Home Blog Page 682

দাক্ষিণাত্যৰ নামঘৰত উলহ-মালহেৰে ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন…

বাঙ্গালোৰবাসী অসমীয়াসকলে উলহ-মালহেৰে নামঘৰত উদযাপন কৰিলে “ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস”। বাঙ্গালোৰৰ মাৰাথাহালীত প্ৰতিষ্ঠা কৰা অসমীয়াৰ আৱেগৰ, একমাত্ৰ উপাসনা স্থলীত দিনযোৰা কাৰ্যসূচীৰে সম্পূৰ্ণ মহাপুৰুষীয়া নিয়মৰ মাজেৰে অতি উলহ-মালহেৰে গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপিত কৰে। ৰাতিপুৱা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰি, নাম-প্ৰসঙ্গ, কীৰ্তন পাঠ আৰু দিহানাম পৰিবেশন কৰা হয়। লগতে সাংস্কৃতিক অনুষ্ঠানত বৰগীত, দশৱতাৰ নৃত্য, ঝুমুৰা নৃত্য প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল কণ-কণ শিশু সকলৰ প্ৰাৰ্থনা পৰিৱেশন, বাঙ্গালোৰৰ অসমীয়া শিশু কিশোৰ সকলক আমাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ লগত চিনাকি কৰোৱাৰ মানসেৰে এয়া অন্যতম প্ৰচেষ্টা। ‘শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ, বাঙ্গালোৰ’ৰ উদ্যোগত গঢ়ি উঠা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক সমাজৰ পত্ৰিকা ‘সাঁচিপাত’ৰ সপ্তম সংখ্যা উন্মোচিত কৰা হয়। লগতে এই সাংস্কৃতিক সমাজৰ সকলো তথ্য উপলব্ধ হোৱাকৈ এটি webpage(www.sscsb.in) মুকলি কৰা হয়। শেষত উপস্থিত ৰাইজক মাহ-প্ৰসাদ আৰু সিদ্ধ অন্ন আপ্যায়নেৰে অনুষ্ঠানৰ সামৰণি পৰে।

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৭ লাখ টকা মূল্যৰ ৭৬০০ কেজি চেনী জব্দ আৰু ৩৯ টা গৰু উদ্ধাৰ; ৪ জনক গ্ৰেপ্তাৰ…

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁৱস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হব নোৱাৰে তাৰ ওপৰত সদা-সতৰ্ক দৃষ্টি ৰাখি আহিছে। ইয়াৰ অংশ হিচাপে দেওবাৰে পুৱাৰ ভাগত বি এছ এফৰ ৪৯ বেটেলিয়ানৰ দল এটাই নিদিষ্ট তথ্যৰ ভিত্তিত দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশলৈ নিবলৈ চেষ্টা কৰা অৱস্থাত সীমান্তত অভিযান চলাই এখন ইঞ্জিনযুক্ত নাওঁৰ পৰা ৭৬০০ কেজি ওজনৰ চেনীৰ বেগ জব্দ কৰা হয়। জব্দ কৰা চেনী আৰু নাওঁৰ মূল্য আছিল প্ৰায় ৭ লাখ টকা।

তেনেদৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৩৯ টা গৰু উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। এই সন্দৰ্ভত হাতে-লোটে চাৰিজন ভাৰতীয় সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে জব্দ কৰা সামগ্ৰীৰ লগতে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় আৰক্ষীক গতাই দিয়া হয়। উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে কোনো ধৰণে নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হব নোৱাৰে তাৰ বাবে অহৰহ হে পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে।

