Home Blog Page 71

Nepal Burning: ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিও ৰক্ষা পোৱা নাই চৰকাৰঃ প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ, প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ৰাষ্ট্ৰপতি-নেতা-মন্ত্ৰীৰ ঘৰ

প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ
প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ

নৈৰাজ্যই ছানি ধৰিছে (Nepal Burning) হিমালয়ৰ কোলাত অৱস্থিত নেপাল। এপিনৰ পৰা জ্বলি গৈছে প্ৰধানমন্ত্ৰী, মন্ত্ৰীৰ ঘৰ। কালি আৰক্ষীৰ গুলীচালনাত ২০ জন প্ৰতিবাদকাৰী নিহত হোৱাৰ পিছত মঙলবাৰে পুৱাই নেপালৰ চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। কিন্তু ইমানৰ পিছতো শান্ত হোৱা নাই নেপাল। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা জাৰি আৰু চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰা হিংসাত্মক প্ৰতিবাদৰ মাজতে মঙলবাৰে নেপালৰ খদগা প্ৰসাদ শৰ্মা অলিয়ে পদত্যাগ কৰে । তেওঁৰ কাৰ্যালয়ত শ শ প্ৰতিবাদকাৰী প্ৰৱেশ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী অলিয়ে পদত্যাগ কৰে ৷ সোমবাৰে চলা হিংসাত্মক প্ৰতিবাদত কমেও ২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০০ ৰো অধিক লোক আহত হৈছিল । মঙলবাৰে পুৱা চৰকাৰে ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলেও সমগ্ৰ কাঠমাণ্ডুত জাৰি কৰা সান্ধ্য আইন উলংঘা কৰি আন্দোলনকাৰীয়ে পুনৰ প্ৰতিবাদ আৰম্ভ কৰে ৷চৰকাৰ বিৰোধী এই ভয়ংকৰ প্ৰতিবাদৰ এদিন পিছতে প্ৰতিবাদকাৰীসকলে নেপালৰ একাংশ বিৰোধী শীৰ্ষ ৰাজনৈতিক নেতাৰ ঘৰত অগ্নিসংযোগ কৰে ৷

স্থানীয় সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা ভিডিঅ’সমূহত দেখা গৈছে যে কাঠমাণ্ডু আৰু ইয়াৰ আশে-পাশে থকা শীৰ্ষ ৰাজনৈতিক নেতাৰ বাসগৃহত প্ৰতিবাদকাৰীসকলে আক্ৰমণ চলাইছে ।অগ্নিসংযোগ কৰা ঘৰসমূহৰ ভিতৰত আছে – বৃহত্তম দল নেপালী কংগ্ৰেছৰ নেতা শ্বেৰ বাহাদুৰ দেউবা, ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল, গৃহমন্ত্ৰী ৰমেশ লেখক আৰু নেপালৰ কমিউনিষ্ট দলৰ নেতা মাওবাদী পুষ্পকমল দাহালৰ ঘৰ । বৰ্তমানৰ বৈদেশিক মন্ত্ৰী দেউবাৰ পত্নী আৰ্জু দেউবা ৰাণাৰ মালিকানাধীন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷দেশখনৰ চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে প্ৰতিবাদৰ অংশ হিচাপে সোমবাৰে সংসদত আক্ৰমণমূলক কাৰ্য সংঘটিত হৈছিল ৷ দুৰ্নীতিৰ বাবে দোষী সাব্যস্ত হোৱা ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে সাধাৰণ লোকৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা হতাশা আৰু ক্ষোভে এই প্ৰতিবাদত ইন্ধন যোগাইছিল ।ৰাজধানী চহৰখনত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি কৰাৰ পাছতো মঙলবাৰে কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

