Home Blog Page 680

চাউলৰ বস্তা মূৰত লৈ বঙাইগাঁৱত বিশেষ ৰূপত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস…

চাউলৰ বস্তা মূৰত লৈ বঙাইগাঁৱত বিশেষ ৰূপত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বঙাইগাঁৱত সংগৃহীত ধানৰ চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ। উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে আমাৰ স্থানীয় কৃষকৰ পৰা সংগ্ৰহ কৰা ধানৰ পৰাই চাউল উৎপাদন কৰি সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানত সেই চাউল যোগান ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত চাউলখিনি বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পৰা এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়৷

২৪ জুলাইৰ পৰা আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰী মনসা পূজা উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি…

বিগত ২০২৩ চনত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কেওটপাৰাস্থিত শ্ৰী শ্ৰী মনসা মন্দিৰত অনুষ্ঠিত শ্ৰী শ্ৰী মনসা পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সুকলমে উদযাপন কৰাৰ পাছত অহা ২৪ জুলাইৰ পৰা পাঁচদিনীয়াকৈ ৫১ সংখ্যক শ্ৰী শ্ৰী মনসা পূজা উদযাপনৰ আয়োজন কৰা হৈছে। ২৪ জুলাইত সন্ধিয়া ৭.৩০ বজাত প্ৰতিমা স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। ২৫ জুলাইৰ পৰা ২৭ জুলাইলৈ দৈনিক দেউধা নাচ, আৰতি, ওজাপালি, পুৰুষ আৰু মহিলাৰ নাগাৰা নাম, আদি অনুষ্ঠিত হব। ২৮ জুলাই শেষৰ দিনা সন্ধিয়া ৭ বজাত কেওটপাৰা ৰাজহুৱা পুখুৰীত প্ৰতিমা বিসৰ্জন দিয়াৰ পাছত নিশা ৯ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইফালে উদযাপন সমিতিৰ কাৰ্যকৰী সদস্য শিৱ দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে শ্ৰী শ্ৰী মনসা পূজাৰ বাবে স্থাপন কৰিবলগীয়া বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি সমূহ পূজা থলীত সাজু কৰি তোলা হৈছে। আনহাতে পূজা পৰিচালনাৰ বাবে নিৰেণ কুমাৰ দাসক সভাপতি,লঙ্কেশ্বৰ মেধি আৰু গোলক দাসক উপ সভাপতি, ৰত্নেশ্বৰ দাসক সাধাৰণ সম্পাদক, অজিত দাস, পৰেশ দাস আৰু শংকৰ ভড়ালীক সহকাৰী সম্পাদক, পংকজ দাসক কোষাধ্যক্ষ হিচাপে লৈ কেওটপাৰা শ্ৰী শ্ৰী মা মনসা দেৱী পূজা সমিতিখন গঠন কৰা হৈছে।

পশ্চিম যোৰহাটত তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক…

পশ্চিম যোৰহাটত শোকাৱহ পথ দুৰ্ঘটনা৷

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক৷

উপ-পথত ৰৈ থকা অৱস্থাতে কিশোৰীগৰাকীক খুন্দা ডাম্পাৰৰ৷

ধুবুৰীৰ ফকিৰগঞ্জ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কালৰূপঃ ১৫ দিনৰ ভিতৰত গৰাখহনীয়াত জাহ গ’ল ৩০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী…

ধুবুৰী জিলাৰ নৱ গঠিত বিৰশিং জৰুৱা সমষ্টিৰ ফকিৰগঞ্জ নস্কৰা গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ মাজতে হাহাকাৰ কৰিবলগা হৈছে খহনীয়াগ্ৰস্থ লোক সকলে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় ৩০টা পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই নিমিষতে প্ৰায় ৩০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী উঠুৱাই নিবলৈ ধৰে। স্থানীয় ৰাইজে পৰিয়াল কেইটাৰ ঘৰবাৰী স্থানান্তৰ কৰে যদিও কেবাটাও পৰিয়ালৰ ঘৰ-বাৰী পানীত বুৰ যায়।

যাৰবাবে বাবে ঘৰবাৰী স্থানান্তৰ কৰিবলৈ নিশাৰ ভাগতে ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। মনকৰিবলগীয়া যে দীৰ্ঘদিনৰ পৰা চলি অহা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা নদীত বাঁহৰ পাৰ্কুপাইন পেলাই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাই আছে যদিও বাঁহৰ পাৰ্কুপাইনক উপলুঙা কৰি ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে মাজে সময়ে গৰাখহনীয়া অব্যাহত ৰাখিছে।ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াত ভেটি-মাটি সকলো হেৰুৱাই ঠাই বিচাৰি ভূক্তভোগীয়ে আশ্ৰয় লব লগা হৈছে ৰাস্তাৰ কাষত।কিন্তু গৰাখহনীয়া কৱলিত ফকিৰগঞ্জ বৰাইবাৰীত ভয়ংকৰ গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত।স্থানীয় ৰাইজে জলসম্পদ বিভাগক কাতৰ অনুৰোধ জনালে অতি সোনকালে তাৎকালিন বাবে বাঁহ বৰিং কৰি গাঁৱখন যাতে খহনীয়াৰ পৰা ৰোধ হয় স্থানীয় ৰাইজে দাবি জনাইছে চৰকাৰক।

পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা…

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’। পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা।

এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা। পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।

২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক- ২০২৪।

আম গছত লাগিল ঔ-টেঙাঃ হাজোৰ শনিয়াদী বিহদিয়াত এক আজৱ ঘটনা! ঔ-টেঙা চাবলৈ ৰাইজৰ ভিৰ…

প্ৰকৃতিৰ যেন এক অনবদ্য চমৎকাৰ।ঘটনাটো হাজোৰ শনিয়াদী বিহদিয়াত।এডাল আম গছত এটা ঔ-টেঙা। এয়া এক অলৌকিকতা নে প্ৰাকৃতিক পৰিঘটনা? তাকে চাবলৈ ভিৰ অগণন লোকৰ।

শনিয়াদীৰ বিহদিয়াত হাকিম আলীৰ ঘৰৰ চৌহদত থকা আম গছত লাগিছে ঔ-টেঙা।যাৰ বাবে এই আজৱ কাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল।

শৰীৰৰ কি ভিটামিনৰ অভাৱত চুলি পাতল হৈ পৰে? চুলি সৰা আঁৰত আছে বহু কাৰণ…

চুলি সৰা আঁৰত আছে বহু কাৰণ। এটা বিশেষ ভিটামিনৰ অভাৱত চুলি সৰে। সেই ভিটামিনবিধ হৈছে ভিটামিন ডি, ভিটামিন ডিৰ অভাৱত ডাঠ চুলি পাতল হ’ব পাৰে। এই ভিটামিনক ‘ছানশ্বাইন ভিটামিন’ বুলি কোৱা হয়।

ভিটামিন ডিয়ে মূৰৰ ছালৰ বৃদ্ধিত সহায় কৰে। এই ভিটামিনে নতুন চুলিৰ জন্ম দিয়ে। চুলিৰ বৃদ্ধিত ভিটামিন ডি অতি ফলপ্ৰসূ। শৰীৰত ভিটামিন ডিৰ অভাৱৰ বাবে চুলি সৰে।এই সমস্যাৰ পৰা সকাহ পাবলৈ শৰীৰত ভিটামিন ডিৰ অভাৱ কমাবলৈ কোনবোৰ খাদ্য খাব জানেনে-

দুগ্ধজাত খাদ্যত ভাল পৰিমাণৰ ভিটামিন ডি থাকে। গতিকে হাড় মজবুত কৰি শৰীৰক পুষ্টিকৰ কৰিবলৈ গাখীৰ, পনিৰ, দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি।

ছালমন আৰু টুনা মাছত ভিটামিন ডিৰ ভাল উৎস। এই মাছ দৈনন্দিন খাদ্যত ৰাখিলে কেলচিয়াম আৰু ওমেগা-৩ ফেটি এচিডৰ অভাৱো হ্ৰাস পায়। হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ এই মাছ খাদ্যত ৰাখিব লাগে।

ৰাতিপুৱা গাখীৰ আৰু ওটচ খাব পাৰে। ইয়াত আলমণ্ড, খেজুৰ আৰু আখৰোট দিব পাৰিলে ভাল হ’ব। শুকান ফলত ভিটামিন ডিৰ উৎস থাকে।

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ চূড়ান্ত ৰায়দান…

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ চূড়ান্ত ৰায়দান।

ৰাকেশ পালসহ ৩৪গৰাকীক দোষী ঘোষণা। দোষী ঘোষণা ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেক।

তিনিওকে ৭ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। ১০জনক দোষমুক্ত ঘোষণা।

ধেমাজিৰ চমৰাজানত গণেশ বৰ্মনৰ মৃতদেহ উদ্ধাৰ…

ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ। মৃতদেহটো ২ নং শান্তিপুৰৰ গণেশ বৰ্মনৰ।

শনিবাৰে জীয়াঢলত মাছ মাৰিবলৈ গৈছিল গণেশ। তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল গণেশ।

আজি চমৰাজানত জীয়াঢল নদীত উদ্ধাৰ মৃতদেহটো। SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নকৰে জ’ বাইডেনে…

আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নাম প্ৰত‍্যাহাৰ জ’ বাইডেন।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নকৰে জ’ বাইডেনে।

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা কমলা হেৰিছৰ।