Home Blog Page 697

অসমীয়া চলচ্চিত্ৰ “ককা”লৈ পাঁচটা আন্তঃৰাষ্ট্ৰীয় বঁটা…

অসমীয়া চলচ্চিত্ৰ জগতলৈ আকৌ এক সু-খবৰ। অসমীয়া চলচ্চিত্ৰ ‘কাকা’ই ৫ টাকৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। সংযুক্তা বেজবৰুৱাৰ প্ৰযোজনা আৰু ৰমেন বৰ্মন পৰিচালিত ইতিবাচক বাৰ্তা বহন কৰা “ককা” শীৰ্ষক এই অসমীয়া ছবি ছবিখনত অভিনয় কৰিছে ৰমেন বৰ্মন, ভ্ৰান্তি মেধি, জয়ন্ত ভাগৱতী, চেতনা দাস, হিৰণ্য ডেকা, ৰাকেশ বৰুৱা, মানস শৰ্মা, অমিতাভ ৰাজখোৱা আদিয়ে।
“কাকা”ই সমালোচক আৰু দৰ্শকক একেদৰেই আপ্লুত কৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা আৰু সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ড্ৰুক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ইণ্ডো ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছে। ইয়াৰ উপৰি “কাকা”ক কাল্ট ক্ৰিটিক মুভি এৱাৰ্ড আৰু নাইট অৱ দ্য ৰিল এৱাৰ্ডত স্বীকৃতি লাভ কৰিছে।

“কাকা”ত অসমৰ এজন সাধাৰণ গাঁৱৰ মানুহ কাকাৰ হৃদয়স্পৰ্শী আৰু আৱেগিক কাহিনী দেখুওৱা হৈছে। কাহিনীভাগত একান্ত নিষ্ঠাবান আৰু কঠোৰ পৰিশ্ৰমী হোৱা স্বত্বেও কাকা নিয়োগকৰ্তাৰ দ্বাৰা অহৰহ প্ৰতাৰিত হোৱা দেখা যায়। তেওঁৰ পুত্ৰই তেওঁলোকৰ দৰিদ্ৰতাৰ বাবে লাজ পায়। কাহিনীটোৱে হৃদয়বিদাৰক ৰূপ লয় যেতিয়া পুত্ৰ আৰু বোৱাৰীয়েও কাকাৰ বিৰুদ্ধে মিছা অভিযোগ তোলে আৰু নিজৰ ঘৰখন এৰি যাবলৈ বাধ্য কৰে। কিন্তু প্ৰতিকূলতাৰ সন্মুখতো “ককা”ই অদম্য মানৱীয় মনোভাৱ প্ৰদৰ্শন কৰে। ছবিখনত কাকাৰ জীৱনৰ উত্থানৰ কাহিনী অনন্য আৰু প্ৰেৰণাদায়ক ৰূপত দাঙি ধৰা হৈছে। “কাকা”ই কেৱল ধনাত্মক দিশটোক আগস্থান দি সুপ্ত প্ৰতিভা আৱিষ্কাৰ কৰাৰ এক শক্তিশালী প্ৰমাণ হিচাপে কাম কৰে। একাপ চাহ। একাপ চাহে মানুহৰ জীৱনেই সলনি কৰিব পাৰে। হাস্যৰস, জীৱন সংগ্ৰাম আদি প্ৰতিফলিত কৰা ‘কাকা’ই আশাৰ বাৰ্তা কঢ়িয়াই বিশ্বজুৰি দৰ্শকৰ মাজত গভীৰভাৱে অনুৰণন ঘটাবলৈ সক্ষম হৈছে।


