Home Blog Page 72

Holidays for state employees: ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ দিন ঘোষণা চৰকাৰৰ

ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ দিন ঘোষণা চৰকাৰৰ
ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ দিন ঘোষণা চৰকাৰৰ

অসম চৰকাৰে ‘মাতৃ-পিতৃ বন্দনা’ৰ বাবে ঘোষণা কৰিলে বিশেষ ছুটীৰ দিন। (Holidays for state employees) এই ছুটী ৰাজ্যিক কৰ্মচাৰীয়ে চলিত বৰ্ষৰ নৱেম্বৰ মাহত লব পাৰিব। ১৪ আৰু ১৫ নৱেম্বৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটী। ১৬ নৱেম্বৰ দেওবাৰ হোৱা বাবে একেৰাহে ৩ দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটীৰ বাবে প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব কৰ্মচাৰীয়ে।

https://matripitrivandana.assam.gov.in.ত কৰিব পাৰিব আবেদন। পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্য ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ছুটিৰ ব্যৱস্থা কৰিছিল । ২০২২ বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে।

‘মাতৃ-পিতৃ বন্দনা’ শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী।

Donald Trump: জিনপিং-পুটিনৰ সৈতে মোদীৰ বৈঠকৰ পিছতে হতাশ ট্ৰাম্পৰ আক্ষেপ ভৰা মন্তব্য

"আমি ভাৰত আৰু ৰাছিয়াক চীনৰ অন্ধকাৰ গহ্বৰত হেৰাই পেলাইছো"
"আমি ভাৰত আৰু ৰাছিয়াক চীনৰ অন্ধকাৰ গহ্বৰত হেৰাই পেলাইছো"

চীনত জিনপিং-পুটিনৰ সৈতে (Donald Trump) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকৰ পিছতে হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ভাৰতৰ ৰপ্তানিৰ ওপৰত ৫০ শতাংশ শুল্ক ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰা তেলৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পিছৰে পৰা ভাৰতৰে ট্ৰাম্পৰ সম্পৰ্কৰ লক্ষ্যণীয় অৱনতি ঘটিছে। এই কথাৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ কাষ চাপিছে চীন আৰু ৰাছিয়া। সেয়ে হতাশ হৈ পৰা ট্ৰাম্পে এতিয়া প্ৰকাশ কৰিছে আক্ষেপ ভৰা মন্তব্য । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি ছ’চিয়েল মিডিয়া পোষ্টত কয় যে “আমি ভাৰত আৰু ৰাছিয়াক আটাইতকৈ গভীৰ, আটাইতকৈ অন্ধকাৰ চীনৰ হাতত হেৰুৱাই পেলোৱা যেন লাগিছে,” তাৰ পিছত আক্ষেপেৰে ভৰা সুৰত তিনিওখন দেশৰ “সমৃদ্ধিশালী” ভৱিষ্যতো কামনা কৰে ট্ৰাম্পে।

সপ্তাহটোৰ আৰম্ভণিতে চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আতিথ্য প্ৰদান কৰিছিল।” ইয়াৰ পিছতে ট্ৰাম্পে সামাজিক মাধ্যমত মন্তব্য কৰে- দেখাত আমি ভাৰত আৰু ৰাছিয়াক আটাইতকৈ গভীৰ, অন্ধকাৰ চীনৰ হাতত হেৰুৱাই পেলাইছো। তেওঁলোকৰ একেলগে দীৰ্ঘ আৰু সমৃদ্ধিশালী ভৱিষ্যত হওক!” ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েলত এই পোষ্ট কৰিছে। এই মন্তব্যই নতুন দিল্লী, মস্কো আৰু বেইজিঙৰ মাজত গভীৰ হৈ অহা সম্পৰ্কৰ বিষয়ে ট্ৰাম্পে যে ধাৰণা কৰিব পাৰিছে সেই কথাৰেই ইংগিত বহন কৰিছে। চীনত শেহতীয়াকৈ তিনিওগৰাকী নেতাই শক্তিৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে ৰাজহুৱাভাৱে আলোচনা কৰে, তেওঁলোকৰ সকলোৰে মাজত — বিভিন্ন স্তৰত সহযোগিতাৰ আশ্বাস দিছে। ইউক্ৰেইনৰ যুদ্ধ আৰু বিশ্ব বাণিজ্য নীতিকে ধৰি বিষয়ত ৱাশ্বিংটনৰ সৈতে বিৰোধ তেওঁলোকৰ আলোচনাত স্পষ্ট হৈ পৰিছিল।দশক দশক ধৰি ৱাশ্বিংটনে ভাৰতক চীনৰ সম্প্ৰসাৰিত প্ৰভাৱৰ সম্ভাৱ্য প্ৰতিকাৰ দি আহিছিল। ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দুয়োটা প্ৰশাসনে নতুন দিল্লীক কৌশলগত অংশীদাৰ হিচাপে গ্ৰহণ কৰিছিল।

ট্ৰাম্পে নিজেই প্ৰথম কাৰ্যকালত ভাৰতৰে সুসম্পৰ্ক স্থাপন কৰিছিল, ২০১৯ চনত হিউষ্টনত অনুষ্ঠিত হোৱা “হাউডি মোডী” ৰেলীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত হৈ জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে চতুৰ্ভুজ নিৰাপত্তা আলোচনাক (কুৱাড) পুনৰুজ্জীৱিত কৰিছিল।তথাপিও শেহতীয়া পৰিস্থিতিয়ে ভাৰত-মাৰ্কিন সম্পৰ্কত আউল লগাইছে।

বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে ট্ৰাম্পৰ শুল্ক ব্যৱস্থাৰ লগতে ৰাছিয়াৰ সৈতে ভাৰতৰ তেলৰ বাণিজ্যই ৱাশ্বিংটনক চিন্তাত পেলাইছে। টিয়ানজিনত অনুষ্ঠিত হোৱা এছ চি অ’ শীৰ্ষ সন্মিলনৰ অচিলালৈ মোদীয়ে সাত বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিছে, যিটো ২০২০ চনত গালোৱান উপত্যকাত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত হোৱা ইতিবাচক উন্নয়ন।ট্ৰাম্পে বাৰে বাৰে যুক্তি দিছে যে ভাৰতে বাণিজ্যিক সম্পৰ্কৰ পৰা অসমতাপূৰ্ণভাৱে লাভৱান হৈছে। শেহতীয়াকৈ তেওঁ কয় যে কমসংখ্যক লোকে যিটো বুজি পায় সেয়া হ’ল আমি ভাৰতৰ সৈতে অতি কম ব্যৱসায় কৰো, কিন্তু তেওঁলোকে আমাৰ সৈতে বিশাল পৰিমাণৰ ব্যৱসায় কৰে। ট্ৰাম্পে কৈছিল “এয়া সম্পূৰ্ণ একপক্ষীয় দুৰ্যোগ হৈ পৰিছে। লগতে ভাৰতে নিজৰ বেছিভাগ তেল আৰু সামৰিক সামগ্ৰী ৰাছিয়াৰ পৰা ক্ৰয় কৰে, আমেৰিকাৰ পৰা অতি কমকৈ কিনে ।”

Black Coffee: দৈনিক একাপ ব্লেক কফি খালে নিৰাময় হ’ব যকৃতৰ বহু, কফি খোৱাৰ সঠিক উপায় জানি লওক!

Black Coffee: দৈনিক একাপ ব্লেক কফি খালে নিৰাময় হ'ব যকৃতৰ বহু, কফি খোৱাৰ সঠিক উপায় জানি লওক!
Black Coffee: দৈনিক একাপ ব্লেক কফি খালে নিৰাময় হ'ব যকৃতৰ বহু, কফি খোৱাৰ সঠিক উপায় জানি লওক!

প্ৰায়ে মানুহে টোপনিৰ (Black Coffee) পৰা মুক্তি পাবলৈ কফি খাই, কিন্তু আপুনি জানেনে যে কফি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী, বিশেষকৈ কফি যকৃতৰ স্বাস্থ্যৰ বাবে উপকাৰী। ক’লা কফি খালে লিভাৰ সম্পৰ্কীয় সমস্যা নিৰাময় হ’ব পাৰে। কফি খালে যকৃতৰ প্ৰদাহ, চৰ্বিযুক্ত যকৃত, চিৰ’ছিছ আদি সমস্যা নিৰাময় হ’ব পাৰে। কফি খোৱাৰ উপকাৰিতা জানো আহক-

কফিত এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে যকৃতত প্ৰদাহৰ লক্ষণ কমোৱাত সহায় কৰে। মদ্যপান নকৰা চৰ্বিযুক্ত যকৃতৰ সমস্যা নিৰাময় কৰিব পাৰি। গৱেষণাৰ মতে গোটেই দিনটো ১ৰ পৰা ২ কাপ ব্লেক কফি খালে যকৃতৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

যদি আপুনি সঠিক সময়ত কফি নাখায়, তেন্তে আপুনি কোনো লাভ নাপায়। খালী পেটত কেতিয়াও কফি খাব নালাগে। খালী পেটত কফি খালে সমস্যা বৃদ্ধি পাব পাৰে। ব্ৰেকফাষ্টৰ ১ৰ পৰা ২ ঘণ্টাৰ পিছত কফি খাব পাৰে। ইয়াৰ বাহিৰেও কফি ৰাতি খাব নালাগে। ৰাতি কফি খালে টোপনিৰ সমস্যা হ’ব পাৰে।

কফি খালে লিভাৰ সম্পৰ্কীয় সমস্যা নিৰাময় হ’ব পাৰে। কিন্তু কিছুমান মানুহৰ কফি খোৱাৰ ফলতো ক্ষতি হ’ব পাৰে। উচ্চ ৰক্তচাপ থকা ৰোগীয়ে কফি খাব নালাগে। কফি খালে উচ্চ বি পিৰ সমস্যা বৃদ্ধি পায়। একে সময়তে গৰ্ভৱতী মহিলাইও কফি খাব নালাগে। একে সময়তে এলাৰ্জীৰ সমস্যা থকা লোকেও কফি খাব নালাগে।

Bubo Virginianus: দুষ্প্ৰাপ্য হুদু চৰাই দেখিছেনে?

Bubo Virginianus: দুষ্প্ৰাপ্য হুদু চৰাই দেখিছেনে?
Bubo Virginianus: দুষ্প্ৰাপ্য হুদু চৰাই দেখিছেনে?

