Home Blog Page 707

অষ্ট্ৰিয়াৰ শিল্পীৰ পৰিৱেশন ‘বন্দে মাতৰম’, মুগ্ধ প্ৰধানমন্ত্ৰী; হিয়াভৰা প্ৰশংসা…  

দুদিনীয়া ৰাছিয়া ভ্ৰমণ সামৰি বুধবাৰে অষ্ট্ৰিয়াত পদাৰ্পণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য, বিগত চাৰি দশকত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে এই প্ৰথম দেশখন ভ্ৰমণ কৰিছে। আনহাতে, অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয়। মোদীক আদৰণি জনাবৰ বাবে অষ্ট্ৰিয়াৰ এক শিল্পী দলে বন্দে মাতৰত পৰিৱেশন কৰে। এই পৰিবেশনত মুগ্ধ হৈ পৰে প্ৰধানমন্ত্ৰী। আনহাতে, অষ্ট্ৰিয়াৰ সাংগীতিক সংস্কৃতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ বন্দে মাতৰমৰ এক অতি সুন্দৰ উপস্থাপন প্ৰত্যক্ষ কৰি দেশখনৰ চহকী সংস্কৃতিৰ এক আভাস পাইছে।প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅটোত অষ্ট্ৰিয়াৰ শিল্পীসকলে ভিয়েনাৰ হোটেলত তেওঁক স্বাগতম জনোৱাৰ বাবে বন্দে মাতৰম প্ৰদৰ্শন কৰা দেখা গৈছে।

ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে শিল্পীসকলৰ সন্মুখত বন্দে মাতৰম প্ৰদৰ্শন কৰাৰ পিচত তেওঁলোকক প্ৰশংসা কৰা দেখা গৈছে।এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, অষ্ট্ৰিয়া নিজৰ প্ৰাণৱন্ত সাংগীতিক সংস্কৃতিৰ বাবে বিখ্যাত। বন্দে মাতৰমৰ এই আশ্চৰ্যজনক উপস্থাপনৰ প্ৰত্যক্ষ কৰি মই ইয়াৰ এক আভাস পাইছোঁ! ইফালে গ্ৰেমী বঁটা বিজয়ী ৰিকি কেজে বন্দে মাতৰম পৰিৱেশন কৰা ভাৰতীয় সুৰকাৰ বিজয় উপাধ্যায়ক প্ৰশংসা কৰে।পৰিচালকগৰাকী এগৰাকী ভাৰতীয়, যিয়ে আমাৰ সকলোকে গৌৰৱান্বিত কৰে। তেওঁ হৈছে মূলত লক্ষ্ণৌৰ বিজয় উপাধ্যায়। তেওঁ সন্মানীয় ভিয়েনা বিশ্ববিদ্যালয় ফিলহাৰমনিক (অন্যান্য আন্তঃৰাষ্ট্ৰীয় অৰ্কেষ্ট্ৰাৰ ভিতৰত) পৰিচালক আৰু ইণ্ডিয়া নেচনেল য়ুথ অৰ্কেষ্ট্ৰা প্ৰতিষ্ঠা কৰিছিল। তেওঁ এগৰাকী গৌৰৱান্বিত ভাৰতীয় আৰু প্ৰায়ে আন্তৰ্জাতিকভাৱে ভাৰতীয় শৈলীত সংগীত পৰিচালনা কৰে। তেওঁ এক্সত এনেদৰে পোষ্ট কৰে।

উল্লেখ্য যে, অষ্ট্ৰিয়াত অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী ভিয়েনাৰ ৰিটজ-কাৰ্লটন নামৰ হোটেলখনত উপস্থিত হয় আৰু প্ৰবাসী ভাৰতীয়সকলক শুভেচ্ছা জনায়। অষ্ট্ৰিয়াৰ শিল্পীসকলে ভিয়েনাৰ হোটেলত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে বন্দে মাতৰম পৰিৱেশন কৰে। আনহাতে, প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বন্দে মাতৰম পৰিৱেশন কৰা অষ্ট্ৰিয়ান শিল্পীসকলে ইয়াক এক অভূতপূৰ্ব অভিজ্ঞতা আৰু ডাঙৰ সন্মান বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বন্দে মাতৰম পৰিৱেশন কৰা কণ্ঠশিল্পী তথা অৰ্কেষ্ট্ৰাৰ এগৰাকী অষ্ট্ৰিয়ান শিল্পী ইব্ৰাহিমে কয় যে অৰ্কেষ্ট্ৰা দলটোৱে কেইদিনমানৰ পৰা প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু ইয়াক অষ্ট্ৰিয়া আৰু অৰ্কেষ্ট্ৰাৰ বাবে এক বৃহৎ সুযোগ বুলি অভিহিত কৰে।এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় এয়া এক অভূতপূৰ্ব অভিজ্ঞতা আছিল। মই সঁচাকৈয়ে উপভোগ কৰিছিলোঁ। এইটো মোৰ বাবে এটা ডাঙৰ সন্মান।এইটো এটা ডাঙৰ সন্মান। মই যথেষ্ট প্ৰস্তুতি চলাইছিলোঁ। অৰ্কেষ্ট্ৰাৰ সৈতে আমি কেইদিনমানৰ বাবে প্ৰস্তুতি চলাছিলোঁ। কিন্তু নিজৰ ঘৰত মই সঁচাকৈয়ে মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলগা হৈছিল। কিয়নো এইটো অষ্ট্ৰিয়াৰ বাবে, আমাৰ বাবে, আমাৰ অৰ্কেষ্ট্ৰাৰ বাবে এক বৃহৎ সুযোগ। এয়া এক বিৰল অভিজ্ঞতা আছিল।ইফালে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়ে সোধাত তেওঁ কয়, এইটো সঁচাকৈয়ে আশ্চৰ্যজনক আছিল। এইটো সঁচাকৈয়ে প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে তেওঁ মানুহৰ যত্ন লয় আৰু মই সঁচাকৈয়ে সেই অনুভৱটো লক্ষ্য কৰিছিলোঁ । মই তেওঁৰ কাষত থাকি নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ।

গোগামুখ-মিংমাঙত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ ৩৬ টা সমষ্টিৰ ১১ হাজাৰ ছাত্ৰ-ছাত্ৰীলৈ জলপাণি…

মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পৰিষদীয় এলেকাৰ মুঠ ৩৬ টা সমষ্টিৰ ১১ হাজাৰ কৃতী ছাত্ৰ-ছাত্ৰীক পৰ্যায়ক্ৰমে  সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্য দিয়াৰ  কাৰ্যসূচী অব্যাহত ৰাখিছে৷ পৰিষদৰ অন্য সমষ্টিবোৰৰ দৰে আজি গোগামুখ, মিংমাং, জীয়াধল পৰিষদীয়  সমষ্টিটো ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চত্তৰ  মাধ্যমিক চুৰান্ত বৰ্ষৰ পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ  লগতে জল-পাণি তথা এককালীন সাহায্য প্ৰদান কৰা হয়৷ আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ  গোগামুখ পৰিষদীয় সমষ্টিৰ প্ৰায় ৫০০ গৰাকী  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্য প্ৰদান কৰা৷