ছবিখনৰ সফলতাত উৎফুল্লিত পৰিচালক ৰমেন বৰ্মনে নিজৰ সৃষ্টিশীল দৃষ্টিভংগী প্ৰকাশ কৰি কয় যে এই সংস্কৃতিৰ পথাৰত ভৰি থবৰ পৰাই তেওঁ এনে কাহিনীৰ প্ৰতি আকৰ্ষিত হৈ আহিছে। তেওঁ আৰু কয় যে এনে কাহিনীয়ে কেৱল দৰ্শকৰ বাবেই নহয়, তেওঁ নিজৰ বাবেও গভীৰ স্তৰত অনুৰণন ঘটায়। বৰ্মনে তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণ দৰ্শনৰ বিষয়ে আৰু কয় যে তেওঁ কেৱল মনোৰঞ্জনক অতিক্ৰম কৰা ছবি সৃষ্টি কৰিবলৈ চেষ্টা কৰে। তেওঁৰ লক্ষ্য হৈছে মানৱ অভিজ্ঞতাৰ বহুমুখী সৌন্দৰ্য্যক উদযাপন কৰা কাহিনী সৃষ্টি কৰা, যিবোৰে দৰ্শকৰ মনত সাঁচ বহুৱায়, তেওঁলোকক সেই কাহিনী আদৰ্শ ৰূপে গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়ে আৰু হয়তো দৃষ্টিভংগীৰ পৰিৱৰ্তনও সম্ভৱ কৰে। বৰ্মনে কয় যে কাকাৰ কাহিনীয়ে যদি মানুহক গতিশীল হৈ থকাত শক্তি দিয়ে, সেইটোৱেই তেওঁ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ চূড়ান্ত পুৰস্কাৰ।

জুলাই মাহৰ প্ৰথম দিনটোতে হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য…

জুলাই মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ ভাল খবৰ৷

কিয়নো হ্ৰাস পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷

৩০টকা পৰ্যন্ত দাম হ্ৰাস পালে প্ৰতিটো LPG চিলিণ্ডাৰৰ দাম৷

দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত দাম কমিল চিলিণ্ডাৰৰ৷

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ ভ্ৰমণ কাৰ্যসূচী বাতিল মুখ্যমন্ত্ৰীৰ…

সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰ ভ্ৰমণ বাতিল।

আজিৰে পৰা দুদিনীয়াকৈ ভ্ৰমণ কাৰ্যসূচী আছিল মুখ্যমন্ত্ৰীৰ।

মঙলবাৰে উত্তৰ লখিমপুৰত আয়োজন কৰা হৈছিল আয়ুক্ত সন্মিলন।

আয়ুক্ত সন্মিলনো বাতিল কৰা হৈছে৷

প্ৰয়াত অমৰেন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসত অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত শিশুৰ প্ৰতিভা বিকাশ অনুষ্ঠান…

অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী-সাহিত্যসেৱক, কুইজ মাষ্টাৰ হিচাপে খ্যাত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু ১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ সহযোগত ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মধ্য মাজুলীৰ শতাধিক শিশু-ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰে ‘শিশুৰ প্ৰতিভা বিকাশ অনুষ্ঠান’ শীৰ্ষক বৰ্ণিল অনুষ্ঠান সম্পন্ন হয়। সভাৰ আৰম্ভণিতে প্ৰয়াত অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেশ চন্দ্ৰ বৰাই আৰু বন্তি প্ৰজ্বলন কৰে খৰিচাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অমৰেন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী অনুপ্ৰভা দেৱীয়ে।

একুৰি শিশুশিল্পীৰ দিহানামেৰে শুভাৰম্ভণি হোৱা স্মৃতিচাৰণ সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতি, ধনভৰালী প্ৰণৱজিত মিশ্ৰ, সহকাৰী সম্পাদক সোণজ্যোতি পামেগাম, কুঁহি আহ্বায়ক গোলাপ চন্দ্ৰ নাথ, গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত ৰেগন, সুৰেশ চন্দ্ৰ বৰা, জোনালী নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অমৰেন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত গীতে-মাতে বিস্তৃত বক্তৃতা-আলোচনা আগবঢ়ায়। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম বিষয়ববীয়া তথা ১ নং মৰিটুনী গাঁও উন্নয়ণ সমিতিৰ সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত ইয়াৰ পিছতে শিশু-ছাত্ৰ-ছাত্ৰীসকলে ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত-নৃত্য, কবিতা পৰিৱেশনৰে সকলোকে আকৃষ্ট কৰে।

অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম সদস্য তথা অমৰেন্দ্ৰ বৰুৱাৰ জেষ্ঠ্য পুত্ৰ সংগঠক শংকুসিদ্ধ নাথে পৰিচালনা কৰা কুইজ অনুষ্ঠানে স্মৃতি দিৱসটিক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত সকলো অংশগ্ৰহণকাৰীকে মান পত্ৰ, লেখন সামগ্ৰী আৰু মিষ্ট প্ৰসাদ বিতৰণ কৰা হয়।

আপুনিও আপোনাৰ সন্তানক চাহ-বিস্কুট দিয়ে নেকি? তেনে ভূল নকৰিব…

সন্তান জন্ম হ’লে প্ৰথম ৬ মাহ মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ইয়াৰ পিছত শিশুটিক বেলেগ খাদ্য খুৱাবলৈ আৰম্ভ কৰা হয়। এই বেলেগ খাদ্যৰ ভিতৰত আপুনি আপোনাৰ সন্তানক চাহ-বিস্কুট দিয়ে নেকি? কিন্তু শিশুক চাহ-বিস্কুট খুৱাব নালাগে। ইয়াৰ আঁৰৰ কাৰণ কি জানি লওক…

১) বিস্কুট আটাৰ পৰা তৈয়াৰ কৰা হয় য’ত চেনি আৰু কল তেলও থাকে।

২) চেনি আৰু কল তেলে শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

৩)বিস্কুটত ব্যৱসায়িক সংৰক্ষক পদাৰ্থ থাকে, যিয়ে শৰীৰত থকা তেজ নষ্ট কৰিব পাৰে।

৫)বিস্কুটত সোৱাদ দিবলৈ ব্যৱহাৰ কৰা বস্তুবোৰে হাওঁফাওঁৰ ৰোগ আৰু মগজুৰ ক্ষতিও কৰিব পাৰে।

৭) আনহাতে চাহ খোৱাৰ ফলত শিশুৰ অত্যধিক অস্থিৰতা, টোপনি নোহোৱা আৰু আইৰণ শোষণত বাধাৰ সৃষ্টি হয়।

৮) চাহত চেনি মিহলি হয় যিটো উচ্চ কেলৰিযুক্ত খাদ্য, ই মেদবহুলতা বৃদ্ধি কৰে যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়।

৯)চাহ খোৱাৰ ফলত শিশুৰ পাচনতন্ত্ৰত অতি বেয়া প্ৰভাৱ পৰে, ই কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ সম্ভাৱনা বৃদ্ধি কৰে।

উত্তৰ পূৱ সীমান্ত ৰে’লৱেই সাধাৰণ যাত্ৰীবাহী ৰে’লবোৰত এক্সপ্ৰেছ ৰে’লৰ ভাড়া লৈ যাত্ৰীক জুৰুলা কৰাৰ অভিযোগ…

উত্তৰ পূৱ সীমান্ত ৰেলৱেই কভিড জনিত পৰিস্থিতিৰ হেতু ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ৰেলৰ চলাচল বন্ধ কৰি দিছিল । পিছত অক্টোবৰ মাহৰ পৰা ৰেল চলোৱা আৰম্ভ কৰি সাধাৰণ যাত্ৰীবাহী ৰেলবোৰত ভাড়া ৩ গুণ কৰি এক্সপ্ৰেছ ৰেলৰ ভাড়া আদায় কৰিছিল আৰু বৰ্তমানো এইদৰেই অতিৰিক্ত ভাড়া লৈ সাধাৰণ জনতাক নিপীড়ণ কৰি আছে বুলি অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই গুৰুতৰ অভিযোগ উত্থাপন কৰে।ভাৰতৰ ৰেল বৰ্ডৰ উপ সঞ্চালক(ক’চিং) বিবেক কুমাৰ সিনহাই ২০২০ চনৰ ২০ অক্টোবৰত জাৰি কৰা নিৰ্দেশ ২০২০/চি এইছ জি ৩০/৩ পি টিৰ আধাৰত অসমটো ৮ খন সাধাৰণ যাত্ৰীবাহী ৰেল এক্সপ্ৰেছ ৰেল লৈ উন্নীত কৰা বুলি ঘোষণা কৰি যাত্ৰীৰ পৰা ৩ গুণ ভাড়া লৈছিল আৰু বৰ্তমানো লৈ আছে।

