Home Blog Page 688

বিলাসীপাৰাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণত সাংসদ ৰকিবুল হুছেইন

বিলাসীপাৰাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণত সাংসদ ৰকিবুল হুছেইন

লোকসভাৰ শপত গ্ৰহণ অনুষ্ঠান সামৰি ততাতৈয়াকৈ ধুবুৰী লোকসভা সমষ্টিটোৰ সাংসদ ৰকিবুল হুছেইনে আজি ৰাতিপুৱাৰে পৰা বিলাসীপাৰা মহকুমাখনৰ লক্ষীগঞ্জ, ভালুকমাৰীৰ গৌৰাং নদীৰ সংহাৰকাৰী বানপানীত দিশহাৰা হোৱা বানপীড়িতৰ খবৰ লয় ।


ৰাজধানী দিল্লীৰ পৰা ৰেলৰে আহি কোকৰাঝাৰ ৰেল ষ্টেচনত নামে আৰু তাৰ পৰাই পোনে পোনে ফুটকীবাৰী,ভালুকমাৰী,হাজাৰীপাৰা, লক্ষীগঞ্জ, সোণামুখী , চৰাঞ্চলৰ মাছানেৰ আলগা, হাতীপোতা,ছুৱাপাতা,গুটিপাৰা আদি বানাক্ৰান্ত অঞ্চল নাৱেৰে পৰিভ্ৰমণ কৰি বানপীড়িতৰ বুজ লৈ কয় যে,ধুবুৰী লোকসভা সমষ্টিটোৰ বানপীড়িতক কিদৰে সহায় কৰা যায় সেই সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰাৰ আশ্বাস দিয়ে ।

তাৰোপৰি বিলাসীপাৰাৰ মহকুমাধিপতি তথা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ লগত ফোনযোগে বানপীড়িতক কিদৰে সহায় কৰিব পাৰি তাৰো সমস্যা সমাধান উলিয়াবলৈ চেষ্টা চলাব বুলি আশ্বাস দিয়ে।
ইতিমধ্যে বিলাসীপাৰাৰ মহকুমাধিপতিয়ে ৰাজহ চক্ৰ বিভাগৰ মণ্ডল-কানুনগো সহ নাৱেৰে বানপীড়িত অঞ্চলত সমূহ পৰিদৰ্শন কৰি বুজ লয় ।লগতে পশুধনৰ খাদ্য যোগান ধৰাৰ বাবে ব্যৱস্থা লোৱা বুলি জানিব পোৱা গৈছে

সত্ৰীয়া নৃত্যত আৰাধ্যা বি উমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ বৃত্তি লাভ

সত্ৰীয়া নৃত্যত আৰাধ্যা বি উমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ বৃত্তি লাভ

মহানগৰীৰ বেলতলাৰ মনি কাঞ্চন কলা মঞ্জুৰীৰ ছাত্রী আৰাধ্যা বি উমাই সত্ৰীয়া নৃত্যৰ শিতানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ অধীনত চলিত বৰ্ষৰ চি চি আৰ টি সাংস্কৃতিক প্রতিভা সন্ধানী বৃত্তি লাভ কৰিছে।

উল্লেখ্য যে ওস্তাদ বিসমিল্লাহ খাঁ বটা লাভ কৰা সত্ৰীয়া নৃত্যৰ সাধক, গুৰু দীপজোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ তত্ত্বাৱধানত আৰাধ্যাই বিগত ৮ বছৰে সত্ৰীয়া নৃত্যৰ শিক্ষা গ্রহণ কৰি আহিছে। বেলতলাৰ মিলনপুৰ পথ নিবাসী আৰাধ্যাৰ এই কৃতিত্বৰ বাবে পিতৃ উমাকান্ত লস্কৰ আৰু মাতৃ দীপ্তি বৰা লস্কৰে দুয়োজনা গুৰুকে কৃতজ্ঞতা জ্ঞাপন কৰে।

