Home Blog Page 69

Murder: বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত

বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত
বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত

উৰুকাৰ নিশা চাঞ্চল্যকৰ ঘটনা ৷(Murder)

নিশা বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত ৷

পৰিয়ালৰ লগতে তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ অভিযোগ হত্যা কৰা হ’ল মণিকান্ত দুৱৰী নামৰ যুৱক জনক ৷

তিনিচুকীয়া জিলাৰ কাকপথাৰ উপৰ ওৱন গাঁৱত সংঘটিত হয় এই ঘটনা ।

পেটৰ তাড়নাত বহিঃৰাজ্যত কৰ্মৰত অতি দৰিদ্ৰ পৰিয়ালৰ মণিকান্ত প্ৰায় তিনিদিন পূৰ্বে ভোগালী বিহু বুলি আহিছিল ঘৰলৈ ৷

বুল গগৈ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে মণিকান্ত দুৱৰীক হত্যাৰ অভিযোগ ৷

জানিব পৰা মতে পলাতক বুল গগৈক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।

দোষীক উচিত শাস্তিৰ লগতে দৰিদ্ৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী পৰিয়ালৰ লগতে আটাছু তিনিচুকীয়া জিলা সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতি ও উপৰ ওৱন গাঁৱৰ ৰাইজৰ ৷

Zubeen Garg Death Case: পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ

পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ
পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ

ছিংগাপুৰৰ আদালতত শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য।(Zubeen Garg Death Case)

পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ।

ছিংগাপুৰৰ আদালতত শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য।

পানীত নমাৰ পূৰ্বে জুবিন গার্গে লাইফ জেকেট পৰিধান নকৰাৰ তথ্য উল্লেখ।

সাগৰত সাঁতোৰাৰ পূৰ্বে য়টত হৈছিল সুৰাৰ পাৰ্টি।

কৰ’নাৰ্ছ ক’ৰ্টৰ শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য উল্লেখ তদন্তকাৰী বিষয়াৰ।

চিকিৎসালয়ৰ পৰা ৬ কিঃমিঃ দূৰত সংঘটিত হৈছিল এই ঘটনা।

Teok: উৰুকা নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ ২ জন নিহত, গুৰুতৰভাৱে আহত ৪

উৰুকা নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ
উৰুকা নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ

টীয়কৰ হাঁহচৰা(Teok) দিহিঙীয়া গাৱঁত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত ঘটনাত দুজনকৈ লোক নিহত আৰু গুৰুতৰভাৱে ৪ লোক আহত হয়। জানিব পৰা মতে নিশা উৰুকাৰ ভোজভাত খাই পুৱা পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চফাই কৰি থকা অৱস্থাত এখন স্ক’পিঅই মহতিয়াই নিয়ে আটাইকেইজনক।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহত সকলক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজন যুৱকৰ মৃত্যু হয়। নিহত যুৱক দুজন হৈছে অভিজিত ফুকন, অমৃত গগৈ। আহত যুৱক চাৰিজন হৈছে প্ৰাণজিত গগৈ , মানস গগৈ,সুৰজিত বৰা আৰু পংকজ দত্ত। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS -03 -AN -9141।গাড়ীখনৰ চালক ন-বিজেপি নেতা মিণ্টু গগৈ ওৰফে দীপক গগৈ সম্প্ৰতি পলাতক অৱস্থাত আছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।ইপিনে ৰাইজৰ দাবী গাড়ীচালক দীপক গগৈক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা মৃতদেহ একে গাৱঁৰে যুৱক তথা গাড়ী চালক দীপক গগৈ ওৰফে মিন্টু গগৈৰ ঘৰৰ চোতালত চমজাই দিয়াৰ হুংকাৰ দিছে।

লগতে প্ৰাপ্ত খবৰ অনুসৰি গুৰুতৰভাৱে আহত পংকজ দত্তক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। ইপিনে দুৰ্ঘটনাত পতিত প্ৰতিজন ব্যক্তিৰে আৰ্থিক অৱস্থা সুচল নহয় সেয়ে মৃতকৰ শ্ৰাদ্ধ তথা আহতৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন মিন্টু গগৈয়ে কৰিব লাগিব বুলি ৰাইজে দাবী জনাইছে।

Rejaul Karim Sarkar: অৱশেষত কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ

অৱশেষত কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ
অৱশেষত কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ

কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ।(Rejaul Karim Sarkar)

উজনি অসমক ধুবুৰী বনাম বুলি কৰা মন্তব্যৰ পিছতে সৃষ্টি হৈছিল বিতৰ্ক।

অৱশেষত কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ।

APCCৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ।

পত্ৰৰ দ্বাৰা দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ প্রকাশ।

জাতিত কৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় বুলি মন্তব্য ৰেজাউল কৰিম সৰকাৰ।

যোগদানৰ ২ দিন পিছতেই কংগ্ৰেছ এৰিলে সৰকাৰে।

বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া,প্ৰদ্যুত বৰদলৈ ছদ্মবেশী কংগ্ৰেছী বুলি ক্ষোভ ৰেজাউল কৰিম সৰকাৰ।

কংগ্ৰেছ ত্যাগ কৰিয়েই গৰজিল ৰেজাউল কৰিম সৰকাৰ।

মোৰ ভৱিষ্যতৰ দায়িত্ব সংখ্যালঘু ৰাইজে ল’ব বুলি ৰেজাউল কৰিম সৰকাৰে।

গোসাঁইগাঁৱৰ নেতাজী উচ্চ ইংৰাজী বিদ্যাপীঠৰ প্ৰধান শিক্ষক বাদল দে’ৰ কাৰ্যকাল বৃদ্ধিৰ দাবী ৰাইজৰ

প্ৰধান শিক্ষক বাদল দে'ৰ কাৰ্যকাল বৃদ্ধিৰ দাবী ৰাইজৰ
প্ৰধান শিক্ষক বাদল দে'ৰ কাৰ্যকাল বৃদ্ধিৰ দাবী ৰাইজৰ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ এলেকাৰ শৈক্ষিক ক্ষেত্ৰত অনবদ্য সেৱা আগবঢ়োৱা নেতাজী উচ্চ ইংৰাজী বিদ্যাপীঠৰ প্ৰধান শিক্ষক বাদল চন্দ্ৰ দে’ৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে৷

গোসাঁইগাঁও সদৰ চহৰৰ অন্তৰ্গত ২ নং ৱাৰ্ডত বিগত ১৯৯৫ চনত স্থাপন কৰা অসমীয়া আৰু বাংলা মাধ্যমৰ শিক্ষানুষ্ঠানখন দিনক দিনে উন্নতিৰ দিশলৈ গতি কৰাৰ মূল ব্যক্তি প্ৰধান শিক্ষক বাদল চন্দ্ৰ দে’ৰ কাৰ্যকাল ২ বছৰ বৃদ্ধি কৰিবলৈ বাবুবিল, পদ্মপুখুৰী আদিকে ধৰি ওচৰে পাঁজৰে থকা কেইবাখনো গাঁৱৰ গাঁওবুঢ়া সহ স্থানীয় ৰাইজে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।

শিক্ষকজনে বিগত সময়ত উক্ত অঞ্চলটোৰ আদিবাসী ৰাইজৰ শিক্ষাৰ উত্তৰণৰ বাবে যথেষ্ট কাম কৰিছে। উল্লেখ্য যে নেতাজী উচ্চ ইংৰাজী বিদ্যাপীঠত ৬০ শতাংশ শিক্ষাৰ্থী চাঁওতাল সম্প্ৰদায়ৰ ৷বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাদল চন্দ্ৰ দে’ চাঁওতালী ভাষাত যথেষ্ট পাৰ্গত ৷

সেই হেতুকে চাঁওতাল শিক্ষাৰ্থী সকলে অসমীয়া ভাষাত কোনো বিষয় বুজাত অসুবিধা পালে চাঁওতালী ভাষাত বুজাই দি সেয়া শিক্ষাৰ্থী সকলৰ বাবে সহজ কৰি দিয়াত সক্ষম হৈছে ৷উল্লেখযোগ্য যে প্ৰধান শিক্ষক গৰাকীৰ চাকৰিৰ কাৰ্যকাল অহা ফেব্ৰুৱাৰী মাহত অন্ত পৰিব ৷

অসমৰ বুৰঞ্জী নজনাকৈ কৰা মন্তব্য ঘোৰ আপত্তিজনক, ৰেজাউল কৰিম আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ড° দয়ানন্দ বৰগোহাঁইৰ তীব্ৰ সমালোচনা

