মহেশ্বৰ পাটৰক সভাপতি- সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰে। তখ্ৰাৰ তৃতীয় সাধাৰণ অধিৱেশনখন ১৯৯৭ চনৰ ৪, ৫ আৰু ৬ এপ্ৰিলত নগাওঁ জিলাৰ বাৰপূজীয়াত শ্বহীদ হেমৰাম পাতৰ ক্ষেত্ৰত অনুষ্ঠিত হয়। উক্ত অধিৱেশনখনি তিৱা ভাষাৰ বাবে এক ঐতিহাসিক অধিৱেশন ৰূপে চিহ্নিত। যিহেতু ৫ এপ্ৰিল তাৰিখে অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে তদানিন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে মাথনলাই তখ্ৰা আৰু তিৱা জাতীয় সংগঠনৰ মুৰব্বীসকলৰ মাজত ‘ তিৱা ভাষা সংস্কৃতি বিষয়ত এক আলোচনা অনুস্থিত হয়। উক্ত আলোচনাৰ অন্তত ‘তিৱা ভাষা আৰু লিপি চুক্তি ’ স্বাক্ষৰিত হয়। এই চুক্তিৰ দ্বাৰা তিৱা ভাষাই ৰোমান লিপিৰে মান্যতা লাভ কৰে। উক্ত চুক্তিত ৫১ শতাংশ তিৱা ভাষী ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা প্ৰৱৰ্তন আৰু ভাষা শিক্ষক নিযুক্তি বিষয়টো সন্নিৱিষ্ট আছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় শিক্ষক নিযুক্তি বিষয়টো মাথো চুক্তিয়েই হৈ থাকিল। উক্ত অধিৱেশনত পুনৰবাৰ তুলসী বৰদলৈয়ে সভাপতি আৰু ৰত্নকান্ত বৰদলৈয়ে নতুন সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি অসমৰ স্বনামধন্য কবি নীলমণি ফুকনে মন্তব্য আগ বঢ়াইছিল “তিৱা সাহিত্য সভাই তৃতীয় অধিৱেশনত ভৰি থৈয়েই ইমানবোৰ গ্ৰন্থ প্ৰকাশ কৰাত মই অদূৰ ভবিষ্যতৰ তিৱা সাহিত্য জগতৰ সোণালী ৰেঙনি দেখিছো।”