প্ৰতিবাদকাৰীসকলে ‘‘চৰকাৰক হত্যাকাৰীৰ দৰে শাস্তি দিয়ক, শিশু হত্যা বন্ধ কৰক’’ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ৷ইপিনে আৰক্ষীয়ে লাউডস্পীকাৰৰ জৰিয়তে প্ৰতিবাদকাৰীসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় । প্ৰতিবাদকাৰীৰ ক্ষোভ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী খদগা প্ৰসাদ অলি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পায় ৷এগৰাকী প্রতিবাদকাৰীয়ে কয়, ‘‘যেতিয়ালৈকে এই চৰকাৰ ক্ষমতাত থাকিব, তেতিয়ালৈকে আমাৰ দৰে লোকে কষ্ট ভোগ কৰি থাকিব । কালি তেওঁলোকে ইমানবোৰ যুৱকক হত্যা কৰিলে, যিসকলৰ বহুতো সপোন আছিল, এতিয়া তেওঁলোকে সহজেই আমাক সকলোকে হত্যা কৰিব পাৰিব । এই চৰকাৰ শেষ নোহোৱালৈকে আমি প্ৰতিবাদ কৰি যাম ।’’ফেচবুক, এক্স, ইউ টিউবকে ধৰি কেইবাটাও বহুলভাৱে ব্যৱহৃত ছ’চিয়েল ছাইট পঞ্জীয়ন আৰু চৰকাৰী নিৰীক্ষণত জমা দিয়াৰ নতুন নিয়ম মানি চলাত ব্যৰ্থ হোৱাৰ বাবে নেপাল চৰকাৰে যোৱা সপ্তাহত বন্ধ কৰি দিছিল ৷সোমবাৰে কাঠমাণ্ডুত চৰকাৰৰ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগতে সংসদ ভৱনটো ঘেৰি ধৰে ৷ যাৰ ফলত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাত ২০ জন লোকৰ মৃত্যু ঘটে ।প্ৰতিবাদকাৰীসকলে ‘‘ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা উঠাই লওক, দুৰ্নীতি বন্ধ কৰক, ছ’চিয়েল মিডিয়া নহয়’’ আদি ধ্বনিৰে কঁপাই তোলে কাঠমাণ্ডুৰ ৰাজপথ ৷সোমবাৰৰ এই প্ৰতিবাদক জেন জেডৰ প্ৰতিবাদ বুলি অভিহিত কৰা হৈছে ৷

আহত কেইবাজনো প্ৰতিবাদকাৰীক দেশখনৰ আগশাৰীৰ চিকিৎসালয় নেশ্যনেল ট্ৰমা চেণ্টাৰলৈ নি চিকিৎসা প্ৰদান কৰা হয় ।পদত্যাগী প্ৰধানমন্ত্ৰী অলিয়ে এক বিবৃতিত কয় যে তেওঁ ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ এখন তদন্ত সমিতি গঠন কৰি আছে আৰু মৃতকক ক্ষতিপূৰণ আৰু আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব ।উল্লেখ্য যে, সোমবাৰে মাজনিশা অনুষ্ঠিত জৰুৰীকালীন কেবিনেট বৈঠকত পদত্যাগ কৰে গৃহমন্ত্ৰী ৰমেশ লেখকে ।সকলো অশান্তিৰ মূলতে ছ’চিয়েল মিডিয়াত জাৰি কৰা নিষেধাজ্ঞানেপাল চৰকাৰে প্লেটফৰ্মসমূহ “সঠিকভাৱে পৰিচালিত, দায়িত্বশীল আৰু জবাবদিহি” কৰাটো নিশ্চিত কৰাৰ লক্ষ্যৰে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণৰ বিস্তৃত প্ৰচেষ্টা চলোৱাৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । এই প্ৰস্তাৱক চেঞ্চৰশ্বিপৰ মাধ্যম আৰু অনলাইনত প্ৰতিবাদ কৰা চৰকাৰ বিৰোধীক শাস্তি দিয়াৰ উপায় বুলি ব্যাপক সমালোচনা কৰা হৈছে ।

Gandhi Shilp Bazar: বড়াগাঁৱত গান্ধী শিল্প বজাৰত সাংস্কৃতিক সন্ধিয়া…

Gandhi Shilp Bazar: বড়াগাঁৱত গান্ধী শিল্প বজাৰত সাংস্কৃতিক সন্ধিয়া...
Gandhi Shilp Bazar: বড়াগাঁৱত গান্ধী শিল্প বজাৰত সাংস্কৃতিক সন্ধিয়া...

ভাৰত চৰকাৰৰ হস্তশিল্প উন্নয়ন (Gandhi Shilp Bazar)আয়ুক্তৰ সৌজন্যত অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডে যোৱা ২ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ পশ্চিম বৰাগাঁও প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত কৰিছে ‘গান্ধী শিল্প বজাৰ’ (ৰাষ্ট্ৰীয়) , ২০২৫-২৬।

যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে এই মেলা উপলক্ষে উদ্যোক্তা সকলে আয়োজন কৰিছিল এক সাংস্কৃতিক সন্ধিয়াৰ l লোকে-লোকাৰন্য হৈ পৰা এই সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট অভিনেতা, সাংস্কৃতিক কৰ্মী শ্ৰী বিশ্বজিৎ বৰ্মনে l ভাষণ প্ৰসংগত শ্ৰী বৰ্মনে বিশ্ব বজাৰত অসমৰ হস্ততাঁত আৰু হস্তশিল্প জাত সামগ্ৰী সমূহৰ ব্যাপক চাহিদাৰ কথা উল্লেখ কৰি এই সামগ্ৰী সমূহ উৎপাদন কৰি শিপিনী তথা কাৰিকৰ সকলক স্বনিয়োজনৰ পথ মোকলাই লবলৈ আহ্বান জনায় l অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰবক্তা অনুৰাধা বৰ্মন, শ্ৰী কন্দৰ্প কুমাৰ নাথ, শ্ৰী ক্ষিতিশ হাজৰিকা, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰদৰ্শক মল্লিকা গোস্বামীl ভাষণ প্ৰসংগত শ্ৰী অনুৰাধা বৰ্মনে অসমীয়া শিল্পীৰ যাদুকৰী হাতৰ পৰসত প্ৰাণ পাই উঠা হস্তশিল্প জাত সামগ্ৰী সমূহৰ থাকে এক মনোমোহা ৰূপ l তেখেতে বাজাৰৰ চাহিদা অনুসৰি সামগ্ৰী উৎপাদনত গুৰুত্ব দিবলৈ কাৰিকৰ সকলক কয়l কন্দৰ্প নাথ আৰু শ্ৰী ক্ষিতিশ হাজৰিকাই তেঁওলোকৰ ভাষণত হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীৰ বাবে অনলাইন মাৰ্কেটিঙত গুৰুত্ব দিবলৈ আহবান জনায় l উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ মহপ্ৰবন্ধক ড জয়ন্ত দেৱ শৰ্মা আৰু উপ মহাপ্ৰবন্ধক শ্ৰীধীৰাজ শৰ্মাও উপষ্ঠিত আছিলl


ইয়াৰ পাছতেই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যক্ৰম আৰম্ভ হয় l জালুকবাৰী মহিলা সমিতিৰ সদস্য সকলে পৰিৱেশন কৰা সমৱেত সংগীতৰ পাছতে শ্ৰী নাৰায়ন দাস, কাব্য কণকনা কলিতা, লঘনো ৰাভা, মনস্বিনি ঈশানী গৌতম, লক্ষেস্বৰ নাথ, মনিৰূপা মিশ্ৰ, ৰাজ নাভো শৰ্মা, ড ভূপেন্দ্ৰ নাথ শৰ্মা, হিৰামনি দেৱী, ৰোহিত কুমাৰ, ৰুণু চৰকাৰ, নীৰেন বৈশ্য প্ৰমুখ্যে ন-পুৰণি শিল্পী সকলে গীত, আবৃত্তি পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে l সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যক্ৰমটো আতধৰে শ্ৰী মনাস্বিনি ঈশানি গৌতমে l সংস্কৃতিৰ সৈতে সংগীতৰ যেনেদৰে সম্পৰ্ক তেনেদৰে হস্ততাঁত আৰু হস্তশিল্পও অপৰিহাৰ্য্য অংগl

Japan’s Prime Minister: পদত্যাগৰ কথা ঘোষণা জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ

পদত্যাগৰ কথা ঘোষণা জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ
পদত্যাগৰ কথা ঘোষণা জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ

ৰাজনৈতিক ঘটনাক্ৰমৰ (Japan’s Prime Minister) পৰিণতিত পদত্যাগৰ কথা ঘোষণা কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই। শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীক বিভাজনৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ।জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত ঐতিহাসিক পৰাজয়ৰ দায়িত্ব ল’বলৈ নিজৰ দলৰ পৰা দাবী বৃদ্ধি পোৱাৰ পিছত দেওবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাই পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

এই তথ্য জাপানৰ এন এইচ কে ৰাজহুৱা টেলিভিছনৰ বাতৰিয়ে এই কথা নিশ্চিত কৰিছে ।অক্টোবৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা ইছিবাই এমাহতকৈ অধিক সময় ধৰি নিজৰ দলৰ ভিতৰতে বেছিভাগ সোঁপন্থী বিৰোধীৰ দাবীক প্ৰতিহত কৰিছিল ।তেওঁৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীয়ে আগতীয়াকৈ নেতৃত্বৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ লৈছে ।

কিয়নো সেয়া অনুমোদন হ’লে তেওঁৰ বিৰুদ্ধে অনাস্থাৰ ভোট হ’ব ।জুলাই মাহত ইছিবাৰ শাসকীয় মিত্ৰজোঁটে উচ্চ সদনত ২৪৮ আসনৰ এক গুৰুত্বপূৰ্ণ সংসদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ ফলত তেওঁৰ চৰকাৰৰ স্থিতিশীলতা আৰু অধিক দুৰ্বল হৈ পৰে । সোমবাৰৰ ভোটদানৰ পূৰ্বে ইছিবাক পদত্যাগ কৰাৰ পৰামৰ্শ দিয়া কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমি আৰু তেওঁৰ কথিত গুৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী যোছিহিদে ছুগাৰ সৈতে শনিবাৰে হোৱা বৈঠকৰ পিছতে তেওঁ এই সিদ্ধান্ত লয় ।