সঁচাৰাচৰ দেখিবলৈ (Bubo Virginianus) নোপোৱা এটা হুদু চৰাই দীৰ্ঘ সময় ধৰি চিকিৎস্যা চলাই সুস্থ কৰি তুলিলে কলিয়াবৰৰ এজন পশু চিকিৎস্যকে।

বিগত দুমাহে নিজৰ ঘৰত ৰাখি আপুৰুগীয়া চৰাইটোক চিকিৎস্যা প্ৰদান কৰিছে ডা: সুৰজ প্ৰতিম কাকতিয়ে। জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা আঘাটপ্ৰাপ্ত হুদু চৰাইটো চিকিৎসা কৰি সুস্থ কৰিবৰ বাবে দুমাহ পুৰ্বে চমজাই দিয়ে ডা: সুৰুয কাকতিক।


লাহে-লাহে সুস্থ হৈছে যদিও উৰিব পৰা নাই হুদু চৰাইটোৱে। ইফালে হুদু চৰাইটো উদ্ধাৰ কৰিবলৈ আজিলৈকে খবৰ নাই বন বিভাগৰ। হুদু চৰাইৰ বৈজ্ঞানিক নাম Bubo Virginianus। ইংৰাজীত Brown Fish-owl বুলি কয়।

Asam Sahitya Sabha: অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯ গৰাকী শিক্ষাগুৰুক সন্মান

অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯ গৰাকী শিক্ষাগুৰুক সন্মান
অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯ গৰাকী শিক্ষাগুৰুক সন্মান

জীৱনৰ লগত জগতৰ (Asam Sahitya Sabha)চিনাকি কৰি দিয়া মহান শিক্ষকসকল জনজীৱনৰ নমস্য ব্যক্তি: ড০ অনিল শইকীয়া সাহিত্য সভাক শৃংখলিতভাৱে আগুৱাই নিবৰ কাৰণে শিক্ষাগুৰুসকলৰ সহায়ৰ প্ৰয়োজন আছেঃ পদুম ৰাজখোৱা শিক্ষকসকল সমাজৰ কাৰণে এটি অতি প্রয়োজনীয় অংগ দেৱজিৎ বৰা।

“জীৱনৰ লগত জগতৰ চিনাকি কৰি দিয়া মহান শিক্ষকসকল জনজীৱনৰ নমস্য ব্যক্তি। অসম সাহিত্য সভাই যিসকল শিক্ষকক আজি সন্মান জনাইছে, সেইসকলৰ বহুতেই বিদ্যালয়ৰ প্রতিষ্ঠাকালৰ শিক্ষক। শিক্ষা দানকে জীৱনৰ ব্রত হিচাপে সংকল্প গ্রহণ কৰাৰ বাবে তেওঁলোকে যি মাহিলী মাননি পাইছিল, সেয়া তেখেতসকলৰ বাবে গৌণ কথা। মানব সম্পদ গঢ়াই হৈছে তেওঁলোকৰ মূল দায়িত্ব।” আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভক্তনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত অসম সাহিত্য সভাৰ গুৰু প্রণাম অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট লোক সংস্কৃতিবিদ-গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অনিল শইকীয়াই এইদৰে কয়।

অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত গুৰু প্রণাম অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰসংগত ড০ শইকীয়াই লগতে কয়- “আজি অসম সাহিত্য সভাই শিক্ষকসকলক যি সম্মান প্রদান কৰিছে, সেয়া ৰাজ্যিক পর্যায়ৰ এক শ্রেষ্ঠ সন্মান হিচাপে নিৰন্তৰ গৰিমা লাভ কৰিব।” অনুষ্ঠানৰ আৰম্ভণিতে গুৰু প্রণাম অনুষ্ঠানৰ কথকতা উল্লেখ কৰি অসম সাহিত্য সভাৰ প্রধানসম্পাদক দেৱজিৎ বৰাই কয় “শিক্ষকসকল সমাজৰ কাৰণে এটি অতি প্রয়োজনীয় অংগ। এখন সুস্থ, সবল নিৰোগী সমাজ গঢ় ল’বলৈ হ’লে শিক্ষকসকলৰ অৱদান সমাজে স্বীকাৰ কৰিবই লাগিব। শিক্ষকসকলেই সমাজ নিয়ন্ত্রণ কৰিব পাৰে।