অসমৰ বুৰঞ্জী নজনাকৈ কৰা মন্তব্য ঘোৰ আপত্তিজনক
অসমৰ বুৰঞ্জী নজনাকৈ কৰা মন্তব্য ঘোৰ আপত্তিজনক

আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিমে কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত “উজনি অসমক ধুবুৰী বনাম” বুলি কৰা মন্তব্যই সমগ্ৰ উজনি অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিতৰ্কিত মন্তব্যৰ সময়ত কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ তেওঁৰ কাষতে উপস্থিত থকাক লৈও ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে। বিভিন্ন সমাজিক আৰু বৌদ্ধিক মহলে এই মন্তব্যক অসমৰ ইতিহাস, সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতি গুৰুতৰ আঘাত হিচাপে চিহ্নিত কৰিছে।

এই পৰিপ্ৰেক্ষিতত বিশিষ্ট চিন্তাবিদ তথা আহোম সমাজৰ বুদ্ধিজীৱী ড° দয়ানন্দ বৰগোহাঁই গুৱাহাটীত এখন সংবাদ মেল আয়োজন কৰি ৰেজাউল কৰিম আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদ মেলত ড° বৰগোহাঁইয়ে কঠোৰ ভাষাত কয়, “ৰেজাউল কৰিমে গৌৰৱ গগৈক কাষত লৈ যিধৰণে বিতৰ্কিত মন্তব্য কৰিছে, তাক মই ঘোৰ নিন্দা কৰিছোঁ। মোৰ স্পষ্ট বিশ্বাস, অসমৰ বুৰঞ্জীৰ ১০০ শতাংশৰ ভিতৰত ১ শতাংশো গৌৰৱ গগৈয়ে নাজানে।”

ড° বৰগোহাঁইয়ে কয়, এনেধৰণৰ বক্তব্য কেৱল ৰাজনৈতিক অপৰিপক্বতাৰ নিদৰ্শন নহয়, বৰং অসমীয়া জাতিৰ ঐতিহাসিক চেতনাক অস্বীকাৰ কৰাৰ সমান। তেওঁ মন্তব্য কৰে, “ৰেজাউল কৰিমৰ দৰে ব্যক্তিৰ প্ৰভাৱ যদি ক্ৰমে বৃদ্ধি পায়, তেন্তে অসম এক অতি বিপজ্জনক ভৱিষ্যতৰ দিশে আগবাঢ়িব পাৰে। সেয়ে এই সময়ত সমগ্ৰ অসমীয়া জাতিক সজাগ আৰু ঐক্যবদ্ধ হ’বলৈ মই আহ্বান জনাইছোঁ।” লবৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিক ‘গৰম কেৰাহী’ বুলি বৰ্ণনা কৰি ড° বৰগোহাঁইয়ে কয়, “কোনে ক’ত কি ৰান্ধিছে, কোনে ক’ত কি মাছ ভাজিছে—সেইবোৰ স্পষ্ট নহয়। কিন্তু এটা কথা নিশ্চিত, অসমৰ মাটি, ইতিহাস আৰু অস্তিত্বক লৈ কৰা যিকোনো কু-চেষ্টা অসমবাসীয়ে কেতিয়াও সহ্য নকৰিব। গতিকে ৰেজাউল কৰিমৰ এই ধৰণৰ সপোন আমি দৃঢ়ভাৱে প্ৰতিহত কৰিম।”

গৌৰৱ গগৈৰ সংসদীয় ভাষণ দক্ষতাক লৈ কটাক্ষ কৰি ড° বৰগোহাঁইয়ে কয়, “সংসদত ইংৰাজী বা হিন্দী ভাষাত ভালদৰে বক্তব্য আগবঢ়াব পাৰিলেই কোনো ব্যক্তিয়ে সকলো বিষয় ভালকৈ জানে বুলি ভাবিব নোৱাৰি। অসমৰ বুৰঞ্জী, সমাজ আৰু সংস্কৃতি সম্পৰ্কে গৌৰৱ গগৈৰ জ্ঞান অত্যন্ত সীমিত।”