যি সময়ত জাপানে আমেৰিকাৰ শুল্ক আৰু অৰ্থনীতিত ইয়াৰ প্ৰভাৱ, বৰ্ধিত মূল্য, ৰাইচ পলিচিৰ সংস্কাৰ আৰু অঞ্চলটোত ক্ৰমবৰ্ধমান উত্তেজনাকে ধৰি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সময়ত ৰাজনৈতিক শূন্যতা এৰাই চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইছিবাক সেই পদত থাকিবলৈ তেওঁলোকে জোৰ দিছিল ।

Forest Encroachment: বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসমঃ ৩৬২০.৯ বৰ্গ কিলোমিটাৰ বনভূমি বেদখলকাৰীৰ কৱলত

Forest Encroachment
Forest Encroachment

অসম বনভূমিৰে (Forest Encroachment) ভৰা ৰাজ্য যদিও বেদখলকাৰীয়ে এতিয়া ৰাজ্যৰ বনভূমিক এপিনৰ পৰা গ্ৰাস কৰি যোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বহু বনভূমিত এতিয়া জনবহুল গাওঁলৈ ৰূপান্তৰিত হৈছে। বনভূমিত হোৱা বেদখল উচ্ছেদ কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মাজতে প্ৰকাশ পাইছে আন এক তথ্য। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম।


প্ৰতিবেদন উল্লেখ কৰা মতে অসমৰ মুঠ ৩,৬২,০৯০ হেক্টৰ (৩৬২০.৯ বৰ্গ কিলোমিটাৰ) বনভূমি বেদখলকাৰীৰ কবলত আছে। দেশৰ ভিতৰত মধ্যপ্ৰদেশে প্ৰথম স্থানত আছে, ৰাজ্যখনৰ ৫,৪৬,০৮৯.৪৫ হেক্টৰ বনভূমি বেদখল হৈছে। তৃতীয় স্থানত আছে কৰ্ণাটক, ৰাজ্যখনৰ ৮৬,৩০৮.৪৪ হেক্টৰ ভূমি বেদখলৰ কবলত আছে। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা অধিক গুৰুতৰ। অৰুণাচল প্ৰদেশত ৫৩,৪৯৯.৯৬ হেক্টৰ, মিজোৰামত ২৪,৭২৩ হেক্টৰ, ত্ৰিপুৰাত ৪,২৮২ হেক্টৰ, মণিপুৰত ৩,২৭০ হেক্টৰ আৰু ছিক্কিমত ৪৬৯ হেক্টৰ বনভূমিৰ বেদখল হৈছে।২০২১ চনৰ পৰা ২০২৫ চনৰ জুলাইলৈকে ৰাজ্য চৰকাৰে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিছে। ইয়াৰ ভিতৰত ৮৪,৭৪৩ বিঘা সংৰক্ষিত বনাঞ্চলৰ ভূমি, ৪,৬৪৩ বিঘা ভি জি আৰ আৰু পি জি আৰৰ ভূমি, ২৬,৭১৩ বিঘা চৰকাৰী ভূমি আৰু ৪,৪৪৯ বিঘা সত্র-নামঘৰ আদিৰ ভূমি অন্তৰ্ভুক্ত। এই সময়ছোৱাত প্ৰায় ১৬০ বৰ্গ কিলোমিটাৰ ভূমি বেদখলমুক্ত কৰা হৈছে আৰু ৫০ হাজাৰ লোকক উচ্ছেদ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ মুঠ ৬৩ লাখ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ দখলত আছে।ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বনভূমি বেদখলমুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে সংসদত দাখিল কৰা তথ্য অনুসৰি, ২০১৯ চনত অসমৰ মুঠ বনভূমিৰ পৰিমাণ আছিল ২৮,৩২৭ বৰ্গ কিলোমিটাৰ। কিন্তু ২০২৩ চনত এই পৰিমাণ ২৮,৩১৩.৫৬ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে, অৰ্থাৎ তিনি বছৰত ১৩.৪৫ বৰ্গ কিলোমিটাৰ বনভূমি কমিছে। ইয়াৰ বিপৰীতে, বিহাৰ, ছট্টিশগড়, গোৱা, গুজৰাট, কেৰালা আৰু ওড়িশাৰ দৰে ৰাজ্যত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। উল্লেখযোগ্যভাৱে, কেৰালাত এই সময়ছোৱাত ৯১৫.৩৬ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পাইছে।

প্ৰসংগ ক্ৰমে বনভূমিৰ হ্ৰাসৰ ফলত অসমত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত তীব্ৰ হৈ পৰিছে। বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৩৮৩ জন লোকৰ মৃত্যু হৈছে, আৰু গত বছৰত বাঘৰ আক্ৰমণত চাৰিজনৰ মৃত্যু হৈছে। তথ্য অনুসৰি, ২০১৯-২০ত ৭৫ জন, ২০২০-২১ত ৯১ জন, ২০২১-২২ত ৬৩ জন, ২০২২-২৩ত ৮০ জন আৰু ২০২৩-২৪ত ৭৪ জন লোক হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে।