৮খন যাত্ৰীবাহী ৰেল হ’ল -১. ৫৫৯০১/০২লামডিং-তিনিচুকীয়া পেছেঞ্জাৰ, ৫৫৮১৩/১৪ ডেকাৰগাঁও-মুৰ্কংচেলেক পেছেঞ্জাৰ, ৩. ৫৫৭১৩/১৪ নিউ জলপাইগুৰি-ৰঙিয়া পেছেঞ্জাৰ, ৪. ৫৫৭৫৩/৫৪ আলিপুৰদুৱাৰ-গুৱাহাটী পেছেঞ্জাৰ, ৫. ৫৫৮১১/১২ ধুবুৰী-কামাখ্যা পেছেঞ্জাৰ, ৬. ৫৫৮৯৫/৯৬ ৰঙিয়া-মুৰ্কংচেলেক পেছেঞ্জাৰ, ৭. ৫৫৬১৫/১৬ গুৱাহাটী-শিলচৰ পেছেঞ্জাৰ, ৮. ৫৫৬৬৩/৬৪ আগৰতলা-শিলচৰ পেছেঞ্জাৰ । ৰেল যাত্ৰীৰ পৰা তিনিগুণ ভাড়া লোৱাৰ লগতে কিছুমান সৰু সৰু ৰেল ষ্টেচনত ৰেল ৰখোৱা বন্ধ কৰি যাত্ৰীক হাৰাশাস্তি কৰিছিল। সাধাৰণ জনতাৰ বাবে ভাল খবৰ যে দক্ষিণ ৰেলৱে কৰ্তৃপক্ষই ৰেলৱে বৰ্ডৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি সাধাৰণ জনতাৰ কল্যাণৰ স্বাৰ্থত ১ জুলাইৰ পৰা ১৪০ খন ৰেল পুনৰ পেছেঞ্জাৰ কেটেগৰীলৈ ওভতাই নি পুনৰ পেছেঞ্জাৰ ৰেলৰ নিম্নতম ভাড়া ১০ টকা হ’ব বুলি ঘোষণা কৰিছে। সাধাৰণ যাত্ৰীবাহী ৰেলক হঠাৎ এক্সপ্ৰেছ কেটেগৰী কৰাৰ ফলত নিম্নতম ভাড়া ৩০ টকা কৰিছিল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কভিদ মহামাৰী কালত সাধাৰণ জনতাৰ ওপৰত আৰ্থিক বোজা যে বোজা জাপি দিছিল তাৰ ইও এটা জ্বলন্ত প্ৰমাণ। মোডী চৰকাৰৰ এনে অন্যায় সিদ্ধান্তৰ ফলত দেশৰ সাধাৰণ কৃষক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, চৰকাৰী-বেচৰকাৰী সাধাৰণ চাকৰিয়াল আদি ভয়ানক ভাবে আৰ্থিক দিশত ক্ষতিগ্ৰস্ত হৈছিল আৰু বৰ্তমানো হৈ আছে।

সৰু সৰু ৰেল ষ্টেচনত ৰেল ৰখোৱা বন্ধ কৰাৰ ফলত সাধাৰণ গাঁৱৰ ৰাইজ ভীষণ বিপদৰ সন্মুখীন হৈ আছে। শীঘ্ৰে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক এনে অগণতান্ত্ৰিক আৰু গণ বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি উল্লিখিত ৮ খন ৰেল পুনৰ পেছেঞ্জাৰ কেটেগৰীলৈ ওভতাই নি নিম্নতম ভাড়া ১০ টকা কৰিবলৈ অসম সন্মিলিত মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই দাবী জনাইছে। লগতে এই যাত্ৰীবাহী ৰেল কেইখনত থকা ভগা ডবা, ভগা শৌচাগাৰ, ভগা দুৱাৰ-খিৰিকী, ভগা ফেন-লাইট, ভগা ছিট আদি শীঘ্ৰে মেৰামতি কৰিবলৈ অথবা নতুন ডবা সংযোগ কৰিবলৈকো দাবী জনাইছে।ভাৰতৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সাধাৰণ যাত্ৰীবাহী ৰেল তথা এক্সপ্ৰেছ ৰেলবোৰৰ অৱস্থা অতিশয় শোচনীয় হৈ আছে বুলিও মহাসংঘই স্পষ্ট ভাবে কয়।

আমাৰ তুলনাত বিশ্ব কাপৰ বেছি যোগ্য দ্ৰাবিড়ঃ ৰোহিত শৰ্মা…

বিশ্ব কাপ জয় কৰি ৰোহিত শৰ্মাৰ মুখত ৰাহুল দ্ৰাবিড়ৰ নাম৷ বিৰাট কোহলীয়ে খেলপথাৰত প্ৰশিক্ষকক টি-২০ বিশ্বকাপ ট্ৰফী প্ৰদান কৰিছিল। খেলৰ পিছত ৰোহিতে সংবাদ মাধ্যমক কয় যে দ্ৰাবিড় দলৰ খেলুৱৈসকলৰ তুলনাত এই ট্ৰফীৰ অধিক যোগ্য। ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত ভাৰতীয় দলে যোৱা ১২ মাহত তিনিখন বিশ্ব কাপ ফাইনেল খেলিছে। টেষ্ট আৰু এদিনীয়া বিশ্ব কাপ জিকিব নোৱাৰা স্বত্বেও ভাৰতে টি-২০ বিশ্ব কাপ জিকিছে। ৱেষ্ট ইণ্ডিজত এই সফলতা দ্ৰাবিড়ৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। খেলৰ কেৰিয়াৰত অধিনায়ক হিচাপে দ্ৰাবিড়ে ২০০৭ চনৰ এদিনীয়া বিশ্ব কাপত ৱেষ্ট ইণ্ডিজৰ পৰা খালী হাতেৰে উভতি আহিব লগা হৈছিল। দ্ৰাবিড়ে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে তেওঁৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ পৰা বিশ্ব কাপৰ সৈতে স্বদেশলৈ উভতি আহিব। তেওঁৰ সময়ত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হোৱা স্বত্বেও দ্ৰাবিড়ে বিশ্ব কাপৰ সোৱাদ লাভ কৰা নাছিল। তেওঁ এইটো প্ৰশিক্ষক হিচাপে পাইছিল। সেইটোও একেবাৰে শেষত। তেওঁ ভাৰতীয় দলৰ অধিনায়কৰ বিষয়ে নিশ্চিত আছিল। ‘দ্ৰাবিড় আমাৰ সকলোতকৈ এই বিশ্ব কাপৰ অধিক যোগ্য আছিল। যোৱা ২০-২৫ বছৰ ধৰি ভাৰতীয় ক্ৰিকেটৰ বাবে কি কৰা নাই? মই ভাবো প্ৰশিক্ষকজনৰ মাত্ৰ এটা বিশ্ব কাপ নাছিল। আমি সকলোৱে তেওঁৰ বাবে বহুত সুখী।

আমি এই ট্ৰফীটো গোটেই দলৰ প্ৰশিক্ষকক দিব বিচাৰিছিলো। সকলোৱে দেখিলে যে দ্ৰাবিড়ে খেলখনৰ চোৱাচিতা কৰিবলৈ কিমান গৌৰৱান্বিত আছিল। তেওঁ কিমান উত্তেজিত আছিল।’ দলটোৰ সফলতাৰ বিষয়ে উল্লেখ কৰি ৰোহিতে কয়, ‘এই সফলতা আমাৰ দলৰ যথেষ্ট বুজাবুজি আৰু কিছুমান প্ৰক্ৰিয়া অনুসৰণ কৰাৰ ফল। এই মুহূৰ্তটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। আকৌ আমি যি অৰ্জন কৰিছো তাৰ বাবে মই অধিক উৎসাহিত। এই মানুহজনে আমাৰ ভাৰতীয় ক্ৰিকেটত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ বহুতো, বহুতো বস্তু দিছিল।’ শনিবাৰে দ্ৰাবিড়ক কোহলীয়ে ট্ৰফী তুলি দিয়াৰ পিছত, ভাৰতীয় দলৰ প্ৰশিক্ষকে উল্লাস কৰে। তেওঁক কেতিয়াও এনে উত্তেজনা প্ৰকাশ কৰা দেখা নাছিল। কেৱল এজন প্ৰশিক্ষক হিচাপেই নহয়, দ্ৰাবিড়ে কেতিয়াও তেওঁৰ খেলজীৱনত এনে উত্তেজনা প্ৰকাশ কৰা নাই। এইটো প্ৰথমবাৰৰ বাবে যে ভাৰতীয় ক্ৰিকেটৰ ‘দ্য ৱাল’য়ে বিশ্ব কাপ জিকাৰ সোৱাদ পাইছিল। লগতে অন্তিম দিনবোৰত। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলেও বিশ্ব জয়ৰ উত্তেজনাত প্ৰিয় প্ৰশিক্ষকক বতাহত দলিয়াই দিছিল।

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ

অচিনাকি স্থানলৈ যাত্ৰাৰ সময়ত বা কোনো অচিনাকি লক্ষ্যস্থান বিচৰাৰ সময়ত সাম্প্ৰতিক সময়ত প্ৰায় সকলোৰে সহযাত্ৰী হৈ পৰিছে গুগল মেপ। পিছে কেতিয়াবা এই প্ৰযুক্তিৰ সহায়ো উপকাৰতকৈ বিপদৰ আহিলাহে হৈ পৰিব পাৰে। তেনে এক কাৰ্যই ঘটিল দুগৰাকী যুৱকৰ সৈতে।

চিকিৎসালয়ৰ সন্ধান চলাই থকা এই যুৱক দুজনে চিকিৎসালয়ৰ পৰিৱৰ্তে সোমালে ভৰা নদীতহে।

অৱশ্যে সৌভাগ্যৱশতঃ সম্ভাৱ্য মৃত্যুৰ পৰা কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় যুৱক দুজন। এই ঘটনা সংঘটিত হৈছে কেৰালাত।

যুৱক দুজনে জানিবলৈ দিয়া মতে, তেওঁলোকে পুৱাৰ ভাগত চুবুৰীয়া ৰাজ্য কৰ্ণাটকৰ এখন চিকিৎসালয় অভিমুখে যাত্ৰা কৰিছিল আৰু লক্ষ্যস্থান বিচাৰি পোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে তেওঁলোকে গুগল মেপ ব্যৱহাৰ কৰি আগবাঢ়িছি।

গুগল মেপত তেওঁলোকক যাত্ৰাৰ বাবে এটা সৰু পথ দেখুওৱা হয় আৰু এই পথেৰেই তেওঁলোকে বাহনখন আগুৱাই নিয়ে।

কিন্তু অলপ দূৰ যোৱাৰ পিছতে তেওঁলোকে উমান পায় বিপদৰ। এই সন্দৰ্ভত দুই যুৱকৰে এগৰাকী আব্দুল ৰছিদ নামৰ যুৱকজনে জানিবলৈ দিয়া মতে বাহনখনৰ হেডলাইট ব্যৱহাৰ কৰি তেওঁলোকে সন্মুখত কিছু পানী থকা বুলি জানিব পাৰে। কিন্তু সন্মুখত যে এয়া এখন নদীহে আৰু বাহনৰ দুয়োকাষে যে নদীখন বৈ আছে, সেই বিষয়ে তেওঁলোকে অনুমান কৰিব পৰা নাছিল।

নদীখনৰ মাজত এখন দলং আছিল যদিও দলংখনত দুইকাষত কোনো বেৰা নাছিল। এই দলঙেৰেই আগবাঢ়িছিল তেওঁলোকৰ বাহন। হঠাতে বাহনখন এই দলংখনৰ পৰা নদীত পৰে আৰু নদীৰ সোঁতে উটুৱাই নিয়ে বাহনখন।

সৌভাগ্যৱশতঃ বাহনখন এজোপা গছত লাগি ধৰে। এই সুযোগতে দুয়ো যুৱক বাহনখনৰ পৰা নামি আহিবলৈ সক্ষম হয়।

MGNREGA কাম মানুহে নহয়, কাম কৰিছে কুকুৰে

মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত দেশৰ দৰিদ্ৰ লোকসকলে ১০০ দিনৰ কৰ্মসংস্থাপন লাভ কৰি আহিছে । এই আঁচনিৰ অধীনতে দৈনন্দিন কামৰ ভিত্তিত পাৰিশ্ৰমিক লাভ কৰে শ্ৰমিকসকলে ।

মনকৰিবলগীয়া যে, এই আঁচনীৰ অধীনত হৈ কামৰ প্ৰমাণ হিচাপে MGNREGA পৰ্টেলত কাম কৰি থকা শ্ৰমিকৰ ফটো আপলোড কৰিব লাগে । কিন্তু ইয়াৰ বিপৰীতে এইখন দেশতে এক আজৱ ঘটনা সংঘটিত হৈছে । ‘মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত এতিয়া মানুহে নহয়, কাম কৰিছে কুকুৰে !

আপুনি আচৰিত হ’ব, এইবাৰ MGNREGA পৰ্টেলত ১০০ দিনৰ কামত শ্ৰমিকৰ সলনি দেখা গ’ল কুকুৰৰ ছবি ! ৰাজস্থানৰ পালি জিলাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ‘মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত জিলাখনৰ ছেদিয়া গাঁৱৰ এটা পথ নিৰ্মাণৰ কাম চলি আছিল ।

কামৰ প্ৰমাণ হিচাপে শ্ৰমিকৰ ফটো আপলোড কৰাৰ দায়িত্ব আছিল বিভাগীয় কৰ্তৃপক্ষৰ । কিন্তু দেখা গৈছে যে ৯ জন শ্ৰমিকৰ পৰিৱৰ্তে পৰ্টেলত ৰাস্তাৰ কুকুৰৰ ছবি আপলোড কৰা হৈছে। ইয়াৰ পাছতে ছবিখন ভাইৰেল হৈ পৰে।

এই ঘটনাই সমগ্ৰ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । খবৰ অনুসৰি, এই আজৱ ঘটনাৰ বাবে সেই অঞ্চলৰ বিডিঅ’ গৰাকীক লোকপালৰ নিৰ্দেশত এবছৰৰ বাবে ব্লেকলিষ্ট কৰা হয়

শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি আজি ৩০ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়

অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী-সাহিত্যসেৱক, কুইজ মাষ্টাৰ হিচাপে খ্যাত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি আজি ৩০ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু ১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ সহযোগত ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মধ্য মাজুলীৰ শতাধিক শিশু-ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰে ‘শিশুৰ প্ৰতিভা বিকাশ অনুষ্ঠান’ শীৰ্ষক বৰ্ণিল অনুষ্ঠান সম্পন্ন হয়।

সভাৰ আৰম্ভণিতে প্ৰয়াত অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেশ চন্দ্ৰ বৰাই আৰু বন্তি প্ৰজ্বলন কৰে খৰিচাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অমৰেন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী অনুপ্ৰভা দেৱীয়ে।

একুৰি শিশুশিল্পীৰ দিহানামেৰে শুভাৰম্ভণি হোৱা স্মৃতিচাৰণ সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতি, ধনভৰালী প্ৰণৱজিত মিশ্ৰ, সহকাৰী সম্পাদক সোণজ্যোতি পামেগাম, কুঁহি আহ্বায়ক গোলাপ চন্দ্ৰ নাথ, গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত ৰেগন, সুৰেশ চন্দ্ৰ বৰা, জোনালী নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অমৰেন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত গীতে-মাতে বিস্তৃত বক্তৃতা-আলোচনা আগবঢ়ায়।

অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম বিষয়ববীয়া তথা ১ নং মৰিটুনী গাঁও উন্নয়ণ সমিতিৰ সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত ইয়াৰ পিছতে শিশু-ছাত্ৰ-ছাত্ৰীসকলে ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত-নৃত্য, কবিতা পৰিৱেশনৰে সকলোকে আকৃষ্ট কৰে। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম সদস্য তথা অমৰেন্দ্ৰ বৰুৱাৰ জেষ্ঠ্য পুত্ৰ সংগঠক শংকুসিদ্ধ নাথে পৰিচালনা কৰা কুইজ অনুষ্ঠানে স্মৃতি দিৱসটিক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত সকলো অংশগ্ৰহণকাৰীকে মান পত্ৰ, লেখন সামগ্ৰী আৰু মিষ্ট প্ৰসাদ বিতৰণ কৰা হয়।