গতিকে, সমাজ নির্মাণৰ দায়িত্ব শিক্ষকসকলৰ হাতত অর্পণ কৰাতো অত্যন্ত জৰুৰী হৈ পৰিছে।” ইফালে সভাপতিৰ মন্তব্যত পদুম ৰাজখোৱাই কয়-“অসম সাহিত্য সভাক শৃংখলিতভাবে আগুৱাই নিবৰ কাৰণে আমাক শিক্ষাগুৰুসকলৰ সহায়ৰ প্রয়োজন হৈছে। গতিকে সাহিত্য সভাৰ লগত শিক্ষাগুকসকল সম্পৃক্ত হৈ আগবাঢ়ি যোৱাৰ বাবে আমি সকলোবেই সংকল্পবদ্ধ হ’ব লাগিব।” সেউজ স্বর্ণ শাখা সাহিত্য সভাৰ শিল্পীবৃন্দই সাহিত্যাচাৰ্য্য মিত্রদেৱ মহন্ত বিৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীত পৰিৱেশন কৰাৰ পাছত অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ড০ হীৰালাল বৰাই ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্রতিচ্ছবিত বন্তি প্রজ্জ্বলন কৰে আৰু সেউজ স্বর্ণ শাখা সাহিত্য সভা উপসভাপতি কুশল কুমাৰ গুৰু বন্দনা পৰিবেশন কৰে। অসম সাহিত্য সভাৰ তথ্য প্রযুক্তি উপসমিতিৰ আহ্বায়ক স্বর্গজ্যোতি চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত বৰগীত পৰিৱেশন কৰে নির্মালী চৌধুৰীয়ে। আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্রকাশন পৰিষদৰ অৱসৰপ্ৰাপ্ত সচিব ড° অসমী গগৈ, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শর্মা, অনুবাদ প্রকল্পৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সাংগঠনিক সম্পাদক দুলাল নাথ, লোক পৰিৱেশ্য কলাৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মন, আউনীআটী বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপক পঞ্জীয়ক প্রশান্ত দত্ত, গোৱালপাৰা জিলা সাহিত্য সভাৰ জিলা প্রতিনিধি জিতুমণি দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতা, অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক বিজু দেৱী, কুঁহি উপসমিতিৰ আহ্বায়ক প্রশান্ত শইকীয়া, অসম সাহিত্য সভাৰ প্রাক্তন ধনভৰাঁলী মিহিৰ কুমাৰ বৰুৱাকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

আজি অসম সাহিত্য সভাই গুৰু প্রণাম অনুষ্ঠানত ৩৩ খন জিলা সভা আৰু মূল সভাৰ দ্বাৰা নিৰ্বাচিত ৩৯ গৰাকী শিক্ষকক বিশেষ সম্মান প্রদান কৰে। সম্মানপ্রাপ্ত শিক্ষকসকল হ’ল- শিৱসাগৰৰ ৰেৱতী বুঢ়াগোহাঁই গগৈ, গোৱালপাৰাৰ দণ্ডীনাথ ৰাভা, চৰাইদেউৰ ৰবীন চন্দ্র কোঁৱৰ, কাৰ্বি আংলঙৰ দেবেন্দ্র শর্মা, নগাঁৱৰ ধনদা দেবী, হোজাইৰ দ্বিজেন্দ্র কলিতা, গোলাঘাটৰ মহেন বৰবা, তিনিচুকীয়াৰ লীলাম্বৰ দহোটীয়া, বাক্সাৰ নৰেশ্বৰ দাস, ওদালগুৰিৰ কৃষ্ণ বড়া, কামৰূপৰ কনক শৰ্মা, ধুবুৰীৰ সাধুচৰণ ৰায়, যোৰহাটৰ প্রবীণ চন্দ্র বৰা, কার্বি আংলঙৰ বিশেষভাৱে নির্বাচিত মুনিমন্ত শইকীয়া, মৰিগাঁৱৰ ভানুৰাম কাকতি, বৰপেটাৰ প্রমোদ শৰ্মা, দৰঙৰ ড° বিজয় কুমাৰ শৰ্মা, শোণিতপুৰৰ ড° ভূপেন শইকীয়া, লক্ষীমপুৰৰ যদুনাথ বশিষ্ঠ, ধেমাজিৰ কুশল বৰুৱা, ধেমাজিৰ বিশেষভাৱে নির্বাচিত উত্তম কুমাৰ গগৈ, কৰিমগঞ্জৰ অপূর্ব দত্ত, হাইলাকান্দিৰ মনোজিত দেৱ, হাইলাকান্দি বিশেষভাবে নির্বাচিত অনিমেশ ভট্টাচার্য, চিৰাঙৰ দেৱান গাজী মুস্তাফা, কোকৰাঝাৰৰ বীৰেন্দ্র ৰয়, শিলচৰৰ কৰুণা শর্মা, কামৰূপ মহানগৰ বিশেষভাবে নির্বাচিত কামদেৱ ডেকা, পশ্চিম কাৰ্বি আংলঙৰ কেশৱ চন্দ্র উপাধ্যায়, মাজুলীৰ বলোৰাম কলিতা, ডিমাহাচাওৰ ডাঃ ববিতা ইংতিপি, বিশ্বনাথৰ বিজয়া বৰা, নলবাৰীব প্রদীপ শর্মা, বঙাইগাঁৱৰ পৰমানন্দ বায়, লক্ষীমপুৰৰ বিশেষভাবে নির্বাচিত পূর্ণানন্দ চেতিয়া, কামৰূপ মহানগৰৰ বিশেষভাবে নির্বাচিত চৈয়দা হুছেইনআৰা বেগম, ডিব্রুগড়ৰ বিষ্ণুকমল ডেকা, কামৰূপ মহানগৰৰ গৌৰীকান্ত ভূঞা আৰু বিশেষভাৱে নির্বাচিত মহেন্দ্রচন্দ্র কলিতা।