ইফালে, বন্যপ্ৰাণীৰ ক্ষতিও উল্লেখযোগ্য। বিগত পাঁচ বছৰত ৰে’লৰ খুন্দাত ২৪টা হাতীৰ মৃত্যু হৈছে, বিদ্যুৎ প্ৰৱাহিত হৈ ৫৩টা হাতীৰ মৃত্যু হৈছে, আৰু চোৰাং চিকাৰীৰ হাতত ২০২২-২৩ত ২টা আৰু ২০২৩-২৪ত ১টা হাতী নিহত হৈছে।

Pramod Boro: বিপিএফৰ শাসনত বড়োভূমিত বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টনা হৈছিলঃ প্ৰমোদ বড়ো

বিপিএফৰ শাসনত বড়োভূমিত বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টনা হৈছিলঃ প্ৰমোদ বড়ো
বিপিএফৰ শাসনত বড়োভূমিত বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টনা হৈছিলঃ প্ৰমোদ বড়ো

সমাগত (Pramod Boro)বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া ইউপিপিএল দলে তেওঁলোকৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ২২ ছেপ্তেম্বৰৰ বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে দেওবাৰে ইউপিপিএল দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বাক্সা জিলাৰ মুছলপুৰত এক বৃহৎ সংকল্প সভাত অংশ লৈ প্ৰচাৰ অভিযান চলায়।

সংকল্প সভাত যথেষ্ঠসংখ্যক ৰাইজৰ উপস্থিতিত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিপিএফ দলৰ ১৭ বছৰীয়া শাসনৰ সমালোচনা কৰি সকলোকে সেই সময়ৰ বিভীষিকাময় সময়ৰ কথা মনত পেলাই দিয়ে। বড়োভূমিত বন্ধ, হিংসা, অস্ত্ৰৰ ঝনঝননিয়ে কিদৰে হাগ্ৰামাৰ শাসনৰ ১৭ বছৰক কুলষিত কৰিছিল সেই কথা ৰাজহুৱা নিৰ্বাচনী সভাত উল্লেখ কৰি প্ৰমোদ বড়োৱে লগতে কয় যে হাগ্ৰামাই বড়ো আৰু অবড়োৰ মাজত বিভেদ আনি বড়োভূমিত হত্যা-হিংসাৰ শাসন চলাইছিল। বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টানি হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে এক বিভাজনৰ ৰাজনীতি চলাইছিল।

প্ৰমোদ বড়োৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থকাৰ সময়তে অৰ্থাৎ ২০০৯ চনত অস্ত্ৰ আৰু হিংসামুক্ত বড়োলেণ্ড গঢ়াৰ সংকল্প লোৱাৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ নেতৃত্বত ইউপিপিএল দলৰ চৰকাৰে ২০২০ চনৰ পৰা বড়োভূমিত অস্ত্ৰ আৰু হিংসাক বিলুপ্ত কৰি শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

প্ৰমোদ বড়োৱে বড়োভূমিত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত বড়ো জনগোষ্ঠীৰ লগতে বড়োভূমিত বসবাস কৰা ২৬ টা সম্প্ৰদায়ৰ সম উন্নয়নৰ বাবে কাম কৰি অহাৰ বাবে বিগত পাঁচ বছৰত শান্তিৰ শাসন সম্ভৱ হৈছে বুলি দোহাৰে। যথেষ্ট সংগ্ৰামৰ মাজেৰে আগবাঢ়ি অহা বড়ো সমাজে বিপিএফৰ সময়ত স্থায়ী শান্তিৰ সমাধান সূত্ৰ নাপালে কিন্তু ইউপিপিএল দলৰ অধীনত বিগত পাঁচ বছৰত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে। বড়োভূমিত যুগে যুগে বসবাস কৰা অসমীয়া জনগোষ্ঠীবোৰৰ মাজত চলা ভ্ৰাতৃঘাটি সংঘৰ্ষৰ দিন ইউপিপিএল দলৰ ৰাজনীতিয়ে বিলোপ কৰিছে। বড়োভূমিত এতিয়া সকলো সম্প্ৰদায়ে শান্তিৰে বসবাস কৰিবলৈ সক্ষম হৈছে।

বাক্সা মুছলপুৰত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়োৰ লগতে ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী শুক্লা চৰণ সমণ্বিতে ইউপিপিএল দলৰ নেতা-কৰ্মী উপস্থিত থাকে।

Weisawdong Falls: ৰাজা ৰঘুবংশীৰ হত্যাৰ ঘটনাৰ কেইবামাহো পিছত পৰ্যটকৰ বাবে মেঘালয়ে পুনৰ মুকলি কৰিলে ৱেইছ’ডং জলপ্ৰপাত

Weisawdong Falls: ৰাজা ৰঘুবংশীৰ হত্যাৰ ঘটনাৰ কেইবামাহো পিছত পৰ্যটকৰ বাবে মেঘালয়ে পুনৰ মুকলি কৰিলে ৱেইছ’ডং জলপ্ৰপাত
Weisawdong Falls: ৰাজা ৰঘুবংশীৰ হত্যাৰ ঘটনাৰ কেইবামাহো পিছত পৰ্যটকৰ বাবে মেঘালয়ে পুনৰ মুকলি কৰিলে ৱেইছ’ডং জলপ্ৰপাত

দেশ জোকাৰি যোৱা ইন্দোৰৰ ব্যৱসায়ী ৰাজা (Weisawdong Falls) ৰঘুবংশীৰ চাঞ্চল্যকৰ হানিমুন হত্যাকাণ্ডৰ কেইবামাহো পিছত মেঘালয়ে ৱেইছ’ডং জলপ্ৰপাত আৰু কাষৰীয়া ৰিয়াট আৰ্লিয়াঙক পৰ্যটকৰ বাবে মুকলি কৰি দিছে। ৰাজ্য চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগতে দৰ্শনাৰ্থীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থাৰ কথা ঘোষণা কৰিছে।মাউফু, উমব্লাই, লাইটডুহ, আৰু লাইটলিণ্ডপৰ গাঁও নেতাসকলৰ সৈতে অতিৰিক্ত উপাযুক্ত এম.এ.চাল্লামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নতুন ব্যৱস্থা অনুসৰি ৱেইছ’ডং জলপ্ৰপাতত পৰ্যটন সম্পৰ্কীয় কাৰ্য্যকলাপ লাইটডুহ গাঁৱে তদাৰক কৰিব, আনহাতে উম্বলাই গাঁৱে পৰ্যটকৰ বাহনৰ বাবে ৰিয়াট আৰ্লিয়াং পাৰ্কিঙৰ সুবিধা পৰিচালনা কৰিব। সতৰ্কতা বা নিয়ম উলংঘাৰ যিকোনো প্ৰচেষ্টাই কঠোৰ আইনী পৰিণতিৰ সন্মুখীন হ’ব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে।চলিত সপ্তাহৰ আৰম্ভণিতে মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘুবংশীৰ হত্যাৰ ষড়যন্ত্ৰৰ বিশদ বিৱৰণ দি ৭৯০ পৃষ্ঠাৰ এক বিস্তৃত অভিযোগনামা দাখিল কৰিছিল।২৯ বছৰীয়া ৰাজাই ১১ মে’ত বিবাহপাশত আবদ্ধ হোৱা পত্নী সোণম ৰঘুবংশীৰ সৈতে হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। ইয়াৰ পিছতে ৱেইছ’ডং জলপ্ৰপাতৰ ওচৰত পচি যোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পিছত তদন্তত সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই ৰাজাক হত্যা কৰা বুলি প্ৰমাণ হৈছিল।

লগতে তিনিজন ঠিকাভিত্তিক হত্যাকাৰী—আকাশ ৰাজপুত, বিশাল চৌহান, আৰু আনন্দ কুৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল ।চাৰ্জশ্বীটৰ মতে, ৩০ মে’ত ৰাজাক জলপ্ৰপাতৰ ওচৰত হত্যা কৰা হৈছিল। ৮ জুনত উত্তৰ প্ৰদেশত সোণমে আত্মসমৰ্পণ কৰে।পাঁচজন অভিযুক্তৰ বিৰুদ্ধে হত্যা, প্ৰমাণ ধ্বংস আৰু ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ পিছতে ৱেইছ’ডং জলপ্ৰপাত
পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

Bhupen Hazarika 100th Birth Anniversary: ১০০ত ভূপেন দাঃ জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠক স্মৰণ কৰিবলৈ বিশাল আয়োজন

