ইপিনে হাথৰাছ পদপিষ্টৰ ঘচটনা ঘটা সেই ধৰ্মীয় অনুষ্ঠানটোত ইটোৰ পিছত সিটোকৈ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। যদিও স্থানীয় প্ৰশাসনে ৮০ হাজাৰ লোকৰ সমাৱেশত অনুমোদন জনাইছিল, তথাপিও জানিব পৰা মতে ২ লাখ ৫০ হাজাৰৰো অধিক লোক সেইদিনা তাত উপস্থিত আছিল। ইয়াৰ উপৰি অভিযোগ উঠিছে যে আয়োজকসকলে যান-বাহন ব্যৱস্থাপনাত সহযোগ কৰা নাছিল আৰু দুৰ্ঘটনাটোৰ পিছত প্ৰমাণসমূহো ধ্বংস কৰাৰ চেষ্টা কৰিছিল। এই সকলোবোৰৰ উপৰি এজাহাৰত বাবাৰ নাম নাই। এই মৰ্মান্তিক ঘটনাৰ ৪৮ ঘণ্টাৰ পাছত অৱশেষত সক্ৰিয় হৈ পৰে আৰক্ষী। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ প্ৰশাসনে জনোৱা মতে, এই ঘটনাত এতিয়ালৈকে মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা ৬ জনৰ ভিতৰত ২ গৰাকী মহিলা আৰু ৪ গৰাকী পুৰুষ। সেই ৬ জন লোক আটাইকেইজনেই আছিল ‘সেৱাদাৰ’ অৰ্থাৎ সৎসংগৰ স্বেচ্ছাসেৱক। এই ৬ জন লোকে ঘটনাৰ পিছত পলায়ন কৰিছিল।
অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত সংঘটিত হৈছে শতাধিক ভূমিস্খলনৰ ঘটনা। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বহুতো পথত যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে। আনহাতে, যোৱা শনিবাৰৰ পৰা গেলিং সীমান্তলৈ যোৱা টুটিং ইয়িংকিয়ং সংযোগী পথ ছয় দিন ধৰি বন্ধ হৈ পৰাত যাতায়াতত ব্যাঘাত জন্মিছে। ইফালে আন দুঠাইত হোৱা ভূমিস্খলনৰ ফলতো পথ যোগাযোগ বন্ধ হৈ পৰিছে।ইয়িংকিয়ঙৰ পৰা পাচিঘাট সংযোগী পথত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত উক্ত পথটো যাতায়াতৰ বাবে বন্ধ হৈ আছে। স্থানীয় লোকৰ মতে, পথটোৰে কোনো ধৰণৰ যোগাযোগ সম্পৰ্ক স্থাপন কৰিব পৰা নাই। উল্লেখ্য যে টুটিং অঞ্চলৰ পৰা সীমান্তলৈ যোৱা এই পথটো যাতায়াতৰ বাবে অতি গুৰুত্বপূৰ্ণ। ফলত সুৰক্ষা বাহিনীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে ৰছদ-পাতি যোগান বিগত ৬ দিন ধৰি বন্ধ হৈ আছে।টুটিঙৰ স্থানীয় ব্যক্তি নৰবো চেৰিঙে ইটিভি ভাৰতক জনায় যে টুটিঙৰ পৰা গেলিঙৰ অন্তিম সীমান্তলৈকে ৩৪ কিলোমিটাৰ দূৰত্বৰ এই পথটো বন্ধ হৈ থকাৰ ফলত সেনাবাহিনীৰ যান-বাহনৰ চলাচলো দেখা পোৱা নাই। আনহাতে, টুটিং অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত বুধবাৰেও যথেষ্ট পৰিমাণে বৰষুণ হয়।ইয়াৰ উপৰি ইটানগৰৰো কেইবাটাও পথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে।