Home Blog Page 709

বিশ বছৰত নোহোৱা কাম ডেৰ বছৰত কৰি দেখুৱামঃ বিজেপিৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাস…

বিগত বিশবছৰে বিহমাৰীৰ মধুপুৰ, ঠাণ্ডা পানী ইৎতিবস্থী আদিৰ ৰাস্তা পদুলিৰ উন্নয়ন নহল। বিহমাৰীৰ কাৰ্বি চেণ্টাৰ,ইৎতি বস্তী,বিহমাৰী পাচালি, মধুপুৰ আদিত বিজেপি দলৰ সভাত অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰে। অঞ্চলটোৰ ৰাস্তা পদুলিৰ উন্নয়ন হোৱা নাই।পঞ্চায়তৰ কাম কাজতো অসন্তুষ্ট অঞ্চলবাসী এতিয়াও বহু লোকে লাভ কৰা নাই অৰুণোদয় আচনি, বৃদ্ধ পেঞ্চন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ।

প্ৰাক্তন বিধায়ক, মন্ত্ৰী তথা প্ৰাক্তন সাংসদ পল্লব লোচন দাসৰ উপস্থিতিত এই এই অভিযোগ কৰে। প্ৰাক্তন সাংসদ পল্লব লোচন দাসে দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে বিহমাৰীৰ বিভিন্ন প্ৰান্তত জনসভাত অৎশগ্ৰহণ কৰে। তেওঁ আগন্তুক উপ নিৰ্বাচনত দলে টিকট দিলে প্ৰতিদন্দীতা কৰিবলৈ সাজু বুলি উল্লেখ কৰি বিহমাৰীৰ সমস্যা সমুহ মুখ্য মন্ত্ৰীৰ অৱগত কৰি অহা ডেৰ বছৰৰ ভিতৰত সমাধান কৰিবলৈ প্ৰচেষ্টা কৰিম বুলি উল্লেখ কৰে।আজিৰ সভাত বিহালী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি উৎপল বৰা,নিজ বিহালী জিলা পৰিষদৰ প্ৰাক্তন সদস্য লক্ষণ ৰয়, সমাজ কৰ্মী জীৱন বৰা,মফিল হাজৰিকা, নীতা আগৰৱালা, ৰূপটি দাস, প্ৰাণেচ বনীয়া সহ শতাধিক বিজেপি দলৰ কৰ্মী উপস্থিত আছিল।

দিল্লীৰ বিমানবন্দৰত ভয়ংকৰ অঘটন

দিল্লীৰ বিমানবন্দৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে অকাস্মাতে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ খহি পৰে । ঘটনাত গুৰুতৰভাৱে ৪ গৰাকীলোক আঘাতপ্ৰাপ্ত হয় ।

আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনাৰ ফলত একাধিক বাহন ক্ষতিগ্ৰস্ত হয় । আনহাতে ঘটনাৰ সবিশেষ বুজ ল’বলৈ বিমানবন্দৰ কৰ্তৃপক্ষই উপস্থিত হয় ।

সোণালী বান্দৰ মই আৰু মোৰ অভিজ্ঞতা…

আমি এতিয়া  চক্ৰশীলালৈ গৈ আছোঁ। চক্ৰশীলা নামটো অতি পুৰণি। আমি সকলোৱে জানো যে প্ৰাচীন কালত সমগ্র কামৰূপৰ লোকসকল  বৌদ্ধ ধৰ্মাৱলম্বী আছিল। কামৰূপৰ সকলো কিৰাত জনগোষ্ঠী বৌদ্ধ আছিল আৰু কামৰূপৰ সকলো পাহাড়  আৰু পানীৰ উৎস অঞ্চলত আছিল মহাযান বৌদ্ধ সকলৰ মন্দিৰ। চক্ৰশীলা নামটো বৌদ্ধ ধর্মৰ লগত সংপৃক্ত। এসময়ত চক্ৰশীলা পাহাৰৰ মাজতে আছিল বৌদ্ধ তীৰ্থ অৰ্থাৎ বৌদ্ধ সকলৰ আৰাধনাৰ ঠাই। চক্ৰশীলা পাহাৰৰ এটা চূড়াত প্ৰকাণ্ড শিলত এটা বুদ্ধ চক্ৰৰ চিন আছে। এই স্থানটোত বৰ্তমানেও  বছৰৰ বিশেষ দিনত স্থানীয় লোকসকলে পূজা দিয়ে । এই শিলত বুদ্ধচক্ৰ বা ধৰ্মচক্ৰ থকাৰ বাবে স্থানীয় সকলে এই পাহাৰক কয় চক্ৰশীলা । চক্ৰশীলা নামটো কামৰূপৰ বৌদ্ধ যুগৰ পৰাই পৰম্পৰাগত ভাবে চলি আহিছে। শীলা কথাটো বৌদ্ধ সকলৰ শীল পালনৰ পৰাও হ’ব পাৰে, বৌদ্ধ যুগৰ স্থানৰ নাম যেনে তক্ষশীলা, ঠিক তেনেকৈ “চক্ৰশীলা ” এই দুটা নামেই বৌদ্ধজাত। পূৰ্বতে এই পাহাৰ শ্ৰেণীক স্থানীয় সকলে বড় পাহাড় বুলিও কৈছিল।

              চক্ৰশীলা অভয়াৰণ্যৰ চাৰিওপিনে আছে কিছুমান জনগোষ্ঠীয় গাওঁ। বিশেষকৈ ৰাভা, বড়ো, কোচ, ৰাজবংশী, গাৰো , চাওতাল,

               অচিন চিনাকি চৰাইৰ মাতত সম্মুখৰ পাহাৰখন আৰু বেছি ধুনীয়া লাগিছিল মনত চাবলৈ! পশ্চিম অসমৰ এই অপূর্ব ধুনীয়া অৰণ্য অঞ্চল মূলতঃ পাহাৰীয়া অঞ্চল। পাহাৰ সিমান ওখ নহয় ঠিকেই, কিন্তু বয়সৰ ফালৰপৰা এইবোৰ পাহাৰৰ বয়স হিমালয় পৰ্বততকৈয়ো বেছি হ’ব! চক্ৰশীলা অৰণ্য পৰ্ণপাতী বৃক্ষৰ অৰণ্য। পাহাৰৰ পাদদেশত শাল অৰণ্যৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই অৰণ্যৰ মাজে মাজে কিছুমান জুৰি আৰু নিজৰা প্ৰৱাহিত হৈ আছে। জুৰি আৰু নিজৰাৰ কাষে কাষে চিৰহৰিৎ বৃক্ষৰ সমাহাৰ, এই অৰণ্যৰ দক্ষিণ ফালে দুটা উল্লেখযোগ্য জুৰি দেখা পোৱা যায়। জুৰি বা নিজৰা দুটাক সাধাৰণতে স্থানীয় ভাষাত কোৱা হয় ঝোৰা। এই ঝোৰা দুটা হ’ল__ হাউ-হাউৱি ঝোৰা আৰু বামুণী ঝোৰা। কেৱল জুৰি বা নিজৰাই নহয়, ইয়াত দুখন উল্লেখযোগ্য বিল আছে, বিল দুখন পূৱ আৰু পশ্চিমত অৱস্থিত। পূৱৰ বিলখনৰ নাম ধীৰ বিল আৰু পশ্চিমত থকা বিলখনৰ নাম হৈছে_ ডিপলাই বিল। জাৰকালি এই দুখন বিল পৰিভ্ৰমী চৰাইৰে সোণত সুৱগা চৰে।

              অৰণ্য ভ্ৰমণ কাৰী, প্ৰকৃতিপ্ৰেমী, বন্যপ্ৰাণী প্ৰিয় পৰ্যটক সকলৰ বাবে চক্ৰশীলা অভয়াৰণ্য ভ্ৰমণৰ আনন্দ অলপমান সুকীয়া। চক্ৰশীলা অভয়াৰণ্যত আপুনি খোঁজ কাঢ়িয়েই ভ্ৰমণ কৰিব লাগিব। অৰণ্যত খোঁজ কাঢ়ি ভ্ৰমণৰ আনন্দ লোৱা এটা সম্পূর্ণ বেলেগ অভিজ্ঞতা। অসমৰ অধিকাংশ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত যিটো সুবিধা নাই, সেইটো সুবিধা চক্ৰশীলাত আছে। চক্ৰশীলাৰ মাজেৰে অপূর্ব ধুনীয়া ট্ৰেকিঙৰ সুবিধা আছে। গাড়ীৰে যে চক্ৰশীলা ভ্ৰমণ কৰিব নোৱাৰিব তেনেকুৱা নহয়, ইচ্ছা কৰিলে আপুনি গাড়ীৰেও চক্ৰশীলা অৰণ্য চাব পাৰে! চক্ৰশীলা অভয়াৰণ্য পৃথিৱীৰ ভিতৰত একমাত্র অভয়াৰণ্য, য’ত সহজতে সোণালী বান্দৰ প্ৰত্যক্ষ কৰা হয়।

এটা সময়ত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত  সোণকোষ নদীৰ পূবৰ পৰা মানাহ নদীৰ পশ্চিম পাৰৰ মধ্যবর্তী সমগ্র অঞ্চলতে সোণালী বান্দৰে বিচৰণ কৰিছিল। কিন্তু অৰণ্য ধব্বংসৰ ফলত সোণালী বান্দৰৰ বাসস্থান  সংকুচিত হৈ আহিছিল! সংৰক্ষণৰ প্ৰচেষ্টা হাতত নল’লে হয়তো সোণালী বান্দৰ অসমত লুপ্ত হৈ গ’লহেঁতেন; চক্ৰশীলাৰ চাৰিওকাষৰ গাওঁবোৰৰ ভিতৰত প্রথমতে বিশেষকৈ ঝোৰণাগৰা গাওঁতে প্ৰথমতে সোণালী বান্দৰৰ সংৰক্ষণৰ কাম আৰম্ভ কৰা হয়। লাহে লাহে অভয়কুটি, বান্দৰপাৰা, কালজানি, চক্ৰশীলা, দামোদৰপুৰ, শালবাড়ি, নাকাৰ গাওঁ ইত্যাদি   গাওঁৰ লোকসকলেও সোণালী বান্দৰ আৰু তাৰ বাসস্থানৰ কাম আৰম্ভ কৰে।

সুন্দৰ সেউজীয়াৰে আৱৰা এই ধুনীয়া গাঁওখনৰ আহল-বহল পৰিসৰৰ পথটোৰ মাজেৰে প্ৰায়েই পাৰ হৈ গৈছিল মোৰ গাড়ীখন। গাঁওখনত কোচ ৰাজবংশী, বড়ো, ৰাভা, গাৰো আদি কেইবাটাও জাতি জনজাতিয়ে একলগ হৈ বসবাস কৰি আহিছে।

            পথটোৰ দুয়োপাৰে  ওখ চাপৰ পাহাৰ। পূব পিনৰ পাহাৰখনতকৈ পশ্চিম ফালৰ পাহাৰখন দেখিবলৈ বেছ সুকীয়া আৰু সেউজীয়াৰে ভৰা আছিল। তাত মূল্যৱান গছ গছনিৰ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ গছ গছনিৰে ভৰি আছিল  বাবেই চৰাই-চিৰিকটি, পশু-পক্ষী, জীৱ-জন্তু আদিয়ে ঠাইখনক অধিক শুৱনি কৰি ৰখাৰ লগতে আনন্দ মুখৰ কৰি ৰাখিছিল।

                    আজিৰ পৰা প্ৰায় আঠ দহ বছৰ আগৰে পৰাই এই পথটোৰে মই অহা যোৱা কৰি আহিছোঁ। যিমান খিনিলৈ মনত আছে  কিন্তু ইয়াৰ আগেয়ে এনেহেন  বৰণৰ বান্দৰ দেখা মনত নপৰে। মোৰ গাঁওৰ ওচৰে পাজৰে হওঁক অথবা আন বহু ঠাইতে হওঁক, বান্দৰ বহু দেখিছোঁ; কিন্তু  ইহঁত অদ্ভুত আৰু বহু পৃথক । সময় তেতিয়া মাৰ্চ মাহৰ শেষৰটো আবেলি।  পুৱাৰ ৰঙা বেলিটোৱে  পশ্চিম আকাশৰ পাহাৰখনৰ শেষ টিলাত  থিয় হৈ ঢালি দিছে তাৰ শেষ পোহৰকণ। পাহাৰ খনৰ বুকুৰ মাজেৰে শান্ত শীতল গহীনভাৱত বৈ নৈখনৰ পানীত  বেলিৰ শেষ ৰশ্মিকণ পৰি জিলিকি উঠিছে কাকৈজান গাঁৱৰ চৌপাশৰ পৰিৱেশ। কাকৈজান গাঁওখন পাহাৰ খন আৰু তাৰ কাষত থকা নৈখনৰ গাতে লাগি গৈছে। গাঁওখনৰ প্ৰতি ঘৰ মানুহৰ বাৰীয়ে পদূলিয়ে  দেখিবলৈ পোৱা যায়  বেছিভাগ ফল-মূলৰ গছ। এই ফল-মূল বোৰ খাই গাঁওখনত জপিয়াই ফুৰিছিল ইয়াৰ বিশেষ বান্দৰবোৰ  মানে সোণালী বান্দৰ বোৰ। এই কাকৈজান গাঁৱৰ স্থানীয় বড়ো লোকসকলে এই সোণালী বান্দৰ বোৰক মাকৰিগফুৰ বুলি কয়। এই মাকৰিগফুৰ বিলাকৰ সাধাৰণতে মুখৰ বৰণ ক’লা, নেজডাল আমাৰ সাধাৰণ বান্দৰতকৈ বহুত দীঘল। ৰৃতু অনুশৰি ইহঁতৰ গাৰ বৰণ বছৰত দুবাৰকৈ সলনি হয়, প্রথমতে গাৰ বৰণ পাতল সোণ হালধীয়া তাৰ পাছত লাহে লাহে সম্পূর্ণ গাঢ় হৈ সোণালী বৰণ হৈ পৰে। এই সোণালী বান্দৰক গোৱালপৰীয়া ভাষাত বগা বান্দৰ বুলিহে কোৱা হয়, আৰু ভুতীয়া ভাষাত ইহঁতক সুগ্ৰীৱ বা হনুমান বুলি কয়। সেয়া যি কি নহওঁক! আবেলিৰ বেলিৰ  মায়াৱী পোহৰে লুকা-ভাকু খেলি থকা সময়তে মই সেই মায়াৱী পোহৰৰ কোলাত খোজ  দি আগবাঢ়ি গৈ আছিলো। এনেতে মই খোজ কাঢ়ি গৈ থকা বাটটোৰ মাজেৰে মোৰ সম্মুখেৰে কেইবাটাও ডাঙৰ সৰু বান্দৰ পাৰ হ’ব ধৰিলে। দেখি আচৰিত হৈ  পৰিলো। চিৰিয়া ঘৰতে হওঁক অথবা অৰণ্যৰ মাজত  আমাৰ সাধাৰণ বান্দৰবোৰক এনেকৈ কেতিয়াও দল বান্ধি থকা দেখা নাযায়। কিন্তু হঠাৎ আজি এই সোণালী বান্দৰক একেলগে দল বান্ধি থকা দেখি মনটো আনন্দত জপিয়াই উঠিছিল। দলটোত প্ৰায় ২০/২৫ টাৰ বেছিহে আছিল। শাৰী পাতি বাট পাৰ হওঁতে শাৰীটোৰ একেবাৰে আগত শকত আৱত ডাঙৰ দীঘল মতা সোণালী বান্দৰটো আৰু তাৰ পিছে পিছে আহি থকা বাকি কেইটাক সি গাইড কৰি আনিছিল। আগৰ প্রথম বান্দৰটোৱে তাৰ দলটোৰ সি মূখ্য ভূমিকা গ্ৰহণ কৰিছিল। সেই দলটোৰ ভিতৰত সিয়ে একমাত্র মতা  সোণালী বান্দৰ।  আচলতে  কাকৈজান সোণালী বান্দৰৰ দেশ বুলি ক’লেও কাকৈজান গাঁওখনত এই অদ্ভুত আৰু বিৰল দৃশ্য খুব কমকৈ দেখা পোৱা যায়। কিয়নো, ইহঁতে প্ৰায় গাঁওখনৰ গাতে লাগি থকা পাহাৰৰ ওখ ওখ গছবোৰত লুকাই থাকে। পাহাৰখনৰ পৰা ইহঁতে সহজে ওলাই নাহে। যেতিয়ালৈকে পাহাৰখনত খাদ্য শেষ হৈ নাযায়, তেতিয়ালৈকে পাহাৰখনতে খাদ্য বিচাৰি ওখ গছবোৰত বগাই ফুঁৰে আৰু যেতিয়া তাত খাদ্য নোপোৱা হয়, তেতিয়া সিহঁতে পাহাৰখনৰ পৰা নামি আহি মানুহৰ ঘৰত, বাটত, মানুহৰ ঘৰৰ বাৰীত সোমাই তহিলং দি থাকে।

ৰাজ্য, ৰাষ্ট্ৰীয়, আৰু আন্তর্জাতিক মহলতো সোণালী বান্দৰ সংৰক্ষণৰ বাবে প্ৰবল জনমত গঢ়ি তোলা হয়। ভাৰতীয় প্ৰাণী বিজ্ঞান জৰীপৰ (  zoological survey of india  ) সেই সময়ৰ সঞ্চালক ড০ আশীষ ঘোষে সোণালী বান্দৰৰ সংৰক্ষণৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। ড০ আশীষ ঘোষ ডাঙৰীয়াই নেচাৰ্চ বেকনৰ সফলতাক ভাৰতৰ বেচৰকাৰী সংগঠনবোৰৰ সফলতা বুলি অভিহিত কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা বিভিন্ন সংগঠনে  সোণালী বান্দৰৰ সংৰক্ষণৰ সফলতাক স্বাগতম জনাইছে। নেচাৰ্চ বেকনৰ এই সংৰক্ষণমূলক কামৰ সফলতাৰ পৰা যাতে পৰবৰ্তী প্ৰজন্মই অভিজ্ঞতা সঞ্চয় কৰিব পাৰে সেই উদ্দেশ্যেক আগত ৰাখি পাঠ্যপুথিত সংযোজিত হৈছে সোণালী বান্দৰৰ সংৰক্ষণৰ কাহিনী। লণ্ডন আৰু নিউয়ৰ্কৰ পৰা প্ৰকাশিত    Forest for the future  নামৰ  কিতাপত ৫৮ নং পৃষ্ঠাৰ পৰা ৬৫ নং পৃষ্ঠালৈকৈ বিস্তাৰিত ভাবে লিপিবদ্ধ হৈছে। এই সফল সংৰক্ষণৰ প্ৰক্ৰিয়া, যাক সমগ্র দক্ষিণ পূব এছিয়াৰ উল্লেখযোগ্য সংৰক্ষণ পদক্ষেপ বুলি বিবেচিত কৰা হৈছে।  Communities and Conservation নামৰ মূল্যৱান কিতাপত লিপিবদ্ধ কৰা হৈছে নেচাৰ্চ বেকনৰ সোণালী বান্দৰৰ সংৰক্ষণৰ প্ৰক্ৰিয়া। যাক অনুমোদন জনাইছে, __ United Nation Educational Scintific and Cultural Organization ( UNESCO )  ই।  ইয়াতকৈ আমাৰ আনন্দৰ কথা কি জানা তুমি…? কি…? চক্ৰশীলাৰ সোণালী বান্দৰৰ বিষয়ে এখন ৬০ মিনিটৰ সম্পূর্ণ তথ্যচিত্র দূৰদৰ্শনৰ বাবে প্ৰস্তুত কৰা হৈছে। তথ্যচিত্ৰৰ কথা কোৱাৰ লগে লগেই মই তেখেতক প্ৰশ্ন কৰিলোঁ, কি কয়, সঁচাকৈ নে…?  সচাঁ।

_ ইয়াৰ ওপৰত তথ্যচিত্র নিৰ্মাণ কৰিছিল যদি তেন্তে কৰিছিল কোনে…? এই নিৰ্মাতা আৰু পৰিচালনা গৰাকী বাৰু কোন…?