Bhupen Hazarika 100th Birth Anniversary
Bhupen Hazarika 100th Birth Anniversary

জন্ম শতবাৰ্ষিকীত (Bhupen Hazarika 100th Birth Anniversary) সুধাকণ্ঠক স্মৰণ কৰিবলৈ চলিছে বিশাল আয়োজন।সোমবাৰৰ পৰা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰম্ভ হোৱাৰ লগে লগে অসম এক ঐতিহাসিক সাংস্কৃতিক উদযাপনৰ সাক্ষী হ’ব। ৰাজ্য চৰকাৰৰ পৰা আৰম্ভ কৰি ছাত্ৰ সংগঠন, সাহিত্যিকৰ সংগঠন আৰু প্ৰবাসী অসমীয়ালৈ সকলোৱে , কিংবদন্তি শিল্পী , সুৰকাৰ, কবি, মানৱতাবাদী ড০ ভূপেন হাজৰিকাক সন্মান জনোৱাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ যুগুত কৰিছে।গুৱাহাটীৰ জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব জন্ম শতবৰ্ষৰ আনুষ্ঠানিক ৰাজ্যিক উদ্বোধনী অনুষ্ঠান। যাৰ গীতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰি আহিছে সেইগৰাকী মহান শিল্পীৰ স্মৃতিত কাইলৈ পুৱা ৯ বজাত স্মৃতি-তৰ্পন অনুষ্ঠানৰ আয়োজন কৰিছে চৰকাৰে। চৰকাৰৰ এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাকে ধৰি বহু মন্ত্ৰী আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব। সমান্তৰালভাৱে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

এই অনুষ্ঠানটোক “সকলোৰে বাবে প্ৰেৰণাৰ মুহূৰ্ত” আখ্যা দি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে সমগ্ৰ অসম আৰু ইয়াৰ বাহিৰত শৈক্ষিক আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি প্ৰদৰ্শনীলৈকে বছৰজোৰা অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১৩ ছেপ্টেম্বৰত ৰাজ্য ভ্ৰমণ কৰি শতবাৰ্ষিকীত অংশগ্ৰহণ কৰিব তথা নুমলীগড় শোধনাগাৰ জৈৱ শোধনাগাৰ প্ৰকল্প উদ্বোধন কৰিব।নগাঁৱৰ কুঠৰীত হাজৰিকাৰ পূৰ্বৰ ঘৰত “শতবৰ্ষৰ সন্ধ্যা”কে ধৰি জিলা পৰ্যায়ৰ বিশেষ অনুষ্ঠান উদযাপনৰ কথা ঘোষণা কৰা হৈছে। ১০ ছেপ্টেম্বৰত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ১৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত প্ৰৱেশৰ লক্ষ্যৰে মানুহে মানুহৰ বাবে গীত পৰিবেশন কৰিব । কামৰূপ মেট্ৰ’ পৰিবহণ বিভাগেও অটোৰিক্সা চালকৰ সৈতে সহযোগিতা কৰি তেওঁৰ গীত অটোৰিক্সা চলাও আমি দুই ভাই বজাই থকা পৰিলক্ষিত হৈছে। উদযাপন কৰিছে।সদৌ অসম ছাত্ৰ সন্থাই অহা ৮ ছেপ্টেম্বৰত “উদ্দীপনা” আয়োজন কৰিব, য’ত উজানবজাৰৰ শ্বহীদ ন্যাস, আৰু পিছলৈ দীঘলীপুখুৰীত কণ্ঠশিল্পীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

ইফালে, এসময়ত হাজৰিকাই সভাপতিত্ব কৰা অসম সাহিত্য সভাই ৩৩খন জিলা আৰু ১০০০ শাখাত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিব। ইউৰোপ, উত্তৰ আমেৰিকা, ৰাছিয়া, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, আৰু মধ্যপ্ৰাচ্যতো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান ওদালগুৰিৰ কলাইগাঁৱত অনুষ্ঠিত হ’ব, য’ত সাংস্কৃতিক সমাৱেশ, প্ৰতিযোগিতা, আৰু বন্তি প্ৰজ্বলন কৰা হ’ব।আৱেগিক গভীৰতা যোগ কৰি হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই পৰিয়ালৰ সৈতে আমেৰিকাৰ পৰা উৰাজাহাজেৰে আহি এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছে। ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰভাৱ বংগ, বাংলাদেশ, আৰু ইয়াৰ বাহিৰতো বিয়পি পৰিছিল।

Book launch: গুৱাহাটী প্ৰেছ ক্লাবত দীন-জ্যোতি ফাউণ্ডেশ্যনৰ তৃতীয় বাৰ্ষিক অধিৱেশন , চুমি ৰহমানৰ “সুখৰ সংজ্ঞা” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিয়ে

গুৱাহাটী প্ৰেছ ক্লাবত দীন-জ্যোতি ফাউণ্ডেশ্যনৰ তৃতীয় বাৰ্ষিক অধিৱেশন
গুৱাহাটী প্ৰেছ ক্লাবত দীন-জ্যোতি ফাউণ্ডেশ্যনৰ তৃতীয় বাৰ্ষিক অধিৱেশন

দীন-জ্যোতি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱসৰ (Book launch) সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবত তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ।বৈশানী ভৰদ্বাজৰ ভক্তি বন্দনা পৰিৱেশনেৰে শুভাৰম্ভনি হোৱা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞি।

লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বৰঠাকুৰ আইএএছ একাডেমীৰ সঞ্চালক বন্দনা বৰঠাকুৰ, সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ‌ বৰা, সাহিত্যিক অসীম শইকীয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি ।উল্লেখ্য যে, উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চুমি ৰহমানৰ “সুখৰ সংজ্ঞা” শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰে মুখ্য অতিথি শংকৰ গোহাঞিয়ে ।শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি ধেমাজিৰ বৰদলনিৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ শইকীয়ালৈ কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰাৰ লগতে দীন-জ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলকো বঁটা প্ৰদান কৰা হয়।

Mumbai: ৩৪ খন বাহনত ৪০০ কিলোগ্ৰাম আৰ ডি এক্স! মৃ*ত্যু ঘটাব পাৰে এক কোটি লোকৰ

মায়ানগৰী মুম্বাইলৈ এই ভাবুকি
মায়ানগৰী মুম্বাইলৈ এই ভাবুকি

৩৪ খন বাহনত ৰখা হৈছে ৪০০ কিলোগ্ৰাম আৰ ডি এক্স! (Mumbai) যি বিস্ফোৰকে মৃত্যু ঘটাব পাৰে কমেও ১ কোটি লোকৰ। গণেশ চতুৰ্থীৰ আনন্দত মতলীয়া মায়ানগৰী মুম্বাইলৈ এই ভাবুকি অহাৰ পিছতে আতংক বিয়পি পৰিছে। এতিয়া মুম্বাইৰ প্ৰতিটো অলিয়ে-গলিয়ে চলি আছে গণপতিৰ আৰাধনা ৷ এই আনন্দ-উল্লাসৰ মাজতে বিগত ৩ ছেপ্টেম্বৰত যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ আহিছে এটা ভাবুকি ভৰা বাৰ্তা ৷ য’ত দাবী কৰা হৈছে যে ৩৪ খন বাহনত ৪০০ কিলোগ্ৰাম আৰ ডি এক্স মজুত ৰখা হৈছে ৷ এই খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী সজাগ হৈ পৰে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰে । লগতে প্ৰতিখন পূজাস্থলীক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়ে৷


মুম্বাই যান-বাহন আৰক্ষীলৈ প্ৰেৰণ কৰা বাৰ্তাটোত দাবী কৰা হৈছে যে ১৪ টা পাকিস্তানী সন্ত্ৰাসবাদী ইতিমধ্যে মুম্বাইত প্ৰৱেশ কৰিছে । গণপতি বিসৰ্জনৰ সময়ত ৪০০ কেজি আৰ ডি এক্সেৰে চহৰখনত আক্ৰমণ কৰা হ’ব বুলিও বাৰ্তাটোত দাবী কৰা হৈছে । দাবী কৰা অনুসৰি এই আৰ ডি এক্স ৩৪ খন বাহনত লুকুৱাই ৰখা হৈছে । ইয়াৰ ফলত বৃহৎসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে । আৰক্ষীলৈ প্ৰেৰণ কৰা এই বাৰ্তাত এই আক্ৰমণ ২৬/১১ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণতকৈও ডাঙৰ হ’ব বুলি সকীয়নি দিয়া হৈছে। লস্কৰ-ই-জিহাদী নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে এই বাৰ্তা প্ৰেৰণ কৰা বুলি প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে।


গণেশ বিসৰ্জনৰ বাবে গিৰগাঁও চৌপাটী, জুহু বীচ্ আৰু অন্যান্য বিসৰ্জন স্থানত সমবেত হোৱা বিপুল জনসমাগমৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এই ভাবুকি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে । এই ভাবুকি লাভ কৰাৰ লগে লগে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰাজহুৱা স্থান, গণেশ বিসৰ্জনৰ পথ, ৰে’ল ষ্টেচন আৰু জনবহুল স্থানত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

Holidays for state employees: ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ দিন ঘোষণা চৰকাৰৰ

ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ দিন ঘোষণা চৰকাৰৰ
ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ দিন ঘোষণা চৰকাৰৰ

অসম চৰকাৰে ‘মাতৃ-পিতৃ বন্দনা’ৰ বাবে ঘোষণা কৰিলে বিশেষ ছুটীৰ দিন। (Holidays for state employees) এই ছুটী ৰাজ্যিক কৰ্মচাৰীয়ে চলিত বৰ্ষৰ নৱেম্বৰ মাহত লব পাৰিব। ১৪ আৰু ১৫ নৱেম্বৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটী। ১৬ নৱেম্বৰ দেওবাৰ হোৱা বাবে একেৰাহে ৩ দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটীৰ বাবে প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব কৰ্মচাৰীয়ে।

https://matripitrivandana.assam.gov.in.ত কৰিব পাৰিব আবেদন। পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্য ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ছুটিৰ ব্যৱস্থা কৰিছিল । ২০২২ বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে।

‘মাতৃ-পিতৃ বন্দনা’ শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী।