Home Blog Page 675

বৰ্তমানেও জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃণ অঞ্চল! উদ্যানখনৰ ৬৯ টা বন শিবিৰ জলমগ্ন…

বৰ্তমানেও জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃণ অঞ্চল। কাজিৰঙাত বানৰ ফলত বন্য জন্তুৰ আলৈ-আথানি। উদ্যানখনৰ মুঠ ২৩৩ টা বনশিবিৰৰ ৬৯ টা বন শিবিৰ জলমগ্ন।উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ১৪ টা বন শিবিৰ, কহঁৰা বনাঞ্চলৰ ২২ টা, বাগৰী বনাঞ্চলৰ ২০ টা, বোকাখাত বনাঞ্চলৰ ৪ টা, বুঢ়াপাহাৰ ৪ টা, বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ ১ টা বন শিবৰ জলমগ্ন। সোমবাৰৰ তথ্য অনুসৰি বৰ্তমানলৈ ১৩১ টা বন্যপ্ৰাণী বিভিন্ন কাৰণত নিহত হোৱাৰ বিপৰীতে ৯৭ টা বন্যজীৱ উদ্ধাৰ কৰা হৈছে। পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও কাজিৰঙাত অন্ত পৰা নাই বান-দুৰ্যোগৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত। পানীৰে আবৃত হৈ আছে বনশিবিৰ সমূহো।

যিসমূহ ওলাই আহিব নোৱাৰা বহু বন্যপ্ৰাণীয়ে এতিয়াও আশ্রয় লৈ থাকিব লগিয়া হৈছে ৰাষ্ট্ৰীয় উদ্যান খনৰ হাইলেণ্ড সমূহত। এতিয়াও আশ্রয়লৈ আছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গঁড়, হাতী, ম’হ, হৰিণ আদি বন্যপ্রানীয়ে। বান শুকাবলৈ আৰম্ভ কৰিলেও বান দুৰ্যোগৰ অন্ত পৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাজিৰঙাৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত। পানীৰে আবৃত হৈ আছে বনশিবিৰ সমূহো। হাইলেণ্ডৰ লগতে আন ওখস্থান সমূহতে আশ্রয় লৈ আছে বন্য জন্তু।

পু এন ফ’ ৱাইল্ডৰ আবাসিক প্ৰকৃতি শিবিৰ সম্পন্ন…

পৰিৱেশ বিষয়টো কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়। পৰিৱেশ বিষয়টো জানিবলৈ, বুজিবলৈ হ’লে আমি ইয়াৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰিব লাগিব লগতে পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ’লে পৰিৱেশ মাজত নিজেই থাকি সম‌য় অতিবাহিত কৰিলে অধ্যয়নৰ ফলাফল বেছি ফলপ্ৰসূ হয়। বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি সততে এটা প্ৰশ্নৰ সন্মুখীন হোৱা দেখা যায় বা অভিভাৱক সকলে কয় যে, আজিকালি ইন্টাৰনেট, ম’বাইল, লেপটপ আদিত অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ধুনীয়া পৰিৱেশৰ কথাবোৰ যেন অনুভৱ কৰিব পৰা নাই। পৰিৱেশ বিষয়ক কথাবোৰ ওচৰৰ পৰা অনুভৱ কৰিবলৈ আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলক আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে একাত্ম কৰিব পৰাকৈ এটা পৰিৱেশ গঢ়ি দিবৰ বাবে বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো ২০২৪ চনৰ জুলাই মাহৰ ৪, ৫, ৬,৭ তাৰিখে পু এন ফ’ ৱাইল্ডৰ উদ্যোগত মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতি আৰু মহিলা কোষ ঢকুৱাখনা শাখাৰ সহযোগত ঢকুৱাখনাৰ ঐতিহ্যপূৰ্ণ পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৱাসিক প্ৰকৃতি শিবিৰ আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৫ জন শিশুৰ পঞ্জীয়নৰ কৰে পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক ধ্ৰুৱ জ্যোতি চেতিয়াই।


অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখাৰ সম্পাদক তথা পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক শ্ৰী বিমান সন্দিকৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰে অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি ড° অমল চন্দ্ৰ দত্তদেৱে। প্ৰকৃতি, পৰিৱেশ অন্ধবিশ্বাস আৰু বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ড° দত্তদেৱে উপস্থিত শিশুসকলক শিবিৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানতেই প্ৰকৃতি শিবিৰৰ লগত সংগতি ৰাখি পু এন ফ’ ৱাইল্ডৰ তিনিওজন প্ৰতিস্থাপক ক্ৰমে মানস প্ৰতিম দত্ত , বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াৰ সম্পাদনাত প্ৰকাশিত পুস্তিকা সেউজবুলীয়াৰ প্ৰকৃতি শিবিৰ বিশেষ সংখ্যা উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰীযুত ইন্দিবৰ বুঢ়াগোহাঁঞিদেৱে । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ সভাপতি শ্ৰীযুত দিগেন্দ্ৰনাথ হাজৰিকা , অসম চৰকাৰৰ পৰিৱশমিত্ৰ সন্মান লাভ কৰা দেৱজিত ফুকন, অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শ্ৰীযুক্তা পদ্মা বৰা, অসম বিজ্ঞান সমিতি মহিলা কোষ , ঢকুৱাখনা শাখাৰ সম্পাদিকা স্বৰ্ণলতা গগৈ চমুৱা, আজীৱন সদস্য শ্ৰীযুত হেমন্ত বৰুৱা আদি ভালেকেইজন প্ৰকৃতি আৰু বিজ্ঞান কৰ্মী। অসম বিজ্ঞান সমিতি, মহিলা আৰু বিজ্ঞান উপ-সমিতিৰ আহ্বায়িকা শ্ৰীযুক্তা সান্ত্বনা বৰুৱাৰ পৰিচালনাত শিবিৰত উপস্থিত থকা আবাসী সকলৰ চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। বিহু গীতত পৰিৱেশ আৰু বিজ্ঞান বিষয়ক প্ৰথমটো বিষয়ৰ উপৰত আলোচনা কৰে সমল ব্যক্তি শ্ৰীযুক্তা স্বৰ্ণলতা গগৈ চমুৱাই। ৰাতিলৈ লতাশিল বিহু সম্ৰাজ্ঞী শ্ৰীযুক্তা ঋতুপৰ্না সন্দিকৈ , লোকশিল্পী প্ৰাঞ্জল ফুকন আৰু মুন্না চমুৱাই গীত-নৃত্যৰে সকলোৰে মন পুলকিত কৰে। ১০.৩০ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰি প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰে। প্ৰথম দিনাৰ ৰাতিৰ আহাৰ সাঁজ প্ৰদান কৰিছিল ফৰকাটিং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° অজন্তা ৰাজখোৱাই।


