Home Blog Page 675

সোৱাদ, সুগন্ধি আৰু ৰন্ধা-বঢ়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰা ধনীয়া পাত উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগীয়ে খাব পাৰেনে…

ধনীয়া পাত বহুতৰে প্ৰিয়।ধনীয়া পাত পুষ্টিকৰ উপাদানৰে ভৰপূৰ।উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগীয়েও ৰন্ধা-বঢ়াত ধনীয়া পাত খাব পাৰে। ৰান্ধি থাকোঁতে দাইল, তৰকাৰী বা মাছৰ জোলৰ ওপৰত ধনীয়া পাত দিলে সোৱাদ বাঢ়েব। ধনীয়া পাত অবিহনে খাদ্যৰ সোৱাদৰ কথা ভাবিব নোৱাৰি। ধনীয়া পাতে সোৱাদ, সুগন্ধি আৰু অৱশ্যেই ৰন্ধা-বঢ়াৰ সৌন্দৰ্য্য বহুগুণে বৃদ্ধি কৰে।

ধনীয়া স্বাস্থ্যৰ বাবে কিয় উপকাৰী, সেই বিষয়ে জানেনে। ধনীয়াই শৰীৰৰ বেয়া কলেষ্টেৰল কমায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।যকৃত সুস্থ কৰি ৰাখিবলৈ ধনীয়া পাতৰ সংমিশ্ৰণ অতি ভাল। ধনীয়াই হজম শক্তি উন্নত কৰে। ডায়েবেটিছ ৰোগীয়ে ৰন্ধা-বঢ়াত ধনীয়া পাত খাব পাৰে। ধনীয়াই ইনচুলিনৰ ভাৰসাম্য ৰক্ষা কৰে, তেজৰ চেনি নিয়ন্ত্ৰণ কৰে।ধনীয়াৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণো থাকে।ধনীয়া পাতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ভিটামিন এ প্ৰচুৰ পৰিমাণে থকা ধনীয়া পাতে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।ধনীয়া পাত খোৱাটোও চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী।ধনীয়াত ভিটামিন চি থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান…

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান।

পুৱাৰে পৰা আৰম্ভ হৈছে অভিযান। ধুবুৰীৰ পৰা আৰম্ভ হৈ ভাৰত বাংলাদেশ সীমান্ত লৈ চলিছে অভিযান। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বিশিষ্ট সংগীত পৰিচালক গৰাকী।

ভয়ংকৰ বিমান দুৰ্ঘটনাত! ১৮ জনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ…

নেপালৰ কাঠমাণ্ডুৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৮ জনৰ মৃত্যু। একমাত্ৰ পাইলটজনক জীৱন্তে উদ্ধাৰ কৰা হয়। সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক।

ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। আজি দিনৰ ১১ বজাত সংঘটিত হৈছিল এই বিমান দুৰ্ঘটনা।

শাওণ মাহ ভগৱান শিৱৰ বাবে অতি প্ৰিয়! শাওণ মাহত কৰক এইকেইটা কাম…

শাওণ মাহ আৰম্ভ হৈছে।এই শাওণ মাহ ভগৱান শিৱৰ বাবে অতি প্ৰিয়। এই মাহত কৰা ভগৱান শিৱৰ পূজা কৰিলে বিশেষ ফল পোৱা যায়। শাওণত কিছুমান কাম আছে, যিবোৰ কৰি ভগৱান শিৱৰ লগতে ৰাহু-কেতু আৰু শনিৰ দৰে গ্ৰহবোৰকো শান্ত কৰিব পাৰি।আজি আপোনালোকক এনে কিছুমান কামৰ বিষয়ে জনাম, যিবোৰ শাওণ মাহত কৰিব পৰা যায়। জ্যোতিষৰ মতেও এইবোৰ কাম কৰি মানুহে জীৱনত শুভ ফল লাভ কৰে।