বিধায়কৰ উদ্যোগত খানামুখত বানাক্রান্ত পশুপালকৰ মাজত পশু খাদ্য বিতৰণ…

দীপৰ বিলৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত বিগত সপ্তাহলৈ প্ৰায় ১৫ দিন পৰ্যন্ত জলমগ্ন হৈছিল পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খানামুখৰ হাওৰাপাৰ, কেহেৰুবাৰীৰ বিস্তীৰ্ণ অঞ্চল।ফলত মানুহৰ লগতে গৰু-ছাগলী আদিৰ বাবে পশু খাদ্যৰ নাটনি হোৱাত পশুপালক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। বৰ্তমান পানী কিছু কমিলেও পশুৰ স্বাভাবিক ঘাঁহ-বন থকা অঞ্চল সমুহ এতিয়াও বোকা পানীৰে ভৰি আছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অঞ্চলটো পৰিদৰ্শন কৰি বানাক্ৰান্ত পশুপালক সকলক সকাহ দিয়াৰ বাবে জিলা প্ৰশাসনৰ জৰিয়তে পশু খাদ্য বিতৰণ কৰাৰ বাবে নিৰ্দেশ দিছিল। বিধায়কৰ নিৰ্দেশ অনুসৰি চক্ৰ বিষয়াই লাট মণ্ডল আৰু ক্ষেত্ৰ বিষয়াৰ সৈতে খানামুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

তাৰ পাছত ১৯ আৰু ২০ জুলাইত খানামুখৰ হাওৰাপাৰ আৰু কেহেৰুবাৰীত পশুপালক সকলৰ মাজত প্ৰায় ৪০০টাৰো অধিক গো-ধন বা গৰুক কেবাদিনলৈ খাব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ পশু খাদ্য বিতৰণ কৰা হয়। বিতৰণ কাৰ্যসূচীত স্থানীয় যুৱক সকলৰ উপৰিও অগপ আৰু বিজেপি দলৰ কৰ্মী সকলেও সহযোগিতা আগবঢ়াইছিল। ইফালে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশু খাদ্য বিতৰণ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ শলাগ লৈছে অঞ্চলটোৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংগঠন খানামুখ মিলন সংঘৰ কৰ্মকৰ্তা সকলৰ লগতে সকলো শ্ৰেণীৰ সচেতন লোকে। উল্লেখ্য যে অঞ্চলটো গুৱাহাটী মহানগৰীৰ অন্তৰ্ভূক্ত হলেও তাৰ বেছিভাগ বাসিন্দাই কৃষি-কৰ্ম আৰু গৰু-ছাগলী পালন কৰি পৰিয়াল ভৰণ-পোষণ দি আহিছে।

নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তি চৰাইদেউ জিলা সমিতি গঠন


দৈনন্দিন বাৰ্তা সেৱা ,21 জুলাই ,সাপেখাতী নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তিৰ , উদ্যোগত চৰাইদেউ জিলা সাপেখাতীৰ আহ্বায়িকা ৰূপামণি গগৈ , যোগমায়া গগৈ আৰু দেৱাশ্ৰুতি ভূঞাৰ আহ্বান ক্ৰমে আজি সাপেখাতী এঞ্জেলিকা একাডেমিত এখনি নাৰী সজাগতা ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। ৰূপামনি গগৈয়ে আঁত ধৰা সভাৰ সভানেত্ৰী আসন গ্ৰহণ কৰে নলিনী আইদেউয়ে ।

সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি দেৱাশ্ৰুতি ভূঞা বড়াই নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তি উদ্দেশ্যে আৰু লক্ষ্যৰ লগতে সমাজ কৰ্মী তথা নদী আৰু নাৰী জাগ্ৰত শক্তিৰ প্ৰতিষ্ঠাতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ সুন্দৰ প্ৰচেষ্টা তথা ,নীতি,আদৰ্শক উপস্থিত ৰাইজৰ আগত উপস্থাপন কৰে ।উক্ত সভাতে কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী জোনমনি বড়া শইকীয়া আৰু ৰশ্মি বৰুৱাই নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তিৰ লক্ষ্য উদ্দেশ্যেৰ বিষয়ে খৰচী মাৰি ৰাইজক অৱগত কৰি অনুষ্ঠানটি আগবঢ়াই নিবলৈ আহ্বান জনায়।জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সভাখনত সমাজ সেৱীকা পৰি শইকীয়াই সভাত উপস্থিত থাকি বৰ্তমান নাৰীৰ সমস্যাৰাজীৰ বিষয়ে কৈ বিভিন্ন দিহা পৰামৰ্শৰ লগতে বৰ্তমান সময়ত মানৱীয়ত শেষ হৈ আহিছে বুলি বলিষ্ঠ কণ্ঠৰে বক্তব্য আগবঢ়াই। সমাজ সেৱীকা ইভা হাজৰিকাই তেওঁৰ বক্তব্যত কয় যে নদী নাৰী জাগ্ৰত শক্তি এটা সু দৃঢ় ভেটি । এনে ভেটি পালে যিকোনো কাম কৰি যোৱাৰ সাহস কৰিব পাৰি , লগতে আজি উপস্থিত থকা প্ৰতি গৰাকী সদস্যকে একত্ৰিত হৈ কাম কৰি যাবলৈ অনুৰোধ জনায় ।