৫ জুলাই , ২০২৪ তাৰিখৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ পিছতেই পোৱা ৭ বজাৰ পৰা Ray Foundation and Sanitation Health Empowerment ৰ প্ৰতিস্থাপক তথা প্ৰকৃতি শিবিৰৰ সমল ব্যক্তি শ্ৰীমতী শিখা বৰুৱাই নাৰীৰ মাহেকীয়া স্বাস্থ্য , অন্ধবিশ্বাস আৰু বিজ্ঞান বিষয়ক আলোচনা আগবঢ়ায় । বিৰতিৰ পিছতেই পৰিৱেশ , প্ৰকৃতি আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই পৰিৱেশমিত্ৰ শ্ৰীযুত দেৱজিত ফুকন দেৱে । দুপৰীয়া নদী আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই নদী বিশেষজ্ঞ , লেখক সাংবাদিক শ্ৰীযুত শৈলেন বৰুৱাদেৱে । চাহ বিৰতিৰ অন্তত চিলাপথাৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপিকা ড° শ্ৰীময়ী ফুকনে যাদু , বিজ্ঞান আৰু অন্ধবিশ্বাস বিষয়ত ৰসায়নৰ বিভিন্ন ক্ৰিয়াকলাপৰ মাজেৰে ছাত্ৰ ছাত্ৰীৰ উপযোগী মন্তব্য আগবঢ়ায়। ইয়াৰ পিছতেই পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুক্তা ইন্দিৰা গগৈয়ে লোকসংস্কৃতি আৰু বিজ্ঞান বিষয়ক আলোচনা আগবঢ়াই । সমল ব্যক্তি ত্ৰিবেণী ৰঞ্জন গগৈয়ে দুঃসাহসিক ক্ৰীড়া আৰু অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ শ্যামল শইকীয়াই থলুৱা চৰাই সংৰক্ষণ আৰু প্ৰকৃতিৰ অৱদান বিষয়ক আলোচনা আগবঢ়ায়। ৰাতিলৈ শিল্পী সুনীল চেতিয়াৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।
তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় থলুৱা পক্ষী নিৰীক্ষণ আৰু তথ্য সংগ্ৰহ কৰে ছাত্ৰ ছাত্ৰী সকলে সমল ব্যক্তি পৰিৱেশ মিত্ৰ দেৱজিত ফুকন আৰু শ্যামল শইকীয়াৰৰ সহযোগত । দিনৰ ১১ বজাৰ পৰা জৰুৰীকালীন সময়ত লবা লগা সাৱধানতা আৰু চিকিৎসা আদিৰ বিষয়ে আলোচনা কৰে সমল ব্যক্তি SDRF , অসমৰ সৈনিক মানস প্ৰতিম শইকীয়াই । আবেলি বন্যপ্ৰাণী সুৰক্ষা আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই পশু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ বড়ো আৰু ঢকুৱাখনা পশু চিকিৎসালয়ৰ চিকিৎসক ডঃ ৰূপম গগৈ দেৱে । ৰাতিলৈ আবাসিক শিবিৰৰ শিশু সকলে প্ৰকৃতি বিষয়ক বিভিন্ন গীতেৰে দিনটো সামৰণি পৰে।
৭ জুলাই , ২০২৪ তাৰিখে পু এন ফ’ ৱাইল্ডৰ কৰ্মী সকলে ছাত্ৰ ছাত্ৰী সকলক পৰিৱেশ আৰু প্লাষ্টিকৰ ভয়াবহতাৰ বিষয়ে আলোচনা আৰু পৰিৱেশ নিকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত প্ৰতিজন সমল ব্যক্তিক একোখনকৈ মানপত্ৰ , এটা কাপোৰৰ বেগ , সেউজবুলীয়া পুস্তিকা, গ্ৰন্থ আদি প্ৰদান কৰা হয় লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় । সভাৰ শেষত শ্ৰেষ্ঠ আবাসিক ছাত্ৰ মনোজ্জ্বল পেগু , (মাজুলী) আৰু শ্ৰেষ্ঠ আবাসিক ছাত্ৰী বিভাৰাণী শইকীয়া (ঢকুৱাখনা)ক বঁটা প্ৰদান কৰা হয় ।

সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰি খেল-পথাৰখনক খেলপথাৰ হিচাপে সংৰক্ষণ কৰাৰ দাবীত মূখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ…

গুৱাহাটীত ভৰলুমুখস্থিত শিক্ষা প্ৰতিষ্ঠান সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত শিক্ষা বিভাগে শেহতীয়াকৈ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি খবৰ বিয়পি পৰাৰ পাছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি খেলপথাৰ এখন ধ্বংস কৰি তাত ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে প্ৰাক্তন ছাত্ৰ সন্মিলন তথা এলুমণি এচোছি়েয়েশ্যনেও। ইয়াৰ মাজতে খেলপথাৰ ধ্বংস কৰি তাত যাতে কোনো ধৰণৰ ভৱন নিৰ্মাণ কৰা নহয় তাৰ বাবে দাবী জনায় মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৮ জুলাইত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰত বিধায়ক গৰাকীয়ে সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে।

মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰখনত বিধায়ক গৰাকীয়ে উল্লেখ কৰা অনুসৰি ভৰলুমুখৰ পৰা মালিগাঁওলৈ এই বৃহৎ অঞ্চলত এখনেই খেলপথাৰ আছে। সেই খেলপথাৰখন হ’ল- সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। উক্ত খেল পথাৰত খেল-ধেমালীৰ অনুশীলন, বিভিন্ন সভা-সমিতি, প্রদর্শনী আদি গোটেই বছৰটোতেই অনুষ্ঠিত হৈ থাকে। বর্তমান শিক্ষা বিভাগে উক্ত খেলপথাৰ খনতেই সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। উক্ত সিদ্ধান্তৰ প্রতি উক্ত বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু এলুমিনি গোটৰো সম্পূর্ণ বিৰোধীতা আছে। বিধায়ক হিচাবে মইও এই সিদ্ধান্তৰ বিৰোধীতা কৰিছো। মই ভাবো-বর্তমানৰ বিদ্যালয়ৰ কাষতেই নতুন ভৱনটো নিৰ্মাণ কৰিব পৰা যাব। গতিকে মই আপোনাৰ হস্তক্ষেপ বিচাৰিছো আৰু শিক্ষা বিভাগে লোৱা সিদ্ধান্তটো বাতিল কৰি আপুনি এই ক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত দিব বুলি আশা কৰিলো। উল্লেখ্য যে বৰ্তমান বিদ্যালয়ত গ্ৰীষ্ম বন্ধ চলি আছে। বন্ধ খোলাৰ পাছত ছাত্ৰ সমাজেও খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো নিশ্চিত।

সাৱধান! কাকপথাৰত জাপানীজ এনকেফেলাইটিছৰ আতংক, এগৰাকী ছাত্ৰী নিহত…

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কাকপথাৰৰ ছাত্ৰীৰ মৃত্যু৷

কাকপথাৰ কাছিজান গাঁৱৰ জিব্দ মৰাণৰ কন্যা ভায়লীনা মৰাণে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱতিবলগীয়া হয়৷

আজি পুৱাৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধিন হৈ থকা অৱস্থাত মৃত্যু বৰণ হয় ছাত্ৰীগৰাকী।

বিশ্বকাপ জয়ৰ পিছতে পত্নী অনুষ্কা শৰ্মাৰ সৈতে ইস্কন মন্দিৰত উপস্থিত বিৰাট কোহলী…

শেহতীয়াকৈ লণ্ডনৰ ইস্কন মন্দিৰত দেখা গ’ল অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দম্পতীৰ এটা ভিডিঅ’, য’ত তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কীৰ্তনত অংশগ্ৰহণ কৰা দেখা গৈছিল। এই সময়ছোৱাত অনুষ্কা শৰ্মাই সাধাৰণ বগা কাপোৰ পৰিধান কৰিছিল, আনহাতে বিৰাটে ক’লা টি-চাৰ্ট পৰিধান কৰিছিল।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অনুৰাগীসকলে সন্দেহ কৰিছে যে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে সন্তানৰ সৈতে স্থায়ীভাৱে লণ্ডনলৈ স্থানান্তৰিত হৈছে। অনুৰাগীসকলে অনুমান কৰিছে যে অনুষ্কা আৰু বিৰাটে নিজৰ সন্তানক ‘স্বাভাৱিক জীৱন’ দিবলৈ এই সিদ্ধান্ত লৈছে।

বানত আৰু কিমানৰ প্ৰাণহানি হ’লে বান সমস্যাৰ নিৰ্মূল হ’ব! ৰাইজে বিচাৰে বান সমস্যাৰ স্থায়ী সমাধান…