গোগামুখ পৰিষদীয় সমষ্টিৰ লটাক পঞ্চায়তৰ অন্তৰ্গত লটাক কৃষ্টি ভৱনত উক্ত কাৰ্যসূচী অনুষ্ঠিত হয়৷ অনুষ্ঠানটোত ভাষন দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগুৱে৷ অনুষ্ঠানটোৰ  মুখ্য অতিথি তথা পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ তত্ববধায়ক তথা পৰিষদৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে মিচিং স্বায়ত্তশাসিত পৰিষদে ৰূপায়ন কৰা উন্নয়নমূলক আঁচনিৰ খতিয়ান ডাঙি ধৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা স্বাৱলম্বী কৰাৰ কথা ব্যক্ত কৰে৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখৰ বহুকেইগৰাকী শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী, সমাজকৰ্মী, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, ধেমাজি জিলা সমিতিৰ উপসভাপতি বাবুল টাইড, গোগামুখ আঞ্চলিকৰ সভাপতি পদ্মলোচন মিলি, সম্পাদক দীপজ্যোতি পাইট, লটাক আঞ্চলিকৰ সভাপতি কমল পায়েং. সম্পাদক ৰিতু পেগু, নাহৰবাৰী আঞ্চলিকৰ সভাপতি হৰেশ পেগু, সম্পাদক দ্বীপেন দলে আদিয়ে৷একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মিংমাং পৰিষদীয় সমষ্টিটো ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল এককালীন সাহায্য দিয়াৰ লগতে সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে টি এম পি কেৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ মিলিয়ে৷ অনুষ্ঠানটোৰ আঁত ধৰে মিংমাং পৰিষদীয় সমষ্টিৰ আহ্বায়ক ভূপেন পেগুৱে৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া কয় ছাত্ৰ-ছাত্ৰীসকলে ডাঙৰ ডাঙৰ চৰকাৰী বিষয়া-কৰ্মচাৰী বা চিকিৎসক-অভিযন্তা হ’লেই নহ’ব৷ নিজকে সেৱামূলক কামৰ বাবেও প্ৰস্তুত কৰি দেশৰ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব৷ নিজৰ কৰ্মৰাজিৰ জৰিয়তে নিজকে দেশ তথা সমাজ সেৱাত জৰিত কৰিব পাৰিলেহে এখন সুস্থ-সবল সমাজ গঢ়ি উঠিব বুলি মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই মন্তব্য আগবঢ়োৱাৰ লগতে মিচিং পৰিষদে শিক্ষাৰ উন্নতিৰ বাবে ব্যাপক হাৰত পূঁজি বিনিয়োগ কৰা বুলিও দোহাৰে৷ তেওঁ কয়- আমি অতিকৈ আনন্দিত যে, মিচিং স্বায়ত্তশাসিত পৰিষদে  শিক্ষা, ক্ৰীড়া বা অন্যান্য শিতানত কোনো জাতি-জনজাতিক লৈ পক্ষপাতিত্ব কৰা নাই৷ যি জনগোষ্ঠীৰে নহওঁক সকলোৱে  মিচিং স্বায়ত্তশাসিত পৰিষদত সমানে সুবিধা লাভ কৰিছে৷ সকলোকে সমান মৰ্যদা দিব পাৰি পৰিষদখনৰ লগতে পৰিষদখনৰ অন্তৰ্গত ৰাইজ অত্যন্ত সুখী বুলিও তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে৷ সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বিশিষ্ট ক্ৰীড়াবিদ  দিলীপ পেগুৱে৷ সভাত উপস্থিত মিংমাং পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে, শিক্ষাবিদ  অৰুণ মৰাং, দিনেশ পেগু, টি এম পি কেৰ মিংমাং আঞ্চলিক সভাপতি মোহন পাঠৰী, সম্পাদক জ’ন পেগু,ওখমাটি আঞ্চলিকৰ সভাপতি পাপু পেগু, সম্পাদক  মহানন্দ মেদক,  কচুতলি আঞ্চলিকৰ  সভাপতি  সূৰ্য মিলি, স সম্পাদক ভাস্কৰ পেগুৰ লগতে গাঁৱৰ গাম, অঞ্চলৰ জেষ্ঠ ব্যক্তি আদি৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীয়াধল পৰিষদীয় সমষ্টিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে সম্বৰধৰ্না জনোৱা হয়। 

তিনিখন নাৱৰ সৈতে ১৩ গৰাকী ভাৰতীয় মাছমৰীয়াক আটক।   শ্ৰীলংকাৰ নৌসেনাৰ অভিযানৰ বিৰুদ্ধে তামিলনাডুৰ মুখ্যমন্ত্ৰী  ষ্টালিনৰ পত্ৰ প্ৰেৰণ…

