আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ জ’ বাইডেন।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নকৰে জ’ বাইডেনে।

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা কমলা হেৰিছৰ।
আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ জ’ বাইডেন।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নকৰে জ’ বাইডেনে।

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা কমলা হেৰিছৰ।
সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলাৰ শাখা ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী কাব্যদিন অনুষ্ঠান পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে দিজেন্দ্ৰ নাৰ্থ হাজৰিকাই, বন্তি প্ৰজ্বলন কৰে তিলক বৰাই, স্মৃতি তৰ্পণ কৰে পুতুল চন্দ্ৰ ডেকা, বৃক্ষৰোপন কৰে দুৰ্গেশ্বৰ বৰকটকীয়ে। ইয়াৰ পিছতে কবিতা পাঠৰ অনুষ্ঠানৰ উদ্বোধন কৰে ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ সম্পাদক আৰতি মেধিয়ে।

প্ৰায় ডেৰশ কবিয়ে কবিতা পাঠ কৰা অনুষ্ঠানৰ সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়াই। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন, উপ-সভাপতি উজ্জ্বল পাওগাম, সম্পাদক পৱন শৰ্মা, সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ উপস্থিত থকাৰ লগতে উদ্যোক্তা আৰতি মেধি, মদাৰজ্যোতি, কবি-গল্পকাৰ নৱজ্যোতি বৰা, কবি-সংবাদিক ৰুপম নাথ উপস্থিত থাকে।
১২ জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট বিবাহপাশত আৱদ্ধ হয়। দেশ-বিদেশৰ বিখ্যাত ব্যক্তিসকলে এই বিয়াত উপস্থিত আছিল আৰু নৱবিবাহিত দৰা-কইনাক সকলোৱে এক সুন্দৰ বিবাহৰ উপহাৰ দিছিল। অনন্ত-ৰাধিকাৰ বিয়াৰ প্ৰতিটো উপহাৰৰ মূল্য লাখ লাখ কোটি কোটি। গতিকে বলীউডৰ প্ৰবীণ তাৰকাসকলে কি বিশেষ উপহাৰ দিলে জানো আহক-

পত্নী গৌৰী আৰু সন্তান দুটাৰ সৈতে অনন্ত আৰু ৰাধিকাৰ বিয়াত শ্বাহৰুখ খান উপস্থিত হৈছিল। সংবাদ মাধ্যম অনুসৰি কিং খানে অনন্ত-ৰাধিকাক বিয়াৰ উপহাৰ হিচাপে ৪০ কোটি টকাৰ বিলাসী এপাৰ্টমেণ্ট উপহাৰ দিছে। আনহাতে অমিতভ বচ্চন আম্বানী পৰিয়ালৰ নিমন্ত্ৰণত উপস্থিত আছিল। বিগ বিৰ উপৰিও জয়া বচ্চন, কন্যা শ্বেতা আৰু তেওঁৰ স্বামী নিখিল নন্দ, সন্তান নব্য নভেলী আৰু অগস্ত্য, অভিষেক বচ্চনকো দেখা গৈছিল। খবৰ অনুসৰি বচ্চন পৰিয়ালে কইনা ৰাধিকা মাৰ্চেণ্টক ৩০ কোটি টকাৰ হীৰা আৰু পান্নাৰ নেকপিছ উপহাৰ দিলে। খবৰ অনুসৰি ৰণবীৰ-আলিয়াই অনন্ত আৰু ৰাধিকাক ৯ কোটি টকাৰ এখন মাৰ্চিডিজ গাড়ী উপহাৰ দিছিল। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ২৫ লাখ টকাৰ এখন হাতেৰে নিৰ্মিত চাদৰ উপহাৰ দিয়ে। অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাই অনন্ত আৰু ৰাধিকাক তেওঁলোকৰ বিয়াত ৬০ লাখ টকাৰ সোণৰ কলম উপহাৰ দিছে।
গোৱালপাৰাৰ কৃষ্ণাইৰ চেনীমাৰীত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে প্ৰাথমিক তদন্ত। মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

দুৰ্বৃত্তই যুৱতীগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
হাটশিঙিমাৰীৰ সুখচৰত চাঞ্চল্যকৰ ঘটনা। গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ।

ভুতিয়াডাঙ্গাত পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। কোনোবাই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।

মৃতদেহ উদ্ধাৰৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি অঞ্চলজুৰি। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সুখচৰ আৰক্ষীয়ে।
শাওণ মাহৰ প্ৰথমটো সোমবাৰে শিৱলিংগক ৰাশি অনুযায়ী সামগ্ৰী আগবঢ়াওক। ভগৱান শিৱৰ ভক্তিৰ বাবে শাওণৰ সোমবাৰবিলাক অতি বিশেষ। ৰাশি অনুযায়ী এই দিনটোত শিৱলিংগ পূজা কৰিলে সকলো দুখ দূৰ হৈ যাব আৰু অপৰিসীম সুখ আৰু সমৃদ্ধি পাব।

মেষঃ মেঘ ৰাশিৰ লোকে শাওণৰ সোমবাৰে শিৱলিংগলৈ বেলপাত্ৰ আগবঢ়াওক। লগতে ঘিউৰ চাকি জ্বলাওক।
বৃষ ৰাশিঃ এই ৰাশিৰ লোকে গৰুৰ গাখীৰ মিহলি পানীৰে শিৱলিংগ অভিষেক কৰক। ইয়াৰ উপৰিও ভগৱান শিৱক বগা ফুল আগবঢ়াওক আৰু শিৱলিঙত বগা চন্দনৰ পেষ্ট লগাওক।
মিথুন ৰাশিঃ শাওণৰ সোমবাৰে এই ৰাশিৰ লোকে শিৱলিংগৰ জলাভিষেক কৰক, তাৰ পিছত দৈ মিহলি পানী আগবঢ়াওক।
সিংহ ৰাশি : শিৱলিংগত নাৰ্জি ফুল আগবঢ়াওক আৰু তাৰ পিছত ঘিৰ চাকি জ্বলাই দিয়ক।
কৰ্কটঃ শাওণৰ সোমবাৰে চন্দন আৰু সুগন্ধি আগবঢ়াব। লগতে ভগৱান শিৱক গাখীৰ আৰু চাউল আগবঢ়াওক।
কন্যা ৰাশিঃ সকলো বিপদৰ পৰা সকাহ পাবলৈ ক’লা তিল পানীত মিহলাই শিৱলিংগ অভিষেক কৰক।
তুলা ৰাশিঃ বগা চন্দন পানীত মিহলাই ভগৱান শিৱক অৰ্পণ কৰক। লগতে সুগন্ধি সুগন্ধি আৰু ফুল আগবঢ়াব।
বৃশ্চিক ৰাশিঃ শিৱলিংগত পানী আৰু বেলপাত্ৰ আগবঢ়াওক। ইয়াৰ লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক।
ধনু ৰাশিঃ শাওণ সোমবাৰে ভগৱান শিৱক পূজা কৰি শিৱলিংগত আবীৰ অৰ্পণ কৰক।
মকৰ ৰাশিঃ ভগৱান শিৱক শণ আৰু ধতুৰা অৰ্পণ কৰক। ‘অম নম শিৱায়’ মন্ত্ৰ জপ কৰক।
কুম্ভ ৰাশিঃ ভগৱান শিৱক নীলা ফুল আগবঢ়াওক। শনি দেৱো সুখী হ’ব।
মীন ৰাশিঃ শিৱলিংগক কেশৰেৰে অভিষেক কৰক।
বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী। অসমৰ উদ্যোগত চাহ জনগোষ্ঠীয় আৰু আদিবাসী সমাজৰ জাতিৰ প্ৰমাণ পত্ৰৰ বিসংগতি তথা অনা-চাহ জনগোষ্ঠীক ভূৱা জাতিৰ প্ৰমাণ পত্ৰক কেন্দ্ৰ কৰি এখন ৰাজহুৱা সভাৰ আয়োজন কৰে, উক্ত সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লিক্নেশ্বৰ ঘাটোৱাৰ, সভাখন বিশ্বনাথ জিলা সমিতি চাহ জনজাতি জাতীয় সন্মিলনী অসমৰ হৈ সম্পাদক গৌতম গোৱালাৰ তত্বাৱধানত আয়োজন কৰা হয়।

সভাখনত উপস্থিত থাকে OBC Association Dist- Chairman দিগন্ত কুমাৰ গগৈ, উপস্থিত থাকে OBC Board of Dist- Chairman দিৱ্যজ্যোতি ভূঞাঁ, সভাখনত বিশ্বনাথ জিলাৰ অন্তৰ্গত প্ৰায় ৬০ খন চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজ সংগঠনৰ নেতৃত্ববৃন্দৰ লগতে উপস্থিত থাকে চাহ জনজাতি জাতীয় সন্মিলনী অসম ৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সদস্য নগেন দাস, বিশ্বনাথ জিলা সমিতি চাহ জনজাতি জাতীয় সন্মিলনী অসমৰ সভাপতি নগেন গোৱালা উপস্থিতিত সভাখন হয় আৰু সভাখনত বিভিন্ন সমাজ সংগঠনৰ প্ৰতিনিধি আৰু বুদ্ধিজীৱি তথা বিশিষ্ট সমাজকৰ্মীৰ উপস্থিতিত সকলোৰে দিহা-পৰামৰ্শৰ জৰিয়তে সভাখনত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমূকৈ আটছা কেন্দ্ৰীয় সমিতিৰ কেইবাজন বিষয়-ববীয়া উপস্থিত থকাৰ লগতে বিশ্বনাথ জিলা সমিতি আৰু শাখা সমিতি আটছাৰ সভাপতিদ্বয় উপস্থিত থাকি বিভিন্ন ধৰণৰ মতামত আগবঢ়াই চাহ জনগোষ্ঠী তথা আদিবাসী সমাজখনৰ নামত অনা-চাহ জনগোষ্ঠীক ভূৱা জাতিৰ প্ৰমাণ পত্ৰৰ জালিয়াতি কৰাৰ বিপৰীতে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় সমিতিলৈ এথন প্ৰস্তাৱ আকাৰে অভিযোগ দাখিল কৰাৰ কথা সিদ্ধান্ত লোৱাৰ পিছতে সভাখন ভংগ কৰা হয়।
প্ৰয়োজনতকৈ বেছি তেল ব্যৱহাৰ কৰিলে শৰীৰত বেয়া কলেষ্টেৰল সৃষ্টি হয়। এনে পৰিস্থিতিত কোনটো ৰন্ধন তেল স্বাস্থ্যৰ বাবে ভাল জানেনে। বহু লোকে উচ্চ কলেষ্টেৰলৰ লগত জড়িত সমস্যাত ভুগে এই সমস্যাৰ সন্মুখীন হোৱাৰ কাৰণ ইয়াত তেলীয়া খাদ্য খোৱাৰ অভ্যাস। কোনটো তেল স্বাস্থ্যৰ বাবে উপযুক্ত জানি লওক…

যদি আপুনি অত্যধিক তেলযুক্ত বস্তু খাই তেন্তে ই বেয়া কলেষ্টেৰল বৃদ্ধি পাই।
যেতিয়া আমাৰ ধমনীত অত্যধিক বেয়া কলেষ্টেৰল জমা হয় তেতিয়া সিৰাবোৰ বন্ধ হৈ যাবলৈ আৰম্ভ কৰে আৰু হৃদযন্ত্ৰলৈ তেজ প্ৰেৰণ কৰাত অসুবিধা হয়।
উচ্চ কলেষ্টেৰল ৰোগত আক্ৰান্ত লোকৰ বাবে ফ্লেক্সচিড অইল উপকাৰী। এই তেল চালাডৰ লগতো খাব পাৰি, অলপ গৰম কৰিও খাব পাৰি।
আনহাতে লিনচিড অইল ফেটি এচিডৰ প্ৰচুৰ উৎস। এই অলিক এচিড, লিন’লিক এচিড আৰু আলফা-লিন’লেনিক এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়। এই তেল বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হয়।
গুৱাহাটী-সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাৰ নতুন সমিতি গঠন কৰা হৈছে৷ যোৱা ২১ জুলাইত বাদল ঠাকুৰৰ সভাপতিত্বত গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সমিতিখন গঠন কৰা হয়৷ এই সভাতে সন্থাৰ সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদন আৰু হিচাপ নিকাচ দাখিল কৰে৷ এই প্ৰতিবেদন পৰ্যালোচনাৰ পিছতে সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয়৷ সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী টাউন ক্লাবৰ সাধাৰণ সম্পাদক তথা বিচিচিআইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া৷ সভাত উপস্থিত থকা সদস্যসকলে তেওঁক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ শইকীয়াই তেখেতক জনোৱা সন্মানৰ বাবে সন্থাৰ সকলো সদস্যকে আন্তৰিক ধন্যবাদ জনাই আৰু সুদূৰ ভৱিষ্যতে সন্থাৰ উন্নতি আৰু অগ্ৰগতিৰ বাবে সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