অসমত এতিয়া বানপানীৰ বিভীষিকা। বানৰ তাণ্ডৱে এতিয়া ত্ৰাহি মধুসূদন দেখুৱাইছে অসমৰ সৰ্বসাধাৰণ জনতাক। সকলো ফালে এতিয়া সৰ্বনাশী বানৰ সংহাৰ, বন্যাৰ্তৰ আৰ্তনাদ, হিয়াভগা কান্দোন। যোৱা কেইদিন হৈ থকা নেৰানেপেৰা মুখলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদকে ধৰি অসমৰ সকলোবোৰ নদীয়েই এতিয়া ওফন্দি উঠি ত্ৰাসৰ সৃষ্টি কৰিছে অসমত। ফলত হাজাৰ হাজাৰ বানাক্ৰান্ত লোকে আজি শিবিৰত থাকি কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী। ঘৰ-ভেটি, আচবাব, গৰু-ছাগলী, হাঁহ-কুকুৰা আদি সকলো চকুৰ সন্মুখতে বানত বিলিন হৈ যোৱাৰ পিছত শৰণাৰ্থী শিবিৰত কেৱল নিজৰ প্ৰাণটো বচাই কোনোমতে জীয়াই আছে। না ভালকৈ খাবলৈ পাইছে না ভালকৈ শুবলৈ পাইছে। আজি আৰু নাই আপোন ঘৰখনৰ কোনো অস্তিত্ব, নাই চিন-মোকাম। সকলো নিঃচিহ্ন কৰি পেলালে ‘অসমৰ দুখ’ বুলি চিহ্নিত হোৱা ভয়াৱহ বানে।

বৰ্তমানৰ বানত অসমত ২৮খন জিলাতে প্ৰায় কুৰি লক্ষাধিক লোক আক্ৰান্ত হৈছে। আমি শুনি অহা দিনৰে পৰা অসমক সৰ্বস্বান্ত কৰি আহিছে বানপানীয়ে। এই বান অসমলৈ বছৰি আহা এক  দুৰ্যোগৰ দিন হিচাপেই ভাবিবলগীয়া হৈছে অসমৰ জনসাধাৰণে। প্ৰতিটো বানৰ সময়তে অসমৰ জনসাধাৰণে চৰকাৰক কত অনুনয়-বিনয়, কত আৱেদন-নিৱেদন জনালে বান প্ৰতিৰোধৰ বাবে, অসমৰ ৰাইজক বানপানীৰ পৰা ৰক্ষা কৰিবৰ বাবে। কিন্তু ‘গৰুৰ আগত টোকাৰী বাই কাণ খজুৱাই ঘাঁহ খাই’ আপ্ত বাক্য শাৰীৰ লেখীয়াহে হৈছেগৈ কথাবোৰ। বানৰ সময় বান অহাৰ দৰেই ক্ষমতাত অধিষ্ঠিত ৰাজন্যবৰ্গ আহে বানাক্ৰান্ত ৰাইজৰ কাষলৈ। লৈ আহে কেইটামান খাদ্যৰ টোপোলাৰ লগতে আশ্বাসৰ মেটমৰা বোজা কান্ধত লৈ। প্ৰতি বছৰে সেই একেখন বজাৰেই লৈ আহে বানাক্ৰান্ত লোকসকলৰ ওচৰলৈ। দিছপুৰৰ পৰা হেলিকপ্টাৰত বা বিলাসী  শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত আহি আক্ৰান্ত অঞ্চলত গৈ তেওঁলোক হৈ পৰে একো একোগৰাকী ত্ৰিণকৰ্তা। সেই সময়ত তেওঁলোকে বোকা-পানী সকলো গচকিব পাৰে, একাঁঠু পানীত নামিও জনতাৰ দুখৰ সমভাগী হ’বলৈ আহে। মুখত থাকে কেৱল আশ্বাসৰ গদ্‌গদ্‌ বাণী। ভগা মথাউৰিৰ কাষত থিয় হৈ পুনৰ নিৰ্মাণৰ আশ্বাস। পাৰিলে পূৰ্বৰ চৰকাৰবোৰক দোষ দি গা সৰাৰ চেষ্টা। কিন্তু ৰাইজে কৈছে এনেদৰে আৰু কিমান দিনলৈ থাকিব লাগিব। সৰুতে আমি স্কুলত লিখি অহা বানপানীৰ ৰচনাখন আৰু কিমান যুগলৈ লিখি থাকিব লাগিব। টিলিকতে সকলো সমস্যাৰ সমাধান কৰিব পৰা চৰকাৰখনে এই বান সমস্যাৰ বাবে পূৰ্বৰ চৰকাৰলৈ আঙুলি টোঁওৱাতকৈ তেওঁলোকেই স্থায়ী সমাধানৰ ব্যৱস্থা কৰি ৰাইজৰ দুখ মোচন কৰক। আশ্বাস বহুত হ’ল। আশ্বাসে বান সমস্যাৰ সমাধান নকৰে। ৰাইজে বুজি পাইছে।

এটাৰ পিছত আন এটা মথাউৰি ভাঙি ৰাইজৰ অবৰ্ণনীয় দুৰ্দশাৰ সৃষ্টি কৰিছে। ভগা মথাউৰিৰ কাষত থিয় হৈ মথাউৰিৰ নিৰ্মাণ দ্ৰুতগতিত কৰাৰ আশ্বাস দিছে ৰজাঘৰৰ নেতাই। কোনো কোনো ঠাইত দ্ৰুততাৰে মেৰামতিৰ কামো কৰিছে। সেইটো কিমান স্থায়ী সেয়া বেলেগ কথা। কিন্তু বানাক্ৰান্তক মেৰামতি কৰি দেখুওৱা হৈছে। আশ্বস্ত কৰিব বিচাৰিছে তেওঁলোক যে ৰাইজৰ লগতে আছে। কিন্তু কিমান দিনলৈ মথাউৰি নিৰ্মাণ অথবা মেৰামতি কৰি থাকিব ? ৰাজকোষত ইমানেই ধন আছেনে যে মথাউৰি ভাঙি থাকিব আৰু চৰকাৰে নিৰ্মাণ কৰি থাকিব। কিন্তু বহুত মথাউৰি আছে যিবোৰ নিৰ্মাণৰ পিছতে বানত ভাঙি গৈছে। ইয়াৰ দ্বাৰা বান প্ৰতিৰোধ কৰিব পৰা নাই। এইবাৰ বানতে অসমত ছল্লিচটাৰো অধিক মথাউৰি ভাঙি ত্ৰাসৰ সৃষ্টি কৰিছে। আনহাতে, ইয়াৰে চাৰিটা হ’ল বৃহৎ মথাউৰি। বানপানীৰ পৰা পৰিত্ৰাণৰ বাবে মথাউৰি স্থায়ী প্ৰতিৰোধ ব্যৱস্থা নহয় বুলিয়েই প্ৰতীয়মান হৈছে। কেতিয়াবা এই মথাউৰিৰ বাবে ৰাইজ অধিক আক্ৰান্তহে হয়। যাৰ ফলত মথাউৰি কাটি দিয়াৰো নজিৰ আছে। এতিয়া কথা হ’ল এই মথাউৰিয়ে বানাক্ৰান্ত ৰাইজৰ কিবা উপকাৰ কৰিছে নে নাই সেইটো বেলেগ কথা। কিন্তু শাসক, ৰাজনৈতিক নেতা, ঠিকাদাৰৰ বাবে ই নিশ্চয় লাভজনক কথা। এয়া ভবাৰ অৱকাশ নিশ্চয় আছে। কাৰণ এইবোৰ মেৰামতি অথবা নিৰ্মাণৰ ক্ষেত্ৰত অবাধ ধনৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ সততে পাই থকা যায়। অলপতে আমাৰ দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে অসমত পুখুৰী খান্দি পানী জমা কৰি বান নিয়ন্ত্ৰণৰ কথা কৈছে। এয়া এক আজব কথা। এয়া অসমৰ বান প্ৰতিৰোধৰ ব্যৱস্থা হ’বই নোৱাৰে। এই পৰিকল্পনাৰ অভিযান্ত্ৰিক পদ্ধতি কি সেয়া চৰকাৰে এতিয়াও স্পষ্ট কৰা নাই। একাংশ বিশেষজ্ঞই ইয়াৰ বাস্তৱতাক একাষাৰে নাকচ কৰিছে। প্ৰতি বছৰে বান আহিব আৰু নেতা-মন্ত্ৰীসকল বন্যাৰ্তসকলৰ ওচৰলৈ গৈ বান শুকালে বান প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ’ব, মথাউৰি মেৰামতি কৰা হ’ব আদি কথা ক’ব। কিন্তু এয়াই জানো বান প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা ? প্ৰতি বছৰে বান আহিব, ৰজাই প্ৰতিশ্ৰুতি দিব এনেদৰে আৰু কিমান বান অতিক্ৰম কৰিব লাগিব ৰাইজে। প্ৰতিশ্ৰুতি বহুত হ’ল। এতিয়া বান সমস্যাৰ স্থায়ী সমাধান লাগে।  অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি মানি ল’বলৈ আজিও স্বীকাৰ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। যদি সঁচাকৈয়ে চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি গ্ৰহণ কৰক। বান সমস্যাৰ স্থায়ী সমাধান কৰক। তেতিয়াহে ৰাইজ পতিয়ন যাব। এইবাৰৰ বানত ৫০জনতকৈয়ো অধিক লোকৰ প্ৰাণ হানি হ’ল। এয়া বাৰু কাৰ গাফিলতিৰ দোষত ঘটিবলৈ পালে।

ৰাজ্যৰ বান সমস্যা সমাধানতো সুদূৰপৰাহত। গুৱাহাটী মহানগৰীৰ বান সমস্যাই আজিলৈকে সমাধান কৰিব পৰা নাই। এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰ হৈ পৰে জলমগ্ন। বাৰিষাৰ সময়ত গুৱাহাটীৰ নলা-নৰ্দমা পৰিষ্কাৰৰ কাম কৰে। যাৰ ফলত নলাৰ ওপৰত থকা শ্লেবসমূহ উন্মুক্ত হৈ ৰয়। ৰাস্তাৰ কাম নহয় । ফলত নৰক যন্ত্ৰণাত ভোগে স্মাৰ্ট চিটীৰ নাগৰিক। এনে গাফিলতিৰ ফলতে সিদিনা কণমানি অবিনাশৰ নলাত পৰি অকাল মৃত্যু হ’ব লগা হ’ল। এই কথা অস্বীকাৰ কৰাৰ উপায় নাই। অবিনাশৰ দেউতাকক সান্ত্বনা দিব পাৰিব কিন্তু অবিনাশক ঘূৰাই পাব জানো ? এবাৰ গুৱাহাটীখন ঘূৰিলেই দেখা পোৱা যাব যে সকলোবোৰ উপ-পথৰ কাম এই বাৰিষাৰ সময়তহে কৰিবলৈ লৈছে। তাকো এটা পথৰ কাম কৰোতে প্ৰায় বছৰ পাৰ হৈ যায় তথাপি কাম শেষ নহয়হে নহয়। এইবোৰ আজব কাণ্ড নহয়নে ? কিয় খৰালি কৰিব নোৱাৰে কাম। নে ইয়াতো আছে কিবা অংক । কেইখনমান উৰণীয়া সেতু নিৰ্মাণ কৰিলেই সমস্যাৰ সমাধান নহয়। গুৱাহাটী উন্নয়ন বুলি চৰকাৰী বিয়াগোম বিভাগ এটাও আছে। ইমান বছৰে কি কৰিলে এই বিয়াগোম বিভাগটোৱে । সকলো ফুটুকাৰ ফেন।  কথাৰে নহয় বন্ধু কামত পৰিচয়। গতিকে আমাক কাম লাগে। সমস্যাৰ আশু সমাধান লাগে।অসমৰ আন এখন নগৰ ডিব্ৰুগড়। বৰ্তমান ডিব্ৰুগড় মহানগৰ হ’ল। এয়া ভাল খবৰ। কিন্তু এজাক বৰষুণতে অসমৰ দ্বিতীয় মহানগৰ ডিব্ৰুগড় জলমগ্ন হৈ পৰিল। ডিব্ৰুগড়ৰ বান সমস্যা আজিৰ নহয়। বছৰ বছৰ ধৰি ডিব্ৰুগড় চহৰক বানপানীয়ে গ্ৰাস কৰি আহিছে। কিয় আজি পৰ্যন্ত ডিব্ৰুগড়ৰ বান সমস্যা সমাধান কৰিব পৰা নাই। মাত্ৰ বানৰ সময়ত বানাক্ৰান্তৰ কাষত ৰজাঘৰীয়া থিয় হৈ আশ্বাস দিয়েই সকলো সামৰিছে। ডিব্ৰুগড়ৰ বানৰ স্থায়ী সমাধানৰ আজিও কোনো উত্তৰ নাই।