উক্ত সভাতে সমাজ সেৱীকা নিৰুমণি তিপমীয়া বন্তি দাস উপস্থিত থাকি বক্তব্য ৰাখে । তেঁও লোকে কয় যে নাৰী সকল সজাগ হোৱাৰ সময় হ’ল , বৰ্তমান সমাজত পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মই বেছি আকৰ্ষিত হৈছে । নাৰী ধৰ্ষণ কৰি পুৰুষ জন তথাকথিত ভদ্ৰ সমাজত ঘূৰি ফুৰে ,কিন্তু ধৰ্ষিতা গৰাকীয়ে ন্যায় নাপায় আত্মহত্যা কৰিব লগা হয় , সেয়ে সেই পুৰুষ সকলকো উচিত বিচাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে ।

সভাত ডালিমী দেৱীয়ে

নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তিৰ দৰে এটি সুন্দৰ সংগঠন জন্ম দিয়াত বৈকুণ্ঠ প্ৰিন্স পাঠকক ধন্যবাদ দিয়াৰ লগতে তেঁও কয় যে বহু দিনৰ পাছত এটি সুন্দৰ সংগঠনৰ সৃষ্টি হৈছে । সুন্দৰ চিন্তা চর্চাৰে সংগঠনৰ লক্ষ্য উদ্দেশ্যক আগুৱাই নিবলৈ উপস্থিত সদস্যা সকলক আহ্বান জনায়। উক্ত সভাতে ৰূপামনি গগৈ ,নিৰুমণি তিপমীয়া ,ৰুবি ভূঞা সভানেত্রী , সম্পাদিকা ,দেৱাশ্ৰুতি ভূঞা , ৰুমী শইকীয়া ,যোগমায়া গগৈপ্ৰচাৰ বিভাগত – বন্তি দাস , বাসবিকা গগৈ বৰুৱা ,ডালিমী দেৱী , ভাগ্য শ্ৰী চেতিয়া চয়নিকা ভূঞা ।


ইভা হাজৰিকা , নলিনী আইদেউ ,অনিমা দেৱী , ৰুবি ভূঞা , কুঞ্জ গগৈ জোনমনি গগৈক উপদেষ্টা হিছাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়।

বাংলাদেশলৈ ঘূৰাই পঠিয়ালে অবৈধ ভাৱে অসমত প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশীক…

অসমত অবৈধ ভাৱে বাংলাদেশীৰ প্ৰৱেশৰ চেষ্টা ।

বাংলাদেশলৈ ঘূৰাই পঠিয়ালে অবৈধ ভাৱে অসমত প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশীক।

১৮ জুলাইত অসমত প্ৰৱেশৰ চেষ্টা কৰি আটক হৈছিল ৫ বাংলাদেশী।

সংযুক্ত সাংস্কৃতিক মঞ্চ আৰু জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত সাংস্কৃতিক দিৱস…

যোৱা ১৪ জুলাই তাৰিখে গুৱাহাটী জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত সংযুক্ত সাংস্কৃতিক মঞ্চ আৰু জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক দিৱস উদযাপন কৰা হয়। সভাপতি ডা° কল্যাণ কুমাৰ দাসে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত সদৌ অসম ভিত্তিত বিষ্ণুৰাভা সংগীত,লোক নৃত্য একক, আধুনিক নৃত্য একক আৰু দলীয়ৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা বাবে এই অনুষ্ঠানতেই ২০২৪ চনৰ সাংস্কৃতিক আৰু  অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়।