তামিলনাডুত বৃহস্পতিবাৰে পুৱা ভাৰত মহাসাগৰৰ উপকূলীয় অঞ্চলৰ ডেলফ্ট দ্বীপৰ পৰা ১৩ গৰাকী ভাৰতীয় মাছমৰীয়াক আটক কৰিছে চুবুৰীয়া দেশ শ্ৰীলংকাৰ নৌসেনাই৷ লগতে মাছমৰীয়াসকলে ব্যৱহাৰ কৰা তিনিখন নাৱো জব্দ কৰে নৌসেনাৰ দলটোৱে৷ এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে তামিলনাডুৰ পুডুকট্টা জিলাৰ মাছমৰীয়াসকলৰ মাজত৷এই ঘটনা এইবাৰে প্ৰথম নহয়৷ প্ৰায়ে শ্ৰীলংকাৰ আন্তৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি মাছ ধৰাৰ বাবে ভাৰতীয় মাছমৰীয়াসকলক আটক কৰে দেশখনৰ নৌসেনা বাহিনীয়ে৷ এইবাৰো অনুৰূপ কাৰ্যৰ বাবেই মাছমৰীয়াসকলক আটক কৰা হৈছে৷ বিষয়টো সন্দৰ্ভত পূৰ্বৰে পৰা ভাৰতীয় মাছুৱৈসকলে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছিল যদিও কোনো সমাধান লাভ নকৰিলে৷ উল্লেখ্য যে, বিগত এক জুলাইত শ্ৰীলংকাৰ নৌসেনাই আটক কৰিছিল ২৬ গৰাকী ভাৰতীয় মাছমৰীয়াক৷ লগতে তেওঁলোকে ব্যৱহাৰ কৰা চাৰিখনকৈ নাও জব্দ কৰে। মাছমৰীয়াসকলে উপকূলীয় অঞ্চল ৰামেশ্বৰম দ্বীপৰ পাম্বানৰ পৰা মাছ ধৰিবলৈ গৈছিল। শ্ৰীলংকাৰ নৌসেনাৰ এই পদক্ষেপক গৰিহণা দি পাম্বানৰ মাছমৰীয়াসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে মাছমৰীয়াসকলক আটক কৰাৰ প্ৰতিবাদত এক পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ৰামেশ্বৰম মাছমৰীয়া সংস্থাই জনোৱা অনুসৰি, জুনৰ শেষৰ সপ্তাহত শ্ৰীলংকাৰ নৌসেনাই দেশখনৰ জলসীমাৰ নেদুন্থিভু দ্বীপৰ ওচৰত মাছ ধৰাৰ বাবে তিনিখন নাৱৰ সৈতে তামিলনাডুৰ ২২গৰাকী মাছমৰীয়াক আটক কৰিছিল।এই ঘটনাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰযোগে শ্ৰীলংকাৰ নৌসেনাই আটক কৰা মাছমৰীয়াসকলৰ মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তদুপৰি মাছমৰীয়াসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ষ্টালিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীক অনুৰোধ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেবোৰ ঘটনাই মাছমৰীয়াসকলৰ জীৱন-জীৱিকা প্ৰভাৱিত কৰে বুলি সদৰী কৰে ৷ষ্টেলিনৰ প্ৰতি সঁহাৰি জনাই জয়শংকৰে কলম্বোত ভাৰতীয় উচ্চ আয়োগ আৰু জাফনাৰ কনচুলেটে আটক কৰা মাছমৰীয়াসকলক সোনকালে মুকলি কৰাৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে৷

৪০ বছৰৰ পিছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী অষ্ট্ৰিয়ালৈ ভ্ৰমণ… 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ আন্তঃগাঁথনি, শক্তি, উদীয়মান প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য, দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচী সামৰি অষ্ট্ৰিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ সাক্ষাতৰ পিচতে মোদীয়ে মস্কোৰ পৰা গৈ অষ্ট্ৰিয়াত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে ৪০ বছৰতকৈও অধিক সময়ৰ মূৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথম ভ্ৰমণ।

প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাইমাৰে অষ্ট্ৰিয়াৰ হফবাৰ্গ পেলেচত এক ঘূৰণীয়া ব্যৱসায়িক মেজমেলত প্ৰখ্যাত অষ্ট্ৰিয়ান আৰু ভাৰতীয় কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক যুটীয়াভাৱে সম্বোধন কৰে।ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে সামাজিক মাধ্যমত দিয়া এক পোষ্টত কয়, প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, সেউজ খণ্ড, নতুন আৰু উদীয়মান প্ৰযুক্তি, ফিনটেক, ষ্টাৰ্টআপ আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়াৰ কোম্পানীসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।উক্ত বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। উল্লেখ্য, দেশসমূহৰ মাজত উদ্ভাৱন আৰু উদ্যোগ বৃদ্ধিৰ বাবে ইণ্ডিয়া-অষ্ট্ৰিয়া ষ্টাৰ্টআপ ব্ৰীজ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।২০২৩ চনৰ (জানুৱাৰী-ডিচেম্বৰ)বাবে ইণ্ডো-অষ্ট্ৰিয়া দ্বিপাক্ষিক বাণিজ্য আছিল ২.৯৩ বিলিয়ন আমেৰিকান ডলাৰ।অষ্ট্ৰিয়ালৈ ভাৰতীয় ৰপ্তানি আছিল ১.৫২ বিলিয়ন আমেৰিকান ডলাৰ আৰু আমদানি আছিল ১.৪১ বিলিয়ন আমেৰিকান ডলাৰ। 