নগাঁৱত বন্ধ হৈ থকাউ কলং নৈ বোৱঁতী কৰিবৰ কাৰণে কিমান ভাষণ, কিমান প্ৰতিশ্ৰুতি। ৰাইজো আশ্বস্ত হৈছিল যে কলঙে আকৌ প্ৰাণ পাব। কিন্তু চৰকাৰৰ অদূৰদৰ্শী চিন্তাৰ বাবেই এইবাৰ বানত কলঙেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই হাতীমূৰাত মথাউৰি ভাঙি কলিয়াবৰকে ধৰি নগাঁৱৰ বৃহত্তৰ অঞ্চল প্লাৱিত কৰিলে। ফলত অবৰ্ণনীয় যাতনা ভোগ কৰিছে সাধাৰণ জনতাই। আপোন ঘৰখন তচ্‌নচ্‌ কৰিলে বানে। কৃষি পথাৰো উচন হ’ল। আনহাতে, পশুধনৰো ক্ষতি হ’ল। এয়া কাৰ ভুলৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতা । ইয়ো বিচাৰ্যৰ বিষয়। মুঠতে সকলো ফালেই মৰণ কেৱল সাধাৰণ জনতাৰ মৰণ। চৰকাৰে কলঙক বোৱঁতী কৰাৰ নামত খৰচ কৰিলে ৰাইজৰ ধন। এতিয়া আকৌ কলঙক বন্ধ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। আকৌ এসোপা ধনৰ শৰাধ হ’ব। যদি সঁচা অৰ্থতে কলঙক বোৱঁতী কৰিবই বিচৰা হৈছিল তেনেহ’লে কলং বোৱঁতী কৰিলে হ’ব পৰি বানপানীৰ সমস্যা অথবা অন্যান্য সমস্যাৰ যে উদ্ভৱ হ’ব পাৰে সেই কথা ভবা নহ’ল কিয় ? নে ইয়ো এক চমক দিব বিচৰা কাৰ্যই আছিল। জনতাক আৰু কিমান আভুৱা-ভাঁৰিব। বানৰ পিছত আকৌ আৰম্ভ হ’ব ৰাজনৈতিক হিচাব-নিকাছ। বোকা ছটিওৱা খেল। পিছে সেইবোৰে ৰাইজক আমুৱাইছে। বানপানীৰ স্থায়ী সমাধান বিচাৰিছে ৰাইজে ? আকৌ এটি অবিনাশৰ এনে অবৰ্ণনীয় মৃত্যু বিচৰা নাই ৰাইজে। দুটামান মথাউৰি মেৰামতি কৰি দিলেই অথবা নিৰ্মাণ কৰি দিলেই সমস্যাৰ সমাধান নহয়। সমস্যাবোৰৰ সুস্থ আৰু গভীৰলৈ সোমাই যাব লাগিব। এনেই ওপৰতে ‘বানমুক্ত অসম’ গঢ়িম বুলি ক’লেই বানমুক্ত অসম গঢ় লৈ নুঠে। মুঠতে বান সমস্যাৰ স্থায়ী সমাধানহে লাগে।

লেখকঃ ভূপেন মহন্ত

স্বামীৰ পৰা গোপনে এই কাম কৰিব লাগে পত্নীয়ে! কাম সমূহ কি কি জানেনে…

সংসাৰ এখন ভালদৰে চলাই নিবলৈ স্বামী-স্ত্ৰী দুয়োজনে অলপ এৰা-ধৰা মাজেৰে চলিবই লাগিব। তাৰ মাজতে স্বামীৰ পৰা গোপনে এই সমূহ কাম কৰিব লাগে পত্নীসকলে। স্বামীৰ পৰা মনে মনে কি কাম কৰিব লাগে জানেনে-


স্বামীক নোকোৱাকৈ টকা সঞ্চয় কৰকঃ প্ৰতিগৰাকী মহিলাই স্বামীৰ পৰা লুকুৱাই টকা সঞ্চয় কৰিব লাগে।

গোপনে সঞ্চয় কৰাটো কিয় গুৰুত্বপূৰ্ণ জানেনে? কিয়নো আপোনাৰ সঞ্চয়ৰ কথা কেতিয়াও কাকো কোৱা উচিত নহয়। এনে কৰিলে সেই ধন সোনকালে খৰচ হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ যেতিয়া পুৰুষে ঘৰত টকা আছে বুলি গম পায় তেতিয়া সেইখিনি খৰচ কৰিবলৈ বৰ উৎকণ্ঠিত হয়। আনহাতে সেই পইচাৰে স্বামীকো সহায় কৰিব পাৰে।স্বামীক আৰ্থিকভাৱে সহায় কৰিবলৈ এই কাম কৰাটো প্ৰয়োজনীয়। মহিলাসকলেও নিজৰ বুদ্ধিৰ সহায়ত ঘৰ চলোৱাৰ বাবে দিয়া ধন সঞ্চয় কৰিব পাৰে আৰু প্ৰয়োজন হ’লে এই টকাৰে স্বামীক সহায় কৰিব পাৰে। কম আয়ৰ মাজতো ধন সঞ্চয় কৰাৰ দক্ষতা কেৱল এগৰাকী দক্ষ মহিলাৰ হাতত থাকে। এনে মহিলাই স্বামীৰ পৰা বহুত সন্মান লাভ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন বাইডেনক আঁতৰি থকাৰ আহ্বান! সৰহসংখ্যকে বিৰোধ কৰিছে বাইডেনৰ প্ৰাৰ্থিত্বক…

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বতাহজাক ক্ৰমাৎ গৰম হৈ উঠিছে৷ তাৰমাজতে কেইবাজনো শীৰ্ষ হাউছ ডেম’ক্ৰেটে ৰাষ্ট্ৰপতি জো বাইডেনক ২০২৪ চনৰ প্ৰচাৰৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে, আগন্তুক নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ সম্ভাৱনাৰ ওপৰত বাইডেনৰ সম্ভাব্য প্ৰভাৱৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি এই আহ্বান জনাইছে নেতা সকলে। চিএনএনে প্ৰকাশ কৰিছে এই তথ্য৷ দেওবাৰে হাউছৰ সংখ্যালঘু নেতা হাকিম জেফ্ৰিজৰ দ্বাৰা আয়োজিত এক ৰাজনৈতিক অনুষ্ঠানৰ সময়ত এই অনুভূতিবোৰ প্ৰকাশ পাইছিল৷ এই অনুষ্ঠানৰ উদ্দেশ্য আছিল এই সপ্তাহত ৱাশ্বিংটনলৈ সদস্যসকল উভতি অহাৰ আগতে ৰেংকিং সদস্য আৰু নেতা সকলৰ মতামত নিৰ্ধাৰণ কৰা।

সূত্ৰমতে, আলোচনাত বাইডেনৰ প্ৰাৰ্থিত্বই ডেম’ক্ৰেটিক দলৰ টিকটৰ সম্ভাব্য ক্ষতি আৰু দলটোৱে সদনত পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনাৰ সন্দৰ্ভত আশংকাত বৃদ্ধি কৰিছিল। জেফ্ৰিজে অৱশ্যে বাইডেনে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে নে নাই সেই সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ নকৰিলে, যাৰ ফলত এই বিষয়টো অংশগ্ৰহণকাৰী সকলৰ মাজত বিতৰ্কৰ বাবে মুকলি হৈ পৰে বুলি চিএনএনে প্ৰকাশ কৰিছে। এই আহ্বানৰ ফলত হাউছ ডেম’ক্ৰেট সকলৰ মাজত উল্লেখযোগ্য বিভাজন দেখা গ’ল, বাইডেনৰ প্ৰাৰ্থিত্বৰ সমৰ্থন কৰা সকলতকৈ অধিক সংখ্যক সদস্যই বাইডেনক আঁতৰি যোৱাৰ পোষকতা কৰে। বাইডেনৰ বিৰোধিতা কৰা উল্লেখযোগ্য ব্যক্তি সকলৰ ভিতৰত আছিল মাৰ্কটাকানো,  এডামস্মিথ, জিমহাইমছ, জোমৰেল, জেৰীনাডলাৰ, আৰুচুজানৱাইল্ড। ইয়াৰ বিপৰীতে মেক্সিনৱাটাৰ্ছ আৰু ববিস্কটে বাইডেনৰ সপক্ষে মাত দিয়াৰ বাতৰি পোৱা গৈছিল, যিয়ে দলৰ নেতৃত্বৰ ভিতৰত থকা আভ্যন্তৰীণ বিভাজনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। প্ৰায় দুঘণ্টীয়া এই আহ্বানৰ সময়ত উত্থাপিত হোৱা এটা প্ৰধান চিন্তা আছিল বাইডেন ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হৈ থাকিলে সদনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সুযোগ হেৰুৱাবলগীয়া হোৱাৰ আশংকা। কেইবাজনো অংশগ্ৰহণকাৰীয়ে উপ-ৰাষ্ট্ৰপতি কমলাহেৰিছক নেতৃত্ব দিবলৈ পছন্দ কৰে, তেওঁক সম্ভাব্যভাৱে শক্তিশালী প্ৰাৰ্থী হিচাপে গণ্য কৰে।