সভাপতি ড° কল্যাণ কুমাৰ দাস সম্পাদক দ্বয় মৃদুল কোঁৱৰ আৰু সঞ্জীৱ দাসৰ লগতে মুখ্য পৃষ্ঠপোষক তথা জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথে জনোৱা মতে  অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা অসম গৌৰৱ বঁটা প্ৰাপক ৰঞ্জিৎ গগৈক, বিশিষ্ট কণ্ঠ শিল্পী তথা পৰিচালক বাণী মেধীক সাংস্কৃতিক বঁটা আৰু অসমৰ সামাজিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা সমাজকৰ্মী জীতেন দত্তক ২০২৪ চনৰ অসম গৌৰৱ বটাৰে সন্মানিত কৰা হয়। উক্ত দিনা সদৌ অসম ভিত্তিত আয়োজন ৰাভা সংগীত, আধুনিক নৃত্য, দলীয় নৃত্য, লোক নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্হান লাভ কৰা প্ৰতিযোগী সকলক একোখনকৈ মানপত্ৰৰ লগতে নগদ ধন আৰু বঁটা প্ৰদান কৰা হয়।

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল…

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল ।

পবিত্ৰ মাৰ্ঘেৰিটা

কংগ্ৰেছৰ নেতাসকলে অযথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য দি থাকে।

মই মন্ত্ৰীত্ব পোৱাকলৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ মই আচৰিত হৈছো।

মই আহোম সম্প্ৰদায়ৰ ভাবিছিলো গৌৰৱ গগৈ এগৰাকী আহোম ব্যক্তি হিচাপ মোক বিৰোধী দলৰ হলেও ভাল পাব বুলি।

গৌৰৱ গগৈ যদি জেষ্ঠ্য সকলক ইমানেই সন্মান কৰে তেন্তে তেওঁৰ কংগ্ৰেছ দলৰ জেষ্ঠ্য নেতা প্ৰদ্যুৎ বৰদলৈক বা আন কোনো পুৰণা নেতাক কিয় বিৰোধীৰ উপ দলপতি পদটো এৰি নিদিয়ে।

ইমানেই যদি কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ প্ৰীতি আছে কিয় ডিব্ৰুগড় সমষ্টিত পৱন সিং ঘটোৱাৰ বা ৰাজু চাহুক আঁতৰাই ৰাখিলে।

লাভ জেহাদৰ সম্মুখীন হোৱা অসমীয়া ছোৱালীৰ কাষত কেতিয়াও ঠিয় নিদিয়ে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ যদি এতিয়াও তেওঁলোকৰ নিৰ্বাচনৰ ফলাফল ভাল বুলি ভাবিছো তেন্তে এনে ভাল দিন সদায় চলি থাকক।

অসমখন ভাগ ভাগ নকৰিবলৈ কংগ্রছ দলক আহ্বান মন্ত্ৰীগৰাকীৰ।

উন্নয়নৰ নামত ৫ বছৰে কলিয়াবৰত একোকে নকৰিলে গৌৰৱ গগৈয়ে।

আমাৰ দল কোনো নিৰ্দিষ্ট ব্যক্তিক লৈ ব্যস্ত নহয়।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মূৰ গধুৰ অনুভৱ হয় নেকি? মূৰ গধুৰ অনুভৱৰ সকাহ কিদৰে পাব…

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আপুনি নাৰ্ভাছ অনুভৱ কৰে নেকি। বিচনাৰ পৰা উঠাৰ আগতেই অস্থিৰ চিন্তা বা উদ্বিগ্নতা আহিবলৈ আৰম্ভ কৰে নেকি। যদি হয় তেন্তে কি কৰিব জানি লওক…

প্ৰায়ে “ষ্ট্ৰেছ হৰম’ন” বুলি জনাজাত কৰ্টিছলৰ মাত্ৰা সাৰ পোৱাৰ এঘণ্টাৰ পিছত ৰাতিপুৱা সৰ্বাধিক হয়। বিশেষকৈ নিয়মিতভাৱে উদ্বেগ অনুভৱ কৰা লোকৰ ক্ষেত্ৰত কৰ্টিছল এৱেকেনিং ৰেচপন্স (CAR) এক পৰিঘটনা।

ৰাতিপুৱাৰ উদ্বেগজনক বিকাৰ (GAD)ৰ লক্ষণ হ’ব পাৰে। উদ্বেগজনক বিকাৰগ্ৰস্ত লোকসকলে কমেও ছমাহলৈকে অত্যন্ত চিন্তা আৰু ভয়ৰ সন্মুখীন হয়। আন লক্ষণসমূহ হ’ব পাৰে স্থায়ী ভাগৰ, মনোনিৱেশ কৰাত অসুবিধা, আৰু অস্থিৰতা।

টোপনিৰ সমস্যা যেনে অনিদ্ৰা, টোপনিৰ অসুবিধা আৰু টোপনিৰ মানদণ্ড বেয়া হোৱা আদিয়ে ৰাতিপুৱা অধিক উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ৰাতি ভালদৰে টোপনি নাহিলে ৰাতিপুৱাৰ উদ্বেগৰ মাত্ৰা বৃদ্ধি পাই।

আমি যি খাওঁ তাৰ প্ৰভাৱ আমাৰ অনুভৱৰ ওপৰত পৰে। কিছুমান গৱেষণাই উদ্বেগক অতিৰিক্ত চেনি সেৱনৰ সৈতে সম্পৰ্কিত কৰিছে। কেফেইনৰ অত্যধিক সেৱনৰ বাবেও উদ্বেগৰ মাত্ৰা বৃদ্ধি পায়।

অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত “জ্যোতি” গ্ৰন্থ উন্মোচনী সভা সম্পন্ন…

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনিস্থিত মুক্তি যুঁজাৰু ড° সম্ভুৰাম মেধি কমপ্লেক্স চন্দ্ৰমা সভাগৃহত অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত “জ্যোতি” গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন কৰা হয়।সভাৰ সভাপতিত্ব কৰে অসম নাট্য সন্মিলন হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰে।সভাৰ আঁত ধৰে “জ্যোতি” সম্পাদনা সমিতিৰ মুখ্য সম্পাদক কিচিন দাসে।সভাৰ আৰম্ভণিতেই ভক্তিমুলক গীত পৰিৱেশন কৰে কণ্ঠশিল্পী সোনাৰাম দাসে ।সভাত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ অভিনেতা প্ৰয়াত জ্যোতিষ ভৰালীৰ স্মৃতিত বিভিন্ন ব্যক্তিৰ লিখনি সমৃদ্ধ “জ্যোতি” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়।

গ্ৰন্থখনি উন্মোচন কৰে অসমৰ সাংস্কৃতিক আলোচনী দাপোনৰ মূখ্য সম্পাদক তথা এমট্ৰনৰ উপ প্ৰৱন্ধক দিনমনি ভাণ্ডাৰ কায়স্থই।গ্ৰন্থ উন্মোচনী বক্তৃতা প্ৰদানত কায়স্থই উল্লেখ কৰে “শিল্পীসকল সংস্কৃতিৰ দাপোন। তেওঁলোকৰ কৰ্মক সমাজে স্বীকৃতি তথা সন্মান জনোৱাটো সমাজৰ এটি দায়িত্ব। এই পাৰস্পৰিক সম্পৰ্ক যিমানেই গভীৰ হব,সিমানেই সমৃদ্ধ হ’ব সামূহিক জীৱন।” সভাত অসম চৰকাৰৰ প্ৰাক্তন তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকৰ, আলোক সম্ৰাট কল্যান দে, সংগীত নাটক একাডেমিৰ যুৱ বঁটা প্ৰাপক নাট পৰিচালক হিমাংশু শৰ্মা,জ্যোতি সম্পাদনা সমিতিৰ সভাপতি শঙ্কৰ দাস, সম্পাদক দিব্যজ্যোতি ভৰালী, সহযোগী সম্পাদক বিবেকানন্দ দাসকে প্ৰমূখ্যে প্ৰায় সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ…

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ।

পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ মৃতদেহ।

এতিয়াও সন্ধান নাই বিষ্ণু দাস নামৰ আনজন কিশোৰৰ।