মালিগাঁৱত ৰে’লৱেৰ এছ চি আৰু এছ টি এম্পলয়িজ এচোছিয়েশ্যনৰ মহিলা শাখাৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ…

গ্ৰীষ্ম বন্ধৰ সময়চোৱাত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সৃজনিমূলক প্ৰতিভাসমূহ বিকশিত কৰাৰ লক্ষ্যৰে নিখিল ভাৰত এছ চি আৰু এছ টি ৰে’লৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য আৰু সম্পাদক তাৰিণী চৰণ দাসৰ নেতৃত্বত, মহিলা শাখাৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ গোশালাস্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউটত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গ্ৰীষ্মকালীন শিবিৰ। মূলত ৩ ৰ পৰা ১২ বছৰ বয়সৰ শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ বাবে তিনিদিনীয়া শিবিৰত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা, বিহু কৰ্মশালা, যোগ, সাতোৰ আদিৰ আয়োজন কৰা হৈছে। আজি পুৱা এগছি বন্তি প্ৰজ্বলনৰে শিবিৰ মুকলি কৰে এচোছিয়েশ্যনৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্যই। এই উপলক্ষে মহিলা শাখাৰ সম্পাদিকা নিৰ্মালি দাসে আঁত ধৰা অনুষ্ঠানটোত ৰিংকুমণি বৈশ্যই এচোছি়েয়েশ্যনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি শিশুৰ প্ৰতিভা বিকশিত কৰাৰ বাবে মহিলা শাখাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

অনুষ্ঠানত মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খানকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে শিবিৰৰ আজিৰ প্ৰথম দিনটোত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় ২০০টা শিশুৱে ভাগ লয়।প্ৰতিযোগিতা পৰিচালনা কৰে মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান আৰু সম্পাদিকা নিৰ্মালি দাসে। ১৩ জুলাইৰ শিবিৰৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলোকে ধৰি শিবিৰত বিভিন্ন শাখাত ভাগ লোৱা সকলোকে মানপত্ৰ, বঁটা আদি প্ৰদান কৰা হ’ব।

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠণ, জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গুৱাহাটী হেঙেৰাবাৰীস্থিত কামৰূপ (মহানগৰ) জিলাৰ জিলাধিকাৰী কাৰ্য্যালয়ত মাননীয় জিলাধিকাৰীৰ জড়িয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত স্মাৰক পত্ৰখনত দেশৰ ভৱিষ্যতৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে। কাৰ্য্যকৰ্তা সকলে জনায় যে, সৰ্বভাৰতীয় সংগঠণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF) য়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি যোৱা ১০ বছৰৰো অধিক কাল সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী অনিল চৌধুৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি বিভিন্ন অভিযান চলাই থকা হৈছে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা JSF ৰ মূখ্য সংৰক্ষক মাননীয় ইন্দ্ৰেশ কুমাৰজীৰ মাগদৰ্শনত গ্ৰহণ কৰা কাৰ্য্যসূচী সমূহত দেশৰ সকলো প্ৰান্তৰ লোকেই সমৰ্থন জনাই আহিছে।জনোৱা হ’ল যে, এই জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ বিষয়ে ৯ আগষ্ট, ২০১৮ তাৰিখে সংগঠন তথা সংসদৰ সংযুক্ত প্ৰতিনিধি বৰ্গই ভাৰতবৰ্ষৰ  মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক সাক্ষাৎ কৰি ১২৫ জন সাংসদৰ স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ অৰ্পণ কৰা হৈছিল। ২০২৩ বৰ্ষত দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত সমগ্ৰ দেশজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হৈছিল আৰু যোৱা ২৯ অক্তোবৰ তাৰিখে সমগ্ৰ দেশতেই সংগৃহিত হোৱা এক কৌটিৰো অধিক সাক্ষৰ সমলিত পত্ৰসমূহ লৈ দেশৰ ৰাজধানী দিল্লীৰ সমীপৰ গাজিয়াবাদৰ পৰা এক বৃহৎ ৰেলীৰে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ লৈ যোৱা হৈছিল। সেই ৰেলীৰ অন্তত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী ডাঙৰীয়াই আমৰণ অনশন কাৰ্য্যসূচী পালন কৰিবলৈ বাধ্য হৈছিল আৰু প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ প্ৰতিশ্ৰুতিত কেন্দ্ৰীয় মন্ত্ৰী মাননীয় গিৰিৰাজ সিং ডাঙৰীয়াৰ হস্তক্ষেপত আমৰণ অনশণ কাৰ্য্যসূচী উঠাই লোৱা হৈছিল।