তখ্ৰাৰ চতুৰ্থ সাধাৰণ অধিৱেশন ২০০০ চনৰ ৭, ৮ আৰু ৯ এপ্ৰিলত মৰিগাঁও জিলাৰ বৈদ্যবড়ী (দীঘলড়ী) ত অনুষ্ঠিত হয়। উক্ত অধিৱেশনৰ মুখপত্ৰ থুৰাঙৰ সহিতে স্মৃতিগ্ৰন্থ ‘চনাইনে তিহান্দ’ আৰু অন্যান্য গ্ৰন্থসমূহ প্ৰকাশ পায়। উক্ত অধিবেশনত বকুলবন বঁটা প্ৰাপক সাহিত্যিক বলাইৰাম সেনাপতি সভাপতি আৰু মহেশ্বৰ পাটৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হয়। তখ্ৰাৰ পঞ্চম সাধাৰণ অধিবেশনখন অনুষ্ঠিত হয় ২০০২ চনত কাৰ্বি আংলং জিলাৰ উলুখুঞ্জীত। ৰাজা সুতুৰচিং ক্ষেত্ৰত ৮, ৯ আৰু ১০ মাৰ্চত অনুষ্ঠিত অধিৱেশনখনিত পৰৱৰ্তী কাৰ্যকালৰ বাবে তুলসী বৰদলৈক তৃতীয়বাৰৰ বাবে সভাপতি আৰু জাতীয় নেতা ডিo উফিং মাছলাইক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। মুখপত্ৰ থুৰাং আৰু স্মৃতিগ্ৰন্থ ‘ থুৰি’ ৰ সহিতে কেইবাখনো গ্ৰন্থ প্ৰকাশ পায়। তখ্ৰাৰ ষষ্ঠ সাধাৰণ অধিৱেশনখনি ২০০৪ চনত আমচৈত অনুষ্ঠিত হয়। মা বসুন্ধৰি ক্ষেত্ৰত ২৬, ২৭, ২৮ আৰু ২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তিৱা জাতিৰ ভাষা- সংস্কৃতি, পৰম্পৰাৰ ভূয়শী প্ৰশংসা কৰে। ভাষণ প্ৰসংগত ৫০ জন ভাষা শিক্ষক নিযুক্তিৰ আশ্বাস দিয়ে যদিও সেয়া বাস্তৱত হৈ নুঠিল। পৰৱৰ্তী কাৰ্যকালৰ বাবে বিশিষ্ট সাহিত্যিক গণেশ চন্দ্ৰ সেনাপতিক সভাপতি অৰু ডিo উফিং মাচলাইক পুনৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব অৰ্পণ কৰা হয়। ২০০৬ চনত তখ্ৰাৰ সপ্তম সাধাৰণ অধিৱেশনখন অনুষ্ঠিত হয় কামৰূপ জিলাৰ ডিমৰীয়াত। ৯, ১০, ১১ আৰু ১২ মাৰ্চত ডুমৰা ফাটাৰ ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনখনিৰ মুখপত্ৰ থুৰাং আৰু স্মৃতিগ্ৰন্থ ‘ চাং খৰলা’ ৰ লগতে মুঠ ১২ খন গ্ৰন্থ প্ৰকাশ পায়। এই অধিবেশনত গণেশ চন্দ্ৰ সেনাপতিক পুনৰ সভাপতি আৰু জাতীয় নেতা ৰবাৰ্ট লুম্ফুইক সাধাৰণ সম্পাদক হিচাপে সভাই নিৰ্বাচিত কৰে। কিন্তু সভাপতিৰ কাৰ্যকালৰ সময়তেই গণেশ সেনাপতি পৰলোকপ্ৰাপ্তি হোৱাত উপসভাপতি মহেশ্বৰ পাটৰে সভাপতিৰ দায়িত্ব পালন কৰে। তখ্ৰাৰ অষ্টম সাধাৰণ অধিবেশনখনি অনুষ্ঠিত হয় ২০০৮ চনৰ ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত মৰিগাঁও জিলাৰ এজাৰবাৰীত। স্বৰ্গীয় তলৌ কোঁৱৰ ক্ষেত্ৰত অনুষ্ঠিত অধিবেশন খনিত মুখপত্ৰ আৰু স্মৃতিগ্ৰন্থ ‘ খুংগৰী ‘ৰ লগতে অন্য গ্ৰন্থৰ প্ৰকাশ হয়। মহেশ্বৰ পাটৰে সভাপতি আৰু ৰবাৰ্ট লুম্ফুইয়ে পুনৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। তখ্ৰাৰ নৱম সংখ্যক অধিৱেশন অনুষ্ঠিত হয় ২০১৩ চনৰ ৫, ৬ আৰু ৭ এপ্ৰিলত মেঘালয়ৰ অন্তৰ্গত ৰিভয় জিলাৰ আমজঙত। মেঘালয়ৰ তিৱা ৰাইজৰ উচ্চাস উদ্দীপনাৰ মাজত ‘ লেমৰা ক্ষেত্ৰ’ ত অনুষ্ঠিত অধিৱেশনখনত মুখপত্ৰ আৰু স্মৃতিগ্ৰন্থ ‘ লেমৰা ’ প্ৰকাশ পায়। উক্ত অধিবেশনখনত বিশিষ্ট শিল্পী লালচিং মাদাৰ আৰু শিল্পী ডo বিদ্যুৎ বিকাশ সেনাপতিয়ে সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে। তখ্ৰাৰ দশম সাধাৰণ অধিবেশনখন ২০১৬ চনত মৰিগাঁও জিলাৰ বৰচিলাত অনুষ্ঠিত হয়। ১৮, ১৯ আৰু ২০ মাৰ্চত সোনাইপৰীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনখনিত পুনৰবাৰ লালচিং মাদাৰ আৰু ডo বিদ্যুৎ বিকাশ সেনাপতিক সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে ৰাখি সমিতি গঠন কৰা হয়। তখ্ৰাৰ একাদশ সাধাৰণ অধিৱেশন অনুষ্ঠিত হয় ২০১৯ চনৰ ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ উমচুৱাইত। পাহাৰৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বলাখঙৰ ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনত অভিলেখ সংখ্যক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। মুখপত্ৰৰ লগতে স্মৃতিগ্ৰন্থ ‘আমচা’ আৰু অন্যান্য গ্ৰন্থসমূহ প্ৰকাশ পায়। পূৰ্বৰ সভাপতি সম্পাদককে বাহাল ৰাখি দুই এক পদবীৰ সাল সলনিৰে সমিতি গঠন কৰা হয়।