তেল নাই,খাদ্য নাই : ক্ষতিগ্ৰস্ত দক্ষিণ চুডানত দুৰ্দশাৰ স্তূপ…

৭৫ বছৰ বয়সত গালিচে বুৱাই গৃহযুদ্ধ, দুৰ্ভিক্ষ আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজেৰে পাৰ হৈ আহিছে যদিও চাৰিটা সন্তানৰ মাতৃ দক্ষিণ চুডানৰ বিধৱা মাতৃগৰাকীয়ে সদায় জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল, গেলামালৰ ব্যৱসায়ৰ বাবে। এতিয়া অৱশ্যে সেই ষ্টেণ্ডবাইও লৰচৰ কৰা ভূমিত আছে, কাৰণ ফেব্ৰুৱাৰী মাহত যুদ্ধবিধ্বস্ত প্ৰতিবেশী চুডানত এটা গুৰুত্বপূৰ্ণ পাইপলাইন ফাটি যোৱাৰ পিছত তেল নিৰ্ভৰশীল দেশখনৰ অৰ্থনীতি ৰাজহ ক্ষতিৰ পৰা স্তব্ধ হৈ পৰিছে।

দক্ষিণ চুডানৰ খাৰুৱা তেল বিদেশলৈ পৰিবহণৰ বাবে এই ক্ষতিগ্ৰস্ত পাইপলাইনটো অতি গুৰুত্বপূৰ্ণ আছিল, পৰম্পৰাগতভাৱে দৰিদ্ৰ দেশখনৰ জিডিপিৰ প্ৰায় ৯০ শতাংশ পেট্ৰলিয়ামৰ ৰপ্তানি আছিল। ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈছে, ক’লা বজাৰত আমেৰিকান ডলাৰৰ তুলনাত দক্ষিণ চুডানৰ পাউণ্ডৰ মূল্য ২১০০ৰ পৰা আজি ৩১০০লৈ হ্ৰাস পোৱাৰ লগে লগে মুদ্ৰাস্ফীতি আকাশলংঘী হৈছে। ফেব্ৰুৱাৰী মাহত চৰকাৰী হাৰ প্ৰায় ১১০০ৰ পৰা চলিত মাহত প্ৰায় ১৫৫০লৈ হ্ৰাস পাইছে। ৰাজধানী জুবাৰ কনয়ো-কনয়ো বজাৰত নিজৰ ষ্টলটো ম্লানভাৱে চোৱাচিতা কৰি থকা বুৱাই কয়, “১৯৭০ চনৰ পৰা এতিয়ালৈকে মই এতিয়াও ইয়াত আছো, কিন্তু আজিকালি আমি কষ্ট পাইছো। কথাবোৰ কঠিন।”

ভাৰতে সদায় ইউক্ৰেইনৰ সংঘাতৰ সমাধান যুদ্ধক্ষেত্ৰত সমাধান বিচাৰি উলিয়াব নোৱাৰি বুলি জোৰ দিছিল..

প্ৰায় পাঁচ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণৰ বাবে সোমবাৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ ডাচা বা দেশৰ গৃহত আতিথ্য প্ৰদান কৰে। ভাৰতে ৰাষ্ট্ৰসংঘৰ চনদক সন্মান জনোৱাৰ আহ্বান জনাইছে, য’ত সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাকে ধৰি ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু যুদ্ধক্ষেত্ৰত সমাধান বিচাৰি উলিয়াব নোৱাৰি বুলি জোৰ দিয়ে বুলি মঙলবাৰে বিষয়টোৰ সৈতে পৰিচিত লোকসকলে কয়। নাম প্ৰকাশ নকৰাৰ চৰ্তত জনসাধাৰণে আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে ৰাছিয়াৰ সৈতে যোগাযোগ কৰাৰ সময়ত স্পষ্টকৈ ক’বলৈ আহ্বান জনাইছিল যে ইউক্ৰেইনৰ সংঘাতৰ সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ চনদ আৰু ইউক্ৰেইনৰ ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱাৰ প্ৰয়োজন আৰু সাৰ্বভৌমত্ব।

প্ৰায় পাঁচ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণৰ বাবে সোমবাৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ডাচা বা দেশীয় ঘৰত প্ৰায় দুঘণ্টা ধৰি ব্যক্তিগত বৈঠক আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আতিথ্য প্ৰদান কৰে। ৰাইজে কয় যে ইউক্ৰেইনৰ সংঘাত দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত স্থান পোৱা বিষয়সমূহৰ ভিতৰত অন্যতম। ‘ভাৰতে সদায় ৰাষ্ট্ৰসংঘৰ চনদক সন্মান জনোৱাৰ আহ্বান জনাই আহিছে, য’ত ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বও অন্তৰ্ভুক্ত। যুদ্ধক্ষেত্ৰত কোনো সমাধান নাই।’ ওপৰত উল্লেখ কৰা এজন লোকে এইদৰে কয়। তেওঁ লগতে কয়, ‘সংলাপ আৰু কূটনীতিই হৈছে আগুৱাই যোৱাৰ পথ। ভাৰতীয় পক্ষই সোমবাৰে স্পষ্ট কৰি দিছিল যে মোডীৰ এই ভ্ৰমণৰ কেন্দ্ৰবিন্দু হ’ব শক্তি, সাৰ, বাণিজ্য আৰু উৎপাদনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাকে ধৰি অৰ্থনৈতিক কাৰ্যসূচী। ইউক্ৰেইন সংঘাতৰ প্ৰেক্ষাপটত ভাৰতীয় পক্ষই এই কথাত গুৰুত্ব দিব যে “যুদ্ধক্ষেত্ৰত সমাধান বিচাৰি পোৱা নাযায়” বুলি জনসাধাৰণে কয়।