                 বিখ্যাত তথ্যচিত্র নিৰ্মাতা তথা পৰিচালক গৌতম বৰা ডাঙৰীয়াই। চক্ৰশীলাৰ সোণালী বান্দৰৰ সম্পর্কত তথ্যচিত্র নিৰ্মাণ কৰি উলিয়াইছে। পলকতে মোৰ মনটো আনন্দৰে ভৰি পৰিছিল। তাৰ পাছত!

তাৰ পাছত কি জানা; উল্লেখযোগ্য যে_  চক্ৰশীলাত লোৱা এটা সোণালী বান্দৰৰ ছবি BBC ৰ আলোকচিত্র প্ৰতিযোগিতাত পুৰস্কৃত হৈছে। পৰবৰ্তী সময়ত সেই ছবিৰ প’ষ্টাৰ নিৰ্মাণ কৰি BBC এ সোণালী বান্দৰ আৰু তাৰ বাসস্থান  সংৰক্ষণৰ বাবে সমগ্র বিশ্বতে প্ৰচাৰ চলোৱাৰ কাম কৰিছিল। সোণালী বান্দৰৰ ছবি লোৱা এই আলোকচিত্র শিল্পী জনৰ নাম ইলিঅ’ ডেলা ফেৰেৰা। তেওঁ এজন বিশ্ববিখ্যাত আলোকচিত্র শিল্পী , আৰু ইটালী দেশৰ নাগৰিক। বৰ্তমান সোণালী বান্দৰৰ লগে লগে অসমৰ সকলো প্ৰজাতিৰ বান্দৰ সংৰক্ষণৰ বাবে আমাৰ ইয়াত কাম কৰি থকা হৈছে। আন্তর্জাতিক পৰ্যায়ত এই সংৰক্ষণ প্ৰক্ৰিয়াক সহযোগিতা কৰিছে International Primate Protection Leauge (  IPPL ) । বৰ্তমানেও চক্ৰশীলাক কেন্দ্র কৰি সোণালী বান্দৰ সংৰক্ষণৰ কাম অব্যাহত আছে।

অভয়াৰণ্যৰ মাজে মাজে সেউজীয়াৰ লগতে তাৰ পৰা চেঁচা কোমল বতাহজাক গাত লৈ খোঁজ কাঢ়ি আহি  আৰু লগতে অৰণ্য খনৰ প্ৰয়োজনীয় তথ্যসমূহ গোটাই লৈ এটা মুকলি স্থান ওলালোহি। ঠাইডোখৰ খুব ধুনীয়া আছিল।  তাত কিছু সময়ৰ বাবে ৰৈ মোৰ মনত  জাগ্রত হোৱা এটা প্ৰশ্ন সুধিলোঁ; _ আপুনি মোক কওকচোন; এই অৰণ্য খন যদি উজনি অসমৰ লোকে চাবলৈ আহে তেন্তে সুবিধাটো কোনফালে…?  মোৰ মুখত এনে এটা সুন্দৰ প্ৰশ্ন শুনি লগে লগে উত্তৰ দিলে। শুনা! উজনি অসমৰ পৰা নামনিমুৱা অহা প্ৰতিখন ট্ৰেইন  কোকৰাঝাৰ ষ্টেচনত ৰয়। কোকৰাঝাৰৰ পৰা শ্বেয়াৰ টেক্সি নাইবা গাড়ী ভাড়া কৰি বাঁহবাৰী নামৰ স্থান হৈ দামোদৰপুৰ হৈ ঝোৰনাগৰা গাঁৱলৈ আহক! নহ’লে কোকৰাঝাৰৰ পৰা শিলগাৰা নামৰ স্থান হৈ  শালকোচা গাওঁ, তাৰপৰা ঝোৰনাগৰা গাঁৱলৈ আহক! অৰ্থাৎ, কোকৰাঝাৰ শিলগাৰা হৈ শালকোচা হৈ_ ঝোৰনাগৰা গাঁও। এই দুটা পথেৰে টেম্পো, মেজিক, শ্বেয়াৰ টেক্সি ইত্যাদি চলে। আপুনি নিজৰ গাড়ী লৈ আহিলেও এইদৰে আহিব লাগিব।

লেখকঃ মুন ৰাজবংশী

এখন আৱেগিক ফটোঃ ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত আৱেগিক ৰোহিত শৰ্মা…

ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত আৱেগিক হোৱা দেখা গ’ল ৰোহিত শৰ্মাক।

টি-২০ বিশ্বকাপ ২০২৪ৰ কালিৰ চেমি ফাইনেল খেলখনত টীম ইণ্ডিয়াই ইংলেণ্ডক পৰাস্ত কৰি ফাইনেল খেলাৰ সুযোগ লাভ কৰিলে।

ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত ৰোহিত শৰ্মাৰ চকুত চকুলো দেখা পোৱা গ’ল।

ৰোহিত শৰ্মাৰ কাষৰত বিৰাট কোহলীক দেখা গ’ল হয়তো বিৰাটে ৰোহিতক অভিনন্দন জনাইছে।

গুৱাহাটীত প্রথম ৰাষ্ট্রীয় বাস্কেটবল চেম্পিয়নশ্বিপ

২০২৫ বর্ষৰ গুৱাহাটীত অনুষ্ঠিত হ’ব ২৩ বছৰ অনূর্ধ্বৰ প্রথম ৰাষ্ট্রীয় বাস্কেটবল চেম্পিয়নশ্বিপ ৷ গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে অসম বাস্কেটবল সংস্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শর্মাই ৷ তেওঁ সদৰী কৰা অনুসৰি অসম বাস্কেটবল সংস্থাৰ বাবে এয়া ঐতিহাসিক দিন৷ ২৫ বছৰ পিছত সংস্থাই ২৩ বছৰ অনূর্ধ্বৰ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে ৷ অসম বাস্কেটবল সংস্থাক আগবঢ়াই নিয়াৰ প্রয়াস অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে গ্রাম্য অসমৰ পৰা প্রতিভাসমূহক উলিয়াই আনি ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রদর্শন কৰাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ যি সপোন, সেয়া পূৰণ কৰাৰ প্রয়াসেৰে অসম বাস্কেটবল সংস্থাক এখোজ এখোজকৈ আগবঢ়াই নিয়া হৈছে ৷

ইফালে, একেখন সংবাদ মেলতে বাস্কেটবল সংস্থাৰ সভাপতি, প্রাক্তন বিধায়ক তথা প্রাক্তন সাংসদ পল্লৱলোচন দাসে আগন্তুক সময়ত আয়োজন কৰিবলগীয়া কেইবাটাও প্রতিযোগিতাৰ বিষয়ে উল্লেখ কৰে ৷ দাসে প্রকাশ কৰা অনুসৰি অহা ৬ জুলাইৰ পৰা ৯ জুলাইলৈ কোকৰাঝাৰত ১৯ বছৰ অনূর্ধ্বৰ আৰু ১৭ বছৰ অনূর্ধ্বৰ আন্তঃজিলা বাস্কেটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব ৷ তদুপৰি ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ নগাঁৱত খেলো ইণ্ডিয়া মহিলা লীগ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব৷ এনে প্রতিযোগিতাসমূহৰ পৰা অসমৰ বহু প্রতিভাৱান খেলুৱৈ বাছনি কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ প্রকাশ কৰে৷ আনহাতে অহা ৩ৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ২৩ বছৰ অনূর্ধ্বৰ প্রথম ৰাষ্ট্রীয় বাস্কেটবল চেম্পিয়নশ্বিপত প্রায় ৩০টা পুৰুষ আৰু মহিলাৰ দলে অংশগ্রহণ কৰিব বুলিও দাসে সদৰী কৰে৷ তেওঁ কয়– ‘পুৰুষ আৰু মহিলাৰ ৩০টা দলৰ উপৰি আন আন বিষয়াসকল চেম্পিয়নশ্বিপৰ সময়ত অসমলৈ আহিব৷ খেলুৱৈ আৰু বিষয়ববীয়াসহ প্রায় ১,২০০ লোক সমৱেত হ’ব ৷ তেওঁলোকক আমি আপ্যায়ন কৰিব লাগিব৷ এই ক্ষেত্রত আমি এটা মান আৰু সূচক নির্ধাৰণ কৰিব বিচাৰিছোঁ, যাতে অসমৰ মান সর্বভাৰতীয় পর্যায়ত অনুভৱ কৰিব পাৰে৷’

T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত, ছেমি ফাইনেলত ৬৮ ৰানত জছ বাটলাৰ বাহিনীক পৰাস্ত টীম ইণ্ডিয়াৰ…

T20 বিশ্বকাপ ২০২৪ৰ ট্রফীলৈ আৰু এটা খোজ বাকী৷

T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ৷

ছেমি ফাইনেলত ইংলেণ্ডক সহজে পৰাস্ত কৰিলে টীম ইণ্ডিয়াই৷

৬৮ ৰানত পৰাজিত জছ বাটলাৰ বাহিনী৷

লখিমপুৰৰ সোৱণশিৰিত ব্ৰজপাতত ১৭ টা গৰুৰ মৃত্যুঃ কৃষক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি…

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত  সোৱণশিৰিৰ বালি চাপৰিত ভয়ংকৰ ব্ৰজপাতত মুঠ ১৭ টা গো-ধন তথা গৰুৰ মৃত্যু হৈছে৷ ইয়াকে লৈ নৈপৰীয়া কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণি মতে সোৱণশিৰিৰ বালি চাপৰি গাঁৱৰ ৰাইজে প্ৰতিটো দিনে শ শ গৰুকে ধৰি নিজৰ অন্য পোহনীয়া জন্তুসমূহ খাদ্যৰ বাবে সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়ে৷ আজিও পোহনীয়া জন্তুসমূহ সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়া হৈছিল৷ কিন্তু বিয়লি ১ বজাত হোৱা কেবাটাও হোৱা তীব্ৰ ব্ৰজপাতত মুঠ ১৭ টা গো-ধনৰ মৃত্যু হৈছে৷ ব্ৰজপাতৰ গতি ইমানেই ভয়ংকৰ আছিল যে  প্ৰতিটো ব্ৰজপাততে তিনি-চাৰিটাকৈ গো-ধন নিথৰভাৱে মৃত্যুক সাৱতি ল’ব লগা হয়৷নিজৰ গো-ধন চকুৰ সন্মুখতে এটাৰ পিছত আন এটা  গো-ধনৰ আকস্মিক মৃত্যু দেখি গৰখীয়াসকল নিৰ্বাক-নিস্পন্দন হৈ পৰে৷

একেদৰে নিজৰ মৰমৰ পোহনীয়া গো-ধনবোৰ ব্ৰজপাতত মৃত্যু হোৱা দেখি গো-ধনৰ মালিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখনীয় যে, সম্প্ৰতি কৃষিকৰ্মত আধুনিক যন্ত্ৰপাতিয়ে কৃষিকৰ্মৰ দ্ৰুত কৰি তুলিলেও সোৱণশিৰিপৰীয়া কৃষিজীৱি ৰাইজৰ বাবে পোহনীয়া জীৱ-জন্তুৱে জীৱন-জীৱিকাৰ মূল সম্বল৷ এনে পৰিপ্ৰেক্ষিতত একেদিনাই ১৭ টাকৈ গো-ধনৰ মৃত্যৱে সোৱণশিৰিপৰীয়া কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷

মোবাইল ব্যৱহাৰকাৰীৰ বাবে দু:খবৰ! পুনৰ বৃদ্ধি হ’ব মোবাইলৰ ৰিচাৰ্জৰ ব্যয়


মোবাইল ব্যৱহাৰকাৰীৰ বাবে দু:খবৰ! পুনৰ বৃদ্ধি হ’ব মোবাইলৰ ৰিচাৰ্জৰ ব্যয়
5জি স্পেকট্ৰাম

বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। ইয়াৰ মাজতে আন এক দু:খবৰ। স্পেকট্ৰাম নিলাম সমাপ্ত হোৱাৰ পাছত টেলিকম কোম্পানীবোৰে এতিয়া নিৰিখ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাই আছে। বিশেষজ্ঞসকলৰ মতে, জুলাইৰ পৰা ১৫-২০% হাৰত বৃদ্ধি হ’ব পাৰে মোবাইল ৰিচাৰ্জৰ ব্যয়। যাৰ ফলত অধিক ব্যয়বহুল হ’ব মোবাইলৰ ব্যৱহাৰ । টেলিকম কোম্পানীবোৰেও হেডলাইন টেৰিফ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই বৃদ্ধি প্ৰিপেইড আৰু পোষ্টপেইড দুয়োটাতে দেখা যাব পাৰে। কোম্পানীবোৰে নিলামত ১১,৩৪০ কোটি টকা ব্যয় কৰিছে।

জুলাইৰ পৰা ১৫-২০% হাৰত বৃদ্ধি হ’ব পাৰে মোবাইল ৰিচাৰ্জৰ ব্যয়। এই বৃদ্ধি প্ৰিপেইড আৰু পোষ্টপেইড দুয়োটাতে দেখা যাব পাৰে। কোম্পানীবোৰে নিলামত ১১,৩৪০ কোটি টকা ব্যয় কৰিছে। এতিয়া কোম্পানীবোৰে সেই খৰচটো পুনৰুদ্ধাৰ কৰাৰ চেষ্টা চলাব। শেষবাৰৰ বাবে ২০২১ চনৰ ডিচেম্বৰত হেডলাইন টেৰিফ বৃদ্ধি কৰা হৈছিল। তেতিয়াৰ পৰা, কোম্পানীবোৰে কেৱল তেওঁলোকৰ বেচ পেক বৃদ্ধি কৰিছিল। এইটোও কোৱা হৈছে যে এই বৃদ্ধিৰ পৰিমাণ প্ৰথমে ভাৰতীয় এয়াৰটেলে ঘোষণা কৰিব পাৰে।

এক্সিছ কেপিটেলৰ কাৰ্যবাহী সঞ্চালক গৌৰৱ মালহোত্ৰাই কৈছে টেলিকম কোম্পানীবোৰৰ শুল্কৰ নিৰিখ বৃদ্ধিৰ প্ৰভাৱ তেওঁলোকৰ ষ্টকৰ ওপৰত দেখা যাব পাৰে। তেওঁৰ মতে, ভাৰতীয় এয়াৰটেলৰ শ্বেয়াৰে আগন্তুক সময়ত ১৫৩৪ টকাৰ লক্ষ্যত উপনীত হ’ব পাৰে। ৰিলায়েন্সৰ শ্বেয়াৰটো একেই পৰিস্থিতি দেখা যাব। ই শীঘ্ৰে ৩৫১২ টকাৰ লক্ষ্য স্পৰ্শ কৰা দেখা যাব।

চৰকাৰে স্পেকট্ৰাম নিলামৰ পৰা ইমান উপাৰ্জন কৰিছিল?

চৰকাৰে স্পেকট্ৰাম নিলামৰ বাবে ৯৬,২৩৮ কোটি টকাৰ সংৰক্ষিত দাম নিৰ্ধাৰণ কৰিছিল। কিন্তু দ্বিতীয় দিনা নিলাম সমাপ্ত নোহোৱালৈকে চৰকাৰে মাত্ৰ ১১,৩৪০.৭৮ কোটি টকাৰ নিবিদা লাভ কৰিছিল। তিনিটা টেলিকম কোম্পানীয়ে ১৪১.৪ মেগাহাৰ্জ স্পেকট্ৰাম ক্ৰয় কৰিছে। মঙলবাৰে মোবাইল স্পেকট্ৰামৰ নিলাম আৰম্ভ হৈছিল। বুধবাৰে পুৱা ১০ বজাত নিলাম আৰম্ভ হোৱাৰ কেইঘণ্টামান পাছতে সমাপ্ত হৈছিল। এই দুদিনীয়া নিলাম প্ৰক্ৰিয়াত ভাৰতী এয়াৰটেল স্পেকট্ৰাম ক্ৰয়ৰ ক্ষেত্ৰত শীৰ্ষত আছিল। ই মুঠ ৬,৮৫৬.৭৬ কোটি টকাৰ স্পেকট্ৰাম ক্ৰয় কৰিছিল।

দেশৰ সৰ্ববৃহৎ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই ৯৭৩.৬২ কোটি টকাৰ স্পেকট্ৰামত নিবিদা দিছিল। ভোডাফোন আইডিয়াই প্ৰায় ৩,৫১০.৪ কোটি টকাৰ স্পেকট্ৰামৰ বাবে নিবিদা দিছে। মুঠতে, চৰকাৰে এই স্পেকট্ৰাম নিলামৰ পৰা মুঠ ১১,৩৪০.৭৮ কোটি টকা লাভ কৰিছে। চৰকাৰে স্পেকট্ৰাম নিলামৰ পৰা ৯৬,২৩৮ কোটি টকা সংগ্ৰহ কৰিব বুলি আশা কৰিছিল। কিন্তু মাত্ৰ ১২ শতাংশ লাভ কৰিছিল।

নলবাৰীত কেবিনেট বৈঠক সমাপ্ত কৰি ড⁰ হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰত উপস্থিত হয়

নলবাৰীত কেবিনেট বৈঠক সমাপ্ত কৰি পোনে পোনে বৰপেটালৈ ৰাওণা হয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা ৷

মুখ্যমন্ত্ৰীৰ সৈতে বৰপেটা সত্ৰত উপস্থিত বৰপেটাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰ ৷

মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ প্ৰথমতে সত্ৰৰ মঠৰ চোতালত সত্ৰত সেৱা লয় ৷

বৰপেটা সত্ৰৰ বুঢ়াভকত হেমেন বাপ আৰু ডেকাসত্ৰীয়া গৌতম পাঠক বাপজনাই আশীষ নিৰ্মালী প্ৰদান কৰে ৷


মুখ্যমন্ত্ৰীয়ে সত্ৰৰ মুল কীৰ্তনঘৰৰ টিনপাত সলনি কৰি নতুন টিনপাত লগোৱা কাৰ্যৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পিচতে মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতিৰ সৈতে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ত আলোচনাত মিলিত হয়

বৰক্ষেত্ৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

বৰক্ষেত্ৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

মথাউৰি সুৰক্ষাৰ বাবে ৩০০ মিটাৰ দৈৰ্ঘ্যত শীঘ্ৰে বহল কৰাৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নলবাৰী জিলাত অনুস্থিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অংশ লোৱাৰ পাছত বৰক্ষেত্ৰী সমষ্টিৰ ৩নং লাৰকুছি (গোৰাক্ষাট্টাৰী) গাঁও পৰিভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা সমস্যাৰ বুজ লয় ।

মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ২০০ বছৰ পাৰ কৰা ঐতিহ্যমণ্ডিত বাৰগোপাল থানৰ প্ৰাংগণত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি খহনীয়া সমস্যাৰ সমাধানৰ ব্যৱস্থা হাতত লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে ।

ইতিমধ্যেই খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে জৰুৰীকালীনভাৱে পদক্ষেপ গ্ৰহণ কৰি জিঅ’ বেগ, পাৰ্কুপাইন আদিৰ সহায়ত ক্ষিপ্ৰতাৰে কাম কৰি আছে। জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাক জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি পৰিদৰ্শনৰ সময়ত মথাউৰিটো প্ৰায় ৩০০ মিটাৰ দীঘল অংশত ১০ ফুট মান বহলকৈ সম্প্ৰসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক উদ্দেশ্যি কয় যে ঐতিহ্যমণ্ডিত এই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব । আগন্তুক খৰালিৰ দিনত বিভাগে জিঅ’ টিউবৰ সহায়ত অঞ্চলটোত স্থায়ী প্ৰতিৰোধৰ কাম হাতত ল’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।