যোৱা ২০২২ চনৰ ২৫, ২৬, ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত নগাওঁ জিলাৰ বাৰোপুজীয়াত তখ্ৰাৰ দ্বাদশ সাধাৰণ অধিবেশনৰ অনুষ্ঠিত কৰা হয়। অধিবেশনৰ মুকলি সভাত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্বশৰ্মাই নতুন শিক্ষা নীতি ২০২০ ৰ মতে মাতৃভাষাৰ শিক্ষা প্ৰদানৰ আধাৰত প্ৰাথমিক পৰ্যায়ত তিৱা ভাষাৰ মাধ্যম প্ৰদানৰ আশ্বাস প্ৰদান কৰে। ইতিমধ্যে তখ্ৰাৰ তৰফৰপৰা SCERT ৰ উদ্যোগত পাঠ্যপুথি প্ৰণয়নৰ কৰ্মসূচীও সম্পন্ন হোৱা পৰিলক্ষিত হৈছে। তিৱা ৰাইজ আশাবাদী, অতি শীঘ্ৰে নতুন শিক্ষা বৰ্ষৰে পৰা তিৱাসকলৰ দীৰ্ঘদিনীয়া দাবী তিৱা ভাষাৰ মাধ্যম প্ৰদান বিষয়টো সমাধান হব। দ্বাদশ অধিবেশনখনিত মুখপত্ৰ থুৰাং, স্মৃতিগ্ৰন্থ খিদ্ৰিচং সহিতে মুঠ ২৫ খন গ্ৰন্থ প্ৰকাশ পায়। উক্ত অধিবেশনত পূৰ্বৰ উপ সভাপতি দীপেন্দ্র নাথ বৰদলৈক নতুন সভাপতি, পূৰ্বৰ সাধাৰণ সম্পাদক ডo বিদ্যুৎ বিকাশ সেনাপতিক পুনৰ সাধাৰণ সম্পাদক, পূৰ্বৰ উপসভাপতি শৰৎ চন্দ্ৰ পাটৰ আৰু যোগেশ্বৰ বৰদলৈক উপসভাপতি হিচাপে লৈ সমিতি গঠন কৰে। তখ্ৰাৰ আগন্তুক ত্ৰয়োদশ অধিবেশন ২০২৫ চনৰ জানুৱাৰী মাহত মৰিগাঁও জিলাৰ ঔজাৰিত অনুষ্ঠিত হব। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।

সম্প্ৰতি তিৱা মাথনলাই তখ্ৰাই নতুন নতুন পদক্ষেপেৰে তিৱা সাহিত্যৰ উত্তৰণত উল্লেখযোগ্য ভুমিকা পালন কৰি আছে। সময়ে সময়ে তিৱা গ্ৰন্থ প্ৰণয়ন, ভাষা চৰ্চা কেন্দ্ৰ স্থাপন, ছাত্ৰ ছাত্ৰীৰ মাজত তিৱা সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰ, সজাগতা সভাৰ দৰে অনুষ্ঠানৰ জৰিয়তে ভাষা সংস্কৃতিৰ বিকাশৰ হকে কাম কৰি আছে। ইয়াৰ মাজতে সাহিত্যিক তথা তখ্ৰাৰ সাহিত্য সম্পাদক হৰচিং খলাৰৰ ২০২৩ চনত সাহিত্য অকাডেমি ভাষা সন্মান বঁটা লাভ কৰা বিষয়টোৱে তিৱা ভাষাৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে। অনাগত সময়ত তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত তিৱা ভাষা সাহিত্যই অধিক প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিব বুলি আশা কৰিব পাৰি। শেষত তখ্ৰাৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত তিৱা মাথনলাই তখ্ৰাৰ হকে অৱদান আগবঢ়াই যোৱা প্ৰতিজনকে শ্ৰদ্ধা নিবেদন কৰিলো। তিৱা মাথনলাই তখ্ৰা থাং থাও ( তিৱা সাহিত্য সভা দীৰ্ঘজীৱি হওক)।

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ জন্মদিন উপলক্ষে তেজপুৰৰ গ্ৰীন আচিয়ানা ভৱনত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান…

অসমৰ ভৌতিক ৰহস্য সাহিত্য আৰু কল্প বিজ্ঞানমূলক সাহিত্যৰ এগৰাকী মুকুট বিহীন সম্ৰাট ৰঞ্জু হাজৰিকাৰ আজি ওপজা দিন উপলক্ষে এক বিশেষ অনুষ্ঠান তেজপুৰৰ গ্ৰীন আচিয়ানা ভৱনত অনুষ্ঠি হয়৷ ২০২৪চনৰ ভাৰতীয় সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাৰে সন্মানিত হোৱাৰ পিছত আজিৰ এই বিশেষ জন্মদিনটো অতি উলহ-মালহেৰে পালন কৰা হয়৷ এই অনুস্থানটোত তেখেতৰ শুভাকাংক্ষী সকলৰ লগতে প্ৰিয় পঢ়ুৱৈ সকল আৰু প্ৰকাশক সকলো উপস্থিত থাকে৷

ইয়াৰ পিছতে প্ৰিয় সাহিতিক গৰাকীৰ লগত হোৱা এক মত বিনিময় অনুষ্ঠানৰ শুভাৰাম্ভ কৰে। শোনিতপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন হাজৰিকা “ৰাস্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিশু সাহিত্যিক দিলীপ বৰুৱা“ শোনিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি বহ বিশিষ্ট ব্যক্তি উপস্হিত থাকি আলোকপাত কৰে।

আনহাতে দুগৰাকী বিশেষ চিত্ৰকৰে তেখতৰ আৰু দুই ভাতৃৰ এখন সুন্দৰ ছবি আজি বিশিষ্ট সাহিত্যিকগৰাকীক জন্মদিন উপলক্ষে আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।

সোৱাদ, সুগন্ধি আৰু ৰন্ধা-বঢ়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰা ধনীয়া পাত উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগীয়ে খাব পাৰেনে…

ধনীয়া পাত বহুতৰে প্ৰিয়।ধনীয়া পাত পুষ্টিকৰ উপাদানৰে ভৰপূৰ।উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগীয়েও ৰন্ধা-বঢ়াত ধনীয়া পাত খাব পাৰে। ৰান্ধি থাকোঁতে দাইল, তৰকাৰী বা মাছৰ জোলৰ ওপৰত ধনীয়া পাত দিলে সোৱাদ বাঢ়েব। ধনীয়া পাত অবিহনে খাদ্যৰ সোৱাদৰ কথা ভাবিব নোৱাৰি। ধনীয়া পাতে সোৱাদ, সুগন্ধি আৰু অৱশ্যেই ৰন্ধা-বঢ়াৰ সৌন্দৰ্য্য বহুগুণে বৃদ্ধি কৰে।

ধনীয়া স্বাস্থ্যৰ বাবে কিয় উপকাৰী, সেই বিষয়ে জানেনে। ধনীয়াই শৰীৰৰ বেয়া কলেষ্টেৰল কমায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।যকৃত সুস্থ কৰি ৰাখিবলৈ ধনীয়া পাতৰ সংমিশ্ৰণ অতি ভাল। ধনীয়াই হজম শক্তি উন্নত কৰে। ডায়েবেটিছ ৰোগীয়ে ৰন্ধা-বঢ়াত ধনীয়া পাত খাব পাৰে। ধনীয়াই ইনচুলিনৰ ভাৰসাম্য ৰক্ষা কৰে, তেজৰ চেনি নিয়ন্ত্ৰণ কৰে।ধনীয়াৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণো থাকে।ধনীয়া পাতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ভিটামিন এ প্ৰচুৰ পৰিমাণে থকা ধনীয়া পাতে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।ধনীয়া পাত খোৱাটোও চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী।ধনীয়াত ভিটামিন চি থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান…

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান।

পুৱাৰে পৰা আৰম্ভ হৈছে অভিযান। ধুবুৰীৰ পৰা আৰম্ভ হৈ ভাৰত বাংলাদেশ সীমান্ত লৈ চলিছে অভিযান। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বিশিষ্ট সংগীত পৰিচালক গৰাকী।

ভয়ংকৰ বিমান দুৰ্ঘটনাত! ১৮ জনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ…

নেপালৰ কাঠমাণ্ডুৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৮ জনৰ মৃত্যু। একমাত্ৰ পাইলটজনক জীৱন্তে উদ্ধাৰ কৰা হয়। সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক।

ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। আজি দিনৰ ১১ বজাত সংঘটিত হৈছিল এই বিমান দুৰ্ঘটনা।