জয়ন্ত পাটগিৰীয়ে লোকগীত আৰু নেইনা ডেকাই ভক্তিমূলক গীত পৰিৱেশন কৰা অনুষ্ঠানটিত অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই শলাগ জ্ঞাপন কৰে। শেষত জাতীয় সংগীতেৰে আজিৰ অনুষ্ঠানৰ সামৰণি পৰে।

Bilasipara News: বৰকান্দাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত ভ*য়ংকৰ মা*ৰপিট

বিলাসীপাৰাত ক্ৰীড়াংগণ পৰিণত হ'ল ৰণাংগণত
বিলাসীপাৰাত ক্ৰীড়াংগণ পৰিণত হ'ল ৰণাংগণত

বিলাসীপাৰাৰ বৰকান্দা (Bilasipara News) খেল পথাৰত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেল প্ৰতিযোগিতাত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। বৰকান্দাৰ গিভ টু লাইভ ফাউণ্ডেচনে আয়োজন কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা।

জানিব পৰা মতে কেৰেলা, মধ্যপ্ৰদেশ, ছিকিম, পশ্চিমবংগ আদি ৰাজ্যৰ কেইবাটাও প্ৰতিযোগী দলে অংশ গ্ৰহণ কৰিছিল প্ৰতিযোগীতাটোত। উল্লেখ্য যে শিলবাৰী এফ চি আৰু গোঁসাইগাঁও গ্লোবেল এফ চিৰ মাজত চলি থকা প্ৰতিযোগিতাৰ সময়ত এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। প্ৰতিযোগিতাৰ অন্তিম ভাগত ৰেফাৰীয়ে ভুল সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি প্ৰথমে তৰ্ক-যুদ্ধ আৰু তাৰ পিছতে দুয়ো দলৰ সমৰ্থকৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা।

খেল পৰিচালনা সমিতিৰ গাফিলতিৰ বাবে সৃষ্টি হোৱা মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। খেলৰ নামত এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা প্ৰতিযোগিতাৰ তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় বিভিন্ন মহলে।

Teachers’ Day: বিজেপি ছোৱালী এম ই আৰু হাইস্কুলত শিক্ষক দিৱস পালনঃ অশ্ৰুসিক্ত নয়নেৰে দুগৰাকী শিক্ষকক বিদায়ী সম্বৰ্ধনা

অশ্ৰুসিক্ত নয়নেৰে দুগৰাকী শিক্ষকক বিদায়ী সম্বৰ্ধনা
অশ্ৰুসিক্ত নয়নেৰে দুগৰাকী শিক্ষকক বিদায়ী সম্বৰ্ধনা

ভাৰতৰ প্ৰায়াত প্ৰধানমন্ত্ৰী(Teachers’ Day) ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণনৰ জন্ম দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি পালিত হোৱা শিক্ষক দিৱস এইবেলিও বি.জে.পি.এম.ই আৰু হাইস্কুলত বিভিন্ন কাৰ্যসূচীৰে বিদ্যালয় প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বি.জে.পি হাইস্কুলৰ প্ৰধান শিক্ষক ছামচুল হকৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা শিক্ষক দিৱস কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ফুলাম গামোচাৰে শিক্ষক-শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনায় । বি.জে.পি.এম.ই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি জাহিদুল ইছলামৰ বিশেষ তৎপৰতাত অনুষ্ঠিত হোৱা এই বিশেষ শিক্ষক দিৱস আৰু বিদায় সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ দুগৰাকীকৈ শিক্ষকক বিদায়ী সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মমৰেজ আলী প্ৰথমতে সহ শিক্ষক হিছাপে বিদ্যালয় খনত যোগদান কৰি পিছলৈ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ পদ অলংকৃত কৰা মমৰেজ আলীয়ে কৰ্ম জীৱনৰ পৰা যোৱা আগষ্ট মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰে । সিদিনা ৰবিবাৰ হোৱা হেতুকে আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত তেখেতক ফুলাম গামোচা, জাপি, শৰাই, কিতাপ, কলম, টুপী, আৰবী ৰুমাল, ছাতি, লাঠি আৰু এখন মানপত্ৰৰে বিদ্যালয় কতৃপক্ষৰ লগতে ছাত্র-ছাত্ৰী সকলে সম্বৰ্ধনা জনায়। বিদ্যালয় খনৰ আৰু এগৰাকী সহকাৰী শিক্ষক সুদীৰ্ঘ কাল শিক্ষকতা কৰা ইকবাল খানে ‘মিচুৱেল ট্ৰেন্সফাৰ’ হৈ বি.জে.পি. এম.ই স্কুলৰ পৰা বহৰি অঞ্চলৰ হৰিপুৰ গাৱস্থিত গোমাফুলবাৰী হাইস্কুল (এ) লৈ বদলিকৰণ হৈ যোৱাত তেখেতকো বিদ্যালয় পৰিচালনা সমিতিৰ লগতে উভয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে আনুষ্ঠানিকভাৱে এইখন বিদ্যালয়ৰ পৰা বিদায় সম্বৰ্ধনা জনায় । ইকবাল খানক বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী সকলে একোখনকৈ ফুলাম গামোচা, কলম, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । উল্লেখযোগ্য যে , সুদূৰ বহৰি অঞ্চলৰ পৰা জাৰাবালৈ আহি শিক্ষকতা কৰা ইকবাল খান সঁচাকৈয়ে এগৰাকী কৃতী শিক্ষক আছিল । তেওঁ বিদ্যালয়খনত যোগদান কৰাৰ পিছৰেপৰাই দুয়োখন বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিছিল । বিভিন্ন পৰ্যায়ৰ শৈক্ষিক সাংস্কৃতিক ক্ষেত্ৰত আন্তঃ জিলা, জিলা ভিত্তিক পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল । ইকবাল খানে নিজেও জিলা প্ৰশাসনৰ পৰা জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত হৈছিল ।