তেওঁ লগতে কয়, “ৰেজাউল কৰিমৰ এই ধৰণৰ মন্তব্যই কেৱল আহোম জাতিৰ ছেন্তিমেণ্টক আঘাত কৰা নহয়, বৰং সমগ্ৰ অসমৰ জনসাধাৰণৰ অনুভূতিৰ সৈতে খেল কৰা সমান। আহোম সমাজৰ লগতে অসমৰ সামূহিক ছেন্তিমেণ্ট লৈ কোনোপধ্যেই খেলা সহ্য কৰা নহ’ব। এইধৰণৰ অপচেষ্টাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ’ব।” উল্লেখ্য, উক্ত বিতৰ্কক কেন্দ্ৰ কৰি উজনি অসমত বিভিন্ন সামাজিক সংগঠন, বুদ্ধিজীৱী আৰু সচেতন মহলৰ মাজত তীব্ৰ অসন্তোষ পৰিলক্ষিত হৈছে। বহুজনৰ মতে, এইধৰণৰ বক্তব্য সমাজত বিভাজন সৃষ্টি কৰাৰ উদ্দেশ্যে কৰা পৰিকল্পিত প্ৰচেষ্টা। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, আগন্তুক দিনত এই বিতৰ্কই অসমৰ ৰাজনীতিত অধিক উত্তেজনা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

Samar Hazarika: বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান
বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান।(Samar Hazarika)

নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী।

নিউমোনিয়া ৰোগত আক্ৰান্ত হৈছিল শিল্পীগৰাকী।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা।

আজি পুৱা ৮:৪৫ বজাত মৃত্যু হয় শিল্পীগৰাকীৰ

Bhogali Bihu: আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ
মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

সমগ্ৰ ৰাজ্যতে(Bhogali Bihu) চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা। আজি উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তেজপুৰৰ পৰোৱা মাছৰ পাইকাৰী বজাৰত পুৱতি নিশাৰে পৰা ডাঙৰ ডাঙৰ থলুৱা মাছ ক্ৰয় কৰিবৰ বাবেই গ্ৰাহকৰ ভিৰ৷

২০ কিলো ওজনৰ চিতল, ১৮ কেজি ওজনৰ আৰি, ভকুৱা, বিকেট,ৰৌ,বৰালী মাছৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে বৰমাৰ বজাৰত।

সেই ক্ৰয়ৰ হেতাওপৰা গ্ৰাহকৰ৷ ৰৌ মাছ ২৫০-৩০০টকা প্ৰতি কে.জি, চিতল মাছ ৭০০ টকা পৰ্যন্ত,ভকুৱা মাছ ৩০০-৮০০পৰ্যন্ত উপলব্ধ হৈছে ।

Himanta Biswa Sarma: ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

আজি তেজপুৰত মুখ্যমন্ত্ৰী (Himanta Biswa Sarma) ড° হিমন্ত বিশ্বশৰ্মাই তেজপুৰ সমষ্টিৰ বাবে ২৩,২৯১ গৰাকী মহিলা হিতাধিকাৰীক প্ৰদান কৰে “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি”ৰ চেক৷

ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-

বৰ অসম চাউলুং চ্যুকাফাই কাহানিবাই গঢ়ি থৈ গৈছে৷ বৰ অসমৰ কথা ক’লে শংকৰদেৱৰ কথা ক’ব লাগিছিল৷ শিৱসাগৰক ধুবুৰী বনাম বুলি নকলেহেঁতেন৷ এতিয়া বৰ অসমৰ কথা বাংলাদেশী মূলৰ ৰেজাউলৰ মুখেৰে নুশুনো৷ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই মিঞাক কিয় ইমান ভাল পাই সেইটোহে মই ভাবি উলিয়াব পৰা নাই৷”চেক বিতৰণী অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে এনেদৰে৷


ইফালে, মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় — “মিত্ৰতা ৰাজনৈতিক দল সমূহৰ আভ্যন্তৰীণ বিষয়৷ গতিকে কংগ্ৰেছে কোন দলক কিমান আসন এৰি দিব তাক লৈ গুৰুত্ব দিয়া নাই৷ কিন্তু টিকট দিয়াৰ নামত টকা লোৱা, সেই টকাৰে বিয়া পতা ইত্যাদি বিষয়বোৰৰ কথাহে মই কৈছো৷”

তাৰোপৰি, মুখ্যমন্ত্ৰীয়ে কয় — AGP, BJP একেটাই দল৷ গতিকে প্ৰাৰ্থী যি দলৰে নহওক কিয়, সমষ্টিৰ উন্নয়ন সমানে হ’ব৷

আনহাতে, গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কয় যে — “ট্ৰেইলাৰ চালে এতিয়া চিনেমা চাবলৈ পাব৷”

তদুপৰি, তেজপুৰৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে এনেদৰে৷

উল্লেখ্য যে, তেজপুৰ গড়দৌল পথাৰত আজি আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ ৰঞ্জিত দত্তৰ লগতে তেজপুৰ, বৰছলা, ৰঙাপৰা আৰু নদুৱাৰৰ বিধায়কে৷

LACHIT-1: উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ স্থাপন হ’ব মহাকাশত

উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ স্থাপন হ'ব মহাকাশত
উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ স্থাপন হ'ব মহাকাশত

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক নতুন আৰু ঐতিহাসিক অধ্যায় ৰচনা কৰিবলৈ সাজু হৈছে উত্তৰ-পূব ভাৰত। অঞ্চলটোৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ নেতৃত্বত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উপগ্ৰহ ‘লাচিত-১’ আজি অৰ্থাৎ আজি দিনা উৎক্ষেপণ হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো-ই অন্ধ্ৰ প্ৰদেশৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহটো পি এছ এল ভি–চি ৬২ ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰিব। ‘লাচিত-১’ নামকৰণৰ আঁৰত অসমৰ গৌৰৱোজ্জ্বল ইতিহাস জড়িত হৈ আছে। অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক, সপ্তদশ শতিকাত মোগল শক্তিৰ বিৰুদ্ধে যুঁজ দি ৰাজ্য ৰক্ষা কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ স্মৃতিতেই এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছে। ‘লাচিত-১’ কেৱল এটা প্ৰযুক্তিগত সাফল্য নহয়; ই উত্তৰ-পূব ভাৰতৰ ইতিহাস, পৰিচয় আৰু গৌৰৱৰ প্ৰতীক হিচাপেও বিবেচিত হ’ব। অসম ডন বস্কো বিশ্ববিদ্যালয়ে নিজা পুঁজিৰে এই উপগ্ৰহটো নিৰ্মাণ কৰিছে। গুৱাহাটীৰ সমীপৱৰ্তী টাপেচিয়া কেম্পাছত স্থাপন কৰা হৈছে এটা আধুনিক মিছন কণ্ট্ৰ’ল ৰুম, য’ৰ পৰা উপগ্ৰহটোৰ সকলো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা হ’ব। ধ্ৰুৱ স্পেচ কোম্পানীৰ ডি এছ ডি–ৱান ইউ পৃথকীকৰণ ব্যৱস্থা ব্যৱহাৰ কৰি কক্ষপথত ‘লাচিত-১’ নিয়োগ কৰা হ’ব বুলি জানিব পৰা গৈছে। হায়দৰাবাদস্থিত মহাকাশ প্ৰযুক্তি কোম্পানী ধ্ৰুৱ স্পেচৰ ‘প’লাৰ এক্সেছ–ৱান’ কাৰ্যসূচীৰ অধীনত এই উপগ্ৰহ প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই ঐতিহাসিক অভিযানৰ সৈতে উত্তৰ-পূব ভাৰতৰ পাঁচখন ৰাজ্য—অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ—৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক প্ৰত্যক্ষভাৱে জড়িত আছিল।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে, এই উপগ্ৰহ অভিযানে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ মহাকাশ প্ৰকল্পত কাম কৰাৰ এক দুৰ্লভ সুযোগ প্ৰদান কৰিছে। এই অভিজ্ঞতাই আগন্তুক দিনত উত্তৰ-পূব ভাৰতৰ যুৱ প্ৰজন্মক মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি অধিক আগ্ৰহী আৰু অনুপ্ৰাণিত কৰিব। ‘লাচিত-১’ৰ উৎক্ষেপণৰ জৰিয়তে উত্তৰ-পূব ভাৰতে প্ৰথমবাৰৰ বাবে ভাৰতৰ মহাকাশ অভিযানত নিজস্ব উপস্থিতি দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপ কেৱল এটা উপগ্ৰহ উৎক্ষেপণ নহয়, বৰঞ্চ আঞ্চলিক শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ইতিহাসত স্মৰণীয় হৈ থাকিব।