এই সভাতে প্ৰাক্তন ক্ৰিকেটাৰ আৰু বিশিষ্ট ক্ৰীড়া সংগঠক বাদল ঠাকুৰক সৰ্বসন্মতি ক্ৰমে সভাপতি, শংকৰ দত্ত লহকৰ আৰু প্ৰদীপ চলিহাক ক্ৰমে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে লৈ পৰবৰ্তী কাৰ্যকালৰ বাবে সন্হাৰ নতুন সমিতিখন গঠন কৰা হয়৷ সভাত সৰ্বসন্মতি মৰ্মে বৰ্ষীয়ান প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ প্ৰণৱ চাংকাকতিক মূখ্য উপদেষ্টা হিচাপে মনোনীত কৰা হয়। সভাত সন্থাৰ উন্নয়নমূলক বিভিন্ন বিষয় আলোচনা কৰা হয়৷ উপস্থিত সদস্যসকলে নিজৰ আত্মবিশ্বাস ব্যক্ত কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত শক্তিশালী ৰূপত অৱতীৰ্ণ হেছে৷ তেওঁলোকে অসমৰ ক্ৰীড়াক্ষেত্ৰখনলৈয়ো অপৰিসীম উন্নতি ঘটাবলৈ সক্ষম হৈছে৷ সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ ভিতৰত সদস্যসকলে বয়স্ক আৰু জেষ্ঠ লোকসকলৰ সহায় হোৱাকৈ ক্ৰীড়া পেন্সনৰ পুনৰুজিবিত কৰাৰ বাবে চৰকাৰক আবেদন জনাবলৈ সভাত নতুন সমিতিখনক পৰামৰ্শ দিয়া হয়। ইয়াৰ জৰিয়তে বয়স্ক আৰু জ্যেষ্ঠ পেন্সনাৰ সকল লাভান্বিত হ’ব আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব৷ তদুপৰি চৰকাৰৰ অন্য পেন্সনাৰ সকলৰ দৰে ক্ৰীড়া পেন্সনো মাহিলী নিয়মীয়াকৈ প্ৰদানৰ বাবে সভাত আহ্বান জনোৱা হয়৷
সমিতিৰ অন্য বিষয়ববীয়া সকল হৈছে ক্ৰমে উপ-সভাপতি-বিজয় হাজৰিকা, দীপধৰ বৰুৱা, তৈবুননিচা, মাগুৰাম বালাৰি, যুটীয়া সম্পাদক-কল্যাণ কুমাৰ দাস, ঋত্বিক শইকীয়া, কাৰ্যকৰী সমিতিৰ সদস্য-মহেশ চৌধুৰী, নীৰেন মেচ, ধীৰেন মেধি, প্ৰদীপ হাজৰিকা, হেমেন গোহাঁই, আল্পনা বৰুৱা, ড০ অঞ্জলি বৰুৱা, এল হেমন্ত সিং, প্ৰণৱ শৰ্মা আৰু বদন শইকীয়া।
বাঙ্গালোৰবাসী অসমীয়াসকলে উলহ-মালহেৰে নামঘৰত উদযাপন কৰিলে “ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস”। বাঙ্গালোৰৰ মাৰাথাহালীত প্ৰতিষ্ঠা কৰা অসমীয়াৰ আৱেগৰ, একমাত্ৰ উপাসনা স্থলীত দিনযোৰা কাৰ্যসূচীৰে সম্পূৰ্ণ মহাপুৰুষীয়া নিয়মৰ মাজেৰে অতি উলহ-মালহেৰে গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপিত কৰে। ৰাতিপুৱা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰি, নাম-প্ৰসঙ্গ, কীৰ্তন পাঠ আৰু দিহানাম পৰিবেশন কৰা হয়। লগতে সাংস্কৃতিক অনুষ্ঠানত বৰগীত, দশৱতাৰ নৃত্য, ঝুমুৰা নৃত্য প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল কণ-কণ শিশু সকলৰ প্ৰাৰ্থনা পৰিৱেশন, বাঙ্গালোৰৰ অসমীয়া শিশু কিশোৰ সকলক আমাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ লগত চিনাকি কৰোৱাৰ মানসেৰে এয়া অন্যতম প্ৰচেষ্টা। ‘শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ, বাঙ্গালোৰ’ৰ উদ্যোগত গঢ়ি উঠা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক সমাজৰ পত্ৰিকা ‘সাঁচিপাত’ৰ সপ্তম সংখ্যা উন্মোচিত কৰা হয়। লগতে এই সাংস্কৃতিক সমাজৰ সকলো তথ্য উপলব্ধ হোৱাকৈ এটি webpage(www.sscsb.in) মুকলি কৰা হয়। শেষত উপস্থিত ৰাইজক মাহ-প্ৰসাদ আৰু সিদ্ধ অন্ন আপ্যায়নেৰে অনুষ্ঠানৰ সামৰণি পৰে।