বিজেপি হাইস্কুলৰ সহকাৰী শিক্ষক শিকদাৰ নবীৰ হুছেইনে আতধৰা শিক্ষক দিৱস আৰু বিদায়ী সম্বৰ্ধনা সভাত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও উপস্থিত থাকি ছাত্র-ছাত্ৰীক উদ্দেশ্যি শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কে সংক্ষিপ্ত ভাষন ৰাখে । শিক্ষক দিৱস উপলক্ষে ছাত্র-ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই সভাতেই বৰপেটা জিলা আমছু আৰু পশ্চিম বেতবাৰী আঞ্চলিক আমছুৰ কৰ্মকৰ্তা সকলে ‘ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা’ কাৰ্যসূচীৰ অধীনত ছাত্র-ছাত্ৰীৰ মাজত কলম বিতৰণ কৰে । আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি.জে.পি ছোৱালী হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি হবিবৰ ৰহমানে উপস্থিত থাকি শিক্ষক দিৱস সম্পৰ্কে চমু ভাষন আগবঢ়ায় । শিক্ষক দিৱসৰ পৱিত্ৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা স্থানীয় বিশিষ্ট সমাজকৰ্মী মনিৰুজ জামানেও গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায় । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি,জে,পি ছোৱালী এম.ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছিদ্দিকুৰ ৰহমানেও ছাত্র-ছাত্ৰীৰ উদ্দেশ্যে সাৱলীল ভাষন আগবঢ়ায় । সভাত বিদায়ী শিক্ষকদ্বয় মমৰেজ আলী আৰু ইকবাল খানে ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা জাৰাবাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত আবেগবিহ্বল ভাষন আগবঢ়ায় । আজিৰ এই অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰায় কুৰি গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকাৰ লগতে স্থানীয় সমাজকৰ্মী আনোৱাৰ হুছেইন উপস্থিত থাকে । উল্লেখযোগ্য যে, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মমৰেজ আলীৰ কাৰ্যকালৰ অন্ত পৰাত বিদ্যালয় খনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মনোৱাৰা খাতুনে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে । মনোৱাৰা খাতুনৰ নেতৃত্বত বিদ্যালয় খনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন গতিৰ সূচনা কৰিব বুলি স্থানীয় ৰাইজে আশাব্যক্ত কৰিছে ।

Teachers’ Day: অৰবিন্দ স্কুলত শিক্ষক দিৱস…

Teachers' Day: অৰবিন্দ স্কুলত শিক্ষক দিৱস...
Teachers' Day: অৰবিন্দ স্কুলত শিক্ষক দিৱস...

আজি শিক্ষক দিৱসৰ প্ৰাকক্ষণত (Teachers’ Day)গুৱাহাটী অৰবিন্দ স্কুলত প্ৰজ্ঞাৰ উদ্যোগত শিক্ষক দিৱসৰ শুভক্ষণত গৈ ২৪ শিক্ষকক একোখন মানপত্ৰ আৰু গ্ৰন্থৰে আদৰণি জনাই প্ৰজ্ঞাৰ তৰফৰ পল্লৱী দাস আৰু মিঠু দাসে ৷

আজি শিক্ষক দিৱসৰ বিশেষ দিন এই দিটোত শিক্ষক সকলৰ অমুল্য অৱদানৰ বাবে সন্মান আৰু কৃতজ্ঞতা জ্ঞাপনৰ বাবে ভাৰত বৰ্ষৰ প্ৰান্তে প্ৰান্তে শিক্ষক সকলক ছাত্ৰী ছাত্ৰী সকলে চৰণ চুই শিক্ষক সেৱা গ্ৰহন কৰে শ্ৰদ্ধা কৰে ৷

আজি অৰবিন্দ স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষাগুৰু সকলক চৰণ ধুই সেৱা জনাই

Ministers Face Criminal Cases: ভাৰতৰ আধা সংখ্যক মন্ত্ৰীয়েই সন্মুখীন হৈছে অপৰাধমূলক গোচৰৰঃ ভাৰতৰ আটাইতকৈ ধনী মন্ত্ৰী ড° চন্দ্ৰ ছেখৰ পেম্মাছানীৰ সম্পত্তিৰ পৰিমাণ ৫,৭০৫ কোটি টকা

ভাৰতৰ আধা সংখ্যক মন্ত্ৰীয়েই সন্মুখীন হৈছে অপৰাধমূলক গোচৰৰ
ভাৰতৰ আধা সংখ্যক মন্ত্ৰীয়েই সন্মুখীন হৈছে অপৰাধমূলক গোচৰৰ

ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, (Ministers Face Criminal Cases) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ লগতে ভাৰতৰ বৰ্তমানৰ প্ৰায় আধা সংখ্যক মন্ত্ৰীয়ে হত্যা, হত্যাৰ চেষ্টা, মহিলাৰ বিৰুদ্ধে অপৰাধ আদি গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। একে সময়তে ভাৰতৰ ৰাজনৈতিক শ্ৰেণীটো অসাধাৰণভাৱে ধনী হৈয়ে আছে, প্ৰতিজন মন্ত্ৰীৰ গড় সম্পত্তিৰ মূল্য ৩৭.২১ কোটি টকা আৰু কমেও ৩৬ জন কোটিপতি মন্ত্ৰী আছে।এই তথ্যসমূহ এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেশ্যনেল ইলেকচন ৱাচ (এনইডব্লিউ)ৰ শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য। সংস্থা দুটাই ভাৰতৰ নিৰ্বাচন আয়োগত দাখিল কৰা ৬৪৩টা স্ব-শপতনামা শপতনামা পৰীক্ষা কৰিছিল ।অধ্যয়ন অনুসৰি ৩০২ জন মন্ত্ৰীয়ে (৪৭%) অপৰাধমূলক গোচৰ ঘোষণা কৰিছে, আনহাতে ১৭৪ জন (২৭%) গুৰুতৰ অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈছে।ৰাজ্যৰ মাজত পৰিস্থিতি বহু পৰিমাণে ভিন্ন:অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, বিহাৰ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, পঞ্জাৱ, তেলেংগানা, হিমাচলকে ধৰি ১১খন বিধানসভাত প্ৰদেশ, দিল্লী, আৰু পুডুচেৰীত ৬০ শতাংশতকৈ অধিক মন্ত্ৰীয়ে অপৰাধমূলক গোচৰৰ সন্মুখীন হৈছে।ইয়াৰ বিপৰীতে হাৰিয়ানা, জম্মু-কাশ্মীৰ , নাগালেণ্ড, উত্তৰাখণ্ডৰ দৰে ৰাজ্যসমূহে বিচাৰধীন গোচৰ থকা শূন্য মন্ত্ৰীৰ প্ৰতিবেদন দিছে । কেন্দ্ৰীয় পৰ্যায়ত কেবিনেটৰ ৭২ জন মন্ত্ৰীৰ ভিতৰত ২৯ জন (৪০%) মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈছে।দলসমূহৰ মাজতো গভীৰ বৈষম্য আছে।

টিডিপিত ইয়াৰ ৯৬ শতাংশ মন্ত্ৰীয়ে অপৰাধমূলক গোচৰৰ সন্মুখীন হোৱাৰ বিপৰীতে ৫৭ শতাংশই গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। ইয়াৰ পিছতে ডি এম কে, য’ত ৮৭ শতাংশ মন্ত্ৰীৰ অপৰাধমূলক গোচৰ আছে। আই এন চিৰ ৭৪ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ আছে, আৰু ইয়াৰে ৩০ শতাংশ মন্ত্ৰী গুৰুতৰ। ৩৩৬ জন মন্ত্ৰী থকা বিজেপিৰ ৪০ শতাংশই অপৰাধমূলক গোচৰ আৰু ২৬ শতাংশই গুৰুতৰ অভিযোগ। আপৰ কথা ক’বলৈ গ’লে ৬৯ শতাংশ মন্ত্ৰীয়ে অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈছে।এডিআৰৰ বিশ্লেষণে প্ৰকাশ কৰা মতে সামূহিকভাৱে মন্ত্ৰীসকলে ২৩,৯২৯ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছে। (প্ৰতি মন্ত্ৰীৰ গড়: ৩৭.২১ কোটি টকা।)ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত ৩৬ কোটিপতি মন্ত্ৰী আছে। ।বৃহৎ ব্যয়কাৰী: ১১খন বিধানসভাত কোটিপতি মন্ত্ৰী আছে, কৰ্ণাটক আঠজন , অন্ধ্ৰপ্ৰদেশ (ছয়) আৰু মহাৰাষ্ট্ৰ (চাৰি)ৰে আগবাঢ়ি আছে বিলিয়নাৰ।আইএনচিৰ পিছত ১৮ শতাংশ, বিজেপিৰ চাৰি শতাংশ।জেডি(এছ) (৫০ শতাংশ) আৰু জনসেনা পাৰ্টি (৩৩ শতাংশ)ৰ দৰে সৰু দলৰ কোটিপতিৰ প্ৰতিনিধিত্ব অসমতাপূৰ্ণভাৱে বেছি।আজি ভাৰতৰ আটাইতকৈ ধনী মন্ত্ৰী ড° চন্দ্ৰ ছেখৰ পেম্মাছানী (টিডিপি, গুন্টুৰ সাংসদ), ৫,৭০৫ কোটি টকাৰ সম্পত্তিৰ। তেওঁৰ পিছতে আছে ডি কে শিৱকুমাৰ (আই এন চি, কৰ্ণাটক) ১৪১৩ কোটি টকা আৰু চন্দ্ৰবাবু নাইডু (টি ডি পি, অন্ধ্ৰ প্ৰদেশ) ৯৩১ কোটি টকা।ত্ৰিপুৰাৰ মন্ত্ৰী সুক্লা চৰণ নোআটিয়া (আই পি এফ টি)ৰ ঘোষিত সম্পত্তিৰ মালিক মাত্ৰ ২.০৬ লাখ টকা, যাৰ ফলত তেওঁ মন্ত্ৰী পদত কম ধনীৰ তালিকাত আছে। বীৰবাহা হান্সদা (এ আই টি চি, পশ্চিম বংগ) আৰু সান্তনা চাকমা (বিজেপি, ত্ৰিপুৰা)ৰ দৰে আনসকলেও ৫ লাখ টকাৰ তলৰ সম্পত্তি ঘোষণা কৰিছে।আমোদজনক কথাটো হ’ল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মাত্ৰ ১৫.৩৮ লাখ টকাৰ সামান্য সম্পত্তি ঘোষণা কৰি সৰ্বনিম্ন ধন থকা দহজন মন্ত্ৰীৰ ভিতৰত স্থান লাভ কৰিছে।পেম্মাছানিয়ে আটাইতকৈ ধনী হোৱাৰ বিপৰীতে ১,০৩৮ কোটি টকাৰ দায়বদ্ধতাৰে ঋণৰ তালিকাতো শীৰ্ষস্থান দখল কৰিছে।

আন ঋণী ৰাজনীতিবিদসকলৰ ভিতৰত আছে মংগল প্ৰভাত লোধা (বিজেপি, মহাৰাষ্ট্ৰ) ৩০৬ কোটি টকাৰ দায়বদ্ধতা আৰু ডি কে শিৱকুমাৰৰ ২৬৫ কোটি টকা। পশ্চিম বংগৰ দৰে কিছুমান ৰাজ্যই অধিক প্ৰতিনিধিত্ব (২০ শতাংশ) প্ৰদৰ্শন কৰাৰ পিছতো ৬৪৩গৰাকী মন্ত্ৰীৰ ভিতৰত মাত্ৰ ৬৩গৰাকী মহিলা (১০%)। গোৱা, হিমাচল, পুডুচেৰী, ছিকিমকে ধৰি কেইবাখনো ৰাজ্যত মহিলা মন্ত্ৰী একেবাৰেই নাই।শিক্ষা পৰ্যায়ৰ কথা ক’বলৈ গ’লে ৭১ শতাংশৰ স্নাতক বা উচ্চ ডিগ্ৰী আছে, আনহাতে ২৬ শতাংশই কেৱল দ্বাদশ শ্ৰেণীলৈকেহে অধ্যয়ন কৰিছে।৬১ শতাংশ মন্ত্ৰীৰ বয়স ৪১–৬০ বছৰৰ ভিতৰত, আনহাতে ৩৩ শতাংশৰ বয়স ৬০ বছৰৰ ওপৰৰ।মাত্ৰ ছয় শতাংশ মন্ত্ৰীৰ বয়স ৪০ বছৰৰ তলৰ।

Afghanistan Earthquake: আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধিঃ দেখা দিছে সাহায্যৰ সংকটে

Afghanistan Earthquake
Afghanistan Earthquake

আফগানিস্তানত ভূমিকম্পত (Afghanistan Earthquake) নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধি পাইছে। দেশ খনত ভূমিকম্পত ভাঙি পৰা ঘৰৰ ধ্বংসাৱশেষৰ পৰা বৃহস্পতিবাৰে উদ্ধাৰকাৰীয়ে মৃতদেহ টানি উলিয়ায়। মৃত্যু হোৱা লোকৰ সংখ্যা ২২০০ৰ ওপৰত উপনীত হোৱাৰ বিপৰীতে গৃহহীন লোকসকলে সাহায্যৰ বাবে হাহাকাৰ কৰিছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত পাহাৰীয়া পূব অঞ্চলত অনুসন্ধান অব্যাহত আছে বুলি তালিবান প্ৰশাসনে জনাইছে।

তালিবানে নতুনকৈ ২২০৫ জন লোকৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰিছে আৰু কমেও ৩৬৪০ জন লোক আহত হৈছে।আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কুনাৰ প্ৰদেশৰ ঘৰবোৰ মাটিৰ সৈতি মিলি গৈছে।শেহতীয়া বছৰবোৰত আফগানিস্তানৰ অন্যতম মাৰাত্মক ভূমিকম্পৰ ভিতৰত ৬ ৰিখটাৰ স্কেলৰ প্ৰথমটো ভূমিকম্পই দেওবাৰে কুনাৰ আৰু নাংগাৰহৰ প্ৰদেশত ব্যাপক ক্ষতিসাধন আৰু ধ্বংসলীলাৰ সৃষ্টি কৰে, য’ত ১০ কিলোমিটাৰ (৬ মাইল) অগভীৰ গভীৰতাত সংঘটিত হয়।

মঙলবাৰে ৫.৫ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্পই আতংকৰ সৃষ্টি কৰে আৰু উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰে কাৰণ ইয়াৰ ফলত পাহাৰৰ পৰা শিল ছিটিকি পৰাৰ লগতে দুৰ্গম অঞ্চলৰ গাঁৱলৈ যোৱা পথো বিচ্ছিন্ন হৈ পৰে।