আৰ্তজনৰ কাষত আমাৰ মুখ্যমন্ত্ৰী

আৰ্তজনৰ কাষত আমাৰ মুখ্যমন্ত্ৰী

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ঐতিহাসিক সত্ৰনগৰী মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ জুগুনি ধৰী গাঁৱত উপস্থিত হয়, য’ত মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা অহা এটা ধাৰাই মাজুলী ৰাজহ চক্ৰৰ এটা মথাউৰি ভাঙি ব্যাপক বানপানীৰ সৃষ্টি কৰি জীৱন আৰু সম্পত্তিৰ ক্ষতিসাধন কৰে।

মাননীয় মুখ্যমন্ত্ৰী দেৱে পৰিস্থিতিৰ বুজ লয় আৰু ফলপ্ৰসূ বান নিয়ন্ত্ৰণৰ বাবে জিঅ’ বেগ ব্যৱহাৰৰ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী দেৱে ব্যক্ত কৰে যে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে আই আই টি-জিৰ পৰা নিৰ্দেশনা বিচৰা হ’ব আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্তসকলক তৎকালীন সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে।

চাণক্য আইএএছ একাডেমীৰ লোকসেৱা সেৱা পৰীক্ষাৰ বিনামূলীয়া কৰ্মশালা..

গুৱাহাটী,৪ জুলাই : চাণক্য আই এ এছ একাডেমী, গুৱাহাটী কেন্দ্ৰই ২৭ জুলাইত দুপৰীয়া ২ বজাত শিলপুখুৰী কেন্দ্ৰত প্ৰাৰ্থীসকলৰ বাবে ইউ পি এছ চি/ এ পি এছ চি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৌশলৰ ওপৰত এখন বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাত প্ৰাৰ্থীসকলে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকৰ সামৰ্থ্য কেনেদৰে সৰ্বাধিক ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলক ৰাকেশ মিনহাছ (আই এ এছ)য়ে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে, এজন আই এ এছ বিষয়া হিচাপে তেওঁৰ যাত্ৰা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁৰ প্ৰস্তুতি কৌশল ভাগ-বতৰা কৰিব। তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত কি কৰিব আৰু নকৰিব তাৰ ওপৰত প্ৰাৰ্থীসকলক পথ প্ৰদৰ্শন কৰিব।

চাণক্য আই এ এছ একাডেমীৰ পৰিচালন সহযোগী কুৰঙ্গ নয়নী চেতিয়াই কয়, “ইউ পি এছ চি আৰু এ পি এছ চি প্ৰাৰ্থীসকলৰ পৰামৰ্শদাতা হিচাপে আমাৰ ৩৫ বছৰীয়া যাত্ৰাৰ সময়ত দেখা গৈছে যে, প্ৰাৰম্ভিক পৰ্যায়ত প্ৰাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি কেনেদৰে আৰম্ভ কৰিব লাগে সেই সম্পৰ্কে যথেষ্ট দোধোৰ-মোধোৰ অৱস্থাত পৰে যদিও এই সম্পৰ্কে লক্ষ্য আৰু ধাৰণা স্পষ্ট হোৱাৰ পিছত, যাত্ৰাটো সহজ হৈ পৰে। সেয়ে, আমি প্ৰাৰ্থীসকলক তেওঁলোকৰ অসামৰিক সেৱাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰাৰ প্ৰচেষ্টাৰে বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ আসন পূৰ্ব-সংৰক্ষণ কৰিব লাগিব।

ৰঙিয়াৰ তৰণীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ..

ৰঙিয়া,৪ জুলাই ঃ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত আজিৰে পৰা ৰঙিয়াৰ তৰণীত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।স্থানীয় তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত তথা তৰণী হৰিমন্দিৰ প্ৰাংগণত তদুপলক্ষে ৰূপায়ণ কৰা হয় বিস্তৃত কাৰ্যসূচী ।গোটৰ প্ৰকল্প বিষয়া জগদীশ ঠাকুৰীয়া আৰু সহকাৰী প্ৰকল্প বিষয়া নিপন শৰ্মাৰ তত্বাৱধানত বিদ্যালয় খনৰ ছাত্র-ছাত্ৰী সকলৰ দ্বাৰা সপ্তাহযোৰাকৈ ৰূপায়িত হব লগা কাৰ্যসূচীৰ পুৱাৰ ভাগত যোগা কাৰ্যসূচী,স্বচ্ছ অভিযানেৰে শুভাৰম্ভ কৰা হয়।ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় মুকলি সভা ।তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা গীতা ডেকাই উদ্বোধন কৰা সভাখনত আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কামিনী ভূঞা,বৈদ্যগড় হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি শুক্লেশ্বৰ কলিতাৰ লগতে তৰণী আৰিমত্ত ভবনৰ সভাপতি ননীধৰ কলিতাই আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে।

যোগীঘোপাৰ পৰা বৰপেটা টাউন, হাজো-আমিনগাঁওলৈ নতুন ৰে’ল লাইন স্থাপনৰ দাবী

গুৱাহাটী, ৪ জুলাইঃ অসম গণ পৰিষদৰ লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ দাখিল কৰে। অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই স্মাৰক পত্ৰখন দিয়ে সাংসদদ্বয়ে। বৰপেটাবাসীৰ দীৰ্ঘদিনীয়া আশা পুৰণ কৰিবৰ বাবে স্মাৰকপত্ৰখনৰ এটা প্ৰাথমিক দাবী হ’ল- যোগীঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁওলৈ এটা নতুন ৰে’ল লাইন স্থাপন কৰা। এই প্ৰস্তাৱিত ৰে’ল লাইনৰ লক্ষ্য হৈছে পৰিবহন আন্তঃগাঁথনি উন্নত কৰি অসমত যাতায়ত ব্যৱস্থাৰ উত্তৰণ ঘটোৱা আৰু অৰ্থনৈতিক বিকাশ তৰান্বিত কৰা।

স্মাৰকপত্ৰখন গ্ৰহণ কৰি অশ্বিনী কুমাৰ বৈষ্ণৱে দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত এই প্ৰকল্পটো শীঘ্ৰেই আৰম্ভ হ’ব আৰু ইয়াৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ অভিনেতা যতীন বৰাৰ বিৰুদ্ধে! এই সন্দৰ্ভত কি ক’লে অভিনেতাগৰাকীয়ে…

লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ অভিনেতা যতীন বৰাৰ বিৰুদ্ধে। এখন পোষ্টৰ আপলোড কৰাৰ পাছত সামাজিক মাধ্যমত অভিনেতাগৰাকীক উদ্দেশ্যি বিভিন্নজনৰ বিভিন্ন মন্তব্য। এই সন্দৰ্ভত আজি ৰাজগড়স্থীত মা ষ্টুডিঅ’ত এক সংবাদমেল সম্বোধন কৰে অভিনেতা যতীন বৰাই। যতীন বৰাই ক’লে-

‘সুদীৰ্ঘ ৬ টা বছৰৰ পাছত মই থিয়েটাৰলৈ আহিছোঁ। ২০২৪-২৫ বৰ্ষৰ ইতিহাস থিয়েটাৰৰ “মহাবীৰ লাচিত” নাটকখনৰ  আমাৰ এটাই উদ্দেশ্য লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। মই যতীন বৰাই আজি প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ পাছত আমি যিবোৰ নাটক কৰিম বা যিবোৰ পোষ্টাৰ ওলায় তাৰ আগমুহূৰ্তত  বিজ্ঞব্যক্তিৰ পৰামৰ্শ লৈ হে আমি কাম কৰিম। ৰাইজে যিবোৰ আঙুলিয়াই দিছে সেইবোৰ শুধৰণি কৰিম। যিখন পোষ্টাৰ ভাইৰেল হ’ল সেইখন অফিচিয়েল পোষ্টাৰ নাছিল।’

যিখন পোষ্টাৰ সামাজিক মাধ্যমত ওলাই গৈছে সেইখন আন অফিচিয়েল পোষ্টাৰ আছিল। আমি বহু কেইযোৰৰ পোছাক  পিন্ধাই পোষ্টাৰ বনাইছিলো, কিন্তু কেৱল এখন ফটো হে ভাইৰেল হ’ল। ২০১৬ চনৰ পৰা আহোম জনগোষ্ঠীৰ সাজ পোছাকলৈ কাম কৰি আছো। গহনা, পাগুৰিৰ উপস্থাপন বিজ্ঞজনৰ সৈতে আলোচনা কৰি ৰাজহুৱাভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰিম। এই মন্তব্য ক’ষ্টিউম ডিজাইনাৰ চাওঁচেং ৰাজকোঁৱৰৰ।

কংগ্ৰেছ দলে আজি দেশৰ সংসদীয় ব্যৱস্থাক লজ্জিত কৰিলেঃ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান…

অব্যাহত আছে অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন৷ এই অধিৱেশনৰ মঙলবাৰে আছিল সপ্তম দিন৷ অধিৱেশনত অধ্যক্ষতা কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷মঙলবাৰে সদনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ সময়তে বিৰোধীয়ে অতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বিৰোধীৰ মুখত স্থান পাইছিল নীট-মণিপুৰৰ দৰে প্ৰসংগই৷ বিৰোধীৰ শ্ল’গানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে জাৰি ৰাখিছিল নিজৰ ভাষণ৷ সেই সন্দৰ্ভতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷ কংগ্ৰেছ দলে আজি দেশৰ সংসদীয় ব্যৱস্থাক লজ্জিত কৰিছে। মণিপুৰৰ পৰা অহা সাংসদক ভাষণ দিবলৈ সুযোগ নিদিলে। ৰাহুল গান্ধীৰ ৯০ মিনিটৰ ভাষণৰ পিছত মণিপুৰৰ পৰা তেওঁলোকৰ নেতাক সুযোগ দিব পাৰিলেহেঁতেন।

কংগ্ৰেছ দলে সত্য কথাটো কোৱাৰ বাবে সুযোগ নিদিলে৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ ভাষণত ব্যাঘাত জন্মাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল৷ কালি বিৰোধী দলপতিৰ এই আচৰণক যিমানেই গৰিহণা দিয়া নহওক কিয় সেয়া যথেষ্ট নহয়; – কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়;আমি আশা কৰিছো যে কংগ্ৰেছ দলে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত নিজৰ আচৰণ সংযত কৰিব। আজি প্ৰধানমন্ত্ৰী মোদীয়ে নীটৰ প্ৰসংগ উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিয়ে ভাষণত নীটৰ প্ৰসংগ উল্লেখ কৰিছিল। কাইলৈ ​​ৰাজ্যসভাতো এই বিষয়ে আলোচনা হ’ব।বিৰোধীয়ে ১৮ সংখ্যক লোকসভাৰ মজিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে টেবুলত থপৰিয়াই ‘মণিপুৰ, মণিপুৰ’, আমি একনায়কত্ববাদৰ অনুমতি নিদিওঁ; বুলি শ্লোগান দিছিল৷ আনকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অধ্যক্ষই কয়, বিৰোধী দলৰ নেতা হিচাপে ৰাহুলৰ আচৰণ সংসদীয় পৰম্পৰাক মনা নাই। ৰাহুল গান্ধীয়ে বিৰোধী সদস্যসকলক সদনৰ মাজলৈ আহিবলৈ নিৰ্দেশ দিছিল৷ অধ্যক্ষ বিৰলাই কয় যে, এয়া ভুল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কৰ উত্তৰ দিয়াৰ পিছত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত সদনে ধন্যবাদৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ ইয়াৰ পিছত মঙলবাৰে লোকসভাৰ কাম-কাজ স্থগিত ৰখা হয়৷ অধ্যক্ষ বিৰলাই কয় যে, বিৰোধী সদস্যসকলে সংসদীয় পৰম্পৰাক উলংঘা কৰিছে। অধ্যক্ষগৰাকীয়ে পুনৰ কয়;সদন নিয়ম অনুসৰি চলে আৰু কাম-কাজ পৰিচালনা কৰে৷ ৰাজনাথ সিঙে উত্থাপন কৰা প্ৰস্তাৱক গৃহমন্ত্ৰী অমিত শ্বাহে সমৰ্থন কৰে, যিটো সদনত ধ্বনি ভোটৰ জৰিয়তে গ্ৰহণ কৰা হয়।

সাধাৰণ ভক্তৰ দৰেই পুৰীৰ ৰথযাত্ৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ…

প্ৰতিবছৰেই আহাৰ মাহত অনুষ্ঠিত হয় ওড়িশাৰ পুৰীৰ ৰথযাত্ৰা৷ ভগৱান শ্ৰীকৃষ্ণ, বলোৰাম আৰু সুভদ্ৰাৰ প্ৰতিমূৰ্তি তিনিখন বিশাল ৰথত বহুৱাই জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ নিয়া হয়৷ গুণ্ডিচা মন্দিৰক ভগৱান শ্ৰীকৃষ্ণৰ মাহীয়েকৰ ঘৰ বুলি বিশ্বাস কৰা হয়৷ গুণ্ডিচা মন্দিৰত বিশ্ৰাম লৈ ভাতৃ-ভগ্নী সহিতে শ্ৰীকৃষ্ণ পুনৰ উভতি আহে জগন্নাথ মন্দিৰলৈ৷ এইবছৰ অহা ৭ জুলাইৰ পৰা আৰম্ভ হ’ব জগন্নাথ ৰথযাত্ৰা৷এইবাৰ ভগৱান জগন্নাথৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে । অহা ৭ জুলাইত ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব তেওঁ। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ বহুবাৰ শ্ৰীমন্দিৰ দৰ্শন কৰিছিল।

সাধাৰণ মানুহৰ দৰেই তেওঁ শ্ৰীমন্দিৰৰ দক্ষিণ দুৱাৰৰ ওচৰৰ; ৰাণী ঘৰ মঠত বাস কৰে। তেওঁ মন্দিৰৰ ভিতৰত ২ৰ পৰা ৩ ঘণ্টা সময় কটায়। ৰাষ্ট্ৰপতি শ্ৰীমন্দিৰলৈ আহিব বুলি খবৰ পোৱাৰ লগে লগে তেওঁৰ পৰম্পৰাগত পুৰোহিতে (কৌলিকা পাণ্ডা) পুৰণি দিনৰ কথা মনত পেলায় ।তথ্য অনুসৰি ৬ জুলাইৰ পৰা ৯ জুলাইলৈ ওড়িশা ভ্ৰমণলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ । ৮ তাৰিখে ৰাষ্ট্ৰপতিয়ে মহাপ্ৰভুৰ ৰথ টানিব বুলি তথ্য প্ৰকাশ পালেও এতিয়াও সময়সূচী নিৰ্ধাৰণ কৰা হোৱা নাই ৷ভুৱনেশ্বৰ আৰু পুৰীৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে ৰাষ্ট্ৰপতিয়ে। সূচী অনুসৰি অহা ৬ জুলাইত পণ্ডিত উত্তলমণি গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু বাৰ্ষিকী স্মৰণ কৰা হ’ব জয়দেৱ ভৱনত৷ ইয়াত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। পিচদিনা হলি ট্ৰিনিটিৰ বাৰ্ষিক গাড়ী মহোৎসৱৰ বাবে পুৰীত উপস্থিত থাকিব তেওঁ। ৰাষ্ট্ৰপতিগৰাকীয়ে পুৰীত নিশা থাকি ৮ জুলাইত সাগৰৰ পাৰত প্ৰাতঃভ্ৰমণ কৰাৰ কথা, তাৰ পিচত তেওঁ ভুৱনেশ্বৰলৈ উভতি যাব।

শান্তিপুৰ-কুমাৰপাৰাৰ বান পৰিস্থিতিৰ বুজ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

গুৱাহাটী ,৪ জুলাই ঃ ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ – উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত ৰাজ্যৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ইফালে দুদিন পূৰ্বে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰাত পাণ্ডু , শান্তিপুৰ, কুমাৰপাৰাকে ধৰি গুৱাহাটীৰ বহু অঞ্চল বানপানী আৰু আবদ্ধ বানপানীৰ কৱলত পৰিছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী সংযোগী শান্তিপুৰত থকা ভৰলু নৈৰ শ্লুইচগেটখন বন্ধ কৰি দিয়াত কুমাৰপাৰা আৰু শান্তিপুৰৰ কেবাটাও পথ, আৱাসিক এলেকা পানীৰ তলত থকাত ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। বিশেষকৈ সদাব্যস্ত জি এল আগৰৱালা পথসহ কেবাটাও পথ জলমগ্ন হোৱাত যাতায়াতৰ ক্ষেত্ৰত বিগত দুটা দিন ধৰি নাগৰিকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াৰ মাজতে দিনৰ ভাগত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জি এল আগৰৱালা পথকে ধৰি শান্তিপুৰ , কুমাৰপাৰা অঞ্চলৰ কেবাটাও পথ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শন কালত বিধায়ক কলিতাৰ সৈতে উপস্থিত আছিল গুৱাহাটী পৌৰ নিগমৰ ১৩ আৰু ১৪ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ক্ৰমে – মঞ্জু বৰা আৰু পূৰবী তালুকদাৰ, প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া, নিগমৰ প্ৰশাসক তুলসী ৰঞ্জন কলিতা, কাৰ্যবাহী অভিযন্তা দীপক তালুকদাৰকে ধৰি কেবাজনো বিষয়া – অভিযন্তা । পৰিদৰ্শন কালত বিধায়ক কলিতাই পৌৰ নিগমৰ অভিযন্তাক জি এল আগৰৱালা পথকে ধৰি বাকী কেইটা পথত আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সম্প্ৰতি পৌৰ নিগমৰ ফালৰ পৰা চাৰিটা পাম্প ব্যৱহাৰ কৰি আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ফলত সন্ধিয়া পৰ্যন্ত শান্তিপুৰ আৰু কুমাৰপাৰাত আবদ্ধ পানী কিছু ওলাই গৈছে যদিও নতুনকৈ পুনৰ বৰষুণ হলে আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈ নামি নগলে বান পৰিস্থিতি অপৰিবৰ্তিত হৈ থকাৰ আশংকা আছে। তেনেদৰে পৰিদৰ্শন কালত বিধায়ক কলিতাই কুমাৰপাৰাত কৃত্ৰিম বানৰ ফলত আবদ্ধ হৈ থকা কেবাটাও পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ দুখ – দুৰ্দশাৰ বুজ লয়। একেদৰে শান্তিপুৰস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয় চৌহদৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক কলিতাই। মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্তৰ সৈতেও মিলিত হৈ কিদৰে মহাবিদ্যালয় চৌহদৰ আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ আলোচনা কৰে। আলোচনাকালত উপস্থিত থকা পৌৰ নিগমৰ পাৰিষদ, অভিযন্তা , বিষয়া সকলে এইক্ষেত্ৰত নিগমৰ ফালৰ পৰা সকলো ধৰণৰ সহায় – সহযোগিতা আগবঢ়োৱা হব বুলি সদৰি কৰে। উল্লেখ্য যে ভৰলু নৈত থকা শ্লুইচগেটখনৰে জলসম্পদ বিভাগৰ ফালৰ পৰা দিনে – নিশাই উচ্চক্ষমতা সম্পন্ন পাম্পৰে পানী নিষ্কাষণ কৰি থকা হৈছে। তেনেদৰে শান্তিপুৰ আৰু কুমাৰপাৰাত পৌৰ নিগমৰ ফালৰ পৰা পাঁচটা পাম্পৰে পানী নিষ্কাষণ কৰি থকা হৈছে।