যদি কোনো ব্যক্তিৰ ৰাশিফলত চন্দ্ৰ, শনি, ৰাহু আৰু কেতু একেলগে উপস্থিত থাকে, তেন্তে ব্যক্তিজনে মানসিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে লোকে বাৰে বাৰে শাৰীৰিক বিষত ভুগিবলগীয়া হয়। ইয়াৰ উপৰিও কেৰিয়াৰ আৰু ব্যৱসায়তো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি সাৱনত ভগৱান শিৱক সঠিকভাৱে পূজা কৰি আছে, ব্ৰত ৰাখিছে ইত্যাদি, তেন্তে ইয়াৰ দ্বাৰা শনি গ্ৰহৰ লগতে ৰাহু-কেতু গ্ৰহসমূহো শান্ত হ’ব। বিশ্বাস কৰা হয় যে সোমবাৰে যদি আপুনি ব্ৰত ৰাখিব নোৱাৰে তেন্তে সোমবাৰে শিৱ চলিছা পাঠ কৰিব পাৰে।

ৰাশিফলত শনি, ৰাহু আৰু কেতু গ্ৰহবোৰৰ কোনো এটাৰ বেয়া প্ৰভাৱ থাকিলে ব্যক্তিজনে ভয় আৰু অস্থিৰতা অনুভৱ কৰে। এনে অৱস্থাত যদি আপুনি শাওণ মাহত কিছু সময় উলিয়াই নিৰ্জন ঠাইত বহি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰে, তেন্তে আপোনাৰ সকলো ভয় নোহোৱা হৈ যাব। ।

নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা! নিহত ৫ জনকৈ লোক…

নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা।

উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰণৰ সময়তে দুৰ্ঘটনা সংঘটিত হয়।

বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী।

বৰ্তমানলৈকে দুৰ্ঘটনাটোত মৃত্যু হয় ৫ জনকৈ লোকৰ।

বৰ্তমানো সন্ধানহীন সংগীত পৰিচালক ৰমেন বৰুৱা! ৰমেন বৰুৱাৰ কন্যাক বিচাৰি লতাশিলৰ বাসগৃহত আৰক্ষী…

বৰ্তমানো সন্ধানহীন সংগীত পৰিচালক ৰমেন বৰুৱা! সকলোৱে মুখে মুখে প্ৰশ্ন ক’ত হেৰাল সংগীত পৰিচালক ৰমেন বৰুৱা। আনহাতে ৰমেন বৰুৱাৰ কন্যাক বিচাৰি লতাশিলৰ বাসগৃহত আৰক্ষী উপস্থিত হয়।

কিন্তু ঘৰত নাই বৰুৱাৰ কন্যা।

ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা বৰ্তমান আছে জাপৰীগোগৰ আত্মীয়ৰ ঘৰত।

ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানত কটাক্ষ কমলা হেৰিছক! ‘জো বাইডেনৰ দৰেই এটি কৌতুক’ বুলি সমালোচনা…

উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ “ৰাষ্ট্ৰপতি জো বাইডেনৰ দৰেই এটি কৌতুক” বুলি দেওবাৰে ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানে কটাক্ষ কৰে। এক বিবৃতি যোগে দাবী কৰা হৈছে, “বাইডেনে ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ অভিযানৰ পৰা নিজক উলিয়াই আনিব নোৱাৰে কাৰণ ‘তেওঁ মানসিকভাৱে অত্যন্ত অযোগ্য’ আৰু তথাপিও তেওঁ হোৱাইট হাউছত আছে। “দেওবাৰে বাইডেনে (81) 2024 চনত হ’বলগীয়া পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি ভাৰতীয় আৰু আফ্ৰিকান উভয় মূলৰ হেৰিছক ডেম’ক্ৰেটিক পাৰ্টিৰ নতুন প্ৰাৰ্থী হিচাপে সমৰ্থন আগবঢ়ায়।  যোৱা মাহত ৰিপাব্লিকান প্ৰতিদ্বন্দ্বী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিতৰ্কত হোৱা বিপৰ্যয় জনক প্ৰদৰ্শনৰ পিচত সহযোগী ডেম’ক্ৰেট সকলৰ পৰা কেইবাসপ্তাহ ধৰি তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ পিচতে হেৰিছ (৫৯)কমনোনীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এক বিবৃতি যোগে ট্ৰাম্পৰ প্ৰচাৰ অভিযানত কোৱা হয়, “কমলা হেৰিছ বাইডেনৰ দৰেই এটি কৌতুক। হেৰিছ আমাৰ জাতিৰ জনসাধাৰণৰ বাবে জো বাইডেনতকৈও অনুন্নত। “ট্ৰাম্পৰ প্ৰচাৰৰ হৈ এক যৌথ বিবৃতিত ক্ৰীছলা চিভিটা আৰু চুজি উইলেছ’ই অভিযোগ কৰি কয়, “বাইডেন হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু আমাৰ দেশৰ প্ৰতিজন পুৰুষ, মহিলা আৰু শিশুৰ বাবে স্পষ্ট আৰু বৰ্তমানৰ বিপদ। আমি ৫ নৱেম্বৰত এই নিৰ্বাচনত জয়ী হৈ আমাৰ দেশক বচাবলৈ ওলাইছো। আমি জয়ী হোৱাৰ পিচত আমেৰিকাক আকৌ উন্নত ধৰণেৰে নিৰ্মাণ কৰিব পাৰিম !  বাইডেন হৈছে প্ৰৱঞ্চক আৰু আমাৰ দেশৰ বাবে অপমানজনক।” “বাইডেনে আমাৰ সীমান্ত মুকলি কৰি ৰাখিছে, যাৰ ফলত ২  কোটি পৰ্যন্ত বিদেশীক অবৈধ ভাবে আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে”

লোক সভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা…

সংসদৰ বাজেট অধিবেশনত বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলাসীতাৰমণে লোক সভাত দাখিল কৰিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয়, দেশৰ অৰ্থনীতিয়ে কোৰোনা পৰিস্থিতিৰ পাছত একাধিক সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছতো বৰ্তমান দেশৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত আছে। তেওঁ দাখিল কৰা আৰ্থিক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বৃদ্ধি ৮.২শতাংশ আশা কৰা হৈছিল। ২০২৪-২৫ অৰ্থনৈতিক বৰ্ষত অৰ্থনৈতিক বৃদ্ধি ৬.৫ শতাংশৰ পৰা ৭ শতাংশৰ মাজত বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। সেইদৰেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুদ্ৰাস্ফীতিৰ সূচক ৪.৫ শতাংশস্থিৰ হৈছে। এই প্ৰতিবেদনত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে বুলিও দাবী কৰা হৈছে। আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে, ভাৰতীয় অৰ্থনীতি এক শক্তিশালী স্তম্ভ। ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ ভাৰতৰ অৰ্থনীতি এতিয়া স্থিতিশীল। প্ৰতিবেদন দাখিলৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, বিগত বিত্তীয় বৰ্ষত চাৰিটা ত্ৰৈমাসিকৰ ভিতৰত তিনিটাতেই আৰ্থিক বৃদ্ধি আছিল ৮শতাংশৰো অধিক।

২০২৩ আৰু ২০২৪ বিত্তীয় বৰ্ষৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হোৱা অৰ্থনৈতিক বৃদ্ধি আগন্তুক বছৰতো দেখা যাব। যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা বুলি কোৱা হয়,  প্ৰতিবেদন খনত খাদ্যৰ মুদ্ৰাস্ফীতিৰ আশংকা প্ৰকাশ কৰিছে। ২০২৩বিত্তীয় বৰ্ষত, এই ক্ষেত্ৰত মুদ্ৰাস্ফীতি ৰহাৰ আছিল ৬.৬শতাংশ। ২০২৪ বিত্তীয় বৰ্ষতই ৭.৫ শতাংশলৈ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি,  প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে খাদ্য সামগ্ৰী উৎপাদনত প্ৰভাৱ পৰিছে। খেতি কৰোঁতে কৃষক সকলে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ বাবে খাদ্যৰ মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে বুলি কোৱা হৈছে। অৱশ্যে, খুচুৰা মুদ্ৰাস্ফীতি বিত্তীয় বৰ্ষ২০২৩ৰ পৰা বিত্তীয় বৰ্ষ২০২৪লৈ ১.৩ শতাংশ হ্ৰাস পাইছে। প্ৰতিবেদনখনত এইটোও দাবী কৰা হৈছে যে কোৰোনা ভাইৰাছৰ প্ৰকোপৰ সন্মুখীন হোৱাৰ পাছত খুচুৰা মুদ্ৰাস্ফীতিৰ এয়া সৰ্ব নিম্নহাৰ। প্ৰতিবেদনখনত বাৰ্ষিক নিবনুৱাৰ কথাও উল্লেখ কৰা হৈছে। কোৱা হৈছে যে পৰৱৰ্তী বিত্তীয় বৰ্ষত নিবনুৱাৰ হাৰ হ্ৰাস হ’ব পাৰে। কোৰোনা পৰ্যায়ৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি বৃদ্ধি পাইছে। ই ভাৰতৰ অৰ্থনীতিক যথেষ্ট প্ৰভাৱে পেলাইছে। মহিলাৰ নিয়োগৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৭-১৮বৰ্ষত, এই হাৰ আছিল ২৩.৩ শতাংশ। যোৱা ছয় বছৰত,  সেই হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ২০২২-২৩বৰ্ষত, ই ৩৭শতাংশ লৈ বৃদ্ধি পাইছে। বিশেষকৈ,  গ্ৰাম্যঅঞ্চলত কাম কৰা মহিলাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে।

 

সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান…

সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান।

কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞ পুষ্পৰঞ্জন দে।

মৃত্যুৰ সময়ত সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ বয়স আছিল ৭৯ বছৰ।

আজি নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে সংগীতজ্ঞগৰাকীয়ে।

গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা…

গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা। দুচিন্তাত দিন ৰাতি পাৰ কৰিছে গোলকগঞ্জৰ পূৱ গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজ। পুৱ গাইখোৱা দ্বিতীয় খণ্ডত কালৰূপ ধাৰন কৰিছে গংগাধৰ নৈৰ গৰাখহনীয়াই। নৈত জাহ গৈছে শ শ বিঘা কৃষি ভূমি। কাণসাৰ নাই জনপ্ৰতিনিধি তথা আমলা বিষয়াৰ।চপৰা চপৰেকৈ খহাই নিছে গংগাধৰ নৈয়ে, যাৰ ফলত আতঙ্কত নিদ্ৰাহৰণ হৈছে গাঁৱবাসীৰ।পুৱ গাইখোৱা দ্বিতীয় খণ্ডৰ গাঁৱৰ ৰাইজৰ মাজত ভাবুকি কঢ়িয়াই আনিছে গংগাধৰ নৈয়ে।

যোৱা বছৰ জল সম্পদ বিভাগে চিমেণ্টৰ পাৰ্কুপাইন আৰু বাঁহ পুতি গংগাধৰ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সামান্য ব্যৱস্থা কৰিছিল। কিন্তু গংগাধৰ নৈৰ গৰাখহনীয়া চলিয়ে থাকিল। সেয়ে বিজ্ঞান সন্মতভাৱে খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে গাঁৱবাসীয়ে।.জানিব পৰা মতে শ শ পৰিয়াল ইতিমধ্যে গৃহহাৰা হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি গংগাধৰ নৈত বিলীন হৈছে। অভিযোগ মতে ইয়াৰ পূৰ্বে পাৰকুপাইনৰ বাবে চৰকাৰে কেইবালক্ষ্যাধিক টকাৰ আবণ্টন দিছিল যদিও দালাল চক্ৰৰ আৰু আমলা বিষয়াৰ ময়মতালিৰ ফলত কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।