যোৱা ফেব্ৰুৱাৰী মাহৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনখনৰ বিষয়ে আলোচনা কৰিবলৈ এখন উচস্তৰীয় কমিটি গঠণ কৰিবলৈ নিৰ্দেশ দিছিল। অসম জেএছএফ ৰ অধ্যক্ষ মাননীয় পঙ্কজ তালুকদাৰৰ লগতেই কাৰ্য্যকৰ্তা সকলে জনায় যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ তৃতীয় কাৰ্য্যকালৰ আৰম্ভনীতেই দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিব বুলি যথেষ্ট আশাবাদী।কামৰূপ মহানগৰ জিলাধিকাৰীৰ যোগেৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অৰ্পণ কৰা  আজিৰ এই কাৰ্যসূচীত JSF, অসমৰ অধ্যক্ষ পঙ্কজ তালুকদাৰ, সংগঠণ সচিৱ মৃণাল গোস্বামী, উপাধ্যক্ষ ৰঞ্জন কুমাৰ মেধি, মহাসচিৱ পৰাগ ডেকা, জেএছএফ, অসমৰ মহিলা শক্তি গোটৰ অধ্যক্ষা শ্ৰীমতী জুলা শৰ্মা সহিত শতাধিক জেএছএফ কাৰ্য্যকৰ্তা উপস্থিত থাকে।

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনৰ দেহাৱসান, শৈক্ষিক মহলত শোকৰ ছাঁ…

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনৰ দেহাবসান। নলবাৰী জিলাৰ শৈক্ষিক মহলত শোকৰ ছাঁ। ৮৫ বছৰ বয়সত শ্বেস নিশ্বাস ত্যাগ কৰে বৌদ্ধিক, সামাজিক,শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনে। প্ৰতিকূল বতৰক নেওচি আজি পুৱাৰে পৰা বৰক্ষেত্ৰী মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়কে ধৰি বহু কেইখন শিক্ষানুষ্ঠানত তেখেতৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বুধবাৰে দুপৰীয়া মুকালমুৱা ৰাজহুৱা কৱৰস্থানত তেখেতৰ জানাজা সম্পন হয়। অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দমহম্মদৰ কনিষ্ট ভাতৃ আছিল হুছেইন।

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল হুছেইন।বৰক্ষেত্ৰীৰ বহুকেইখন শিক্ষানুষ্ঠানৰ লগতে অগণন অনুস্থান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল হুছেইনে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হৈছিল হুছেইনৰ।
তেখেতৰ মৃত্যুত বৰক্ষেত্ৰীৰ লগতে নলবাৰী জিলা খনত শোকৰ ছাঁ পৰিছে।

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান…

মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান।

সামাজিক মাধ্যমত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘যে ‘মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামী প্ৰভুৰ মহাপ্ৰয়াণৰ খবৰটি শুনি অতিশয় মৰ্মাহত হৈছোঁ৷ মহাপ্ৰয়াণৰ খবৰটি শুনি অতিশয় মৰ্মাহত হৈছোঁ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱ গোস্বামী প্ৰভুৰ জাতীয় জীৱনলৈ অৱদান অসমবাসীয়ে চিৰদিন স্মৰণ কৰিব৷ তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’

১০০০ পাহ সতেজ তগৰ আৰু ৯০ পাহ নাৰ্জি ফুলেৰে নিৰ্মিত দুপট্টা ল’লে ৰাধিকা মাৰ্চেণ্টে! আম্বানীৰ কনিষ্ঠ বোৱাৰীৰ পোছাকক লৈ চৰ্চা সামাজিক মাধ্যমত…

