Breaking

হাথৰাছৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত থিয় দিলে ৰাহুল গান্ধীয়ে…

0 18

দুখত এষাৰি মাত বহু প্ৰয়োজনীয়। সেয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হাথৰাছত পদপিষ্ট হৈ মৃত্যুক সাৱটি লোৱা কেইবা জনো লোকৰ পৰিয়ালক আজি সাক্ষাৎ কৰে। শুকুৰবাৰে পুৱা হাথৰছলৈ গৈ মৃতকৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ আৰু কংগ্ৰেছে দলটো সকলো সময়তে সেইসকল আত্মীয়ৰ কাষত থাকিব বুলি ৰাহুলে আশ্বাস দিয়ে।
ৰাহুল গান্ধী হাথৰছলৈ যাব বুলি এদিন পূৰ্বে ঘোষণা কৰিছিল কংগ্ৰেছে। ইয়াৰ পূৰ্বে ২০২০ চনত হাথৰাছৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ পিছতো ৰাহুল তালৈ গৈছিল। আৰক্ষীয়ে বাৰে বাৰে ৰাহুলক হাথৰাছলৈ যোৱা পথত বাধা দিছিল। তেওঁক বহু সময় ধৰি পথতে অৱৰোধ কৰি ৰাখিছিল। কিন্তু আৰক্ষীৰ পৰা এইবাৰ তেনে কোনো বাধা নাপালে ৰাহুল গান্ধীয়ে। তেওঁ প্ৰথমে দিল্লীৰ পৰা আলিগড়লৈ যায়। হাথৰাছ কাণ্ডত নিহত বহুকেইজন লোক আলিগড়ৰ বাসিন্দা আছিল। তাতেই তেওঁ মৃতকৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। তেওঁ সকলো সময়তে তেওঁলোকৰ কাষত থিয় হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পিছত ৰাহুলে হাথৰাছলৈ যায়।

লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে হাথৰাছত যিসকললোকে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল তেওঁলোকৰ আত্মীয়ৰ সৈতেও বাৰ্তালাপ কৰে। শোকসন্তপ্ত লোকসকলৰ সৈতে কথা পতাৰ পাছত ৰাহুল গান্ধীয়ে কয়, ‘এয়া এক দুৰ্ভাগ্যজনক ঘটনা। দুৰ্ঘটনাটোক লৈ ৰাজনীতি কৰা উচিৎ নহয়। কিন্তু, প্ৰশাসনিক দিশত বহু অভাৱ পৰিলক্ষিত হৈছে। বহু আত্মীয়ই মোক কৈছে যে আৰক্ষী- প্ৰশাসনৰ ফালৰ পৰা তৎপৰতাৰ অভাৱ হৈছিল। নিহতসকলৰ অধিকাংশই দৰিদ্ৰ পৰিয়ালৰ। প্ৰশাসনে তেওঁলোকক অধিক আৰ্থিক সহায় আগবঢ়াব লাগে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অনুৰোধ কৰিছো, মুকলিকৈ সহায় কৰিবলৈ।”

ইপিনে হাথৰাছ পদপিষ্টৰ ঘচটনা ঘটা সেই ধৰ্মীয় অনুষ্ঠানটোত ইটোৰ পিছত সিটোকৈ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। যদিও স্থানীয় প্ৰশাসনে ৮০ হাজাৰ লোকৰ সমাৱেশত অনুমোদন জনাইছিল, তথাপিও জানিব পৰা মতে ২ লাখ ৫০ হাজাৰৰো অধিক লোক সেইদিনা তাত উপস্থিত আছিল। ইয়াৰ উপৰি অভিযোগ উঠিছে যে আয়োজকসকলে যান-বাহন ব্যৱস্থাপনাত সহযোগ কৰা নাছিল আৰু দুৰ্ঘটনাটোৰ পিছত প্ৰমাণসমূহো ধ্বংস কৰাৰ চেষ্টা কৰিছিল। এই সকলোবোৰৰ উপৰি এজাহাৰত বাবাৰ নাম নাই। এই মৰ্মান্তিক ঘটনাৰ ৪৮ ঘণ্টাৰ পাছত অৱশেষত সক্ৰিয় হৈ পৰে আৰক্ষী। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ প্ৰশাসনে জনোৱা মতে, এই ঘটনাত এতিয়ালৈকে মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা ৬ জনৰ ভিতৰত ২ গৰাকী মহিলা আৰু ৪ গৰাকী পুৰুষ। সেই ৬ জন লোক আটাইকেইজনেই আছিল ‘সেৱাদাৰ’ অৰ্থাৎ সৎসংগৰ স্বেচ্ছাসেৱক। এই ৬ জন লোকে ঘটনাৰ পিছত পলায়ন কৰিছিল।

Leave A Reply

Your email address will not be published.