সোমবাৰে অনুষ্ঠিত হালদী অনুষ্ঠানত মুকেশ আম্বানীৰ কনিষ্ঠ বোৱাৰীক ফুলেৰে নিৰ্মিত মাৰ্জিত পোছোক পৰিধান কৰা দেখা গ’ল। কেৱল ফুলেৰে নিৰ্মিত দুপট্টা এতিয়া প্ৰতিগৰাকী কইনাৰ সপোন হৈ পৰিছে।হালদীৰ সাজ-পোছাকৰ বাবেই ৰাধিকা মাৰ্চেণ্ট লাইমলাইটলৈ আহিছে। এই দুপাট্টা সতেজ ফুলৰ পৰা তৈয়াৰ কৰা হৈছিল, য’ত আছিল ১০০০ৰো অধিক বগা তগৰৰ কলি আৰু ৯০পাহ নাৰ্জি ফুল। এই দুপট্টা ডিজাইন কৰিছিল ফ্ল’ৰেল আৰ্ট ডিজাইন ষ্টুডিঅ’ই।

আমোদজনক কথাটো হ’ল এই ধুনীয়া দুপট্টা বনাবলৈ এৰাতি সময় লাগিল।ৰাধিকাৰ ফুলৰ জাল দুপট্টাৰ লগতে ফুলৰ গহনাও ব্যৱহাৰ কৰা হৈছিল তেওঁৰ সাজ-পোছাকত, যিয়ে তেওঁৰ সৌন্দৰ্য অধিক বিশেষ কৰি তুলিছিল। ৰাধিকা মাৰ্চেণ্টৰ এই ফুলৰ ৰূপটো কেৱল পৰম্পৰাগত আৰু আধুনিক ভাৰতীয় ফেশ্বনৰ সুন্দৰ সংমিশ্ৰণেই নহয়, ই ছ’চিয়েল মিডিয়াতো প্ৰশংসা লাভ কৰিছে।

হাৰ্দিক মৌন! বিচ্ছেদৰ জল্পনা-কল্পনাৰ মাজতে বাৰে বাৰে মুখ খুলিছে পত্নী নাতাশাই…

বিচ্ছেদৰ জল্পনা-কল্পনাত মৌন হাৰ্দিক পাণ্ডিয়া। কিন্তু পত্নী নাতাশাই ষ্টেনকভিচে বাৰে বাৰে মুখ মেলিছে।হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিচ্ছেদৰ খবৰৰ মাজতে ভাইৰেল হৈ পৰিছে নাতাশাৰ শেহতীয়া পোষ্ট। পোষ্টটোত নাতাশাই স্পষ্টকৈ একো কোৱা নাছিল যদিও কথা-বতৰাত এনেধৰণৰ কথা কৈছে যেন হাৰ্দিক পাণ্ডিয়াত বিবাহ বিচ্ছেদৰ খবৰটোৱে পুনৰ গতি লাভ কৰিছে।

নাতাশাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত নাটাছাক চোফাত বহি কফি খাই থকা দেখা গৈছে। ভিডিঅ’টোত নাতাশাই কৈছে- ‘মোৰ মনলৈ এটা চিন্তা আহিল আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।’ মানুহে কিমান সোনকালে বিচাৰ কৰে। আমি একো নাভাবো। যদি কোনোবাই নিজৰ চৰিত্ৰৰ বাহিৰত কিবা এটা কৰি আছে। তেওঁৰ অৱস্থা কি হ’ব? পৰিস্থিতি কি হ’ব? ইয়াৰ আঁৰত একো নাভাবে। কিন্তু মাত্ৰ তেওঁক বিচাৰ কৰিবলৈ আৰম্ভ কৰক। গতিকে এতিয়াৰ পৰা এই কাম নকৰো আৰু কাৰোবাক বিচাৰ কৰাৰ আগতে সমগ্ৰ পৰিস্থিতি আৰু পৰিস্থিতি বুজিবলৈ চেষ্টা কৰোঁ।

চৰ্চা চলিছে যে নাতাশাই কাক উদ্দেশ্য কৰি এনে কথা ক’লে। পোনপটীয়াভাৱে হাৰ্দিক আু নাতাশা কোনো এজনেও বিচ্ছেদৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।